অসমীয়া জাতীয়তাবাদ আৰু মুছলমান- (জমশ্বেৰ আলি)

ধৰ্ম আৰু জাতি সম্পূৰ্ণ ভিন্ন উপাদানযুক্ত শব্দ যদিও ইয়াক বহু সময়ত ভুলক্ৰমে সমাৰ্থকৰূপে ব্যৱহাৰ কৰা হয়। ধৰ্ম আৰু জাতিৰ মাজত ভিন্নতা সম্পৰ্কীয় ঐতিহাসিক সিদ্ধান্তসমূহৰ বিস্তৃত ব্যাখ্যা এৰাই চলিও সাম্প্ৰতিক ইতিহাসৰ এটা বিশেষ পৰিঘটনা উল্লেখ কৰিলেই ইয়াৰ ভিন্নতা বুজাত সহায়ক হ'ব। ভাৰতৰ স্বাধীনতাৰ সময়ত দ্বি-জাতিতত্ত্বৰ সূত্ৰৰ ভিত্তিত সৃষ্টি কৰা হৈছিল পাকিস্তান। পাকিস্তানৰ মূল আধাৰ হিচাপে মহম্মদ আলী জিন্নাই মহম্মদ ইকবালৰ দ্বি-জাতিতত্ত্বৰ আধাৰকেই মূল প্ৰতিপাদ্য বিষয় হিচাপে উপস্থাপন কৰিছিল। মহম্মদ আলী জিন্না অথবা তেওঁৰ সহযোগী মুছলিম লিগৰ নেতাসকলৰ ধাৰণা আছিল যে মুছলমানসকল ভাৰতৰ এটা ভিন্ন জাতিসত্তা। সেয়েহে মুছলমান জাতিৰ বাবে পৃথক পাকিস্তানৰ প্ৰয়োজন। মহম্মদ আলী জিন্না তথা তেওঁৰ সগোত্ৰীয় মুছলিম লিগৰ নেতাসকলৰ এই ধাৰণা ভুল বুলি প্ৰতিপন্ন হ'বলৈ বেছি দিন নালাগিল। ১৯৫২ চনতেই পূৰ্ব পাকিস্তানৰ মুছলমানসকলে নিজৰ বঙালী জাতিসত্তাৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম প্ৰবল কৰি তুলিলে। বঙালী জাতীয়তাবাদৰ ভিত্তিতেই ১৯৭১ চনত স্বাধীন বাংলাদেশৰো সৃষ্টি হ'ল। অৰ্থাৎ ইছলাম ধৰ্মৰ নামত এক অভিন্ন জাতিসত্তা বুলি পাকিস্তানৰ মুছলমানসকলক ধৰি ৰাখিব পৰা নগ'ল। ধৰ্মৰ নামত যদি জাতীয়তাবাদ গঢ়িব পৰাটো সম্ভৱপৰ হ'লহেঁতেন তেতিয়াহ'লে স্বাধীন বাংলাদেশৰ জন্ম কেতিয়াও নহ'লহেঁতেন। পূৰ্ব পাকিস্তানত বাঙালী জাতীয়তাবাদৰ উত্থান আৰু ইয়াৰ ভিত্তিতেই স্বাধীন বাংলাদেশৰ জন্মৰ পৰিঘটনাই স্পষ্ট কৰি দিয়ে যে ধৰ্মৰ নামত নহয়, জাতি আৰু জাতীয়তাবাদৰ মূল ভিত্তিয়েই হৈছে ভাষা।

প্ৰসংগটো এইবাবেই উত্থাপন কৰা হৈছে যে এই আলোচনাৰ মূল বিষয়বস্তু আছিল 'অসমীয়া জাতীয়তাবাদত মুছলমান আৰু পমুৱা মুছলমানৰ অৱস্থান'। কিন্তু, অসমীয়া জাতিসত্তাৰপৰা অসমৰ মুছলমানসকল কিমানদূৰ ভিন্নতৰ সেয়া বহুল বিতৰ্কৰ বিষয়। সেয়েহে আমাৰ এই আলোচনাৰ মূল বিষয়বস্তু প্ৰায় একে ৰাখিও এটা কথা প্ৰথমেই কৈ লোৱা প্ৰয়োজন যে ধৰ্ম কোনোদিনেই জাতীয়তাবাদৰ ভেটি নহয়। এয়া ঐতিহাসিকভাৱে এক চূড়ান্ত সত্য পৰিঘটনা। বিষয়টো বিস্তৃতভাৱে আলোচনা নকৰি আৰু দুটামান ক্ষেত্ৰলৈ উনুকিয়াব পাৰি। ইংলেণ্ড আৰু ফ্ৰান্স দুয়োখন ভিন্ন ৰাষ্ট্ৰ। ইংৰাজ আৰু ফৰাচী দুটা ভিন্ন জাতিসত্তা। অতি নিকট সান্নিধ্যত থকা পৰস্পৰবিৰোধী এই দুখন ৰাষ্ট্ৰৰ প্ৰায় ৯৮ শতাংশ লোকেই খ্ৰীষ্টান ধৰ্মত বিশ্বাসী। ইউৰোপৰ প্ৰায়ভাগ দেশতেই এই পৰিস্থিতি বিৰাজমান। একেদৰে আৰব ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰতো ইছলাম ধৰ্মই আৰবীয় ৰাষ্ট্ৰসমূহক একে জাতীয়তাবাদৰ অংগীভূত কৰিব নোৱৰা পৰিস্থিতি বিৰাজমান। আৰব ৰাষ্ট্ৰসমূহৰ ভিতৰত ইৰান আৰু ইৰাকে দুখন অতি প্ৰাচীন আৰু প্ৰায় একেধৰণৰ সামাজিক, সাংস্কৃতিক তথা ভাষিক সাদৃশ্যক প্ৰতিনিধিত্ব কৰে। অথচ ন্যূনতম পৰিমাণৰ বৈসাদৃশ্যক কেন্দ্ৰ কৰিয়েই এই দুখন দেশত দুটা পৃথক পৃথক জাতিসত্তা গঢ় লৈ উঠিছে। যি ভিন্নতাক ইছলামৰ অখণ্ড প্ৰভাৱে শেষ কৰিব পৰা নাই। পৰিস্থিতিটো যে একমাত্ৰ ইৰান বা ইৰাকতে প্ৰযোজ্য তেনে নহয়। বৰং মধ্যপ্ৰাচ্যৰ প্ৰতিখন দেশতে এই পৰিস্থিতি বিৰাজমান। এই দিশৰপৰাও বুজাত অসুবিধা নহয় যে ধৰ্ম কেতিয়াও জাতি অথবা জাতীয়তাবাদৰ ভিত্তি হ'ব নোৱাৰে।
বিশ্বজনীন এই পৰিস্থিতিৰ মাজতো ভাৰতীয় জাতিসত্তাই উপযুক্ত শিক্ষা আজিও গ্ৰহণ কৰিব পাৰিছে বুলি ক'ব নোৱাৰি। এই কথা নক'লেও হ'ব যে আমাৰ দেশত ব্ৰিটিছৰ শোষণৰ ঊমৈহতীয়া ব্যৱস্থা (Uniformity of exploitation)ৰ পৰিণতিত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসমূহে একক ভাৰত জাতীয়তাবাদৰ মাজত বিলীন হোৱাৰ এক প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। অসমীয়া জাতীয়তাবাদৰ সৈতে আৰব সাগৰৰ পাৰত থকা মালাবাৰ জাতীয়তাবাদক একেধৰণৰ বৈশিষ্ট্যপূৰ্ণ বুলি ধাৰণা কৰাটো মূৰ্খামি। কিন্তু, ব্ৰিটিছে যেতিয়া সুদূৰ বেলুচিস্তানৰপৰা আৰম্ভ কৰি অসমলৈ একেধৰণৰ শোষণতান্ত্ৰিক ব্যৱস্থা এটা গঢ়ি তুলিলে, তেতিয়াই ভাৰতৰ ভিন্ন প্ৰান্তৰ ক্ষুদ্ৰ জাতিসত্তাসমূহ নিজস্ব বৈশিষ্ট্যাৱলী অক্ষুণ্ণ ৰাখিও অভিন্ন ভাৰতীয় জাতিসত্তাৰ মাজত প্ৰথমবাৰলৈ একাত্মিকতা অনুভৱ কৰাই নহয়, একক জাতি হিচাপে ব্ৰিটিছৰ বিৰুদ্ধে সংগ্ৰামতো লিপ্ত হৈছিল। ধৰ্মৰ নামত পৰৱৰ্তী কালত মুছলিম লিগ আৰু হিন্দু মহাসভাৰ পৰস্পৰবিৰোধী কাৰ্যকলাপে এই জাতীয় ধাৰাক বিঘ্নিত কৰিবলৈ চেষ্টাৰ ত্ৰুটি কৰা নাছিল। যদিও সেই চেষ্টা সামগ্ৰিকভাৱে সফল হ'ব নোৱাৰিলে। ইছলাম ধৰ্মৰ নামত মুছলমানসকলক এটা জাতি হিচাপে প্ৰতিপন্ন কৰাৰ চেষ্টাৰে পৃথক পাকিস্তানৰ জন্ম দিয়াৰ পিছতো ভাৰতৰ অগণন লোক ধৰ্মনিৰপেক্ষ দৃষ্টিভংগীৰে ভাৰতীয় জাতিসত্তাক নিজৰ জীৱনধাৰাৰ অভিন্ন অংগ বুলি প্ৰতিপন্ন কৰিলে। ভাৰতীয় জাতিসত্তাৰ এই বিকাশৰ ধাৰাত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহৰ ভূমিকা আছিল অসাধাৰণ। ভাৰতৰ বিভিন্ন প্ৰান্তৰ জাতিসত্তাসমূহক মূল ধাৰাৰ জাতীয়তাবাদৰপৰা ভিন্ন কৰাৰ চেষ্টা প্ৰথমৰেপৰাই অব্যাহত আছিল আৰু সেয়া আজিও আছে। এই প্ৰৱণতা নিঃশেষ কৰিব পৰাটো সহজসাধ্য বুলি ক'ব নোৱাৰি। সেয়া এক অন্য প্ৰসংগ।

মূল বিষয়বস্তুলৈ যোৱাৰ পূৰ্বে যি কথাটোত গুৰুত্ব দিয়া প্ৰয়োজন সেয়া হৈছে অসমীয়া জাতীয়তাবাদৰ মূল ভেটি কি? ষ্টালিনৰ জাতিৰ সূত্ৰ অনুযায়ী ভৌগোলিক, সাংস্কৃতিক, ভাষিক দিশৰপৰা অসমীয়া জাতিসত্তাৰ উপাদানসমূহ বিৰাজমান যদিও সাৰ্বভৌম ক্ষমতাৰ দিশৰপৰা এই জাতীয়তা অসম্পূৰ্ণ। এই বিতৰ্ক এৰাই চলিও ক'ব পাৰি এটা জাতি হিচাপে অসমীয়াই দাবী কৰাৰ যথেষ্ট থল আছে। অসমীয়া এটা স্বয়ংসম্পূৰ্ণ জাতি তাতো কোনো সন্দেহ থাকিব নোৱাৰে। কিন্তু, অসমীয়া এই জাতিসত্তা কিমান স্বয়ংসম্পূৰ্ণ ইয়াক লৈ বিতৰ্ক অৱসান ঘটিছে বুলি ক'ব নোৱাৰি। বিশেষকৈ অসমীয়া জাতিসত্তাৰ মাজতে ক্ষুদ্ৰ জনজাতীয় জাতিসত্তাসমূহ এটা সময়ত বিলীয়মান আছিল যদিও আজি এই জাতিসত্তাসমূহৰ আত্মপৰিচয়ৰ সংগ্ৰাম বিশেষ দিশলৈ ধাৱিত হৈছে। আনকি বড়ো জাতীয়তাবাদীসকলে সম্প্ৰতি অসমীয়া জাতিৰ অংশ নহয় বুলিও সগৌৰৱে ঘোষণা কৰিছে। অসমৰ অন্যান্য ক্ষুদ্ৰ জনজাতীয় জাতিসত্তাসমূহে নিজকে অসমীয়া জাতিৰ অংগ নহয় বুলি বৰ্তমানলৈ ঘোষণা কৰা নাই যদিও অদূৰ ভৱিষ্যতে কি পৰিস্থিতিৰ সৃষ্টি হয় সেয়া আজিয়ে কোৱাটো সম্ভৱ নহয়।

অসমীয়া জাতীয়তাবাদৰ মূল তিনিটা স্তম্ভই হৈছে অসমীয়া ভাষা, অসমীয়া সংস্কৃতি আৰু অসমৰ ভৌগোলিক পৰিসীমা। অসমীয়া জাতীয়তাবাদক সঞ্জীৱিত কৰি ৰাখিবলৈ এই তিনিটা দিশৰ সৰ্বাধিক গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। এই তিনিটা স্তম্ভ যিমানে ক্ষয়িষ্ণু হ'ব সিমানেই দুৰ্বল হ'ব অসমীয়া জাতিৰ ভেটি। এই কথা কাৰো অবিদিত নহয় যে সাত ৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠাৰ মাজেৰে অসমীয়া জাতিৰ ভেটি স্থাপনৰ বাট আহোম যুগতেই সূচনা হৈছিল। অসমীয়া ভাষা আৰু সংস্কৃতিৰ যি উচ্চতৰ স্তৰ এটা আমি আজি দেখিবলৈ পাইছো তাৰো ভিত্তি স্থাপন হৈছিল আহোম যুগত। আহোমসকলে প্ৰথমতে শাসনতান্ত্ৰিক ব্যৱস্থাত নিজৰ টাই ভাষা পৰিহাৰ কৰি ৰাজ কাৰ্য পৰিচালনাত অসমীয়া ভাষাৰ ব্যৱহাৰ আৰম্ভ কৰিছিল। আহোম যুগৰপৰাই সেয়েহে অসমীয়া জাতীয়তাবাদৰ প্ৰাথমিক অংকুৰণ দেখিবলৈ পোৱা যায়। আহোম যুগৰ শেষ স্তৰত অহা বংগৰ ব্ৰাহ্মণসকল তথা উত্তৰ ভাৰতৰ কায়স্থসকলে অসমীয়া ভাষাক উন্নততৰ ৰূপ প্ৰদানৰ বাবে পালন কৰা ভূমিকা অবিস্মৰণীয়। আহোম যুগতেই অসমীয়া ভাষাই বৰ্তমান অসমৰ ভৌগোলিক পৰিসীমাৰ এটা বৃহৎ অঞ্চলত সহযোগী ভাষা (Common lingua-franca)ৰ ৰূপত ব্যৱহাৰ হ'বলৈ ধৰিছিল। আহোম যুগৰ পূৰ্বৰেপৰা বৰ্তমান মুছলমান শাসকসকলৰ সৈতে অসমলৈ অহা মুছলমান আৰু ৰাজপুতসকলৰ যি অৱশিষ্ট অংশ এটা এই মুলুকত থাকি গৈছিল তেওঁলোক অসমীয়া জাতিসত্তাৰ অভিন্ন অংগ হৈ পৰিছিল আৰু অসমীয়া জাতিসত্তাৰ বিকাশত তেওঁলোকৰ ভূমিকা কোনোপধ্যে অস্বীকাৰ কৰিব নোৱাৰি। ঊনবিংশ শতিকাৰপৰা পূৰ্ববংগীয় মুছলমান সমাজৰ বৃহৎ অংশ আৰু বিহাৰ, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, ওড়িশা, বংগকে আদি কৰি সান্তাল পৰগণা অঞ্চলৰপৰা অসমত সংস্থাপিত আদিবাসী চাওতাল তথা চাহ শ্ৰমিকসকলো অসমীয়া জাতিসত্তাৰ অভিন্ন অংগ হৈ পৰিছে। অসমীয়া ভাষা, সাহিত্য আৰু সাংস্কৃতিক বিকাশৰ ক্ষেত্ৰত এওঁলোকৰ অৱদানো অপৰিসীম। একেদৰে স্বাধীনতাৰ পূৰ্বে অসমলৈ অহা বঙালী হিন্দু সম্প্ৰদায়ৰো বৃহৎ অংশ অসমীয়া জাতিসত্তাৰ অংশীদাৰ হৈছে। অসমত প্ৰথমগৰাকী প্ৰগতিশীল কবি হিচাপে খ্যাত ধীৰেন দত্তৰ উত্তৰ পুৰুষ বঙালী সম্প্ৰদায়ত থাকিলেও তেওঁৰ বংশধৰসকলক অসমীয়া জাতিসত্তাৰপৰা ভিন্ন কৰাৰ সাধ্য কাৰ? বিষয়বোৰ গভীৰভাৱে বিবেচনা কৰা প্ৰয়োজন। অসমীয়া জাতীয়তাবাদৰ বিকাশৰ বাট সেইবাবে সকলো জাতি-জনগোষ্ঠীৰ স্বকীয় বৈশিষ্ট্যবোৰৰ প্ৰতি সন্মান জনায়েই আগ বঢ়াই নিব লাগিব। হিংসা আৰু বিদ্বেষৰ পৰিণতিত এই জাতিসত্তাৰপৰা কোনো এটা অংশ যদি আঁতৰি যায় তেনেহ'লে তাৰ কু-প্ৰভাৱ অসমীয়া জাতিসত্তাই বহন কৰিব লাগিব।
অসমীয়া জাতীয়তাবাদৰ সৈতে মুছলমানৰ প্ৰসংগ আলোচনা কৰিব লাগিলে দুটা দিশ প্ৰথমে স্পষ্ট কৰা প্ৰয়োজন। প্ৰথম দিশটো হৈছে – আহোম যুগৰ সময়লৈ যিসকল মুছলমান এই মুলুকত প্ৰৱেশ কৰিছিল তেওঁলোক অসমীয়া জাতিসত্তাৰ তেজ-মঙহৰ সৈতে বিলীন হৈ গৈছে। এই লোকসকলক অসমীয়া জাতিসত্তাৰপৰা কেতিয়াও ভিন্নতৰ ৰূপত দাঙি ধৰিব নোৱাৰি। কিন্তু, সমস্যাটো হৈছে সাম্প্ৰতিক কালত অসমীয়া জাতিসত্তাৰ যেতিয়া এক ধৰ্মীয় পৰিচয়েৰে প্ৰতিষ্ঠা কৰাৰ অশুভ কছৰৎ বিৰাজমান তেনেস্থলত অসমীয়াৰ তেজ-মঙহৰ সৈতে বিলীন হোৱা এই মুছলমানৰ অংশটো অসমীয়া জাতিসত্তাৰ মাজত কিমান দূৰ সুৰক্ষিত তাক লৈ প্ৰশ্নৰ অৱতাৰণা হোৱাই স্বাভাৱিক।

দ্বিতীয় প্ৰসংগটো হৈছে – ব্ৰিটিছ যুগত অসমত খাদ্য-শস্যৰ উৎপাদন, নগদী শস্য উৎপাদনৰ লগতে ৰাজহ বৃদ্ধি কৰিবলৈ যি মুছলমান দৰিদ্ৰ লোকসকলক অবিভক্ত ভাৰতৰ পূৰ্ব বংগৰপৰা আনি অসমত সংস্থাপিত কৰিছিল এই লোকসকল স্বাধীনতাৰ সাত দশক পিছতো বিভিন্ন ধৰণে উপলুঙাৰ পাত্ৰ হৈ আহিছে। এই কথা উল্লেখ কৰাটো নিষ্প্ৰয়োজন যে এই জনসমষ্টিটোৱে নিজৰ মাতৃভাষা বাংলাৰ পৰিৱৰ্তে ১৯৫১ চনৰ লোকপিয়লত অসমীয়া বুলি লিপিবদ্ধ নকৰা হ'লে ১৯৫১ চনত ভাষাভিত্তিক ৰাজ্য গঠন প্ৰক্ৰিয়াত অসমৰ স্থিতি কি হ'লহেঁতেন? অসমৰ স্বকীয়তা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত ১৯৫১ৰ লোকপিয়লৰ সময়ত এইসকল মুছলমানৰ ভূমিকাই আছিল সৰ্বাধিক। পৰৱৰ্তী কালত অসমত অসমীয়া ভাষা ৰাজ্যভাষাৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰতো এই জনগোষ্ঠীটোৰ ভূমিকা অপৰিসীম। অথচ কিছুমান ভ্ৰান্তিৰ বাবে এই জনগোষ্ঠীটো এচাম উগ্ৰ অসমীয়া জাতীয়তাবাদীৰ নিৰন্তৰ আক্ৰমণৰ লক্ষ্য হৈ আহিছে। এনে পৰিঘটনাই অসমীয়া ভাষা আৰু জাতিৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৰ মাজত সন্দেহ আৰু অবিশ্বাসৰ বাতাবৰণ প্ৰবলতৰ হ'বলৈ ধৰিছে। যি অসমীয়া জাতিসত্তাৰ বাবে এক প্ৰবল প্ৰত্যাহ্বান। এই প্ৰত্যাহ্বানৰ মাজত থিয় হৈ এটা কথাই ক'ব পৰা যায় যে অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অসমত প্ৰৱেশ কৰা সকলোকে একাত্ম কৰি অসমীয়া জাতিসত্তাই উদাৰভাৱে আঁকোৱালি লৈ আগ বাঢ়িব যাব লাগিব। ভাষাভিত্তিক জাতীয়তাবাদৰ মূল ভেটি অক্ষুণ্ণ ৰাখিবলৈ এইটোৱেই হ'ব অসমীয়া জাতীয়তাবাদ সুৰক্ষিত কৰাৰ উত্তম পন্থা।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতীয়তাবাদ আৰু মুছলমান- (জমশ্বেৰ আলি)"

Leave a Comment

Your email address will not be published. Required fields are marked *