জ্যোতিষ বনাম বিজ্ঞান - গৌৰীশংকৰ ভূঞা

প্ৰায় ১০ লাখ বছৰ ধৰি মানৱজাতিয়ে অবিৰতভাৱে সংগ্ৰাম কৰি পৃথিৱীত নিজৰ অস্তিত্ব দিনক দিনে অধিক মজবুত কৰি আহিছে|এই সংগ্ৰাম মাত্ৰ প্ৰকৃতিক জয় কৰাই নহয়, তাতকৈ বহু ব্যাপক| চকাৰ আৱিষ্কাৰ কৰি মানুহে বয়-বস্তু কঢ়িওৱাৰ কষ্টৰ পৰা মুক্তি লাভ কৰাটো মানৱ ইতিহাসত যিমান গুৰুত্বপূৰ্ণ, গণতন্ত্ৰৰ বিকাশৰ মাজেৰে স্বেচ্ছাচাৰী শাসকৰ মইমতালি মষিমূৰ কৰাটো‍ও সমানেই গুৰুত্বপূৰ্ণ; আইনষ্টাইনৰ আলোক-বিদ্যুত পৰিঘটনাৰ আৱিষ্কাৰ যিমান গুৰুত্বপূৰ্ণ, আডাম স্মিথ বা কাৰ্ল মাৰ্ক্সৰ গৱেষণাও সমানেই গুৰুত্বপূৰ্ণ‌। বৈচিত্ৰৰে ভৰপূৰ অন্তহীন এই তালিকাই হ’ল মানৱজাতিৰ সভ্যতাৰ খতিয়ান‌। এই ১০ লাখ বছৰত মানুহে বহুত কিবাকিবি জানিলে-বুজিলে আৰু সেই জ্ঞান ব্যৱহাৰ কৰি প্ৰকৃতিক কিছু পৰিমাণে নিজৰ আয়ত্তলৈও আনিলে, কিন্তু কেতিয়াও ভবিষ্যতৰ অনিশ্চয়তাক জয় কৰাটো মানৱজাতিৰ বাবে অসম্ভৱ হৈয়েই থাকিল‌।

ভবিষ্যতৰ অনিশ্চয়তাই মানুহক ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা অসহায় কৰি আহিছে‌। এই অনিশ্চয়তাৰ স্বৰূপ ইতিহাসৰ ভিন্ন সময়-বিন্দুত ভিন্ন হৈছে, কিন্তু ই নিৰন্তৰ মানুহক পৰাজিত কৰি আহিছে‌।

দুটামান উদাহৰণৰ দ্বাৰা এই পৰিবৰ্তিত অনিশ্চয়তাৰ স্বৰূপ আলোচনা কৰা যাওক‌।

প্ৰাগ ঐতিহাসিক যুগৰ চিকাৰজীৱী মানুহৰ ক্ষেত্ৰত এই অনিশ্চয়তা আছিল অতি তীব্ৰ‌। খোৱা বস্তু পোৱা যাবনে নাযাব, হিংস্ৰ বন্য জন্তুৰ আক্ৰমণৰ পৰা বাচি আহিব পাৰিবনে; এইবোৰ চিন্তাই আমাৰ চিকাৰজীৱী পূৰ্ব-পুৰুষক প্ৰতি পল ব্যস্ত কৰি ৰাখিছিল‌। লাহে লাহে সভ্যতাৰ বিকাশ হ’ল; অস্ত্ৰ-শস্ত্ৰৰ আগমনৰ লগে লগে বন্য জন্তুৰ ভয়ৰ পৰা মুক্তি পোৱা গ’ল‌। খেতি-বাতি আৰু সঞ্চয় পদ্ধতিৰ যোগেদি খাদ্যৰ অনিশ্চয়তাৰ পৰাও মুক্ত হ’ল মানৱ সমাজ‌। কিন্তু জীৱনৰ পৰা অনিশ্চয়তা দূৰ নহ’ল‌।

বিজ্ঞান-প্ৰযুক্তিয়ে উচ্চ শিখৰত আৰোহণ কৰা এই একবিংশ শতিকাৰ মানুহৰ জীৱনো অনিশ্চয়তাই বেৰি আছে‌।

“ম‍ই চাকৰি কৰা কোম্পানীটো বন্ধ হৈ গ’লে কেনেকৈ পৰিয়াল চলাম?”

“পঢ়া-শুনা শেষ কৰি চাকৰি পাম নে?”

এইবোৰ হ’ল বৰ্তমান যুগৰ অনিশ্চয়তা‌।

অৰ্থাত্‍ ভবিষ্যতৰ অনিশ্চয়তাই যুগ নিৰ্বিশেষে মানুহক সদায়েই অসহায় কৰি আহিছে‌। পৰাজয় স্বীকাৰ কৰিব নোখোজা মানুহে সেয়ে এই অনিশ্চয়তাক জয় কৰিবলৈ সুদূৰ অতীতৰ পৰা নানা চেষ্টা চলাই আহিছে‌। জ্যোতিষ চৰ্চাও এই চেষ্টাৰেই এক ফল‌।

এই লেখাটোত জ্যোতিষৰ জন্ম আৰু গণনাৰ পদ্ধতিৰ বিষয়ে এক অৱলোকন কৰাৰ চেষ্টা কৰা হৈছে‌।

আকাশখন মানুহৰ বাবে সদায়েই কৌতূহলৰ উত্‍স হৈ আহিছে‌। জীৱনৰ উত্‍স সূৰ্য, বৰষুণ, মেঘ, ৰাতিৰ তৰা-জোন আদিৰ ওপৰত অকল মানুহেই নহয়, সমগ্ৰ প্ৰকৃতি নিৰ্ভৰশীল‌। মানুহে এই উপলব্ধি সভ্যতাৰ প্ৰাতঃকালতেই কৰিছিল‌।

লাহে লাহে মানুহে ৰাতিৰ আকাশৰ তৰাবোৰৰ গতি-প্ৰকৃতি বুজিবলৈ চেষ্টা কৰিলে‌। কেপলাৰ, টলেমী আদি জ্যোতিৰ্বিদে এই দিশত কিছু যুগান্তকাৰী পৰ্যবেক্ষণৰ দ্বাৰা প্ৰমাণ কৰিছিল যে আকাশৰ তৰাবোৰে এক নিৰ্দিষ্ট গতিপথ মানি চলে আৰু এক নিৰ্দিষ্ট সময়ৰ অন্তৰালত প্ৰতিটো জ্যোতিষ্ক‍ই আকাশত একেই অৱস্থান গ্ৰহণ কৰে‌। উদাহৰণস্বৰূপে চলিত শৰত কালৰ (অক্টোবৰ, ২০১৮) গধূলি অসমৰ আকাশৰ দক্ষিণ দিশত দিগবলয়ৰ পৰা কিছু ওপৰত মঙল গ্ৰহটো দেখা যায় আৰু তাৰ পৰা কিছু দূৰত, দিগবলয়ৰ ওচৰতে প্ৰায় দক্ষিণ-পশ্চিম দিশত শনি গ্ৰহটো দেখা যায়‌। বছৰৰ বেলেগ বেলেগ সময়ত এই অৱস্থান বেলেগ বেলেগ হয়‌। গতিকে কিছু বছৰৰ আকাশৰ মানচিত্ৰ অধ্যয়ন কৰিলে ভবিষ্যতে আকাশত কোন সময়ত কোনটো জ্যোতিষ্ক ওলাব সেয়া আগতীয়াকৈ ক’ব পৰা যায়‌। অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে ২০১৮ চনৰ অক্টোবৰ মাহত অসমৰ আকাশখন যেনেকুৱা, ২০১৯ বা ২০২০ চনৰ অক্টোবৰতো সম্পূৰ্ণৰূপে একেই হ’ব‌। প্ৰতিটো জ্যোতিষ্কৰ বাবে পুনৰাগমনৰ সময়সূচী বেলেগ বেলেগ‌। প্ৰতিটো জ্যোতিষ্কৰ কক্ষপথ, আৱৰ্তন কালকে ধৰি বহুকেইটা কথা ইয়াৰ লগত জড়িত‌। যি কি নহওক, আকাশত কেতিয়া ক’ত কি কি জ্যোতিষ্ক ওলাব সেয়া আগতীয়াকৈ জনাটো বৰ্তমান অতি সহজ কথা‌। কিন্তু প্ৰায় ১০০০-১৫০০ খ্ৰীষ্টাব্দত, যেতিয়া এই অধ্যয়নৰ বিকাশ হৈছিল, তেতিয়া এয়া আছিল এক বিৰাট আবিষ্কাৰ‌। এয়াই আছিল এক প্ৰকাৰ অনিশ্চয়তাক গণিতৰ মাধ্যমেৰে জয় কৰাৰ প্ৰথমটো খোজ‌। এই অধ্যয়নৰে বিকাশ হৈ হৈ বৰ্তমান আজিৰ মানুহে মহাকাশ জয় কৰিব পৰা হ’ল; মঙল গ্ৰহত বসতি স্থাপন কৰাৰ পৰিকল্পনা কৰিব পৰা হ’ল‌।

এই অধ্যয়নৰেই এক অনুসিদ্ধান্তৰূপে বিকশিত হৈছিল জ্যোতিষ চৰ্চা, অৰ্থাত্‍ মানুহৰ জীৱনৰ অনিশ্চয়তাক একেই গণিতৰ মাধ্যমেৰে জয় কৰাৰ প্ৰয়াস‌। আন এক কথাত, জ্যোতিষৰ আৰম্ভণি হৈছিল প্ৰত্যাহ্বানৰ বিপৰীতে মানুহৰ পৰাজয় স্বীকাৰ কৰিব নোখোজা মানসিকতাৰ বাবেই‌।

মানুহে ইতিমধ্যে উপলব্ধি কৰিছিল যে আকাশত চলি থকা ঘটনাবিলাকে বিভিন্ন ধৰণেৰে মানুহৰ জীৱনত প্ৰভাৱ পেলায়‌। উদাহৰণস্বৰূপে সাগৰৰ জোৱাৰ-ভাটা পূৰাপূৰিকৈ চন্দ্ৰকলাৰ ওপৰত নিৰ্ভৰ কৰে‌। আকৌ, ঋতু অনুযায়ী আকাশৰ জ্যোতিষ্ক যেনেকৈ সলনি হয়, তেনেকৈয়ে গছৰ ফল, মূল, ফুল আদিও সলনি হয়‌। এইবিলাক পৰ্যবেক্ষণৰ ওপৰত ভেটি কৰি গ্ৰহ-নক্ষত্ৰৰ অৱস্থানে মানুহৰ জীৱনতো প্ৰভাৱ বিস্তাৰ কৰে বুলি ধাৰণাৰ জন্ম হ’ল। এয়াই জ্যোতিষৰ আৰম্ভণি‌।

জ্যোতিষত বিশ্বাস কৰা হয় যে এজন মানুহৰ জন্মৰ সময়ত আকাশৰ জ্যোতিষ্কবোৰৰ অৱস্থান কি কি আছিল, সেয়া সঠিককৈ জানিব পাৰিলে মানুহজনৰ ব্যক্তিত্ব, জীৱনত আহিব পৰা বিপদ বা সম্ভাৱনাবোৰৰ আগতীয়া অনুমান কৰিব পৰা যায়‌। আঙুঠি বা ৰত্ন পৰিধান কৰি এইবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায় বুলিও কিছু কিছু জ্যোতিষীয়ে কয়, পিছে এই কথাত সকলো জ্যোতিষী সন্মত নহয়‌। তদুপৰি, ভবিষ্যত পুৰ্বানুমান কৰিবলৈ ব্যৱহাৰ কৰা গণনা-পদ্ধতি সম্পৰ্কেও জ্যোতিষী সমাজত নানা মত আছে‌। অৱশ্যে এটা মূল সিদ্ধান্তত সকলো একমত, সেইটো হৈছে আকাশৰ জ্যোতিষ্কবোৰৰ অৱস্থানে মানুহৰ জীৱনত বহুল প্ৰভাৱ পেলায়‌।

জ্যোতিষৰ গণনা পদ্ধতিক লৈ চলি থকা মতানৈক্য, অনুমানৰ সফলতাৰ পৰিসংখ্যা ইত্যাদি কথাবোৰ সদ্যহাতে বাদ দি আমি পৰৱৰ্তী পৰ্যায়ত এই মূল সিদ্ধান্তৰ যুক্তিযুক্ততাৰ ওপৰত আলোচনা কৰিম‌।

আইজাক নিউটনে সপ্তদশ শতিকাত এই কথা প্ৰতিষ্ঠা কৰিছিল যে ভৰযুক্ত প্ৰতিটো বস্তুৱেই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰি থাকে‌। এই বলক আমি মহাকৰ্ষণ বল বা গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি জানো। এই বলৰ কাৰণেই গ্ৰহবোৰে একো একোটা নিৰ্দিষ্ট পথত সূৰ্যক প্ৰদক্ষিণ কৰি থাকে‌। সেইবাবেই আকাশত কোনটো গ্ৰহ কেতিয়া দেখা যাব, তাৰ এটা নিৰ্দিষ্ট নীতি থকাটো সম্ভৱ হৈছে‌। চন্দ্ৰৰ লগত জোৱাৰ-ভাটাৰ সম্পৰ্কৰ মূল কাৰণ এই বল‌।

দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল ইহঁতৰ ভৰ আৰু দূৰত্বৰ ওপৰত নিৰ্ভৰ কৰে‌। এই বল এবিধ আকৰ্ষণ বল‌। তাৰ বাহিৰে ইয়াৰ আন কোনো প্ৰভাৱ নাই‌। সেইবাবে চন্দ্ৰ, সূৰ্য বা আন গ্ৰহ (বা নক্ষত্ৰ)ৰ মহাকৰ্ষণ বলে মানুহৰ ভবিষ্যত নিয়ন্ত্ৰণ কৰাটো সম্ভৱপৰ নহয়‌। তাৰ উপৰি, এজন মানুহৰ ভৰ এটা গ্ৰহৰ তুলনাত তেনেই নগণ্য‌। আমাৰ দৈনন্দিন জীৱনত মহাকৰ্ষণ বলৰ আটাইতকৈ উল্লেখনীয় প্ৰভাৱ এইটোৱেই যে ই আমাক পৃথিৱীৰ লগত ধৰি ৰাখিছে‌। কিন্তু এই বলে কোনো প্ৰকাৰেই ভবিষ্যত্‍ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়‌।

ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে জ্যোতিষৰ মূল সিদ্ধান্তটোৱেই শুদ্ধ নহয়; বাকী গণনা পদ্ধতি আদিৰ কথা দূৰতেই থাকক লাগিলে‌। ভুল সিদ্ধান্ত এটাৰ ওপৰত ভিত্তি কৰি গণনা কৰিলে, লাগিলে সেই গণনা নিখুঁতভাৱে কম্পিউটাৰতেই কৰা নহওক কিয়, উত্তৰ কেতিয়াও শুদ্ধ হ’ব নোৱাৰে‌। মূলতঃ এইবাবেই জ্যোতিষশাস্ত্ৰ‍ই কোনো পদ্ধতিগত অধ্যয়নতেই নিজৰ শুদ্ধতা প্ৰমাণ কৰিব পৰা নাই| এনেকুৱা বহু অধ্যয়ন ইতিমধ্যে হৈ গৈছে| প্ৰখ্যাত জ্যোতিপদাৰ্থবিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰ আৰু যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰে এনেকুৱা এটা পৰীক্ষা সম্পাদন কৰিছিল; য’ত দেখা গৈছিল যে জ্যোতিষৰ গড় সফলতাৰ হাৰ যাদৃচ্ছিক (random) সফলতাতকৈ বেছি নহয়‌। এই লিংক (https://www.csicop.org/si/show/an_indian_test_of_indian_astrology) ত ক্লিক কৰি পঢ়ুৱৈয়ে গোটেই পৰীক্ষাটোৰ সবিশেষ জানিব পাৰিব‌।

অৱশ্যে এটা কথা সত্য যে জ্যোতিষৰ সফলতা শূন্য নহয়‌। বহুতো মানুহে নিজৰ জীৱনত জ্যোতিষৰ ফলাফল শুদ্ধ হোৱাৰ অভিজ্ঞতা পাইছে‌। যদি জ্যোতিষৰ মূল সিদ্ধান্ত‍ই ভুল, তেন্তে এইটো কেনেকৈ সম্ভৱ?

এইখিনিতেই আহি পৰে সম্ভাৱিতা আৰু যাদৃচ্ছিক বাছনিৰ (random choice) ধাৰণা‌। ধৰা হ’ল এটা মুদ্ৰা টছ কৰা হৈছে‌। এতিয়া যদি ম‍ই কওঁ যে টছত হেড ওলাব, তেন্তে মোৰ কথা শুদ্ধ হোৱাৰ ৫০% সম্ভাৱনা থাকিব‌। ঠিক তেনেকৈ ছয় পিঠিৰ লুডুৰ ডাইছ এটা মাৰোতে যদি ম‍ই কওঁ যে ইয়াত ৩ (বা যিকোনো অন্য নম্বৰ) ওলাব, তেতিয়া মোৰ কথা শুদ্ধ হোৱাৰ সম্ভাৱনা হ’ব ১০০ ÷ ৬= ১৬.৬৭%; কাৰণ প্ৰতিটো নম্বৰ ওলোৱাৰ সমান সম্ভাৱনা আছে‌। অৱশ্যে ডাইছটোৰ যদি কোনো এফালে গধুৰ, বা কোনো এফালে পৃষ্ঠখন বেঁকা ধৰণৰ হয়, তেতিয়া গণনা অধিক জটিল হ’ব - সেই কথা বাৰু থাকক‌। এয়াই তেনেই সাধাৰণ ভাষাত সম্ভাৱিতাৰ সূত্ৰ‌।

এতিয়া কথা হ’ল এই সূত্ৰৰ অৰ্থনো কি? অৰ্থ তেনেই সাধাৰণ‌। ধৰা হ’ল আপুনি এটা মুদ্ৰা বাৰে বাৰে টছ কৰিছে আৰু কাষতে থিয় হৈ ম‍ই প্ৰত্যেকবাৰেই ভবিষ্যতবাণী কৰি আছো হেড ওলাব নে টেইল ওলাব| ম‍ই কোনো গণনা কৰি এই ভবিষ্যতবাণী কৰা নাই, মুখত যি আহিছে সেয়াই কৈছো‌। অৰ্থাত্‍ মোৰ ভবিষ্যতবাণী যাদৃচ্ছিক বা random (একেবাৰে সহজ ভাষাত – “যা-তা”)‌। এতিয়া ১০০ বাৰ টছ কৰাৰ পাছত যদি আপুনি-ম‍ই দুয়ো মিলি হিচাপ কৰো কিমানবাৰ মোৰ ভবিষ্যতবাণী শুদ্ধ হ’ল, তেতিয়া দেখিম যে মোটামুটি ৫০ বাৰ শুদ্ধ হৈছে (কাৰণ সম্ভাৱিতা ৫০%)‌। একেই পৰীক্ষা যদি লুডুৰ ডাইছ এটাৰ লগত কৰোঁ, দেখিম যে ১০০ বাৰৰ ভিতৰত মোটামুটি ১৬-১৭ বাৰ শুদ্ধ ভবিষ্যতবাণী ম‍ই দিব পাৰোঁ‌। ইয়াত কোনো গণনা জড়িত নাই‌। নাৰ্লিকাৰ-ডাভোলকাৰৰ পৰীক্ষাত দেখা গৈছিল যে জ্যোতিষৰ সফলতাৰ হাৰ এই যাদৃচ্ছিক সফলতাতকৈ বেছি নহয়‌।

আমাৰ স্মৃতিশক্তিৰ এটা আচৰিত গুণ এই যে ই কথাবোৰ বাছনি কৰি মনত ৰাখে‌। যিকেইটা ভবিষ্যতবাণী আমাৰ লগত মিলি যায়, সেইকেইটা স্মৃতিত ৰৈ যায় আৰু যিকেইটা নিমিলে সেইকেইটা আমি সুন্দৰকৈ আওকাণ কৰি থওঁ‌। এনেকৈ যেতিয়া আমাৰ বছৰ বছৰ ধৰি স্মৃতিত তথ্য জমা হয়, কেৱল সেইকেইটা ভবিষ্যতবাণীৰ স্মৃতিহে থাকেগৈ যিকেইটা মিলিছিল‌। আৰু আমি স্বতঃস্ফূৰ্তভাৱে কৈ পেলাওঁ; “২৫ বছৰ ধৰি দেখিলোঁ, জ্যোতিষীৰ বেছিভাগ কথাই মোৰ জীৱনত মিলিছে‌।” জ্যোতিষ ইমানদিনে চলি থকাৰ ইও এটা অন্যতম কাৰণ‌। (অধিক তথ্যৰ বাবে https://doi.org/10.1037%2F1089-2680.2.2.175 ক্লিক কৰক)

জ্যোতিষীৰ বুদ্ধিদীপ্ত পৰ্যবেক্ষণ আৰু ভবিষ্যতবাণীৰ শব্দচয়নৰ বাবেও জ্যোতিষ বহু ক্ষেত্ৰত সঁচা যেন লাগে‌। জ্যোতিষৰ এই চাতুৰালি বহু পৰীক্ষা আৰু অধ্যয়নত পৰিষ্কাৰকৈ ওলাই পৰিছে‌।

বিজ্ঞানীসকলে বহুবাৰ বহুধৰণেৰে জ্যোতিষক লৈ পদ্ধতিগত অধ্যয়ন কৰিছে‌। প্ৰতিটো অধ্যয়নতে জ্যোতিষৰ অন্তঃসাৰশূন্যতা ওলাই পৰিছে‌। তলত এনেকুৱা কেইটামান প্ৰতিষ্ঠিত পৰীক্ষাৰ কথা উল্লেখ কৰা হৈছে‌।

১. জেফ্ৰী ডীন আৰু ইভান কেলীৰ পৰীক্ষা : সবিশেষ এই লিংকত পাব

https://www.telegraph.co.uk/news/uknews/1439101/Astrologers-fail-to-predict-proof-they-are-wrong.html

২. কাৰ্লচনৰ পৰীক্ষা : সবিশেষ ইয়াত

->https://archive.is/20120912144554/http%3A%2F%2Fwww.randi.org%2Fencyclopedia%2Fastrology.html

এইধৰণৰ বহুত পৰীক্ষাৰ কথা ইণ্টাৰনেটত সবিশেষ পোৱা যায়‌। পাঠকে মাত্ৰ এইটো কথা মন কৰা উচিত যে তথ্যবোৰ যাতে প্ৰতিষ্ঠিত ৱেবছাইট বা জাৰ্নেলৰ পৰা সংগৃহীত; কাৰণ ইণ্টাৰনেটত সত্য যিমান আছে অসত্য তাতকৈ বেছি আছে‌। সেয়ে তথ্যৰ উত্‍সৰ বাছনিৰ ক্ষেত্ৰত সাৱধান হোৱা উচিত‌।

আমি মূলতঃ এই লেখাত জ্যোতিষৰ কেন্দ্ৰীয় ধাৰণা যে ভুলৰ ওপৰত প্ৰতিষ্ঠিত সেই কথা আলোচনা কৰিলোঁ‌। লগতে এই সম্পৰ্কীয় বৈজ্ঞানিক অধ্যয়নৰ কথাও চমুকৈ উল্লেখ কৰিলোঁ‌।

শেষত এটা অন্য প্ৰসংগৰে সামৰণি মাৰোঁ‌। জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ লগত যিজন যুক্তিবাদী নৰেন্দ্ৰ ডাভোলকাৰৰ নাম উল্লেখ কৰা হৈছিল, তেখেত আছিল অন্ধবিশ্বাসবিৰোধী সংগ্ৰামৰ এজন অগ্ৰণী নেতা‌। পদ্মশ্ৰী সন্মানেৰে বিভূষিত ডাভোলকাৰ আছিল পেছাত এজন চিকিত্‍সক‌। অন্ধবিশ্বাসৰ বিপৰীতে আপোচহীন সংগ্ৰাম আৰম্ভ কৰাৰ বাবে তেখেতৰ শত্ৰুও আছিল অনেক‌। তাৰেই পৰিণতিস্বৰূপে ২০১৩ চনৰ ২০ আগষ্টত আততায়ীৰ গুলিত তেওঁ প্ৰাণ হেৰুৱায়‌। এই কূটাঘাটৰ পৰিকল্পনা “সনাতন সংস্থা” নামৰ এটা হিন্দুত্ববাদী সংগঠনে কৰিছিল বুলি সন্দেহ কৰা হয়‌। এই সংগঠন কেৱল এইটো হত্যাকাণ্ডতেই নহয়; কালবুৰ্গী, গোবিন্দ পানছাৰে আৰু গৌৰী লংকেশৰ হত্যাৰ লগত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে‌।

যি সময়ত ক্ষমতাৰ বাঘজৰী ধৰি থকাসকলে উগ্ৰ হিন্দুত্বক খোলাখুলিকৈ সমৰ্থন কৰে আৰু এনেকুৱা সংগঠনৰ লগত আদৰ্শগত মিল নিঃসংকোচে প্ৰদৰ্শন কৰে, সেই সময়ত যুক্তিবাদ চৰ্চা কৰাৰ ফল কেনেকুৱা হ’ব ডাভোলকাৰৰ উদাহৰণেই যথেষ্ট‌।

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিষ বনাম বিজ্ঞান - গৌৰীশংকৰ ভূঞা"

Leave a Comment

Your email address will not be published. Required fields are marked *