অৰুণ শৰ্মালৈ শ্রদ্ধাঞ্জলি - (ৰাণা চৌধুৰী)

অৰুণ শৰ্মা (১৯৩১-২০১৭) একেধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি আৰু অনাতাঁৰ শিল্পী আছিল৷ ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’ নাটকৰ বাবে খ্যাত অৰুণ শৰ্মাদেৱ ‘আশীৰ্বাদৰ ৰং’ শীৰ্ষক উপন্যাসখনৰ বাবে ১৯৯৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁ পঞ্চাছখনৰো অধিক অনাতাঁৰ নাটক আৰু অনাতাঁৰ ৰূপক ৰচনা কৰিছে৷

প্ৰাৰম্ভিক জীৱন

১৯৩১ চনত ডিব্ৰুগড় জিলাৰ সেন্দূৰী আলিত অৰুণ শৰ্মাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল তিলক চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল নৰ্মদা কুমাৰী দেৱী। তেওঁৰ পিতৃ সেই সময়ৰ ‘দা টাইমছ অফ ইণ্ডিয়া’ৰ সম্পাদক আছিল। ১৯৩৫ চনত তেওঁৰ পৰিয়াল হেলেমৰ ওচৰৰ হেলেমগুৰিৰ এখন গাঁৱলৈ গুচি যায়। তিলক চন্দ্ৰ শৰ্মাই গান্ধীৰ আদৰ্শৰদ্বাৰা প্ৰভাৱিত হৈ তেতিয়াৰপৰা খেতি আৰু সমাজ সেৱাৰ লগত নিজকে জড়িত কৰি ৰাখে। অৰুণ শৰ্মাই তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰে আৰু তাৰপৰাই ১৯৪৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পিছত কটন কলেজৰপৰা ১৯৫২ চনত আই এ আৰু ১৯৫৪ চনত শিক্ষা বিষয়ত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰে। এইখিনি সময়ৰপৰাই তেওঁ নাটক আৰু কবিতা ৰচনা কৰিবলৈ আৰম্ভ কৰে।

কৰ্মজীৱন

১৯৫৪ চনত ‘দা আসাম ট্ৰিবিউন’ কাকতৰ আৰ্হিকাকত চাওঁতা হিচাপে অৰুণ শৰ্মাই নিজৰ কৰ্মজীৱনৰ পাতনি মেলে আৰু পিছলৈ এই কাকতৰ সহকাৰী সম্পাদক হৈছিল। ১৯৫৫ চনত তেওঁ হালেমলৈ উভতি যায় আৰু তাত এম চি ডি হাইস্কুলত সহকাৰী অধ্যক্ষ পদত যোগদান কৰে। ১৯৬০ চনত তেওঁ পুনৰ গুৱাহাটীলৈ উভতি আহে আৰু অল ইণ্ডিয়া ৰেডিঅ’ত যোগদান কৰে। তেতিয়াৰপৰাই তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ সৈতে জড়িত হৈ থাকে। প্ৰথমতে ইয়াত প্ৰযোজক হিচাপে কাম কৰিছিল আৰু পিছত জ্যেষ্ঠ প্ৰযোজক হৈছিল। তেওঁ শিক্ষাবিষয়ক প্ৰচাৰ বিভাগৰ মুৰব্বী আছিল আৰু এই বিভাগটোৱে শ্ৰেণীকোঠাৰ বাহিৰত অতিৰিক্ত জ্ঞান যোগোৱাৰ এক মাধ্যম আছিল। ১৯৬৯ চনত তেওঁ লণ্ডনৰ বি বি চি-ত ৰেডিঅ’ প্ৰ’গ্ৰাম প্ৰডাকচনৰ ওপৰত ছমহীয়া প্ৰশিক্ষণ লৈছিল। ১৯৭০ আৰু ১৯৮০ দশকত তেওঁ গুৱাহাটী আকাশবাণী কেন্দ্ৰত নাটক বিভাগৰ সহায়ক আছিল। এই সময়তে তেওঁ ৪৭খন নাটক আৰু গুৱাহাটী আকাশবাণী কেন্দ্ৰ আৰু অল ইণ্ডিয়া ৰেডিঅ’ৰ নেচনেল প্ৰ’গ্ৰামৰ বাবে আৰু যথেষ্টসংখ্যক অনাতাঁৰ তথ্যচিত্ৰ (Radio Documentary) ৰচনা আৰু নিৰ্দেশনা কৰে। তেওঁ এই তথ্যচিত্ৰসমূহৰ বাবে তিনিটাকৈ শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰে। ১৯৮৬ চনৰপৰা ১৯৮৯ চনলৈকে তেওঁ ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰে। ইয়াৰ পিছত তেওঁ ১৯৯০ চনত শ্বিলঙৰ অল ইণ্ডিয়া ৰেডিঅ’, নৰ্থ ইষ্ট ছাৰ্ভিচৰ সঞ্চালক পদৰপৰা অৱসৰ গ্ৰহণ কৰে। অৱসৰ গ্ৰহণ কৰা পাছত অৰুণ শৰ্মা সাপ্তাহিক অসমীয়া বাতৰি কাকত ‘পূৰ্বাচল’ৰ প্ৰতিষ্ঠাপক সম্পাদক (১৯৯০-১৯৯২) হিচাপে আৰু ১৯৯২ চনৰপৰা ১৯৯৭ চনলৈকে অসম চাহ কমিটিৰ জনসম্পৰ্কৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰে। সেই সময়তে অসমত বিভিন্ন বিবাদ হৈছিল আৰু তেওঁক স্থানীয় চাহ উদ্যোগ আৰু অসমীয়া লোকসকলৰ মাজত মিলা-প্ৰীতি আনিবৰ বাবে নিমন্ত্ৰণ কৰা হৈছিল। ২০০৫ চনত তেওঁ অসম বুৰঞ্জীক কেন্দ্ৰ কৰি son-et-lumiere (sound-and-light show) ৰচনা কৰি প্ৰদৰ্শন কৰে আৰু ইয়াৰ বাবে দৈনিক গুৱাহাটীত অৱস্থিত শংকৰদেৱ কলাক্ষেত্ৰত ব্যৱস্থা কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ২০০২ চনত অসম নাট্য সন্মিলনৰ দুবছৰীয়া কাৰ্যকালৰ সভাপতি আছিল।

ব্যক্তিগত জীৱন

১৯৫৯ চনত উজান বজাৰৰ মুক্তিযুঁজাৰু চন্দ্ৰনাথ শৰ্মাৰ নাতিনীয়েক আৰতি শৰ্মাৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সন্তান দুটা : নন্দিনী আৰু অচিন্ত্য।

নাট্য আৰু সাহিত্যিক জীৱন

  • পঢ়ি থকা কালছোৱাত ‘উৰুখা পঁজা’ নাটকৰ অভিনয়। পাঁচ মাহৰ বাবে প্ৰশিক্ষণৰ অৰ্থে লণ্ডনলৈ যাত্ৰা (১৯৬৯)
  • ‘সন্ধ্যাৰাগ’ চলচ্চিত্ৰত অভিনয় (১৯৭৫)
  • আলেখ্য প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে জাপান ভ্ৰমণ (১৯৭৯)
  • হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰত গৱেষণা পাঠৰ বাবে লণ্ডন ভ্ৰমণ (১৯৯৯)
  • ৰাষ্ট্ৰসংঘৰ অনাতাঁৰ কেন্দ্ৰত এঘণ্টীয়া সাক্ষাৎকাৰৰ বাবে আমন্ত্ৰণ। টেলিফিল্ম ‘স্তব্ধ প্ৰহৰ’ত মূল চৰিত্ৰত অভিনয় (২০০৪)
  • শংকৰদেৱ কলাক্ষেত্ৰৰ শব্দজ্যোতিৰ কলা সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ (২০০৫)

স্বীকৃতি আৰু বঁটা

  • ‘শ্ৰীনিবাৰণ ভট্টাচাৰ্য’ শীৰ্ষক নাটকখন সাহিত্য সভাৰদ্বাৰা শ্ৰেষ্ঠ নাটক হিচাপে নিৰ্বাচিত (১৯৬৭)।
  • সাহিত্যৰ বাবে অসম সাহিত্য সভা (নাটক) বঁটা (১৯৬৭)।
  • অসম নাট্য সন্মিলন বঁটা (২০০১)।
  • ‘আশীৰ্বাদৰ ৰং’ শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য অকাডেমি বঁটা (১৯৯৭)।
  • সংগীত নাটক অকাডেমি (২০০৩)।
  • অসম উপত্যকা সাহিত্য বঁটা (২০০৫)।
  • পদ্মশ্ৰী (২০১০)।
  • শঙ্কৰাচাৰ্য অৱতাৰ বঁটা (সাহিত্য) (২০১০) (Sankaracharyya Avatar Award Literature) অনাতাঁৰ প্ৰচাৰৰ বাবে।
  • জাপানত অনুষ্ঠিত আলেখ্য প্ৰতিযোগিতাত এছিয়া পেছিফিক এৱাৰ্ড (১৯৮০)।
  • Japan Prize (1980) International for the radio documentary “All Buds to bloom”।
  • ABU (Asia-Pacific Broadcasting Union) Award (1982) for the radio documentary “Caution : Danger Ahead”।
  • প্ৰাঁ ফিউচাৰ বাৰ্লিন বঁটা (১৯৮২) Prix Futura Berlin ।
  • Commendation certificate (1983) for the radio documentary “All Lips to Smile”।
  • Akashvani Award (Second best radio play in India) for the play titled “Kukurnechia Manuh”।

সাহিত্যকৃতি

নাট্য সম্ভাৰ

শ্ৰী নিবাৰণ ভট্টাচাৰ্য (১৯৬১), জিণ্টি (১৯৬২), পৰশুৰাম (১৯৬২), উৰুখা পঁজা (১৯৬৪), আহাৰ (১৯৬৪), পুৰুষ (১৯৬৪), কুকুৰনেচীয়া মানুহ (১৯৬৫), চিঞৰ (১৯৭২), বুৰঞ্জী পাঠ (১৯৭৪), পদ্মা-কুন্তী (১৯৭৬), পোষ্টাৰ (১৯৮২), বাঘজাল (১৯৮৪), নেপোলিয়ন আৰু ডেৰিজী (১৯৮৫), অন্য এক অধ্যায় (১৯৯৪), অগ্নিগড় (১৯৯৬), অদিতিৰ আত্মকথা (২০০০), চক্ৰব্যুহ (২০০৩), চিত্ৰলেখা (গৰীয়সীত প্ৰকাশিত, ২০০৮)

উপন্যাস

আশীৰ্বাদৰ ৰং, উভলা শিপা, পৰশুৰাম যযাতি আৰু ৰঞ্জনা, সংকল্প।

অনুবাদ সাহিত্য

মালয়ালম একাংকিকা নাট, পাঞ্জাবী একাংকিকা নাট, বাংলা উপন্যাস "ইচ্ছামতী'ৰ অসমীয়া অনুবাদ।

অন্যান্য

গৰীয়সী আৰু বিভিন্ন আলোচনীত অসংখ্য তথ্যগধুৰ প্ৰবন্ধ তথা কবিতা প্ৰকাশ।

 

[তথ্য সংগ্ৰহ :

কথা বৰেণ্য ১০০, সম্পাদক - শোণিত বিজয় দাস, মুনীন বায়ন, প্ৰথম প্ৰকাশ -২০০৬ চন, পৃষ্ঠা নং ১৮৯।

‘অৰুণ শৰ্মাৰ নাটক’ – ড০ পোনা মহন্ত , দৈনিক জনমভূমি, ১২ মাৰ্চ ২০০৬।

Arun Sarma, The Pride of Assam Padma Awards 2010 Press Information Bureau Centre for Development and Peace Studies Assam Tribune profile, May 2009।

The Telegraph profile, 5 January 2004।]

Share Button
Print Friendly, PDF & Email

No Comments : "অৰুণ শৰ্মালৈ শ্রদ্ধাঞ্জলি - (ৰাণা চৌধুৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *