অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (প্ৰথম সংখ্যা)

অসমৰ চৰাঞ্চলৰ পৰা লক্ষ্নৌলৈ: ‘কুড়াৱালা’সকলৰ কথাৰে (ডঃ ৰোলি মিশ্র, পাৰভিন চুলতানা)

“মন মিলে মনেৰ মানুষ মিলে না”– লক্ষ্ণৌৰ এটা বস্তিৰ ওচৰেৰে যাওঁতে হাৰমোনিয়ামত বজোৱা এই গীতটো আহি কাণত পৰিল। গীতটো ভাঁহি অহাৰ পিনে গৈ চাওঁ যে এজন বৃদ্ধ বাবা নীলা ৰঙৰ লুঙ্গী আৰু বগা গেঞ্জী এটা পিন্ধি সৰু দোকান এখনত বহি হাৰমোনিয়ামৰ তালে তালে সুৰ মিলাই চকু মুদি এই গীতটো গাই আছে। গীতটোৰ অর্থ হল পৃথিৱীত আমি বহুতকে লগ পাওঁ কিন্তু মনে বিচৰাজনক সাধাৰণতে নাপাওঁ। বৃদ্ধ বাবাৰ ওচৰে পাজৰে বস্তিৰে ল’ৰা ছোৱালীবোৰ ভিৰ কৰি আছিল। ওচৰতে আন কিছু মানুহে বুটলি অনা জাবৰ-জোথৰৰ পৰা প্লাষ্টিক পলিথিন, বটল বিধে-বিধে ভাগ কৰি আছিল। সোধাত গম পালোঁ যে এইসকল অসমৰ পৰা অহা আৰু প্রায় ২৫-৩০ বছৰৰ পৰা লক্ষ্ণৌত লোকৰ ঘৰৰ পৰা জাবৰ বুটলি আনি জীৱিকা নির্বাহ কৰিছে।

তেতিয়া মনলৈ আহিল যে আমাৰ ঘৰতো প্রত্যেক দিন ৰাতিপুৱা টিলিঙা বজাই এটি পৰিচিত মাতে ‘কুড়া’ বুলি চিঞৰি দিয়ে। প্রত্যেক দিন ইহঁতে ইহঁতৰ ঠেলা গাড়ী লৈ আহি ৰাস্তাত পৰি থকা জাবৰ আঁতৰ কৰে, ঘৰৰ সন্মুখখিনি ঝাড়ু দি পৰিস্কাৰ কৰে, নলা-নর্দমাবোৰৰ চাফা কৰে। পিছে আমি কেতিয়াবা ইহঁতক লক্ষ্য কৰোঁনে, ইহঁতৰ নাম জানিবলৈ চেষ্টা কৰোঁনে? আমি ভাবি চাওঁনে ইহঁতে কি পৰিস্থিতিত দিন কটায়? পিঠি পোৰা ৰ’দেই হওক বা ধাৰাসাৰ বৰষুণে হওক বা প্রচণ্ড শীতেই হওক, ইহঁতে নিজৰ কাম বাদ নিদিয়ে। পিছে আমাৰ কাৰণে ইহঁত কেৱল জাবৰ বোটলা মানুহ আৰু বংগীয়মূলৰ মুছলমান হোৱাৰ বাবে বহুতৰে বাবে ইহঁত বাংলাদেশৰ পৰা অহা অবৈধ প্রব্রজনকাৰী। পিছে ইহঁতৰ বস্তিলৈ গৈহে এওঁলোকৰ অৱস্থাৰ উমান পালোঁ। জানিব পাৰিলোঁ এওঁলোকৰ আচল কাহিনী। অসমৰ বৰপেটা, গোৱালপাৰা, ধুবুৰী আদি জিলাৰ নৈ-পৰীয়া তথা চৰাঞ্চলৰ পৰা পেটৰ ভাত মুঠিৰ বাবে তেওঁলোকে আজি লক্ষ্ণৌত এক সন্মানহীন কামত নিয়োগ হৈ আছে।

এওঁলোক নিজে আবর্জনাময় জীৱন অতিবাহিত কৰি আমাৰ ঘৰৰ জাবৰ-জোথৰবোৰ পৰিষ্কাৰ কৰে। এনে দুৰ্গন্ধময় পৰিৱেশত ইহঁত জীৱন-যাপন কৰিব লগা হয় য’ত অলপ সময় থিয় হৈ থকা আমাৰ বাবে অসহনীয়। এই কুড়াৱালাসকলে কৰা কামটোত মহিলা আৰু সৰু ল’ৰা ছোৱালীবোৰে এটা ডাঙৰ ভূমিকা পালন কৰে। লক্ষ্ণৌত ইহঁতৰ সংখ্যা প্রায় ৬০,০০০। ইহঁতে অনানুষ্ঠানিক ভাৱে জাবৰ কঢ়িওৱা আৰু চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ এটা ৰীতি তৈয়াৰ কৰি পেলাইছে। ইহঁতৰ কাম ভাৰতৰ অর্থনীতিৰ অনানুষ্ঠানিক ক্ষেত্রৰ এটা গুৰুত্ত্বপূর্ণ অংগ।

এতিয়া এটা প্রশ্ন উত্থাপিত হয় যে ইহঁতক শ্রমিকৰ শ্রেণীত সামৰি লোৱা হয়নে? চৰকাৰে ইহঁতৰ বাবে এনে কোনো নীতি নিৰ্মাণ কৰিছেনে যাৰ জৰিয়তে ইহঁতক দৰিদ্রতা আৰু দুর্ভিক্ষৰ পৰা ৰক্ষা কৰা যাব? আপুনি এই আবর্জনা কঢ়িওৱা মানুহবোৰ বসবাস কৰা যিকোনো এটা বস্তিত পদার্পন কৰিলে গম পাব যে সা-সুবিধাৰ নামত ইয়াত একোৱেই নাই। এটা সুস্থ জীৱন-যাপন কৰিবলৈ মানুহৰ যি মৌলিক সুবিধাবোৰৰ দৰকাৰ– যেনে পৰিষ্কাৰ খোৱা পানী, থকাৰ বাবে এটা ঘৰ, পৰিষ্কাৰ তথা অনাময় শৌচালয় আৰু চিকিৎসাৰ সা-সুবিধাবোৰৰ যথেষ্ট অভাৱ। যি প্লাষ্টিক-পলিথিন বেচি ইহঁতে জীৱন-যাপন কৰে, সেই পলিথিনৰ টুকুৰাৰে সজা ঘৰত ইহঁত নিজৰ দিন অতিবাহিত কৰিব লগা হয়।

প্লাষ্টিক আৰু পলিথিন, যিবোৰক বহু ক্ষেত্রত বিষাক্ত বুলি জ্ঞান কৰা হয়, সেইবোৰ ইহঁতৰ জীৱনৰ অবিচ্ছেদ্য অংগ। ল’ৰা ছোৱালীৰ খেলাৰ সামগ্রী, প্লাষ্টিকৰ খালী বটল, ঔষধৰ বটল, আগতে ব্যৱহাৰ কৰা বেজী ইত্যাদি- এই বস্তুবোৰ ইহঁতৰ স্বাস্থ্যৰ বাবে অতিকৈ হানিকাৰক। যেতিয়া গোটেই দেশৰ শ্রমিকসকলে মে’ দিৱসত নিজৰ অধিকাৰৰ স্বৰ বলিষ্ঠ কৰি তোলে, সভা আৰু আলোচনাচক্রৰ আয়োজন কৰে, তেতিয়াও এই কুড়াৱালাসকলে আবর্জনাৰ মাজত নিজৰ জীৱিকা বিচাৰি ফুৰে। সদায় ৰাতিপুৱা ৫ বজাৰ পৰা দুপৰীয়া ২ বজালৈ কাম কৰাৰ পিছতো ইহঁতে নাজানে যে ইহঁত শ্রমিক নে মজদুৰ নে অনানুষ্ঠানিকভাৱে জাবৰ পেলোৱা মানুহ নে পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ দ্বায়িত্বত থকা অদৃশ্য পৰিৱেশকর্মী। অথবা ইহঁত কেৱল দৰিদ্র। ইহঁতে এনেকুৱা দৰিদ্র যে নিজৰ দৰিদ্রতাৰ প্রমাণ দিবলৈও ইহঁত চৰকাৰৰ পৰিসংখ্যাৰ ওপৰত নির্ভৰশীল।

যদিহে সেই ব্যক্তিজন চৰকাৰে দিয়া পৰিমাপৰ মাজত অন্তর্ভূক্ত তেতিয়াহে তেওঁ দুখীয়া। পিছে তেওঁৰ সমস্যা এইখিনিতে সমাপ্ত নহয়। তেওঁক আকৌ প্রমাণ কৰিব লাগিব যে তেওঁ দৰিদ্র ৰেখাৰ তলত হয় নে নহয়। এই সকলোখিনি লাগতিয়াল নির্ণায়কবোৰ পৰিপূর্ণ কৰাৰ পিছতহে তেওঁ চৰকাৰৰ নীতিৰ দ্বাৰা লাভান্বিত হ’ব নে নাই, সেই কথা আহিব। বিশ্বায়নৰ এই যুগত আবৰ্জনা পৰিষ্কাৰ কৰাৰ ক্ষেত্রত পাব্লিক-প্রাইভেট-পার্টনাৰশ্বিপৰ (PPP) আর্হিত জে এন এন ইউ আৰ এমে (JNNURM) কিছুমান নীতি নির্ধাৰণ কৰিছে। এতিয়া এনে অৱস্থাত এই কর্মীসকলৰ কি হ’ব, যিসকলে কোনো সংস্থাৰ লগত জড়িত হৈ এই কাম কৰা নাই আৰু স্বতন্ত্রভাৱে নিজৰ সেৱা আগবঢ়াই গৈছে? কেইবাখনো মহানগৰত কিছুমান সংগঠন যেনে মুম্বাইৰ স্ত্রী মুক্তি সংগঠন, আহমেদাবাদৰ সেৱা (SEWA), নতুন দিল্লীৰ চিন্তন, বেংগালুৰুৰ মহানগৰ পালিকা আদিয়ে এই কুড়াৱালাসকলক বা আবর্জনা কঢ়িওৱাসকলৰ কর্মক এটা অনুষ্ঠানিক স্বীকৃতি দি ইহঁতৰ সহায় কৰাৰ চেষ্টা কৰিছে। পিছে লক্ষ্ণৌৰ দৰে ডাঙৰ চহৰতো এতিয়াও এনে একো পদক্ষেপ লোৱা হোৱা নাই। এনে অৱস্থাত বিকাশৰ নামত ইহঁতক নিজৰ জীৱিকাৰ পৰা বঞ্চিত কৰা কিমান সঠিক? জনসংখ্যা বৃদ্ধিৰ লগতে ৰোজগাৰৰ উপায়সমূহ কমি আহিছে। আৰু অনানুষ্ঠানিক ক্ষেত্রত কাম কৰা মানুহৰ সংখ্যা বাঢ়ি চলিছে। চহৰবোৰত প্রায় ৭০% মানুহ এই ক্ষেত্রত কর্মৰত হৈ আছে।

দ্রুতগতিত হোৱা নগৰীকৰণৰ ফলত নগৰবোৰ বিস্তাৰিত হৈছে। ইয়াৰ ফলস্বৰূপে নগৰবোৰৰ মাজে-মাজে শ্রমিকসকল বাস কৰা বস্তিৰ উদ্ভৱ হৈছে। নগৰবোৰৰ বিকাশৰ কাৰণে চৰকাৰ সদায় তৎপৰ। মানুহৰ জীৱনৰ মানদণ্ডৰ স্তৰৰ কথা চৰকাৰী নীতিসমূহত বৰ ধুনীয়াকৈ উল্লেখ আছে। কিন্তু যেতিয়া এই নীতিবোৰক বাস্তৱত ৰূপান্তৰিত কৰাৰ প্রশ্ন আহে, তেতিয়া সকলোবোৰ প্রয়াস যেন নিৰর্থক হৈ যায়। এই কথাটো কেৱল কুড়াৱালাসকলৰ ক্ষেত্রতে নহয়, সকলো উপেক্ষিত শ্রেণীৰ ক্ষেত্রতে প্ৰযোজ্য‌।

একাদশ পঞ্চবার্ষিকী পৰিকল্পনা নীতিয়ে যি অন্তর্নিবেশৰ কথা আৰম্ভ কৰিছিল, দ্বাদশ বিত্তীয় নীতিতো ইয়াৰ ওপৰত জোৰ দিয়া হৈছিল। বহুতো বৈঠক, আলোচনাচক্র অনুষ্ঠিত কৰা হৈছিল এইটো বুজাৰ বাবে যে কিদৰে আমি অর্থনৈতিক নীতিবোৰক অন্তর্নিবেশিক কৰি তুলিব পাৰোঁ। দুঃখৰ বিষয় এয়ে যে ১৯৭১ চনৰ পৰা আমি “গৰীবী হটাও” শ্লোগান দি এতিয়ালৈকে দৰিদ্রতা আঁতৰ কৰাৰ চেষ্টা কৰিয়ে আছোঁ। বৰ্তমান সময়ত দৰিদ্র কোন সেইটোয়ে এটা ডাঙৰ আলোচনাৰ বিষয়।

বিশিষ্ট অর্থনীতিবিদ ৰগ্নৰ নর্ক্ছে ১৯৫০ চনত অবিকাশিত দেশবোৰৰ সন্দর্ভত কৈছিল যে ‘কিছু দেশ দৰিদ্র কাৰণ সেই দেশবোৰ দৰিদ্র’। ইয়াৰ অর্থ আৰু তাৎপর্য্য এয়াই যে দেশত ব্যাক্তিৰ আয়, সঞ্চয় আদি কম হোৱাৰ কাৰণে এই দেশবোৰ দৰিদ্রতাৰ এনে এটা চক্রত সোমাই পৰে য’ৰ পৰা ওলাই অহা অতিকৈ টান। পিছে আজিৰ সময়ত ভাৰতক অনুন্নত দেশৰ শাৰীত ৰখা নহয়। ভাৰত এখন উর্দ্ধগামী বিকাশশীল দেশ। ইয়াত বসবাস কৰা দৰিদ্রসকল পৰিসংখ্যাত হ্রাস পালেও, ইহঁতৰ বাস্তৱ চিত্ৰ আজিও দুখলগা।

দৰিদ্রতা এটি গুৰুতৰ সামাজিক সমস্যা। পিছে আমাৰ লক্ষ্য দৰিদ্রতা দূৰীকৰণলৈকে সীমিত নাথাকি, এই লোকসকলৰ জীৱনৰ স্তৰটো ওপৰলৈ নিয়াৰ চেষ্টা কৰা উচিত। সমগ্র গ্রামীণ বিকাশ কাৰ্যাৱলী, সমাবেশী বিকাশ আৰু এম জি এনৰেগাৰ দৰে চৰকাৰী নীতিয়ে কিছু পৰিৱর্তন আনিলেও, এই সমস্যাক একেবাৰে নির্মূল কৰিব পৰা নাই। দৰকাৰ আছে এটা মানৱীয় দৃষ্টিভংগীৰ যিয়ে এজন দুখীয়াক মানুহ হিচাপে প্রথমে চাব। তেতিয়া চৰকাৰে এনে যোজনা আৰু নীতি নির্ধাৰিত কৰিব পাৰিব যাৰ দ্বাৰা এই নিষ্পেষিত সকল সচাঁকৈয়া লাভান্বিত হ’ব।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *