অজস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত চৰ-চাপৰিৰ কৃষক

চৰ-চাপৰিৰ অৰ্থনীতিৰ ভেটি কৃষিৰেই বন্ধা। সামান্য এটা অংশৰ বাদে বাকীসকল খেতিয়ক। চৰ-চাপৰিত হৈ থকা বানপানীৰ ফলত কৃষিভূমিৰ ওপৰৰ তৰপটোত পলস পৰে আৰু সেই পলস পৰা ভূমিত কৃষকে ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈয়ো প্ৰচুৰ উৎপাদন কৰিব পাৰিছে। অন্যহাতে সম্প্ৰতি কৃষি উৎপাদন আৰু অধিক কৰিবলৈ ৰাসায়নিক সাৰৰো প্ৰয়োগ দেখা যায় । কৃষকে নাঙল-যুৱলিৰ সলনি ট্ৰেক্টৰৰে মাটি চহাই কৃষিকৰ্মও কৰিবলৈ লৈছে । চৰ-চাপৰিত গ্ৰীষ্মকালত মৰাপাট, আহুধান, শালিধান, লেচেৰা মাহ, বিন, ধেমচি, বিভিন্ন ঘাঁহজাতীয় শস্য,টিচি আদিৰ খেতি কৰাৰ লগতে বিভিন্নধৰণৰ শাক-পাচলিৰ খেতি কৰা হয় । ইপিনে শীতকালত ঘেঁহু, সৰিয়হ, বৰোধান, আলু, ৰহৰ মাহ, মাটি মাহ, মগু মাহ, বিভিন্ন শাক-পাচলি ইত্যাদিৰ উপৰিও বছৰটোত দুগ্ধ উৎপাদন, হাঁহ-কুকুৰা পালন, মৎস্য উৎপাদন, পশু পালন আদিও কৃষি অৰ্থনীতিৰ দিশত টনকিয়াল কৰাত উল্লেখনীয় ভূমিকাত আছে । ইছমাইল হুছেইন (জ্যেষ্ঠ) আৰু আনোৱাৰ হুছেইনৰ মতে, “অসমৰ কৃষি-উৎপাদনৰ ক্ষেত্ৰত যুগান্তকাৰী পৰিবৰ্তন সাধি কৃষি উৎপাদন বৃদ্ধি আৰু কৃষি অৰ্থনীতি গঢ়ি তোলাত এওঁলোকৰ বৰঙণি অপৰিসীম । কিন্তু উন্নত যাতায়াত, যোগাযোগ আৰু নিয়ন্ত্ৰিত বজাৰৰ অভাৱত এওঁলোকে কৃষিপণ্যৰ উচিত মূল্য নাপয় । কৃষিজাত শস্যৰ ব্যাৱসায়ো এওঁলোকৰ হাতত নাই।” দীৰ্ঘদিনৰেপৰা অসমৰ কৃষি অৰ্থনীতিত উল্লেখনীয় অৱদান থকা চৰ-চাপৰিৰ কৃষকসকল সৰ্বদায় বঞ্চিত হৈ আহিছে, বাট-পথৰ অভাৱত নিজৰ উৎপাদিত শস্য বজাৰলৈ লৈ যোৱাৰপৰা আৰম্ভ কৰি চৰকাৰী সা-সুবিধাৰ ক্ষেত্ৰতো বঞ্চিত এওঁলোক ।

চৰ অঞ্চলৰ ভূমি ব্যৱস্থা খুবেই পয়ালগা । এতিয়াও ভূমি পট্টাৰ ক্ষেত্ৰত চৰকাৰী উদাসীনতাৰ চিন স্পষ্ট । যদিও চৰাঞ্চলৰ ভৌগোলিক বৈশিষ্ট্যৰ বাবে অস্থায়ী চৰসমূহত ভূমিৰ জৰীপ কিছু জটিল, কিন্তু স্থায়ী চৰ গাঁওসমূহৰ ক্ষেত্ৰত সেইটো নাই । তথাপিও আজিও ২০ শতাংশতকৈও কম ভূমিতহে ম্যাদী পট্টাৰ ব্যৱস্থা কৰা হৈছে । বাকী ভূমি একচনা আৰু তৌজী পট্টাতে চলি আছে। যাৰ ফলত ভূমিৰ বাবদত ঋণ লাভৰ সুবিধা নথকাৰ লগতে বিভিন্ন চৰকাৰী কাম-কাজতো বিমুখ হ’বলগা হৈছে । অন্যহাতে চৰকাৰী কাম-কাজসমূহতো বিভিন্ন সময়ত কৃষকে ভূমিৰ নথি দিব নোৱাৰিও ৰাষ্ট্ৰপ্ৰদত্ত বিভিন্ন সা-সুবিধাৰপৰা বঞ্চিত হৈছে । চৰ-চাপৰিৰ কৃষকসকল ভূমিৰ বিষয়টো লৈ খুবেই আশাবাদী । গৰাখহনীয়াৰ ফলত ভূমি নদীত জাহ জোৱাৰ পাছতো বহু বছৰলৈ সেই ভূমিৰ অপেক্ষাত থাকে, কিজানিবা অকৌ চৰ উঠেই… । চৰকাৰী নিৰ্লিপ্ততাৰ বাবে কৃষকে গৰাখহনীয়াত এবাৰ ভূমি হেৰুওৱাৰ পাছত পুনৰবাৰ চাই থকাৰ সুযোগটোও নাইকিয়া কৰি ৰাখিছে । যদিও এবাৰ নদীত জাহ যোৱা ভূমি পুনৰ চৰৰূপে ঘূৰি আহে তথাপিও জৰীপ আৰু পট্টা নথকাৰ ফলত তাক লৈ বিবাদৰ সূত্ৰপাতহে অধিক ঘটে । ইপিনে পূৰ্বতে গৰাখহনীয়াত জাহ যোৱা ভূমি পুনৰ ঘূৰি আহিলেও ম্যাদী পট্টা বা খেৰাজী পট্টাৰ দলিলো অকামিলা হৈ পৰে, যদিও ভূমি পায় তথাপিও পট্টাৰ বাবে চাই থাকিব লাগে বছৰৰ পাছত বছৰ । চৰকাৰে বিভিন্ন সময়ত ভূমি জৰীপৰ কথা কম পৰিমাণে হ’লেও কয় যদিও বাস্তৱত সেয়া ফুটুকাৰ ফেন । ইপিনে বিভিন্ন দল-সংগঠনৰো এই ক্ষেত্ৰত তৎপৰতা দেখা নোযোৱাত দীৰ্ঘদিনীয়া তথা গুৰুত্বপূৰ্ণ সমস্যাটো সমস্যা হৈয়েই আছে ।

কৃষকৰ উৎপাদিত শস্যৰ মূল্যৰ প্ৰশ্ন? চৰ-চাপৰিৰ কৃষকে বিভিন্ন পক্ষৰ চক্ৰান্তৰ ফলত উপযুক্ত মূল্য লাভৰপৰা বঞ্চিত হ’বলগা হৈছে। তাৰ প্ৰতিবাদ কৰাত কৃষক আৰু কৃষক সন্তানে বুকুত গুলিও পাতি লৈছে । ২০১১ চনৰ ১০ অক্টোবৰ আমি আজিও পাহৰি যোৱা নাই, বেছিমাৰী কাণ্ড । মৰাপাটৰ উচিত দাম বিচৰাৰ বাবেই চৰকাৰী গুণ্ডা বাহিনীয়ে হত্যা কৰিছিল কৃষকক । কিন্তু আজি জানো কৃষকে বিচৰা প্ৰাপ্য পাইছে? নাই পোৱা!নিয়ন্ত্ৰিত বজাৰ থকাৰ পাছতো কৃষকে উৎপাদিত শস্য উপযুক্ত মূল্য নাপাই ৰাজপথত পেলাই দি আজিও প্ৰতিবাদ কৰাৰ সময় চলিয়েই আছে । অন্যহাতে বজাৰ ভেদে শস্যৰ দামৰ ব্যৱধানৰ বিষয়টোও চিন্তনীয় । বহু সময়ত দেখা যায়, অন্য বজাৰসমূহৰ বিপৰীতে চৰ-চাপৰিৰ বজাৰসমূহত কৃষকৰ উৎপাদিত শস্যৰ দাম তুলনামূলকভাৱে বহুত কম ।

পশুপালনে চৰ-চাপৰিৰ হাজাৰ হাজাৰ কৃষক পৰিয়ালক স্বাৱলম্বী কৰিছে । চৰ-চাপৰিৰ কৃষি অৰ্থনীতিৰ ক্ষেত্ৰখনত পশুপালনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । হাঁহ, কুকুৰা, পাৰ চৰাই, ভেৰা, ছাগলী, গৰু, ম’হ, ঘোঁৰা আদি পেছাদাৰীভাৱে পালন কৰি বহু পৰিয়ালে দিনৰ ভাত মোকলাই আছে । সঘনাই হৈ থকা বান-বাৰিষা আৰু অন্যান্য কাৰণত এই পশুধনসমূহ খাদ্যৰ অভাৱত পৰিলেও চৰকাৰে বিশেষ গুৰুত্ব দিয়া দেখা নাযায় । দুখ আৰু পৰিতাপৰ বিষয় যে পশুধনসমূহ বেমাৰত পৰিলে চিকিৎসা কৰাবলৈ পশু চিকিৎসালয় বিচাৰি পোৱাটো বহুত কঠিন, অন্যহাতে ভিতৰুৱা অঞ্চলসমূহত এতিয়ালৈ পশু চিকিৎসালয় স্থাপনেই কৰা হোৱা নাই । অৱশ্যে য’ত মানুহৰে স্বাস্থ্যৰ বাবে চিকিৎসালয় নাই তাত পশু চিকিৎসালয়ৰ সপোন দেখো কি কৰি ? চৰ-চাপৰি অঞ্চলত পশুধনৰ সংখ্যাৰ লগতে ভৌগোলিক এলেকাৰ বিপৰীতে পৰ্যাপ্ত পশু চিকিৎসালয় নথকাত স্থানীয় কবিৰাজ, বেজৰদ্বাৰাই বেজ-বেজালি, জৰা-ফুকা কৰি বেমাৰ ভাল কৰিবলৈ মিছা প্ৰচেষ্টা চলোৱা দেখা যায়, ফলত কৃষকৰ বহু মূল্যৱান পশুধন অকালতে মৰি যোৱাত প্ৰচুৰ ক্ষতিগ্ৰস্ত হয় ।

        অসমৰ চৰ-চাপৰিৰ কৃষকৰ লগত চৰকাৰী বঞ্চনাৰ সীমা নাই । বিভিন্ন সময়ত কাকতে-পত্ৰই চৰকাৰে কৃষকৰ বাবে যোগান ধৰা কৃষি উন্নয়নৰ বাবে আহিলা, যন্ত্ৰ, বীজ আদিক লৈ বৃহৎ-বৃহৎ কেলেংকাৰি সংগঠিত হৈ অহাৰ খবৰ পোৱা যায় । ইপিনে যোগাযোগ-যাতায়াতৰ দূৰত্ব বা অসুবিধাৰ বাবে চৰকাৰী সুবিধাৰপৰাও কৃষকক বঞ্চিত কৰা হয় । মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ, কৃষি বিষয়াৰ ঘনিষ্ঠ লোকেই বিভিন্ন সা-সুবিধা অনিয়মৰদ্বাৰা ভোগ কৰিও আছে । কিন্তু, সকলো যেন নিমাত !

কৃষকৰ সমস্যাৰ সীমা-সংখ্যা নাই যদিও চৰ-চাপৰিৰ কৃষকৰ সমস্যাসমূহ লৈ মাত মতাৰ লোকৰ অভাৱ নিশ্চয় আছে । সমস্যাসমূহ জনমানসত প্ৰতিষ্ঠা কৰিব নোৱৰাৰ বাবেও বহু সমস্যাৰ সমাধানসূত্ৰ আজিও আৱিষ্কাৰ নহ’ল । গতিকে চৰ-চাপৰিৰ সচেতন-শিক্ষিতসকলক কৃষকৰ সমস্যাসমূহক বিশেষ গুৰুত্বসহকাৰে লৈ কৰ্মসূচী প্ৰস্তুত কৰিবলৈ আহ্বান জনালোঁ । চৰ-চাপৰিৰ অৰ্থনৈতিক দিশ মজবুত কৰাৰ বাবে কৃষকৰ স্বাৰ্থ সুৰক্ষা অবিহনে অন্য গত্যন্তৰ নাই ।

আশ্ৰাফুল হুছেইন

Share Button
Print Friendly, PDF & Email

No Comments : "অজস্ৰ সমস্যাৰে ভাৰাক্ৰান্ত চৰ-চাপৰিৰ কৃষক"

Leave a Comment

Your email address will not be published. Required fields are marked *