জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ

- ময়ূৰ চেতিয়া

আজি কিছু বছৰৰ আগৰ কথা। দিল্লীৰ এটা গৱেষণা সংস্থাত শ্রমৰ ইতিহাস-বিষয়ক এখন একাডেমিক ছেমিনাৰ অনুষ্ঠিত হৈছে। বেছ ইলাহী কাৰবাৰ। দেশ-বিদেশৰপৰা পণ্ডিত মানুহ আহিছে। শ্রমিকৰ সংগ্রাম, শ্রমিক মানসৰ ‘মৰেল ইকনমি’, নাইটছ অব লেবাৰ আদি বিভিন্ন বিষয় সম্পর্কে আলোচনা হৈছে। হঠাতে সকলোকে সচকিত কৰি এজন অশীতিপৰ বৃদ্ধ মানুহে এটা প্রস্তাৱ দিলে : “সাম্প্রতিক সময়ত ভাৰত চৰকাৰৰ শ্রমবিৰোধী নীতিসমূহক গৰিহণা দি ছেমিনাৰখনে এটা প্রস্তাৱ গ্রহণ কৰিব লাগে!” ভালেমান লোক আচৰিত হ’ল; কিছুমানে সমর্থন কৰি হাতচাপৰি মাৰিলে। আয়োজকসকলৰ কিংকর্তব্যবিমূঢ় অৱস্থা। অৱশেষত প্রবীণ ইতিহাসবিদ সব্যসাচী ভট্টাচার্যৰ হস্তক্ষেপতহে আয়োজকসকল সেইবাৰলৈ ৰক্ষা পৰিল। তেওঁ হাঁহি হাঁহি বৃদ্ধক কলে, “কমৰেড, আপোনাৰ বেদনা মই বুজিছো। পিছে আমি উপায়বিহীন। এইখন একাডেমিক ছেমিনাৰহে। ইয়াত পলিটিকেল ৰিজলুচন পাছ কৰাৰ ব্যৱস্থা নাই।”

একাডেমিক চেমিনাৰ আৰু পলিটিকেল এক্টিভিজিমৰ মাজত পার্থক্য বুজি নোপোৱা এই মানুহজনেই হৈছে অমলেন্দু গুহ। আজিৰ সময়ত বহুতো বুদ্ধিজীৱীয়েই বিদ্যায়তনিক গজদন্তমিনাৰত নিজকে সুৰক্ষিত কৰি লোৱাৰ বিপৰীতে অমলেন্দু গুহৰ বাবে প্রগতিশীল ইতিহাস লেখন আৰু প্রগতিশীল এক্টিভিজিমৰ মাজত কোনো চীনৰ প্রাচীৰ নাছিল। তেওঁৰ লিখনীসমূহৰ পাতে পাতে ইয়াৰ প্রমাণ দেখিবলৈ পোৱা যায়। শ্রমিক আন্দোলনৰ কেৱল ইতিহাস লিখিলেইতো নহব; আজিৰ সময়ৰ শ্রমিক আন্দোলনসমূহত সক্রিয়ভাৱে বৰঙণিও যোগাব লাগিব; লাগে প্লেটফর্ম যিয়েই নহওক কিয়! Once a partisan, always a partisan! চল্লিছ আৰু পঞ্চাছৰ দশকত কমিউনিজমৰ শিক্ষা গ্রহণ কৰা গুহৰ বাবে সি আছিল সৰল সত্য; আজি একাডেমিয়াৰ মাজতে জীৱন পাত কৰা বহুতৰ বাবে সি হৈছে ইডিঅ’ছিংক্রেচি।

যোৱা সাত মে’ তাৰিখে গুৱাহাটীৰ নিজা বাসভৱনত এইজনা মহান ইতিহাসবিদে শেষ নিশ্বাস ত্যাগ কৰিলে।গুৱাহাটী মেডিকেল কলেজ, সাহিত্য সভা কার্যালয়, কমিউনিষ্ট পার্টি অফিচ তথা ইলোৰা বিজ্ঞান মঞ্চৰ কার্যালয়ত অসংখ্য গুণমুগ্ধই ইতিহাসবিদজনাক শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলে। মৃত্যুৰ পাছতো অমলেন্দু গুহই বৈজ্ঞানিক চিন্তাধাৰাৰ প্রতি থকা তেওঁৰ অগাধ বিশ্বাস প্রমাণ কৰি থৈ গ’ল। ২০০৫ চনতেই তেওঁ উইলত লিখি থৈ গৈছিল যে তেওঁৰ মৃত্যুৰ পাছত দেহটো সৎকাৰ কৰাৰ পৰিবর্তে মেডিকেল গৱেষণাৰ কামত ব্যৱহাৰ কৰা হওক। তেওঁৰ ইচ্ছাৰ প্রতি সন্মান জনাই দেহটো গুৱাহাটী মেডিকেল কলেজত দান কৰা হ’ল।

অমলেন্দু গুহৰ জন্ম হৈছিল ১৯২৮ চনৰ ৩০ জানুৱাৰিত, মণিপুৰৰ ৰাজধানী ইম্ফল চহৰত। মণিপুৰতে প্রাথমিক শিক্ষা লাভ কৰাৰ পাছত তেওঁ কিছুদিন গুৱাহাটীৰ কটন কলেজত শিক্ষা গ্রহণ কৰে আৰু পাছলৈ কলিকতাৰ প্রেছিডেন্সি কলেজৰপৰা অর্থনীতি বিজ্ঞানত স্নাতক ডিগ্রি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰপৰা অর্থনীতিত স্নাতকোত্তৰ ডিগ্রি লাভ কৰাৰ পাছত তেওঁ ১৯৪৮ চনত তেজপুৰৰ দৰং কলেজত অধ্যাপক হিচাপে কর্মজীৱন আৰম্ভ কৰে। পাছলৈ তেওঁ দিল্লী স্কুল অব ইকনমিক্স, পুণেৰ গোখলে ইনষ্টিটিউট, কলকাতাৰ চেণ্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল ছাইন্স (CSSS) আদি বিখ্যাত শিক্ষানুষ্ঠানতো অধ্যাপনা কৰে। অৱশেষত ১৯৯০ চনত CSSSঅৰপৰা তেওঁ অৱসৰ গ্রহণ কৰে।

গুহক Planter Raj to Swarajঅৰ লেখক হিচাপেই বহুতে জানে। নিশ্চিতভাৱে ই গুহৰ সর্বোকৃষ্ট কৃতিসমূহৰ ভিতৰত এখন। গ্রন্থখন অসম বিধায়িনী সভাৰ এখন চমু আৰু আমনিলগা তথ্যসর্বস্ব চৰকাৰী ইতিহাস হোৱাৰ কথা আছিল। ভাৰতীয় স্বাধীনতাৰ ২৫ বছৰ পূর্ণ হোৱাৰ উপলক্ষে ভাৰত চৰকাৰৰ শিক্ষা বিভাগে ইণ্ডিয়ান কাউন্সিল ফৰ হিষ্টৰিকেল ষ্টাডিজ (ICHR)ক অনুৰোধ কৰিছিল যে কেন্দ্রীয় তথা বিভিন্ন আঞ্চলিক বিধায়িনী সভাসমূহৰ একোখনি ইতিহাস লিখা যাওক। ICHRঅৰ অধ্যক্ষ প্রগতিশীল ইতিহাসবিদ ৰাম চৰণ শর্মাই অসম বিধায়িনী সভাৰ ইতিহাস লিখাৰ কামটো গুহৰ হাতত দিলে। গুহৰ অত্যুৎসাহৰ ফলত কিতাপখনত ঔপনিবেশিক অর্থনীতি, শ্রমিক আন্দোলন, কৃষক আন্দোলন আদিপর্যন্ত বিভিন্ন বিষয় অন্তর্ভুক্ত হৈ পৰিল! সেই ছিৰিজটোৰ আন আন কিতাপসমূহৰ নামপর্যন্ত আজি ৰাইজে পাহৰি গৈছে। আনহাতে গুহৰ কিতাপখনে এখন ক্লাছিকৰ মর্যাদা লাভ কৰিছে।

অমলেন্দু গুহৰ চৰম দুর্ভাগ্য যে তেওঁৰ প্রতিদ্বন্দ্বীসকলে তেওঁৰ দৰে ব্যাপক আর্কাইভ ব্যৱহাৰ কৰাৰ প্রয়োজনীয়তা, ইতিহাস বিষয়ক সচেতন দার্শনিক দৃষ্টি বিকশিত কৰাৰ তাৎপর্য তথা প্রফেছনেলিজিমৰ গুৰুত্ব কেতিয়াও অনুভৱ নকৰিলে। ফলত তেওঁৰ যুক্তিসমূহৰ উত্তৰ দিবলৈ গৈ তেওঁলোকে প্রায়েই অতিশয় নিকৃষ্ট পন্থা অৱলম্বন কৰিলে। কোৱা হ’ল, তেওঁ হেনো বঙালী তথা কমিউনিষ্ট হোৱাৰ বাবেই অসমীয়া মধ্যবিত্ত নেতৃত্বক সমালোচনা কৰিছে। পিছে সেই একেধৰণৰ বঙালী মধ্যবিত্তৰ বিষয়ে গুহই কি কয় - সেয়া মহাশয়সকলে কেতিয়াও নুসুধিলে! সুধিবই বা কেনেকৈ? কমিউনিষ্টে যে কাকো তথাকথিত ‘স্বজ্ঞাতি’ৰ নামত সুদাই নেৰে, সেয়া তেওঁলোকৰ জনা আছিল!

গুহই কেৱল আধুনিক অসমৰ ইতিহাসেই লিখা নাই। লগতে অগণন ফিল্ডত তেওঁ হাত দিছে : আফগানিস্তানৰ আর্থিক ইতিহাস, ঔপনিবেশিকতাবাদৰ আমোলত গঢ় লৈ উঠা পার্চী ব্যৱসায়ীসকলৰ ঐতিহাসিক ভূমিকা, ভাৰতৰ জাতীয় প্রশ্ন, মোগল অর্থনীতি, ভাৰত মহাসাগৰীয় বাণিজ্য, ডাছ সাম্রাজ্যবাদ আদিকে ধৰি বিভিন্ন বিষয়ত তেওঁ চিন্তাকর্ষক বিশ্লেষণ আগ বঢ়াইছে। সকলো বিষয়তে যে তেওঁ মৌলিক গৱেষণা কৰিছে, এনে নহয়; বহু সময়ত তেওঁ কোনো গ্রন্থ একোখনৰ ৰিভিউ কৰোতে কেতবোৰ অতিশয় উচ্চমানৰ অন্তৰ্দৃষ্টিৰ পৰিচয় দিছে। তৰুণ গৱেষকৰ বাবে তেওঁৰ এনে মন্তব্যসমূহ পাথেয়স্বৰূপ।

ব্যক্তিগতভাৱে প্রাক-ঔপনিবেশিক অসম-বিষয়ক গুহৰ লিখনীসমূহ মোৰ অতিশয় প্রিয়। সিবিলাকৰ কিছুমান Medieval and Early Colonial Assam শীর্ষক তেওঁৰ গ্রন্থখনত সন্নিবিষ্ট কৰা হৈছে। গুহৰ আগলৈকে আহোম ইতিহাস বুলিলেই ৰজা-মহাৰজা, সেনাপতি আদিৰ গুণানুকীর্তনকেই বুজা গৈছিল। পোন প্রথমবাৰৰ বাবেই গুহয়েই হয়তো বস্তুনিষ্ঠভাৱে আহোম যুগটোক চাবলৈ আমাক শিকালে। গুহৰ এটা প্রধান হাইপথেছিছ হৈছে : আহোম ৰাজতন্ত্রৰ অধীনত জনজাতীয় সমাজৰপৰা সামন্তীয় সমাজলৈ উত্তৰণ ঘটাৰ ক্ষেত্রত উন্নত মানৰ শালি খেতিৰ প্রবর্তনে বিশেষ ভূমিকা গ্রহণ কৰিছিল। এইক্ষেত্রত পূব এছিয়াৰ বিভিন্ন দেশ - যেনে বার্মা, ভিয়েটনাম, থাইলেণ্ড আদিৰ সামাজিক ব্যৱস্থাসমূহৰ স’তে থকা আহোম অর্থনীতিৰ সাদৃশ্যৰ কথাও তেওঁ উল্লেখ কৰি গৈছে। পিছৰ কালৰ ইতিহাসবিদসকলে দর্শাইছে যে এই সমস্ত অঞ্চলটোত প্রাক-ঔপনিবেশিক কালত মাটিৰ বিপৰীতে শ্রমৰ ওপৰতহে মূল নিয়ন্ত্রণ ৰখা হৈছিল। সেই হিচাপত আহোম যুগৰ ইতিহাস বুজিবলৈ হ’লে বংগ বা মোগল ব্যৱস্থাৰ বিপৰীতে পূব এছিয়াৰ দেশসমূহৰ তুলনাহে অধিক সার্থক হ’ব। এই সমস্ত ক্ষেত্রখনত গুহৰ বাটকটীয়া ভূমিকা ৰাইজে স্বীকাৰ কৰি লৈছে। মোৱামৰীয়া বিদ্রোহৰ ধার্মিক দিশটোৰ সমান্তৰালভাৱে কৃষক বিদ্রোহৰ দিশটোও পোহৰলৈ অনাৰ ক্ষেত্রত গুহৰ অৱদান চিৰস্মৰণীয়।

প্রভাত পাটনায়কৰ মতে গুহৰ ‘The Indian National Question: A Conceptual Frame’ ৰচনাখনি ভাৰতীয় মার্ক্সবাদৰ অন্যতম শ্রেষ্ঠ কৃতি। এনে উচ্চবাচ্য সম্পর্কে মোৰ সন্দেহ আছে। গুহই যি ভাৰতীয় দ্বৈত (এটা ৰাষ্ট্রীয় আৰু এটা আঞ্চলিক) চেতনাৰ কথা কৈছে - সি যে সদায়েই অটুট থাকিবই – তাৰ কোনো বস্তুনিষ্ঠ গেৰাণ্টি নাই। এইক্ষেত্রত ৰচনাখন স্তালিনৰ ‘জাতীয় প্রশ্ন’ৰ মেকানিকেল ভাৰতীয় অনুৰণন যেনহে লাগে। পিছে এনে অক্ষমতাৰ মাজতো এই পুৰণা কমিউনিষ্টজনৰ এটা মানৱীয় দিশ লুকাই আছে। সেয়া হৈছে - চল্লিছ, পঞ্চাছৰ দশকত ৰাজনৈতিক চেতনা লাভ কৰা সাম্যবাদী একোজনৰ বাবে ভাৰতৰ অর্থ সম্পূর্ণ বেলেগ আছিল। ভাৰত হৈছে ব্ৰিটিছৰ বিৰূদ্ধে একেলগে সংগ্রাম কৰি লাভ কৰা এটা ৰাজনৈতিক সত্তা। ভাৰত যে কেতিয়াবা আন কোনো ক্ষুদ্র জাতীয় সত্তাৰ অধিকাৰ খর্ব কৰা মেচিন হৈ পৰিবগৈ পাৰে, সেয়া তেওঁ ভাবিব পৰা নাছিল। ইমান কষ্টেৰে ঔপনিবেশিক শাসনৰ বিৰূদ্ধে সংগ্রাম কৰি লাভ কৰা ভাৰতীয় স্বাধীনতা তথা একতা ভাঙি পৰাটো যিকোনো স্বাধীনতা সংগ্রামীৰ বাবেই দুখৰ কথা আছিল। কিন্তু একে সময়তে তেওঁ ভাৰতীয় বুর্জোৱা শাসকসকলৰ অত্যাচাৰ সম্পর্কেও সচেতন আছিল। সেয়েহে গুহৰ বাবে উপস্থিত ভাৰতৰ এটাই বিকল্প হ’ব পাৰে : সেয়া হৈছে শ্রমজীৱী জনগণৰদ্বাৰা গঠিত এখন ৰঙা ভাৰত। চল্লিছৰ দশকত লিখা তেওঁৰেই এটা কবিতাৰ ভাষাত :

দেবে জান, তবু ধান দেবে না কিষাণ!

অর্ধনগ্ন মানুষের দখলী নিশান,

উড়বেই জেনো ঠিক হাজার বাগানে!

ভীষণ নামবর বন প্রাণ পাবে গেরিলার গানে!

শত্রুর শিবিরে ঢুকে মাথা কাটা ভোলেনি নাগা-রা!

এখনও অকেজো নষ ডফলার বিষমাখা তীর!

শহীদ বীণার রক্ত নালিয়াপুলের ঘাসে আজও জেগে আছে,

উদ্বত শপথ আজও প্রতিশোধ খোজে!

...

এইজনা আজীৱন সাম্যবাদী, জনগণৰ ইতিহাসবিদ তথা জীৱনমুখী কবিলৈ শেষ শ্রদ্ধা জনালো।

Share Button
Print Friendly, PDF & Email

No Comments : "জনগণৰ ইতিহাসবিদ অমলেন্দু গুহ"

Leave a Comment

Your email address will not be published. Required fields are marked *