অসমীয়া জাতি আৰু জাতীয়তাবাদ : উদ্ভৱ আৰু বিকাশ- (টুনুজ্যোতি গগৈ)

‘অসমীয়া' কোন? বা, ‘অসমীয়া জাতি' বুলিলে কাক বুজায়? আজিৰ তাৰিখত এনেধৰণৰ প্ৰশ্নৰ উত্তৰ সহজে দিয়াটো বিভিন্ন সামাজিক আৰু ৰাজনৈতিক কাৰণত অসম্ভৱেই হৈ পৰিছে৷ তথাপি, এই প্ৰশ্নৰ উত্তৰ বিচাৰি ১৯৮৫ চনৰ ১৫ আগষ্টত সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ উপস্থিতিত কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পাদন কৰা ‘অসম চুক্তি'ৰ ষষ্ঠ দফাত উল্লেখ থকা বাক্যশাৰী স্মৰণ কৰিব পাৰি – ‘‘Constitutional, legislative and administrative safeguards, as may be appropriate, shall be provided to protect, preserve and promote the cultural, social and linguistic identity and heritage of the Assamese people.” অৰ্থাৎ সাংবিধানিক, আইন প্ৰণয়ন আৰু প্ৰশাসনিক উপযোগী যিদৰে হয়, তেনে ব্যৱস্থাৰদ্বাৰা অসমীয়া জনগণৰ ভাষাগত, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰত ঐতিহ্য সংৰক্ষণ, ৰক্ষণাবেক্ষণ আৰু উন্নতি কৰি অসমীয়াৰ ঐতিহ্য ৰক্ষা কৰা হ'ব৷ এইখিনিতে আকৌ প্ৰশ্ন হয়, আছু বা গণ সংগ্ৰাম পৰিষদে চুক্তিখন কৰিবৰ সময়ত Assamese people বুলি আচলতে কাক বুজাইছিল? যদি তেওঁলোকে সকলো খিলঞ্জীয়া জনগোষ্ঠীকে বুজাইছিল, তেন্তে কেৱল ‘Assamese people' বুলি নকৈ ‘The indigenous people of Assam' বুলি ক'ব পাৰিলেহেঁতেন৷ তেতিয়া ‘Assamese people'-অৰ সংজ্ঞা দিয়াতকৈ ‘The indigenous people of Assam'-অৰ সংজ্ঞা দিয়াটো আপেক্ষিকভাৱে উজু হ'লহেঁতেন৷ চুক্তি স্বাক্ষৰকাৰীসকলে হয়তো Assamese people শব্দ দুটাৰে The indigenous people of Assam-অকে বুজাব খুজিছিল৷

পৰৱৰ্তী পৰ্যায়ত অসম চৰকাৰে ‘অসম চুক্তি' সম্পৰ্কে আইন প্ৰণয়ন কৰিবলৈ যাওঁতে ষষ্ঠ দফাৰ Assamese people মানে কাক বুজোৱা হৈছে – এই প্ৰশ্নৰ মুখামুখি হ'বলগা হ'ল৷ অসমীয়াৰ সংজ্ঞা উলিয়াবলৈ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন জাতীয় আৰু জনগোষ্ঠীয় সংগঠনৰ লগত আলোচনাত বহিলেও এতিয়ালৈকে ঐকমত্যত উপনীত হ'ব পৰা নাই৷ বৰং, বড়োসকলকে ধৰি কেইবাটাও থলুৱা জনগোষ্ঠীৰ প্ৰতিনিধিয়ে তেওঁলোক অসমীয়া নহয় বুলি স্পষ্ট ভাষাৰে মত প্ৰকাশ কৰি আহিছে৷ দৃষ্টান্তস্বৰূপে, কাৰ্বি সাহিত্য সভাই ‘অসমীয়া সংজ্ঞা'ৰ সম্পৰ্কত ২০০৫ চনৰ ২৫ চেপ্টেম্বৰত প্ৰকাশ কৰা আনুষ্ঠানিক সিদ্ধান্তটোৰ প্ৰতিয়েই লক্ষ্য কৰা হওক৷ সভাৰ সিদ্ধান্তটো আছিল এনেকুৱা – ‘যিসকলৰ মাতৃভাষা অসমীয়া আৰু নিজস্ব অসমীয়া কৃষ্টি, সংস্কৃতি, পৰম্পৰা বজাই ৰাখিছে আৰু স্বকীয় ইতিহাস আছে সেইসকল অসমীয়া৷ যিসকলে অসমীয়া জাতীয়তাত লীন হৈ নিজৰ জাতীয় সত্তা সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছে, তেওঁলোকো অসমীয়া৷ কিন্তু কাৰ্বি, বড়ো, মিচিং, ৰাভা, ডিমাচা, তিৱা আদি জনগোষ্ঠীসমূহ ভাষা, সংস্কৃতি, পৰম্পৰা আৰু ইতিহাসেৰে ঐতিহ্যমণ্ডিত৷ তেওঁলোক অসমৰ ভূমিপুত্ৰহে, অসমীয়া নহয়৷' কাৰ্বি সাহিত্য সভাই উক্ত আনুষ্ঠানিক সিদ্ধান্ত সেই বছৰৰে ৩০ ছেপ্টেম্বৰত তদানীন্তন অসম সাহিত্য সভাৰ সভাপতি কনকসেন ডেকাৰ পৌৰোহিত্যত অসমীয়াৰ সংজ্ঞাৰ সম্পৰ্কত অনুষ্ঠিত হোৱা ‘সন্মিলিত সাহিত্য সভা মঞ্চ, অসম'ৰ এক আলোচনাত অৱগত কৰিছিল৷ উক্ত সভাত বিতং আলোচনাৰ অন্তত সন্মিলিত সাহিত্য সভা, অসম-এ অসমীয়াৰ সংজ্ঞা সন্দৰ্ভত গ্ৰহণ কৰা প্ৰস্তাৱটি আছিল – যিহেতু অসম চুক্তিৰ ৬ নম্বৰ দফাৰ অসমীয়া (Assamese people) শব্দটো দ্ব্যৰ্থসূচক আৰু নিজৰ ভাষা, সংস্কৃতি, ঐতিহাসিক পৰম্পৰাসম্পন্ন খিলঞ্জীয়া জনগোষ্ঠীসমূহক সামৰা হয় নে নহয় সেয়া সুস্পষ্ট নহয়, সেয়েহে ‘অসমীয়া’ শব্দৰ পৰিৱৰ্তে উক্ত দফাত অসমৰ খিলঞ্জীয়া লোক (Indigenous People of Assam) ব্যাক্যাংশ ব্যৱহাৰ কৰিবৰ বাবে চৰকাৰক অনুৰোধ জনাবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে৷
এই জনগোষ্ঠীয় প্ৰতিনিধিসকলে নিজকে অসমীয়া বুলি ক'ব নিবিচৰাৰ কাৰণ কি বা তেওঁলোকক নিলগাই থৈ বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব নে নহ'ব – সেই আলোচনা পাছলৈ থৈ অসমত যুগ যুগ ধৰি বসবাস কৰি অহা সৰু-বৰ ভিন্ন জনগোষ্ঠীসমূহক কেন্দ্ৰ কৰি (জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘অসমীয়া ডেকাৰ উক্তি'লৈ মন কৰক – ‘ময়ে অসমীয়া/মই জয়ন্তীয়া/ডফলা আবৰ অঁকা/ময়ে চিংফৌ ভৈয়ামৰ মিৰি/সোৱণশিৰীয়া ডেকা..../ সাম্য মৈত্ৰীৰ ময়েই ৰণুৱা/ চাহ বাগিচাৰ ময়েই বনুৱা/ন-অসমীয়া মৈমনছিঙীয়া') অসমীয়া জাতি গঠিত হৈছে বুলি বা যিসকলে অসমীয়া ভাষাক হয় মাতৃভাষা ৰূপে, নহয় ব্যৱহাৰিক জীৱনৰ ভাষাৰূপে গ্ৰহণ কৰিছে আৰু নিজকে মনে-প্ৰাণে অসমীয়া হিচাপে গণ্য কৰিছে; সেইসকলেই অসমীয়া বুলি ‘অসমীয়া'ৰ এক আৱেগনিৰ্ভৰ অথচ বহল সংজ্ঞা অসমৰ বৌদ্ধিক সমাজৰ মাজত জনপ্ৰিয় আৰু গ্ৰহণযোগ্য হৈ আহিছে৷ এনে সংজ্ঞাৰ আওতাত ঊনবিংশ শতিকাৰ মাজভাগৰপৰা অসমত বসবাস কৰি অহা চাহ শ্ৰমিকসকলৰ লগতে ৰে'ল-লাইন বহুওৱা কামত আহি পাছলৈ গাখীৰৰ ব্যৱসায় আৰু খেতি-বাতি কৰা নেপালীসকলো পৰে, থলুৱা অসমীয়া মুছলমানসকলৰ লগতে ১৯৭১ চনলৈকে পূৰ্ববংগৰপৰা অহা চৰ-চাপৰিৰ মুছলমানসকলো পৰে৷ ভূপেন হাজৰিকাৰ – ‘দূৰণিৰপৰা আহি লুইতৰ পাৰৰে/মাটিক মাতৃ বোলা প্ৰতি ভাৰতীয় হ'ল নতুন ৰূপৰ অসমীয়া' বাক্যশাৰী মানি ল'লে বঙালী, মাৰোৱাৰী, পাঞ্জাবী, বিহাৰী আদি সম্প্ৰদায়ৰ একাংশকো নতুন অসমীয়া বুলি গণ্য কৰিব লাগিব৷
নক'লেও হয় যে কোনো এটা জাতি এবছৰ বা এযুগতে গঢ় লৈ নুঠে৷ হেজাৰ বছৰ ধৰি এক নিৰ্দিষ্ট ভূখণ্ডত বসবাস কৰি থকা বিভিন্ন জনগোষ্ঠীৰ মানুহ ঐক্যবদ্ধ হোৱাৰ ফলত কালক্ৰমত এটা জাতি গঢ় লৈ উঠে৷ অসমৰ বৌদ্ধিক সমাজত প্ৰচলিত উল্লিখিত সংজ্ঞাৰ আধাৰতে অসমীয়া জাতিৰ প্ৰজাতীয় উপদানবোৰ বিশ্লেষণ কৰি চাব পাৰি৷ অৱশ্যে, অসমৰ জনগোষ্ঠীবোৰৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে ভাৰতবৰ্ষত থকা প্ৰজাতীয় উপদানবোৰৰ বিষয়েও আলোচনা কৰাটো যুগুত হ'ব৷ ড০ বিৰাজ শংকৰ গুহই ভাৰতীয়ৰ প্ৰজাতীয় উপাদানক এনেদৰে ভাগ কৰিছে – (১) নেগ্ৰিটো, (২) প্ৰায় অষ্ট্ৰেলীয়, (৩) মংগোলীয় – (ক) প্ৰত্ন মংগোলীয় – (১) দীৰ্ঘমস্তকী, (২) প্ৰশস্তমস্তকী, (খ) তিব্বেতো মংগোলীয়, (৪) ভূমধ্য সাগৰীয় – (ক) প্ৰত্ন ভূমধ্যসাগৰীয়, (খ) ভূমধ্যসাগৰীয়, (গ) প্ৰাচ্য, (৫) পশ্চিমীয়া প্ৰশস্তমস্তকী – (ক) আলপাইনীয়, (খ) আৰ্মেনীয়, (গ) ডিনাৰিক আৰু (৬) নাৰ্ডিক৷
সি যি নহওক, অবিভক্ত অসমত কোনো অষ্ট্ৰেলীয় জনসমষ্টি নাথাকিলেও বিভিন্ন গোষ্ঠীৰ মানুহৰ মাজত, বিশেষকৈ কিছুমান জনজাতিৰ মাজত অনেক অষ্ট্ৰেলীয় লক্ষণ পৰিলক্ষিত হয় বুলি নৃতত্ত্ববিদসকলে ক’ব বিচাৰে৷ নৃতত্ত্ববিদ হেডনে অবিভক্ত অসমৰ মানুহৰ মাজত ভালেকেইটা প্ৰজাতীয় উপাদান থকাৰ কথা কৈছে আৰু তাৰে এটা হ'ল দীৰ্ঘমস্তকী প্ৰশস্তনাসিকী উপাদান৷ খাছী, কুকি, মণিপুৰী আৰু কছাৰীৰ মাজত পৰিলক্ষিত হোৱা এই প্ৰাচীন উপাদানবোৰ হেডনৰ মতে প্ৰাক্ দ্ৰাবিড় উপাদান৷ লক্ষণীয় যে খাছীসকলে অষ্টো-এছীয় ভাষা ক'লেও আৰু এই ভাষাৰ সম্বন্ধ অষ্ট্ৰেলীয়ৰ লগত থাকিলেও খাছীসকলৰ মাজত মংগোলীয় উপাদানহে পৰিলক্ষিত হয়৷ অৰ্থাৎ খাছীসকল প্ৰকৃততে মংগোলীয় লোকহে৷ তেনেদৰে মংগোলীয় প্ৰজাতিৰ গাৰো, ৰাভা, কছাৰী আদি বড়ো জনসমষ্টিৰ আবয়বিক লক্ষণ ভালদৰে বিশ্লেষণ কৰিলে সিবোৰত অনা-মংগোলীয় উপাদানো পৰিলক্ষিত হয়৷ এই মংগোলীয় জনগোষ্ঠীবোৰৰ মাজত অষ্ট্ৰেলীয় আৰু ককেছীয় লক্ষণ চকুত পৰে৷ বাকছটনে আকৌ কৈছে যে আদিবাসী লোকসকল সম্ভৱতঃ অষ্ট্ৰেলীয় – অ'ত-ত'ত সিঁচৰতি হৈ থকা বহুতো জনজাতিৰ মাজত এই উপাদান পৰিলক্ষিত হয়৷ ভাৰতৰ উত্তৰ-পূব অঞ্চলত বসবাস কৰা জনজাতিবোৰ যে স্পষ্টৰূপে মংগোলীয়, সেই বিষয়ে সন্দেহৰ অৱকাশ নাই৷ এই জনসমষ্টিবোৰে বিভিন্ন সময়ত বিভিন্ন পথেৰে অসমত প্ৰৱেশ কৰিছিল৷ এই প্ৰসংগত প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্যৰ মন্তব্য এটি প্ৰণিধানযোগ্য – ‘অসমৰ জনজাতিৰ অধিকসংখ্যক লোক মঙ্গলয়ড জাতিৰ অন্তৰ্ভুক্ত; চীন-তিব্বতীয় আৰু তিব্বতবৰ্মী ভাষা-ভাষীৰূপে মঙ্গলয়ড (কিৰাত) জাতিৰ ভাৰতীয় জনগণৰ মাজত বৈশিষ্ট্য আছে; খাছি আৰু জয়ন্তীয়া ভাষা-ভাষী লোকসকলৰ গাতো মঙ্গলয়ড জাতিৰ সঁচ আৰু তেজৰ সংমিশ্ৰণ হৈছে বুলি জনা যায়৷ বড়ো, ডিমাছা, লালুং, সোণোৱাল কাছাৰী, ৰাভা, গাৰো, মিৰি (মিছিং), মিকিৰ আদি জনজাতিক নিঃসন্দেহে মঙ্গলয়ড জাতিৰ ভিতৰত পণ্ডিতসকলে স্থান দিছে৷' (সম্পাদকৰ পাতনি, অসমৰ জনজাতি, অসম সাহিত্য সভাৰ হৈ লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, চতুৰ্থ প্ৰকাশ : ১৯৯৯ চন, পৃঃ ট-৮)
নক'লেও হয় যে চাওলুং চ্যু-কা-ফাই ১২২৮ চনত সুদূৰ মুংৰিমুংৰামৰপৰা পাটকাইৰ সুউচ্চ পাহাৰৰ চূড়া অতিক্ৰম কৰি অসমৰ সৌমাৰখণ্ডত ভৰি থোৱাৰ পাছৰপৰাই অসমীয়া জাতি গঠনৰ বুনিয়াদ ৰচিত হৈছিল৷ তেওঁৰ সৌমাৰ আগমনৰ পূৰ্বলৈকে এই ভূখণ্ডত বিভিন্ন জনগোষ্ঠীৰ নেতাই ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য পাতি শাসনকাৰ্য চলাই আছিল আৰু এই জনগোষ্ঠীসমূহৰ মাজত কোনো মিলা-প্ৰীতি নাছিল৷ চ্যু-কা-ফা আৰু পৰৱৰ্তী আহোম ৰজাসকলে কছাৰী, চুতীয়া, বৰাহী, মৰাণ, মটক, ভোট, অঁকা, ডফলা, মিচিমি, চিংফৌ, খামতি, তিৱা আদি ভৈয়াম আৰু পাহাৰৰ জনজাতিসকলক জয় কৰি কেতিয়াবা বিজয়ী বেশেৰে আৰু কেতিয়াবা মিত্ৰতাৰ ডোলেৰে সম্পৰ্ক স্থাপন কৰি এক নতুন সমাজ-সংস্কৃতি-সভ্যতাৰ পাতনি মেলিলে৷ আহোমসকলৰ নিজা ধৰ্ম, ভাষা, সাহিত্য, সংস্কৃতি থাকিলেও সেইবোৰ বিজিত জনগোষ্ঠীৰ ওপৰত জাপি দিবলৈ অপচেষ্টা কৰা নাছিল; বৰং তেওঁলোকে বিজিত জাতিৰ সৈতে বৈবাহিক সম্পৰ্কত আবদ্ধ হৈ আৰু তেওঁলোকৰ ভাষা-ধৰ্ম-সংস্কৃতি আদি আদৰি লৈ বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক এক নতুন মাত্ৰা দিছিল৷ উল্লেখ্য যে চ্যু-কা-ফাই মৰাণ ৰজা বদৌচা আৰু বৰাহী ৰজা থাকুমথাৰ কন্যাক বিয়া কৰাই তেওঁলোকৰ সৈতে মিত্ৰতা স্থাপন কৰাৰ দৰে অন্যান্য ডা-ডাঙৰীয়াসকলেও থলুৱা ভিন্ন জনগোষ্ঠীৰ কন্যা বিয়া কৰাই উদাৰ দৃষ্টিভংগীৰ পৰিচয় দিছিল৷ আহোম ৰাজ প্ৰশাসনত প্ৰথমে চাংমাই বা ৰান্ধনি হিচাপে নিযুক্ত হোৱা বৰাহীসকল পাছলৈ আহোম জনগোষ্ঠীৰ মাজত সম্পূৰ্ণৰূপে জীণ গৈছিল৷ সেইদৰে, আন কেইবাটাও জনগোষ্ঠী আহোম সমাজৰ অন্তৰ্ভুক্ত হৈছিল৷ এই প্ৰসংগত বিৰিঞ্চি কুমাৰ বৰুৱাৰ মন্তব্য এটি প্ৰণিধানযোগ্য – ‘আহোমসকলে অসম দেশত এক ভৌগোলিক একতা স্থাপন কৰে আৰু সদিয়াৰপৰা কৰতোয়ালৈকে গোটেই অসম দেশখনক এক শাসনতন্ত্ৰৰ তললৈ আনি অসমীয়া জাতিৰ সংহতি আৰু ঐক্য স্থাপন কৰিবলৈ সমৰ্থ হয়৷ অষ্ট্ৰিক, বড়ো, আহোম আদি বিভিন্ন ভাষা-ভাষীৰ মাজত আৰ্য অসমীয়া ভাষাক প্ৰাধান্য দি আহোম স্বৰ্গদেৱসকলে এক অসমীয়া-ভাষা প্ৰান্ত সৃষ্টি কৰিলে৷ বিভিন্ন জাতি-উপজাতিক ঐক্যবদ্ধ কৰি এক অসমীয়া জাতি গঠন আহোমসকলৰ অতুলনীয় কীৰ্তি৷' (‘আহোম যুগ’, অসমীয়া ভাষা আৰু সংস্কৃতি, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, পঞ্চম সংস্কৰণ : মাৰ্চ, ১৯৯২, পৃঃ ১৯)
পোন্ধৰ শতিকাত অসমভূমিত জন্ম গ্ৰহণ কৰা মহান ঐতিহাসিক পুৰুষ শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্মৰ জৰিয়তে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক আৰু এঢাপ আগুৱাই নিয়ে৷ তেওঁ গাৰোৰ গোবিন্দ, মিচিঙৰ পৰমানন্দ, আহোমৰ নৰহৰি, ভোটৰ জয়ৰাম, যৱনৰ চান্দসাই আদিক শিষ্য কৰি ভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এক নতুন অধ্যায় সূচনা কৰিছিল৷ লক্ষণীয় যে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কেন্দ্ৰস্বৰূপ সত্ৰসমূহৰ শৰণ ব্যৱস্থাৰ যোগেদি জনজাতিসকলৰ মাজত ‘জাতত উঠা'ৰ দৰে এক প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ সেই প্ৰক্ৰিয়াত শৰণীয়া জনজাতীয়ৰপৰা ‘সৰু কোচ'লৈ, ‘সৰু কোচ'ৰপৰা ‘বৰকোচ'লৈ, ‘বৰকোচ'ৰপৰা ‘সৰু কলিতা'লৈ, ‘সৰু কলিতা'ৰপৰা ‘বৰ কলিতা'লৈ উন্নীত হোৱাৰ এক দীৰ্ঘম্যাদী বিধান উপলব্ধ হৈছিল৷ অবিভক্ত নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং, দৰং, কামৰূপ আদি জিলাৰ তিৱা, কাৰ্বি, ৰাভা আদি জনগোষ্ঠীৰ হেজাৰ হেজাৰ লোকে ঝুমীয়া জনজাতি স্তৰৰপৰা ‘উদ্ধাৰ' পাই প্ৰথমে ‘সৰু কোচ'ৰূপে পৰিচিত হৈ হিন্দু ধৰ্মত দীক্ষিত হৈছিল৷ অৱশ্যে, উজনি অসমৰ বহু জনজাতীয় লোকে নৱবৈষ্ণৱ ধৰ্ম গ্ৰহণেৰে দুটামান প্ৰজন্মৰ ভিতৰতে পোনে পোনে হিন্দু সমাজখনত মিলি গৈছিল৷ ৰজাঘৰীয়া চাৰি সত্ৰ বা ব্ৰাহ্মণ্য আচাৰপ্ৰধান সত্ৰসমূহৰ বাদে অব্ৰাহ্মণ সত্ৰসমূহৰ মাজত নৱবৈষ্ণৱ ধৰ্মৰ উদাৰ গণতান্ত্ৰিক ধাৰাটো প্ৰবল হৈ থকাৰ বাবেই সেয়া সম্ভৱপৰ হৈ উঠিছিল৷ বহু পণ্ডিত-গৱেষকে বৃহত্তৰ অসমীয়া জাতি গঠনৰ ক্ষেত্ৰত জনজাতিসমূহৰ হিন্দুকৰণ (সংস্কৃতকৰণ?)ৰ প্ৰক্ৰিয়াক এক তাৎপৰ্যপূৰ্ণ ঘটনা বুলি অভিহিত কৰিলেও সেই প্ৰক্ৰিয়া একেবাৰে ত্ৰুটিমুক্ত নাছিল, বৰং সেই প্ৰক্ৰিয়াত অসমীয়া জাতি ভাঙোনৰ বীজো লুকাই আছিল৷
ছশ বছৰীয়া আহোম ৰাজত্বৰ প্ৰশাসনিক শৃংখলাৰ মাজত সৰু-বৰ জনগোষ্ঠীসমূহ সোমাই পৰাৰ ফলত মধ্যযুগতে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াই এক সুষম গতি লাভ কৰিলেও অসমত ব্ৰিটিছ ঔপনিৱেশিক শাসন প্ৰৱৰ্তন হোৱাৰ আগলৈকে অসমীয়া জাতীয়তাবাদৰ উদ্ভৱ হোৱাই নাছিল৷ ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অসমৰ সৰ্বসাধাৰণে বিদ্ৰোহ কৰিবলৈ যাওঁতেহে অসমীয়া জাতীয়তাবাদৰ উদ্ভৱ হৈছিল৷ ব্ৰিটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল আহোম ৰাজেকাঁৱৰ গোমধৰ কোঁৱৰে৷ পৰৱৰ্তী সময়ত পিয়লি বৰফুকন, মণিৰাম দেৱান আদিয়েও ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ এইসকল ব্যক্তিৰ বিদ্ৰোহ বিভিন্ন কাৰণত বিফল হ'লেও ব্ৰিটিছৰ অপশাসন আৰু শোষণ-লুন্ঠনৰ বিৰুদ্ধে সৰ্বসাধাৰণৰ মাজত বিদ্ৰোহৰ অগনি উমি উমি জ্বলি থাকিল আৰু সেই প্ৰতিবাদৰ অগ্নিয়েই অসমত এক জাতীয়তাবাদী ভাবধাৰাৰ সৃষ্টি কৰিছিল৷
অসমীয়া জাতীয়তাবাদ উত্থানৰ ক্ষেত্ৰত ৰাইজমেলবোৰৰ ভূমিকাৰ কথাও ক'ব লাগিব৷ ব্ৰিটিছ প্ৰশাসনৰ বৈষম্যমূলক ৰাজহ নীতিৰ প্ৰতিবাদ কৰিবলৈ অসমৰ চুকে-কোণে স্থানীয় গোসাঁই, দলৈ আদি সমাজৰ সম্ভ্ৰান্ত শ্ৰেণীৰ নেতৃত্বত ৰাইজমেল অনুষ্ঠিত হৈছিল৷ ফুলগুৰি, ৰঙিয়া, লচিমা, পথৰুঘাট আদি স্থানত অনুষ্ঠিত হোৱা ৰাইজমেলবোৰত প্ৰশাসনৰ আসোঁৱাহপূৰ্ণ আৰু বৰ্ধিত খাজনা নিদিবলৈ সিদ্ধান্ত লোৱা হৈছিল আৰু বৰ্ধিত হাৰত খাজনা দিয়াজনক সমাজচ্যুত কৰা হৈছিল৷ প্ৰশাসনে খাজনাৰ হাৰ হ্ৰাস কৰাৰ পৰিৱৰ্তে পুলিচ-মিলিটাৰি লগাই ৰাইজমেলবোৰ ভংগ কৰিবলৈ চেষ্টা চলাইছিল, বিভিন্ন স্থানত মেলত অংশ গ্ৰহণ কৰা প্ৰতিবাদী লোক পুলিচ-মিলিটাৰিৰ হাতত আহত-নিহত হৈছিল৷ ব্ৰিটিছ প্ৰশাসনে পুলিচ-মিলিটাৰিৰ জৰিয়তে নিৰপৰাধী সৰ্বসাধাৰণৰ ওপৰত অকথ্য অত্যাচাৰ চলোৱাত অসমবাসীৰ মনত স্বাধীনতা আৰু স্বাধিকাৰৰ প্ৰশ্নত ধীৰে ধীৰে জাতীয় চেতনাৰ সৃষ্টি হৈছিল৷
ৰাইজমেলৰ দৰেই অসমবাসীৰ মাজত জাতীয় চেতনা সৃষ্টি কৰিছিল ৰায়ত সভা আৰু সাৰ্বজনিক সভাবোৰেও৷ ৰাইজমেলবোৰৰ কোনো নিৰ্দিষ্ট সদস্য বা কোনো কাৰ্যপালিকাৰ ব্যৱস্থা নাছিল বাবে ৰাইজৰ অভাৱ-অভিযোগ প্ৰশাসনৰ ওচৰত দাখিল কৰাৰ উদ্দেশ্যে নিৰ্দিষ্ট নীতি-নিয়মৰ ভিত্তিত বিভিন্ন অঞ্চলত ৰায়ত সভা, সাৰ্বজনিক সভা আদি ৰজন্ম হৈছিল৷ এনে সভাবোৰে প্ৰশাসনৰ ৰাজহ নীতিৰ প্ৰতিবাদ কৰাৰ উপৰি বিভিন্ন সমাজসেৱামূলক কাম হাতত লৈছিল৷ তেজপুৰৰ লক্ষ্মীকান্ত বৰকাকতি, হৰিবিলাস আগৰৱালা, ভবানীচন্দ্ৰ ভট্টাচাৰ্য, লম্বোদৰ বৰা আদিৰ নেতৃত্বত জন্ম হোৱা ৰায়ত সভাৰ সংগৃহীত ধনেৰে তেজপুৰত টাউন হল সজা হৈছিল৷ জগন্নাথ বৰুৱা, ৰাজকুমাৰ নৰনাৰায়ণ সিংহ আদিৰ নেতৃত্বত যোৰহাটতো সাৰ্বজনিক সভাৰ আয়োজন কৰা হৈছিল আৰু এনে সভাই স্থানীয় লোকৰ মনত ৰাজনৈতিক চেতনাৰ উপৰি জাতীয়তাবোধ সৃষ্টিত অৰিহণা যোগাইছিল৷
মানক খেদিবলৈ আহি অসমৰ আভ্যন্তৰীণ বিষয়ত কোনোধৰণৰ হস্তক্ষেপ নকৰো বুলি প্ৰতিশ্ৰুতি দিয়া ব্ৰিটিছসকলে অসমৰ প্ৰাকৃতিক সম্পদ লুন্ঠন কৰিবৰ বাবেই সেই প্ৰতিশ্ৰুতি ভংগ কৰিছিল৷ তেওঁলোকে ছলে-বলে-কৌশলেৰে অসমভূমিক নিজৰ অধীনলৈ নি হেজাৰ হেজাৰ বিঘা মাটিত চাহ বাগিচা পতাৰ লগতে ভূ-গৰ্ভত থকা অমূল্য খনিজাত সম্পদ লুণ্ঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিলে৷ এই লুণ্ঠন প্ৰক্ৰিয়া অবাধ গতিত চলাই যাবৰ বাবেই ব্ৰিটিছসকলে অসমৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত কৰিব লগা হৈছিল৷ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগে লগে অসমৰ বিভিন্ন অঞ্চলৰ লোকৰ মাজত ভাব বিনিময় সুগম হৈ উঠিছিল আৰু এনে ভাব বিনিময়ে জাতীয় চেতনা সৃষ্টিত প্ৰভূত অৰিহণা যোগাইছিল৷
ইংৰাজী ভাষাৰ প্ৰসাৰ-প্ৰচলনেও অসমবাসীৰ মাজত জাতীয় চেতনা জগাই তুলিছিল৷ মাণিক চন্দ্ৰ বৰুৱাৰ দৰে সমাজসেৱীৰ নেৰানেপেৰা প্ৰচেষ্টাত অসমত চৰকাৰীভাৱে তদানীন্তন চিফ কমিছনাৰ হেনৰি কটনৰ নামেৰে এখন কলেজ স্থাপিত হয়৷ কটন কলেজ স্থাপনৰ মূল উদ্দেশ্য আছিল বিভিন্ন শ্ৰেণীৰ চৰকাৰী কৰ্মচাৰী আৰু কেৰাণীৰ সৃষ্টি কৰা, কিন্তু কালক্ৰমত এই কলেজখন জাতীয় জীৱনৰ এক প্ৰাণস্পন্দনলৈ পৰিণত হৈছিল৷ কটন কলেজ স্থাপন হোৱাৰ লগে লগে অসমৰ চুকে-কোণে অসংখ্য বিদ্যালয়ো স্থাপিত হ'ল৷ অসমত আৰ্বিভাৱ হোৱা শিক্ষিত প্ৰজন্মটোৱে উদাৰপন্থী বা গণতন্ত্ৰপ্ৰেমী মিল্টন, স্পেন্সাৰ, ৰুছো আদি পশ্চিমীয়া সাহিত্যিক-চিন্তাবিদৰ লেখা অধ্যয়ন কৰি জাতীয় চেতনাৰে উদ্দীপিত হৈছিল৷ অসমীয়া জাতীয়তাবাদ সৃষ্টিৰ ক্ষেত্ৰত ১৯০৩ চনত জন্ম লাভ কৰা অসম এছ'চিয়েচনৰ ভূমিকাও গুৰুত্বপূৰ্ণ আছিল৷ মাণিক চন্দ্ৰ বৰুৱা, ঘনশ্যাম বৰুৱা, জগন্নাথ বৰুৱা, প্ৰভাত চন্দ্ৰ বৰুৱা আদিয়ে গুৰি ধৰা সেই সংগঠনটোৱে গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে চৰকাৰৰ কাষত দাবী উত্থাপন কৰি অসমৰ স্বাৰ্থ ৰক্ষাৰ বাবে প্ৰচেষ্টা চলাইছিল৷ সংগঠনটোৱে অসমৰ স্বাধীনতা আন্দোলনৰো নেতৃত্ব দিছিল৷
লক্ষণীয় যে ঊনবিংশ শতিকাৰ মাজভাগত অসমৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, ভাষিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে দুৰ্যোগৰ সৃষ্টি হৈছিল৷ ১৮৩৬ চনত ব্ৰিটিছ প্ৰশাসনে অসমৰ বিদ্যালয়, আদালত আৰু চৰকাৰী কাৰ্যালয়ৰপৰা অসমীয়া ভাষাক আঁতৰাই বঙালী ভাষা প্ৰচলন কৰাই নহয়; প্ৰশাসনৰ পৃষ্ঠপোষকতা লাভ কৰা এক ক্ষমতাশালী চক্ৰই অসমীয়া ভাষা-সাহিত্যৰ গৌৰৱময় ঐতিহ্য আৰু বৈশিষ্ট্যক অস্বীকাৰ কৰি অসমীয়া ভাষাক বঙালী ভাষাৰ দোৱান হিচাপে প্ৰতিষ্ঠা কৰিবলৈ অপচেষ্টা চলালে৷ উল্লেখ্য যে তৎকালীন শিক্ষিত অসমীয়াসকলৰ মনত তেতিয়াও প্ৰবল জাতীয় চেতনা ক্ৰিয়াশীল হৈ উঠা নাছিল বাবে ব্ৰিটিছ প্ৰশাসনে অসমীয়া ভাষাক লৈ চলোৱা ষড়যন্ত্ৰৰ বিৰুদ্ধে কোনো তাৎক্ষণিক প্ৰতিবাদো হোৱা নাছিল৷ তাৎপৰ্যপূৰ্ণভাৱে সেই সময়ছোৱাত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে অসমলৈ অহা খ্ৰীষ্টান মিছনেৰিসকলে বঙালী ভাষাৰ আগ্ৰাসনৰপৰা অসমীয়া ভাষাক ৰক্ষা কৰিবৰ বাবে উদ্যোগ লৈছিল৷ মিছনেৰিসকলে অসমীয়া ভাষাৰ স্বকীয় ভাষিক বৈশিষ্ট্যবোৰৰ বিষয়ে অৱগত হৈ এই ঐতিহ্যপূৰ্ণ আৰু পূৰ্ণাংগ ভাষাটোক জীয়াই ৰাখিবলৈ চেষ্টা চলোৱাৰ মাজেৰে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ পদক্ষেপ লৈছিল৷ তেওঁলোকে অসমীয়া ভাষাৰ হৃত গৰিমা পুনৰুদ্ধাৰৰ বাবে ভালেমান দীৰ্ঘম্যাদী আঁচনি গ্ৰহণ কৰিছিল৷ সেই আঁচনিবোৰৰ ভিতৰত ১৮৩৯ চনত উইলিয়াম ৰবিনছনৰদ্বাৰা প্ৰণীত প্ৰথম অসমীয়া ব্যাকৰণ আৰু ১৮৬৮ চনত ৰেভাৰেণ্ড মাইলছ ব্ৰনছনৰদ্বাৰা প্ৰণীত প্ৰথম অসমীয়া অভিধানৰ প্ৰকাশ অন্যতম আছিল৷ সেইদৰে, মিছনেৰিসকলে ১৮৪৬ চনত প্ৰকাশ কৰা প্ৰথম অসমীয়া আলোচনী ‘অৰুনোদই'ৰ জৰিয়তে অসমীয়া ভাষাই এক আধুনিক আৰ্হি লাভ কৰিলে৷
পৰৱৰ্তী সময়ত অসমৰ নব্য শিক্ষিতসকলেও অসমীয়া ভাষাৰ হৃত গৰিমা ফিৰাই আনিবলৈ অহোপুৰুষাৰ্থ কৰিছিল৷ এই ক্ষেত্ৰত আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা আদিৰ নাম ল'ব লাগিব৷ এইসকলৰ প্ৰচেষ্টাৰ ফলত সুদীৰ্ঘ ৬৫ বছৰৰ পাছত ব্ৰিটিছ প্ৰশাসনে অসমৰ বিদ্যালয়, আদালত আৰু চৰকাৰী কাৰ্যালয়ত পুনৰ অসমীয়া ভাষা প্ৰচলন কৰে৷ অসমীয়া জাতীয়তাবাদ নিৰ্মাণ প্ৰকল্পক এক নতুন গতি দিয়ে লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঞিবৰুৱা আদি শিক্ষিত যুৱ-ছাত্ৰসকলে৷ তেওঁলোকে অসমৰ লোকজীৱনৰ মাত-কথা, ভাব-ভাষা, আচাৰ-বিচাৰ আদিক নতুন দৃষ্টিৰে চোৱাৰ যি সযত্ন প্ৰসায় কৰিছিল, সেই প্ৰয়াসতেই নিহিত আছিল অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণৰ আদৰ্শ৷ ঊনবিংশ শতিকাৰ শেষভাগত ‘জোনাকী' আলোচনীৰ প্ৰকাশৰপৰা কুৰি শতিকাৰ প্ৰায় তিনিটা দশকলৈ বেজবৰুৱাই আছিল জাতীয়তাবাদ নিৰ্মাণ প্ৰকল্পৰ মূল ব্যক্তি৷ উল্লেখ্য যে ‘আসাম বিলাসিনী', ‘টাইমছ অব আসাম', ‘ঊষা', ‘বন্তি' আদি কাকত-আলোচনীয়েও আপোন সভ্যতা তথা সংস্কৃতিৰ মহিমা প্ৰকাশ কৰি অসমবাসীক প্ৰবল জাতীয় চেতনাৰে আলোড়িত কৰিছিল৷
অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়া অতীত গৌৰৱ, স্বদেশানুৰাগ আৰু ভাষিক চেতনাৰ আধাৰতে আৰম্ভ হ'লেও ঔপভাষিক বা আঞ্চলিক বিভেদ, ধৰ্মীয় আগ্ৰাসন, গোষ্ঠীচেতনা আদিৰপৰা উদ্ভূত কেতবোৰ সংঘাতে সেই প্ৰক্ৰিয়াত পদে পদে হেঙাৰ সৃষ্টি নকৰাও নহয়৷ মধ্যবিত্ত শ্ৰেণীৰ অত্যধিক ব্ৰিটিছ আনুগত্য আৰু বৰ্ণবাদী দৃষ্টিভংগীৰ বাবেও জাতীয়তাবাদ নিৰ্মাণ প্ৰক্ৰিয়াটো বাধাগ্ৰস্ত হৈ পৰিছিল৷ অনাৰ্য জনগোষ্ঠী অধ্যুষিত অসমভূমিত মধ্যযুগতে ধীৰে ধীৰে আৰম্ভ হোৱা আৰ্যীকৰণৰ প্ৰক্ৰিয়া ঊনবিংশ শতিকাৰ প্ৰাৰম্ভত একাংশ নব্য শিক্ষিত বৰ্ণহিন্দুৱে বিভিন্ন উপায়েৰে ত্বৰান্বিত কৰি তুলিব বিচাৰিছিল৷ ফলত বৰ্ণবাদ প্ৰথাই শক্তিশালী ৰূপ ধাৰণ কৰি অনাৰ্য জনগোষ্ঠীসমূহৰ স্বাভিমানত আঘাত হানিবলৈ ধৰাত সংশ্লিষ্ট জনগোষ্ঠীসমূহৰ নেতৃস্থানীয় প্ৰতিনিধিসকলে নিজৰ নিজৰ জনগোষ্ঠীৰ সাৰ্বিক বিকাশৰ স্বাৰ্থত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালভাৱে বৰ্ণবাদৰ বিৰুদ্ধেও যুঁজ চলাই গৈছিল৷
ব্ৰিটিছ আমোলত পোনপ্ৰথমে গোষ্ঠীগত চেতনাৰে জাগ্ৰত হৈছিল পূৰ্বৰ ৰাজকীয় গৌৰৱ আৰু শৌৰ্য-বীৰ্য হেৰুৱাই ভূত-ভৱিষ্যতৰ চিন্তাত মুজুৰা পৰি থকা আহোম জনগোষ্ঠী৷ এই গোষ্ঠীচেতনাৰ অন্যতম কাৰণ হ'ল, আৰ্য জাত্যভিমানী বৰ্ণবাদীসকলে ৰাজ্যখনৰ প্ৰশাসনীয় কাম-কাজত সহায় কৰিবলৈ অহা একাংশ বঙালী আমোলাৰ লগ লাগি জনগোষ্ঠীটোক পদে পদে বিভিন্ন প্ৰকাৰে দলিত কৰিবলৈ অপচেষ্টা চলাইছিল৷ তেনে এক সন্ধিক্ষণতে আৰ্থিক-সামাজিক-মানসিকভাৱে পশ্চাদমুখী হোৱা সাধাৰণ আহোম জনগণৰ মাজত স্বাভিমান জগাই তুলিবলৈ পদ্মনাথ গোহাঞিবৰুৱা, ৰাধাকান্ত সন্দিকৈ আদিৰ প্ৰচেষ্টাত ১৮৯৩ চনত সদৌ অসম আহোম সভা গঠিত হৈছিল৷ আহোম সভাৰ আত্মজাগৰণৰ দৃষ্টান্ত গ্ৰহণ কৰি অসমৰ অন্যান্য অষ্ট্ৰীয়-মংগোলীয়-তিব্বতবৰ্মী জনগোষ্ঠীসমূহেও ১৯৩৪ চনত ট্ৰাইবেল লিগ গঠন কৰিছিল৷
লক্ষণীয় যে এই জনগোষ্ঠীসমূহৰ মাজত গোষ্ঠীগত বা দলিত চেতনা বৃদ্ধি পালেও অসমীয়া পৰিচয় হ'লে কোনেও ত্যাগ কৰিব বিচৰা নাছিল৷ আহোমসকলৰ সুকীয়া পৰিচয়ৰ ভিত্তিত উন্নয়নৰ দাবী উত্থাপন কৰা পদ্মনাথ গোহাঞিবৰুৱাই স্পষ্টভাৱেই কৈছিল – তেওঁ ‘যদি বাৰ অনা অসমীয়া, চাৰি অনা আহোম'৷ সেইদৰে, ১৯৩৫ চনত ছাইমন কমিছনৰ আগত বড়োসকলে আৰ্জি পেচ কৰোঁতে বড়োসকলৰ নিজস্ব সাম্প্ৰদায়িক সমস্যাবোৰ ব্ৰিটিছ চৰকাৰৰ আগত উত্থাপন কৰিও দোহাৰিছিল যে তেওঁলোক অসমৰে অসমীয়াই৷ এই দুটা উদাহৰণেই প্ৰমাণ কৰে যে জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস অসমীয়া জাতি গঠন বা জাতীয়তাবাদ নিৰ্মাণ প্ৰক্ৰিয়াৰ অন্তৰায় কাহানিও নাছিল৷ ‘বৈচিত্ৰ্যৰ মাজত ঐক্য' – এয়াই আছিল অসমীয়া জাতি গঠনৰ প্ৰধান বৈশিষ্ট্য৷ এই বিচিত্ৰতা হ'ল ভৌগোলিক আৰু বাৰেৰহণীয়া জনগোষ্ঠীয় বিচিত্ৰতা৷
পৰিহাসৰ বিষয় যে তৎকালীন সমাজজীৱনৰ কেতবোৰ বিভ্ৰান্তি আৰু অৰ্ধসত্যৰ কণকঠীয়া পৰৱৰ্তী কালতো নাশ কৰিব নিবিচৰাৰ ফলত স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়া ক্ৰমশঃ স্থবিৰ হৈ আহিল৷ ১৯৬৮ চনত অসম বিধানসভাৰ আলোচনাত শেষবাৰৰ বাবে ভাগ লৈ মেঘালয়ৰ প্ৰথমজনা মুখ্যমন্ত্ৰী কেপ্টেইন ডব্লিউ এ চাংমাই কৈছিল – ‘আমি জনজাতিসকলে যদি ভাৰতীয় মূল সুঁতিত মিলিব লাগে, তেন্তে অন্য কোনো গৌণসুঁতিৰ জৰিয়তে কিয় যাব লাগে? আমি দেখোন পোনে পোনেই ভাৰতীয় মূল সুঁতিলৈ যাব পাৰোঁ৷' কথাষাৰ বৰ তাৎপৰ্যপূৰ্ণ৷ তথাকথিত মূলসুঁতিৰ আৰ্যাভিমানী ভাৰতীয় বা অসমীয়াসকলৰ অধিপত্যকামী মানসিকতাই যে বিংশ শতিকাতো তথাকথিত উপসুঁতিৰ অৰ্থাৎ তিব্বতবৰ্মী মংগোলীয় জনগোষ্ঠীসমূহক তিক্ত-বিৰক্ত কৰি আহিছিল, সেয়া এ চাংমাৰ বক্তব্যতে স্পষ্ট হৈ পৰে৷
পাহাৰীয়া জনজাতিসকলৰ দৰে আত্মজাগৰণৰ এনে এক উপলব্ধি প্ৰকাশ কৰিবৰ বাবে অসমৰ ভৈয়ামৰ জনজাতিসকলৰ বাবে যথেষ্ট সময়ৰ প্ৰয়োজন হ'ল৷ কাৰণ, বেছিসংখ্যক পাহাৰীয়া জনজাতিয়ে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ ইংৰাজী আধুনিক শিক্ষাৰ প্ৰভাৱত আত্মোত্থানৰ বাবে উদ্বুদ্ধ হোৱাৰ পৰিৱেশ লাভ কৰাৰ বিপৰীতে ভৈয়ামৰ জনজাতিসকলে হিন্দু ধৰ্মৰ স্তৰীকৃত সামাজিক জখলাৰ নিম্নস্থানত অৱস্থান কৰি (এওঁলোক কিন্তু ঐতিহাসিকভাৱে হিন্দুধৰ্মী নাছিল, নিজস্ব দেৱ-দেৱীৰ উপাসকহে আছিল) আত্ম উত্থানৰ যি বাট সন্ধান কৰিবলৈ বাধ্য হৈছিল, সেই বাট আছিল আত্মপলায়ন আৰু অধোগতিৰহে৷ পাহাৰীয়া জনজাতিসকলে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাভ কৰাৰ সময়তহে অত বছৰে হিন্দু ধৰ্মৰ নিম্ন স্থান নিৰ্বিবাদে মানি অহা ভৈয়ামৰ জনজাতিসমূহে উপলব্ধি কৰিলে যে নিজস্ব কৃষ্টি-পৰম্পৰা বা ধৰ্মীয় পৰিচয় ত্যাগ কৰি হিন্দু ধৰ্মৰ কঠোৰ শৃংখলাত আত্মোত্তৰণৰ স্বপ্ন দেখি একো লাভ নাই, আত্মোত্তৰণৰ বাবে প্ৰয়োজন অৰ্থনৈতিক-সামাজিক-সাংস্কৃতিক স্বাধীনতা আৰু বিকাশ৷
লক্ষণীয় যে অসমীয়া জাতিৰ সমস্যা আৰু অসমৰ ভিন্ন জনগোষ্ঠীসমূহৰ সমস্যা একেধৰণৰ নহয়৷ অসমীয়া জাতিটোৰ সমস্যা হ'ল মূলতঃ অসমীয়া ভাষা-সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠা জাতীয় চেতনাৰে উদ্দীপ্ত আৰু ঐক্যবদ্ধ হোৱাসকলৰ স্ববিকাশৰ আৰু অস্তিত্ব ৰক্ষাৰ সমস্যা৷ ইপিনে, পৃথকতাবাদী জনগোষ্ঠীসকলৰ সমস্যা হ'ল তেওঁলোকৰ অস্বীকৃত জাতীয় স্বীকৃতি আদায় কৰা আৰু সুকীয়া সীমাৰ ভিতৰত নিজৰ অস্তিত্ব ৰক্ষা আৰু বিকাশৰ ব্যৱস্থা কৰা৷ কিন্তু আমি পাহৰিলে নহ'ব যে কোনো বিশেষ জনগোষ্ঠীৰ সংস্কৃতিৰ সাঁচত এটা বৃহৎ আৰু সবল জাতি তথা জাতীয় চেতনা গঢ়ি উঠা কঠিন৷ জনগোষ্ঠীয় পৰিসৰ অতিক্ৰম কৰিহে এক আধুনিক জাতি গঢ়িব পৰা যায়৷ এই আপাহতে অসমীয়া পৰিচয় ত্যাগ কৰিব বিচৰা বা পৃথক স্বায়ত্তশাসন বা ৰাজ্যৰ দাবীত সৰৱ হৈ উঠা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ নেতাসকলে এই কথা বুজা উচিত যে বিশ্বায়নৰ যুগত কোনো জাতিসত্তাৰ বাবেই আছুতীয়া মুক্তি অবাস্তৱ কল্পনা মাথোন৷
আজিৰ তাৰিখত স্থানান্তৰত উল্লেখ কৰি অহা ‘জনগোষ্ঠীসমূহৰ আত্মসবলীকৰণৰ প্ৰয়াস অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্তৰায় কাহানিও নাছিল' কথাষাৰ মনত ৰাখি আৰু ‘বৈচিত্ৰ্যৰ মাজত ঐক্য' নীতিক সৰোগত কৰি সেই অসমীয়াত্বকে আদৰণি জনাব লাগিব : যি অসমীয়াত্বই বড়ো, কাৰ্বি, কোচ-ৰাজবংশী আদি জনগোষ্ঠীৰ সুকীয়া অস্তিত্বক মুক্তচিত্তে স্বীকাৰ কৰি ল'ব পাৰিব৷ প্ৰাচীন অসমৰ সমাজ-সভ্যতাৰ ভেটি গঢ়োতা এই জনগোষ্ঠীসমূহৰ সুকীয়া অস্তিত্বক স্বীকৃতি দিলে যদি অসমীয়া ভাষা-সংস্কৃতি ধ্বংস হয়, তেন্তে সেয়া প্ৰকৃত অসমীয়াত্ব হ'ব নোৱাৰে৷ ভিন্ন জনগোষ্ঠীৰ সুকীয়া অস্তিত্বক স্বীকৃতি দিয়াৰ পাছতো যি অসমীয়াত্ব অক্ষয়-অব্যয় হৈ ৰ'ব, সিহে প্ৰকৃত অসমীয়াত্ব৷ অৰ্থাৎ, অসমীয়া জাতিৰ অস্তিত্ব সংঘীয় আধাৰতহে সংৰক্ষিত আৰু পৰিৱৰ্ধিত হ'ব৷ এনে এক উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিবৰ বাবে ‘অতি (মূলসুঁতি?) অসমীয়া কেন্দ্ৰিক' অহমিকা বৰ্ণহিন্দু সম্প্ৰদায়সমূহে ত্যাগ কৰিবই লাগিব৷ অতীতৰপৰা এনে অহমিকাই অসমীয়া মধ্যবিত্ত শ্ৰেণীক তিব্বতবৰ্মী জনগোষ্ঠীসমূহৰ সমাজিক প্ৰস্থিতি আৰু বিভিন্ন সমস্যাৰ প্ৰতি অহেতুকভাৱে সন্দেহবাদী, উদাসীন আৰু দমনমূলক কৰি আহিছে৷ অসম সাহিত্য সভাৰ দৰে তথাকথিত জাতীয় সংগঠনে স্বাধীনতাৰ পৰৱৰ্তী কালত জোৰকৈ অসমীয়াকৰণৰ অপচেষ্টা চলোৱাৰ পৰিণতিতে যে মিজো, খাছী, অৰুণাচলীসকল অসমৰপৰা আঁতৰি গ'ল বা বড়ো, কাৰ্বি আদি জনগোষ্ঠীয়ে আঁতৰি যাব বিচাৰিছে, সেই বাস্তৱ সত্যক কোনো কাৰণতে পাহৰি গ'লে নহ'ব৷

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া জাতি আৰু জাতীয়তাবাদ : উদ্ভৱ আৰু বিকাশ- (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *