অসমীয়া প্ৰগতিশীল চুটিগল্প : এটি চমু আলোচনা-(টুনুজ্যোতি গগৈ, সীমা ভূঞা)

প্ৰগতিশীল সাহিত্যক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল হ’লেও সাধাৰণ অৰ্থত যি সাহিত্যই সমাজক গতিশীল কৰি তোলে, তাকে প্ৰগতিশীল সাহিত্য হিচাপে অভিহিত কৰিব পৰা যায়। ইংৰাজী Progressive শব্দৰ অসমীয়া প্ৰতিশব্দৰূপে ব্যৱহৃত প্ৰগতিশীল শব্দটোৰ ধাৰণা কাল আপেক্ষিক। যুগে যুগে আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু সাংস্কৃতিক বিৱৰ্তনৰ সমান্তৰালভাৱে প্ৰগতিশীল ভাবাদৰ্শৰো পৰিৱৰ্তন হৈ আহিছে। ভাবাদৰ্শৰ পৰিৱৰ্তন সমাজৰ উৎপাদন আৰু শাসন ব্যৱস্থাৰ সৈতে সম্পৰ্কিত বাবেই দাস সমাজ, সামন্তবাদী সমাজ, পুঁজিবাদী সমাজ আদিতকৈ সমাজতান্ত্ৰিক সমাজ তুলনামূলকভাৱে বেছি প্ৰগতিশীল। সমাজৰ এনে নিৰন্তৰ পৰিৱৰ্তনৰ ফলতে দাস সমাজত প্ৰগতিশীল যেন লগা প্ৰমূল্য সামন্তবাদী সমাজত স্থবিৰ ৰূপে বিবেচিত হ’ব পাৰে বা পুঁজিবাদী সমাজত প্ৰগতিশীল যেন লগা প্ৰমূল্যও সমাজতান্ত্ৰিক সমাজত প্ৰগতিৰ অন্তৰায়ৰূপে পৰিগণিত হ’ব পাৰে।

প্ৰচলিত বা গতানুগতিক ধাৰাৰ বিপৰীতে গৈ কোনো নতুন পথৰ সন্ধান দিয়াতেই প্ৰগতিশীল সাহিত্যৰ সাৰ্থকতা পৰিলক্ষিত হয়। এনে সাহিত্যই পশ্চাদমুখী আৰু ৰক্ষণশীল ধ্যান-ধাৰণাৰ বিপৰীত বিন্দুত অৱস্থান কৰি সমাজৰ পৰিৱৰ্তনকামী জনগণৰ প্ৰতিবাদী কণ্ঠ শোষণ-নিপীড়নৰ বিৰুদ্ধে সোচ্চাৰ কৰি তোলে। এনে কাৰণতে প্ৰগতিশীল সাহিত্যক প্ৰতিবাদী সাহিত্য হিচাপেও অভিহিত কৰিব পাৰি। প্ৰগতিশীল সাহিত্যৰ মূল উৎস হ’ল মাৰ্ক্সীয় দৰ্শন। ১৮৪৭ চনত লণ্ডনত অনুষ্ঠিত ‘আন্তৰ্জাতিক কমিউনিষ্ট লীগ’ৰ প্ৰথম অধিৱেশনত কাৰ্ল মাৰ্ক্স আৰু এংগেলছে সমাজতন্ত্ৰৰ মূল নীতিসমূহক লৈ প্ৰস্তুত কৰা ‘কমিউনিষ্ট মেনিফেষ্টো’ক তুলি ধৰে আৰু ইয়াৰ লগে লগে মাৰ্ক্সবাদী দৰ্শনেও আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰে। উল্লেখ্য যে মাৰ্ক্সবাদে কলা, সাহিত্য, সংস্কৃতি আদি সমাজৰ অৰ্থনৈতিক ভেটিটোৰ ওপৰত নিৰ্ভৰশীল বুলি গণ্য কৰে। সাহিত্যত এখন সমাজৰ আৰু একোছোৱা সময়ৰ প্ৰতিচ্ছবি কেনেদৰে প্ৰতিফলিত হয় বা শ্ৰেণীবিভক্ত সমাজত চলি থকা শ্ৰেণীসংগ্ৰামৰ ভিন্ন ৰূপ সাহিত্যত কেনেদৰে ৰূপায়িত হয়, সেই সম্পৰ্কতহে মাৰ্ক্সবাদী সাহিত্যই চিন্তা-চৰ্চা কৰি আহিছে। এই মতবাদ অনুসৰি, এখন শোষণমুক্ত আৰু সাম্যৰ ওপৰত প্ৰতিষ্ঠিত সমাজ গঢ়াৰ স্বাৰ্থত সাহিত্যকৰ্মত প্ৰগতিশীল চিন্তা-আদৰ্শ ষোল্ল অনাই প্ৰতিফলিত হ’ব লাগে।

সি যি নহওক, ভাৰতত বিংশ শতিকাৰ তৃতীয় দশকৰ পৰাহে ছাত্ৰ ফেডাৰেছনকে ধৰি বিভিন্ন কৃষক-শ্ৰমিক সংগঠনৰ জৰিয়তে মাৰ্ক্সবাদী ভাবধাৰাই গা কৰি উঠিছিল। ১৯১৭ চনত সংঘটিত ৰুছ বিপ্লৱৰ সফল পৰিণতিত সাম্যবাদী ছোভিয়েট দেশ গঠন, ১৯২০ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ জন্ম, ১৯৩৬ চনত প্ৰেমচান্দৰ নেতৃত্বত গঢ় লৈ উঠা ভাৰতীয় প্ৰগতিশীল আন্দোলন আদি বিভিন্ন কাৰকে ভাৰতত প্ৰগতিশীল চিন্তা-চৰ্চাৰ এক অনুকূল পৰিৱেশ গঢ় দিছিল। সেই পৰিৱেশৰ প্ৰভাৱত মুল্কৰাজ আনন্দ, প্ৰেমচান্দ, কৃষাণ চন্দৰ আদি সাহিত্যিকে পোন প্ৰথমে ভাৰতীয় সাহিত্যলৈ মাৰ্ক্সীয় দৰ্শনৰ আমদানি কৰে। ১৯৩৪ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম ৰাজ্যিক সমিতি গঠন হোৱাৰ লগে লগে মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা উদ্বুদ্ধ হৈ এদল যুৱ লেখক-শিল্পীয়ে অসমতো প্ৰগতিশীল লেখক আৰু শিল্পী সংঘ প্ৰতিষ্ঠা কৰে। এই সংগঠনটোৰ সক্ৰিয় কৰ্মী ভৱানন্দ দত্ত, চক্ৰেশ্বৰ ভট্টাচাৰ্য, ধীৰেন দত্ত, হেম বৰুৱা আদিয়ে মাৰ্ক্সীয় দৃষ্টিভংগীৰে সাহিত্য চৰ্চাত ব্ৰতী হৈ অসমীয়া সাহিত্যত এক নতুন ধাৰাৰ সূচনা কৰিছিল। দ্বিতীয় মহাসমৰৰ প্ৰাক্ ক্ষণত অৰ্থাৎ ১৯৩৮ চনত জন্ম লাভ কৰা আৰু ভবানন্দ দত্তই সম্পাদনা কৰা ‘জয়ন্তী’ আলোচনী হৈ পৰিছিল প্ৰগতিশীল সাহিত্যৰ মুখপত্ৰস্বৰূপ। অৱশ্যে, ‘জয়ন্তী’ আলোচনী প্ৰকাশৰ পূৰ্বেই ‘চেতনা’ আৰু ‘আৱাহন’ আলোচনীয়ে হৰেন্দ্ৰ নাথ শৰ্মা, কৰুণাকান্ত চহৰীয়া আদি চিন্তাশীল লেখকৰ ৰুছ বিপ্লৱ বা মাৰ্ক্সীয় দৰ্শনৰ বিষয়ত ৰচিত প্ৰবন্ধ-পাতি প্ৰকাশ কৰি অসমীয়া পাঠকক প্ৰগতিশীল চিন্তাধাৰাৰ সৈতে চিনাকি কৰাই দিছিল।

অসমীয়া প্ৰগতিশীল চুটি গল্প বুলি ক’লে এই আলোচনাত আমি শ্ৰমিক শ্ৰেণীৰ স্বাৰ্থ বা শ্ৰমিক শ্ৰেণীৰ চূড়ান্ত লক্ষ্যৰ সপক্ষে ৰচিত চুটি গল্পসমূহকহে বুজিম। শ্ৰমিক শ্ৰেণীৰ চূড়ান্ত লক্ষ্য হ’ল, অলেখ ভুল-ভ্ৰান্তিৰে ভৰা প্ৰচলিত সমাজ ব্যৱস্থা সলনি কৰি সাম্যবাদ প্ৰতিষ্ঠা কৰা। অৰ্থাৎ সমাজৰ পৰম্পৰাগত নেতিবাচক ধ্যান-ধাৰণাক নস্যাৎ কৰি তাৰ ঠাইত নতুন চিন্তা-চেতনা আৰু দায়বদ্ধতাৰে সমাজ পৰিৱৰ্তনৰ সম্ভাৱনাময় ইংগিত বহন কৰা বিষয়বস্তুৰ আধাৰত ৰচিত গল্পকে ‘প্ৰগতিশীল চুটি গল্প’ হিচাপে অভিহিত কৰিব পাৰি। লক্ষণীয় যে কোনো গল্পত সমাজ চেতনা বা শ্ৰমজীৱী জনগণৰ চিত্ৰ থাকিলেই তাক তত্ত্বগতভাৱে প্ৰগতিশীল গল্প বুলিব নোৱাৰি। কিয়নো, মাৰ্ক্সবাদী বা প্ৰগতিশীল সাহিত্যৰ ধাৰণাটো ঊনবিংশ শতিকাৰ মাজভাগতহে উদ্ভৱ হৈছিল আৰু অসমীয়া সাহিত্যত এই ধাৰা মূলতঃ আৱাহন যুগৰ পৰাহে প্ৰচলিত হৈছিল। সেয়ে এই আলোচনাত আৱাহন যুগৰ পৰা অসমীয়া ভাষাত লিখিত গল্পবোৰৰ প্ৰসংগহে উত্থাপন কৰা হ’ব।

সন্দেহ নাই যে ‘জোনাকী যুগ’ৰ ৰোমাণ্টিকতা পৰিহাৰ কৰি বাস্তৱতাৰ পটভূমিত অসমীয়া চুটিগল্পই ‘আৱাহন যুগ’ত এক পৰিপূৰ্ণ ৰূপ পৰিগ্ৰহ কৰিছিল। এই যুগটোতে আধুনিক শিক্ষাৰ যোগেদি অসমীয়া সাহিত্যত পশ্চিমৰ বিভিন্ন সাহিত্যাদৰ্শ আৰু ৰাজনৈতিক দৰ্শনৰ প্ৰভাৱ পৰিছিল আৰু তেনে বহুমুখী প্ৰভাৱৰ ফলস্বৰূপে আৱাহন যুগৰ অসমীয়া চুটি গল্পত প্ৰগতিশীল চিন্তাৰ উন্মেষ ঘটিছিল। সেই প্ৰগতিশীল চিন্তাধাৰা কেৱল দুটা দিশতহে প্ৰকাশ পাইছিল– এটা দিশ হ’ল নাৰী মুক্তি আৰু আনটো দিশ হ’ল সমাজৰ অৰ্থনৈতিক মুক্তি। (বৰুৱা, প্ৰহ্লাদ কুমাৰ : অসমীয়া চুটি গল্পৰ অধ্যয়ন, পৃষ্ঠা-১৬২)। এই যুগৰ গল্পকাৰসকলৰ সমাজ চেতনা আৰু সামাজিক দায়বদ্ধতা প্ৰখৰ আছিল বাবেই তেওঁলোক পৰম্পৰাগত ৰীতি-নীতি, ব্যক্তি চৰিত্ৰৰ ভণ্ডামি, স্থিতাৱস্থা আদিৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল।

‘আৱাহন যুগ’ৰ গল্পকাৰসকলৰ ভিতৰত লক্ষ্মীধৰ শৰ্মাৰ গল্পত প্ৰগতিশীল চুটিগল্পৰ লক্ষণসমূহ পৰিলক্ষিত হয়। এইক্ষেত্ৰত তেওঁৰ ‘গৌৰী’, ‘ব্যৰ্থতাৰ দান’, ‘পৰাজয়’ আদি গল্প উল্লেখযোগ্য। শৰ্মাই পোনপ্ৰথমবাৰৰ বাবে সাম্যবাদী চিন্তাধাৰাক অসমীয়া গল্পলৈ আমদানি কৰিছিল। তেওঁৰ ‘পৰাজয়’ গল্পটোত চাহ বাগিচাৰ বনুৱাসকলৰ শোষণৰ ছবি জীৱন্ত হৈ উঠিছে। গল্পৰ নায়ক মহেশে শোষক শ্ৰেণীৰ বিৰুদ্ধে সৰ্বশক্তিৰে যুঁজ দিব পৰা নাই, কেৱল শোষিত শ্ৰেণীৰ প্ৰতি গভীৰ সহমৰ্মিতাহে পোষণ কৰিছে। সেই সহমৰ্মিতাৰ চিত্ৰায়ণত গল্পকাৰ সফল হ’লেও গল্পটো সাৰ্থক প্ৰগতিশীল চুটিগল্পলৈ উন্নীত নহ’ল। ‘আৱাহন যুগ’ৰ হলীৰাম ডেকা, কৃষ্ণ ভূঞা আদিৰ দুই-এটা গল্পৰ মাজতো ক্ষীণভাৱে সাম্যবাদী চিন্তাৰ আভাস পৰিলক্ষিত হৈছিল। তাৎপৰ্যপূৰ্ণভাৱে এই যুগৰ গল্পকাৰ ত্ৰৈলোক্যনাথ গোস্বামীয়ে ‘পৰাজয়’ শীৰ্ষক গল্প লেখি সমকালীন সাম্যবাদীসকলক ব্যংগও কৰিছিল।

এক দশকমান পূৰ্বৰ পৰা সীমিত পৰিসৰত চৰ্চিত-কৰ্ষিত হৈ অহা সাম্যবাদী চিন্তা-চৰ্চাক ‘জয়ন্তী’ আলোচনীয়ে অসমীয়া সাহিত্যত জনপ্ৰিয় কৰি তোলে। ‘জয়ন্তী যুগ’ৰ কবি-সাহিত্যিকসকলে পূৰ্বৰ ৰমন্যাসিক আৰু স্থিতিশীল ধ্যান-ধাৰণাৰ ঘোৰ বিৰোধিতা কৰি সমাজমুখী সংগ্ৰামী চেতনাৰে অসমীয়া প্ৰগতিশীল সাহিত্যত এক নতুন জোৱাৰ সৃষ্টি কৰিবলৈ সক্ষম হয়। লক্ষণীয় যে এই যুগত ভৱানন্দ দত্ত, ধীৰেন দত্ত, অমূল্য বৰুৱা, হেম বৰুৱা, চক্ৰেশ্বৰ ভট্টাচাৰ্য আদিৰ হাতত ভালেমান সাৰ্থক প্ৰগতিশীল কবিতাৰ সৃষ্টি হৈছিল। কিন্তু, সেই অনুপাতে ‘জয়ন্তী যুগ’ বা ‘যুদ্ধোত্তৰ যুগ’ত সাৰ্থক প্ৰগতিশীল গল্প সৃষ্টি হোৱা পৰিলক্ষিত নহ’ল।

সৰ্বভাৰতীয় পটভূমিলৈ লক্ষ্য কৰিলে দেখা যায় যে তৎকালীন সময়ছোৱাত ভাৰত বিভাজনৰ পৰিণতিত উদ্ভূত সাম্প্ৰদায়িক সংঘৰ্ষৰ আধাৰত অন্যান্য আঞ্চলিক সাহিত্যত বহু প্ৰগতিশীল গল্পৰ সৃষ্টি হৈছিল। সমকালীন অসমত কোনো বিশেষ সাম্প্ৰদায়িক সংঘৰ্ষ নোহোৱাৰ বাবেই হয়তো অসমীয়া সাহিত্যত তেনেধৰণৰ উল্লেখযোগ্য গল্প সৃষ্টি নহ’ল। অৱশ্যে, বামপন্থী দলৰ অক্লান্ত কৰ্মী তথা সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই গোৱালপৰীয়া থলুৱা শব্দৰ সংমিশ্ৰণেৰে ৰচনা কৰা ‘মামীৰ হাৰ’ গল্পটিত ‘ভুৱা স্বাধীনতাৰ ফচল সাম্প্ৰদায়িক সংঘৰ্ষ’ৰ প্ৰসংগই স্থান পাইছে –‘সমস্যাৰ গোড়া না বুঝিয়া চুঝিয়া আমিৰা ধৰিয়া লং- এই ইমিৰাই দেছেৰ্ ছক্ৰ–এই পাকিস্তানেৰ পৰা আছা মান্ছিগিলা।... ওদিগি চিলাইয়া ওঠে, ‘আল্লা হো আকবৰ। আমিৰা ডাকাওঁ-বন্দে মাতৰম্ অ মলৌ, অ জৰৌং-কাই কাই আছিচ্ আছিবি। চবাই আছিয়া জুটিয়া, মিলিয়া একেলগে চেচাং-বন্দে মাতৰম্। যাং বাঙালৰ গ্ৰামৰ দিগে অন্ধকাৰ ৰাত্ৰিত। হাতত বাতিয়াৰ অস্ত্ৰ লইয়া, দা, কুঠাৰ, জাঠি, জোং....আগুন জ্বলিয়া উঠে। আঃ... তাৰ পড়ে আৰু কিছু নাই।... অমিৰা পালায়। হয়, আমাৰ পেট নভৰে, আগেৰ্ যতন্ খালি থাকি যায়...।’ অসমৰ সৰু-বৰ জনগোষ্ঠীসমূহৰ কাষ চাপিবলৈ সুযোগ পোৱা ৰাভাই হদয়ংগম কৰিছিল যে জাতিৰ বিকাশৰ লগত ‘সমন্বয়’ আৰু ‘সংহতি’ৰ প্ৰশ্নটো অংগাংগীভাৱে জড়িত।

ভাৰত স্বাধীনতাৰ বহু বছৰৰ পাছত সাম্প্ৰদায়িক সংঘৰ্ষক লৈ হোমেন বৰগোহাঞিয়েও ‘ইস্মাইল শ্বেখৰ সন্ধানত’ নামৰ এটা ভাল গল্প লেখিছিল। গল্পটোত পূব পাকিস্তানৰ পৰা মুছলমানৰ অত্যাচাৰত পলাই অহা ব্ৰাহ্মণে পেটৰ দায়ত অসমত ৰিক্সা চলোৱা আৰু ব্ৰাহ্মণ কন্যাই বেশ্যাবৃত্তি আঁকোৱালি লোৱাৰ মৰ্মস্পৰ্শী বৰ্ণনা আছে। তেনেদৰে পূব পাকিস্তানৰ পৰা অসমলৈ পলাই অহা এজন মুছলমানে চৰকাৰী মাটিত সাজি লোৱা ঘৰটো চৰকাৰী মানুহে উচ্ছেদ কৰা ঘটনাৰ বৰ্ণনা কৰি গল্পকাৰে চৰকাৰী দায়িত্ব আৰু মানৱীয়তাৰ মাজৰ সংঘাত ফুটাই তুলিছে। গল্পটিত নায়কে চৰকাৰী উচ্ছেদৰ বিৰুদ্ধে থিয় হোৱাৰ ইংগিত নিদিলেও গল্পটোক এটা সাৰ্থক প্ৰগতিশীল গল্প হিচাপে অভিহিত কৰিব পাৰি। বাস্তৱবাদী ধাৰাত লিখিত চৈয়দ আব্দুল মালিকৰ ‘বীভৎস বেদনা’ গল্পতো দেশ বিভাজনৰ প্ৰসংগই স্থান পাইছে।

স্বাধীনতাৰ পৰৱৰ্তী সময়ছোৱাত অসমৰ সামাজিক-ৰাজনৈতিক-অৰ্থনৈতিক আদি দিশত বিভিন্ন পৰিৱৰ্তন ঘটিছিল। জমিদাৰী প্ৰথাৰ প্ৰভাৱ ক্ৰমশঃ হ্ৰাস হ’লেও পুঁজিবাদী ব্যৱস্থায়ো ভালদৰে গা কৰি উঠিব নোৱৰাত সামন্তবাদ আৰু পুঁজিবাদী সমাজ ব্যৱস্থা এক আপোচ মীমাংসাত উপনীত হৈছিল। ফলত এই সময়ছোৱাত লিখিত অসমীয়া গল্পসমূহত পুঁজিবাদৰ বিপক্ষে জোৰদাৰ প্ৰতিবাদী সুৰ ফুটি নুঠিল, বৰং ক্ষয়ংকৰী দুই সমাজ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদৰ ক্ষীণ সুৰ এটাহে শুনা যায়। জমিদাৰ, মাটিৰ মালিক, মহাজন আদি শোষক শ্ৰেণীৰ বিৰোধিতা কৰি অসমীয়া সাহিত্যত ভালেমান চুটি গল্প ৰচিত হ’লেও সাৰ্থক প্ৰগতিশীল চুটিগল্প হিচাবে পোনেই অপূৰ্ব শৰ্মাৰ ‘হলধৰ’ৰ নাম ল’ব লাগিব। বিভিন্ন চল-চাতুৰিৰে সাধাৰণ মানুহৰ মাটি-বাৰী আত্মসাৎ কৰা আৰু গাঁওবাসীৰ ওপৰত নানা অন্যায়-অবিচাৰ চলাই যোৱা মহাজনৰ বিৰুদ্ধে শোষিত শ্ৰেণীৰ অসহায় প্ৰতিনিধি সোমেশ্বৰ জাগি উঠিছে। নাঙল চোৰক ধৰিবৰ বাবে সোমেশ্বৰৰ পিছে পিছে যোৱা শিশুসকলৰ মাজত নিজৰ নুমলীয়া সন্তানক দেখি মহাজনৰ ভৰিৰ তলৰ মাটি কঁপি উঠিছে। এনেধৰণৰ অন্য এটি গল্প হ’ল, মহেন্দ্ৰ বৰপূজাৰীৰ ‘খোজ’ (নতুন পৃথিৱী, অষ্টম বছৰ, দ্বিতীয় সংখ্যা)। গল্পটোত কৃষক সভাৰ সৈতে জড়িত হৈ এজন সাধাৰণ খাটিখোৱা মানুহৰ প্ৰতিবাদী চেতনা কেনেদৰে ফুটি উঠিছে, সেয়া সুন্দৰভাৱে চিত্ৰিত হৈছে। উল্লিখিত গল্প দুটিয়ে মাটিগিৰিৰ ভৱিষ্যৎ অন্ধকাৰ হৈ পৰাৰ পৰিৱৰ্তে খাটিখোৱা খেতিয়কৰ ভৱিষ্যৎ যে উজ্জ্বল, তাৰ অৰ্থৱহ ইংগিত দিয়ে।

লক্ষণীয় যে স্বাধীনোত্তৰ অসমক ১৯৭০ চনৰ পাছৰ পৰা ভাষা আন্দোলন, শোধনাগাৰ আন্দোলন আদি কেইবাটাও আন্দোলনে প্ৰবলভাৱে জোকাৰি যায়। সেইদৰে, ১৯৭৫ চনৰ জুন মাহত ভাৰতৰ জৰুৰীকালীন অৱস্থা ঘোষিত হোৱাত সমগ্ৰ দেশৰ লগতে অসমৰ প্ৰগতিশীল চিন্তাধাৰাৰ ব্যক্তিসকলৰো গণতান্ত্ৰিক অধিকাৰ বিভিন্ন দমনমূলক নীতি প্ৰয়োগেৰে খৰ্ব কৰি তোলা হৈছিল। সময়ত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰিলেও ৰাজনৈতিক ভ্ৰষ্টাচাৰ আৰু অৰ্ধ সামন্ততান্ত্ৰিক শাসন ব্যৱস্থাৰ কেঁকোৰা চেপাৰ পৰা সৰ্বসাধাৰণ মুক্ত নহ’ল। এই অস্থিৰ-অশান্তিজৰ্জৰ সত্তৰ দশকৰ ৰাজনৈতিক বাতাৱৰণৰ পটভূমিত অসমীয়া সাহিত্যত অলেখ কবিতা-গল্প-নাটক ৰচিত হৈছিল। এই গল্প-কবিতাবোৰত প্ৰতিবাদী চেতনা ফুটি উঠিলেও সেইবোৰক প্ৰকৃতাৰ্থত প্ৰগতিশীল সাহিত্য বুলিব নোৱাৰি। কাৰণ, উগ্ৰ বিপ্লৱী চেতনা থাকিলেই কোনো সাহিত্য প্ৰগতিশীল হ’ব নোৱাৰে, বৰং এনে উগ্ৰ চেতনাই প্ৰগতিশীলতাক ধ্বংসহে কৰে।

সত্তৰ দশকত অসমীয়া সাহিত্যত সাৰ্থক প্ৰগতিশীল চুটি গল্প ৰচিত নোহোৱাৰ মূল কাৰণ হ’ল, সেই সময়ছোৱাত অসমৰ বামপন্থী শিবিৰৰ স্থিতি বৰ শক্তিশালী নাছিল আৰু উল্লিখিত আন্দোলনবোৰ মূলতঃ অসমৰ জাতীয়তাবাদী শিবিৰৰ দ্বাৰাহে পৰিচালিত হৈছিল। লক্ষণীয় যে ১৯৭২ চনৰ ভাষা আন্দোলনৰ ভেটিত কোনো লেখত ল’বলগীয়া প্ৰগতিশীল গল্প সৃষ্টি নোহোৱাৰ বিপৰীতে সেই সময়ছোৱাত নাৰীৰ সামাজিক স্থিতিক লৈ ৰচিত এটি গল্পত প্ৰগতিশীলতাৰ কিছু লক্ষণ ফুটি উঠিছে। মূলতঃ নৰ-নাৰীৰ প্ৰেমক আধাৰ কৰি গল্প লিখা কেশৱ শইকীয়াই ‘বোৱাৰী প্ৰণিতা’ (আমাৰ প্ৰতিনিধি, ১৯৭২ চতুৰ্থ সখ্যা) গল্পটিত নাৰীক কেতবোৰ পুৰণিকলীয়া কঠোৰ নীতি-নিয়মৰ শিকলিৰে বান্ধি থোৱা প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধাচাৰণ কৰিছে। অৱশ্যে, অসমীয়া নাৰীয়ে শিৰত সেন্দূৰ লোৱা প্ৰথাটোৰ প্ৰতি গল্পকাৰৰ দৃষ্টিভংগী আছিল নৰম। এনেধৰণৰ অন্য এটি গল্প হ’ল, যোগেশ দাসৰ ‘বৰদেউতা’। সহ অভিনয়ৰ সপক্ষে লিখা দাসৰ গল্পটো সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত প্ৰগতিশীল হিচাপে বিবেচিত নহ’লেও, গল্পটো ৰচিত হোৱাৰ সময়ত ই প্ৰগতিশীলতাৰ বাৰ্তা বহন কৰিছিল। এসময়ত অসমৰ নাট্য মঞ্চত সহ অভিনয় কৰাটো সমাজবিৰোধী কাৰ্যৰ দৰে আছিল। কিন্তু, গল্পৰ নায়ক চন্দনে সমাজৰ বিৰুদ্ধে গৈ সহ অভিনয় কৰাই নহয়, গাঁৱৰ মানুহক প্ৰত্যাহ্বান জনাই ৰাজেশ্বৰীক বিয়াও কৰালে। গল্পটোত গল্পকাৰে গাঁৱৰ মানুহে চন্দন-ৰাজেশ্বৰীৰ প্ৰতি কৰা অন্যায়-অবিচাৰ, সুবিধাবাদী নেতাৰ ৰাজনীতি আদি দক্ষতাৰে অংকন কৰিছে। কিন্তু সেই অন্যায়-অবিচাৰৰ প্ৰতি উচিত প্ৰত্যাহ্বানৰ ইংগিত ফুটাই তুলিব নোৱৰা বাবে গল্পটো সাৰ্থক প্ৰগতিশীল গল্পলৈ উত্তৰণ নঘটিল। তথাপি, আংগিক-কৌশলৰ দিশৰ পৰা এই গল্পটোক অসমীয়া সাহিত্যৰ এটা ভাল গল্প বুলি ক’ব পাৰি।

সি যি নহওক, ভাষা আন্দোলনে অসমৰ সমাজ জীৱন কঁপাই যোৱাৰ সময়ছোৱাত অসমীয়া গল্পকাৰে গল্পৰ বিষয়বস্তু হিচাবে নাৰী মুক্তিৰ প্ৰসংগকহে অগ্ৰাধিকাৰ দিয়াৰ পৰাও বুজিব পাৰি যে অসমীয়া প্ৰগতিশীল চুটিগল্প সৰ্বভাৰতীয় পৰ্যায়ৰ সমান্তৰালভাৱে অগ্ৰসৰ হ’ব পৰা নাছিল। সেইদৰে, সত্তৰ দশকলৈকে সমাজৰ অৰ্থনৈতিক ভেঁটিক লৈও সাৰ্থক প্ৰগতিশীল গল্প ৰচিত হোৱা নাছিল। তথাপি, সেই সময়ছোৱাত ৰচিত হোমেন বৰগোহাঞিৰ এটা গল্পই দৃষ্টি আকৰ্ষণ কৰে। বৰগোহাঞিৰ ‘ভাৰতবৰ্ষ ১৯৪৭-৬৫’ত এটা চৰিত্ৰই গাঁৱলীয়া সমাজখন কিয় নষ্ট হৈছে তাৰ কাৰণ বিচাৰি কৈছে – ‘এই বঙালীবোৰ সোমায়েই আমাৰ গাঁৱলীয়া সমাজখন নষ্ট কৰিলে।’ গল্পকাৰে নিজে তেনেদৰে ভবা নাই, অৰ্থনৈতিক গাঁথনিৰ বাবেহে এনে সমস্যাৰ উদ্ভৱ হৈছে বুলি উপলব্ধি কৰিছে। কিন্তু, গল্পকাৰে সেই সমস্যা সমাধানৰ উপায় উদ্ভাৱন কৰিবলৈ অপৰাগতা প্ৰকাশ কৰিছে।

শ্ৰেণী সংগ্ৰামেৰে সাম্যবাদ প্ৰতিষ্ঠা কৰিবলৈ যোৱাৰ ক্ষেত্ৰত সংসদীয় নিৰ্বাচনৰ প্ৰয়োজনীয়তা আছে নে নাই বা এনে নিৰ্বাচনত বামপন্থী শিবিৰৰ অংশগ্ৰহণ উচিত নে অনুচিত, সেয়া এক দীৰ্ঘ বিতৰ্কৰ প্ৰসংগ। কিন্তু লেনিনে কৈ গৈছে যে এনে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে শ্ৰেণী সংগ্ৰাম কিছু দূৰ আগুৱাই নিয়াৰ ক্ষেত্ৰত কিছু সুবিধা আদায় কৰিব পাৰি। ভাৰতীয় বামপন্থী ৰাজনৈতিক দলসমূহ সংসদীয় নিৰ্বাচনী ব্যৱস্থাৰ সৈতে জড়িত হৈ আহিলেও নিৰ্বাচনী ব্যৱস্থাই যে শ্ৰমজীৱী শোষিত মানুহৰ কোনো পৰিৱৰ্তন আনিব পৰা নাই, সেই উপলব্ধি সুন্দৰকৈ ফুটি উঠিছে জিতাৰাম কলিতাৰ ‘ভাওনা’ (নতুন পৃথিৱী, অষ্টম বছৰ, দ্বিতীয় সংখ্যা) গল্পটোত – ‘বৰ্তমান সংসদীয় গণতন্ত্ৰ এখন ভাওনা মাত্ৰ। যেতিয়ালৈকে খাটি খোৱা কৃষকৰ সংগঠন জোৰদাৰ নহয়, সিহঁতে বিভিন্ন দাবী কৰি তাক বাস্তৱত ৰূপ দিবলৈ ঐক্যবদ্ধ আন্দোলন কৰিব নোৱাৰে, তেতিয়ালৈকে ভাওনাহে চলিব, গৰীবৰ লাভ নহ’ব।’ কলিতাই গল্পৰ শেষলৈ সমাজ পৰিৱৰ্তনেৰে সাম্যবাদ প্ৰতিষ্ঠাৰ ইংগিত দিছে। প্ৰসংগক্ৰমে উল্লেখ্য, নিৰ্বাচনী ব্যৱস্থাক লৈ পঞ্চাশৰ দশকত পদ্ম বৰকটকীয়ে লিখা ‘অবুজ’ গল্পটোতো প্ৰগতিশীলতাৰ লক্ষণ ফুটি উঠিছিল। গাঁৱৰ ডেকা এজনে আশা কৰিছিল যে নিৰ্বাচনৰ জৰিয়তে দেশৰ উন্নতি হ’ব আৰু সি গাঁৱৰ প্ৰেয়সীক বিয়া কৰাই এখন সুখৰ সংসাৰ গঢ়ি তুলিব। কিন্তু, ডেকাজনৰ নিৰ্বাচনী ব্যৱস্থাটোৰ প্ৰতি মোহভংগ হোৱাত তেওঁ প্ৰচলিত সমাজ ব্যৱস্থাৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ সিদ্ধান্ত লয়। বৰকটকীৰ ‘আমাৰ আশাৰ আছে ইতিহাস’ গল্পটিতো শাসকীয় ৰাজনৈতিক নেতাৰ ভণ্ডামি ফুটি উঠিছে। ৰাজনৈতিক ক্ষমতাসীন ব্যক্তি আৰু বাতৰি কাকতৰ মালিকৰ অশুভ মিতিৰালিক লৈ ৰচিত মেদিনী চৌধুৰীৰ ‘কলম’ গল্পটোত শোষকপক্ষৰ শ্ৰেণী চৰিত্ৰৰ বিপৰীতে শোষিতৰ দুৰ্দশা আৰু মৰ্মবেদনা ফুটি উঠিছে। প্ৰগতিশীলতাৰ লক্ষণযুক্ত এই গল্পটিত চুটিগল্পৰ বৈশিষ্ট্যসমূহো ৰক্ষিত হৈছে। সেইদৰে, গল্পৰ নিপুণ কথক ছাইদুল ইছলামৰ ‘বৰ কষ্টত আছো’ গল্পত শোষক শ্ৰেণীৰ শোষণ-পীড়নৰ সমান্তৰালকৈ শোষিতসকলৰো মৰ্মবেদনা আৰু ক্ষোভৰ মনস্তাত্ত্বিক বিশ্লেষণ ফুটি উঠিছে।

পুঁজিবাদে অসমৰ সমাজ জীৱনলৈ কঢ়িয়াই অনা বিভিন্ন সমস্যাৰ ভিতৰত নিবনুৱা সমস্যাও এটা। নিবনুৱা সমস্যাক লৈ অসমীয়া ভাষাত অসংখ্য চুটিগল্প ৰচিত হ’লেও বেছিভাগতেই প্ৰগতিশীল লক্ষণ ফুটি উঠা নাই। নিবনুৱা সমস্যাৰ আধাৰত ৰচিত ফণীন্দ্ৰ নাথ গায়নৰ ‘যুধিষ্ঠিৰৰ অপমৃত্যু’ (আমাৰ প্ৰতিনিধি, দশম সংখ্যা, ১৯৬৯ ) গল্পটোৰ এটা চৰিত্ৰৰ প্ৰশ্ন হ’ল–‘যদি বাপেকৰ পথো ভুল, তাৰ পথো ভুল, তেন্তে পথ ক’ত?’ গল্পকাৰে সেই প্ৰশ্নৰ উত্তৰ দিছে এনেদৰে – ‘এই ভয়াৱহ যুগসন্ধিত জীয়াই থাকিবলৈ পথ উলিয়াব নোৱাৰি।’ গায়নৰ দৰে বহু গল্পকাৰেই নিবনুৱা সমস্যা সমাধানৰ প্ৰকৃত পথৰ সন্ধান উলিয়াব নোৱৰা বা নেখোজাৰ পৰিণতিত অসমীয়া সাহিত্যত এই জ্বলন্ত সমস্যাৰ অধাৰত সাৰ্থক প্ৰগতিশীল চুটিগল্প ৰচিত নহ’ল।

সমাজ জীৱনৰ অন্যান্য সংকটক লৈও অসমীয়া সাহিত্যত চকুত পৰাকৈ সাৰ্থক প্ৰগতিশীল চুটি গল্প ৰচিত হোৱা নাই। বহু গল্পকাৰেই পুঁজিবাদে কঢ়িয়াই অনা ভিন্নসুৰী সামাজিক সমস্যাৰ বিষয়ে উপলব্ধি কৰিলেও সমস্যা সমাধানৰ বাবে ইতিবাচক পথৰ সন্ধান দিব পৰা নাই। দৃষ্টান্তস্বৰূপে মহেন্দ্ৰ বৰঠাকুৰে ‘মই অমলৰ বন্ধু’ গল্পত কৈছে – ‘পৃথিৱীত দুটা শ্ৰেণী আছে। এটাৰ নাম বিলাস ভোগী আৰু আন এটাৰ নাম শ্ৰমিক, অৰ্ধাহাৰী। ইয়াৰ মাজত কোনো ধৰ্ম নাই, সম্প্ৰদায় নাই, ভাষা নাই। মানুহৰ মাজত আমাৰ এই খাবলৈ নোপোৱা শ্ৰেণীটোৰ মাজত বামুণ, আহোম, কলিতা, কৈৱৰ্ত, হিন্দু-মুছলমান, জনজাতি-অজনজাতি, পৰ্বত-ভৈয়াম আদি থাওক – এইটোকেই প্ৰতিক্ৰিয়াশীল শক্তিটোৱে কামনা কৰে।’ এনেদৰে উপলব্ধি কৰাৰ পাছতো গল্পকাৰে প্ৰতিক্ৰিয়াশীল শক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা কোৱা নাই, বৰং নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ ইংগিতহে দিছে।

ইয়াৰ বিপৰীতে প্ৰতিক্ৰিয়াশীল শোষক শ্ৰেণীৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ ইংগিত ফুটি উঠিছে সদা শইকীয়াৰ ‘ঊনৈশ শ সাতসত্তৰ’ গল্পটিত। গল্পটিত শোষকৰ শ্ৰেণী চৰিত্ৰ আৰু খাটিখোৱা মানুহৰ অন্তৰাত্মাৰ স্বচ্ছতাৰ ছবি সুন্দৰভাৱে চিত্ৰিত হোৱাৰ লগতে সশস্ত্ৰ বিপ্লৱী চেতনাৰ আভাস পোৱা যায়। তেনেদৰে, বাস্তৱবাদী দৃষ্টিভংগীৰে ৰচিত ঈশ্বৰ মহন্তৰ ‘ভোজ’ গল্পত ধনী আৰু দুখীয়াৰ তুলনামূলক বৈপৰীত্যৰ ছবিৰ যোগেদি প্ৰগতিশীল চিন্তাৰ প্ৰকাশ পাইছে। ৰমেন শইকীয়াৰ ‘হাতুৰি আৰু নিয়াৰি’ (নতুন পৃথিৱী, সপ্তম বছৰ দ্বিতীয় সংখ্যা) গল্পটিত মধ্যবিত্তৰ ঘৰৰ পৰা অহা কমৰেড এজনৰ মানসিক সংঘাত আৰু হতাশাবোধ বৰ্ণিত হ’লেও নায়কে সেই সংঘাত আৰু হতাশা আঁতৰাই প্ৰকৃত পথ বিচাৰি পাইছে। সম্পূৰ্ণৰূপে সৰ্বহাৰা শ্ৰমিক শ্ৰেণীক প্ৰাধান্য দি ৰচিত গজেন বৰাৰ ‘আমি যুঁজি জীয়াই থাকিম' (নতুন পৃথিৱী, দশম বছৰ, তৃতীয় সংখ্যা) গল্পটিও তুলনামূলকভাৱে ভাল প্ৰগতিশীল গল্প।

সাম্ৰাজ্যবাদী শোষণবিৰোধী আৰু জাতীয়তাবাদী দেশপ্ৰেমমূলক চিন্তাৰ প্ৰবাহৰ ফলত অসমীয়া সাহিত্যত মূলতঃ দুটা বিৰোধমূলক আৰু বিপৰীত ধাৰাৰ সৃষ্টি হৈছিল। এই ধাৰা দুটা ‘জোনাকী যুগ’ৰ পৰা সত্তৰ দশকলৈকে মৃদু কলহৰ মাজেৰেই প্ৰবাহিত হৈ আহিলেও আশীৰ দশকৰ অসম আন্দোলনৰ সময়ছোৱাত সেই কলহে তীব্ৰৰূপ ধাৰণ কৰে। এই দশকটোত বৃহৎসংখ্যক লেখকেই উগ্ৰ জাতীয়তাবাদী চিন্তাৰ মৰাঘূলিত সোমাই পৰাত প্ৰগতিশীল সাহিত্যৰ ধাৰাটো শক্তিশালী হৈ নুঠিল। তথাপি এই সময়ছোৱাত নিৰুপমা বৰগোহাঞি, তোষেশ্বৰ চেতিয়া, অৰূপা পটংগীয়া কলিতা আদি গল্পকাৰৰ কলমত দুটিমান ভাল প্ৰগতিশীল গল্প সৃষ্টি নোহোৱা নহয়।

‘উৰুকা পালন’ গল্পত তোষেশ্বৰ চেতিয়াই (আমাৰ প্ৰতিনিধি, ১৯৭৯, ২য় সংখ্যা) বামপন্থীসকলৰ বিৰুদ্ধে অপপ্ৰচাৰৰ বিষয়ে কৈছে– ‘ঐ কুকুৰহঁত কমিউনিষ্ট দেশ হ’লে তহঁতৰ মাইকীবোৰ ৰাজহুৱা হ’ব, দেশ বঙালীৰ হ’ব, বুজি পোৱা নাই। গাধৰ দৰে হাতুৰি কোবাই কোবাই কাম কৰাব, সা-সম্পত্তিবোৰ কাঢ়ি নিব...।’ গল্পটিত বুৰ্জোৱাৰ দালালৰ প্ৰলোভন আৰু অপপ্ৰচাৰকো আওকাণ কৰি কৃষকে ৰঙাপতাকাৰ তলত একগোট হোৱাৰ দৃশ্য ফুটাই তুলিছে। নিৰুপমা বৰগোহাঞিৰ ‘পোতাশালৰ ৰেঙণি’ (প্ৰহৰ, অক্টোবৰ, ১৯৮১) গল্পতো বামপন্থীবিৰোধী অপপ্ৰচাৰৰ বিষয়ে উল্লেখ আছে – ‘কৈছো নহয়, তোমাৰ কেনেবাকৈ কম্যুনিষ্ট হৈ অহা বুলি গম পালে একেবাৰে পুতি থ’ব।’ এই আন্দোলনটোৰ পটভূমিত ৰচিত অৰূপা পটংগীয়া কলিতাৰ গল্প ‘ব’হাগ’ (সাম্প্ৰতিক সাময়িকী, ১৯৮১)ত জাতীয়তাবাদীসকলৰ জাতিপ্ৰেমৰ তীব্ৰতা আৰু কৃষক শ্ৰেণীৰ মাজৰ পুৰাতন সম্প্ৰীতিৰ সংঘাত চিত্ৰিত হৈছে। পটংগীয়া কলিতাৰ ‘ৰণথলি গড়ত কিহৰ শব্দ’ (সাম্প্ৰতিক সাময়িকী, ফেব্ৰুৱাৰী, ১৯৭৯) গল্পতো প্ৰগতিশীলতাৰ লক্ষণ ফুটি উঠিছে।

অসমীয়া প্ৰগতিশীল চুটি গল্পসমূহত গল্পৰ বৈশিষ্ট্যসমূহ কেনেদৰে ৰক্ষিত হৈছে, সেই সম্পৰ্কত আলোচনাৰ প্ৰয়োজনীয়তা আছে। দেখা যায় যে পঞ্চাশ আৰু ষাঠিৰ দশকত ৰচিত প্ৰগতিশীল লক্ষণযুক্ত গল্পকেইটি নিৰ্মাণ শৈলীৰ দিশৰ পৰা সমৃদ্ধ। বক্তব্য উহ্য হৈ থাকিলেও সেই গল্পকেইটিয়ে সমাজ সচেতনতা আৰু পৰিৱৰ্তনশীলতাৰ ইংগিত বহন কৰিছে। কিন্তু, সত্তৰ দশকৰ পাছৰ পৰা ৰচিত গল্পসমূহত নিৰ্মাণশৈলীতকৈ বক্তব্যইহে বেছি প্ৰাধান্য লাভ কৰিছে। বহু গল্পকাৰে কেৱল মতাদৰ্শ প্ৰচাৰৰ উদ্দেশ্য সন্মুখত ৰাখি গল্প লেখিবলৈ লোৱাত গল্পবোৰ শিল্পগুণসমৃদ্ধ হৈ নুঠিল । এইখিনিতে প্ৰহ্লাদ কুমাৰ বৰুৱাৰ মত এটি প্ৰণিধানযোগ্য– ‘মাৰ্ক্সবাদী চিন্তাধাৰাৰ পোষকতা কৰি লেখা সাম্প্ৰতিক কালৰ বহু লেখকৰ বহু গল্পই আচলতে গল্পৰ ছদ্মবেশত ব্যংগ ৰচনা অথবা লঘু ৰচনাহে হৈছে। বিশেষকৈ ভাৰতত জৰুৰীকালীন অৱস্থা চলি থকা সময়ছোৱাত ৰচনা হোৱা বহুবোৰ গল্পই বিপ্লৱৰ নামত উন্নাসিকতাসৰ্বস্ব ৰচনাৰ শাৰীলৈ অৱনমিত হোৱা দেখা যায়।’ (অসমীয়া চুটি গল্পৰ অধ্যয়ন, পৃঃ ৫৭১-৫৭২)

এই প্ৰসংগত প্ৰগতিশীল সাহিত্যিক হিচাপে বিশেষভাৱে চৰ্চিত অৰুণ গোস্বামীৰ গল্পৰ কথা ক’ব পাৰি। গোস্বামীৰ বেছিভাগ গল্পই স্বাধীনতা আন্দোলনৰ কৰ্মীসকলৰ ত্যাগ আৰু তাৰ পাছত একো সুফল নোপোৱাৰ ঘটনাক লৈ ৰচিত। গোস্বামীৰ ‘তেওঁলোকক জগাই দিয়ক’, ‘এই পথেই সেই পথ’ আদি গল্পত প্ৰতিবাদী চেতনা ফুটি উঠিলেও সাংগঠনিক দিশত তেওঁৰ স্পষ্ট ধাৰণা নথকাৰ বাবে বা বিশেষ কোনো এক মতাদৰ্শত বিশ্বাসী নোহোৱাৰ বাবে গল্পবোৰ সাৰ্থক প্ৰগতিশীল গল্পলৈ উন্নীত নহ’ল। বহু গল্পত গল্পকাৰৰ বক্তব্যও স্পষ্ট নহয়; গান্ধীবাদ-মাৰ্ক্সবাদ-জাতীয়তাবাদ সানি-পুটুকি একাকাৰ কৰি দিয়াত পাঠক বিভ্ৰান্ত হোৱাৰ সম্ভাৱনাহে অধিক। অৱশ্যে, সকলো খাটিখোৱা মানুহ একগোট হ’লে যে প্ৰতিক্ৰিয়াশীল চক্ৰই প্ৰগতিত বাধা দি অচল কৰি থোৱা সমাজখন চলাই নিব পাৰি, সেই কথা ফুটাই তুলিছে ‘পঁচিশটা চকাৰ এখন অচল ৰথ’ গল্পত। অন্য গল্পবোৰৰ তুলনাত গোস্বামীৰ প্ৰতীকী ব্যঞ্জনাসমৃদ্ধ এই গল্পটো মোটামুটি সু্স্থ গল্প বুলিব পৰা যায়।

শ্ৰেণী সংগ্ৰামৰ ৰেহ-ৰূপৰ সৈতে সুপৰিচিত প্ৰগতিশীল লেখক তোষেশ্বৰ চেতিয়াৰ গল্পৰ বক্তব্য স্পষ্ট। গল্প নিৰ্মাণৰ কৌশলহীনতা বা পোনপটীয়া বক্তব্যৰ বাবে চেতিয়াৰ গল্পসমূহ ৰসোত্তীৰ্ণ হৈ নুঠিলেও তেওঁ কেইবাটাও গল্পৰে অসমীয়া প্ৰগতিশীল গল্প সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে। চেতিয়াৰ ‘মকৰাজাল’ (আমাৰ প্ৰতিনিধি, ঊনবিংশ বছৰ, নৱম সংখ্যা, ১৯০১ শক) গল্পত ৰাজনৈতিক নেতাই নানা ছলাহী কথাৰে সহজ-সৰল মানুহক কেনেদৰে মকৰাই পোক-পৰুৱা জালত পেলোৱাৰ দৰে পেলায়, তাৰেই বৰ্ণনা কৰা হৈছে। ‘এজাক নতুন বতাহ বলিব’ (আমাৰ প্ৰতিনিধি, সপ্তদশ বছৰ, অষ্টম সংখ্যা, ১৮৯৯ শক) গল্পতো সমাজ পৰিৱৰ্তনৰ বাবে বিপ্লৱ কামনা কৰা হৈছে।

ৰত্নেশ্বৰ মেধিৰ গল্পও বক্তব্যসৰ্বস্ব আৰু কাহিনীধৰ্মী। মেধিৰ ‘ফন্দি’ (আমাৰ প্ৰতিনিধি, অষ্টাদশ বছৰ, তৃতীয় সংখ্যা, ১৯০০ শক) গল্পত দৰিদ্ৰ শ্ৰেণীৰ ওপৰত ধনিক শ্ৰেণীৰ শোষণ-পীড়ন বৰ্ণিত হ’লেও সমাজ পৰিৱৰ্তনৰ বাবে প্ৰয়োজনীয় গণচেতনা ফুটি উঠা নাই। সেইদৰে পুলিন শৰ্মাৰ গল্পতো বিপ্লৱী চেতনাৰ গাঢ়তা অনুপস্থিত। শৰ্মাৰ ‘নিশাৰ কাব্য’ (সাম্প্ৰতিক সাময়িকী, তৃতীয় বছৰ, সপ্তম-অষ্টম সংখ্যা, এপ্ৰিল, ১৯৭৯ চন) গল্পত মুক্তিকামী জনতাৰ ওপৰত স্বৈৰাচাৰী ভাৰত চৰকাৰৰ অত্যাচাৰ, সেনাৰ পাশৱিক অত্যাচাৰ প্ৰৱণতা আৰু সাধাৰণ মানুহৰ চিৎকাৰ আদি চিত্ৰিত হৈছে।

বক্তব্য আৰু আংগিক – এই দুয়োটা দিশতে সমানে গুৰুত্ব দি দুগৰাকীমান গল্পকাৰে ভাল প্ৰগতিশীল গল্প লেখিবলৈ সক্ষম হৈছে। সেইসকল গল্পকাৰৰ ভিতৰত শীলভদ্ৰ, নিৰুপমা বৰগোহাঞি, দেৱব্ৰত দাস, জেহিৰুল হুছেইন, বিপুল খাটনিয়াৰ, মুকুট ভট্টাচাৰ্য আদিৰ নাম ল’ব পাৰি। অসমীয়া গল্প সাহিত্যক এক নতুন ধাৰাৰে সমৃদ্ধ কৰা শীলভদ্ৰৰ ‘অপৰাজেয়’ গল্পত শোষক শ্ৰেণীৰ বিৰুদ্ধে ঘৃণা প্ৰকাশ কৰিছে এনেদৰে– ‘যিমানদিন শোষণৰ সমাপ্তি নহয় এটা ঘৃণা তাৰ বুকুৰ মাজত থাকি যাব।’ শীলভদ্ৰৰ গল্পত শোষক-শাসক শ্ৰেণীৰ বিৰুদ্ধে ব্যংগৰ সুৰ ফুটি উঠিলেও সেই সুৰত তীক্ষ্নতা নাই, আছে ৰস সঞ্চাৰী শিল্পহে। সেইদৰে, আংগিকৰ বিভিন্ন সম্পৰীক্ষাৰে ভালেমান উচ্চমানৰ গল্প লিখা দেৱব্ৰত দাসৰ গল্পতো গভীৰ সমকাল চেতনা ফুটি উঠিছে। সত্তৰ দশকৰ পৰা অদ্যপি নিৰৱচ্ছিন্নভাৱে গল্প চৰ্চাত নিমগ্ন হৈ অহা বিপুল খাটনিয়াৰৰ গল্পসমূহে কেৱল অসমীয়া প্ৰগতিশীল গল্পৰ ধাৰাটোকে নহয়, সামগ্ৰিকভাৱে অসমীয়া গল্প সাহিত্যকে বহুপৰিমাণে টনকিয়াল কৰি তুলিছে। শেহতীয়াভাৱে বহু গল্প সমালোচক আৰু সাহিত্য ৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা খাটনিয়াৰৰ গল্পৰ বিষয়ে বিস্তৃত আলোচনাৰ স্থল আছে। কিন্তু, এই প্ৰবন্ধত গল্প সমালোচকসকলৰ দ্বাৰা প্ৰায় উপেক্ষিত অথচ শক্তিশালী আৰু সাৰ্থক প্ৰগতিশীল গল্পকাৰ জেহিৰুল হুছেইনৰ গল্পৰ বিষয়েহে চমুৱাই আলোচনা কৰিব বিচাৰিছো।

মধ্যবিত্তীয় ভণ্ডামিৰ ক্ষুৰধাৰ সমালোচক জেহিৰুল হুছেইনৰ গল্পত শ্ৰমজীৱী সমাজৰ জীৱন সংগ্ৰাম, সততা আদি যথোচিতভাৱে চিত্ৰিত হৈছে। হুছেইনৰ দুটা সাৰ্থক প্ৰগতিশীল চুটিগল্প হ’ল–‘আলোকৰ উদ্বোধন’ (বীক্ষণ, নৱেম্বৰ, ২০০২) আৰু ‘ৰক্তবীজ’ (নতুন পদাতিক, ২০০৩)। লক্ষণীয়ভাৱে দুয়োটা গল্পৰে পটভূমি হ’ল গোলাঘাট জিলাৰ টেঙানিৰ গণ সংগ্ৰাম, যি সংগ্ৰামৰ সৈতে গল্পকাৰ প্ৰত্যক্ষভাৱে জড়িত আছিল। ২০০২ চনৰ জুন মাহত টেঙানিত পুনৰ বন বিভাগে চলোৱা উচ্ছেদ অভিযানৰ প্ৰতিবাদত গোলাঘাটবাসীয়ে এক প্ৰতিবাদী সমদল বাহিৰ কৰিছিল। ‘আলোকৰ উদ্বোধন’ গল্পটোত এই সমদলক হুছেইনে ‘লং মাৰ্চ’ হিচাপে উল্লেখ কৰিছে। গল্পটোৰ গুৰুত্বপূৰ্ণ চৰিত্ৰ চুকুৰ মাঝি এনে এক বৈপ্লৱিক ঐতিহ্যৰ বাহক যে তেওঁ নগৰত আয়োজিত জ্যোতি শতবৰ্ষৰ অনুষ্ঠানত যোগদান কৰিবলৈ উৎসাহিত হোৱাৰ পৰিৱৰ্তে প্ৰতিবাদী সমদলতহে সক্ৰিয়ভাৱে জড়িত হ’বলৈ ভাল পাইছে। হুছেইনৰ বহুপঠিত আৰু বহু চৰ্চিত ‘ভেঁটি’ গল্পটিত শ্ৰমিক শ্ৰেণীৰ কান্ধৰ ওপৰত বৰ্তি থকা মধ্যবিত্ত সমাজখনক গল্পকাৰে বংগ্যাত্মক দৃষ্টিৰে উপস্থাপন কৰিছে। হুছেইনৰ ‘ৰাং কুকুৰৰ টুপী’, ‘ইজ্জত’ আদি গল্পকো ভাল প্ৰগতিশীল চুটি গল্প বুলিব পাৰি।

সি যি নহওক, ‘জয়ন্তী’ আলোচনীৰ পাছত অসমীয়া প্ৰগতিশীল সাহিত্যলৈ কম-বেছি পৰিমাণে অৱদান আগ বঢ়োৱা আলোচনীকেইখন হ’ল–‘ৰামধেনু’, ‘নৱযুগ’, ‘আমাৰ প্ৰতিনিধি’, ‘নতুন পৃথিৱী’, ‘সাম্প্ৰতিক সাময়িকী’, ‘প্ৰতিবাদ’, ‘লোকায়ত’, ‘নতুন পদাতিক’ আদি। এই আলোচনীবোৰৰ পাতত প্ৰকাশিত কেইটিমান প্ৰগতিশীল লক্ষণযুক্ত গল্পৰ নাম থাউকতে উল্লেখ কৰিলো– পিটনি (বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য), চিকাৰ (চৈয়দ আব্দুল মালিক), পৃথিৱীৰ ছাঁ (ইমৰাণ শ্বাহ), চকী (চিত্ৰলতা ফুকন), অন্তঃসলিলা (হৰেকৃষ্ণ ডেকা), চেৰাবলিয়াৰ ডায়েৰী (ৰূপেন চৌধুৰী), প্লেটফৰ্ম (ৰুদ্ৰ প্ৰসাদ কাকতি), শশীকান্তৰ ছটি পুত্ৰ (প্ৰণতি গোস্বামী), ৰাঙলী পুৱাতে (প্ৰবীণ চন্দ্ৰ ভট্টাচাৰ্য), কৱচ (দুৰ্লভ বুঢ়াগোহাঞি), মঙলুৰ প্ৰথম চিকাৰ (কুল শইকীয়া), নিৰ্বাচিত সংলাপ (মীনাক্ষী চৌধাৰী), কাহিলিপাৰৰ পোহৰত (পোলেন বৰকটকী), বিদিশাৰ নিশা (কমল গগৈ), বিক্ৰমাদিত্য উবাচ (নলিনী শৰ্মা), জোৱাৰৰ শেষত (প্ৰণৱ গোস্বামী), ৰূপান্তৰ (বিনোদ শৰ্মা), উত্তাপ (অৰুণ দত্ত) আদি।

নবৈ দশকৰ পৰা বিশ্বায়ন, উদাৰ অৰ্থনীতি, অত্যাধুনিক প্ৰচাৰ মাধ্যম আদিয়ে অসমৰ সামাজিক আৰু ব্যক্তিগত জীৱনলৈ কঢ়িয়াই আনিল অভাবনীয় পৰিৱৰ্তন। বিশ্বায়নৰ বোকোচাত উঠি অহা সাংস্কৃতিক সাম্ৰাজ্যবাদে কেৱল অসমৰ মধ্যবিত্তীয় লোকৰ মানসিক গাঁথনিটোৱেই বজাৰমুখী কৰি তোলা নহয়, কৃষক-শ্ৰমিকৰ ৰুচিবোধক বিনষ্ট কৰিবলৈও অহৰহ চেষ্টা চলাই আছে। ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত সূচনা হ’ল প্ৰতাৰণা আৰু স্বপ্নভংগৰ কৰুণ অধ্যায় – উগ্ৰ জাতীয়তাবাদৰ ভেটিত গঢ় লৈ উঠা অসমবাসীৰ বুকুৰ আপোন আঞ্চলিক দলটোৰ সীমাহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰ, গুপ্তহত্যা আদিয়ে বৰ্ষীয়ানসকলক হতাশা আৰু ব্যৰ্থতাৰ অটল গৰ্ভলৈ ঠেলি নিয়াৰ পৰিৱৰ্তে নতুন প্ৰজন্মক কৰি তুলিল বিভ্ৰান্ত আৰু দিকহাৰা। এনেধৰণৰ বিভিন্ন কাৰকৰ ফলত অসমত প্ৰগতিশীল চিন্তা-চৰ্চাৰ পৰিৱেশ ব্যাহত হৈ পৰাৰ লগে লগে অসমীয়া প্ৰগতিশীল গল্পৰ ধাৰাটোও প্ৰায় স্থবিৰ হৈ পৰিল। বিপুল খাটনিয়াৰ, জেহিৰুল হুছেইন, শিবানন্দ কাকতি, মনোৰমা দাস মেধিৰ দৰে আঙুলিৰ মূৰত গণিব পৰা দুগৰাকীমান গল্পকাৰে এই ধাৰাত গল্প চৰ্চা অব্যাহত ৰাখিলেও বেছিভাগ গল্পকাৰৰ অনুশীলন আৰু বিচৰণ মধ্যবিত্তীয় আশা-আকাংক্ষা, স্বপ্ন-স্মৃতি-বিষাদ-আৰ্তিৰ বেহুতে আবদ্ধ হৈ থাকিল। অথচ, এই সময়ছোৱাতে অসমীয়া গল্প সাহিত্যত সূচনা হৈছিল এক নতুন অধ্যায় – এচাম তৰুণ গল্পকাৰে বিভিন্ন সম্পৰীক্ষা আৰু নিত্য নতুন বিষয়বস্তুৰ আমদানিৰে অসমীয়া গল্পক বিশ্বমানৰ পৰ্যায়লৈ নিয়াৰ প্ৰচেষ্টাও চলালে। কেইবাজনো তৰুণ গল্পকাৰৰ গল্পত সমাজ জীৱনৰ চৌদিশে পৰিলক্ষিত নৈৰাজ্য আৰু নৈৰাশ্য, সংকটপূৰ্ণ বাস্তৱৰ ছবি চিত্ৰিত হোৱাৰ লগতে¸ প্ৰতিবাদী চেতনা ফুটি উঠিলেও শ্ৰেণী সংগ্ৰামৰ বিষয়ে কোনো স্পষ্ট ধাৰণা নথকাৰ বাবে সেই গল্পবোৰ প্ৰগতিশীল গল্পলৈ উন্নীত নহ’ল।

সাৰ্থক প্ৰগতিশীল গল্প বুলি অভিহিত কৰিব নোৱাৰিলেও এই সময়ছোৱাৰ শক্তিশালী গল্পকাৰ ইমৰাণ হুছেইন, প্ৰশান্ত কুমাৰ দাস, অৰূপ কুমাৰ নাথ আদিৰ গল্পত প্ৰগতিশীলতাৰ লক্ষণ কম-বেছি পৰিমাণে ফুটি উঠিছে। বিশেষকৈ প্ৰশান্ত কুমাৰ দাসৰ গল্পত সকলো সময়তে সমকাল চেতনা সক্ৰিয় হৈ থাকে। দাসৰ ‘ঈশ্বৰ আৰু মন্ত্ৰী’ গল্পটোত দুৰ্নীতিগ্ৰস্ত মন্ত্ৰীয়ে বিপদৰ সময়ত ঈশ্বৰচিন্তাৰে হঠাৎ সাধু হৈ পৰিছে। কিন্তু, মন্ত্ৰীজনে কৃত পাপৰ কথা ভাবি গভীৰ অনুশোচনাত ভুগিলেও বিপদ আঁতৰাৰ লগে লগে কাপোৰ সলোৱাদি সাধুৰ বেশ পৰিহাৰ কৰিছে। আন এগৰাকী সফল গল্পকাৰ অৰূপ কুমাৰ নাথেও অতি সাৱলীলভাৱে, অতি সূক্ষ্মতাৰে আৰু বহু ক্ষেত্ৰত তীৰ্যক ব্যংগৰে সমাজ বাস্তৱ আৰু সৰ্বসাধাৰণৰ দুৰ্দশাৰ ছবি দুটিমান গল্পত ফুটাই তুলিছে। ‘ইথাৰৰ ঈশ্বৰ’ গল্পটিত মন্দিৰৰ পৰা বাস্তৱলৈ ওলাই অহা ঈশ্বৰে অনুভৱ কৰিছে যে তেওঁৰ একনিষ্ঠ সেৱকসকলেই বেছি অনৈতিক কাম-কাজত লিপ্ত; তথাকথিত ধৰ্মপ্ৰাণসকলে পুৱাৰ পৰা অলেখ ‘পাপ’ত লিপ্ত হৈ দিনৰ শেষত সেই পাপ পখালিবলৈ তেওঁৰ ভৰিত ধৰি আহিছে। প্ৰচুৰ প্ৰতিশ্ৰুতিসম্পন্ন গল্পকাৰ অপু ভৰদ্বাজৰ শেহতীয়া গল্পসমূহত মূলতঃ আধুনিক মানুহৰ বিভিন্ন সমস্যা ফুটি উঠিলেও প্ৰায় এক দশকৰ পূৰ্বে লিখা তেওঁৰ কেইটিমান গল্পত নিম্নবৰ্গীয় সমাজখনৰ দুখ-যন্ত্ৰণা, সংগ্ৰাম-প্ৰত্যাশা আদি সুন্দৰভাৱে চিত্ৰিত হৈছে। তেওঁৰ ‘চকা’ গল্পটোত গতিশীল জীৱন আৰু সমাজৰ ছবি অংকিত হৈছে এনেদৰে – ‘বহুতৰেই চকা ঘূৰে। মহাবীৰ ঘৰৰ চৰাঘৰত থকা ডাঙৰ দেৱাল ঘড়ীটোৰ ভিতৰত থকা চকাবোৰ ঘূৰে বাবেই ঘড়ীটো ঘূৰে আৰু মহৰী কছাৰীলৈ যায়। নগৰত ঠেলা-ৰিক্সা, গাড়ী-লৰীৰ চকাবোৰ ঘূৰে আৰু ঘূৰে বাবেই কাৰোবাৰ ঘৰৰ গধূলিৰ ভাতমুঠি মোকল খায়...।’

তথাপি, অসমীয়া প্ৰগতিশীল গল্প সাহিত্যৰ ভৱিষ্যৎ কি বুলি প্ৰশ্ন উত্থাপিত হ’লে চকুৰ সন্মুখত ভাহি উঠে কেৱল এডাল বৃহৎ প্ৰশ্নবোধক চিহ্ন। কিন্তু, আমি এনে প্ৰত্যাশাও নিশ্চয় কৰিব পাৰো যে কম-বেছি পৰিমাণে প্ৰগতিশীল চিন্তা-চেতনাৰে পৰিচালিত ৰশ্মিৰেখা বৰা, অজয় কুমাৰ ৰায়, বিপাশা বৰা, জুৰি বৰুৱা, পঞ্চানন হাজৰিকা, প্ৰদ্যুম্ন কুমাৰ গগৈ আদি তৰুণ প্ৰজন্মৰ গল্পকাৰসকলে এই দিশৰ প্ৰতি মনোযোগ দিলে অসমীয়া প্ৰগতিশীল গল্প সাহিত্যৰ ভৱিষ্যৎ সমুজ্জ্বল হৈ পৰিব।

তথ্য উৎস :

অসমীয়া গ্ৰন্থ

কটকী, প্ৰফুল্ল : সাহিত্য আৰু সংজ্ঞা, পাঠ্যপুথি প্ৰস্তুতি সমন্বয় সমিতি, গুৱাহাটী বিশ্ববিদ্যালয়, ১৯৭৯

গগৈ, হীৰেন (অনু) : কমিউনিষ্ট ইস্তাহাৰ (মূল : কালমাৰ্ক্স, ফ্ৰেডৰিক এংগেলেছ্) দ্বিতীয় সংস্কৰণ, ২০০৬

ডেকা, নমিতা (সম্পা) : আৱাহনৰ গল্প (প্ৰথম খণ্ড) সম্পাদনা- লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী, ১৯৯৪ চন।

দাস, নাৰায়ণ আৰু অন্যান্য (সম্পা) : অসমীয়া সাহিত্যত পাশ্চাত্য প্ৰভাৱ; অসমীয়া বিভাগ, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ হৈ চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, তৃতীয় প্ৰকাশ-২০০৯

দাস, প্ৰশান্ত কুমাৰ : গল্পবোৰ, আঁক-বাক, গুৱাহাটী, ২০১৪

নাথ, অৰূপ কুমাৰ : ইথাৰৰ ঈশ্বৰ; আঁক-বাক, গুৱাহাটী, ২০১৩

বৰগোহাঞি, হোমেন (সম্পা) : অসমীয়া সাহিত্যৰ বুৰঞ্জী (ষষ্ঠ খণ্ড), আবিলেক, দ্বিতীয় প্ৰকাশ, ২০১২

বৰা, ড০ অপূৰ্ব বৰা (সম্পা) : অসমীয়া চুটিগল্প : ঐতিহ্য আৰু বিৱৰ্তন, যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয় প্ৰকাশন কোষ, জুলাই , ২০১২

বৰা, প্ৰফুল্ল চন্দ্ৰ : অসমীয়া সাহিত্য : আধুনিক যুগ; ষ্টুডেন্টচ্ ষ্ট’ৰচ, গুৱাহাটী, দ্বিতীয় সংস্কৰণ, ২০০৪

বৰুৱা, প্ৰহ্লাদ কুমাৰ : অসমীয়া চুটি গল্পৰ অধ্যয়ন, বনলতা, ডিব্ৰুগড়, ১৯৯৫

ইংৰাজী গ্ৰন্থ

Tony Davies, Marxist Aesthetics, Literary Theory and criticism, P-143

আলোচনী :

বীক্ষণ, ঊনবিংশ সংখ্যা, ১১ জুন, ২০০৫ চন, নতুন সাহিত্য পৰিষদ-গোলাঘাট শাখা।

‘নৱযুগ’, ‘আমাৰ প্ৰতিনিধি’, ‘নতুন পৃথিৱী’, ‘সাম্প্ৰতিক সাময়িকী’, ‘প্ৰতিবাদ’, ‘লোকায়ত’, ‘নতুন পদাতিক’ আদি আলোচনীৰ বিভিন্ন সংখ্যা।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমীয়া প্ৰগতিশীল চুটিগল্প : এটি চমু আলোচনা-(টুনুজ্যোতি গগৈ, সীমা ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *