জ্যোতিৰ্বিজ্ঞান বনাম জ্যোতিষ-(ডঃ খৰ্গেশ্বৰ ভূঞা)

মহাকাশত থকা গ্ৰহ, উপগ্ৰহ, নক্ষত্ৰ, ৰাশিচক্ৰ, নীহাৰিকা, নিউট্ৰন তৰা, কৃষ্ণগহ্বৰ আদি বিভিন্ন বস্তুৰ গঠন, গতিবিধি আদিৰ লগতে শক্তিৰ বিষয়ে বিভিন্ন জ্ঞান অৰ্জন কৰিবলৈ চেষ্টা কৰা বিজ্ঞানৰ শাখাটোৱেই হ'ল জ্যোতিৰ্বিজ্ঞান বা Astronomy। ইংৰাজী শব্দটোৰ উৎপত্তি হৈছে প্ৰাচীন গ্ৰীক শব্দ Astronৰ পৰা, যিটোৰ অৰ্থ হ'ল নক্ষত্ৰ বা তৰা। মহাকাশৰ সৃষ্টি, স্থিতি আৰু লয়ৰ লগতে আনুষংগিক বিষয়বোৰ সাঙোৰে মহাকাশ তত্ত্বই (Cosmology)। সেইদৰে জ্যোতিঃপদাৰ্থবিদ্যাই (Astrophysics) মহাকাশৰ পদাৰ্থৰ গঠন, গতিবিধিৰ আভাস, পাৰস্পৰিক আকৰ্ষণ-বিকৰ্ষণ আদিৰ বিষয়ে চৰ্চা কৰে। জ্যোতিৰ্বিজ্ঞানৰ ধাৰণাবোৰ সম্পূৰ্ণৰূপে বিজ্ঞানভিত্তিক আৰু পৰীক্ষা, পৰ্যবেক্ষণ, সিদ্ধান্ত আদিৰে সমৃদ্ধ।

জ্যোতিৰ্বিজ্ঞানৰ গাতে ভেঁজা দি প্ৰাচীন কালৰে পৰা আন এটা বিষয়ো চৰ্চিত হৈ আহিছিল। আকাশৰ গ্ৰহ-নক্ষত্ৰৰ পাৰস্পৰিক অৱস্থানে মানুহৰ জীৱনৰ গতি নিৰ্ণয় কৰা, হাতৰ ৰেখা আৰু শৰীৰৰ আন চিহ্নই ভৱিষ্যত নিৰ্দেশ কৰা, বিভিন্ন প্ৰাকৃতিক ঘটনাই মানুহৰ ব্যক্তিগত আৰু সামূহিক ভাগ্য নিৰ্ধাৰণ কৰা ইত্যাদি বিষয়বোৰক লৈ গঢ়ি উঠিছিল জ্যোতিষ (Astrology) নামৰ এটি বিষয় আৰু ইয়াৰ আধাৰত লিখা গ্ৰন্থবোৰক কোৱা হৈছিল জ্যোতিষশাস্ত্ৰ। প্ৰাচীন কালৰে পৰা মানুহে প্ৰাকৃতিক ঘটনাৰ কাৰণ নজনাৰ কাৰণে এইবোৰৰ লগত মানুহৰ ভাগ্যক সংযোজন কৰিছিল। ধুমুহা, বিজুলী-ঢেৰেকনি, বানপানী, ভূমিকম্প, গছৰ পাত পৰা, ফুল ধৰা, বিভিন্ন প্ৰাণীয়ে বিভিন্ন ঋতুত বেলেগ বেলেগ আচৰণ কৰা ধৰণৰ ঘটনাবোৰে মানৱ-জীৱনতো প্ৰভাৱ পেলাইছিল সামগ্ৰিকভাৱে আৰু কেতিয়াবা ব্যক্তিগতভাৱেও। মানুহৰ দেহ-মনো বতৰৰ ওপৰত নিৰ্ভৰ কৰি পৰিৱৰ্তন গ্ৰহ-নক্ষত্ৰই আনে বুলি মানুহে ভাবিবলৈ ল'লে।

মিছৰৰ মানুহে প্ৰাচীন কালতে লক্ষ্য কৰিছিল যে নীলনদীত বানপানী হয় যেতিয়া আকাশৰ সকলোতকৈ উজ্জ্বল নক্ষত্ৰ লুব্ধক সূৰ্যোদয়ৰ কিছু আগতে উদয় হয়। এয়া সদায় সঁচা নহ'লেও প্ৰায়েই হয় বাবে ধৰি লোৱা হ'ল যে লুব্ধক নক্ষত্ৰই নীলনদীত বান আনে। সেইদৰে কোনোবা বছৰ আকাশত ধূমকেতু দেখা দিলে বতৰৰ গণ্ডগোল হয়, কেতিয়াবা খাদ্য নষ্ট হয়। মানুহে ধূমকেতুৰ বাবেই এনে হোৱা বুলি ধৰি ল'লে। সেই বছৰতে ৰজাৰ মৃত্যু হ'লে বা প্ৰজাৰ বেমাৰ-আজাৰ বেছি হ'লে তাৰ বাবে ধূমকেতুকেই জগৰীয়া কৰিবলৈ ধৰিলে। এনেধৰণৰ মহাকাশত ঘটা বহু ঘটনাৰ লগত কাকতালীয়ভাৱে মানুহৰ জীৱনত ঘটা ঘটনাক সংযোগ কৰি জ্যোতিষশাস্ত্ৰৰ জন্ম হৈছিল।

জ্যোতিষৰ জন্ম ভাৰতত হোৱা নাছিল, ৩২৬ খ্ৰীঃপূঃ-ত ভাৰত আক্ৰমণ কৰিবলৈ অহা আলেকজেণ্ডাৰৰ লগত অন্য বহুতৰ লগতে কিছু জ্যোতিষীও আহিছিল। এইসকলে ভাৰতত জ্যোতিষৰ প্ৰচলন কৰিছিল যদিও খ্ৰীষ্টীয় ষষ্ঠ শতাব্দীলৈ প্ৰায় এহেজাৰ বছৰকাল ভাৰতীয়ৰ বাবে জ্যোতিষ প্ৰায় অস্পৃশ্য হৈ আছিল। বৰাহমিহিৰেহে জ্যোতিষক জাতত তোলে।

খ্ৰীঃপূঃ ৩২০০ - খ্ৰীঃপূঃ ১২০০ মানৰ বৈদিক শাস্ত্ৰ আৰু তাৰ পাছৰ খ্ৰীঃপূঃ ৭০০ মানলৈ সিদ্ধান্ত শাস্ত্ৰত জ্যোতিষ সম্পৰ্কীয় বুজনসংখ্যক গ্ৰন্থ লিখা হৈছিল যদিও এইবোৰ গ্ৰন্থত ভাগ্য গণনাৰ কথা নাই, আছে জ্যোতিৰ্বিজ্ঞানৰ প্ৰাথমিক জ্ঞানহে। অৰ্থাৎ বৈদিক আৰু সিদ্ধান্ত শাস্ত্ৰত জ্যোতিষ মানে জ্যোতিৰ্বিজ্ঞানহে আছিল।

বৰাহমিহিৰ আৰু তাৰ পৰবৰ্তী কালত ৰচিত হোৱা জ্যোতিষশাস্ত্ৰই বৈদিক শাস্ত্ৰৰ ধাৰণা গ্ৰহণ কৰিছিল যদিও এইবোৰত অবাস্তৱ কথা কিছুমান যোগ দিয়াৰ বাবে জ্যোতিষ হৈ পৰিছিল অন্ধবিশ্বাসৰ খনি।যেনে জ্যোতিষে বেদৰ নৱগ্ৰহৰ ধাৰণা লৈছিল,কিন্তু এইবোৰে মানুহৰ জীৱনত প্ৰভাৱ পেলায় বুলি বেদে নক'লেও জ্যোতিষে সেই ধাৰণা নিজাকৈ সংযোগ কৰিছিল।বেদৰ নৱগ্ৰহ আছিল - চন্দ্ৰ, সূৰ্য্য, ৰাহু,কেতু,বুধ, শুক্ৰ, মংগল,বৃহস্পতি আৰু শনি। জ্যোতিষেও এই নৱগ্ৰহৰ ধাৰণা লৈছিল।আধুনিক গ্ৰহৰ সংজ্ঞামতে ইয়াৰে প্ৰথম চাৰিটা গ্ৰহ নহয়, চন্দ্ৰ হৈছে উপগ্ৰহ, সূৰ্য নক্ষত্ৰ আৰু ৰাহু-কেতু হৈছে চন্দ্ৰ আৰু পৃথিৱীৰ পৰিভ্ৰমণ পথৰ দুটা ছেদবিন্দু। বেদৰ মতে নিৰ্দিষ্ট কক্ষপথেদি ভ্ৰমণ কৰা বস্তুপিণ্ডৰ উপৰিও যিবোৰে গ্ৰহণত অংশ লয় সেইবোৰো 'গ্ৰহ'।সূৰ্য আৰু চন্দ্ৰত গ্ৰহণ লাগে,আনহাতে ছেদবিন্দুৰূপী ৰাহু-কেতুত পৃথিৱী বা চন্দ্ৰ উপস্থিত হ'লেহে গ্ৰহণ লাগে।গতিকে এইবোৰ হৈছে 'গ্ৰহ' বৈদিক গ্ৰহৰ সংজ্ঞা মতে।ৰাহু-কেতু যে বস্তুপিণ্ড নহয়, সেয়া বেদে জানিছিল,এই দুটাক বেদে "ছায়াগ্ৰহ" বুলিছিল।সেয়েহে এইবোৰ আছিল বিজ্ঞানভিত্তিক।আনহাতে, জ্যোতিষে বেদৰ জ্যোতিৰ্বিজ্ঞানক অন্ধবিশ্বাসৰ আধাৰ কৰিলে, নৱগ্ৰহে বিশেষ অৱস্থানৰ বাবে মানুহৰ বাবে মানুহৰ ভাগ্যক ব্যক্তিগতভাৱে আৰু সমুহীয়াভাৱেও নিয়ন্ত্ৰণ কৰে বুলি ধাৰণা প্ৰচাৰ কৰিলে।এইক্ষেত্ৰত ৰাহু-কেতু ৰূপী দুই কাল্পনিক বিন্দুৱেও সূৰ্য, বৃহস্পতি আদিৰ দৰে সমানেই প্ৰভাৱ পেলায় বুলি দাবী কৰিলে।বৈদিক জ্যোতিৰ্বিজ্ঞানক অন্ধবিশ্বাসী জ্যোতিষৰ ৰূপ দিয়া হ'ল।

জ্যোতিৰ্বিজ্ঞান হৈছে বিজ্ঞানৰ এটি শাখা ।এই শাখাই আকাশত গ্ৰহণ,নক্ষত্ৰ আৰু আন বস্তুপিণ্ড তথা শক্তিৰ বিষয়ে বৈজ্ঞানিক যন্ত্ৰপাতিৰে অনুসন্ধান কৰে আৰু ইয়াৰ আধাৰত কিছুমান সূত্ৰ উলিয়ায়।সূত্ৰবোৰৰ সত্যাসত্য সময়ে সময়ে বিচাৰ কৰি সেইমতে গ্ৰহণ, বৰ্জন,পৰিশোধন আদি কৰা হয়।প্ৰাচীন কালতে আৱিষ্কাৰ হোৱা সূৰ্যৰ পাঁচটা গ্ৰহৰ (পৃথিৱীক বাদ দি) গতিবিধি হিচাপ কৰি নিউটনে মহাকৰ্ষণৰ সূত্ৰ নিৰ্ণয় কৰিছিল আৰু এইবোৰ সূত্ৰৰ আধাৰত শনিৰ পিছৰ গ্ৰহবোৰ আৱিষ্কৃত হৈছিল।নৱম গ্ৰহ প্লুটোৰ গাত আধুনিক গ্ৰহৰ আটাইকেইটা বৈশিষ্ট্যৰ অভাৱ হোৱাত গ্ৰহৰ তালিকাৰ পৰা প্লুটো বাদ পৰিল।বিজ্ঞানৰ আনবোৰ শাখাৰ দৰে জ্যোতিৰ্বিজ্ঞানৰ সূত্ৰ তথা ধাৰণাতো ভুল ওলাব পাৰে, ইয়াৰ আধাৰত কৰা ভৱিষ্যৎবাণীও ভুল হ’ব পাৰে; পিছে এনে ভুলৰ বিজ্ঞানসন্মত বাখ্যা দিব পৰা যায়,সেয়েহে এয়া বিজ্ঞান।জ্যোতিষে আকাশৰ গ্ৰহ-নক্ষত্ৰ পৰ্যবেক্ষণ কৰি ইয়াৰ আধাৰত এইবোৰে মানুহৰ ভাগ্য তথা ভবিষ্যত নিৰ্ধাৰণ কৰে বুলি কৈছে।যদি গ্ৰহ-নক্ষত্ৰৰ বিশেষ অৱস্থানে বিশেষ মানুহৰ ওপৰত প্ৰভাৱ পেলোৱাৰ অন্তৰ্নিহিত কাৰণ জ্যোতিষে বিশ্বাসযোগ্যভাৱে বাখ্যা কৰিব পাৰে আৰু প্ৰভাৱবোৰ সূত্ৰবদ্ধ কৰি সেইবোৰৰ আধাৰত সদৃশ ঘটনাবোৰৰ লগত মিলাব পাৰে,তেন্তে জ্যোতিষক বিজ্ঞান বুলিব পৰা যাব।বাস্তৱত তেনে নহয় বাবে জ্যোতিষো বিজ্ঞান নহয়।উদাহৰণস্বৰূপে কালবেলাত কিয় যাত্ৰা কৰিব নেপায় আৰু প্ৰতিটো বাৰৰ কিছু নিৰ্দিষ্ট সময় কিয় কালবেলা হয় তাৰ বাখ্যা নাই।সোমবাৰে পুৱা 7-30 বজাৰ পৰা 9 বজালৈ কিয় কালবেলা হ’ল,সেয়া উলিওৱাৰ কোনো সূত্ৰ নাই।আধুনিক কালৰ জ্যোতিষীয়ে জ্যোতিষক বিজ্ঞান তথা ইয়াক জ্যোতিৰ্বিজ্ঞানৰ লগত একাকাৰ কৰাৰ দুটা যুক্তি আগ বঢ়ায়।প্ৰথমটো হ’ল - জন্মক্ষণ বা আন সময়ত গ্ৰহ-নক্ষত্ৰৰ যিবোৰ অৱস্হান জ্যোতিষত ব্যৱহাৰ কৰে সেইবোৰ এফিমেৰিচৰ পৰা লোৱা হয়।এফিমেৰিচৰ এই অৱস্হানবোৰ সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে মান-মন্দিৰত জুখি-মাখি নিৰ্ণয় কৰা হয়,গতিকে এইবোৰ বিজ্ঞানভিত্তিক।বৈজ্ঞানিক তথ্য ব্যৱহাৰ কৰাৰ বাবে জ্যোতিষো কিয় বিজ্ঞান নহ’ব?জ্যোতিষীৰ দ্বিতীয় দাবীটো হ’ল - আজিকালি জন্ম-চক্ৰ প্ৰস্তুত কৰোঁতে অত্যাধুনিক প্ৰযুক্তিৰ অন্যতম সঁজুলি কম্পিউটাৰ ব্যৱহাৰ কৰা হয়,গতিকে গণনাবোৰ বিজ্ঞানসন্মত হ'বই লাগিব!এতিয়া কথা হ’ল, এফিমেৰিচৰ পৰা গ্ৰহ-নক্ষত্ৰৰ অৱস্হান লৈ জন্ম তালিকা প্ৰস্তুত কৰালৈকে বিজ্ঞান নিশ্চয় আছে।জন্ম মুহূৰ্তত ৰবি মেঘৰাশিত থকা,চন্দ্ৰ অনুৰাধা নক্ষত্ৰত থকা, শুক্ৰ জন্মলগ্নত থকা-ইত্যাদি কথাবোৰ শুদ্ধ।পিছে শুক্ৰ জন্মলগ্নত থকাৰ বাবে পিছৰ কালত জাতক বিদ্বান, মিষ্টভাষী, সুদৰ্শন,কামুক আদি জ্যোতিষে কোৱা কথাবোৰ এফিমেৰিচত নেথাকে।এইবোৰ তথ্য বিজ্ঞানভিত্তিক নহয়।তথাপি এইবোৰ ফল কেনেকৈ আহিল,সেয়া যদি জ্যোতিষে বাখ্যা কৰিব নোৱাৰেও,বাস্তৱ ঘটনাৰে সেইবোৰ প্ৰমাণ কৰিব লাগিব।যেনে একে সময়তে একেখন চিকিৎসালয়তে জন্ম হোৱা শিশুকেইটামানৰ ভবিষ্যত জীৱন পৰীক্ষা কৰা হওক বা যঁজা ল’ৰা-ছোৱালীৰো ভৱিষ্যত চাব পাৰি।বাস্তৱত দেখা যাব যে একে সময়তে একে ঠাইতে জন্মা বা যঁজা শিশুৰ জন্ম কুণ্ডলীবোৰ একে হ’লেও ভৱিষ্যতবোৰ বেলেগ হয়।জ্যোতিষে কম্পিউটাৰ ব্যৱহাৰ কৰাৰ বাবেই ই বিজ্ঞান হৈ নপৰে। গ্ৰহ-নক্ষত্ৰৰ বিজ্ঞানভিত্তিক অৱস্হানবোৰ কম্পিউটাৰত ভৰাই দিলে জন্ম-কুণ্ডলী তৈয়াৰ হৈ যায় আৰু জাতকৰ ভৱিষ্যতৰ ফলাফলবোৰো কম্পিউটাৰে কৈ দিয়ে।গতিকে দেখাত এনেকুৱা হয় যেন কম্পিউটাৰে বিশেষ পদ্ধতিৰে জাতকৰ ভাগ্য গণনা কৰিছে,গতিকে এইবোৰ বিজ্ঞানভিত্তিক।আচল কথাটো হ’ল গ্ৰহ-নক্ষত্ৰৰ কেনে অৱস্হান হ’লে কি কি ফল হ’ব সেয়া জ্যোতিষশাস্ত্ৰত দিয়া আছে।যেনে জাতকৰ জন্মলগ্নত চন্দ্ৰ আৰু কন্যা,শনি চতুৰ্থত,ৰাহু পঞ্চমত ইত্যাদি ধৰণে পোৱা গ’ল।জ্যোতিষৰ মতে চন্দ্ৰ আৰু কন্যা জন্মলগ্নত থাকিলে জাতক চঞ্চল,নীচ, মূক আৰু বধিৰ হয়,শনি চতুৰ্থত হ’লে জাতক পীড়িত,অলস,কলহপ্ৰিয়,ৰাহু পঞ্চমত থাকিলে মিত্ৰ কম হয় ইত্যাদি।এইবোৰ ফলাফল ইতিমধ্যেই কম্পিউটাৰত ভৰোৱা থাকে,গতিকে জাতকৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্হান ভৰাই দিলেই ফলাফলবোৰ ওলাই আহে য’ত কম্পিউটাৰে মাত্ৰ তথ্য সংৰক্ষণৰ কামহে কৰে।ভাগ্য গণনাৰ মূল কাম কিন্তু জ্যোতিষৰেই।নটা গ্ৰহৰ (লগতে সাতাইশটা নক্ষত্ৰৰ) বিশেষ অৱস্থানে বহুত ফলৰ কথা কয়,বাস্তৱ জীৱনত তাৰে কিছুমান মিলিও যায়,কিন্তু বেছিভাগেই নিমিলে,অথচ মিলাখিনিকে লৈ জ্যোতিষৰ জয়গান গোৱা হয়।একেজন জাতকৰে কেতু একাদশত আৰু বুধ দ্বাদশত থাকিব পাৰে।প্ৰথমটোৰ ফল হ’ল জাতক বিদ্বান হ’ব আৰু দ্বিতীয়টোৰ মতে জাতক বিদ্যাহীন হ’ব।গতিকে বাস্তৱ জীৱনত জাতক বিদ্বান হ’লেও মিলিব,বিদ্যাহীন হ’লেও মিলিব।জ্যোতিষশাস্ত্ৰৰ মতে গ্ৰহৰ কিছুমান দৃষ্টি আছে,যেনে অন্তৰ্দৃষ্টি,পূৰ্ণদৃষ্টি ইত্যাদি।সেইদৰে বিভিন্ন গ্ৰহৰ মাজত আছে শত্ৰুতা,মিত্ৰতা বা নিৰপেক্ষতা।ইয়াৰ লগতে গ্ৰহবোৰৰ আছে বাৰটা বাৰটা ভাব,যেনে শয়ন,উপবেশন ইত্যাদি।দৃষ্টি, ভাব,শত্ৰুতা আদি থাকিবলৈ হ'লে গ্ৰহবোৰ জীৱ থকা হ’ব লাগিব।জ্যোতিৰ্বিজ্ঞানে প্ৰমাণ কৰিছে যে গ্ৰহবোৰ নিৰ্জীৱ; ইয়াত আছে পাহাৰ,আগ্নেয়গিৰি,গেছ,তৰল বা গোটা যৌগ।সহজে বুজিব পৰা কথাটো হ’ল,প্ৰাচীন কালত গ্ৰহ-নক্ষত্ৰবোৰক মানুহে প্ৰাণধাৰী দেৱতা বুলি ভাবিছিল,গতিকে এইবোৰৰ দৃষ্টি, ভাব, শত্ৰুতা-মিত্ৰতাৰ দৰে প্ৰবৃত্তি আছে বুলি ধৰি লোৱা হৈছিল।সেই ধাৰণা জ্যোতিষে এতিয়াও লৈ থকা বাবে জ্যোতিষ হৈছে অন্ধবিশ্বাস আৰু বাস্তৱ ধাৰণা লোৱা জ্যোতিৰ্বিজ্ঞান হৈছে বিজ্ঞান।জ্যোতিষৰ মতে কোটি কোটি কিলোমিটাৰ আঁতৰত থকা গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ পৃথিৱীৰ প্ৰতিজন মানুহৰ ওপৰত বেলেগে বেলেগে পৰে।জ্যোতিৰ্বিজ্ঞানে দেখুৱাইছে যে চন্দ্ৰ-সূৰ্যৰ বাদে বাকীবোৰৰ আকৰ্ষণ বা প্ৰভাৱ প্ৰতিজন মানুহৰ ওপৰত বেলেগে বেলেগে পৰাতো দূৰৈৰে কথা,সামগ্ৰিকভাৱে গোটেই পৃথিৱীৰ ওপৰতো নগণ্য।ৰাহু-কেতু কাল্পনিক বিন্দু হোৱাৰ বাবে এই দুটাৰ আকৰ্ষণ-বিকৰ্ষণৰ প্ৰশ্নই নাই।চন্দ্ৰ-সূৰ্যৰ আকৰ্ষণত পৃথিৱীৰ সাগৰত জোৱাৰ-ভাটা নিশ্চয় হয়,কিন্তু গোটা বস্তুৰ ওপৰত ইয়াৰ কোনো প্ৰভাৱ নাই,ব্যক্তিগত মানুহৰ ওপৰতো চন্দ্ৰ-সূৰ্যৰ আকৰ্ষণ নধৰ্তব্য।সাধাৰণ বিশ্বাসমতে,পূৰ্ণিমা অমাৱস্যাত বাতবিষ থকা মানুহৰ যন্ত্ৰণা বেছি হয়।বাস্তৱত দেখা গৈছে যে এই অনুভূতি মানসিক।পূৰ্বৰে পৰা শুনি শুনি মানুহৰ মনত বিশ্বাস জন্মে এই দুটা তিথিত বিষ বেছি হয়।আচলতে আনবোৰ তিথিতো বিষৰ কম-বেছি হয়।গতিকে চন্দ্ৰৰো মানুহৰ ওপৰত ব্যক্তিবিশেষে প্ৰভাৱ নাই,অন্য গ্ৰহ-নক্ষত্ৰৰ কথাতো বাদেই।কিন্তু ৰবি বা সূৰ্যৰ প্ৰভাৱ মানুহৰ ওপৰত ব্যক্তিগতভাৱে বা সমূহীয়াভাৱে বাৰুকৈয়ে আছে।যেনে সূৰ্যৰ প্ৰভাৱত ক’ৰবাত মৰুভূমি,ক’ৰবাত ঘন অৰণ্য নহয়,সেই হিচাপত সেইবোৰত বাস কৰা মানুহৰ ওপৰতো প্ৰভাৱ পৰে।কিছুমান মানুহে বেছি ৰ’দত কাম কৰিব পাৰে,আন কিছুমানে নোৱাৰে।সূৰ্য নহ'লে পৃথিৱীত মানুহ বাচি থাকিব নোৱাৰে।পিছে ব্যক্তিগত মানুহৰ ওপৰত এইবোৰ প্ৰভাৱ জন্মৰ সময়ৰ ভিত্তিত মুঠেও নহয়,গতিকে জ্যোতিষৰ প্ৰভাৱৰ লগত এইবোৰক মিলোৱাৰ কথা নাই।জ্যোতিৰ্বিজ্ঞানে এনে কথা সমৰ্থন নকৰে।জ্যোতিষৰ গ্ৰহৰ সংজ্ঞা হৈছে যিবোৰে মানুহৰ ওপৰত প্ৰভাৱ পেলায় সেইবোৰেই গ্ৰহ।এই সংজ্ঞাই জ্যোতিষকহে বিপদত পেলাব,কাৰণ মানুহৰ ওপৰত প্ৰভাৱ পেলোৱা উৎস ঢেৰ আছে,যেনে প্ৰাকৃতিক দুৰ্যোগ,পৰিবেশ প্ৰদূষণ,যুদ্ধ-বিগ্ৰহ,বিদ্যুত,খাদ্য, ঔষধ ইত্যাদি।এইবোৰকে গ্ৰহ বুলিব লাগিলে জ্যোতিষৰ গ্ৰহৰ সংখ্যা সহস্ৰাধিক হ’বগৈ।গ্ৰহণৰ ওপৰত প্ৰভাৱ পেলোৱাবোৰ গ্ৰহ বুলি কোৱাৰ লগত জ্যোতিৰ্বিজ্ঞানৰ সম্বন্ধ আছে।জ্যোতিষক বিজ্ঞান বোলাৰ অসুবিধাটো হ’ল - ভাগ্যক জ্যোতিষে অপৰিবৰ্তনীয় বুলিছে জন্মচক্ৰৰ আধাৰত,আনহাতে গ্ৰহ-ৰত্ন,পূজা-পাতল আদিৰে ভাগ্য পৰিৱৰ্তন কৰিব পাৰিব বুলিও কৈছে।জ্যোতিৰ্বিজ্ঞানে কিন্তু মানুহৰ ভৱিষ্যত জন্মক্ষণৰ গ্ৰহ-নক্ষত্ৰৰ পাৰস্পৰিক অৱস্হানে নিৰ্ণয় কৰে বুলি নকয়।ৰত্নবোৰৰ ৰাসায়নিক গঠন,পোহৰ বিচ্ছুৰণৰ ক্ষমতা আদিৰ কথা বিজ্ঞানে জানে,ৰত্ন পাথৰত মানুহৰ ভাগ্য সলনি কৰাৰ কোনো উপাদান নাই।জন্মচক্ৰ তৈয়াৰ কৰাৰ সময়ত ধৰি লোৱা হয় যে পৃথিৱী স্হিৰ আৰু বাকীবোৰে পৃথিৱীক প্ৰদক্ষিণ কৰি আছে।প্ৰাচীন জ্যোতিৰ্বিজ্ঞানৰো ধাৰণা তেনেকুৱাই আছিল।জ্যোতিৰ্বিজ্ঞানে আধুনিক ধাৰণা গ্ৰহণ কৰিলে,কিন্তু জ্যোতিষে পুৰণি ধাৰণাৰেই গণনা কৰি থাকিল,গতিকে জ্যোতিষ হৈছে অন্ধবিশ্বাস।নতুন নতুন গৱেষণাৰে জ্যোতিৰ্বিজ্ঞানে অগণন আৱিষ্কাৰ কৰি সেইমতে বিশ্বব্ৰহ্মাণ্ডৰ ধাৰণা সলনি কৰি গৈ আছে, জ্যোতিষে নৱগ্ৰহ আৰু সাতাইশটা নক্ষত্ৰকে খামুচি ধৰি আছে।গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ যদি মানুহৰ ওপৰত থাকে,তেন্তে একে পৰিসৰত থকা কোটি কোটি আনবোৰেও প্ৰভাৱ পেলাব লাগে,জ্যোতিষে সেয়া বিবেচনা নকৰে।সেয়েহে জ্যোতিষৰ ধাৰণা অবৈজ্ঞানিক।

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিৰ্বিজ্ঞান বনাম জ্যোতিষ-(ডঃ খৰ্গেশ্বৰ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *