অসমৰ  অনুপ্ৰৱেশৰ সমস্যা আৰু মুখ্যমন্ত্ৰীসকলৰ ভূমিকা-( টুনুজ্যোতি গগৈ)

ইতিহাসৰ পৃষ্ঠাত নায়কৰ শাৰীৰপৰা খলনায়কৰ শাৰীলৈ অৱনমিত হোৱা বহু ব্যক্তিৰ উদাহৰণেই পোৱা যায়৷ এসময়ত কোনো এক দৃষ্টান্তমূলক কৰ্মৰে একোজন ব্যক্তি ৰাইজৰ দৃষ্টিত নায়ক হৈ পৰিলেও পৰৱৰ্তী সময়ত তেওঁ অস্পষ্ট মতাদৰ্শ, ক্ষমতালিপ্সা, সুবিধাবাদী মানসতা, আপোচকামিতা আদি দোষ-দুৰ্বলতাৰ বাবে খলনায়কলৈ পৰ্যবসিত হ’ব পাৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াৰপৰা আহি দলীয় ৰাজনীতিৰ পথাৰত খোজ থোৱা সৰ্বানন্দ সোণোৱালে আইনী যুঁজত অৱতীৰ্ণ হৈ অসমৰপৰা অবৈধ বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰি থকা আই এম ডি টি আইনখন বাতিল কৰাত আগ-ভাগ লোৱাৰ বাবেই তেওঁক জাতীয়তাবাদী শিবিৰটোৱে ‘জাতীয় নায়ক’ৰ খিতাপ প্ৰদান কৰিছিল৷ সচেতন, দূৰদৰ্শী আৰু যুক্তিবাদী ব্যক্তিয়ে এজন আপেক্ষিকভাৱে বয়োকনিষ্ঠ ব্যক্তিক হঠাতে ‘জাতীয় নায়ক’ৰ দৰে বিৰল খিতাপ প্ৰদান নকৰে; মাথোন তেওঁৰ পৰৱৰ্তী কাম-কাজলৈ সতৰ্কতাৰে লক্ষ্য কৰি পৈণত বয়সত তেনে খিতাপ দিব পাৰি নেকি বুলি ভাবিব পাৰে৷ যুক্তিতকৈ আৱেগেৰে পৰিচালিত হোৱা অসমৰ মানুহৰ কথা সুকীয়া — এজন ব্যক্তিৰ জীৱনজোৰা কাম-কাজ, ত্যাগ-আদৰ্শৰ মূল্যায়নলৈ অপেক্ষা নকৰি, বৰ খৰ-খেদাকৈ তেওঁক বিভিন্ন উপাধি-সন্মানেৰে ওপচাই দিব পাৰে৷ সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰতো সেয়াই হৈছিল৷ অগপ দলৰ সাংসদ হৈ থকাৰ সময়ত  অৰ্থাৎ  ২০০৫ চনত তেওঁক ‘জাতীয় নায়ক’ৰ আসনত স্থান দি  জাতীয়তাবাদী শিবিৰ আনন্দ-উল্লাসত মতলীয়া হৈ পৰিছিল৷ আছু, অগপ আদি দল-সংগঠনবোৰে হয়তো ভাবিছিল — সৰ্বানন্দৰ যহতে অসমখন বিদেশীমুক্ত  হ’ব, অসমৰ দীৰ্ঘদিনীয়া সমস্যাসমূহ লাহে লাহে সমাধান  হ'ব,  ইত্যাদি৷ কালস্য কুটিলা গতিঃ— সেই ‘জাতীয় নায়ক’-এ ক্ষমতাৰ লোভত পূৰ্বৰ স্থিতিৰপৰা বহু যোজন আঁতৰি গৈ অসমত অবৈধ বিদেশী সংস্থাপন কৰিবলৈ তলে তলে উঠি-পৰি লাগিছে৷ সৰ্বানন্দ সোণোৱালৰ এই ভূমিকাই অসমৰ ইতিহাসত তেওঁক এজন দুৰ্বল, বিশ্বাসঘাতক, পুতলা মুখ্যমন্ত্ৰী হিচাপে  স্থান দিব; তাত অলপো সন্দেহ নাই৷

 

এই আপাহতে আমি অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰীসকলে অসমৰ অস্তিত্বলৈ বাৰে বাৰে ভাবুকি কঢ়িয়াই অনা বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ ক্ষেত্ৰত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল, সেই বিষয়ে আলোচনা কৰিব পাৰো৷ তাৰ পূৰ্বে কৈ ল’ব  লাগিব যে ১৯০৫ চনত বংগভংগ হোৱাৰ পাছৰপৰাই অসমলৈ ব্যাপক হাৰত বঙালী মুছলমানৰ প্ৰব্ৰজন ঘটিছিল৷ বংগদেশত প্ৰচলিত জমিদাৰী প্ৰথাই সাধাৰণ কৃষকসকলৰ অৱস্থা তথৈবচ কৰি তুলিছিল বাবে তেওঁলোকক ব্ৰিটিছ প্ৰশাসনৰ লগতে মুছলিম লীগৰ দৰে সংগঠনে সেৰেঙা  জনবসতিৰ অসমলৈ আহিবলৈ উৎসাহিত কৰিছিল৷ ব্ৰিটিছ প্ৰশাসনে মুছলমান কৃষকসকলক মূলতঃ ‘অধিক শস্য উৎপাদন’ আঁচনিৰ অধীনত অসমত মৰাপাটৰ খেতি কৰিবলৈ আনিছিল৷ ১৯৩০ চনৰপৰা মুছলিম লীগে সাম্প্ৰদায়িক ৰাজনীতিত বেছি গুৰুত্ব দি সমগ্ৰ ভাৰততে মুছলমানৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচৰাত অসমলৈ মুছলমান কৃষক আগমনৰ সোঁতটো প্ৰবল হৈ পৰে৷ তেনে কাৰণতে  ১৯৩১ চনৰ লোকপিয়লৰ নমুনা চাই লোকপিয়লৰ অধীক্ষক চি.এছ. মুলানে অসমখন মুছলমানপ্ৰধান হৈ পৰিব বুলি শংকা কৰিছিল৷ ব্ৰিটিছ বিষয়া  লৰ্ড  ৱাভেলে শংকা প্ৰকাশ কৰিছিল যে ‘অধিক শস্য উৎপাদন’ আঁচনিৰ নামত অসমলৈ পূব বংগৰ বঙালী মুছলমানক ৰঙা দলিচা পাৰি দি আচলতে ‘Grow More Muslim’ আঁচনিহে ৰূপায়ণ কৰা হৈছে৷ ১৯৩৭ চনত ব্ৰিটিছ প্ৰশাসনাধীন গোপীনাথ বৰদলৈৰ চৰকাৰে কংগ্ৰেছ নেতৃত্বৰ নিৰ্দেশ অনুসৰি পদত্যাগ কৰাত চাদুল্লাৰ চৰকাৰ গঠন হয় আৰু চাদুল্লাই বংগৰ বঙালী মুছলমানসকলক এক লাখ বিঘা মাটি আবন্টন দিয়ে৷

 

সি যি নহওক, ভাৰতে স্বাধীনতা পোৱাৰ পাছত অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী হয় লোকপ্ৰিয় গোপীনাথ বৰদলৈ (১১ ফেব্ৰুৱাৰী, ১৯৪৬ - ৬ আগষ্ট, ১৯৫০)৷  অসমৰ সমাজজীৱনৰ প্ৰতিটো সংকটপূৰ্ণ ক্ষণত সবল ভূমিকা গ্ৰহণ কৰা বৰদলৈয়ে ভাৰত স্বাধীন হোৱাৰ পূৰ্বে ১৯৪৬ চনত অসমক বংগদেশৰ লগত ‘গ’  গ্ৰুপত সাঙুৰিব খোজা ব্ৰিটিছৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছিল৷ তেওঁ কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ আগতো উদাত্ত কণ্ঠেৰে কৈছিল যে প্ৰয়োজন হ’লে অসমে অকলে স্বাধীনতাৰ হকে যুঁজিব, তথাপি এই গ্ৰুপিং পদ্ধতি মানি নলয়৷ গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰী আদি তদানীন্তন ৰাজনীতিকসকলে সেই সময়ত প্ৰবল প্ৰতিবাদ নকৰা হ’লে অবিভক্ত অসম বৰ্তমান বাংলাদেশৰ অধীন হৈ থাকিলহেঁতেন৷ লক্ষণীয় যে স্বাধীনতাৰ পাছতো বৰদলৈ মন্ত্ৰীসভাই বিদেশী অনুপ্ৰৱেশৰ সমস্যাৰ সন্মুখীন হৈছিল৷ পূব পাকিস্তানৰপৰা অহা হিন্দু শৰণাৰ্থীসকলক অসমৰ চৰকাৰী ভূমিত সংস্থাপিত কৰিব লাগে বুলি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে দিয়া নিৰ্দেশৰ বিৰোধিতা কৰিবলৈও বৰদলৈয়ে ভয় কৰা নাছিল৷ অথচ, বৰদলৈ কংগ্ৰেছ দলে গঠন কৰা চৰকাৰৰে মুখ্যমন্ত্ৰী আছিল৷ বৰদলৈয়ে যথোচিতভাৱেই কৈছিল যে শৰণাৰ্থীৰ বোজা অসমে অকলে ল’ব নোৱাৰে, অন্যান্য ৰাজ্যকো ভগাই দিব লাগে৷ তেওঁ ৰাজহমন্ত্ৰী বিষ্ণুৰাম মেধিৰ লগত আলোচনা কৰি নেহৰুৰ ওচৰত যুক্তি দৰ্শাইছিল যে যদিহে অসমৰ সমুদায় চৰকাৰী ভূমি পূব পাকিস্তানৰপৰা অহা শৰণাৰ্থীসকলক আবণ্টন দিব লাগে, তেন্তে ভূমিহীন খিলঞ্জীয়াসকলৰ কি  হ'ব?

 

গোপীনাথ বৰদলৈৰ আকস্মিক মৃত্যুৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল পূৰ্বৰ ৰাজহমন্ত্ৰী বিষ্ণুৰাম মেধি (৯ আগষ্ট, ১৯৫০ - ২৭ ডিচেম্বৰ ১৯৫৭)৷ অসমৰ চৰকাৰী ভূমিত হিন্দু শৰণাৰ্থী সংস্থাপনৰ প্ৰবল বিৰোধিতা কৰি অহা মেধিক পশ্চিমবংগৰ কংগ্ৰেছ নেতাসকলে বঙালীবিদ্বেষী বুলি অভিহিত কৰি কেন্দ্ৰৰ ওচৰত বাৰে বাৰে অভিযোগ দিছিল। কিন্তু কেন্দ্ৰীয় নেতৃত্বৰ ওচৰত নহয়, অসমবাসীৰ ওচৰতহে অধিক দায়বদ্ধ মেধিয়ে ভাবিছিল যে অসমলৈ পূব পাকিস্তানী শৰণাৰ্থীৰ প্ৰব্ৰজন অব্যাহত থাকিলে এদিন অসমীয়া ভাষা-সংস্কৃতি সংকটাপন্ন হৈ পৰিব। ১৯৫৬ চনত ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠনৰ পদক্ষেপ লোৱাৰ সময়ত অবিভক্ত গোৱালপাৰা জিলাক পশ্চিমবংগৰ লগত চামিল কৰিব লাগে বুলি সেই ৰাজ্যৰ কংগ্ৰেছ নেতাসকলে কেন্দ্ৰৰ ওচৰত সজোৰে দাবী উত্থাপন কৰিছিল। সেই দাবীৰ প্ৰতি অসমৰ একাংশ নেতৃস্থানীয় বঙালী নেতায়ো সমৰ্থন আগ বঢ়াইছিল। কিন্তু, গোৱালপাৰাৰ খিলঞ্জীয়া লোকসকলৰ তীব্ৰ আন্দোলন আৰু মুখ্যমন্ত্ৰী মেধিৰ সবল স্থিতিৰ বাবে পশ্চিমবংগৰ কংগ্ৰেছ নেতাসকলৰ দাবী গ্ৰাহ্য নহ’ল। গোৱালপাৰা অসমৰ অংগই হৈ থাকিল। অৱশ্যে, জৱাহৰলাল নেহৰুৱে পশ্চিমবংগৰ কংগ্ৰেছ নেতাসকলক সন্তুষ্ট কৰিবলৈকে মেধিক মুখ্যমন্ত্ৰী আসনৰপৰা আঁতৰাই বিমলাপ্ৰসাদ চলিহাক স্থলাভিষিক্ত কৰে। পৰৱৰ্তী সময়ত মেধিক মাদ্ৰাজৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে।

 

লক্ষণীয় যে গোপীনাথ বৰদলৈ আৰু বিষ্ণুৰাম মেধিয়ে জৱাহৰলাল নেহৰুক দুখনকৈ অনুপ্ৰৱেশ ৰোধৰ আইন প্ৰণয়ন কৰিবলৈও  বাধ্য কৰাইছিল। প্ৰথমখন আইন আছিল ১৯৫০ চনৰ ইমিগ্ৰেচন এক্ট। এই আইনখনৰ মতে পূব পাকিস্তানৰপৰা আহি অসমত প্ৰৱেশ কৰা প্ৰায় ৭,৬৫,০০০ হিন্দু শৰণাৰ্থীক বহিষ্কাৰ কৰিবলৈ ১৯৪৯ চনৰ ২৬ জুলাই দিনটোক শেষ সীমা হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু, এই বুজনসংখ্যক শৰণাৰ্থীক পাকিস্তানে গ্ৰহণ কৰিবলৈ অপাৰগতা প্ৰকাশ কৰাত ১৯৫০ চনৰ ৮ ডিচেম্বৰত নেহৰু-লিয়াকৎ চুক্তি সম্পন্ন হয়। অনুপ্ৰৱেশকাৰীসকলৰ সহায়ৰ বাবে সম্পন্ন হোৱা এই চুক্তি স্বাক্ষৰ হোৱা তাৰিখপৰ্যন্ত অসমত প্ৰৱেশ কৰা ভগনীয়াসকলক ভাৰতীয় হিচাপে গণ্য কৰা হৈছিল। বৰদলৈ চৰকাৰে আপত্তি কৰাত নেহৰুৱে ১৯৫১ চনত পুনৰ পাছপৰ্ট এক্ট-১৯৫১ গৃহীত কৰিছিল। পাছপৰ্ট আইনে পূব পাকিস্তানৰ শৰণাৰ্থীক কেৱল ছমাহহে অসম বা ভাৰতত থকাৰ অনুমতি দিছিল। কিন্তু, এই আইনে চিনাক্ত কৰা শৰণাৰ্থীসকলক বহিষ্কাৰ কৰিবলৈয়ো ভাৰত চৰকাৰে কোনো পদক্ষেপ  ল’ব নোৱাৰিলে। বিষ্ণুৰাম  মেধিয়ে হিন্দু অনুপ্ৰৱেশকাৰীৰ মাত্ৰাধিক্যৰ বাবেই নেহৰু-লিয়াকৎ চুক্তিকো পচন্দ কৰা নাছিল। উল্লেখ্য যে বিষ্ণুৰাম মেধিয়েই ১৯৫১ চনৰ পিয়ল আৰু ভোটাৰ তালিকাৰ ভিত্তিত প্ৰথমখন নাগৰিকপঞ্জী প্ৰস্তুত কৰিছিল।

 

বিমলা প্ৰসাদ চলিহা (২৮ ডিচেম্বৰ, ১৯৫৭ - ৬ নৱেম্বৰ, ১৯৭০)ৰ মুখ্যমন্ত্ৰিত্বৰ সুদীৰ্ঘ কালছোৱা ঘটনাবহুল আছিল। চলিহাই অনুপ্ৰৱেশকাৰীসকলৰ বিৰুদ্ধে Prevention of lnfiltration from Pakistan Act 1964ৰদ্বাৰা ব্যৱস্থা  ল’বলৈ আৰম্ভ কৰাৰ লগে লগেই নেহৰুৱে তেওঁক বাধা দিছিল। চলিহা চৰকাৰৰ ২০জন মুছলমান বিধায়কেও চৰকাৰ ভাঙি দিয়াৰ ভীতি প্ৰদৰ্শন কৰাত তেওঁ PIP আইনখন প্ৰয়োগ কৰিবলৈ সাহস নকৰিলে। উল্লেখ্য যে চলিহাৰ দিনতে অৰ্থাৎ ১৯৬০ চনত কেন্দ্ৰীয় চৰকাৰৰ ভাষা নীতিৰ আধাৰত অসমীয়া ভাষা ৰাজ্যভাষা হিচাপে বিধানসভাত গৃহীত হয়। তেতিয়ালৈ অন্ন-বস্ত্ৰ-বাসস্থানৰ সন্ধানত স্বাধীনতাৰ পূৰ্বৰপৰাই অসমলৈ দলে দলে অহা দৰিদ্ৰ মুছলমান অনুপ্ৰৱেশকাৰীসকলে অসমৰ মাটি-পানী-বায়ু গ্ৰহণ কৰি অসমীয়া সমাজজীৱনৰ সৈতে জাহ যোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাই নহয়, তেওঁলোকে অসমীয়া ভাষাক মাতৃভাষা হিচাপে নিৰ্দ্বিধাই গ্ৰহণ কৰিছিল। কিন্তু, ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থ পূৰণ কৰাৰ স্বাৰ্থতে অসমলৈ অহা বঙালী হিন্দুসকলৰ বেছিসংখ্যকেই অসমীয়া ভাষা-সংস্কৃতি গ্ৰহণ কৰাৰ পৰিৱৰ্তে নিজৰ ভাষা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰৰ বাবেহে অহোপুৰুষাৰ্থ কৰিছিল। অসমীয়া ভাষাই ৰাজ্যভাষা হিচাপে স্বীকৃতি লাভ কৰাৰ লগে লগে অসমৰ ৰাজধানী চহৰ শ্বিলঙকে ধৰি ৰাজ্যৰ বঙালী অধ্যুষিত অঞ্চলসমূহত বঙালী ভাষিক গোষ্ঠীয়ে প্ৰবল প্ৰতিবাদৰ জোৱাৰ তোলে। বহু ঠাইত সাম্প্ৰদায়িক সংঘৰ্ষ সূচনা হোৱাৰ লগতে আৰক্ষীৰ গুলিত অনেক নিৰীহ লোকৰ প্ৰাণনাশ হয়। শেষত এক ব্যতিক্ৰমী ভাষা নীতিৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অসমত সৃষ্টি হোৱা ভাষিক সমস্যাৰ সমাধান কৰে।

 

মন কৰিবলগীয়া যে মুখ্যমন্ত্ৰী চলিহাক বঙালী হিন্দুসকলে আস্থাত লৈছিল। চলিহাৰ বদান্যতাৰ ফলতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন অঞ্চলত বাংলা মাধ্যমৰ ভালেমান বিদ্যালয় স্থাপন হৈছিল। কিন্তু, চলিহাই অসমৰ অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ আৱেগ-অনুভূতিৰ প্ৰতি বিশেষ গুৰুত্ব দিয়া নাছিল। তেওঁৰ দিনতে অবিভক্ত অসমত পৃথকতাবাদী আন্দোলনৰ উদ্ভৱ হৈছিল। স্বাধীন নাগালেণ্ডৰ দাবীত জাগি উঠা নগাসকলক সন্তুষ্ট কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ১৯৬৩ চনত সুকীয়া নাগালেণ্ড ৰাজ্য গঠনত অনুমোদন দিয়ে। তাৰ লগে লগে অন্যান্য পাহাৰীয়া জিলাসমূহেও সুকীয়া ৰাজ্যৰ দাবী উত্থাপন কৰিবলৈ ধৰে। পাহাৰীয়া জনগোষ্ঠীসমূহে ষষ্ঠ অনুসূচীৰ অধীনত সুকীয়া ৰাজ্য গঠনৰ বাবে তোলা দাবীবোৰক অযুক্তিকৰ বুলিও  ক’ব নোৱাৰি। কিয়নো, ঐতিহাসিকভাৱে নাগালেণ্ড, মিজোৰাম, মণিপুৰ আদি অঞ্চল অসমৰ অন্তৰ্ভুক্ত নাছিল।

 

চলিহাৰ মৃত্যুৰ পাছত মহেন্দ্ৰমোহন চৌধুৰী (১১ নৱেম্বৰ, ১৯৭০ - ৩০ জানুৱাৰী, ১৯৭২) অসমৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হয়। চৌধুৰীৰ দিনতে উত্তৰ-পূব ৰাজ্য পুনৰ্গঠন আইন, ১৯৭১ অনুসৰি মেঘালয়, মিজোৰাম, অৰুণাচল প্ৰদেশ আদিক সুকীয়া ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা হয়। অন্য অৰ্থত, মিকিৰ পাহাৰ জিলা আৰু উত্তৰ কাছাৰ পাহাৰ জিলা বাদ দি অসমৰ অন্যান্য পাহাৰীয়া জিলাসমূহে পৃথক ৰাজ্যৰ স্বীকৃতি লাভ কৰে। অৱশ্যে, পৃথক ৰাজ্যসমূহ গঠনৰ পূৰ্বে কেন্দ্ৰই সংবিধান অনুসৰি ৰাজ্য চৰকাৰৰ অনুমোদন বিচাৰি পত্ৰ প্ৰেৰণ কৰোতে মুখ্যমন্ত্ৰী চৌধুৰীয়ে আপত্তি দৰ্শাইছিল আৰু পাহাৰীয়া জনগোষ্ঠীসকলক বুজাই-মেলি সন্তুষ্ট কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ‘ডিভাইড এণ্ড ৰুল’ নীতিত বিশ্বাসী তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে চৌধুৰীক দিল্লীলৈ মতাই নি একপ্ৰকাৰ জোৰ-জবৰদস্তি তেওঁৰ সন্মতি আদায় কৰে। কেন্দ্ৰৰ শ্ৰুতলিপি মতে কাম কৰিবলৈ নিবিচৰা চৌধুৰীৰ ওপৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী বাৰুকৈয়ে অসন্তুষ্ট হৈছিল। কিছুদিনৰ পাছতেই গান্ধীয়ে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰাই পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়ে। লক্ষণীয় যে চৌধুৰীৰ দিনতে অসমৰ ভূখণ্ড সংকুচিত হৈ পৰিছিল আৰু তেতিয়াৰপৰা অনুপ্ৰৱেশৰ সমস্যাৰ বোজা অসমে অকলে বহন কৰিব লগা হৈছিল। অন্যান্য নৱগঠিত ৰাজ্যসমূহত আন্তঃৰাজ্যিক পাৰপত্ৰ (Inner line Permit) ব্যৱস্থা থকাৰ বাবে সেই ৰাজ্যসমূহ (ত্ৰিপুৰাক বাদ দি)ত খিলঞ্জীয়াৰ প্ৰভুত্ব অক্ষুণ্ণ থাকিল। সেই সময়ছোৱাতে অৰ্থাৎ ১৯৭১ চনত বাংলাদেশৰ স্বাধীনতা যুদ্ধ আৰম্ভ হোৱাত পূব পাকিস্তানৰপৰা বহুসংখ্যক লোকে ভাৰত তথা অসমলৈ প্ৰব্ৰজন কৰে। বাংলাদেশৰ সৃষ্টিৰ পিছত ইয়াৰে বহুতো ঘূৰি যায় যদিও কিছু অসমতে থাকি যায়।

 

মহেন্দ্ৰ মোহন চৌধুৰীৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত বহিছিল শৰৎ চন্দ্ৰ সিংহ (৩১ জানুৱাৰী, ১৯৭২ - ১২ মাৰ্চ, ১৯৭৮)। মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি শ্ৰদ্ধাশীল হিচাপে পৰিচিত সিংহৰ দিনতে ভালেমান উল্লেখযোগ্য কাম সম্পন্ন হৈছিল। তাৰ ভিতৰত অসমৰ ৰাজধানী শ্বিলঙৰপৰা গুৱাহাটীলৈ স্থানান্তৰ, চিলিং আইনৰ অধীনত ভূমিহীন কৃষকসকলক ভূমি প্ৰদান আদি অন্যতম। ভাষাৰ ভিত্তিত ৰাজ্য পুনৰ্গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হওঁতে অবিভক্ত গোৱালপাৰা জিলাক অসমৰ অংগ হিচাপে অন্তৰ্ভুক্ত কৰি ৰাখিবলৈ যি আন্দোলন চলিছিল, সেই আন্দোলনৰ সবল নেতৃত্ব লোৱা সিংহৰ দিনতেই বুজনসংখ্যক হিন্দু আৰু মুছলমান অনুপ্ৰৱেশকাৰী অসমৰপৰা বহিষ্কাৰ কৰা হৈছিল। কিন্তু, অনুপ্ৰৱেশৰ সমস্যাৰ প্ৰসংগত সিংহৰ বিৰুদ্ধে উত্থাপিত এক গুৰুতৰ অভিযোগ হ’ল – প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ৰাজ্যৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত অবৈধ বিদেশীসকলৰ নাম কৰ্তন কৰিবলৈ চৰকাৰক এখন পত্ৰযোগে নিৰ্দেশ দিয়াৰ পাছতো সিংহই সেই নিৰ্দেশ কাৰ্যকৰী নকৰিলে। ৰাজ্য চৰকাৰত থকা ২৫জন সংখ্যালঘু বিধায়কে অনাস্থা প্ৰদৰ্শন কৰাৰ ভয়তে সিংহই ইন্দিৰা গান্ধীৰ লিখিত নিৰ্দেশ কাৰ্যকৰী নকৰিলে বুলি অভিযোগ উঠি আহিছে।

১৯৭৫ চনৰ জৰুৰী অৱস্থাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ চৰকাৰৰ পতন ঘটাত কেন্দ্ৰৰ দৰে অসমতো জনতা দলৰ চৰকাৰ প্ৰতিষ্ঠিত হয়। গোলাপ বৰবৰা (১২ মাৰ্চ, ১৯৭৮ - ৪ ছেপ্টেম্বৰ, ১৯৭৯)ৰ নেতৃত্বত গঠিত জনতা চৰকাৰৰ দিনতেই মঙলদৈ লোকসভা সমষ্টিৰ প্ৰতিনিধি হীৰালাল পাটোৱাৰীৰ মৃত্যু হোৱাত সমষ্টিটোত উপ-নিৰ্বাচনৰ প্ৰয়োজন হয়। উপ-নিৰ্বাচনৰ সময়ত মঙলদৈ সমষ্টিতে প্ৰায় ৪৫০০০ সন্দেহজনক বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত থকাৰ তথ্য পোহৰলৈ আহে। তাৰ পাছতেই অসমৰ জনসাধাৰণে ভোটাৰ তালিকাৰপৰা অবৈধ বিদেশী নাগৰিকৰ নাম কৰ্তন কৰাৰ দাবীত প্ৰতিবাদ আৰম্ভ কৰে। কিন্তু, বৰবৰা চৰকাৰৰ দুজনমান মন্ত্ৰী-বিধায়কে ভোটাৰৰ নাম কৰ্তনৰ বিৰুদ্ধাচৰণ কৰাৰ ফলত ১৯৭৯ চনত বৰবৰা মন্ত্ৰীসভাৰ পতন হয়। সঁচা ক’বলৈ গ’লে, তেতিয়াৰপৰাই অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ অস্তিত্বৰ প্ৰতি সংকট কঢ়িয়াই আনিব বুলি অসমৰ জনসাধাৰণে মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু ঐতিহাসিক বিদেশী বিতাড়ন আন্দোলনৰ পাতনি মেলিছিল।

 

জনতা চৰকাৰ পতনৰ পাছত অসমৰ ৰাজনৈতিক পৰিস্থিতি অস্থিৰ হৈ পৰে। ১৯৭৯ চনত সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত বিদেশী বিতাড়ন আন্দোলনে ক্ৰমে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ আসনত ক্ৰমে যোগেন্দ্ৰ নাথ হাজৰিকা (৯ ছেপ্টেম্বৰ, ১৯৭৯ - ১১ ডিচেম্বৰ, ১৯৭৯), আনোৱাৰা টাইমুৰ (৬ ডিচেম্বৰ, ১৯৮০ - ৩০ জুন, ১৯৮১) আৰু কেশৱ চন্দ্ৰ গগৈ (১৩ জানুৱাৰী, ১৯৮২ - ১৯ মাৰ্চ, ১৯৮২) বহিছিল। কিন্তু, অনুপ্ৰৱেশৰ সমস্যাটোৰ সম্পৰ্কত কোনো সিদ্ধান্ত  ল’ব পৰাকৈ তেওঁলোকৰ শাসনকালো পৰ্যাপ্ত নাছিল, কৰ্তৃত্বও নাছিল।

 

এইখিনিতে ক’ব লাগিব যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বহিষ্কাৰৰ দাবীত গঢ়ি উঠা অসম আন্দোলনটোৰ প্ৰাসংগিকতা নিশ্চয় আছিল। কিন্তু, আন্দোলনটো আৰম্ভণিৰপৰাই সঠিক নেতৃত্বৰ অভাৱত বিপথে পৰিচালিত হ’ল। অসমত কিমান হেজাৰ অবৈধ অনুপ্ৰৱেশকাৰী আছে বা কিমান হেজাৰ অবৈধ বিদেশী নাগৰিকৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছে, তাৰ কোনো সঠিক হিচাপ  নজনাকৈ (সঠিক হিচাপ শাসনাধিষ্ঠ চৰকাৰেও দিয়া নাছিল) আন্দোলনকাৰীসকলে বংগমূলীয় নাগৰিক মাত্ৰেই অবৈধ বিদেশী বুলি ভাবি লোৱাৰ পৰিৱেশ এটাও সৃষ্টি  হ’ল। এচাম স্বাৰ্থান্বেষীয়ে অসমীয়া জাতীয়তাবাদক উগ্ৰ জাতীয়তাবাদৰ ৰূপ দিয়াত যুক্তিৰ ঠাই ল’লে পাৰভঙা আৱেগে, বিচাৰ-বিবেচনাৰ ঠাই  ল’লে হঠকাৰিতাই। আন্দোলনটো ক্ৰমশঃ অগণতান্ত্ৰিক আৰু হিংসাত্মক হৈ পৰাত স্বাধীনতাৰ পূৰ্বৰপৰাই অসমত বসবাস কৰি অসমৰ সমাজজীৱনৰ সৈতে একাকাৰ হৈ যোৱা আৰু অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগ বঢ়োৱা বংগমূলীয় লোকৰ ওপৰতো আন্দোলনকাৰীসকলে অবৰ্ণনীয় হাৰাশাস্তি চলালে। আন্দোলনৰ সময়ছোৱাতে নেলী, পংকা, ৰজাবাৰী আদি ঠাইত দুষ্কৃতিকাৰীয়ে নৰসংহাৰ সূচনা কৰি অসমৰ ইতিহাসত এক  ক’লা  অধ্যায়ৰ সূচনা কৰে। চৰকাৰী সূত্ৰ মতে, ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নেলীত হোৱা হত্যাকাণ্ডত এদিনতে প্ৰায় ১৮০০ লোকৰ মৃত্যু হয়।

 

বিদেশী বিতাড়ন আন্দোলনটোৰ ভুল-ত্ৰুটিবোৰ নিৰ্মোহভাৱে আঙুলিয়াই দিছিল অসমৰ বাঁওপন্থী ৰাজনৈতিক দলবোৰৰ লগতে বাঁও শিবিৰৰ বুদ্ধিজীৱী-শিল্পী-সাহিত্যিকসকলে। আন্দোলনৰ নেতৃবৃন্দই ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ চি)ক ভিত্তি হিচাপে লৈ অসমত বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ কৰাৰ দাবী তোলাৰ বিপৰীতে বাঁও শিবিৰে প্ৰথমৰেপৰা ১৯৭১ চনৰ ২৪ মাৰ্চক বিদেশী চিনাক্তকৰণৰ সময়সীমা কৰাৰ সপক্ষে যুক্তি দৰ্শাইছিল। ১৯৭১ চনত গঠন হোৱা বাংলাদেশে তাৰ পূৰ্বে অহা প্ৰব্ৰজনকাৰীসকলক ঘূৰাই লোৱাৰ কোনো সম্ভাৱনা নথকাৰ বাবেই বাঁও শিবিৰে ভিত্তি বৰ্ষ সম্পৰ্কত তেনে স্থিতি লৈছিল। কিন্তু, সেই স্থিতিত অটল হৈ থকাৰ বাবেই বাঁও শিবিৰৰ ব্যক্তিসকল জাতীয়তাবাদী গুণ্ডাৰ ব্যাপক আক্ৰমণৰ সন্মুখীন হৈছিল।

 

বিদেশী বিতাড়ন আন্দোলন চলি থকাৰ মাজতে ১৯৮৩ চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল। আন্দোলনত জড়িত জাতীয় সংগঠনসমূহে সেই নিৰ্বাচনৰ প্ৰবল বিৰোধিতা কৰাৰ পাছতো  নগণ্যসংখ্যক ভোটাৰৰদ্বাৰা নিৰ্বাচিত হোৱা বিধায়কসকলক লৈ হিতেশ্বৰ শইকীয়া (২৭ ফেব্ৰুৱাৰী, ১৯৮৩ - ২৩ ডিচেম্বৰ, ১৯৮৫)ই এক ৰক্তাক্ত পৰিৱেশৰ মাজত চৰকাৰ গঠন কৰে। শইকীয়াৰ শাসনৰ সময়ছোৱাতে বিদেশী বিতাড়ন আন্দোলন জোৰদাৰ হৈ পৰাত আৰু আন্দোলনটোৰ গইনা লৈ য’তে-ত’তে হিংসাত্মক কাৰ্য সংঘটিত হোৱাত শইকীয়াই আন্দোলনটো ব্যৰ্থ কৰিবলৈ দমননীতিৰ আশ্ৰয় লয়। বহু আন্দোলন কৰ্মী পুলিচ-মিলিটাৰীৰ নিৰ্যাতনৰ সন্মুখীন হয়। সন্দেহ নাই, আন্দোলনটোত পৰিলক্ষিত হোৱা ভালেমান আঁসোৱাহৰ বাবেই ৰাষ্ট্ৰযন্ত্ৰই দমন নীতি চলোৱাৰ সুবিধা গ্ৰহণ কৰিছিল। সি যি নহওক, শইকীয়াৰ শাসনৰ সময়ছোৱাতে ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনক ভিত্তিবৰ্ষ কৰি আন্দোলনকাৰীসকলৰ সৈতে আলোচনাত বহাৰ প্ৰস্তাৱ দিছিল। কিন্তু, আন্দোলনৰ নেতৃত্বই সেই প্ৰস্তাৱ গ্ৰহণ নকৰি সমগ্ৰ ভাৰতত প্ৰযোজ্য ১৯৫১ চনক ভিত্তিবৰ্ষ কৰাৰ দাবীত অটল হৈ থাকিল।

 

১৯৮৫ চনত ছয় বছৰ ধৰি চলা আন্দোলনটোৰ পৰিসমাপ্তি ঘটে। সেই বৰ্ষৰ ১৫ আগষ্টত আন্দোলনৰ নেতৃবৃন্দ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত স্বাক্ষৰিত অসম চুক্তি অনুসৰি অবৈধ বিদেশী নাগৰিক চিনাক্ত আৰু বহিষ্কাৰ কৰিবৰ বাবে ১৯৭১ চনৰ ২৪ মাৰ্চক সময়সীমা হিচাপে গ্ৰহণ কৰা হয়। কথা হ’ল, ইন্দিৰা গান্ধীয়ে ১৯৬৬ চনক ভিত্তি বৰ্ষ হিচাপে লৈ আলোচনা কৰিবলৈ বিচাৰোঁতে মান্তি নোহোৱা আন্দোলনকাৰীসকলে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে গ্ৰহণ কৰিলে কিয়? ইয়াৰ উত্তৰত আন্দোলনৰ নেতৃত্বই শেহতীয়াভাৱে তেওঁলোকৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে হেঁচা প্ৰয়োগ কৰা বুলি দায়সৰা মন্তব্য কৰিছে। বহুতেই ক’ব খোজে যে ইন্দিৰা গান্ধীয়ে আলোচনাৰ প্ৰস্তাৱ দিয়াৰ সময়ত আন্দোলনৰ নেতৃবৃন্দৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰাকৈ উপযুক্ত বয়স হোৱা নাছিল বাবেই তেওঁলোকে আন্দোলনটো দীঘলীয়া কৰিব বিচাৰিছিল। কিন্তু, লাহে লাহে আন্দোলনৰ তীব্ৰতা হ্ৰাস পোৱাত নেতৃবৃন্দই খৰখেদাকৈ আন্দোলনটো সামৰবিৰ বাবে ১৯৭১ চনক ভিত্তিবৰ্ষ হিচাপে লৈয়ে আলোচনাত বহে।

 

আন্দোলন সামৰিয়েই আন্দোলনকাৰীসকলে ‘সোণৰ অসম’ গঢ়াৰ প্ৰতিশ্ৰুতিৰে অসম গণ পৰিষদ নামৰ এক আঞ্চলিক দল গঠন কৰে। ১৯৮৫ চনৰ সাধাৰণ নিৰ্বাচনত অৱতীৰ্ণ হৈ প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত আঞ্চলিক দলৰ চৰকাৰ গঠিত হয়। এটা এটাকৈ দুটা কাৰ্যকালৰ বাবে (২৪ ডিচেম্বৰ, ১৯৮৫ - ২৭ নৱেম্বৰ, ১৯৯০ আৰু ১৫ মে’, ১৯৯৬ - ১৭ মে’, ২০০১) মুখ্যমন্ত্ৰী হোৱা সত্ত্বেও প্ৰফুল্ল কুমাৰ মহন্ত আৰু তেওঁৰ সতীৰ্থ ৰাজনীতিকসকলে বিদেশী নাগৰিকৰ সমস্যাটো সমাধানৰ ক্ষেত্ৰত একোৱেই কৰিব নোৱাৰিলে। বিদেশী বিতাড়নৰ ক্ষেত্ৰত প্ৰতিবন্ধকতা সৃষ্টি কৰা আই এম ডি টি আইনখন বাতিলৰ বাবে বা বাংলাদেশ-ভাৰত সীমান্তৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব নোৱাৰিলে। অসমক বিদেশীমুক্ত কৰাৰ মূল উদ্দেশ্যৰপৰা ফালৰি কাটি গৈ তেওঁলোকে ব্যক্তিগত সোণৰ সংসাৰ গঢ়াত এনেদৰে ব্যস্ত হৈ পৰিল যে খিলঞ্জীয়া লোকে তেওঁলোকক বাৰে বাৰে প্ৰত্যাখ্যান কৰিবলৈ বাধ্য হৈ পৰে।

 

সমগ্ৰ বিশ্ব কঁপোৱা বিদেশী বিতাড়ন আন্দোলনটো কাৰ্যতঃ বুমেৰাং হৈ পৰিল। আন্দোলনটো সঠিক বাটেৰে পৰিচালিত নোহোৱাৰ বাবেই আন্দোলনটোৰ ফলত অসম বহু বছৰ পিছুৱাই গ’ল বুলি চৰ্চা আৰম্ভ হ’ল। উল্লেখ্য যে আন্দোলনটোৰ নেতৃত্বৰ প্ৰতি আস্থা হেৰুৱাই পেলোৱাৰ বাবেই হওক বা কেন্দ্ৰৰ চৰম উপেক্ষাৰ বাবেই হওক একাংশ যুৱকে হাতত অস্ত্ৰ তুলি লৈছিল। তদুপৰি, আহোম ৰাজত্বৰ সময়ৰপৰাই আৰম্ভ হোৱা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াও স্থবিৰ হৈ পৰিল। বহু খিলঞ্জীয়া জনগোষ্ঠীয়ে অসমীয়া সংজ্ঞাৰপৰা ফালৰি কাটি গৈ নতুন আত্মপৰিচয়ৰ সন্ধানত জাগি উঠিল। বড়োসকলে পৃথক বড়োলেণ্ডৰ দাবীত জংগী আন্দোলন আৰম্ভ কৰাৰ সমান্তৰালভাৱে অন্যান্য জনগোষ্ঠীসমূহেও স্বায়ত্ত শাসনৰ দাবী তুলিবলৈ আৰম্ভ কৰিলে। ফলত  অসমৰ জনসাধাৰণক অগপই চৰম বিশ্বাসঘাতকতা কৰাৰ সুযোগ লৈ পুনৰ মুখ্যমন্ত্ৰীৰ অসনত বহা হিতেশ্বৰ শইকীয়া (৩০ জুন, ১৯৯১ - ২২ এপ্ৰিল, ১৯৯৬)ই দ্বিতীয়টো শাসনকালত আলফা সমস্যাৰ সমাধান, জনগোষ্ঠীয় আন্দোলন প্ৰশমিত কৰা আদিতে ব্যস্ত হৈ থাকিবলগা হ’ল। শইকীয়াই আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ ব্যৱস্থা কৰি এক সমাধানসূত্ৰ বিচৰাৰ পৰিৱৰ্তে আলফাৰ একাংশ সদস্যক বিভিন্ন টোপ দি আত্মসমৰ্পণ কৰোৱাৰ কৌশল ৰচনা কৰিলে। ফলত কেইবাবছৰ ধৰি অসমত এক ভ্ৰাতৃঘাতী সংঘাত অব্যাহত থাকিল।

 

শইকীয়াৰ শাসনকালত আই এম ডি টি আইন বাতিল কৰিবৰ বাবে আছুকে ধৰি বিভিন্ন জাতীয়তাবাদী সংগঠনে দাবী তুলিলেও কংগ্ৰেছ চৰকাৰে সেই দাবীৰ প্ৰতি গুৰুত্ব দিয়া নাছিল। আচলতে ‘আলি-কুলি’ৰ ৰাজনীতিত অভ্যস্ত কংগ্ৰেছ নেতৃবৃন্দই ভোটবেংক ৰক্ষাৰ স্বাৰ্থতে অবৈধ বিদেশী বিতাড়ন কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাছিল। বিদেশী অনুপ্ৰৱেশকাৰী সমস্যাটোৰ সমাধানৰ স্বাৰ্থতে অসমৰ জনাসাধাৰণে অগপ দলক পুনৰ শাসনৰ গাদীত বহুৱালেও প্ৰফুল্ল কুমাৰ মহন্তৰ দ্বিতীয়টো কাৰ্যকাল আছিল চৰম ব্যৰ্থতা আৰু অৰাজকতাৰে ভৰা। দুৰ্নীতি, ভ্ৰষ্টাচাৰ, গুপ্তহত্যা, সন্ত্ৰাসবাদ, সংস্থাপনহীনতা আদি বিভিন্ন সমস্যাই অসমৰ জনসাধাৰণক বাৰুকৈয়ে বিতুষ্ট কৰি তোলাত অগপ দলটো ক্ৰমশঃ জনবিচ্ছিন্ন হৈ পৰিল। অসমৰ জনসাধাৰণে পুনৰ কংগ্ৰেছ দলক আদৰি লোৱাত মুখ্যমন্ত্ৰীৰ আসনত বহিল তৰুণ গগৈ। বিৰোধী ৰাজনীতিৰ দুৰ্বলতাৰ সুযোগ লৈ এটা এটাকৈ তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহা তৰুণ গগৈ (১৭ মে’, ২০০১ - ২৪ মে’, ২০১৬)য়েও অবৈধ বিদেশী বিতাড়নৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ নকৰিলে। লক্ষণীয় যে অসম চুক্তিৰ পাছৰ পৰ্যায়ত চিনাক্তকৰণ হোৱা বিদেশী নাগৰিকসকলক বহিষ্কাৰ কৰা বা বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ কোনো ব্যৱস্থা কেন্দ্ৰীয় চৰকাৰে নকৰাটো ৰহস্যজনক। তেওঁলোকক বছৰ বছৰ ধৰি ডিটেনচন কেম্পত ৰাখি থোৱাটোও মানৱীয়তাৰ দিশৰপৰাও সমৰ্থনযোগ্য নহয়। অথচ, অসম চুক্তিৰ ৫ (৮) ধাৰাত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে বিদেশীসকলক বহিষ্কৰণৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তুলিব।

 

এনে এক পৰিস্থিতিত অবৈধ বিদেশী নাগৰিক সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক কাৰ্যকৰী ব্যৱস্থাৰ প্ৰয়োজনীয়তা অসমৰ দল-সংগঠনবোৰে অনুভৱ কৰিছিল। ১৯৭১ চনৰ ২৪ মাৰ্চৰ সময়সীমাৰ ভিত্তিত ১৯৫১ চনৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখনৰ  উন্নীতকৰণৰ বাবে দাবী উঠাত সকলোৱে সেই দাবীৰ প্ৰতি সমৰ্থন আগ বঢ়াইছিল। অসমৰ জনসাধাৰণে ভাবিছিল যে শুদ্ধ নাগৰিকপঞ্জীখনে বিদেশী প্ৰব্ৰজনৰ পথ ৰুদ্ধ কৰিব আৰু অবৈধ বিদেশী চিনাক্তকৰণতো সহায় কৰিব। কিন্তু, চলিত বছৰত প্ৰকাশ হোৱা এন আৰ চিখনত বহু আঁসোৱাহ ৰৈ যোৱাত এন আৰ চিখন অসমীয়া জাতিৰ ৰক্ষাকবচ বুলি অসমৰ জনসাধাৰণে ভাবিব পৰা হোৱা নাই এথোন। অভিযোগ উঠিছে যে এন আৰ চি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ মাজেৰে অনুপ্ৰবেশকাৰীৰ সমস্যা সমাধানৰ পথ মুকলি কৰাটো ইদানীন্তন বিজেপি চৰকাৰে মুঠেই বিচৰা নাই। ২০১৫ চনত এন আৰ চি তালিকা উন্নীতকৰণৰ কাম আৰম্ভ হোৱাৰ পাছতেই তেওঁলোকে লোকসভাত ২০১৬ চনত নাগৰিকত্ব সংশোধনী বিধেয়কখন  উত্থাপন কৰে।

 

এই লেখাৰ আৰম্ভণিতেই বিদেশী বিতাড়নৰ ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালৰ দুৰ্বল আৰু সুবিধাবাদী ভূমিকাৰ বিষয়ে কোৱা হৈছে। উল্লেখ্য যে শাসনৰ সময়ছোৱাতে বিজেপি চৰকাৰে ১৯৫৫ চনৰ ভাৰতীয় নাগৰিকত্ব বিধেয়কখনৰ সংশোধনী ঘটাই ধৰ্মৰ ভিত্তিত বহিঃৰাষ্ট্ৰৰপৰা হিন্দু, জৈন আদি ধৰ্মৰ নাগৰিক ভাৰতলৈ আনিবৰ বাবে অপচেষ্টা চলায়। বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ গৃহীত কৰিবলৈ বিচৰাৰ আঁৰত সংঘ পৰিবাৰৰ ভাৰতক হিন্দুৰাষ্ট্ৰলৈ পৰিণত কৰাৰ হিন্দুত্ববাদী ৰাজনীতিৰ দীৰ্ঘম্যাদী পৰিকল্পনাই লুকাই আছে। এই বিধেয়কখন কেনেবাকৈ গৃহীত হ’লে আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব অবৈধ অনুপ্ৰৱেশকাৰীয়ে ইমানদিনে জ্বলা-কলা খুৱাই অহা অসমৰ দৰে ক্ষুদ্ৰ ৰাজ্য এখনহে। ৰাজ্যখনৰ খিলঞ্জীয়া জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ হেৰুৱাই পেলাব, অসমীয়াভাষীৰ সংখ্যা আনুপাতিক হিচাপত হ্ৰাস হোৱাৰ লগে লগে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি সংকটাপন্ন হৈ পৰিব, কৰ্ম সংস্থাপনৰ সুবিধা সংকুচিত হ’ব ইত্যাদি।

 

কেন্দ্ৰত বিজেপি চৰকাৰে শাসনকাল সম্পূৰ্ণ কৰিবৰ হ’ল। কিন্তু, চৰকাৰখনে কোনো উল্লেখযোগ্য সফলতা লাভ নকৰাত আৰু  নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিবোৰ চৰম মিথ্যাচাৰলৈ পৰিণত হোৱাত বৰ্তমান বিজেপি দলে সাম্প্ৰদায়িক আৰু বিভাজনবাদী ৰাজনীতিৰেই আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লক্ষ্য স্থিৰ কৰিছে। এই লক্ষ্যৰেই বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬ প্ৰস্তুত কৰিছে। বিজেপিৰ কুটিল ৰাজনৈতিক অভিসন্ধি বুজিবলৈ হ’লে অসমৰ জনসাধাৰণ উগ্ৰজাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদৰ ঊৰ্ধ্বলৈ যাব পাৰিবই লাগিব। অসমবাসীয়ে উগ্ৰজাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাবাদক হাতিয়াৰ কৰি অসমীয়া জাতিক উদ্ধাৰ কৰাৰ কথা ভাবিলে লাভ বিজেপি দলৰহে  হ’ব, অসমীয়া জাতিৰ নহয়।

Share Button
Print Friendly, PDF & Email

No Comments : "অসমৰ  অনুপ্ৰৱেশৰ সমস্যা আৰু মুখ্যমন্ত্ৰীসকলৰ ভূমিকা-( টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *