ভাৰতৰ কৃষিখণ্ডৰ উন্নতি নহ’ল- ( অনন্ত কলিতা)

ভাৰতৰ অর্থনীতি কৃষিপ্রধান৷ যদিও দেশখনৰ উদ্যোগখণ্ড আৰু সেৱাখণ্ডই অনেক বিকাশ লাভ কৰিছে তৎসত্ত্বেও দেশৰ ৫৪ শতাংশ শ্রমশক্তি কৃষিৰ লগত জড়িত আৰু প্রায় ৭০ শতাংশ মানুহ কৃষিখণ্ডৰ ওপৰত নির্ভৰশীল৷ দেশৰ অর্থনীতিৰ এই পটভূমিত কৃষিৰ উন্নয়ন অবিহনে জনসাধাৰণৰ দৰিদ্রতাৰ অন্ত নপৰিব৷ ভাৰতৰ প্রথম প্রধানমন্ত্রীয়ে এই সত্যটো বুজি পাইছিল। সেইবাবে তেখেতে কৈছিল ভাৰতৰ অর্থনীতিৰ আন খণ্ডৰ বিকাশৰ গতি মন্থৰ হ’লেও কৃষি ৰৈ থাকিব নোৱাৰে (Everything else can wait, but not agriculture)৷ অৱশ্যে নেহৰুৱে সদ্য স্বাধীন দেশখনত গধুৰ উদ্যোগ সৃষ্টিত অধিক গুৰুত্ব আৰোপ কৰিবলগীয়া হোৱাত কৃষিখণ্ডত পর্যাপ্ত পৰিমাণে গুৰুত্ব আৰোপ কৰিব নোৱাৰিলে৷ নেহৰুৰ মৃত্যুৰ পাছত লালবাহাদুৰ শাস্ত্রীয়ে প্রধানমন্ত্রীৰ দায়িত্ব গ্রহণ কৰিয়ে কৃষিখণ্ডত বিশেষ গুৰুত্ব আৰোপ কৰিছিল৷ এই পটভূমিতে ১৯৭০ চনৰ পাছত ভাৰতত কৃষিখণ্ডৰ অনেক উন্নতি হৈছে বা সেউজ বিপ্লৱ আৰম্ভ হৈছিল৷ দেশত পর্যায়ক্রমে জনসংখ্যা বৃদ্ধি আৰু অর্থনীতিৰ আন খণ্ডই অধিক শতাংশ লোকক জীৱন-জীৱিকাৰ পথ দিয়াৰ ব্যৱস্থাৰ সৃষ্টি কৰিব নোৱৰা বাবে ২০১১ৰ পিয়লৰ তথ্য মতে আজিও দেশৰ ৫৪.৬ শতাংশ লোকক কৃষিয়ে কর্মসংস্থান দিয়ে আৰু ৭০ শতাংশ লোক (১০জনৰ ভিতৰত ৭জন) জীৱন ধাৰণৰ বাবে নির্ভৰশীল কৃষি অর্থনীতিৰ ওপৰত৷ বিশ্ব বেংকে বছৰি অর্থনীতিৰ একোটা গুৰুত্বপূর্ণ বিষয়ত বিশ্ব উন্নয়ন প্রতিবেদন (Word Development Report) প্রকাশ কৰে৷ ২০০৮ চনত বিশ্ব বেংকে ‘বিশ্ব উন্নয়ন প্রতিবেদন’খনৰ নাম ৰাখিছিল ‘উন্নয়নৰ বাবে কৃষি’ (Agriculture for Development)৷ ৩৬৫ পৃষ্ঠাৰ এই প্রতিবেদনখনত বিশ্বৰ বিভিন্ন দেশৰ কৃষিৰ অৱস্থা আৰু সামগ্রিকভাৱে কৃষিৰ উন্নয়ন কেনেকৈ কৰিব পাৰি খৰচি মাৰি আলোচনা কৰিছে৷ প্রতিবেদনখনত কৈছে যে উন্নয়নশীল দেশ, অনুন্নত দেশবোৰে কৃষিৰ উন্নয়ন বিনে দেশৰ জনসাধাৰণৰ দৰিদ্রতা নির্মূল কৰিব নোৱাৰে৷ প্রতিবেদনখনত এই ক্ষেত্রত চীন দেশৰ উদাহৰণ দি কৈছে চীন দেশৰ ১৯৮১ চনত দাৰিদ্র সীমাৰেখাৰ তলত থকা লোক আছিল ৫৩ শতাংশ৷ কৃষিখণ্ডৰ উন্নয়নেৰে চীনে ২০০১ চনত এই দৰিদ্র লোকৰ সংখ্যা ৮ শতাংশলৈ নমাই আনিলে৷ কৃষি বিপ্লৱ বা কৃষি উন্নয়ন অবিহনে শিল্প বিপ্লৱো হ’ব নোৱাৰে৷ উদোগখণ্ডৰ উন্নতি হ’বলৈ প্রথমে কৃষিখণ্ডৰ উন্নতি কৰিব লাগিব৷ বিশ্ব বেংকে প্রতিবেদনত কৈছে, ‘সকলো দেশতে সমস্ত লোকৰ দৰিদ্রতা দূৰ কৰিবলৈ কৃষিৰহে বিশেষ ক্ষমতা আছে – ‘Agriculture growth has special powers in reducing poverty across all countre type’. আৰু চীন সম্বম্বে বিশ্ব বেংকে প্রতিবেদনখনত কৈছে, ‘Most recently, China's rapid growth in agriculture – thanks to the household responsibility system, the liberalisation of markets, and rapid technological change – has been largely responsible for the decline in rural poverty from 53 percent in 1981 to 8 percent in 2001. Agricultural growth was precursor to the acceleration of industrial growth, very much in the way agricultural revolutions predated the industrial revolutions that spread accross the temperate world from England in the mid-18th century to Japan in the late–19th century.’ প্রতিবেদনখনত আৰু কৈছে যে চীনে কৃষিখণ্ডৰ উৎপাদন ১৯৭৮ৰপৰা ১৯৮৪ চনৰ ভিতৰত ৬০ শতাংশ বৃদ্ধি কৰিবলৈ সমর্থ হৈছিল আৰু গাঁৱলীয়া দৰিদ্রতা সেই সময়ছোৱাতে ১১ শতাংশলৈ হ্রাস কৰিব পাৰিছিল (প্রতিবেদন পৃষ্ঠা ৪০)৷ ফ্রান্স, ব্রিটেইন আদি দেশত শিল্প বিপ্লৱ সম্ভৱ কৰিবলৈ ১৭৬০ চনৰপৰা ১৮৩০-১৮৫০ চনলৈ ৭০-৯০ বছৰ লাগিছিল, কিন্তু চীন দেশত কৃষি বিপ্লৱ সমাধা কৰি শিল্প বিপ্লৱ কৰিবলৈ সমর্থ হৈছিল ১০-১৫ বছৰৰ ভিতৰতে৷ এই সত্যটো অনেক আমেৰিকান আৰু ইউৰোপিয়ান অর্থনীতিবিদেও তেওঁলোকৰ লিখনিবোৰত প্রকাশ কৰিছে৷ অর্থনীতিৰ ইতিহাসত প্রমাণিত হৈছে যে কৃষি বিপ্লৱ অবিহনে শিল্প বিপ্লৱ সম্ভৱ নহয়৷
দৰিদ্র দূৰীকৰণত কৃষিৰ উক্ত ভূমিকা সত্ত্বেও ভাৰত স্বাধীন হোৱাৰ ৬৮ বছৰ পাছতো কৃষিখণ্ডৰ যথাযোগ্য উন্নয়ন নহ’ল৷ দেশৰ মুঠ ঘৰুৱা উৎপাদনত কৃষিৰ অৰিহণা বছৰে বছৰে হ্রাস পাই আহিছে৷ ১৯৭০-৭১ বিত্তীয় বর্ষত জি ডি পিত কৃষিৰ অৰিহণা আছিল ৪৪.৪৭ শতাংশ ২০১৪-১৫ বিত্তীয় বর্ষত হ্রাস হয় ১৩.৩ শতাংশলৈ৷ দেশৰ অর্থনীতিৰ এয়ে অসংগত বিকাশ৷ কৃষিৰ ওপৰত নির্ভৰশীল দেশৰ ৭০ শতাংশ লোকে কিন্তু দেশৰ অর্থনীতিত মাত্র ১৩ শতাংশহে অৰিহণা যোগায়৷ দেশৰ প্রতি নাগৰিকৰ ভাগত কৃষিজাত খাদ্যশস্যৰ পৰিমাণ বৃদ্ধিৰ পৰিৱর্তে হ্রাস হৈ আহিছে বছৰে বছৰে৷ জনমূৰি খাদ্যশস্য প্রাপ্তি দৈনিক ১৯৯১ চনত ৫১০ গ্রামৰপৰা ২০১০ চনত ৪৩৮ গ্রামলৈ হ্রাস পাইছে৷ বর্তমান আৰু অধিক কম পৰিমাণলৈ হ্রাস হৈছে৷ ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংগঠনৰ তথ্য মতে বিশ্বত প্রতি হেক্টৰ মাটিত গড়ে খাদ্যশস্য উৎপাদন হয় ৪.৩৭ টন, বিপৰীতে ভাৰতত হয় মাত্র ২.৩ টন৷ চীন দেশত হয় ৬.৫ টন, আমেৰিকাত হয় ৭.৫ টন, অষ্ট্রেলিয়াত হয় ১০.১ টন৷

বিশ্বৰ আন দেশবোৰৰ তুলনাত, বিশেষকৈ জনবহুল দেশ চীনৰ তুলনাত ভাৰতৰ কৃষি উৎপাদনৰ অর্থনীতি অতি পশ্চাদপদ। ভাৰত চৰকাৰে কৃষি আন্তঃগাঁথনি উন্নয়ন নকৰাৰ ফলত তথা কৃষি সম্বন্ধে গৱেষণা উন্নয়নৰে কৃষি উৎপাদনৰ উন্নত আৰু উন্নত বীজ পদ্ধতি কৃষকক দিব নোৱৰাত কৃষিৰ উৎপাদনৰ হাৰে বিশ্বৰ কোনো দেশৰে ওচৰ যাব নোৱাৰিলে৷ কৃষকসকলে নিজৰ প্রচেষ্টাত যিখিনি উৎপাদন কৰে সেইখিনিৰে লাভৰ সৈতে উৎপাদন মূল্য দি কাম দিয়া ব্যৱস্থা কৰিব নোৱৰাত ভাৰতৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ মূল উৎসটোৰ কোনো উন্নতি নঘটিল৷ দেশৰ অর্থনীতিৰ ৰাজহাড় তথা ৭০ শতাংশ লোকৰ জীৱন-জীৱিকাৰ উৎসটো চৰকাৰে ৰাজহুৱা বিনিয়োগেৰে শক্তিশালী কৰাটো জৰুৰী আছিল৷ দুর্ভাগ্যজনক কথা যে দেশ স্বাধীন হোৱাৰ ৬৮ বছৰ পাছতো দেশৰ কৃষিখণ্ড প্রকৃতিৰ ওপৰত নির্ভৰশীল, মৌচুমীৰ লীলা-খেলাৰ ওপৰত নির্ভৰশীল৷ খৰাং বতৰ হ’লে খেতি নহয়, বৰষুণ ঠিক হাৰত হ’লে খেতি হয় আৰু অত্যধিক বৰষুণ হ’লে দেশৰ বিভিন্ন ৰাজ্যত নদীৰপৰা খহনীয়া কৃষিৰ কাৰণে মহা সমস্যা৷ লাখ লাখ হেক্টৰ মাটি খহাই নিয়ে নদীয়ে৷

ভাৰত স্বাধীন হোৱাৰ প্রথম দশকত কৃষিৰ আন্তঃগাঁথনি শক্তিশালী কৰিবলৈ, বৃহৎ জলসিঞ্চনৰ আঁচনি ৰূপায়ণ কৰিবলৈ প্রচুৰ পৰিমাণৰ ৰাজহুৱা ধন আবণ্টন কৰিছিল৷ দেশৰ প্রথম আৰু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাৰ সময়ত প্রতি বছৰে পৰিকল্পনা বাজেটৰ ২২ শতাংশ আবণ্টন কৰিছিল দেশৰ জলসিঞ্চন ব্যৱস্থা উন্নয়নৰ বাবে৷ এই আবণ্টনৰদ্বাৰা নির্মিত হৈছিল– ভাক্ৰা নাংগল আৰু দামোদৰ উপত্যকা প্রকল্পৰ নিচিনা বৃহৎ আৰু বিখ্যাত জলসিঞ্চন প্রকল্প৷ যি কাৰণে উত্তৰ প্রদেশৰ উত্তৰ অঞ্চল, উত্তৰাখণ্ড, পাঞ্জাব, হাৰিয়ানা কৃষি উৎপাদনৰ বাবে ভাৰতৰ ভিতৰতে আজি উন্নত অঞ্চল আৰু ৰাজ্য৷ কিন্তু পৰৱর্তী কালত বিশেষকৈ ১৯৯১ চনৰপৰা অর্থনৈতিক নীতি সংস্কাৰ কৰি নব্য উদাৰ নীতি সূচনা কৰাৰ দিন ধৰি ভাৰতৰ ৭০ শতাংশ লোকৰ জীৱন-জীৱিকাৰ উৎসটোক সম্পূর্ণৰূপে অৱহেলা কৰা হ’ল৷ বছৰে বছৰে দিয়া আবণ্টনত কৃষিখণ্ডত, বিশেষকৈ কৃষিৰ আন্তঃগাঁথনি সৃষ্টিত পৰিকল্পনা শিতানৰ আবণ্টন তীব্র হাৰত হ্রাস কৰি দিবলৈ ধৰিলে৷ এই গুৰুত্বপূর্ণ খণ্ডটোত চৰকাৰী বিনিয়োগ হৈছে ক্রমে ষষ্ঠ পৰিকল্পনাত (১৯৮০-৮৫) ৬৪০১২ কোটি টকা, সপ্তম পৰিকল্পনাত (১৯৮৫-৯১) ৫২১০৭ কোটি টকা, অষ্টম পৰিকল্পনাত (১৯৯২-৯৭) ৪৫৫৬৫ কোটি টকা, নৱম পৰিকল্পনাত (১৯৯৭-০২) ৪২২২৬ কোটি টকা, দশম পৰিকল্পনাত (২০০২-২০০৭) ৪৫৫৬৫ কোটি টকা, একাদশ পৰিকল্পনাত (২০০৭-১২) ৫০৯২৪ কোটি টকা, দ্বাদশ পৰিকল্পনাত (২০১২-১৭) ৪৫৫৬৫ কোটি টকা৷ দেশৰ ৭০ শতাংশ লোক নির্ভৰশীল অর্থনীতিৰ উৎস এটা ইয়াৰ আন্তঃগাঁথনি সৃষ্টি কৰিবলৈ বহু লাখ কোটি টকাৰ প্রয়োজন যদিও উক্ত সামান্য টকাৰে কোনোধৰণৰ উন্নতি কৰিব পৰা নাই কৃষিখণ্ডৰ৷ ২০১৫ চনত নতুন দিল্লী বিমান বন্দৰ নির্মাণ কৰিবলৈ ১,৬২,০০০ কোটি টকা আবণ্টন কৰা হৈছিল৷ দেশত আধুনিক বিমান বন্দৰৰ প্রয়োজন, কিন্তু দেশৰ অর্থনীতিৰ মূল উৎসটোৰ আন্তঃগাঁথনি নির্মাণ কৰিবলৈ ৫ৰপৰা ১০ লাখ কোটি টকাৰো যে প্রয়োজন সেই বিষয়ে চৰকাৰখনে কোনো গুৰুত্ব আৰোপ নকৰি চৰকাৰখনে সাধাৰণ ৰাইজৰ বাবে সদায়ে ঘঁৰিয়ালৰ চকুপানী উলিয়াইহে আছে৷ প্রথম আৰু দ্বিতীয় পৰিকল্পনাত যিদৰে ভাক্রা নাংগল বা দামোদৰ উপত্যকা প্রকল্প নির্মাণ কৰি চাৰিখন ৰাজ্যত জলসিঞ্চনৰে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিছিল, তাৰ বিপৰীতে, বিশেষকৈ ১৯৯১ চনৰ পাছত চৰকাৰী আবণ্টন কৃষিখণ্ডত তীব্র হাৰত হ্রাস কৰোৱাত দেশত কৃষিৰ আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্রত উন্নতি নঘটিল৷ দেশত গড়ে মুঠ খেতিৰ মাটিৰ ৪৫.৩২ শতাংশ মাটিত (২০০৮-০৯) জলসিঞ্চনৰ সুবিধা আছে বুলি কেন্দ্রীয় চৰকাৰৰ কৃষি বিভাগে তথ্য প্রকাশ কৰিছে৷ প্রকৃততে এই হিচাপৰ ভিতৰত ক্ষুদ্র জলসিঞ্চন প্রকল্প আৰু নদীনাদ আদিকো ধৰা হৈছে৷ কিন্তু এই জলসিঞ্চন ব্যৱস্থাৰ নিশ্চয়তা নাই৷ তদুপৰি বান, খহনীয়া আদিৰ ফলত নিয়মিতভাৱে শস্য নষ্ট হয়৷ সেইবাবে ভাৰতৰ কৃষি উৎপাদন কোন বছৰত কিমান পৰিমাণৰ হ’ব কোনো নিশ্চয়তা নাই৷ যেনে এই বছৰত (২০১৬) খৰাং বতৰৰ বাবে অনেক অঞ্চলতে কৃষি উৎপাদন বন্ধ হৈছে৷ সেইকাৰণে ভাৰতৰ কৃষি আজিও সম্পূর্ণৰূপে প্রকৃতিৰ দয়াত৷ অনেক অর্থনীতিবিদে কৈছে, ভাৰতৰ জিডিপিৰ বিকাশ বতৰেহে ঠিক কৰে৷ বতৰ বেয়াৰ বাবে কৃষিৰ উৎপাদন কম হ’লে জিডিপিৰ বিকাশৰ হাৰ হ্রাস হয়৷

চীন দেশৰ হোৱাংহো নদীৰ দৰে ধবংসকাৰী নদীক নিয়ন্ত্রণ কৰি কৃষি উৎপাদন নিশ্চিত কৰিছে৷ ভাৰততকৈ চীনত কৃষিৰ বাবে খেতিৰ মাটি অনেক কম৷ চীনত খেতিৰ মাটি ১০ লাখ ৬৫ হাজাৰ বর্গ কিলোমিটাৰ আৰু ভাৰতৰ খেতিৰ মাটি ১৭ লাখ ৬৫ হাজাৰ বর্গ কিলোমিটাৰ৷ ভাৰততৈ অতি কম খেতিৰ মাটিত চীনে বছৰি উৎপাদন কৰে ৬০০ নিযুত টন খাদ্য শস্য আৰু ভাৰতত অধিক খেতিৰ মাটিত খাদ্য শস্য উৎপাদন হয় অতি বেছি ২৬০ নিযুত টন৷ ২০১৫ত হৈছে উৎপাদন ২৫২.৫ নিযুত টন৷

বিজেপিয়ে কেন্দ্রত শাসনৰ গাদীত অধিষ্ঠিত হৈ আগৰ চৰকাৰবোৰৰ দৰে কৃষিক সম্পূর্ণৰূপে অৱহেলা কৰাৰ নীতি গ্রহণ কৰিছে৷ আমি ওপৰত উল্লেখ কৰিছো যে প্রথম আৰু দ্বিতীয় পঞ্চবার্ষিক পৰিকল্পনাত পৰিকল্পনাৰ বাজেটৰ ২২ শতাংশ কৃষিত আবণ্টন কৰিছিল, কিন্তু ২০১২-১৭ বর্ষৰ বাজেটৰ পৰিকল্পনা শিতানত মুঠ ধন হ’ল ৫,৫০,০০০ কোটি টকা, কিন্তু কৃষিখণ্ডত আবণ্টন কৰিছে (জলসিঞ্চনৰ বাবে) সামান্য টকা৷ এয়া মুঠ পৰিকল্পনা বাজেট এক শতাংশও নহয়৷ মোদী চৰৰকাৰৰ প্রথমখন বাজেটৰ পৰিকল্পনা শিতান মুঠ ধন ৫১৭০০০ কোটি টকাৰ বিপৰীতে জলসিঞ্চনত আবণ্টন কৰিছে ৫৩০০ কোটি টকা বা মুঠ বাজেটৰ এক শতাংশ মাত্র৷

২০১৪-১৫ আৰু ২০১৫-১৬ বিত্তীয় বর্ষত দেশৰ কৃষি সামগ্রীৰ উৎপাদন তলত উল্লেখ কৰা হ’ল –

২০১৫-১৬ ২০১৪-১৫
ধান ১০৩.৩৬ নিযুত টন ১০৫.৪৮ নিযুত টন
গম ৯৪.০৪ নিযুত টন ৮৬.৫৩ নিযুত টন
নিম্জাতৰ শস্য ৩৭.৭৮ ৪২.৮৬
(coarse cereals)
মুঠ খাদ্য শস্য ২৩৫.১৮ ২৩৪.৮৭
দাইল ১৭.০৬ নিযুত টন ১৭.১৫ নিযুত টন
তেলৰ গুটি ২৫.৯ নিযুত টন ২৭.৫ নিযুত টন
কপাহ ৩০.৫ নিযুত বেল ৩৪.৮ নিযুত বেল

দেশত মাহজাতীয় শস্য অর্থাৎ দাইলৰ উৎপাদন অতি ন্যূনতম৷ ২০১৫ চনতে দাইল আমদানি কৰিবলৈ ১৬০০০ কোটি টকা চৰকাৰে খৰচ কৰিছে, বিপৰীতে দেশৰ বাজেটত কৃষিখণ্ডৰ বাবে ২০১৫-১৬ বিত্তীয় বর্ষৰ আবণ্টন অতি কম৷ ইউ পি এ চৰকাৰৰ দহবছৰীয়া সময়ছোৱাত উদ্যোগসমূহক আয়কৰ ৰেহাই দিয়াকে ধৰি বিভিন্ন ৰেহাইৰ সুবিধা প্রদানৰে ৪০ লাখ কোটি টকা ৰেহাই প্রদান কৰিছিল৷ এই ক্ষেত্রত বিজেপি চৰকাৰে যোৱা দুটা বছৰত প্রায় ১১ লাখ কোটি টকা ৰেহাই দিছে৷ ইউ পি এ চৰকাৰেই যদি তেওঁলোকৰ দহবছৰীয়া শাসন কালত দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ নামত উদ্যোগবোৰক উক্ত ৰেহাইৰ হলিডে (বন্ধৰ দিন) ঘোষণা কৰি সেই ৰেহাইৰ ৪০ লাখ কোটি টকা দেশৰ কৃষিখণ্ডৰ আন্তঃগাঁথনি উন্নয়নত বিনিয়োগ কৰিলেহেঁতেন তেতিয়া ভাৰতৰ কৃষি চীনৰ পর্যায় পোৱাৰ সুযোগ পালেহেঁতেন আৰু চীন দেশৰ সম হাৰত দৰিদ্রতা দূৰ কৰাৰ সুবিধা হ’লহেঁতেন৷ দশম আৰু একাদশ পৰিকল্পনাৰ সময়ছোৱাত যদিও দেশৰ কৃষি উৎপাদনৰ বিকাশ গড়ে ৩.৪ শতাংশ হৈছিল দ্বাদশ পৰিকল্পনাৰ যোৱা তিনি বছৰত গড়ে কৃষি উৎপাদনৰ বিকাশ ১.৭ শতাংশলৈ নিম্নগামী হৈছে৷

যোৱা ৭০ বছৰত আমাৰ দেশৰ জনসংখ্যা চাৰিগুণ বৃদ্ধি হৈছে৷ খেতিয়কৰ জনমূৰি মাটিৰ পৰিমাণ হ্রাস হৈছে৷ দেশৰ ৮০ শতাংশই হৈছে উপান্ত খেতিয়ক৷ তেওঁলোকেই আটাইতকৈ বেছি ক্ষতিগ্রস্ত হয় কৃষি সংকটৰপৰা৷ কৃষিখণ্ডৰ এই দুর্দশাগ্রস্ত অৱস্থাৰ পটভূমিত ১৯৯৫ চনৰপৰা ২০১০ চনলৈ ২,৫৬,৯১৩জন কৃষকে আত্মহত্যা কৰিছিল৷ ২০১৫ চনত কৃষকৰ প্রতি দিনে গড় আত্মহত্যাৰ হাৰ ৪২জনৰপৰা ৫২জনলৈ বৃদ্ধি পাইছে৷ ২০১৫ চনত কৃষিৰ উন্নত ৰাজ্য পাঞ্জাব, হাৰিয়ানাৰপৰাও আত্মহত্যাৰ খবৰ আহিছে৷ দেশৰ বছৰেকীয়া বাজেটবোৰত দহ-বিশ লাখ কোটি টকাৰ কৃষি ঋণৰ প্রস্তাৱ কৰা হয়৷ কৃষিৰ উৎপাদন বৃদ্ধি কৰা আৰু কৃষকৰ বোজা হ্রাস কৰাৰ ক্ষেত্রত কৃষি ঋণৰ বৃহৎ ভূমিকা আছে বুলি চৰকাৰে ঘোষণা কৰে৷ উদ্যোগ সংস্থা ‘এছ’চেমে’ কৃষি ঋণ বিষয়ত অলপতে চলোৱা এটা অধ্যয়নত এই কথা প্রকাশ পাইছে যে যোৱা এটা দশকত কৃষি ঋণ ভুল দিশেৰে চালিত হৈছে৷ কম সুদৰ হাৰত আগ বঢ়োৱা কৃষি ঋণৰ পৰিমাণ বৃদ্ধি পাইছে, কিন্তু এই ঋণ উপান্ত আৰু ক্ষুদ্র কৃষকক বঞ্চিত কৰি আন খণ্ডৰ বাবে ব্যৱহাৰ কৰিছে৷ বিত্ত মন্ত্র্যালয়ৰ অতিশয় গোপন এক নথিত উল্লেখ কৰা হৈছে যে যদিও যোৱা পাঁচ বছৰত কৃষি ঋণৰ পৰিমাণ ২.৫ গুণ বৃদ্ধি পাইছে, কিন্তু ক্ষুদ্র আৰু উপান্ত কৃষকে মুঠ কৃষি ঋণৰ ৬ শতাংশতকৈও কম লাভ কৰিছে৷

ইউ পি এ চৰকাৰে সেউজ বিপ্লৱৰ গুৰু এম স্বামীনাথনৰ নেতৃত্বত ৰাষ্ট্রীয় আয়োগ এখন গঠন কৰি দিছিল কৃষি সংকটৰ পর্যালোচনা আৰু উদ্ধাৰৰ পৰামর্শ কৰাৰ বাবে৷ ২০০৬ চনতে এই আয়োগে প্রতিদেন দাখিল কৰিলে, কিন্তু ইউ পি এ চৰকাৰৰ শাসন কালত এই প্রতিবেদনৰ পৰামর্শাৱলী ৰূপায়ণ কৰিবলৈ কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ এই প্রতিদেনত কোৱা হৈছিল যে কৃষকৰ উৎপাদনৰ খৰচৰ সৈতে ৫০ শতাংশ লাভ দি ন্যূনতম সমর্থন মূল্য (MSP) ঠিক কৰিব লাগে৷ ইউ পি এ বা মোদী চৰৰকাৰে এই ন্যূনতম সমর্থন মূল্যৰ পৰামর্শ ৰূপায়ণ নকৰিলে৷ ড০ স্বামীনাথনে তেওঁৰ উক্ত National Policy for farmersঅত কৈছে – চীনে অকৃষি আৰু দক্ষ শ্রমিকৰ বাবে ২১.১৫ নিযুত চহৰ আৰু গ্রাম উদ্যোগ প্রতিষ্ঠান (Township and Village enterprises–TVE)ৰ সৃষ্টি কৰি ২০০১ চনলৈকে ১৩০ নিযুত লোকক কর্মসংস্থাপন দিছে৷ এই উদ্যোগসমূহে চীনৰ মুঠ ঘৰুৱা উৎপাদনৰ ৩১.১ শতাংশ (৩৬৬৯.৫ বিলিয়ন ডলাৰ) মূল্য সৃষ্টি কৰিছে৷ ৰাষ্ট্রীয় আয়োগে সেয়ে ভাৰতকো এইদৰে পৰামর্শ আগ বঢ়াইছে – "It would be useful to integrate all of them into one initiative like China's TVE, and launch a rural nonform Livelihood Initiative for families without lead or other productual assets."

কৃষিৰ বাবে উন্নত বীজ, উচ্চ উৎপাদনকাৰী বীজ, খেতিৰ মাটিৰ লগত সম্পর্ক ৰাখি প্রযুক্তিৰ উদ্ভাৱন, মানৱ দেহত ক্ষতিহীন সাৰ আদি বিভিন্ন দিশত উন্নয়ন আৰু গৱেষণাৰ (Research and development) ক্ষেত্রতো পর্যাপ্ত পৰিমাণে ধন আবণ্টন কৰি কৃষি উৎপাদনৰ দিশবোৰ উন্নতি ঘটোৱা নাই৷ ঠিক সেইদৰে ফল, সামগ্রিকভাৱে উদ্যান শস্যৰ বিষয়তো গুৰুত্ব আৰোপ কৰিব লাগিব চৰকাৰে৷ মাংস উৎপাদন, গাখীৰ উৎপাদনৰ অর্থাৎ পশুধনৰ উন্নতি, চাহ-কফি, ৰবৰ, মছলা আদি বাগিচাভিত্তিক খেতি, শাক-পাচলি, কণী, মাছ, হাঁহ-কুকুৰা আদি উৎপাদনৰ ক্ষেত্রতো সংগঠিতভাৱে উৎপাদনৰ বাবে আগ বাঢ়ি যাব পৰা নাই৷ গাখীৰ উৎপাদনত ভাৰতে ১১০ নিযুত টন উৎপাদনেৰে পৃথিৱীৰ ভিতৰত যদিও এক নম্বৰত আছে, তথাপি জনমূৰি গাখীৰ-লভ্যতা দিনে ২৫০ গ্রাম, অথচ বিশ্বত জনমূৰি গাখীৰ-লভ্যতা দিনে ২৬৫ গ্রাম৷ দেশত ফুলৰ বজাৰখন বৃদ্ধি হৈছে৷ বর্তমানে ব্যক্তিগত খণ্ডতে এই সামগ্রীবোৰ উৎপাদন হয়৷ চৰকাৰে সংগঠিতভাৱে এই সামগ্রীবোৰৰ বজাৰ ব্যৱস্থা সংৰক্ষণৰ কৰাটো জৰুৰী৷ আনহাতে, খাদ্য প্রক্রিয়াৰ উদ্যোগ দেশৰ সকলো অংশতে সমানে উন্নতি ঘটা নাই৷ খাদ্য প্রক্রিয়াকৰণ উদ্যোগ দেশৰ সর্বত্র উন্নতি কৰিলে খাদ্য নষ্ট হোৱাটো হ্রাস পাব আৰু কৃষকসকলে উৎপাদিত খাদ্য বিক্রী কৰাত সুবিধা হ’ব৷ খাদ্য সামগ্রী নষ্ট হোৱাৰ আন এটা মুখ্য কাৰণ হ’ল ভাৰতত যথোপযুক্ত ভঁৰাল আৰু শীতল ভঁৰাল নাই৷ যি কাৰণে ভাৰতৰ খাদ্যশস্য প্রচুৰ পৰিমাণে নষ্ট হয়৷ চৰকাৰী তথ্যতে কোৱা হৈছে যে যথাযোগ্য সংৰক্ষণ আৰু ভঁৰাল ঘৰ নথকা বাবে দেশৰ মুঠ উৎপাদনৰ এক-তৃতীয়াংশ খাদ্যশস্য নষ্ট হৈ যায়৷

কৃষিৰ বিভিন্ন খণ্ডত মুঠ চৰকাৰী পৰিকল্পনা বাজেটৰ আজিও কিঞ্চিতহে আবণ্টন দিয়া হয়৷ যোৱা পাঁচ বছৰ বাজেট আবণ্টনৰ সংৰক্ষণবোৰলৈ লক্ষ্য কৰিলে এইটো স্পষ্ট হৈ যায়৷ মুদ্রাস্ফীতিৰ ফলত টকাৰ মূল্য হ্রাস হৈ আছে আৰু মুদ্রাস্ফীতিৰে ভিত্তি গণনা কৰিলে প্রতিফলিত হয় যে কৃষিৰ আবণ্টন প্রতি বছৰে হ্রাস পাই আহিছে৷

কৃষিৰ বিভিন্ন বিভাগ                   ২০১১-১২           ২০১২-১৩             ২০১৩-১৪              ২০১৪-১৫              ২০১৫-১৬
কৃষি মন্ত্র্যালয় পৰিকল্পনা            ২৪১৭৬.৭২            ২৭৯৩১.৫৯             ২৯৭৭২.৮৩            ৩১০৬২.৬৪            ২৪,৯০৯.৭৮
আৰু অপৰিকল্পনা
কৃষি আৰু সমবায় বিভাগ            ১৭৫২২.৮৭         ২০৫৩০.২২              ২১৯৩৩.৫               ২২৬৫২.২৫            ১৭০০৪.৩৫
কৃষি গৱেষণা আৰু শিক্ষা             ৪৯৫৭.৮৭            ৫৩৯২.০০              ৫৭২৯.১৭                 ৬১৪৪.৩৯               ৬৩২০.০০
পশুপালন, ডেইৰি, মীন পালন       ১৬৯৬.২৫           ২০০৯.৩৭               ২১১০.১৫                  ২২৬৬.৩                ১৫৮৫.৪৩

অতি সম্প্রতি অনুষ্ঠিত হৈ যোৱা বিশ্ব বাণিজ্য সংস্থাৰ নাইৰোবি বৈঠকত ভাৰত চৰকাৰে দেশৰ কৃষকৰ স্বার্থ জলাঞ্জলি দিছে৷ সেউজ বিপ্লৱৰ গুৰু এম স্বামীনাথনৰ নিচিনা ব্যক্তিয়ে কৈছে – 'India's commerce Industry Minister, Nirmala Sitharaman was outstanding – but WTO Nairobi Meet can cause famines.’ সাম্রাজ্যবাদী দেশবোৰৰ কৃষিৰ স্বার্থ ৰক্ষা কৰি ভাৰত চৰকাৰে নাইৰোবি বিশ্ব বাণিজ্য সংস্থাৰ বৈঠকৰ চুক্তিত চহী কৰিছে৷ ভাৰতে কৃষিখণ্ডত ৰাজসাহায্য দিয়ে ১২ বিলিয়ন ডলাৰ (৮১৬০০ কোটি টকা), বিপৰীতে আমেৰিকাই তেওঁলোকৰ কৃষকক ৰাজসাহায্য দিয়ে ১২০.৫ বিলিয়ন ডলাৰ (৮,১৯,৪০০ কোটি টকা)৷ উন্নত দেশবোৰে মুঠ ৰাজসাহায্য ৪০০ বিলিয়ন ডলাৰ দিয়ে (২৭,২০,০০০ কোটি টকা)৷ চীনে দিয়ে ১৬৫ বিলিয়ন ডলাৰ (১১,২২,০০০ কোটি টকা)৷ এই পৰিস্থিতিত ভাৰতে বিশ্ব বাণিজ্য সংস্থাৰ চর্ত মানি লৈ যদি খাদ্য সুৰক্ষা আদি আঁচনিৰ ৰাজসাহায্য উঠাই দি দেশৰ বজাৰখন মুকলি কৰি দিয়ে তেতিয়া উন্নত দেশৰ ৰাজসাহায্যযুক্ত খাদ্যৰ ভৰত ভাৰতৰ কৃষিখণ্ডৰ মৃত্যু হ’ব৷

বহুজাতিক নিগমবোৰক কৃষিৰ ক্ষেত্রত ১০০ শতাংশ প্রত্যক্ষ বৈদেশিক পুঁজি বিনিয়োগৰ অনুমতি দিছে৷ ইয়াৰ ফলত বীজৰ দামৰ ক্ষেত্রত চৰকাৰৰ কোনো নিয়ন্ত্রণ নাই৷ এই কোম্পানিবোৰে নিজৰ ইচ্ছা মতে দাম বৃদ্ধি কৰি থাকিব৷ জৈৱ সুৰক্ষা-জীৱ বৈচিত্র্য, বীজৰ দামৰ ক্ষেত্রত চৰকাৰৰ নিয়ন্ত্রণ বা উদ্বেগৰ কোনো জবাবদিহি হ’ব নলগাকৈ মনছাণ্টো আৰু আন আন বহুজাতিক কোম্পানিক ব্যৱসায় চলাই যাব পৰাৰ অনুমতি প্রদান কৰিছে চৰকাৰে৷

দেশৰ উক্ত কৃষি নীতিৰ পটভূমিত কেন্দ্রীয় চৰকাৰেই ঘোষণা কৰা ন্যূনতম সহায়ক মূল্যবোৰৰ বেছিভাগ খেতিৰ উৎপাদন খৰচকে ঢুকি নাপায়৷ কেন্দ্রীয় সংস্থাসমূহৰদ্বাৰা শস্য সংগ্রহ অভিযানো সীমিত৷ প্রায়বোৰ কৃষি উৎপাদন কেন্দ্রতে ক্রয় কেন্দ্র মুকলি কৰা নহয়৷ এনেবোৰ কেন্দ্র ৩০৪০ কিলোমিটাৰ দূৰত থকাৰ ফলত কৃষকৰ ফচল ব্যৱসায়ীয়ে হস্তগত কৰে৷ মজুত কৰাৰ ক্ষমতা সীমিত হৈ থকাৰ ফলতো এনে সংগ্রহ অভিযান সংকুচিত হৈছে৷ ৰাজহুৱা বিনিয়োগ আৰু ৰাজসাহায্য কর্তনৰ ফলত বীজ, সাৰ, ডিজেল, বিজুলী আদি কৃষিৰ উপকৰণৰ দাম অতিপাত বৃদ্ধি হৈছে৷ উপকৰণবোৰৰ বৰ্ধিত দাম আৰু উৎপাদিত কৃষিশস্যৰ অলাভজনক দামে বহু কৃষকৰ বাবে কৃষি উৎপাদন অলাভজনক কৰি তুলিছে৷ কৃষি ঋণ গাঁও অঞ্চলৰ ধনিক শ্রেণীয়ে কুক্ষিগত কৰিছে আৰু অনাকৃষি কাম-কাজত ব্যৱহাৰ কৰিছে৷ আনুষ্ঠানিক ঋণৰ অভাৱত সাধাৰণ কৃষকসকলে মহাজনী ঋণৰ ওপৰত নির্ভৰশীল হ’বলৈ বাধ্য হৈছে৷ কম সুতৰ ঋণৰ অভাৱ আৰু কৃষি উৎপাদনৰপৰা নগণ্য আয়ৰ পৰিণতিত বহু কৃষক পর্বতসমান ঋণত পোত গৈছে৷ ফলত এহাতে ঋণজনিত আত্মহত্যা আৰু আনহাতে কৃষকৰ মাটি নামমাত্র দামত বিক্রীৰ দৰে ঘটনা বৃদ্ধি পাইছে৷ আজি এক বৃহৎসংখ্যক কৃষকে কৃষিখণ্ড পৰিত্যাগ কৰি কামৰ বাবে চহৰলৈ গমন কৰিছে৷

দেশৰ কৃষিৰ এই পয়ালগা পটভূমিত দেশৰ ৬০ শতাংশ লোকৰে একেবাৰে ক্রয়ক্ষমতা নাই যি কাৰণে দেশৰ বজাৰত ঔদ্যোগিক উৎপাদনৰ চাহিদা নাই৷ পুঁজিপতিসকলৰ উদ্যোগীয় উৎপাদন বিক্রী নহয় বাবে তেওঁলোকে উৎপাদন হ্রাস কৰিছে আৰু নতুন বিনিয়োগ নকৰাৰ সিদ্ধান্ত লৈছে৷ এই পৰিস্থিতিত মোদী চৰকাৰে দেশত কৃষিৰ উন্নতি ঘটাই কৃষকসকলৰ আয় বৃদ্ধি কৰাৰ ব্যৱস্থাৰে দেশৰ ঘৰুৱা বজাৰৰ চাহিদা বৃদ্ধিৰ বিপৰীতে বিদেশী পুঁজিপতিসকলক ৰঙা দলিচা পাৰি দিছে প্রত্যক্ষ বৈদেশিক বিনিয়োগৰ বাবে৷ তেওঁলোকে হেনো ভাৰতত শিল্প বিপ্লৱ ঘটাব৷ ইতিহাসে প্রমাণ কৰিছে যে কৃষি বিপ্লৱ অবিহনে শিল্প বিপ্লৱ সম্ভৱ নহয়৷ শিল্প বিপ্লৱ কৰিবলৈ চৰকাৰে আগতে কৃষি বিপ্লৱ সমাধা কৰক৷ প্রত্যক্ষ বৈদেশিক বিনিয়োগেও দেশত শিল্প বিপ্লৱ ঘটাব নোৱাৰে, কাৰণ দেশৰ কৃষিৰ অৱস্থা পয়ালগা আৰু কৃষকৰ ক্রয়ক্ষমতা নাই৷

Share Button
Print Friendly, PDF & Email

No Comments : "ভাৰতৰ কৃষিখণ্ডৰ উন্নতি নহ’ল- ( অনন্ত কলিতা)"

Leave a Comment

Your email address will not be published. Required fields are marked *