অসমৰ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যৎ (টুনুজ্যোতি গগৈ)

অসমত বসবাস কৰি থকা বংগীয় মূলৰ মুছলমানসকলৰ ভবিষ্যতৰ বিষয়ে আলোচনা কৰিবলৈ লৈ ভাবিছোঃ এই লেখাৰ শিৰোনাম চায়েই হয়তো এচাম পাঠকে মন্তব্য কৰিব – ‘অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ভৱিষ্যতেই অন্ধকাৰাচ্ছন্ন, ই বেটাই আকৌ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যতৰ বিষয়েহে চিন্তা কৰে!' আমাৰ ৰাজনৈতিক স্থিতিৰ বিষয়ে জ্ঞাতসকলে ক'ব –‘সংখ্যালঘু তোষণ আৰু হিন্দুত্ববাদৰ বিৰোধিতাই ইহঁতৰ নীতি৷ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যতৰ বিষয়ে সিহঁতে নিজেই চিন্তা কৰিব, আমি চিন্তা কৰিবলৈ যাম কিয়?'

ক্ষমতাসীন শাসক পক্ষই বৰ্তমান দেশৰ পৰিৱেশ এনেদৰে গঢ়ি তুলিছে যে বহু মানুহে নিজৰ গোষ্ঠী, নিজৰ ধৰ্ম, নিজৰ ভাষা আদিক লৈয়ে ব্যস্ত হৈ থাকিবলৈ লৈছে৷ বেছি ভাগ মানুহৰ চিন্তা-চৰ্চাবোৰ তেনেই সংকীৰ্ণ আৰু বন্ধ্যাময় হৈ পৰাৰ পৰিণতিতে এতিয়া চৌদিশে পাৰস্পৰিক বিদ্বেষ, অবিশ্বাস, সন্দেহ আদিৰ সৃষ্টি হৈছে৷ এক সাম্প্ৰদায়িক চক্ৰই অসাম্প্ৰদায়িক ব্যক্তিসকলকো বাটে-ঘাটে, ৰেলে-বাছে, বজাৰে-সমাৰে সদায় লগ পাই থকা বন্ধু এজনক ভিন্নধৰ্মী-ভিন্নভাষী হোৱা বাবেই ঘৃণা আৰু অবিশ্বাসৰ দৃষ্টিৰে চাবলৈ প্ৰৰোচিত কৰিছে৷ নক'লেও হয় যে বিজেপি চৰকাৰে দিল্লীৰ ৰাজপাট দখল কৰাৰ পাছৰ পৰাই সমগ্ৰ ভাৰতত সবাতোকৈ বেছি উত্যক্ত হৈছে মুছলমানসকল৷ অসমতো একেই পৰিস্থিতি – বিজেপি দলে চৰকাৰ গঠন কৰাৰ পাছৰপৰাই বংগীয়মূলৰ মুছলমানসকলে অনিশ্চয়তা আৰু নিৰাপত্তাহীনতাত দিন পাৰ কৰিব লগা হৈছে৷ অসমৰ সমাজ জীৱনৰ সৈতে একাকাৰ হৈ যোৱাৰ পাছতো সংখ্যালঘুসকলক যুক্তি আৰু প্ৰমাণহীনভাৱে ‘অবৈধ বাংলাদেশী' বুলি বিভিন্ন প্ৰচাৰ মাধ্যমৰ জৰিয়তে মানসিক নিৰ্যাতন চলাই থকা হৈছে৷ হিন্দুত্ববাদী সংগঠনবোৰে সততে উত্থাপন কৰা অভিযোগসমূহ হ'ল – মুছলমানসকলে বেছি সন্তান জন্ম দি অসমৰ থলুৱা জনগোষ্ঠীসমূহৰ অস্তিত্বলৈ সংকট কঢ়িয়াই আনিছে, মুছলমানসকলে চৰকাৰ গঠন কৰিব পৰাকৈ ৰাজনৈতিক ক্ষমতাৰ অধিকাৰী হ'লে অসমক বাংলাদেশৰ লগত চামিল কৰাব ইত্যাদি৷ এই অভিযোগবোৰৰ সত্যাসত্য নিৰ্ণয় কৰিবৰ বাবেই সংখ্যালঘু মুছলমানসকলৰ বিষয়ে বস্তুনিষ্ঠ আৰু বিস্তৃত অধ্যয়ন, পৰ্যবেক্ষণ আদিৰ প্ৰয়োজন আছে৷

ব্ৰিটিছৰ শাসনকালতে পূৰ্ববংগৰ পৰিশ্ৰমী মুছলমান কৃষকসকল পোন প্ৰথম অসমলৈ আহিছিল৷ আচলতে মৰাপাটৰ কলৰ বাবে কম মজুৰিৰ বিনিময়ত মৰাপাট উৎপাদন কৰিবলৈ তেওঁলোকক ব্ৰিটিছেই অসমলৈ আনিছিল৷ পৰৱৰ্তী সময়ত পূৰ্ববংগৰ জমিদাৰৰ অধীনত যুগ যুগ ধৰি অবৰ্ণনীয়¸ কষ্টেৰে জীৱন নিৰ্বাহ কৰি অহা সহস্ৰ দৰিদ্ৰ কৃষক পৰ্যাপ্ত মাটিৰ সন্ধানত বা এক উন্নত জীৱনৰ আশাত অসমলৈ আহিছিল৷ এই কৃষকসকলৰ আগমনক লৈ বিগত শতিকাৰ বিশ দশকলৈ অসমীয়া নেতাসকলে বিশেষ আপত্তি কৰা নাছিল৷ নবীন বৰদলৈৰ দৰে অগ্ৰণী নেতাসকলে ভাবিছিল যে অভিজ্ঞ কৃষকসকলৰ আগমনে অসমৰ কৃষিক্ষেত্ৰক সমৃদ্ধিশালী কৰি তুলিব৷ কিন্তু, ত্ৰিশৰ দশকত বিশ্বজুৰি মন্দাৱস্থাৰ সৃষ্টি হোৱাৰ লগে লগে দুৰ্ভিক্ষৰ গ্ৰাসত পৰা পূৰ্ববংগৰ হেজাৰ হেজাৰ কৃষক অসমলৈ আহিবলৈ ধৰাত অসমৰ অগ্ৰণী ব্যক্তিসকল উদ্বিগ্ন হৈ পৰিছিল৷ এই কৃষকসকলে অসমৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি ভাবিয়েই চল্লিছৰ দশকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে বংগীয় মূলৰ কৃষকসকলৰ প্ৰব্ৰজন সম্পৰ্কীয় সমস্যাটোৰ সমাধান বিচাৰি ভাৰতীয় কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বৰ ওচৰলৈ কেইবাবাৰো সঁজাতি দল প্ৰেৰণ কৰিছিল৷

বংগীয়মূলৰ কৃষকসকলৰ অবাধ প্ৰব্ৰজনে অসমৰ থলুৱা লোকসকলক শংকিত কৰি তোলাটো স্বাভাৱিক আছিল৷ কিন্তু, সেই প্ৰব্ৰজন ৰোধ কৰিবলৈ ব্ৰিটিছ প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাছিল; বৰং কিছুমান বিশেষ কাৰণত প্ৰব্ৰজনত উৎসাহহে যোগাইছিল৷ ইয়াৰে সবাতোকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল, পূৰ্ববংগৰ দৰিদ্ৰ কৃষকসকলৰ আৰ্থিক দুৰ্দশা দূৰ কৰিবলৈ প্ৰশাসনে ৰাজকোষৰ ধন খৰচ কৰিব বিচৰা নাছিল৷ তাৰ পৰিৱৰ্তে তেওঁলোকক অসমৰ অব্যৱহৃত হৈ থকা অথচ পলসুৱা মাটিবোৰত বহিবলৈ দিলেই তেওঁলোক আত্মনিৰ্ভৰশীল হৈ পৰিব বুলি ভাবিছিল৷

দেশৰ স্বাধীনতা প্ৰাপ্তিৰ ক্ষণ কাষ চাপি অহাৰ লগে লগে অধিক জন সমৰ্থনৰ আশাত ছাৰ ছাদুল্লাই মুছলিম লীগত সক্ৰিয়ভাৱে জড়িত হৈ পৰিছিল৷ তেওঁ ৰাজনৈতিক কাৰণতে চল্লিছ দশকৰ দ্বিতীয় ভাগত বংগৰ কৃষকসকলৰ প্ৰব্ৰজনত উৎসাহ যোগাইছিল৷ একে কাৰণতে মৌলানা ভাসানিয়েও অসমৰ মাটিত পমুৱা মুছলমান বহিবলৈ দিব লাগে বুলি দাবী তুলিছিল৷ ছাদুল্লাই ৰাজনৈতিক স্বাৰ্থত ভাসানিৰ লগত আপোচ কৰিবলৈ বাধ্য হ'লেও ধৰ্মীয় আৱেগ আৰু আঞ্চলিক আৱেগৰ সংঘাতে তেওঁৰ মন ক্ষত-বিক্ষত কৰি তুলিছিল৷ তেওঁ অন্তৰেৰে প্ৰব্ৰজনক সমৰ্থন কৰিব পৰা নাছিল৷ ফলত দুয়োজন নেতাৰ উত্তপ্ত বিতৰ্কৰ বাবে মুছলিম লীগৰ এখন বাৰ্ষিক অধিবেশন ভংগ হৈছিল৷ ভাৰত স্বাধীন হোৱাৰ পাছত মৌলানা ভাসানি পূৰ্ববংগলৈ উভতি যোৱাৰ পৰিৱৰ্তে ছাদুল্লাই পূব পাকিস্তানৰ গৱৰ্ণৰ পদৰ নিমন্ত্ৰণ প্ৰত্যাখান কৰি অসমতে থাকি গৈছিল৷ তেওঁ কৈছিল যে তেওঁৰ বোপাককাই যি মাটিত হাড় পেলালে, সেই মাটি এৰি তেওঁ ক'লৈকো যাব নোৱাৰে৷

লক্ষ্যণীয় যে একাংশ প্ৰগতিশীল অসমীয়াই বংগৰ প্ৰব্ৰজনকাৰীসকলৰ বিষয়ে এক গঠনমূলক দৃষ্টিভংগী গ্ৰহণ কৰিছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাই মৈমনছিঙীয়া খেতিয়কসকলক চল্লিছৰ দশকতে ‘ন অসমীয়া' বুলি আদৰি লৈছিল আৰু অসমীয়া জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত যৰ্থাৰ্থ ভাৱেই কৈছিল–‘বাগিচাৰ বনুৱা, মৈমনছিঙীয়া, নেপালী, বঙালী, মাৰোৱাৰী আৰু আন আন প্ৰদেশৰ মানুহ আহি ইয়াত বসতি কৰি সিহঁতৰ নিজৰ নিজৰ প্ৰাদেশিক বিশিষ্টতাকে ৰাখি যাব লাগিছে৷ এতিয়া এই জনসংখ্যাৰ মানুহৰ সৰহ ভাগেই যদি আমি ইয়াৰ ভাষা কৃষ্টি আৰু সভ্যতা দি আমাৰ ভিতৰত সুমুৱাব নোৱাৰোঁ, তেন্তে আমাৰ বিপদ আছে৷ যোৱা ৩০ বছৰৰ পৰাই আমাক এই বিপদে ঘেৰি আহিছিল, যদিও সেই বিষয়ে আমি অসমীয়াই বিশেষ একো চেষ্টা কৰা নাই৷' [নতুন দিনৰ কৃষ্টি, জ্যোতিপ্ৰসাদ ৰচনাৱলী, সম্পাদকঃ ডঃ হীৰেন গোহাঁই, অসম প্ৰকাশন পৰিষদ, পৃঃ ৮৯১]

নব্য উত্থিত অসমীয়া মধ্যবিত্ত শ্ৰেণীয়ে জ্যোতিপ্ৰসাদৰ দৰে উদাৰ দৃষ্টিভংগী গ্ৰহণ কৰিব নোৱৰা বাবেই বংগীয়মূলৰ মুছলমানসকলে বা ঔপনিৱেশিক অৰ্থনৈতিক বিৱৰ্তনৰ ফলত অসমলৈ অহা অন্যান্য বহিৰাগতসকলে ধৰ্মীয় আৱেগ, প্ৰাদেশিক সাংস্কৃতিক বৈশিষ্ট্য আদি ত্যাগ কৰি অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰিবলৈ বহু সময় ল'লে৷ অৱশ্যে, বাঙালী, মাৰোৱাৰী আদি সম্প্ৰদায়ৰ অধিক সংখ্যকেই নিজৰ ভাষা-সংস্কৃতিয়েই খামোচ মাৰি ধৰি থাকিল৷ তেওঁলোকৰ বহুতেই নিজৰ স্বকীয়তা বিসৰ্জন দিব বিচৰা নাছিল৷ কিয়নো, এই সম্প্ৰদায়সমূহ সংখ্যা আৰু নিজৰ সংস্কৃতি দুয়ো ফালৰ পৰা টনকিয়াল আছিল৷ তদুপৰি, তেওঁলোকৰ মাজৰ নেতৃস্থানীয় ব্যক্তিসকলে অসমত প্ৰতিপত্তি লাভৰ বাবে চেষ্টা চলাইছিল বাবে সেইসকলক অসমীয়া ভাষী নেতৃস্থানীয় ব্যক্তিসকলে প্ৰতিদ্বiদ্বী ৰূপে গণ্য কৰিছিল৷ অসমীয়া ভাষী নেতৃস্থানীয় ব্যক্তিসকলে তিৱা, কাৰ্বি, মিচিং আদি জনগোষ্ঠীসমূহক অসমীয়া ভাষাগোটত সামৰি ল'বলৈ চেষ্টা চলোৱাৰ দৰে বঙালী ভাষী নেতৃস্থানীয় ব্যক্তিসকলেও অসমৰ সীমান্তৱৰ্তী অবিভক্ত গোৱালপাৰা জিলাত থলুৱা কিছুমান ভাষাগোটক নিজৰ ভাষাগোষ্ঠীত সাঙুৰি ল'বলৈ চেষ্টা চলাইছিল৷

লক্ষ্যণীয় যে ক্ষুধাৰ তাড়নাত অসমলৈ দলে দলে প্ৰব্ৰজিত হোৱা মুছলমান কৃষকসকলে অসমৰ মাটি-পানী-বায়ুৰ সৈতে একাকাৰ হৈ যোৱাৰ লগতে অসমীয়া ভাষাকো শিক্ষাৰ মাধ্যমৰূপে গ্ৰহণ কৰিছিল৷ স্বাধীনতাৰ পাছত মুছলিম লীগ কংগ্ৰেছত আনুষ্ঠানিকভাৱে চামিল হোৱাৰ সময়তে অসমৰ প্ৰব্ৰজিত মুছলমানসকলে ভাষান্তৰিত হ'বলৈ সিদ্ধান্ত লয়৷ ধৰ্ম আৰু ভাষা উভয়দিশত সংখ্যালঘু হৈ থকাটোৱে তেওঁলোকক ভৱিষ্যতে আহুকালত পেলাব বুলি তেওঁলোকৰ নেতৃস্থানীয় ব্যক্তিসকলে যথোচিতভাৱেই উপলব্ধি কৰিছিল৷ উল্লেখ্য যে ৰাজ্যভাষা আন্দোলনৰ সময়ত ভাষান্তৰিত মুছলমান ৰাইজৰ বিপুল সমৰ্থনৰ ফলতে অসমীয়া ভাষাই ৰাজ্যস্তৰত প্ৰশাসনিক ভাষাৰ মান্যতা পাইছিল৷ সেইদৰে, তেওঁলোকৰ বেছিভাগেই অসমৰ থলুৱা সংস্কৃতিৰ প্ৰতি ধীৰে ধীৰে একাত্মতা অনুভৱ কৰিছিল৷ তেওঁলোকে যি অৰ্থোপাৰ্জন কৰিছিল, সেয়া অসমতে বিনিয়োগ বা খৰছ কৰিছিল; অন্য ভাষী সম্প্ৰদায়ৰ দৰে অসমৰ বাহিৰলৈ পঠিওৱা নাছিল বা পঠিওৱাৰ কোনো সুযোগো নাছিল৷ তদুপৰি, অসমৰ কৃষিক্ষেত্ৰৰ উন্নতিত তেওঁলোকৰ অৱদান নিঃসন্দেহে অভূতপূৰ্ব আছিল৷ নগাঁও জিলা গেজেটিয়াৰত তদানীন্তন জিলা উপায়ুক্তই মন্তব্য কৰিছিল যে অসমৰ অৰ্থনৈতিক উন্নতিত মৈমনছিঙীয়াসকলৰ অৱদান উল্লেখযোগ্য৷

লক্ষ্যণীয় যে পূৰ্ববংগৰ পৰা মুছলমান লোকৰ এই প্ৰব্ৰজন ১৯০১ চনৰ পৰা চল্লিশৰ দশকৰ মাজভাগলৈ অব্যাহত আছিল৷ ১৯৪৭ চনত ভাৰত দ্বিখণ্ডিত হোৱাৰ লগে লগে অসমলৈ মুছলমান জনস্ৰোত হ্ৰাস হোৱাৰ পৰিৱৰ্তে হিন্দু জনস্ৰোত প্ৰবল গতিত আৰম্ভ হ'ল৷ এই হিন্দু প্ৰব্ৰজনকাৰীসকলে গাঁও আৰু নগৰ উভয় অঞ্চলতে থিতাপি ল'লে যদিও তেওঁলোকে অসমৰ ভাষা-সংস্কৃতিৰ প্ৰতি কোনোদিনেই একাত্মতা অনুভৱ নকৰিলে৷
বাংলাদেশ অভ্যুত্থানৰ সময়ত অৰ্থাৎ ১৯৭১ চনৰ আগে-পিছে সামৰিক সন্ত্ৰাসৰ সন্মুখীন হৈ পূব বংগৰ পৰা অসমলৈ হেজাৰ হেজাৰ লোক শৰণাৰ্থী হিচাবে অহাটো সঁচা; কিন্তু সেই সময়ৰ পৰাই লাখ লাখ বাংলাদেশী অসমলৈ নিৰন্তৰ গতিত প্ৰৱেশ কৰি থকা বুলি প্ৰচাৰিত কথাবোৰ অতিৰঞ্জিত আৰু উদ্দেশ্যপ্ৰণোদিত৷ উন্মুক্ত সীমান্তৰ বাবে আজিৰ তাৰিখলৈকে পাঁচ-দহজনকৈ বাংলাদেশী অসমত প্ৰৱেশ কৰি থাকিলেও এনে অনুপ্ৰৱেশৰ সংখ্যা অস্বাভাৱিকভাৱে বাঢ়ি গৈছে বুলি কোৱাটো যুক্তিযুক্ত নহ'ব৷ অসমৰ ভগ্নপ্ৰায় অৰ্থনীতি আৰু জনবসতিৰ ঘনত্ব বৃদ্ধি হোৱা বাবেই অনুপ্ৰৱেশ নিৰন্তৰ গতিত হৈ আছে বুলি ধাৰণা কৰিব নোৱাৰি৷ এতিয়াও যদি অনুপ্ৰৱেশ ঘটি আছে, তেন্তে তাৰ বাবে সীমান্তৰ বেৰা নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম নোহোৱা ৰাজ্য বা ভাৰত চৰকাৰেই বেছি দায়ী৷

তথ্য মতে, ১৯৭১ চনত ধৰ্মীয় ভিত্তিত অসমৰ জনসংখ্যাৰ অনুপাত (শতকৰা হাৰ) আছিল এনেধৰণৰ–
হিন্দু – ৭২.৫১ শতাংশ, মুছলমান– ২৪.৫৬ শতাংশ, খ্ৰীষ্টান – ২.৬১ শতাংশ আৰু অন্যান্য– .৩২ শতাংশ৷
১৯৯১ চনত এই অনুপাত আছিল–
হিন্দু – ৬৭.১৩ শতাংশ, মুছলমান – ২৮.৪৩ শতাংশ, খ্ৰীষ্টান –৩.৩২ শতাংশ আৰু অন্যান্য – ১.৯২ শতাংশ৷
আৰু ২০০১ চনত এই অনুপাত হৈছে–
হিন্দু – ৬৪.৮৮ শতাংশ, মুছলমান – ৩০.৯১ শতাংশ, খ্ৰীষ্টান –৩.৭০ শতাংশ আৰু অন্যান্য –০.৫১ শতাংশ৷

এই তথ্যখিনিৰ পৰা স্পষ্ট হয় যে ১৯৭১-১৯৯১ ৰ সময়ছোৱাত অৰ্থাৎ ২০ বছৰত অসমত মুছলমান আৰু খ্ৰীষ্টানৰ অনুপাত বাঢ়িছে যথাক্ৰমে ৩. ৮৭ আৰু .৭১ শতাংশ৷ আনহাতে হিন্দু জনসংখ্যাৰ অনুপাত ৫.৩৮ শতাংশ কমিছে ৷ একেদৰে ১৯৯১-২০০১ সময়ছোৱাত অৰ্থাৎ দহ বছৰত মুছলমান আৰু খ্ৰীষ্টানৰ শতকৰা হাৰ বাঢ়িছে ২.৪৮ আৰু ০.৩৮ শতাংশ৷ হিন্দুৰ অনুপাত কমিছে ২.২৫ শতাংশ৷

আলোচিত প্ৰথম দশক দুটা (১৯৭১-২০০১)ত ভিন ভিন ধৰ্মীয় জনগোষ্ঠীৰ শতকৰা বৃদ্ধিৰ হাৰ হ'ল–হিন্দু – ৪১.৮৯ শতাংশ, মুছলমান – ৭৭.৪২ শতাংশ, খ্ৰীষ্টান–৯৫.৩৭ শতাংশ৷ একেদৰে পিছৰ দশকটোত (১৯৯১-২০০১) বৃদ্ধিৰ হাৰ এনেধৰণৰ – হিন্দু – ১৪.৯৫ শতাংশ আৰু মুছলমান – ২৯.২৯ শতাংশ৷

মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ৭৭.৪২ (১৯৭১-৯১) শতাংশ আৰু ২৯.২৯ (১৯৯১-০১) শতাংশলৈ আঙুলিয়াই অসমৰ একাংশ জাতীয়তাবাদী বা হিন্দুত্ববাদী দল-সংগঠনে অসমত প্ৰতিবছৰে লাখ লাখ অবৈধ বিদেশী বাংলাদেশীৰ অনুপ্ৰৱেশ ঘটি আছে বুলি প্ৰচাৰ চলাই আহিছে৷ তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ সংখ্যা ১৫ লাখৰ পৰা ৮৫ লাখ হ'ব বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন কৰি আহিছে৷ কিন্তু, তথ্যই কয় যে ১৯৭১-২০০১ ৰ সময়ছোৱাত অৰ্থাৎ ৩০ বছৰত অসমত মুছলমানৰ অনুপাত বৃদ্ধি পাইছে ৬.৩৫ শতাংশ, য'ত হিন্দুৰ অনুপাত কমিছে ৭.৬৩ শতাংশ৷

১৯৯১ চনৰ লোকপিয়লৰ পাছত এয়া স্পষ্ট হয় যে ১৯৭১ চনলৈকে অসমলৈ প্ৰব্ৰজনৰ যিটো ধল প্ৰবলভাৱে অব্যাহত আছিল, সেয়া কেতিয়াবাই স্তিমিত হৈ পৰে৷ এই আপাহতে আমি বুজিব লাগিব যে সংখ্যালঘু মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ অবাধ প্ৰব্ৰজন নহয়, অনিয়ন্ত্ৰিত জনসংখ্যা বিস্ফোৰণহে৷ শিক্ষা-দীক্ষাৰ প্ৰসাৰ কম হোৱাৰ বাবেই তেওঁলোকৰ মাজত জনসংখ্যা বৃদ্ধি এক ডাঙৰ সমস্যা ৰূপে পৰিগণিত হৈ আহিছে৷ অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ ফলতে তেওঁলোকৰ সিংহভাগ দৰিদ্ৰতাৰ কেেকাঁৰা চেপাত পিষ্ট হৈ থাকিব লগা হৈছে৷ সংখ্যালঘু মুছলমানসকলৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ চৰকাৰসমূেহ, বিশেষকৈ কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ কেইখনে কোনো পৰিকল্পিত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে; তাৰ পৰিৱৰ্তে সংখ্যালঘু সম্প্ৰদায়ৰ বৃহৎ পৰিমাণৰ জনসংখ্যাক ‘ভোট-পুঁজি' হিচাবেহে ব্যৱহাৰ কৰি থাকিল৷ সন্দেহ নাই, কংগ্ৰেছ চৰকাৰৰ চূড়ান্ত অৱহেলাৰ বাবেই অতি পৰিশ্ৰমী আৰু কৰ্মনিপুণ হোৱাৰ পাছতো সংখ্যালঘু মুছলমানৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী নহ'ল অথবা জীৱনধাৰণৰ মানো উন্নত নহ'ল৷ আধুনিক শিক্ষা-দীক্ষাই স্পৰ্শ কৰিব নোৱৰা বহু পৰিয়ালত বাল্যবিবাহৰ দৰে কুপ্ৰথা, বিভিন্ন পুৰণিকলীয়া ৰীতি-নীতি, অন্ধবিশ্বাস আদি আজিও বৰ্তি আছে৷ ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰি ভৰি থকা এই মুছলমানৰ সতি-সন্তানসকলেই ব্ৰহ্মপুত্ৰৰ খহনীয়াত মাটি-ভেটিৰ পৰা উচ্ছেদিত হৈ কৰ্ম-সংস্থান বিচাৰি ৰাজ্য বা দেশৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰিছে আৰু তেওঁলোককেই ‘বিদেশী' বুলি অভিহিত কৰা হৈছে৷

সন্দেহ নাই, অসমৰ অন্যান্য সম্প্ৰদায়ৰ দৰে সংখ্যালঘু মুছলমানসকলৰ জীৱন প্ৰণালীতো ধৰ্মৰ প্ৰভাৱ কম-বেছি পৰিমাণে আছে৷ বিভিন্ন কাৰণত তেওঁলোকৰ মাজত যুক্তিবাদ আৰু বৈজ্ঞানিক চিন্তাধাৰাৰ প্ৰসাৰ-প্ৰচাৰ নোহোৱাৰ বাবে তেওঁলোকৰ বেছিভাগেই নিজৰ ধৰ্মীয় ৰীতি-নীতিবোৰ নিয়মিতভাৱে নিষ্ঠাসহকাৰে পালন কৰি আহিছে৷ কথা হ'ল – অন্ন-বস্ত্ৰ-বাসস্থানৰ চিন্তাত অষ্টপ্ৰহৰ ব্যস্ত হৈ থাকিবলগা হোৱা সাধাৰণ শ্ৰমজীৱী জনগণ যি ধৰ্মাৱলম্বীৰেই নহওক কিয়, তেওঁলোকে অকাৰণতে ভিন্ন ধৰ্মী মানুহৰ বিৰোধিতা কৰিবলৈ নাযায়৷ ন্যস্ত স্বাৰ্থান্বেষী সাম্প্ৰদায়িক শক্তিবোৰে এইসকল অশিক্ষিত-অৰ্ধশিক্ষিত ধৰ্মপ্ৰাণ ব্যক্তিৰ স্বাভাৱিক ধৰ্মীয় চেতনাক বিভিন্ন প্ৰৰোচনামূলক বক্তব্যৰে উগ্ৰ কৰি তোলে বাবেই তেওঁলোক ভিন্নধৰ্মী লোকৰ প্ৰতি অসহিষ্ণু হৈ উঠে৷

নক'লেও হয় যে সমাজত উৎপাদিত সিংহভাগ সম্পদ অধিকাৰ কৰি বিপুল ধন-ঐশ্বৰ্যৰ গৰাকী হোৱা পুঁজিপতি শ্ৰেণী আৰু ক্ষমতাকাংক্ষী ৰাজনৈতিক দলবোৰৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সাম্প্ৰদায়িক শক্তিবোৰেই সৰলচিতীয়া ধৰ্মপ্ৰাণসকলৰ মনত তেওঁলোকৰ জীৱনলৈ অন্য ধৰ্মৰ পৰা ভয়াবহ বিপদ নামি আহিব বুলি বিভিন্ন প্ৰকাৰেৰে সন্দেহ আৰু শংকাৰ বীজ সুমুৱাই দিয়ে আৰু সেই বীজক পৰ্যায়ক্ৰমে সাৰ-পানী যোগাই এজোপা বিষবৃক্ষলৈ ৰূপান্তৰিত কৰে৷ এনে সাম্প্ৰদায়িক শক্তিবোৰৰ প্ৰৰোচনাৰ ফলতেই সহজ-সৰল মানুহবোৰে উগ্ৰ ৰূপ ধাৰণ কৰি অসম আন্দোলনৰ সময়ত, বিশেষকৈ ১৯৮০ চনত নেলী, মুকালমুৱা আদি ঠাইত মানৱতাৰ ধ্বংসযজ্ঞ সংঘটিত কৰিছিল৷ পুঁজিপতি শ্ৰেণী আৰু ৰাজনৈতিক শক্তিবোৰৰ মাজৰ দৈ-চিৰাৰ সম্পৰ্কৰ পৰা এটা কথা স্পষ্ট হয় যে শোষণ আৰু শাসন প্ৰক্ৰিয়া একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি আৰু ভাৰতৰ তথাকথিত গণতান্ত্ৰিক শাসন ব্যৱস্থা শোষকৰ স্বাৰ্থতেহ গঢ় লৈ উঠিছে, শোষিত শ্ৰেণীৰ মংগলৰ স্বাৰ্থত নহয়৷ এই মৌলিক সত্যবোৰ সৰ্বসাধাৰণে হৃদয়াংগম কৰিব নোৱৰালৈকে সাম্প্ৰদায়িক শক্তিবোৰ মষিমূৰ কৰিব পৰা নাযাব আৰু তেতিয়ালৈকে হিন্দু-মুছলমানৰ মাজৰ সংঘাতৰ মূল শিপাও বিচাৰি পোৱা নাযাব৷

বৰ্তমান ফেইচ-বুক, হোৱাটচ এপ আদি বিভিন্ন বৈদ্যুতিন গণ মাধ্যমৰ জৰিয়তে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱাটো তেনেই সহজ হৈ পৰিল বাবে সাম্প্ৰদায়িক শক্তিবোৰে বেতনভোগী প্ৰচাৰকো নিয়োগ কৰিছে৷ বিভিন্নধৰণৰ সঁচা-মিছা ঘটনাৰ অহৰহ প্ৰচাৰেৰে মানুহক উত্তেজিত কৰি তোলাটোৱেই এইসকল প্ৰচাৰকৰ মূল উদ্দেশ্য৷ অসমৰ ক্ষেত্ৰত দেখা গৈছে যে এচাম বেতনভোগী আৰু ছদ্মৱেশী প্ৰচাৰকে ফেইচ-বুকত ‘জনমত', ‘সঁচা কথা' আদি গোট আৰু পৃষ্ঠা খুলি হিন্দুত্ববাদী প্ৰপগণ্ডা চলাই আছে৷ প্ৰতিটো ক্ৰিয়াৰে প্ৰতিক্ৰিয়া থাকে বাবে হিন্দুত্ববাদী প্ৰপগণ্ডাক বিৰোধিতা কৰি মুছলমান সাম্প্ৰদায়িক শক্তিবোৰেও ফেইচ-বুকত ‘আছামিছ অনলাইন' আদি পৃষ্ঠা খুলি অপপ্ৰচাৰত ব্যস্ত হৈছে৷ সাম্প্ৰদায়িক শক্তিবোৰে তলে তলে চলাই থকা এনে প্ৰপগণ্ডাই অদূৰ ভৱিষ্যতে অসমত ধৰ্মীয় সংঘাত সৃষ্টি কৰাৰ সম্ভাৱনা নথকা নহয়৷ সদায় অপমান-অপবাদ-বঞ্চনাৰ মাজত সংকুচিত হৈ জীৱন নিৰ্বাহ কৰাটো সম্ভৱপৰ নহয় বাবেই একাংশ মুছলমান সাম্প্ৰদায়িকতাৰ অন্ধ গলিত প্ৰৱেশ কৰাৰ আশংকা পূৰামাত্ৰাই থাকে৷ সেয়ে সচেতন ৰাইজে সময় থাকোতেই এই সাম্প্ৰদায়িক শক্তিবোৰৰ অপপ্ৰচাৰৰ বিৰুদ্ধে মাত মতা উচিত৷

এনে পৰিস্থিতিত সংখ্যালঘু মুছলমানসকলে, বিশেষকৈ শিক্ষিত যুৱকসকলে উগ্ৰ হিন্দুত্ববাদী সংগঠনবোৰৰ প্ৰৰোচনাপূৰ্ণ কথা-বাৰ্তাত উত্তেজিত আৰু বিচলিত নহৈ শীতল মগজুৰে চিন্তা কৰা উচিত– তেওঁলোকৰ পৰিত্ৰাণৰ উপায় কি? উপায় হয়তো এটাই –তেওঁলোকে এখন গণতান্ত্ৰিক ৰাষ্টªৰ স্বাধীন নাগৰিক হিচাপে প্ৰাপ্য সকলো অধিকাৰ আৰু সা-সুবিধাৰ বাবে গণতান্ত্ৰিক ৰাজনৈতিক সংগ্ৰামত চামিল হোৱা৷ যুক্তিপূৰ্ণভাৱে আৰু তথ্যসহকাৰে এখন বহল আৰু উপযুক্ত মঞ্চত নিজৰ অভাৱ-অভিযোগ, মনোবেদনা আদি নিৰ্ভয়ে উত্থাপন কৰিব লাগিব৷ এই ক্ষেত্ৰত বিভিন্ন বাওঁ-গণতান্ত্ৰিক ৰাজনৈতিক দলৰ সহায়-সহযোগ নিশ্চিতভাবেই ল'ব লাগিব৷ গণতান্ত্ৰিক সংগ্ৰামৰ পথ ল'বলৈ যাওঁতে তেওঁলোকে কোনো কাৰণতে হিন্দুবিৰোধী সাম্প্ৰদায়িকতাক প্ৰশ্ৰয় দিয়া উচিত নহয়, বৰং যুক্তি আৰু সৌজন্যৰে তেওঁলোকৰ দাবীৰ প্ৰতি উদাৰ হিন্দুসকলৰ সমৰ্থনহে বিচৰা উচিত৷ তেওঁলোকৰ বাবে মধ্যপ্ৰাচ্যৰ মুছলমান অসমীয়া হিন্দুৰ দৰে কেতিয়াও আপোন হ'ব নোৱাৰে৷ ধৈৰ্য, সৌজ্যনতা আৰু সৎ সাহসেৰে নিশ্চয় থলুৱা হিন্দুসকলৰ আস্থা আৰু সদ্ভাৱ অৰ্জন কৰিব পৰা যাব৷ তেওঁলোকে সকলো সময়তে মনত ৰখা উচিত যে ধৰ্মীয় নিপীড়ন তেওঁলোকৰ মূল সমস্যা নহয়, অৰ্থনৈতিক অনগ্ৰসৰতাহে মূল সমস্যা৷
অসমৰ সংখ্যালঘু মুছলমানসকলে নিজকে এখন স্বাধীন দেশৰ সম মৰ্যাদাসম্পন্ন নাগৰিক বুলি নিৰ্ভয়ে আৰু নিসংকোচে চিনাকি দিব পৰাৰ, নিজৰ সমস্যাসমূহ মুকলিমনে আলোচনা কৰিব পৰাৰ এক পৰিৱেশ সূচনা হ'লেহে অসমৰ সমাজ জীৱনো সুস্থিৰ হোৱাৰ লগতে জাতিৰ ভৱিষ্যতো সমৃদ্ধ আৰু সুৰক্ষিত হ'ব৷ তথাকথিত মূলসুঁতিৰ অসমীয়াসকলৰ মনোভাব আৰু আচৰণেই সংখ্যালঘু মুছলমানসকলে ভবিষ্যতে কোন পথেৰে ধাৱমান কৰিব, সেয়া বহু পৰিমাণে নিৰ্ধাৰণ কৰিব৷

 

Share Button
Print Friendly, PDF & Email

No Comments : "অসমৰ বংগীয়মূলৰ মুছলমানৰ ভৱিষ্যৎ (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *