অতিথি সম্পাদকৰ চ'ৰাচতুৰ্থ বছৰ (প্ৰথম সংখ্যা)

জ্যোতিষ আৰু বিশ্বাস-অন্ধবিশ্বাস-(ড০ ৰাস্না ৰাজখোৱা)

প্রাচীন কালত মন্দিৰ পৰিচালনাৰ বাবে আৱশ্যক হোৱা গণনা আৰু হিচাপ কৰিবলৈ সমৰ্থ হোৱা কিছুমান গণনা পদ্ধতি মন্দিৰৰ পৰিচালকসকলে তেওঁলোকৰ আয়ত্তৰ ভিতৰত থকা আৰু উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা আন এখন ক্ষেত্ৰত প্রয়োগ কৰিবলৈ ধৰিছিল আৰু ই হ’ল জ্যোর্তিবিদ্যা চর্চা আৰু দিন পঞ্জিকা নিৰ্মাণ। আদিম মানুহে চন্দ্র, সূর্য আৰু নক্ষত্ৰবোৰৰ প্রতি মনোযোগ দিছিল। কিন্তু দিন-ৰাতিৰ দৰে ইন্দ্রিয়গ্রাহ্য, নিয়মিত নিৰ্ভৰযোগ্য ঘটনাতকৈ বজ্ৰপাতৰ দৰে তেওঁলোকৰ বাবে “দৈৱিক” ঘটনাক লৈহে তেওঁলোক অধিক উদ্বিগ্ন আছিল। তেওঁলোকৰ প্রয়োজনীয় দিন পঞ্জিকাৰ যোগান ধৰিছিল আকাশৰ চন্দ্ৰই। চন্দ্রক কেন্দ্ৰ কৰি বহু অতিকথা, আচাৰ-অনুষ্ঠানৰ সৃষ্টি হৈছিল যদিও প্রথমতে এইবোৰত অংকশাস্ত্র বা জ্যোতির্বিদ্যাৰ কোনো স্থান নাছিল। কৃষি সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মাহ নহয়, বছৰহে অধিক গুৰুত্বপূৰ্ণ হ’বলৈ ধৰিছিল। বছৰ আৰু কৃষিকার্য নিয়ন্ত্রণকাৰী সূর্যক দেৱতাৰূপে উপাসনা কৰিবলৈ আৰম্ভ কৰিলে। বৃহৎ হাৰত খেতি কৰিবলৈ হ’লে তাৰ বাবে আগতীয়াকৈ প্রস্তুত হোৱাটো আৱশ্যক। অৱশ্যে প্রকৃতিয়ে সুন্দৰকৈ ইয়াৰ আগজাননী দিয়ে। ঋতু আৰু পক্ষীৰ মাজৰ ব্যৱহাৰিক সম্পৰ্কক সহজে নিৰীক্ষণ কৰিব পাৰি আৰু ইয়েই পিছলৈ ‘ভৱিষ্যৎ বাণী’ কুসংস্কাৰত পৰিণত হ’ল। ইতিমধ্যে দিন পঞ্জিকা আৰু দিন পঞ্জিকা প্রস্তুত কৰিবলৈ আৱশ্যক হোৱা জ্যোর্তিবিদ্যাই এক ধর্মগত গুৰুত্ব অর্জন কৰিছিল। জটিলৰ পৰা জটিলতৰ এশাৰী পবিত্র দিন থিৰ কৰিবলৈকে এই দিন পঞ্জিকাৰ প্রয়োজন হৈছিল। প্ৰকৃতিৰ নিয়মানুবর্তিতা সুৰক্ষিত কৰিবলৈ এনেবোৰ পবিত্র দিন পালন কৰাটো আৱশ্যকীয় বুলি বিবেচনা কৰা হৈছিল। বর্তমানেও আমি ‘দেওবাৰ’ পালন কৰোঁ।

প্রাচীন কালত অসমতো অন্যান্য শিক্ষাৰ লগে লগে টোলবোৰত জ্যোতিৰ্বিদ্যা বা জ্যোতিষবিদ্যাৰ চৰ্চাও চলিছিল। প্রাচীন প্ৰায়বোৰ মানৱ সভ্যতাই মহাকাশীয় উপাদানৰ অধ্যয়ন কৰিছিল। যিসকল লোকে মহাকাশীয় উপাদানৰ অর্থাৎ গ্রহ-নক্ষত্র, ধূমকেতু ইত্যাদিৰ অধ্যয়ন কৰিছিল তেওঁলোকে এই উপাদানবোৰৰ লগত পৃথিৱীৰ উপাদানৰ কার্যকলাপৰ সম্পর্ক স্থাপন কৰিবলৈ যত্ন কৰিছিল। গতিকে পৰম্পৰাগত জ্যোতিৰ্বিদ্যাই (Traditional Astronomy) অসমত জ্যোতিষৰ (Astrology) ৰূপ ল’লে। অসমত পৰম্পৰাগত জ্যোতিৰ্বিদ্যা আৰু জ্যোতিষবিদ্যা পৃথক কৰাটো যথেষ্ট কঠিন। অসমৰ মানুহে গ্রহ-নক্ষত্র অধ্যয়ন কৰাত যথেষ্ট অগ্রগতি লাভ কৰিছিল। এই জ্যোতিৰ্বিদ্যা তথা জ্যোতিষবিদ্যা নিশ্চিতভাবে পৰম্পৰাগত পদ্ধতিৰে অধ্যয়ন কৰিছিল। প্রাচীন আৰু মধ্যযুগৰ অসমত যে জ্যোতিৰ্বিদ্যা তথা জ্যোতিষবিদ্যাৰ যথেষ্ট অধ্যয়ন হৈছিল তাৰ বহুতো প্রমাণ আছে। গুৱাহাটীৰ নৱগ্রহ মন্দিৰ আৰু গোৱালপাৰা জিলাৰ সূর্য পাহাৰেই ইয়াৰ প্রমাণ। ইতিপূৰ্বে আমাৰ অসমৰ নৱগ্রহ মান-মন্দিৰত জ্যোতিষ চৰ্চাৰ বহল প্রচাৰ থকাৰ সম্ভেদ পোৱা গৈছে। নৱগ্রহ মান-মন্দিৰ প্রাচীন কালৰ ঋষি-মুনিসকলে জ্যোতিষ চৰ্চা কৰা কেন্দ্রস্থল বুলি জনাজাত আছিল। নৱগ্রহ মন্দিৰটো নটা গ্রহৰ নামত উৎসর্গিত। কিন্তু নৱগ্রহ মন্দিৰৰ এই নটা গ্রহ বাস্তৱত সূৰ্যৰ চাৰিওফালে প্রদক্ষিণ কৰি থকা নটা গ্রহৰ সৈতে সম্পূৰ্ণকৈ মিল নাই, কেৱল পাঁচটা গ্রহহে মিলে। সেই কেইটা হ’ল — বুধ (Mercury), শুক্র (Venus), মঙ্গল (Mars), বৃহস্পতি (Jupiter), আৰু শনি (Saturn)। সেই নটা গ্রহৰ ভিতৰত চন্দ্র, সূর্য (ৰবি) আৰু জ্যোতিষৰ আনুমানিক বস্তু ‘ৰাহু’ আৰু ‘কেতু’কো গ্রহ হিচাপে ধৰা হৈছে। মন্দিৰটোত একোটা গ্রহক একোটা লিংগৰে প্রতিনিধিত্ব কৰা হৈছে। খুব কমসংখ্যক বুৰঞ্জীবিদে বিশ্বাস কৰে যে নৱগ্রহ মন্দিৰটো প্রাচীন কালত সৌৰ নিৰীক্ষীয় গৃহ (Solar Observatory) আছিল। তেওঁলোকৰ মন্তব্যৰ ভিত্তি হ’ল যে মন্দিৰৰ ভিতৰত এটা শিৱলিঙ্গক কেন্দ্ৰ কৰি নটা শিৱলিঙ্গ বৃত্তাকাৰভাবে এনেকুৱাকৈ সজোৱা হৈছে যে (কেন্দ্ৰত থকা শিৱলিঙ্গটোৱে সূর্যক প্রতিনিধিত্ব কৰে) তেনেকুৱা সজ্জা পৃথিৱীৰ পুৰণা বহুতো সৌৰ নিৰীক্ষীয় গৃহত আৰু কেলেণ্ডাৰত দেখা যায়। নৱগ্রহ মন্দিৰৰ অৱস্থানটোৱেও এই মন্তব্যটোক সমর্থন কৰে। দিনৰ ভাগত সৰ্বোচ্চ সূর্যৰ পোহৰ পৰিব পৰাকৈ মন্দিৰটো নিৰ্মাণ কৰা হৈছে যিটো জ্যোতিৰ্বিজ্ঞানৰ কামৰ (Astronomical work) বাবে অতি প্রয়োজন। মানুহে ভাবিছিল, স্বৰ্গত (মহাকাশত) নিয়মিত সংঘটিত হোৱা কার্যাৱলীয়ে যিহেতু প্রকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰে আৰু ঋতু পৰিৱৰ্তন ঘটাব পাৰে, সেইকাৰণে এনেবোৰ কাৰ্যই মানুহৰ জীৱনতো প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। প্ৰথমতে আকাশমার্গৰ লগত দৈৱপুৰুষ সদৃশ ৰজাকহে সাঙোৰা হৈছিল। কিন্তু অৱশেষত এই সুবিধা সাধাৰণ সুবিধালৈ ৰূপান্তৰিত হ’ল আৰু ধন ব্যয় কৰিব পৰা প্রতিজন ব্যক্তিয়েই গ্রহ-নক্ষত্ৰৰ প্ৰভাৱক নিয়ন্ত্রণ কৰিবলৈ চেষ্টা কৰিব পৰা হ’ল। জ্যোতিষৰ ধাৰণা ভ্রান্ত হোৱা সত্ত্বেও ইয়াৰ বাবেই মানুহে হেজাৰ হেজাৰ বছৰ ধৰি গ্রহ-নক্ষত্ৰ নিৰীক্ষণ কৰিছিল। জ্যোতিষ ভ্রান্ত বুলি জানিও বহু শিক্ষিত লোক আছে যিয়ে জ্যোতিষীৰ কথা অন্ধভাবে বিশ্বাস কৰে। জ্যোতিষৰ ভৱিষ্যত বাণীৰ অভিজ্ঞতা সকলোৰে বাবে বেলেগ বেলেগ।

এইখিনিতেই ব্যক্তিগত অভিজ্ঞতা এটাৰ বিষয়ে ক’ব বিচাৰিছো। মই মেট্রিক পৰীক্ষা দিয়া বছৰৰ কথা। স্কুলত ফাইনেল পৰীক্ষাৰ আগতে টেষ্ট পৰীক্ষা পাতিছে। সেইদিনা ইংৰাজী বিষয়ৰ পৰীক্ষা আছিল। পৰীক্ষালৈ বুলি গা-পা ধুই ওলাইছো। তেনেতে জ্যোতিষী বৰদেউতা এজন আহিল আমাৰ ঘৰলৈ। মা-দেউতাই জ্যোতিষীক হাত দেখুওৱা কথাটো বেয়া পায় যদিও মই কি ভাবি জানো লৰালৰিকৈ মোৰ দুইখন হাত আগ বঢ়াই দি ক’লো, বৰদেউতা মোৰ হাত চাই দিয়কচোন, পৰীক্ষাত পাছ কৰিমনে ?

তেখেতে মোৰ হাতদুখন চাই ক’লে, “পৰীক্ষা দিব পাৰিবা, কিন্তু পাছ কৰিব নোৱাৰিবা। তোমাৰ পঢ়াৰ লাইনটো নায়েই। মেট্রিক পাছ কৰা টান আছে।” চকুপানী ওলাই গ’ল। মায়ে ভিতৰলৈ মাতি নি ক’লে, “মাকতকৈ পৃথিৱীত ডাঙৰ জ্যোতিষী কোনো নাই। তই যা পৰীক্ষা দিবলৈ। পৰীক্ষা যদি বেয়া হয় তই মোক যি কৰ কৰিবি। এইটো পৰীক্ষা কিয়, তই যদি নিজে ইচ্ছা কৰ তেনেহ’লে বহুত পঢ়িব পাৰিবি। তোক দেখোন ছাৰহঁতে পঢ়াত ভাল বুলিয়ে কয়, তোৰ মনটো দৃঢ় কৰি ৰখাটোহে আচল কথা। দুর্বল মনৰ মানুহবোৰহে জ্যোতিষীৰ কাষলৈ যায়। তই মোৰ সাহসী ছোৱালী। জ্যোতিষীৰ কথাবোৰ যে সঁচা নহয়, প্রমাণ কৰ।” মাৰ কথাবোৰ শুনাৰ পিছতো মই মন মাৰি থকা দেখি মায়ে আকৌ ক’লে, “জ্যোতিষীয়ে যদি ইমান জানে, তেওঁলোকৰনো বিপদবোৰ কিয় আহে? আগতেই প্রতিকাৰ কৰিব পাৰে দেখোন!”

মাক একো নকৈ মই স্কুললৈ গৈ পৰীক্ষা দিলো যদিও জ্যোতিষী বৰদেউতাৰ কথাই মনটো অনবৰত বিষণ্ণ কৰি ৰাখিলে। সেই মুহূৰ্তৰ পৰা টেষ্টৰ ৰিজাল্ট দিয়ালৈকে মনৰ মাজত এটা সন্দেহ আৰু অহেতুক ভয়ে মাজে মাজে ভুমুকি মাৰি থাকিল – মই পৰীক্ষাত ফেইল কৰিম নেকি? ৰিজাল্ট দিয়াৰ পিছত মাৰ কথাষাৰেই যে পৰম সত্য আছিল উপলব্ধি কৰিলোঁ। এয়া মাত্র এটা উদাহৰণহে। হয়তো কোনোবাই ক’ব পাৰে, জ্যোতিষীজন চাগে পাৰ্গত বা দক্ষ নাছিল! কিন্তু একেধৰণৰ ঘটনা এজন “স্বর্ণপদকপ্রাপ্ত” জ্যোতিষীৰ লগতো ঘটিল। সেইবাৰ মই পদার্থবিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত বহিম। মেট্রিকৰ টেষ্টৰ ইংৰাজী পৰীক্ষাৰ দিনাৰ পৰা কাৰো ওচৰত হাত বা কুণ্ডলী নেদেখুওৱা মইজনী, ঘৰুৱা অশান্তি নিবাৰণৰ কাৰণে “স্বর্ণপদকপ্রাপ্ত” জ্যোতিষীৰ বিধান বিচাৰি অহা সম্পৰ্কীয় খুড়া এজনৰ লগত তেখেতৰ ঘৰলৈ যাব লগা হ’ল, কিয়নো খুড়াই তেখেতৰ ঘৰ চিনি নাপায়। যিহেতু খুুুুড়া মোৰ লগতে আকৌ আমাৰ ঘৰলৈকে আহিব, গতিকে জ্যেতিষীয়ে বিধান দিয়ালৈকে মইও তাতে বহি থাকিব লগা হ’ল। এটা সময়ত খুড়াই মোৰ হাতখন ধৰি জ্যোতিষীক ক’লে, “এইৰো হাতখন এবাৰ চাই দিয়কচোন,ভৱিষ্যত কেনেকুৱা হ’ব।”আপত্তি দৰ্শাই লগে লগে মই ক’লোঁ,”খুড়া,মই পইচাপাতি একো অনা নাই নহয় আৰু হাত চোৱাম বুলিওতো অহা নাছিলাে।” খুড়াই ক’লে, “একো নহয় দে, মইহে তােক দেখুৱাবলৈ কৈছোঁ” অর্থাৎ, জ্যোতিষীক মোৰ হৈ দিব লগাখিনি খুড়ায়ে দিব! উপায়ন্তৰ নাপাই, দিওঁ নিদিওঁকৈ মই হাতখন জ্যোতিষীলৈ আগ বঢ়াই দিলােঁ। আগৰবাৰ সেই জ্যোতিষী বৰদেউতাজনে যিখিনি কৈছিল, সেই কথাখিনিৰে সামান্য ইফাল সিফাল কৰিয়েই স্বর্ণপদকপ্রাপ্ত জ্যোতিষীয়ে মােৰ ভবিষ্যতবাণী কৰিলে। ভৱিষ্যতবাণী কৰি থকাৰ মাজতে তেখেতে মােক সুধিলে, মই কিহত পঢ়ো? মই মােৰ পঢ়াৰ কথা কওঁতে তেখেতে কাষতে থকা মেগনিফায়িং গ্লাছখন উঠাই লৈ মােৰ হাতখন পুনৰ নিৰীক্ষণ কৰি নিৰ্লজ্জ হাাঁহি এটা মাৰি মােৰ হাতৰ সৰু ৰেখা এডাল দেখুৱাই ক’লে, “এই ৰেখাডাল মই দেখাই নাছিলাে। এই ৰেখাডালে তােমাৰ সকলাে বেয়া ওফৰাই পেলাইছে। তােমাৰ বহুত পঢ়া-শুনা আছে, চৰকাৰী চাকৰি হ’ব। চহৰত নিজাকৈ ঘৰ, মাটি-বাৰী আৰু গাড়ী হ’ব।” – এনেকুৱা অভিজ্ঞতা চাগে কম-বেছি পৰিমাণে সকলােৰে আছে! জ্যোতিৰ্বিজ্ঞান পদাৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা, য’ত গ্রহ, নক্ষত্র তথা মহাকাশীয় বস্তুৰ গতিবিধি, আচৰণ পর্যবেক্ষণ আৰু বিশ্লেষণ কৰা হয়। কিন্তু জোতিৰ্বিজ্ঞান মানে জ্যোতিষ নহয়। বহুজনে ‘জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষ’ক একাকাৰ কৰি জ্যোতিষ বিজ্ঞান বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰা দেখা যায়। মানুহ বা দেশৰ ওপৰত প্ৰভাৱ পেলায় বুলি জ্যোতিষে দাবী কৰা গ্ৰহকেইটালৈ ভালকৈ লক্ষ্য কৰিলেই দেখা পাব জ্যোতিষ কিমান ভ্রান্ত ধাৰণা। জ্যোতিষৰ মতে সৌৰজগতৰ গ্ৰহকেইটা হ’ল—ৰবি (সূৰ্য), বুধ, মঙ্গল, বৃহস্পতি, শুক্ৰ,ৰাহু,কেতু,শনি আৰু চন্দ্ৰ। বাস্তৱত কিন্তু ৰবি অৰ্থাৎ সূৰ্য এটা নক্ষত্র, চন্দ্ৰ পৃথিৱীৰ উপগ্রহ, ৰাহু আৰু কেতু বুলি কোনাে গ্রহ বা মহাকাশীয় বস্তু নাই। তাৰােপৰি পৃথিৱী, নেপচুন,ইউৰেনাছক জ্যোতিষে গ্ৰহৰ মৰ্যাদা দিয়াই নাই। যদি মানুহৰ ওপৰত বাকীবােৰ গ্ৰহৰ প্ৰভাৱ আছে, তেনেহ’লে এইকেইটা গ্ৰহৰ প্ৰভাৱ কিয় নেথাকিব? বাকীবোৰ গ্ৰহৰ অমঙ্গল প্ৰভাৱ যদি প্রতিকাৰ কৰিব লাগে, এইকেইটা গ্রহৰ কিয় নালাগে? নেপচুন আৰু ইউৰেনাচ বহুত দূৰৰ গ্ৰহ বাবে ইয়াৰ প্ৰভাৱ কম বা নাই বুলি ধৰিলেও পৃথিবী গ্ৰহটোক এই ক্ষেত্ৰত উপেক্ষা কৰিব পাৰি জানো? বিশেষকৈ আমি পৃৃৃৃথিৱীত বাস কৰোঁ। সেইবাবে পৃথিবী গ্ৰহৰ বাবে হ’ব পৰা অমঙ্গলৰ প্ৰতিকাৰহে বেছিকৈ কৰিব লাগিছিল! সকলােৱে জনা কথা, গ্রহে কোনাে পােহৰ বিকিৰণ নকৰে। তেনেহ’লে গ্ৰহৰ পৰা অহা কিৰণে হাতত পিন্ধি থকা পাথৰটোত বিক্রিয়া কৰি মানুহক কেনেকৈ বিপদৰ পৰা ৰক্ষা কৰিব—সেইটো অবান্তৰ বিষয় নহয় জানাে?

কিছুমান বাতৰিকাকত আৰু আলােচনীত নিয়মীয়াকৈ ৰাশিফলৰ শিতান এটা দেখা যায়। ইয়াৰ মাজৰে কেইখনমান বাতৰি কাকত আৰু আলােচনীৰ কেইবাটাও সংখ্যা যদি সংগ্রহ কৰি ৰাশিফলখিনি মিলাই চোৱা যায় তেনেহ’লে দেখা যাব, এটা সংখ্যাৰ বাতৰি কাকতত মেষৰাশিৰ ৰাশিফলত যি লিখা আছে হয়তাে আন এটা সংখ্যাত সেই ৰাশিফল মীন ৰাশিত লেখা আছে।
এনেকৈয়ে অদল-বদল কৰি শিতানটো চলি থকা যেন অনুমান হয়। ৰাশিফলবোৰত যদি মীন ৰাশিৰ জাতকৰ আজি পেটৰ অসুখ হ’ব বুলি দিয়ে, তেনেহ’লেচোন সেইদিনটোত গােটেই মীন ৰাশিৰ মানুহৰ পেটৰ অসুখ হ’ব লাগিছিল! কিন্তু তেনে হােৱা দেখা যায় নে? জ্যোতিষৰ মতে নির্দিষ্ট কিছুমান বাৰত বা দিনত বিশেষ কিছুমান দিশত শুভ কামৰ বাবে যাব নেপায়, অশুভ হয়। যি সকলে এই কথাষাৰ নামানি যাত্ৰা কৰিছে, তেওঁলােকৰ অশুভ আৰু মনাখিনিৰ সকলোৰে শুভ হৈছেনে? শুভ দিন, বাৰ, ক্ষণ মিলাই যাত্ৰা কৰাৰ পিছতাে চালকৰ ভুলৰ বাবেই হওক বা যান্ত্রিক বিজুতিৰ বাবেই হওক, দুর্ঘটনাগ্রস্ত হােৱা বহুত উদাহৰণ আছে। বিবাহৰ ক্ষেত্ৰত যিসকলে ৰাহিযোৰা চাই বিবাহ কার্য সম্পন্ন কৰে, কেৱল তেওঁলােক সকলাে সুখী দম্পতী আৰু বাকী সকলাে অসুখী দম্পতি নেকি? ওচৰ-পাঁজৰৰ মানুহখিনিক ভালকৈ অধ্যয়ন কৰিলেই এই প্রশ্নৰ উত্তৰ নিজে নিজেই পােৱা যায়।

অৱশ্যে আমাৰ পঞ্জিকাবোৰে চন্দ্র গ্রহণ, সূর্য গ্রহণ আদিৰ সময়ৰ বিষয়ে প্রাচীন কালৰ পৰা শুদ্ধভাৱে কৈ আহিছে। বর্তমান যদিও কিছুমান অন্ধবিশ্বাসৰ সুযােগ লৈ কিছুমান জ্যোতিষীয়ে ৰমৰমীয়া বেপাৰ আৰম্ভ কৰিছে, কিন্তু প্রাচীন কালত প্রকৃতিক নিৰীক্ষণ কৰি আৰু গণনা কৰি চন্দ্র গ্রহণ, সূর্য গ্রহণ ইত্যাদি সময় নিৰূপণ কৰাৰ কৌশল কিছুমান প্রচলিত আছিল। অসমত আজিও সেই পৰম্পৰাগত কৌশলৰেই পঞ্জিকা আৰু কেলেণ্ডাৰ প্ৰস্তুত কৰা হয়। কিন্তু প্রাচীন কালত চলি থকা কিছুমান ভুল কথাৰ আজিও সংশোধন কৰা নহ’ল বা প্রয়ােজনবােধ নকৰিলে। উদাহৰণস্বৰূপে আমি জ্যোতিষত আজি পৰ্যন্ত ব্যৱহাৰ হৈ থকা গ্ৰহকেইটাৰ কথাকে উল্লেখ কৰিব পাৰোঁ। আনহাতে, গ্রহ এটাই কি শক্তিৰে বা কৌশলৰে কোনাে এজন মানুহৰ ভৱিষ্যতৰ ভাল-বেয়া ফলাফল নিৰ্ধাৰণ কৰিব পাৰে, সেই ব্যাখ্যাটো নিখুঁতভাৱে বিজ্ঞানসম্মত ব্যাখ্যা দিব পৰা হ’লে জোতিষশাস্ত্ৰক নিশ্চয় বিজ্ঞানৰ মৰ্যাদা প্রদান কৰিব পৰা গ’লহেঁতেন। কিন্তু সেই কাম জ্যোতিষে কৰিব নোৱাৰে বাবেই জ্যোতিষ বিজ্ঞান নহয়,জ্যোতিষৰ ওপৰত বিশ্বাস এক ভ্ৰান্তিৰ বাহিৰে আন একো নহয়।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *