প্ৰেমৰ বিষয়ে

সেইদিনা দুপৰীয়া আহাৰত আছিল সোৱাদ চাউলৰ পাতল ৰুটি, ডাঙৰ মিছামাছ, আৰু ছাগলী মাংসৰ কাট্‌লেট; আমি খাই থকাৰ সময়ত ৰান্ধনি নিকান’ৰ আহি সুধিলে, দৰ্শনাৰ্থীসকলে ৰাতিৰ আহাৰত কি খাব।নিকান’ৰ আছিল এজন মধ্যমীয়া উচ্চতাৰ লোক, মঙহাল মুখ আৰু সৰু চকুৰে; নিমজকৈ খুৰোৱা দাড়িখিনি এনেকুৱা দেখা গৈছিল যেন তেওঁৰ দাড়িখিনি খুৰোৱা নাই, একেবাৰে গুৰিৰপৰা টানি উঠোৱাহে হৈছে।আলেহিনে আমাক ক’লে যে ধুনীয়া পেলাগিয়া নিকান’ৰৰ বাগদত্তা আছিল।পিছে যিহেতু নিকান’ৰ আছিল মদপী আৰু অলপ হিংসাত্মক স্বভাৱৰ, তাই তাক বিয়া কৰাব খোজা নাছিল, মাথোঁ তাৰ লগত বিয়া নকৰাকৈয়ে একেলগে থাকিব খুজিছিল।কিন্তু সি আছিল অতিশয় ধাৰ্মিক; সেইবাবে সি তাইৰ লগত বিয়া নকৰাকৈ থাকিব নোৱাৰে, গতিকে সি বিয়াৰ বাবেহে জোৰ কৰিছিল; সেইবাবে মাতাল অৱস্থাত সি তাইক গালি-গালাজ কৰিছিল, কেতিয়াবা কেতিয়াবা মাৰ-পিটো কৰিছিল।সি মাতাল হ’লেই তাই ওপৰৰ মহলাত লুকাই কান্দি থাকিছিল, তেনেকুৱা সময়ত আলেহিন আৰু তাৰ লগুৱাহঁত ঘৰটোতে থাকিছিল, যাতে প্ৰয়োজন হ’লে তাইক ৰক্ষা কৰিব পাৰে ।

আমি প্ৰেমৰ বিষয়ে কথা পাতিবলৈ আৰম্ভ কৰিলো ।

“প্ৰেম কেনেকৈ জন্মে,” আলেহিনে ক’লে, “পেলাগিয়াই কিয় আন্তৰিক আৰু বাহ্যিকভাৱেও নিজতকৈ আনক ভাল নাপাইছিল, কিন্তু কেনেকৈ তাই নিকান’ৰ নামৰ কুৎসিত জোঙামুখীয়াটোৰ প্ৰেমত পৰিল (আমি সকলোৱে তাক জোঙামুখীয়া বুলিয়ই কওঁ), প্ৰেমৰ ক্ষেত্ৰত নিজৰ ভাল লগা কিমানখিনিলৈ গুৰুত্বপূৰ্ণ – অন্ততঃ যিমানখিনিলৈ জনা যায়; এইবোৰৰ বিষয়ে নিজৰ ইচ্ছা অনুসৰি ধাৰণা কৰিব পাৰি।পিছে প্ৰেমৰ বিষয়ে কেৱল এটাই মাথোঁ সত্য কোৱা হয়, সেইটো হ’ল : প্ৰেম এক সাংঘাতিক মায়া।প্ৰেমৰ বিষয়ে আন যিমান কথা কোৱা হৈছে বা লিখা হৈছে, সেয়াই শেষ সত্য নহয়, সেয়া মাথোঁ কিছুমান উত্তৰ নোহোৱা প্ৰশ্নহে।কাৰোবাৰ ক্ষেত্ৰত এটা ব্যাখ্যাই কাম কৰিব পাৰে, কিন্তু অন্য বহুজনৰ ক্ষেত্ৰত সেয়া প্ৰযোজ্য নহয়; সেই কাৰণে, মই ভাবো, উত্তম কথা হ’ল প্ৰেমৰ প্ৰত্যেকটো ঘটনাই বেলেগে বেলেগে বাখ্যা কৰা উচিত, সাধাৰণীকৰণ কৰা অনুচিত।চিকিৎসকসকলে কোৱাৰ দৰেই, প্ৰত্যেকটো ঘটনাই একোটা একোটা বেলেগ বেলেগ ঘটনা ।”

“একদম সঁচা কথা,” বুৰ্কিনে সুৰ লগাই ক’লে ।

“আমি শিক্ষিত ৰুছিয়ানসকল এই উত্তৰ নোহোৱা প্ৰশ্নবোৰৰ ক্ষেত্ৰত নিৰপেক্ষ নহয়।প্ৰেমক সাধাৰণতে কাব্যিক কৰা হয়; গোলাপ আৰু কেতেকী চৰাইৰে সজোৱা হয়; কিন্তু আমি ৰুছিয়ানসকলে প্ৰেমক এই গুৰুত্বপূৰ্ণ আৰু অনাকৰ্ষণীয় প্ৰশ্নবোৰেৰে সজাওঁ।মই যেতিয়া ছাত্ৰ হিচাপে মস্কোত আছিলো, মই এজনী মোৰ কমনীয় বান্ধৱীৰ সৈতে আছিলো।যেতিয়াই মই তাইক সাবটি ধৰিছিলো, তাই কিন্তু ভাবিছিল, মোৰ ঘৰখন এমাহৰ বাবে চোৱা-চিতা কৰিলে তাই কি পাব আৰু এক কেজি মাংসৰ দৰ কিমান।তেনেকৈয়ে যেতিয়া আমি প্ৰেমত পৰো, আমি নিজকে প্ৰশ্ন সুধি সুধিও ভাগৰি নপৰো – এয়া সন্মানজনক হ্য়নে নহয়, এয়া বুৰ্বকামি নেকি, এই প্ৰেমে আমাক ক’লৈ লৈ যাব ইত্যাদি ইত্যাদি।এইবোৰ ভাল কথা হয়নে নহয় মই নাজানো, কিন্তু এইবোৰ কথা যে আমনিদায়ক আৰু ভাল নলগা, সেয়া ঠিক জানো ।”

এনেকুৱা লাগিছিল যেন তেওঁ কিবা এটা কাহিনী ক’ব।অকলশৰে থকা মানুহৰ অন্তৰত সদায় কিছুমান কথা থাকে, যিবোৰ কথা তেওঁলোকৰ ক’বলৈ মন গৈ থাকে।নগৰবোৰত বৰলা মানুহবিলাক গা-ধোৱা পাৰ্লাৰবিলাক আৰু ৰেষ্টুৰেণ্টবিলাকলৈ কথা পাতিবৰ বাবেই যায়, আৰু কেতিয়াবা তাত কাম কৰা মানুহ বা ৰেষ্টুৰেণ্টৰ কৰ্মচাৰীবিলাকক আটাইতকৈ আকৰ্ষণীয় কথাবিলাক কয়।আনহাতে, গাঁওবিলাকত মানুহে এইবোৰ কথা কয় তেওঁলোকৰ আলহীসকলৰ আগত।আজি এই সেমেকা বতৰত, য’ত খিৰিকিৰে চালে ক’লা আকাশখন, বৰষুণত তিতি থকা গছবিলাকৰ বাহিৰে একো দেখা নাযায়, আমিতো ক’তো যাব নোৱাৰো, গতিকে কাহিনী কোৱা আৰু শুনাৰ বাহিৰে কিনো কৰিব পাৰি !

“বহুদিন ধৰি মই ছ’ফিন’ত খেতি-বাতি কৰি আছোঁ”, আলেহিনে কৈ গ’ল, “বিশ্ববিদ্যালয় এৰাৰ পিছৰপৰাই।শিক্ষাৰ ফালৰপৰা মই এজন অলস ভদ্ৰলোক, স্বভাৱৰ ফালৰপৰা পঢ়া-শুনা কৰিও ভাল পাওঁ; কিন্তু মই যেতিয়া পঢ়া শেষ কৰি উভতি আহিছিলো, তেতিয়া আমাৰ ঘৰৰ ওপৰত এক ডাঙৰ ধাৰৰ বোজা আছিল, আচলতে দেউতাই মোৰ শিক্ষাৰ বাবেও যথেষ্ট ধাৰ ল’বলগীয়া হৈছিল।সেইবাবে মই তেতিয়ালৈকে আঁতৰি নোযোৱাৰ সংকল্প ল’লো, যেতিয়ালৈকে মই ধাৰখিনি শুজি শেষ কৰিব নোৱাৰো।গতিকে মই কাম কৰিবলৈ মন বান্ধি ল’লো; অৱশ্যে মই স্বীকাৰ কৰিব লাগিব, মাজে মাজে মোৰ খুব অনিচ্ছাও হৈছিল।ইয়াত মাটিও ভাল নহয়, গতিকে খেতিত লোকচান নভৰিবলৈ হ’লে পইচা ভৰি খেতি কৰাব নোৱাৰি, নিজৰ কষ্টেৰেই কৰিব লাগিব; অৰ্থাৎ, নিজে আৰু নিজৰ পৰিয়ালক খেতিত লগাই পূৰাপূৰি খেতিয়ক হৈ যাব লাগিব। অন্য উপায় নাই।পিছে তেতিয়া মই সিমান সূক্ষ্ম চিন্তা কৰিব পৰা হোৱা নাছিলো।এটুকুৰা মাটিও মই নখন্দাকৈ নেৰিলো, ওচৰ-পাঁজৰৰ গাঁওবিলাকৰ পুৰুষ, মহিলা – সকলো খেতিয়ককে একগোট কৰিলো, আৰু ভীষণ বেগেৰে কাম কৰিবলৈ ল’লো।মই নিজেই হাল বালো, গুটি সিঁচিলো আৰু শস্য চপালোও; আমনি লাগি খঙো উঠিল, যেনেকৈ ভোকত মেকুৰীয়ে কেতিয়াবা উপায় নাপাই বাগিছাৰ তিয়ঁহকে চোবায়।মোৰ গাত বিষ উঠিল, খোজ কাঢ়ি যাওঁতেই টোপনি ধৰে।প্ৰথমতে মোৰ এনেকুৱা লাগিছিল যেন এই কষ্টকৰ জীৱনৰ লগত অভ্যাসৰ বলত মই সহজেই মিলি যাব পাৰিম, মাথোঁ জীৱনটো এক বাহ্যিক শৃংখলাৰে চলাই থাকিলেই হ’ল।তেতিয়া মই এই ৰেষ্টুৰেণ্টখনৰ ওপৰ মহলাৰ আটাইতকৈ ভাল কোঠাটোলৈ আহিছিলো, দুপৰীয়াৰ আৰু ৰাতিৰ আহাৰৰ পিছত কফি আৰু মদৰ অৰ্ডাৰ দিছিলো, আৰু শুবলৈ যোৱাৰ আগতে সদায় য়েছনিক এ’ভৰ’পিৰ লেখা পঢ়ি বিলাস কৰিছিলো।কিন্তু মোৰ দিন বেয়া আহিল; এদিন আমাৰ পুৰোহিত ফাদাৰ ইভান আহিল, একে বহাতেই মোৰ সোপাই মদ খাই পেলালে, আৰু য়েছনিক এ’ভৰ’পিৰ লিখাবোৰ পুৰোহিতৰ জীয়েকহঁতৰ হাতত পৰিলগৈ।গৰমৰ খেৰ শুকুৱাৰ দিনৰ নিচিনাকৈ মই অশান্তিত শুব নোৱৰা হ’লো, ছালিৰ তলৰ শ্লেজ-গাড়ীতে অথবা বনৰখীয়াজনৰ কোঠালিতে শুবলগীয়া হ’ল, কি আৰু পঢ়া-শুনা কৰিম তেতিয়া ? লাহে লাহে মোৰ স্থান তললৈ নামি আহিল, লগুৱাহঁতৰ পাকঘৰতে খাবলৈ ল’লো; দেউতাৰ যিকেইজন লগুৱাক কামৰপৰা নিতান্তই খেদিব নোৱাৰো, সেইকেইজনৰ বাহিৰে মোৰ আগৰ বিলাসিতা একোৱেই নাথাকিলগৈ ।”

“প্ৰথম কেইবছৰত মই ইয়াত এজন অবৈতনিক বিচাৰক হিচাপেও নিৰ্বাচিত হৈছিলো।মই প্ৰায়েই নগৰলৈ যাবলগীয়া হৈছিল, আৰু আদালতৰ বিচাৰত ভাগ ল’বলগীয়া হৈছিল; সেয়া আছিল মোৰ বাবে এক সুন্দৰ ব্যতিক্ৰম।এই ঠাইত, বিশেষকৈ শীতকালি, কোনো জিৰণি নোহোৱাকৈ দুই-তিনি মাহ থাকিব লাগিলে যিকোনো মানুহেই এটা চৰকাৰী চাকৰিৰ বাবে হামৰাও কাঢ়িব।যি কি নহওক, আদালতত ডাঙৰ চাকৰিয়ালবোৰ আছিল, ইউনিফৰ্ম আছিল, উকীলবিলাক আছিল – এই সকলোৱে শিক্ষা-দীক্ষা থকা লোক আছিল, গতিকে মই কথা পাতিবলৈও লগবোৰ পাইছিলো।ছালিৰ তলত শ্লেজ-গাড়ীত শুবলগীয়া হোৱাৰ পিছত, লগুৱাৰ পাকঘৰত খাবলগীয়া হোৱাৰ পিছত, এখন চাফা কাপোৰৰ আৰামী চকীত বহিবলৈ পোৱাটো, কোটত ধুনীয়া চেইন এডাল লগাই এযোৰ পাতল জোতা পিন্ধিবলৈ পোৱাটো যথেষ্ট বিলাসিতাই আছিল !”

“নগৰত মোক সকলোৱে ভাল পাইছিল।মই বহুতো বন্ধুও গোটাইছিলো।আৰু মোৰ এই আটাইবোৰ চিনাকি মানুহৰ মাজত, সঁচা কথা ক’বলৈ গ’লে, মোৰ আটাইতকৈ প্ৰিয় আছিল, লুগান’ভিটছ; তেওঁ আছিল আদালতৰ উপ-সভাপতি।তোমালোক দুয়োজনেই তেওঁক চিনি পোৱা, তেওঁৰ এক আকৰ্ষণীয় ব্যক্তিত্ব আছে।তেওঁৰ লগত মোৰ ভাল সম্পৰ্ক হৈছিল এটা জুই লগোৱাৰ ঘটনাৰ বিচাৰৰ সময়ত।ঘটনাটোৰ প্ৰাথমিক অনুসন্ধান দুদিন ধৰি চলিছিল আৰু আমাৰ সকলোৰে অত্যন্ত ভাগৰ লাগিছিলগৈ।তেতিয়াই লুগান’ভিট্‌ছে মোলৈ চাই ক’লে, ‘চোৱা, ৰাতিৰ আহাৰ মোৰ লগতে খাবা, আহা ।’”

“এয়া আছিল আশা নকৰা কথা, কাৰণ মই লুগান’ভিটছক কোনোমতেহে চিনি পাইছিলো, তাকো কৰ্মসূত্ৰেহে; আৰু মই কেতিয়াও তেওঁৰ ঘৰলৈ যোৱা নাছিলো।মই মোৰ হোটেলৰ কোঠালৈ গৈ কাপোৰ-কানি সলাই ৰাতিৰ আহাৰৰ বাবে ওলাই গ’লো।তাতেই লগ পালো লুগান’ভিট্‌ছৰ পত্নী আন্না আলেক্সিয়েভনাক।সেই সময়ত তেওঁ আছিল নিচেই গাভৰু, বয়স বাইছ বছৰতকৈ বেছি নহ’ব, আৰু মাত্ৰ ছমাহ আগেয়েহে তেওঁৰ প্ৰথমটো কেঁচুৱা উপজিছে।তেওঁৰ এনে এক বিশেষত্ব আছিল যি মোক সাংঘাতিকভাৱে আকৰ্ষণ কৰিছিল।এইবোৰ পুৰণি কথা, এতিয়া মই কিজানি বুজাই ক’ব নোৱাৰিম; কিন্তু সেই সময়ত, সেইদিনাৰ ৰাতিৰ আহাৰৰ সময়ত সেই কথা মোৰ বাবে স্পষ্ট আছিল।মই তেওঁৰ মাজত এজনী ধুনীয়া, মৰমলগা, গাভৰু আৰু বুদ্ধিমান নাৰী দেখা পাইছিলো; যেনেকুৱা এগৰাকী নাৰী মই তেতিয়ালৈকে কেতিয়াও লগ পোৱা নাছিলো।কিন্তু তেওঁক মোৰ অতিকৈ কাষৰ আৰু চিনাকি যেন লাগিছিল; যেন সেই মুখখন, সেই বুদ্ধিদীপ্ত চকুযুৰি যেন মই মোৰ সৰুকালতেই মোৰ মাৰ দেৰাজটোত থকা পুৰণি এলবামটোত দেখা পাইছিলো ।”

“ডকাইত বুলি জনাজাত চাৰিজন ইহুদিক জুই জ্বলোৱা ঘটনাটোৰ বাবে অভিযুক্ত কৰা হৈছিল।কিন্তু মোৰ লাগিছিল এই অভিযোগৰ কোনো ভিত্তি নাছিল।ৰাতিৰ আহাৰৰ সময়ত মই উত্তেজিত হৈ আছিলো, কষ্টও পাই আছিলো; মই কি কৈছিলো ক’ব নোৱাৰো, কিন্তু আন্না আলেক্সিয়েভনাই মূৰটো জোকাৰি জোকাৰি গিৰীয়েকক কৈ আছিল, ‘ডিমিট্ৰি, হয় নেকি ?’”

“লুগান’ভিটছ আছিল এজন গুণী লোক, এজন সৰল হৃদয়ৰ লোক; তেওঁ বিশ্বাস কৰিছিল যে কাৰোবাক আদালতত অভিযুক্ত কৰা মানেই তেওঁ দোষী; সেই বিষয়ে কিবা সন্দেহ থাকিলে আইন অনুসৰিয়েই আগ বঢ়া উচিত; সেয়া ব্যক্তিগত কথা-বাৰ্তা অথবা ৰাতি আহাৰৰ সময়ত পতা কথা নহয় ।”

“‘তুমি মইতো জুই লগোৱা নাছিলো’, তেওঁ লাহেকৈ কৈছিল, ‘আৰু চোৱা, আমি দোষী সাব্যস্ত হোৱা নাই আৰু আমি জেইললৈ যোৱাও নাই ।’”

“পতি-পত্নী দুয়ো মোক যিমান পাৰি সিমান খুৱাবলৈ চেষ্টা কৰিলে। কিছুমান সৰু সৰু কথাৰপৰা, এই ধৰা, তেওঁলোকে যেনেকৈ একেলগে কফি বনাইছিল অথবা যেনেকৈ তেওঁলোকৰ এজনে আনজনৰ কথা আধা কোৱা হওঁতেই ধৰি পেলাইছিল,মোৰ তেওঁলোকক একেবাৰে পাভযোৰা যেন লাগিছিল; আৰু এনে লাগিছিল যেন তেওঁলোকে আলহী পাই আনন্দ পাইছে। আহাৰৰ পিছত তেওঁলোকে পিয়ানো বজাই দ্বৈত কণ্ঠত এটা গীত গালে। আন্ধাৰ হোৱাৰ পিছত মই ঘৰ পালোহি। তেতিয়া বসন্ত-কালি আৰম্ভ হৈছে আৰু!”

“তাৰ পিছত গোটেই গ্ৰীষ্ম-কালটো মই ছ’ফিন’ত অকণো জিৰণি নোহোৱাকৈ কটালো; মোৰ নগৰৰ বিষয়ে ভাবিবলৈ সময়েই নাছিল। কিন্তু সেই ধুনীয়া খোপাটোৰে সৈতে মহিলাগৰাকীৰ কথা মোৰ মনত সদায় আছিল; মই তেওঁৰ বিষয়ে ভবা নাছিলো,কিন্তু যেন তেওঁৰ পাতল ছাঁ এটা মোৰ অন্তৰত পৰি গৈছিল ।”

“হেমন্তৰ শেষৰ ফালে,নগৰৰ কোনোবা দাতব্য অনুষ্ঠানে এটা নাটকৰ কাৰ্যসূচী পাতিছিল। বিৰতিৰ সময়ত মোক ৰাজ্যপালৰ ওচৰলৈ মাতিলে; যেতিয়া মই সেইখিনিলৈ গ’লো,মই দেখিলো যে তাত আন্না আলেক্সিয়েভনা ৰাজ্যপালৰ পত্নীৰ লগত বহি আছিল।তেতিয়াও তেওঁ আছিল সেই একেই আকৰ্ষণীয় আৰু টনা-টনা চকুহালেৰে ৰোমাণ্টিকভাৱে ধুনীয়া আৰু মিঠা; আৰু পুনৰ মই তেওঁৰ লগত আগৰ দৰে একেই ওচৰ অনুভৱ কৰিলো।আমি কাষে কাষে বহিলো আৰু তাৰ পিছত হলঘৰলৈ গ’লো।

“তুমি খীণাই গ’লা,” তেওঁ কৈছিল, “গা বেয়া হৈছিল নেকি ?”

“অ’, মোৰ কান্ধৰ বিষ হৈছিল, বৰষুণৰ বতৰত মই শুবই নোৱাৰো ।”

“তোমাৰ মনো বৰ বেয়া যেন লাগিছে।বসন্ত-কালত যেতিয়া তুমি ৰাতিৰ আহাৰৰ বাবে আহিছিলা, তোমাক কম বয়সীয়া আৰু আত্মবিশ্বাসী যেন লাগিছিল।তুমি বৰ সপ্ৰতিভ আছিলা, বহুত কথাও পাতিছিলা; আৰু মই ক’বই লাগিব যে মই তোমাৰ প্ৰতি আকৰ্ষিতই হৈ পৰিছিলো।কেলেই জানো,গোটেই গ্ৰীষ্মৰ দিনবিলাকত তোমালৈ মোৰ সঘনাই মনত পৰি আছিল; আৰু আজি যেতিয়া মই নাটকলৈ আহিবলৈ ওলাই আছিলো, মই ভাবি আছিলো যে মই তোমাক লগ পোৱা উচিত ।”

আৰু তেওঁ হাঁহিলে।

“কিন্তু আজি তোমাক বেজাৰমুৱা যেন লাগিছে,” তেওঁ আকৌ ক’লে, “তোমাক বয়সতকৈ ডাঙৰ যেন লাগিছে ।”

“পিছদিনা মই দুপৰীয়াৰ আহাৰ লুগান’ভিটছৰ ঘৰতে খালো। আহাৰৰ পিছত তেওঁলোক তেওঁলোকৰ গৰম-কালিৰ ঘৰটোলৈ গ’ল; তেওঁলোকে তাত পিছৰ শীতৰ দিনবোৰৰ বাবে কিবাকিবি যোগাৰ কৰিবলগীয়া আছিল। মইও তেওঁলোকৰ লগত গ’লো। তাৰ পিছত তেওঁলোকৰ লগতে পুনৰ নগৰলৈ ঘূৰি আহিলো, ৰাতি তেওঁলোকৰ লগত জুহালৰ ওচৰত বহি একান্ত ঘৰুৱাভাৱে চাহ খালো। মাজে মাজে গাভৰু আন্নাই তেওঁলোকৰ কেঁচুৱাজনী ভালকৈ শুইছেনে নাই চাই আহিছিলগৈ। পিছলৈ মই যেতিয়াই নগৰলৈ গৈছিলো, কেতিয়াও মই তেওঁলোকৰ ঘৰলৈ নোযোৱাকৈ নাহিছিলো। তেওঁলোকো মোৰ লগত সহজ হৈ পৰিছিল,ময়ো তেওঁলোকৰ লগত সহজ হৈ পৰিছিলো। পৰিয়ালৰ এজনৰ দৰে মই হঠাতে গৈ ওলাইছিলোগৈ ।

“কোন সেয়া ?” দূৰৰ কোঠা এটাৰপৰা সুললিত কণ্ঠেৰে তেওঁ লেনীয়াই সুধিছিল ।

“পাভেল কন্‌ষ্টাণ্টিন’ভিটছ আহিছে”, কাম কৰা মানুহজনী অথবা লিগিৰীজনীয়ে উত্তৰ দিছিল ।

আন্না আলেক্সিয়েভনা প্ৰত্যেকবাৰেই উদ্বেগেৰে ওলাই আহিছিল আৰু মোক সুধিছিল, “তুমি ইমান দিনৰ পিছত আহিলা যে? কিবা হৈছিল নেকি তোমাৰ ?”

তেওঁৰ চকুযুৰি, মোলৈ আগ বঢ়াই দিয়া লনী হাতখন, তেওঁৰ ঘৰত পিন্ধা পোছাকযোৰ, তেওঁৰ চুলি ফনিওৱাৰ ধৰণটো, তেওঁৰ খোজটো – এই সকলোবোৰেই মোৰ সদায় নতুন আৰু অসাধাৰণ যেন লাগিছিল; মোৰ বাবে সেয়া আছিল অতি গুৰুত্বপূৰ্ণ। ঘণ্টা-ঘণ্টা ধৰি আমি একেলগে মনে মনে খোজ কাঢ়িছিলো, দুয়ো নিজৰ নিজৰ চিন্তাত মগ্ন হৈছিলো; অথবা তেওঁ মোৰ বাবে ঘণ্টা ঘণ্টা ধৰি পিয়ানো বজাইছিল। ঘৰত কোনো নাথাকিলে মই অপেক্ষা কৰিছিলো, লিগিৰীজনীৰ লগত কথা পাতিছিলো, ছোৱালীজনীৰ লগত খেলিছিলো, অথবা পঢ়া কোঠাটোৰ ছোফাত বহি পঢ়ি থাকিছিলো; আৰু যেতিয়া আন্না আলেক্সিয়েভ্‌না আহি পাইছিল, মই তেওঁক হলঘৰটোত লগ পাইছিলো, আৰু তেওঁৰ হাতৰ টোপোলাবোৰ লৈ কঢ়িয়াই নিছিলো; প্ৰত্যেকবাৰেই কামটো কৰি মই সৰু ল’ৰা এটাৰ দৰে আনন্দ পাইছিলো ।

এটা প্ৰবাদ আছে যে খেতিয়ক-মহিলা এজনীয়ে সমস্যা নাথাকিলে গাহৰি এটাও কিনি ল’ব। লুগান’ভিটছহঁতৰ একো সমস্যা নাছিল, সেইবাবে তেওঁলোকে মোৰ লগত বন্ধুত্ব কৰিছিল। গা বেয়া হ’লে অথবা আন কিবা কাৰণত মই নগৰলৈ নাহিলে তেওঁলোক দুয়োৱেই খুব চিন্তা কৰিছিল। তেওঁলোকে চিন্তা কৰিছিল যে মোৰ ভাষাজ্ঞান আৰু শিক্ষা থকা সত্ত্বেও মই বিজ্ঞান অথবা সাহিত্যৰ চৰ্চা নকৰি গাঁৱত বাস কৰিছো; যদিও কেৰ্কেটুৱা এটাৰ দৰে দৌৰি-ঢাপৰি কঠিন শ্ৰম কৰিছো, আৰ্থিক লাভ একোৱেই হোৱা নাই। তেওঁলোকে ভাবিছিল যে মই সুখী নহয়, মই কেৱল নিজৰ দুখ লুকুৱাবলৈহে কথা কৈছিলো, হাঁহিছিলো আৰু খাইছিলো; আনকি অতি আনন্দৰ মুহূৰ্তবোৰতো যেতিয়া মই অতি সুখী অনুভৱ কৰিছিলো, তেওঁলোকে যেন মোক খুঁতি খুঁতি চাই আছিল। যেতিয়া মোৰ সঁচাকৈয়ে মন বেয়া লাগিছিল, বা কোনোবাই ধাৰ শুজিবলৈ তাগিদা দিছিল, অথবা মোৰ হাতত সুদ দিবলৈ পইচা নাছিল, তেওঁলোকে মোৰ বাবে বৰকৈ চিন্তা কৰিছিল। তেওঁলোক দুয়ো পতি-পত্নীয়ে খিৰিকীৰ ওচৰত ফুচফুচাই কথা পতিছিল; আৰু লুগান’ভিটছে মোৰ ওচৰলৈ আহি কৈছিল, “পাভেল কন্‌ষ্টাণ্টিন’ভিটছ, তোমাক যদি এই মুহূৰ্তত সঁচাকৈ পইচাৰ প্ৰয়োজন হৈছে, মই আৰু মোৰ পত্নীৰ অনুৰোধ যে অনুগ্ৰহ কৰি আমাৰপৰা খুজিবলৈ বেয়া নাপাব ।”

“উত্তেজনাত তেওঁ কাণলৈকে ৰঙা পৰিছিল। আৰু তাৰ পিছত এনেকুৱা হৈছিল, খিৰিকীৰ ওচৰত দুয়ো কথা পতাৰ পিছত তেওঁ মোৰ ওচৰলৈ একেই উত্তেজনাৰে আকৌ আহিছিল আৰু কৈছিল, “মই আৰু মোৰ পত্নীয়ে আপোনাক এই উপহাৰটো গ্ৰহণ কৰিবলৈ সবিনয়ে অনুৰোধ জনাইছো ।”

তেওঁ মোক সজোৱা বস্তু এটা, এটা চিগাৰৰ বাকচ, অথবা এটা লেম্প উপহাৰ দিছিল আৰু মই তেওঁলোকলৈ গাঁৱৰপৰা চৰাই, মাখন আৰু ফুল পঠাইছিলো। অৱশ্যে তেওঁলোক দুয়োৰে যথেষ্ট সম্পত্তি আছিল। সেইবোৰ দিনত মই প্ৰায়েই পইচা ধাৰ কৰিছিলো, বৰ ভবা-চিন্তা নকৰাকৈ য’ৰ-ত’ৰপৰাই কৰিছিলো, কিন্তু কেতিয়াও লুগান’ভিটছহঁতৰপৰা কৰিবলৈ মন কৰা নাছিলো। তেতিয়াহ’লে সেই বিষয়ে মই কিয় কৈ আছো, নহয় ?

ইফালে মই আছিলো অসুখী। ঘৰত, পথাৰত, শস্য ৰখা ঘৰত, মই তেওঁৰ কথাই ভাবিছিলো; মই এজনী ধুনীয়া, বুদ্ধিমান আৰু কম-বয়সীয়া নাৰীয়ে এজন নিতান্ত সাধাৰণ, বয়সীয়া (লুগান’ভিটছৰ বয়স তেতিয়া চল্লিছতকৈও বেছি আছিল) লোকক বিয়া পতা, তেওঁৰ সন্তান জন্ম দিয়াৰ ৰহস্যটো বুজিবলৈ চেষ্টা কৰিছিলো। বুজিবলৈ চেষ্টা কৰিছিলো সেই সাধাৰণ, সৎ, সৰল অন্তৰৰ মানুহজনৰ ৰহস্য যি ধেমালিৰ সময়তে হওক, পাৰ্টিতে হওক, অন্তৰেৰে, কিন্তু অসপ্ৰতিভভাবে কথা পাতিছিল, নিজতকৈ ওপৰৰ মানুহৰ ওচৰে-পাঁজৰে থাকিছিল, যাক দুৰ্বল আৰু অদৰ্কাৰী যেন দেখা গৈছিল, যাৰ অভিব্যক্তি আছিল অতি বিনয়ী আৰু অনাকৰ্ষণীয় – যেন তেওঁক তাত বেচিবলৈহে অনা হৈছে; কিন্তু যি নিজে সুখী হ’ব খুজিছিল, আন্নাৰ লগত সন্তান জন্ম দিব খুজিছিল। মই বুজিবলৈ চেষ্টা কৰি আছিলো আন্নাই কিয় প্ৰথমে তেওঁক লগ পালে, মোক নাপালে; আৰু আমাৰ জীৱনত এনেকুৱা ভয়ংকৰ ভুল কেলেই হ’ব লাগে!

“যেতিয়াই মই নগৰলৈ গৈছিলো, প্ৰত্যেকবাৰেই মই তেওঁৰ চকুত দেখা পাইছিলো যে তেওঁ মোক আশা কৰি আছিল, আৰু তেওঁ স্বীকাৰ কৰিছিল যে তেওঁৰ সেইদিনা মনটোৱে যেন কৈ আছিল মই আহিম বুলি। আমি দীঘলীয়া সময় কথা পাতিছিলো, কথা নোকোৱাকৈও বহি আছিলো, কিন্তু আমি ইজনে সিজনক কেতিয়াও ভাল পোৱাৰ কথা কোৱা নাছিলো, কিন্তু ইতস্ততঃভাৱে আৰু ঈৰ্ষাৰে সেই কথা লুকুৱাই ৰাখিছিলো। আমি ইজনে সিজনৰ আগত সেই কথা প্ৰকাশ পোৱাৰ ভয় কৰিছিলো। মই তেওঁক মনে-প্ৰাণে আৰু গভীৰভাৱে ভাল পাইছিলো; কিন্তু মই নিজকে বাৰে বাৰে প্ৰশ্ন কৰিছিলো, আমাৰ প্ৰেমে আমাকনো কিমানখিনিলৈ নিব পাৰে, যদি আমাৰ তাৰ বিপক্ষে যুঁজাৰ শক্তিয়েই নাই! মোৰ এই কথা অবিশ্বাস্য লাগিছিল যে মোৰ ধীৰ, দুঃস্থ ভালপোৱাই তেওঁৰ স্বামীৰ, তেওঁৰ সন্তানৰ জীৱনৰ; অথবা মোক ভাল পোৱা, বিশ্বাস কৰা তেওঁৰ সেই ঘৰখনৰ মসৃণ ছন্দক হঠাতে ভাঙি দিব পাৰিব। পাৰিলেও সেয়া সন্মানজনক কথা হ’বনে ? তেওঁ হয়তো মোৰ সৈতে গুচি আহিব, কিন্তু ক’লৈ? মই তেওঁক ক’লৈ লৈ যাম ? মোৰ এটা সুন্দৰ, মসৃণ, আকৰ্ষণীয় জীৱন থাকিলেও বেলেগ কথা আছিল, এই ধৰা মই মোৰ দেশৰ মুক্তিকামী নেতা, বা ডাঙৰ বিজ্ঞানী, এজন চিত্ৰশিল্পী হোৱাহেঁতেন! কিন্তু মই তেওঁক অনা মানে তেওঁৰ এটা গতানুগতিক জীৱনৰপৰা একেই অথবা কিজানি অধিক গতানুগতিক জীৱন এটালৈ অনাহে হ’ব। অথবা আমাৰ সুখ কিমান দিনলৈ তিস্তিব ? মোৰ অসুখ-বিসুখ হ’লে, কিবা কাৰণত মোৰ মৃত্যু হ’লে, অথবা আমাৰ ইজনৰ সিজনৰ প্ৰতি আকৰ্ষণ কমি আহিলে কি হ’ব ?

আৰু তেৱোঁ সম্ভৱ তেনেধৰণেৰেই চিন্তা কৰিছিল। তেওঁ তেওঁৰ স্বামী, তেওঁৰ সন্তান, আৰু তেওঁৰ মাক যি লুগান’ভিট্‌ছক মাকৰ দৰেই মৰম কৰিছিল – তেওঁলোকৰ কথা ভাবিছিল। তেওঁ নিজৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ হ’লে তেওঁ হয় মিছা মাতিব লাগিব নহয় সঁচা ক’ব লাগিব; কিন্তু দুয়োটা কথাই তেওঁৰ বাবে সহজ নহ’ব। আৰু তেওঁ এই কথা ভাবিও কষ্ট পাই আছিল যে তেওঁৰ প্ৰেমে মোক সুখী কৰিব পাৰিব জানো – তেওঁ মোৰ ইতিমধ্যেই নানা সমস্যাৰে ভাৰাক্ৰান্ত জীৱনটো অধিক জটিল কৰি নেপেলাবনে ? তেওঁ নিজকে বুজাব খুজিছিল যে তেওঁৰ ইতিমধ্যেই বয়স হৈছে, যে তেওঁ এটা নতুন জীৱন আৰম্ভ কৰিব পৰাকৈ উদ্যমী আৰু পৰিশ্ৰমী নহয়; আৰু তেওঁ প্ৰায়ে তেওঁৰ গিৰীয়েকৰ লগত কথা পাতিছিল যে মোৰ বাবে এজনী বুদ্ধিমতী আৰু গুণী ছোৱালী বিয়া কৰাই লোৱাটো কিমান প্ৰয়োজনীয় – যি এগৰাকী সুগৃহিণী হৈ মোক সহায় কৰিব পাৰিব। পিছে তেওঁ এইটোও ক’বলৈ নাপাহৰিছিল যে তেনে এজনী ছোৱালী গোটেই নগৰখনতে বিচাৰি পোৱাটো কঠিন হ’ব ।

বছৰবোৰ বাগৰি গৈছিল। আন্না আলেক্সিয়েভনা ইতিমধ্যে দুটা সন্তানৰ মাক হৈছিল। যেতিয়া মই তেওঁলোকৰ ঘৰলৈ গৈছিলো, চাকৰ-নাকৰসকলে অভ্যৰ্থনা জনাইছিল আৰু ল’ৰা ছোৱালীকেইটাই পাভেল কনষ্টান্টিন’ভিটছ খুৰা আহিল বুলি মোৰ ডিঙিত সাবটি ধৰিছিল; সকলোৱেই মই গ’লে সুখী হৈছিল। তেওঁলোক কোনেও বুজি পোৱা নাছিল, মোৰ অন্তৰত কি হাহাকাৰ চলিছিল আৰু সকলোৱেই ভাবিছিল যে মইও খুব সুখী। সকলোৰে মোৰ বিষয়ে উচ্চ ধাৰণাই আছিল। ল’ৰা-ছোৱালীহঁত আৰু ডাঙৰসকলেও ভাবিছিল যে মই এজন অভিজাত লোকেই, আৰু ফলত তেওঁলোকৰ মোৰ প্ৰতি ব্যৱহাৰতো একধৰণৰ বৈশিষ্ট্য প্ৰকাশ পাইছিল; যেন মোৰ উপস্থিতিৰ ফলত তেওঁলোকৰ ঘৰখনো অধিক পবিত্ৰ আৰু সুন্দৰ হৈ উঠিছে। আন্না আলেক্সিয়েভনা আৰু মই প্ৰায়ে একেলগে নাটক চাবলৈ গৈছিলো, প্ৰায়েই খোজ কাঢ়িয়েই গৈছিলো; আৰু বহিছিলোও কাষে কাষেই, বাহু লগা-লগিকৈ। বিশেষ একো নভবাকৈয়ে মই তেওঁৰ হাতৰপৰা নাটক চাবলৈ ব্যৱহাৰ কৰা চশমাযোৰ লৈছিলো; সেই মুহূৰ্ততে অনুভৱ কৰিছিলো যে তেওঁ মোৰ কাষত আছে, যে তেওঁ মোৰ, যে আমি ইজন সিজনৰ অবিহনে জীয়াই থাকিব নোৱাৰিম। কিন্তু আচৰিতভাৱে, নাটকৰপৰা ওলাই অহাৰ লগে লগে আমি ইজনে সিজনৰপৰা বিদায় লৈছিলো আৰু ইজন সিজনৰপৰা অচিনাকীৰ দৰে আঁতৰি গৈছিলো। ভগৱানেহে জানে ইতিমধ্যে নগৰখনৰ মানুহবোৰে আমাৰ বিষয়ে কি কি কথা পাতিছিল, কিন্তু সেইবোৰ কথাৰ তিলমানো সঁচা নাছিল ।

পিছলৈ আন্না আলেক্সিয়েভনাই আগৰ দৰে তেওঁৰ মাক আৰু বায়েক-ভনীয়েকহঁতৰ ঘৰলৈ নোযোৱা হ’ল; তেওঁৰ আন্তৰিক সুখ কমি আহিল, তেওঁ বুজিবলৈ আৰম্ভ কৰিলে যে তেওঁৰ জীৱনটো অবাবতে অসন্তুষ্টভাৱেই নষ্ট হৈ গ’ল। মাজে মাজে তেওঁ গিৰীয়েক আৰু ল’ৰা-ছোৱালীকেইটাৰো যত্ন নোলোৱা হ’ল। তেওঁৰ ইতিমধ্যেই মানসিক ৰোগৰ চিকিৎসা আৰম্ভ হৈছিল ।

আমি তথাপি মনে মনেই থাকি গ’লো। বাহিৰা মানুহৰ উপস্থিতিত তেওঁৰ মোৰ প্ৰতি, মই কোৱা যিকোনো কথাৰ প্ৰতি এক আচৰিতধৰণৰ অসহনীয়তা দেখুৱাবলৈ ধৰিলে; তেওঁ মোৰ কোনো কথাতে ৰাজি নোহোৱা হ’ল, কাৰোবাৰ লগত কিবা বিষয়ে মোৰ যুক্তি-তৰ্ক লাগিলেও তেওঁ বিপৰীত পক্ষ লোৱা হ’ল। মোৰ হাতৰপৰা কিবা এটা পৰিলে তেওঁ বিদ্ৰূপ কৰে; কয়, “অভিনন্দন ।” নাটক চাবলৈ যাওঁতে মই চশমাযোৰ নিবলৈ পাহৰিলে তেওঁ ক’ব, “মই জানিছিলোৱেই, তুমি পাহৰিবা বুলি ।”

সৌভাগ্যই হওক, দুৰ্ভাগ্যই হওক, সকলো কথাৰে এটা শেষ আছে নহয়! আমাৰ এৰা-এৰি হোৱাৰ সময় আহিল, লুগান’ভিটছ এখনৰ পশ্চিমৰ প্ৰদেশলৈ বদলি হ’ল। তেওঁলোকে তেওঁলোকৰ আচবাববিলাক, ঘোঁৰাটো, তেওঁলোকৰ গৰম-কালিৰ ঘৰটো – সকলো বেচিবলগা হ’ল। যেতিয়া তেওঁলোকে তেওঁলোকৰ ঘৰটোৰপৰা ওলাই গৈছিল, আৰু তেওঁলোকৰ বাগিছাখনলৈ আৰু সেউজীয়া ছালখনলৈ ঘূৰি চাইছিল, আটাইৰে দুখ লাগিছিল, আৰু মই বুজি পাইছিলো যে মই কেৱল ঘৰটোৰপৰাই বিদায় লোৱা নাছিলো। ঠিক কৰা হৈছিল যে আগষ্ট মাহৰ শেষৰ ফালে আমি আন্না আলেক্সিয়েভনাক ক্ৰাইমিয়ালৈ পঠাই দিম, চিকিৎসকে তেওঁক তালৈ পঠাইছিল; লুগান’ভিটছ আৰু ল’ৰা-ছোৱালীহঁতে তাৰ পিছত পশ্চিমৰ প্ৰদেশখনলৈ যাত্ৰা কৰিব ।

আন্না আলেক্সিয়েভনাক বিদায় জনাবলৈ আমি বহুকেইজন গোট খাইছিলো। যেতিয়া তেওঁ তেওঁৰ গিৰীয়েক আৰু ল’ৰা-ছোৱালীকেইটাৰপৰা বিদায় লৈছিল আৰু ৰে’লৰ শেষ ঘ্ণ্টাটো বাজিবলৈ মাত্ৰ এক মিনিটমান আছিল, মই তেওঁৰ কেবিনটোলৈ তেওঁ পাহৰি যোৱা টোপোলা এটা দিবলৈ আৰু বিদায় দিবলৈ দৌৰ মাৰিছিলো। আমাৰ দুযোৰ চকুৰ যেতিয়া মিলন ঘটিছিল, তেতিয়া আমাৰ সামাজিক নিয়মৰ বান্ধোন সুলকি পৰিছিল, তেওঁক মই বুকুৰ মাজত সুমুৱাই লৈছিলো আৰু তেওঁ তেওঁৰ মুখখন মোৰ বুকুৰ মাজত হেঁচি ধৰিছিল; তেওঁৰ চকুপানী বাগৰি আহিছিল। তেওঁৰ মুখত, কান্ধত; তেওঁৰ চকুলোৰে তিতি থকা হাত দুখনত চুমা খাই মই অনুভৱ কৰিছিলো, আমি কিমান অসুখী আছিলো! মই তেওঁৰ প্ৰতি মোৰ ভালপোৱাৰ কথা ব্যক্ত কৰিছিলো, আৰু অন্তৰৰ জ্বলন্ত বেদনাৰে মই অনুভৱ কৰিছিলো, আমি ইজনে সিজনে ভালপোৱাৰ বাটৰ হেঙাৰবোৰ কিমান অপ্ৰয়োজনীয়, তুচ্ছ আৰু অসত্য আছিল। মই বুজি পাইছিলো যে প্ৰেমৰ ক্ষেত্ৰত, প্ৰেমৰ যুক্তিযুক্ততা বিচাৰৰ ক্ষেত্ৰত আমি চোৱা উচিত কোনটো অধিক গুৰুত্বপূৰ্ণ, - ভালপোৱা নে ভৱিষ্যতৰ সুখ-দুখ, তথাকথিত দোষ নে গুণ; নহ’লে আমি প্ৰেমৰ যুক্তিযুক্ততা বিচাৰ কৰাই অনুচিত ।

মই তেওঁক শেষবাৰৰ বাবে চুমা খালো, হাত দুখন মুঠি মাৰি ধৰিলো আৰু আঁতৰি আহিলো। ইতিমধ্যে বৰষুণ পৰিবলৈ আৰম্ভ কৰিছিল। ৰে’লখন চলিবলৈ আৰম্ভ কৰিছিল। মই ওচৰৰ খালী কেবিনটোলৈ সোমাই গৈছিলো আৰু পিছৰ ষ্টেচনটো নোপোৱালৈকে কান্দি আছিলো। তাৰ পিছত মই ছ’ফিন’ৰ ঘৰলৈ উভতি গৈছিলো …”

আলেহিনে কাহিনী কোৱাৰ মাজতে বৰষুণ শেষ হৈছিল আৰু ৰ’দজাক ওলাই আহিছিল। বুৰ্কিন আৰু ইভান ইভান’ভিটছ বাৰাণ্ডালৈ ওলাই গ’ল, তাৰপৰা বাগিছাখন আৰু বহল পুখুৰীটোৰ ওপৰত পৰা ৰ’দৰ জিলমিলনিৰে এক মনোমোহা দৃশ্য দেখা গৈছিল। তেওঁলোকে দৃশ্যটো উপভোগ কৰিলে আৰু একে সময়তে এই মৰমিয়াল, বুদ্ধিমান মানুহজনৰ বিষয়ে ভাবি দুখো কৰিলে। ইমান সঁচা অনুভৱেৰে কাহিনীটো কোৱা এই মানুহজনে জ্ঞান অথবা তেওঁৰ জীৱনক সুন্দৰ আৰু অৰ্থৱহ কৰিব পৰা আন কিবা বিষয়ৰ প্ৰতি উছৰ্গা কৰিব পৰাৰ সলনি এই প্ৰকাণ্ড বাৰীখনৰ ইফালৰপৰা সিফাললৈ কেৰ্কেটুৱাৰ দৰে দৌৰা-দৌৰি কৰি ফুৰিবলগীয়া হৈছে। তেওঁলোকে আন্না আলেক্সিয়েভনাৰ কথাও ভাবিলে – তেওঁ চাগে’ তেওঁৰ প্ৰেমিকে সেই ৰে’লৰ ডবাটোত বিদায় জনোৱাৰ পিছত, তেওঁৰ মুখ আৰু কান্ধত চুমা খাই বিদায় লোৱাৰ পিছত কেনে এটা দুঃস্থ জীৱন কটাবলগীয়া হৈছে। বুৰ্কিন আৰু ইভান ইভান’ভিটছ – দুয়োজনেই আন্না আলেক্সিয়েভনাক লগ পাইছে; বুৰ্কিনে তেওঁক ভালদৰেই চিনি পায় আৰু তেওঁক ৰূপৱতী বুলি ভালকৈ জানে ।

মূল (ৰুছিয়ান): এণ্টন ছেখভ

অনুবাদ: ড° বসন্ত কুমাৰ বৰা

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰেমৰ বিষয়ে"

Leave a Comment

Your email address will not be published. Required fields are marked *