আমি কিমান ‘স্মার্ট’

১৯৩০ চনত ভাৰতীয় বিজ্ঞানী চি ভি ৰমনে পদার্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল; তেওঁৰ গৱেষণা কেন্দ্ৰ আছিল কলিকতা। তাৰ পিছত কোনো এজন ভাৰতীয় মূলৰ বিজ্ঞানীয়ে নোবেল বঁটা পাবলৈ সক্ষম হোৱা নাই, যাৰ কর্মক্ষেত্র আছিল ভাৰতবৰ্ষত। হৰগোবিন্দ খোৰানা (১৯৬৮), সুব্ৰমনিয়াম চন্দ্ৰশেখৰ (১৯৮৩) আৰু ভেংকটৰমন ৰামকৃষ্ণন (২০০৯), আনকি অর্থনীতিবিদ অমর্ত্য সেন (১৯৯৮) আটাইৰে কৰ্মস্থল আছিল আমেৰিকা নাইবা ব্রিটেইন। ভাৰতত মেধাশক্তিসম্পন্ন আন্তর্জাতিক মানৰ বিজ্ঞানীৰ অভাৱ নাই, লাগতিয়াল কিতাপ-পত্রসহ লাইব্ৰেৰি, যাৱতীয় সা-সৰঞ্জাম আদিৰে সজ্জিত লেবৰেটৰিৰো অভাৱ নাই। চৰকাৰে কোটি কোটি টকা খৰচ কৰি ভালেকেইটা প্রতিষ্ঠান স্থাপন কৰিছে। কিন্তু আন্তর্জাতিক মানৰ মৌলিক গৱেষণা ভাৰতত সমূলি নহয়। প্রমাণস্বৰূপে, উচ্চ মানৰ আন্তর্জাতিক আলোচনীত ভাৰতীয় বিজ্ঞানীৰ গৱেষণামূলক প্ৰবন্ধ খুব কম প্রকাশ পায়, ভাৰতৰ তুলনাত চীন আৰু জাপান এই দিশত অনেক আগবঢ়া। ইয়াৰ কাৰণ প্রধানকৈ দুটা। প্রথম, দুই-এটাৰ বাহিৰে সৰহভাগ গৱেষণা কেন্দ্রই হ’ল চৰকাৰী প্রতিষ্ঠান, ইয়াৰ বিজ্ঞানীসকলে গৱেষণাক চৰকাৰী চাকৰি বুলি গণ্য কৰে। দ্বিতীয়তে, বর্তমান কালত ভাৰতৰ বিশ্ববিদ্যালয়সমূহত গৱেষণাৰ সংস্কৃতিয়ে প্রাধান্য নাপায়; বহু বিশ্ববিদ্যালয় আনকি ডিগ্রী প্রদান কৰাৰ কাৰখানা বুলিও প্রমাণ হৈছে। আনহাতে, ব্রিটেইন আৰু আমেৰিকাৰ দৰে দেশত বিশ্ববিদ্যালয়সমূহেই হ’ল মৌলিক গৱেষণাৰ মূল কেন্দ্র। বর্তমান ভাৰতত বিজ্ঞান গৱেষণাৰ মান এনে নিম্ন স্তৰলৈ অৱনমিত হৈছে যে নোবেল বঁটাপ্রাপক ভেংকটৰমন ৰামকৃষ্ণনে ভাৰতত সঘনে অনুষ্ঠিত বিজ্ঞানক সমাৰোহবোৰক ‘চাৰ্কাছ’ আখ্যা দিছে আৰু ভৱিষ্যতে অংশগ্রহণ নকৰাৰ কথা স্পষ্ট কৰি দিছে। প্রশ্ন হ’ল— ৰামকৃষ্ণন, চন্দ্ৰশেখৰ আৰু খোৰানা যদি ভাৰততেই থাকি গৱেষণা কৰিলেহেঁতেন, তেওঁলোকে নোবেল বঁটাপ্ৰাপকৰ সন্মান অর্জন কৰিবলৈ সক্ষম হ’লহেঁতেননে? তেওঁলোকে বিদেশত উপভোগ কৰাৰ দৰে পৰিৱেশ আমাৰ দেশত আছেনে?

মৌলিক গৱেষণাৰপৰাও যে ব্যৱসায়িকভাৱে সফল অনুষ্ঠান গঢ়ি তুলিব পাৰি, তাৰ নিদর্শন হ’ল ‘বোস কৰ্প’ৰেশ্যন’। ইয়াৰ প্রতিষ্ঠাতা আছিল ভাৰতীয় মূলৰ বিজ্ঞানী অমৰ গোপাল বোস। ১৯৫৫ চনত বোসে আমেৰিকাৰ এম আই টিৰপৰা ডক্টৰেট ডিগ্রী লাভ কৰি তাতেই শিক্ষকতা কৰিছিল। ১৯৫৬ চনত এটা ‘ছাউণ্ড ছিষ্টেম’ কিনি তেওঁ ইমানেই হতাশ হৈছিল যে নিজৰ গৱেষণাৰ ভিত্তিত তেওঁ এটা উৎকৃষ্ট মানৰ স্পিকাৰ তৈয়াৰ কৰিছিল। আৰু জন্ম হৈছিল ‘বোস কৰ্প’ৰেশ্যন’ৰ। সমগ্র বিশ্বতে আজি উচ্চ মানৰ শব্দ-প্রণালী প্রসংগত সঘনে এটা নামেই উচ্চাৰিত হয়— সেইটো হ’ল ‘বোস'। অমৰ গোপাল বোসৰ দৰে লোকৰ উদাহৰণে অনুপ্রাণিত কৰিছিল পিছৰচাম আমেৰিকা অভিমুখী ভাৰতীয়সকলক। শিক্ষিত আৰু কৌশলগত ভাৰতীয়ৰ আমেৰিকা যাত্ৰাৰ প্রবাহ আৰম্ভ হৈছিল কুৰি শতিকাৰ পঞ্চাছৰ দশকত। ১৯৫১ চনত ভাৰতৰ প্রথম আই আই টি স্থাপন কৰা হৈছিল পশ্চিমবংগৰ খড়গপুৰত। ইয়াৰ পিছত এতিয়ালৈকে মুঠ ১৮খন আই আই টি প্রতিষ্ঠিত হৈছে। ইয়াৰ স্নাতকসকলে আমেৰিকাত গৈ তাৰ অত্যুৎকৃষ্ট শিক্ষানুষ্ঠানত শিক্ষা লাভ কৰিছিল আৰু নিজকে কেৱল ইঞ্জিনিয়াৰিঙৰ সংকীর্ণ গণ্ডীৰ ভিতৰতে আবদ্ধ কৰি নাৰাখি বিভিন্ন দিশত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল; আমেৰিকাৰ মুখ্য বাণিজ্যিক কেন্দ্র ‘বাল ষ্ট্ৰিট’ত ভাৰতীয় ইঞ্জিনিয়াৰে খলক লগাইছিল। ভাৰতীয় মূলৰ সুন্দৰ পিছাই আজি গুগলৰ দৰে এটা বৃহৎ প্রতিষ্ঠানৰ মুখ্য পদত অধিষ্ঠিত, সত্য নাদেলা হ’ল মাইক্ৰ'ছফট কোম্পানিৰ মুখ্য পৰিচালক। ভাৰতীয় মূলৰ আমেৰিকানসকল যে সকলো দিশে সফল সেই কথা আজি আমেৰিকাত সকলোৱে স্বীকাৰ কৰে। উদাহৰণস্বৰূপে, তেওঁলোকৰ এজনে ৰাষ্ট্ৰীয় গড়ৰ প্রায় দুগুণ উপার্জন কৰে, আনকি এগৰাকী উচ্চ শিক্ষিত ভাৰতীয় মহিলাৰ আয় এজন সাধাৰণ আমেৰিকান শ্বেতাংগ নাগৰিকতকৈও অধিক। কিন্তু ভাৰতীয়সকলৰ আটাইতকৈ চকুত পৰা দিশটো হ’ল তেওঁলোকৰ শিল্পোদ্যোগ। ‘আই টি’ অভিজ্ঞ ভাৰতীয় যুৱকসকলে ভাল দৰমহাৰ চাকৰি এৰি নতুন নতুন উদ্যোগ স্থাপন কৰিছিল। আমেৰিকাতেই আহৰণ কৰা প্রযুক্তি-বিজ্ঞানৰ উচিত প্রয়োগৰদ্বাৰা তেওঁলোকৰ বেছিভাগেই চমকপ্রদ সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। জন্ম হৈছিল এক নতুন প্রজন্ম— ভাৰতীয় মূলৰ উদ্যোগশিল্পী, যিসকলে উচ্চ মানৰ শিক্ষাৰ লগত ব্যৱসায়িক বুদ্ধিৰ এক অভূতপূর্ব সন্মিলন ঘটাবলৈ সক্ষম হৈছিল। ইয়াৰ আটাইতকৈ সফল প্রতিফলন ঘটিছিল কেলিফ’ৰ্নিয়াৰ ‘ছিলিকন ভেলি’ত। ‘ছিলিকন ভেলি’ৰ জন্ম হৈছিল ১৯৫৬ চনত, যেতিয়া নোবেল বঁটাপ্রাপক উইলিয়াম শ’কলিয়ে ‘জাৰমেনিয়াম’ৰ ঠাইত ‘ছিলিকন’ ব্যৱহাৰ কৰি ট্ৰেনজিষ্টৰ তৈয়াৰ কৰা এটা কাৰখানা ইয়াত প্রতিষ্ঠা কৰিছিল। তেতিয়াৰপৰাই এই ঠাই নতুন উদ্ভাৱনৰ সৃষ্টিকেন্দ্ৰৰূপে জনাজাত হৈ পৰিছিল;‘ষ্টার্ট আপ’ আখ্যাটো এই ‘ছিলিকন ভেলি’ৰ প্ৰসংগত সঘনে ব্যৱহৃত হৈছিল। হিউলেট পেকার্ড আৰু ‘এপল’ৰ দৰে বিখ্যাত কোম্পানিবোৰ ‘ষ্টার্ট আপ’ হিচাপে ইয়াতেই জন্ম হৈছিল কুৰি শতিকাৰ সত্তৰৰ দশকত। ভাৰতীয়ৰ ক্ষেত্ৰত এই দিশত বাটকটীয়া আছিল ছৰীৰ ভাটিয়া। বিৰলা ইনষ্টিটিউট পিলনীৰ স্নাতক ছবীৰ ভাটিয়া ১৯৮৯ চনত আমেৰিকালৈ গৈ দুখন উচ্চ স্তৰৰ শিক্ষানুষ্ঠান, ‘কেলটেক’ আৰু ‘ষ্টেনফৰ্ড’ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল। কিছুদিন ‘এপল’ কোম্পানিত কাম কৰাৰ পিছত তেওঁ চাকৰি ইস্তফা দি নিজাকৈ উদ্যোগ আৰম্ভ কৰে। ১৯৯৬ চনত ২৮ বছৰীয়া ভাটিয়াই ইণ্টাৰনেটযোগে বিশ্বব্যাপী সংযোগৰ কাৰণে বিনামূলীয়া ‘হটমেইল’ প্রথা প্রবর্তন কৰে আৰু ই অভাবনীয় সফলতা লাভ কৰে। ১৯৯৮ চনত বিল গেইটছৰ মাইক্ৰ’ছফ্ট কোম্পানিয়ে বহু মিলিয়ন ডলাৰৰ বিনিময়ত ভাটিয়াৰপৰা এই ‘হটমেইল’ ক্রয় কৰে। এনেবোৰ প্ৰেৰণাতে কেলিফ’ৰ্নিয়াত, বিশেষকৈ ছিলিকন ভেলিত,ভাৰতীয়সকলৰ শিল্পোদ্যোগ আৰম্ভ হৈছিল আৰু আজিও অব্যাহত আছে। অলপতে এটা সমীক্ষাত প্রকাশ পাইছে যে প্ৰৱাসীসকলে ছিলিকন ভেলিত আৰম্ভ কৰা ‘ষ্টার্ট আপ’ৰ সংখ্যা ২০০৫ চনৰ ৫২.৪ শতাংশৰপৰা বর্তমান ৪৩.৯ শতাংশলৈ হ্ৰাস পাইছে। কিন্তু কেৱল ভাৰতীয় প্রবাসীসকলৰ ক্ষেত্ৰত ই বৃদ্ধি পাইছে ২৬%ৰপৰা ৩৩%লৈ। সমীক্ষাটোত এইটোও কোৱা হৈছে যে আমেৰিকান চৰকাৰে ভাৰতীয়সকলে শিক্ষা লাভৰ অন্তত আমেৰিকাত চাকৰি কৰাত আৰু ভিছাৰ ম্যাদ বঢ়োৱাৰ ক্ষেত্ৰত বাধা আৰোপ নকৰাহেঁতেন এই সংখ্যা অধিক বৃদ্ধি হ’লহেঁতেন আৰু তাৰ ফলত আমেৰিকা উপকৃত হ’লহেঁতেন। এই প্রবাসী ভাৰতীয় বিশেষকৈ আমেৰিকাৰ কেলিফ’ৰ্নিয়াৰ ছিলিকন ভেলিৰ ভাৰতীয়সকলৰ অভূতপূর্ব সাফল্যই মোদীক অনুপ্রাণিত কৰিছিল। নোবেল বঁটাপ্রাপক ৰামকৃষ্ণনে সেই কথা দোহাৰিছে এনেদৰে— ‘এইটো সঁচা যে ভাৰতত বৈজ্ঞানিক গৱেষণাৰ আজিৰ অৱস্থা অতি পুতৌলগা। কিন্তু আমাৰ যদি লাখ লাখ অনুসন্ধিৎসু মন থাকে, তেন্তে আমি অসাধ্যও সাধন কৰিব পাৰোঁ।’এই যুক্তিৰ আধাৰতেই ১৬জানুৱাৰিৰ দিনা প্রধানমন্ত্রী মোদীয়ে ‘ষ্টার্টআপ’যোজনাৰ ঘোষণা কৰিছিল। তেওঁ ৰাজহুৱাভাৱে কৈছিল– ‘আমাৰ লাখ লাখ সমস্যা আছে হয়, কিন্তু তাৰ সমাধানৰ কাৰণে আমাৰ হাতত আছে কোটি কোটি উচ্চ মস্তিষ্কৰ লোক।’ ইতিমধ্যে ভাৰততো আজি ‘ষ্টার্টআপ’ৰ ভৱিষ্যৎ উজ্জ্বল হোৱাৰ কাৰণে শিক্ষাৰ অন্তত ভাৰতীয় ছাত্রই আমেৰিকাত থকাটো বিবেচনা নকৰাকৈয়ে নিজ দেশলৈ প্ৰত্যাৱৰ্তন কৰে। এওঁলোকৰ প্রত্যাৱর্তনে এই দেশতো এক ইতিবাচক জাগৰণ সৃষ্টি কৰিছে আৰু তাৰদ্বাৰা অনুপ্ৰাণিত হৈ বহু ভাৰতীয় যুৱক-যুৱতীয়ে এই দিশে গতি আৰম্ভ কৰিছে। আজিৰ ভাৰতত ‘ষ্টার্টআপ’ৰ কাৰণে আমেৰিকাত গৈ উচ্চ শিক্ষা লোৱাৰ নাইবা অনুপ্ৰাণিত হোৱাৰ কোনো প্ৰয়োজন নাই। উদাহৰণস্বৰূপে, ‘ফ্লিপকার্ট’ আৰু ‘মেক মাই ট্রিপ’, এই দুটা সফল অনলাইন প্রতিষ্ঠানৰ জন্ম দিয়া যুৱককেইজনে শিক্ষা লাভ কৰিছিল ভাৰতত। মোদীৰ ‘ষ্টার্টআপ’অভিযানৰ লক্ষ্য হ’ল এই যুৱশক্তি। প্রশ্ন হ’ল ‘ছিলিকন ভেলি’ৰ দৰে এক পৰিৱেশ ভাৰতত সৃষ্টি কৰা সম্ভৱনে,য’ত মুকলি চিন্তা আৰু উদ্ভাৱনী প্রতিভাৰ বাধাহীন সমন্বয় ঘটিব?

কুৰি শতিকাৰ ষাঠিৰ দশকত জন কেনেডিয়ে কৈছিল— ‘আজি আমি এনে এক সীমান্তত উপনীত হৈছোহি যে তাৰ সিপাৰে কেনে প্রচুৰ সম্ভাৱনা আছে, তাক অনুমান কৰাও সম্ভৱ নহয়। ‘ছিলিকন ভেলি’ৰ ‘ষ্টার্ট আপ’ৰ এজন পথ প্রদর্শক, দেউতাকৰ গাড়ীৰ গেৰেজত ‘এপল’ কম্পিউটাৰ জন্ম দিয়া ষ্টিভ জবছে সত্তৰৰ দশকত কৈছিল— ‘আমি মানুহক এনে এটা বস্তু হাতত তুলি দিব খোজো, যিটো চকুৰে দেখা মুহূর্ত অৱধি তেওঁ কল্পনাও কৰা নাছিল যে তেওঁৰ কাৰণেই কিমান প্রয়োজনীয়।’ মোৰ নিজৰ কাৰণে সেই ‘ইউৰেকা’ মুহূর্ত আহিছিল বোধহয় ১৯৮৩-৮৪ চনত, যেতিয়া মই জীৱনত প্রথমবাৰৰ কাৰণে আৱিষ্কাৰ কৰিছিলো যে কম্পিউটাৰত চিঠিও লিখিব পাৰি। ষ্টিভ জবছৰ সংজ্ঞা সম্পূৰ্ণকৈ গ্রহণ নকৰিলেও ‘ষ্টার্ট আপ’ৰ ভৱিষ্যতৰ বিষয়ে কোৱা হৈছে এনেদৰে—‘পৰৱৰ্তী প্রজন্মই তেওঁলোকৰ গতিশীল মনন শক্তিৰদ্বাৰা আৰম্ভ কৰা ‘ষ্টাৰ্ট আপ’সমূহে এনে অভিনৱ সৃষ্টিৰ উদ্ভাৱন কৰিব, যি আজি আমাৰ কাৰণে কল্পনাতীত। ইয়াৰ কোনো সঠিক সংজ্ঞা নাই। মাথোন এইটো ক’ব পাৰি যে ইয়াৰ সৃষ্টিকর্তাসকলে বিশ্বব্ৰহ্মাণ্ড সলনি কৰিব খোজে।’প্রকৃতিৰ নিয়মানুসৰি একো একোটা অভাৱে একোটা সমস্যাৰ সৃষ্টি কৰে, সেই সমস্যাই মানুহৰ চিন্তাশক্তিত ফিৰিঙতিৰ দৰে কাম কৰে আৰু সমাধানৰ সন্ধানত সহায় কৰে। সেয়ে মাত্র কেইটামান বছৰৰ ভিতৰতে আজি আমি ঘৰত বহি বিমান, ৰে’ল নাইবা বাছৰ টিকট কৰিব পাৰোঁ, দেশ-বিদেশ ভ্ৰমণৰ ব্যৱস্থা কৰিব পাৰোঁ, লাইট-টেলিফোন আদিৰ বিল পৰিশোধ কৰিব পাৰোঁ, ডাক্তৰৰ লগত এপইণ্টমেণ্ট কৰিব পাৰোঁ, নিজৰ পছন্দৰ কিতাপ নাইবা পিন্ধনৰ বস্তু ক্রয় কৰিব পাৰোঁ, বেংকৰ কাম কৰিব পাৰোঁ আৰু বহু কাম কৰিব পাৰোঁ; যিটো আমাৰ সপোনৰো অগোচৰ আছিল। ‘স্মাৰ্ট চিটি’, ‘স্মাৰ্ট’ ভিলেজ, ‘স্মাৰ্ট’ কাৰ্ড, ‘স্মাৰ্ট’ ট্ৰেইন আদি শব্দ আজিকালি অতি পৰিচিত। তাৰে ভিতৰত আটাইতকৈ উল্লেখনীয় হ’ল ‘স্মার্ট’ফোন। ১৯৯৫ চনত আমেৰিকান কোম্পানি এ টি এণ্ড টিয়ে তেওঁলোকৰদ্বাৰা প্রস্তুত ‘ফোন ৰাইটাৰ’ৰ বৰ্ণনাত এই আখ্যাৰ প্রথম প্রয়োগ কৰিছিল। ২০০০ চনত ছুইডেনৰ এৰিকছন কোম্পানিয়ে বজাৰত প্রথম মোবাইল ‘স্মার্ট’ ফোনৰ বিক্ৰী আৰম্ভ কৰিছিল। মাত্র এটা দশকৰ ভিতৰত ইয়াৰ প্রযুক্তি-বিজ্ঞানৰ দ্রুত উন্নতি সাধন ঘটিছে আৰু আজি ইয়াৰদ্বাৰা ফোন কৰা, ছবি তোলা, ইণ্টাৰনেট ব্যৱহাৰ, স্থিতি নিৰ্ধাৰণ, মোবাইল বেংকিঙকে ধৰি আধুনিক জগতত প্রয়োজনীয় সকলো কামেই কৰা সম্ভৱ। নিজকে ‘স্মার্ট’ বুলি গণ্য কৰা নতুন প্রজন্মৰ হাতত আজি ই এক প্রয়োজনীয় অথচ ভয়াৱহ অস্ত্র। তাৰ নিদর্শন দেখা গৈছিল এহাতে ‘আৰব স্প্ৰিং’-অৰ গণ আন্দোলনৰ সময়ত, যেতিয়া হাজাৰ হাজাৰ লোকৰ লগত সংযোগ স্থাপন সম্ভৱ হৈছিল ‘স্মার্ট ফোন’ৰ জৰিয়তে; আৰু আনহাতে, সম্পূর্ণ অচিনাকি ডেকা-গাভৰুৰ জাক এক নিৰ্দিষ্ট স্থানত মিলিত হৈ ‘ৰেভ’ পাৰ্টিত যোগদান কৰি বেআইনী কামত লিপ্ত হওঁতে। এসময়ত ‘স্মার্ট’ ফোন হয়তো লেপটপ-কম্পিউটাৰৰ বিকল্প হৈ পৰিব আৰু অপব্যৱহাৰৰ সম্ভাৱনা অনেক গুণে বৃদ্ধি পাব।

প্রশ্ন হ’ল— আমি অসমীয়াসকল কিমান ‘স্মার্ট’? প্রতিটো ‘ষ্টার্ট আপ’নাইবা উদ্যোগৰ কাৰণে কম-বেছি পৰিমাণে কম্পিউটাৰৰ জ্ঞান অপৰিহার্য। এইটো অৱশ্যেই জনা প্রয়োজন যে কম্পিউটাৰৰদ্বাৰা কি নাইবা কেনেধৰণৰ কাম কৰা সম্ভৱ, যদিও সেই কাম তেওঁ নিজে কৰিব পৰা ক্ষমতাৰ প্রয়োজন নাই। আজিৰ অসমত এক সচৰাচৰ দেখিবলৈ পোৱা দৃশ্য হ’ল প্রত্যেক যুৱক-যুৱতীৰ হাতে হাতে একোটাকৈ ‘মোবাইল ফোন’, য’ত ইণ্টাৰনেট সংযোগ থাকে। কথা পতাৰ বাদেও তেওঁলোকক অনবৰত ফোনটো লৈ ব্যস্ত দেখা যায়, মানুহৰ ঘৰত আলহী হৈ বহি থকা সময়খিনিও বাদ নাযায়। তদুপৰি বহুতৰ হয়তো লেপটপো আছে। তেওঁলোকৰ লগত ভালদৰে কথা পাতিলে গম পোৱা যায় যে সৰহভাগৰে কম্পিউটাৰ সম্বন্ধে সম্যক জ্ঞান নাই। তেওঁলোকে চিনেমা চায়, গান শুনে, ছবি তোলে, গেইমছ খেলে, মেইল কৰে;কিন্তু জ্ঞান আহৰণৰ উৎস হিচাপে কম্পিউটাৰ যে কিমান শক্তিশালী অস্ত্র হ’ব পাৰে, সেই বিষয়ে সম্পূর্ণ সজাগ নহয় নাইবা সজাগ হোৱাৰ চেষ্টা কৰা নাই। ব্যৱসায়িক ক্ষেত্ৰত কম্পিউটাৰৰ ব্যৱহাৰে কেনে সুচলতা আনিব পাৰে, সেই কথা তেওঁলোকৰ এতিয়াও বিবেচনাধীন হোৱা নাই। অথচ তেওঁলোকৰ সমবয়সৰ এচাম লোকে এনে সজাগতা লৈয়েই আজি বেংগালুৰুৰ ‘কোৰামণ্ডল’ অঞ্চলত গঢ়ি তুলিছে ভাৰতৰ নতুন ‘ষ্টার্ট আপ’ কেন্দ্র। মাত্র চাৰি বৰ্গমাইল এলেকাৰ ভিতৰত শ শ যুৱক-যুৱতীয়ে এই অভিযানত যোগদান কৰিছে। তেওঁলোকে তাত পাইছে কি? তেওঁলোকে পাইছে এক পৰিৱেশ, এক বাতাৱৰণ, যিটোৱে সৃষ্টিশীলতাত ইন্ধন যোগায়। এই নতুন যুগৰ লগত খোজ মিলাই চলিবলৈ হ’লে অসমত সৃষ্টি কৰিব কৰিব লাগিব এক অনুৰূপ পৰিৱেশ; উদ্যোগৰ লগত একাত্মক হ’ব লাগিব এক স্বাৱলম্বী, ব্যৱসায়িক মনোবৃত্তি। সংবাদ মাধ্যমত বহুল প্রচাৰৰ মাজেদি ইক’-উদ্যান প্রতিষ্ঠা কৰি, প্রস্তাৱিত কাম আধৰুৱা ৰাখি, (চৰকাৰৰপৰা?) ৫ কোটি টকাৰ অনুদান বিচাৰি হাত সাবটি বহি থকা যুৱ নেতাজনে বৰ ‘স্মার্ট’ নিদর্শন দেখুওৱা নাই। অসমৰ মানুহে এই কথা উপলব্ধি কৰিব পাৰিব লাগিব। অন্যথা ‘ষ্টার্ট আপ’, ‘মে'ক ইন ইণ্ডিয়া’ৰ দৰে সুযোগ বহন কৰি অনা ‘স্মার্ট ট্রেইন’-এ আমাক এৰি বহু দূৰ আগুৱাই যাব।

বিমল ফুকন

Share Button
Print Friendly, PDF & Email

No Comments : "আমি কিমান ‘স্মার্ট’"

Leave a Comment

Your email address will not be published. Required fields are marked *