অসমীয়াৰ দুৰৱস্থা কিয়?- (জ্যোতিৰূপম দত্ত)

একালত অদম্য সাহস, দেশপ্ৰেম, শৃংখলাবোধৰ দৃষ্টান্ত ৰাখি শত্ৰুপক্ষৰো প্ৰশংসাৰ পাত্ৰ হোৱা এই সাহসী, সুশৃংখলিত, অদম্য অসমীয়া জাতিটো বৰ্তমান অৱক্ষয়ৰ গৰাহত পৰিছে নেকি ? বিভিন্ন জনগোষ্ঠীৰ মিলনভূমি স্বৰূপে পৰিগণিত সুজলা-সুফলা , সুন্দৰ জলবায়ু তথা সাৰুৱা এই ভূখণ্ডত বিভিন্ন জাতি-ধৰ্ম-কৃষ্টি-সংস্কৃতিৰ লোকসকলে অতীজৰেপৰা মিলা-প্ৰীতিৰে বাস কৰি আহি আজিৰ সময়ত আত্মনিয়ন্ত্ৰণ, আত্মগৌৰৱ, সম্পদৰ অধিকাৰক জলাঞ্জলি দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে কিয় ? অসমৰ মাটি-পানী-বায়ুৰ সৈতে কোনো সম্পৰ্ক নথকা এচাম বহিৰাগত ক্ষমতালোভী, সম্পদলোভী লোকে এই ভূখণ্ডৰ জনসাধাৰণৰ মাজত বিজতৰীয়া সংস্কৃতি তথা বিভেদৰ বীজ সিঁচি আগ্ৰাসী মনোভাবেৰে তিল তিলকৈ একালৰ এই দুৰ্দান্ত জাতিটোক পংগু কৰাৰ এক সুচিন্তিত পৰিকল্পনা ৰচিছে নেকি ? এই প্ৰশ্নবোৰ আজিকালি বহু সচেতন ব্যক্তিৰে মনত খেলোৱা হৈছে।

বৰ্তমান সময়ত বহুতৰে ভোগসৰ্বস্ব মানসিকতাই সামাজিক মূল্যবোধৰ অৱক্ষয় ঘটোৱা পৰিলক্ষিত হৈছে। দেশপ্ৰেম তথা নৈতিক চেতনাক ভৰিৰে মোহাৰি নানা অসাধু প্ৰক্ৰিয়া অৱলম্বন কৰি নিজকে শক্তিশালী তথা সম্পদশালী হোৱাৰ প্ৰচেষ্টাত ব্ৰতী হোৱা দেখা যায়। বৰ্তমানৰ পৰিস্থিতিত জাতীয়তাবাদ হৈ পৰিছে এনে এচাম সুবিধাবাদীৰ বসনস্বৰূপ। ভৱিষ্যতৰ প্ৰজন্মৰ জীৱনৰ সৈতে হেতালি খেলি নিজৰ বৰপেৰা ভৰোৱা সুবিধাবাদী জাতিধ্বংসী এচামৰ বাবেই আজিৰ এনে অৱস্থা হৈছে। সাধাৰণ মানুহৰ ভাবাৱেগক নিজৰ ইচ্ছাৰে নিয়ন্ত্ৰণ কৰাত সিদ্ধহস্ত ৰঘুমলাসদৃশ এনেবোৰ লোকেই আজি সমাজৰ ভাগ্যনিয়ন্তাস্বৰূপ বুলি ক’লেও ভুল কোৱা নহ’ব। বৰ্তমান সমাজৰ প্ৰতিটো স্তৰতে পৰ্বতসমান দুৰ্নীতিয়ে মজ্জালৈকে শিপাই ফোঁপোলা কৰি এক ভয়ংকৰ পৰিস্থিতিৰ সূচনা কৰিছে।
অসমীয়া নামৰ একালৰ এই সৰ্বশক্তিমান জাতিটোৰ জাত্যভিমানক চূৰমাৰ কৰি এচাম নিজৰ মানুহৰ সংকীৰ্ণ ৰাজনীতিৰ বাবে বৰ্তমান সময়ত দেখা দিয়া নীচাত্মিকতাবোধৰ প্ৰক্ৰিয়াটো বহুকাল আগৰেপৰাই আৰম্ভ হৈছিল। ৰঘুমলাসদৃশ এইসকল লোকৰ বাবেই এই ভূমিখণ্ডৰ এসময়ৰ প্ৰবল প্ৰতাপী বৃহত্তৰ অসমীয়া সমাজখনৰ বিভিন্ন স্তৰত লাহে লাহে ঘুণে ধৰিছিল। প্ৰাকৃতিকভাৱে সুৰক্ষিত, শস্য-শ্যামলা, অপূৰ্ব জলবায়ুৰ এই অঞ্চলটিৰ সবল-সুঠাম নাগৰিকসকলে লাহে লাহে বহিৰাগত আক্ৰমণকাৰীসকলৰ সমুখত বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল। এতিয়াও ইতিহাসে সোঁৱৰায় যে এসময়ত ভাৰতবৰ্ষৰ অধিকাংশ ঠাই নিজৰ সাম্ৰাজ্যৰ বহতীয়া কৰিবলৈ সক্ষম হোৱা প্ৰবল প্ৰতাপী মোগল সেনাক পৰাজিত কৰা অসমীয়াৰ শৌৰ্যৰ কথা স্বয়ং শত্ৰুৰ মুখতেই শুনা গৈছিল। তাহানি মোগল সেনাপতিয়ে কৈ যোৱা সেই কথাষাৰ আজিৰ প্ৰজন্মই পাহৰি গৈছে - “প্ৰত্যেকজন অসমীয়া সেনাই যুদ্ধ কৰিব জানে, নাও চলাব জানে, সাঁতুৰিব জানে, একে নিশাতে মাটিৰ গড় বনাব জানে, হিলৈ মাৰিব জানে, তৰোৱাল চলাব জানে, এনে এক সুশৃংখলিত জাতিক পৰাভূত কৰাটো অসম্ভৱ।”
একালৰ এই জাতিটোৰ জাত্যভিমানক এই জাতিটোৰেই ভিতৰৰ কিছুমান ছদ্মবেশী শত্ৰুৱে বাৰে বাৰে ভেঙুচালি কৰি আহিছে। নৰহত্যাকাৰী, লুণ্ঠনকাৰী মানসেনাক মাতি আনি অসম ধ্বংসৰ পাতনি মেলা বদন বৰফুকনো অসমীয়া আছিল। ব্যৱসায়ৰ ছলেৰে সাম্ৰাজ্য বিস্তাৰৰ পাং পতা আগ্ৰাসী ব্ৰিটিছক গোঁজেই গজালি হোৱাতো সহায় কৰা লোকসকলো অসমীয়াই আছিল। আনকি স্বাধীনতাৰ পাছতো চুবুৰীয়া দেশৰপৰা অহা বিদেশী প্ৰব্ৰজনকাৰীৰ সমস্যাটোক সমাধান কৰিবলৈ অনীহা প্ৰকাশ কৰা ৰাজনৈতিক নেতাসকলো এই ভূখণ্ডৰেই বতাহ-পানী খাই জীয়াই থকা লোক। একালত নানা জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতিৰ সংমিশ্ৰণেৰে এই ভূখণ্ড জীপাল হৈ অসমীয়া নামৰ এক বৃহত্তৰ জাতিগঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। ইয়াৰ এটি উদাহৰণ হ'ল একালৰ 'নেফা' বা বৰ্তমানৰ অৰুণাচল প্ৰদেশ, মেঘালয় আৰু চুবুৰীয়া নগাপাহাৰ বা নাগালেণ্ডৰ বহু জনজাতিৰ সংযোগী ভাষা আছিল অসমীয়া। বৃহত্তৰ অসম প্ৰদেশৰ নানা দুৰ্গম অঞ্চলত অসমীয়া ভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰা এমুঠিমান সাহসী, জাত্যভিমানী অসমীয়াৰ বাবেই এই বৃহত্তৰ জাতিগঠনৰ প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈছিল। স্বাধীনতাৰ পাছত 'নেফা' বা বৰ্তমানৰ অৰুণাচল প্ৰদেশৰ বিভিন্ন দুৰ্গম অঞ্চলত জনজাতীয় লোকৰ বাবে বিদ্যালয় খুলি অসমীয়া ভাষাক এক সংযোগী ভাষাৰূপে স্বীকৃতি দিয়া ইন্দিৰা মিৰিৰ অৱদানৰ কথা আজিৰ প্ৰজন্মৰ বহুতেই নাজানে।
বৰ্তমানৰ প্ৰজন্মৰ মাজত মানসিক ব্যৱধান সৃষ্টিৰ বাবে মূলতঃ জগৰীয়া হ'ল চলিত শিক্ষা পদ্ধতি। চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহৰ মাজত থকা শিক্ষা পদ্ধতিৰ মাজত আকাশ-পাতাল প্ৰভেদ থকা বুলিলেও ভুল কোৱা নহ’ব। ৰাজ্যখনৰ বেছিভাগ চৰকাৰী বিদ্যালয়ৰ অৱস্থা একেবাৰে তথৈবচ। তাৰ উপৰিও চৰকাৰী পৃষ্ঠপোষকতাত চলি অহা বহুকেইখন আঁচনিয়ে শিক্ষাৰ ক্ষেত্ৰখন সুবিধাৰ সলনি বহু বেমেজালিৰে ভৰাই পেলাইছে। ৰাজকোষৰ কোটি কোটি টকা খৰচ কৰিও ৰাজ্যখনে নিজৰ প্ৰয়োজনীয় মানৱ সম্পদ গঢ়াত ব্যৰ্থ হৈছে। শিক্ষাৰ ক্ষেত্ৰত দেখা দিয়া আন এটা জাতিধ্বংসী কথা হ'ল বুৰঞ্জী আৰু ভূগোল বিষয় দুটাৰ অনুপস্থিতি। আনহে নালাগে অসমীয়া জাতিৰ বীৰ-বীৰাংগণাসকলৰ শৌৰ্য-বীৰত্বৰ কথাও পাঠ্যক্ৰমৰপৰা সাৱধানে আঁতৰাই ৰাখি ছাত্ৰ-ছাত্ৰীসকলক অসমৰ জাতীয় জীৱনৰ এক উজ্জ্বল অধ্যায়ৰ জ্ঞানপ্ৰাপ্তিৰপৰা বঞ্চিত কৰা হৈছে। ভৱিষ্যতৰ প্ৰজন্মক মানসিকভাৱে পংগু কৰি একাংশ লোকৰ হাতত কাললৈ বহতীয়া কৰি ৰখাৰ এয়া হ'ল একাংশ অসাধু ৰাজনৈতিক নেতাৰ এক সূক্ষ্ম ৰাজনৈতিক ছলনাৰ অংশবিশেষ। এসময়ত দেশৰ বাবে, দহৰ বাবে প্ৰাণ আহুতি দিবলৈ সৰ্বক্ষণ সাজু থকা জাতিটোৰ গৰিষ্ঠসংখ্যক বংশধৰেই বৰ্তমান ক্ষুদ্ৰ ব্যক্তিস্বাৰ্থকেই প্ৰাধান্য দিয়া দেখা যায়। নিজৰ অঞ্চল, জিলা, ৰাজ্যখনৰ বিষয়ে সম্যক জ্ঞান আহৰণ নকৰাকৈ ভৱিষ্যতৰ প্ৰজন্মৰ মনত জাতীয়তাবোধৰ বীজ ৰোপণ কৰা অসম্ভৱ হ'ব।
শিক্ষা-ব্যৱস্থাৰ লগত জড়িত থকা বহুকেইটি ছদ্মবেশী ৰাজনৈতিক সংগঠনৰো এনেবোৰ সমস্যাৰ বাবে লোৱা ভূমিকা প্ৰায় শূন্যৰ ঘৰত দেখা যায়। এই প্ৰসংগতে উল্লেখনীয় যে অসম আন্দোলনৰ জাতীয়তাবাদী ভাবধাৰাৰে গঠিত হোৱা বহুকেইটা ছাত্ৰ সংগঠনৰ নেতাই পাছলৈ নিজৰ সত্তাক জলাঞ্জলি দি ব্যক্তিগত সম্পদ আহৰণত ৰত হোৱা কাৰ্যই সাধাৰণতে ইয়াকেই প্ৰমাণ কৰে যে জাতীয়তাবাদ হৈছে এমুঠি ৰঘুমলাসদৃশ লোকৰ বাবে বৈষয়িক সুখৰ বাবে সম্পদ আহৰণৰ এক আহিলা মাত্ৰ। কথাই কথাই আন্দোলন কৰি, ছাত্ৰ-ছাত্ৰীসকলৰ পঢ়াৰ অমূল্য সময় নষ্ট কৰি ৰাজপথলৈ আনি নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে প্ৰৰোচিত কৰা বিতৰ্কিত ছাত্ৰ-সংগঠনৰ নেতৃবৃন্দই ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰত হোৱা বিভিন্ন সমস্যাৰ বিষয়ে মাত মতা দেখা নাযায়। ফুলকুমলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ নামত ব্যৱসায়ী মহলৰপৰা কোটিৰ ঘৰত দান-বৰঙণি তুলি কোনোকালে হিচাপ নিদিয়া তথাকথিত ছাত্ৰ সংগঠনসমূহৰপৰা এই বিষয়ে কিবা এটা আশা কৰাটো টান।
এই ভূখণ্ডৰ অৰ্থনীতি মূলতঃ কৃষিনিৰ্ভৰ হোৱা সত্ত্বেও আজিলৈকে কৃষিখণ্ডৰ সামগ্ৰিক অৱস্থা পয়া লগা অৱস্থাতেই থকা পৰিলক্ষিত হৈছে। সুচিন্তিত তথা বৈজ্ঞানিক পৰিকল্পনাৰ অভাৱত বিস্তীৰ্ণ সাৰুৱা কৃষিভূমি এনেয়ে পেলাই ৰখাটোহে দেখা যায়। জান-জুৰি, নদ-নদীৰে পৰিপূৰ্ণ ৰাজ্যখনৰ কৃষিভূমিলৈ জলসিঞ্চনৰ ব্যৱস্থা একেবাৰে নাই বুলিলেও অত্যুক্তি কৰা নহ’ব। পিছে চৰকাৰীভাৱে বহু অৰ্থ ব্যয় কৰাৰ পাছতো মূলতঃ প্ৰশাসন তথা দুৰ্নীতিগ্ৰস্ত এচামৰ বাবেই সৰ্বত্ৰ ধ্বংসমুখী প্ৰৱণতাই গা কৰি উঠিছে। ইয়াৰ উপৰিও কৃষিখণ্ডত উৎপাদিত ফচলৰ বজাৰত উচিত দাম নোপোৱাৰ বাবেই বহু আত্মনিৰ্ভৰশীল কৃষিজীৱী লোকে লাহে লাহে মধ্যভোগীৰ বহতীয়া হোৱা পৰিলক্ষিত হৈছে।
একালৰ সবল-সুঠাম জাতিটো আজি এলেহুৱা, জৰাগ্ৰস্ত, অৱসন্ন। ভোগবাদী জীৱন যাপনত অভ্যস্ত হৈ পৰা আজিৰ সমাজখনত শ্ৰমৰ মূল্য নাই। সমাজৰ সৰ্বত্ৰ “বিনামূলীয়া” সম্পদৰ প্ৰলোভন দি এদল কৰ্মহীন অৱসাদগ্ৰস্ত সন্মোহিত মানুহ তৈয়াৰ কৰি পেলোৱা হ'ল। মানসিক আৰু শাৰীৰিকভাৱে পৰ্যুদস্ত কৰা এদল শক্তিহীন নাগৰিকক ভেড়া বনাবলৈ যে সহজ কাম সেই কথা চতুৰ ৰাজনৈতিক নেতাসকলে বুজে আৰু সেইবাবেই বিভিন্ন আঁচনিৰ গইনা লৈ এচামক সম্পদৰ প্ৰলোভনেৰে নিজৰ বহতীয়া কৰি পেলোৱা হ'ল। তাহানি মোগল সেনাপতিয়ে অসমীয়া নামৰ সুশৃংখলিত জাতিক পৰাভূত কৰাটো অসম্ভৱ বুলি কৈ যোৱা কথাষাৰ বৰ্তমানৰ অবাবতে সময় নষ্ট কৰি, বিবেকক বন্ধকত থৈ, ৰাজনৈতিক নেতাসকলে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে সময়ে সময়ে ভিক্ষাৰ জোলোঙালৈ দলিয়াই দিয়া 'বিনামূলীয়া সাহায্য'খিনিক লৈয়েই সন্তুষ্ট হোৱা মেৰুদণ্ডহীন জাতিটোৱে বুজিবনে বাৰু ?
বৰ্তমান সময়ত সমাজৰ বিভিন্ন স্তৰৰ বাবে উন্নয়নৰ সুপৰিকল্পিত আঁচনি গ্ৰহণ কৰি সুসংবদ্ধভাৱে জাতিটোৰ বৃহত্তৰ স্বাৰ্থত আগভাগ লোৱা দূৰদৃষ্টিসম্পন্ন ৰাজনৈতিক নেতাৰ অভাৱ। বহু ক্ষেত্ৰত এনেবোৰ কথা-কাণ্ড ৰাজনীতিবিদসকলৰ পৰিকল্পনা যেনো অনুভৱ হয়। অশিক্ষিতসকলক দীৰ্ঘকাললৈ পদদলিত কৰি ৰাখিবলৈ পাৰি। সাধাৰণ অশিক্ষিত লোকসকলে চতুৰ ৰাজনীতিবিদসকলৰ চতুৰালি ধৰিব নোৱৰাৰ বাবেই আজীৱন নিষ্পেষিত হৈ থাকে। কেৱল নিৰ্বাচনৰ ভোটৰ অংকৰ বাবেই দুৰ্নীতিপৰায়ণ ৰাজনৈতিক নেতাসকলে বহু চল-চাতুৰিৰ আশ্ৰয় লয়। প্ৰায়েই দেখা যায় যে নিৰ্বাচনত ৰাইজৰ মাজৰে এজন হোৱাৰ অভিনয় কৰি, গাত বোকা-ধূলি লেটিয়াই, ধৰ্ম-ভাষাৰ গইনা লৈ আৱেগিক ভাষণৰ ফুলজাৰি মাৰি ৰাইজক আৱেগত টলমল কৰি নিৰ্বাচিত হোৱা জনপ্ৰতিনিধি এজনেও সমস্যাসমূহৰ সমাধানৰ সময়ত মূৰপোলোকা মৰাহে দেখা যায়।
এতিয়া এনেবোৰ শিকলি ভাঙি মুক্ত হোৱাৰ সময় হ'ল। প্ৰাকৃতিক সম্পদেৰে ঠাহ খাই থকা ৰাজ্যখনৰ মানৱ সম্পদৰাশিক প্ৰায়োগিক বৈজ্ঞানিক পৰিকল্পনাৰে কামত লগোৱাৰ সময় আহি পৰিছে। প্ৰতিজন অসমীয়াই ঠেক মানসিক গণ্ডীৰপৰা বাহিৰ হৈ অপৰিসীম সাহসৰ পৰিচয় দি বিভেদকামী আৰু ব্যক্তিস্বাৰ্থক প্ৰাধান্য দিয়া প্ৰতিজন বদনৰ অভিসন্ধি ওফৰোৱাৰ সংকল্প লোৱাৰ সময় আহি পৰিছে। এইক্ষেত্ৰত এটা কথা অনস্বীকাৰ্য যে প্ৰতিটো কথাতেই নতুন প্ৰজন্মক দোষ দিলে নহ’ব। ভৱিষ্যতৰ প্ৰজন্মই অনবৰতে জ্যেষ্ঠজনৰ পদাংক অনুসৰণ কৰে। সমাজৰ জনা-বুজাসকলেই যেতিয়া নতুন প্ৰজন্মৰ বাবে এক সুস্থ বাতাবৰণ তৈয়াৰ কৰাত ব্যৰ্থ হয় তেনে ক্ষেত্ৰত কনিষ্ঠজনৰপৰা আৰু কিয়েই বা আশা কৰিব পাৰি ?
বৰ্তমানৰ এই দোদুল্যমান সময়ত সকলোৱে নিজৰ অধিকাৰ নিজেই সাব্যস্ত কৰিবলৈ অহোপুৰুষাৰ্থ কৰিব লাগিব। সমাজৰ ভাষা-ধৰ্ম-জাতিৰ ব্যতিৰেকে সমাজৰ ক্ষুদ্ৰ ক্ষুদ্ৰ উপাংশবোৰ একগোট হৈ নিজৰ অধিকাৰ সুনিশ্চিত কৰা কথাটো বৰ্তমান সময়ৰ এক অতীব প্ৰয়োজনীয় কথা। সুখৰ কথা যে এতিয়াও এচাম সচেতন অভিভাৱকৰ বাবেই নতুন প্ৰজন্মৰ একাংশই অসমীয়া ভাষা তথা সংস্কৃতিৰ চৰ্চা অব্যাহত ৰাখিছে। এমুঠিমান হ’লেও সেই নমস্য অভিভাৱকসকলৰ এই প্ৰশংসনীয় প্ৰচেষ্টাক আনসকলেও আদৰি লোৱাটো অতীব প্ৰয়োজনীয় কথা। আশা কৰিছো যে সাহিত্য, সংগীত, কলা-কৃষ্টি, বুৰঞ্জীৰ মেটমৰা সম্ভাৰৰ সৈতে আজিৰ প্ৰজন্মক চিনাকি কৰি তোলা প্ৰচেষ্টাৰ ফলস্বৰূপে অসমীয়া জাতি স্বকীয় মৰ্যাদাৰে উজলি উঠি এক অদমনীয়, সাহসী, সুশৃংখলিত জাতি হিচাপে আকৌ এবাৰ পৰিগণিত হ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়াৰ দুৰৱস্থা কিয়?- (জ্যোতিৰূপম দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *