অসমত হিন্দুত্বৰ প্রবেশ আৰু বিকাশৰ ধাৰা - (মূল: মালিনী ভট্টাচার্য, সংক্ষিপ্ত ভাবানুবাদ: কনচেং)

বিগত বছৰৰ আগষ্ট মাহত দিল্লী বিশ্ববিদ্যালয়ৰ চৌহদত ৰাষ্ট্রীয় স্বয়ংসেৱক সমিতি – চমুকৈ আৰ এছ এছে বেছ ধুমধামেৰে শংকৰদেৱ সম্পর্কে এটি অনুষ্ঠান আয়োজন কৰিছিল। অনুষ্ঠানটিত কোনো এজন আৰ এছ এছ কর্মীয়ে লিখা “মহাকবি শংকৰদেৱ : বিচাৰক এবং সমাজ সুধাৰক” শীর্ষক এখন হিন্দী গ্রন্থও উন্মোচন কৰা হৈছিল। কিছুসংখ্যক বিশ্লেষকে এই কার্যক নির্বাচনী উদ্দেশ্যৰে শংকৰদেৱৰ অপপ্রয়োগ কৰা বুলিও অভিযোগ তুলিছিল (Raman and Sharma Sebastian 2015)। পিছে মন কৰা ভাল যে নির্বাচনী উদ্দেশ্যৰ পৰিসৰৰ বাহিৰতো বিগত ৬০ বছৰ ধৰি হিন্দুত্ববাদী সংগঠনসমূহে অসমৰ সাংস্কৃতিক তথা সামাজিক জগতখনত খোপনি পুতিবলৈ চেষ্টা কৰি আহিছে। অসম বিষয়ক বিজেপিৰ ৰাজনৈতিক পৰীক্ষণ সম্পর্কে বহুতেই লিখা-মেলা কৰিছে (Prabhakara 1996; Goswami 2001; Goswami and Tripathi 2015); পিছে ৰাজ্যখনত হিন্দুত্বৰ সাংস্কৃতিক তথা সামাজিক শাখা সংগঠনসমূহৰ কার্যকলাপ সম্পর্কে এতিয়াও বিশেষ আলোচনা দেখিবলৈ পোৱা নাযায়। এই লেখনিটোত হিন্দুত্ববাদী সংগঠনসমূহৰ এনে সাংস্কৃতিক তথা সামাজিক কার্যকলাপ সম্পর্কেই কিছু কথা আলোচনা কৰা হ’ব।

এনে আলোচনা প্রয়োজনীয় কিয়নো উত্তৰ ভাৰতৰ বিপৰীতে অসম তথা উত্তৰ-পূর্বাঞ্চলৰ সামাজিক জগতখন হিন্দুত্বৰ বাবে উর্বৰ ভূমি বুলি সতকাই ক’ব নোৱাৰি। ৰাম মন্দিৰ, গো-ৰক্ষা, হিন্দী তথা সংস্কৃত ভাষাৰ পোষকতা আদি কার্যকলাপ উত্তৰ ভাৰতৰ ক্ষেত্রতহে বেছিকৈ কার্যকৰ। সিবিলাকৰ বিপৰীতে অসমৰ বৈচিত্র্যময় সংস্কৃতি তথা নৃগোষ্ঠীয় বিবিধতাই একৰূপী ধর্মীয় জাতীয়তাবাদৰ বিকাশৰ ক্ষেত্রত ভালেমান সমস্যা সৃষ্টি কৰে। কেনেদৰে হিন্দুত্ববাদীসকলে এই বাধাসমূহৰ মোকাবিলা কৰি আহিছে, সেয়া জনাটো আজি অত্যন্ত দৰকাৰী হৈ পৰিছে।

বৈচিত্র্য তথা পৰিচয়ৰ প্রশ্ন:

হিন্দুৰ সংজ্ঞা স্থান-কাল অনুসৰি ভিন ভিন হয়। কেনেদৰে বিভিন্ন স্থানীয় ইতিহাস, উপাখ্যান তথা ৰূপক ব্যৱহাৰ কৰি হিন্দুত্বই নিজৰ প্রকল্পটিক বিকশিত কৰে, সেয়া মন কৰিবলগীয়া। অতীজৰেপৰা বিভিন্ন ধৰণৰ নৃগোষ্ঠীয়, সাংস্কৃতিক তথা ৰাজনৈতিক পৰম্পৰাই অসমৰ ৰাইজৰ আত্মপৰিচিতি তথা “স্ব” বিষয়ক ধাৰণাসমূহ প্রভাৱিত কৰি আহিছে। ঔপনিবেশিক বর্গীকৰণ তথা বাৰম্বাৰ ৰাজ্যখনৰ ৰাজনৈতিক মানচিত্রৰ পুনর্গঠনেও বিভিন্ন ধৰণৰ পৰিচিতিভিত্তিক প্রকল্পৰ জন্ম দি আহিছে। পাচাওৰ মতে, ভৌগোলিক তথা নৃগোষ্ঠীয়ভাৱে অসমখনক ‘ইণ্ডিক এছিয়া’ আৰু ‘মঙ্গোলীয় এছিয়া’ৰ সীমাত অৱস্থিত বুলি ক’ব পাৰি। তেওঁৰ মতে অঞ্চলটোৰ বিভিন্ন পৰিচিতিভিত্তিক আন্দোলনৰ পটভূমি এই উপাদানটোৰ প্রতি লক্ষ্য কৰি বুজিব পাৰি। হিন্দুত্ববাদীসকলে এই ক্ষেত্রত যথেষ্ট সাৱধানতাৰে অসমৰ মংগোলীয় উপাদানসমূহৰ বিপৰীতে ইণ্ডিক উপাদানবোৰক অধিক গুৰুত্ব দিবলৈ চেষ্টা কৰি আহিছে। বিভিন্ন বৈদিক, পৌৰাণিক তথা মহাকাব্যিক গ্রন্থত অসমৰ উল্লেখ থকা বুলি দাবী কৰি তেওঁলোকে ভাৰতৰ সৈতে অসমৰ অবিচ্ছিন্ন সম্পর্কটোৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰি আহিছে।

অসমত হিন্দু ধর্ম:

কোৱা হয় যে খ্রীষ্টপূর্ব দ্বিতীয় শতিকাতে অসমত হিন্দু বা আর্য ধর্মৰ আগমন ঘটিছিল (Mosahary 1989: 165)। পুৰাতাত্ত্বিক উৎসসমূহে খ্রীষ্টীয় প্রথম শতিকাকেইটাত শিৱ উপাসনা আৰম্ভ হৈছিল বুলি কয় (Choudhury 1999: 125)। কোৱা হয় যে ভাস্কৰ বর্মনৰ সময়ত উত্তৰ ভাৰতৰপৰা প্রব্রজিত হৈ অহা ব্রাহ্মণসকলে অসমত হিন্দু ধর্ম তথা সংস্কৃতি প্রসাৰ কৰাত বিশেষ ভূমিকা লৈছিল (Singh 1987: 259–60)। তেওঁলোকৰ প্রভাৱতেই ৰামায়ণ-মহাভাৰতৰ পৰম্পৰাবোৰে অসমত প্রসাৰ লাভ কৰিলে। চতুর্থ খ্রীষ্টাব্দৰ আশে-পাশে ৰাজ্যখনত বৈষ্ণৱ পৰম্পৰাৰো আগমন ঘটে। মধ্যযুগত বিকশিত হোৱা আন এটি পৰম্পৰা আছিল শাক্ত পৰম্পৰা। কামাখ্যা পীঠৰ জৰিয়তে এই পৰম্পৰাৰ জনপ্রিয়তা দেখিবলৈ পোৱা যায়।

১৬ শতিকাৰ আশে-পাশে আহোম ৰজাসকলৰ অধীনত হিন্দুকৰণৰ প্রক্রিয়াটোৱে অধিক বিকাশ লাভ কৰে। ১৭ শতিকাত ৰুদ্রসিংহ তথা শিৱসিংহৰ আমোলত বিভিন্ন জনজাতিৰ হিন্দুকৰণৰ প্রক্রিয়াটো আগ বাঢ়ি যায়। শেহপর্যন্ত বিভিন্ন জনজাতি তথা ভৈয়ামৰ বর্ণহিন্দু মিলি এক বৈচিত্র্যময় অসমীয়া পৰিচয় বিকশিত হয়। আহোম ৰজাসকলে বিভিন্ন বৈদিক আচাৰ-অনুষ্ঠান আত্মসাৎ কৰি লয়। তেওঁলোকে নিজস্ব টাই ভাষা এৰি অসমীয়া ভাষা গ্রহণ কৰে।

আৰ এছ এছে এই উপাদানসমূহক “কেনেদৰে অতীজৰেপৰা অসমত হিন্দুধর্মই স্থান পাই আহিছে” – এই কথাটো প্রমাণিত কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁলোকে ক’বলৈ চেষ্টা কৰে যে অসম মূলতঃ এখন হিন্দুপ্রদেশ আছিল আৰু ভাৰতৰ সৈতে তাৰ বেছ শক্তিশালী সম্পর্ক আছিল। ভাঠেলি উৎসৱত কেনেদৰে ইন্দ্রক পূজা কৰা হয় – এই কথাটোৰ প্রতিও হিন্দুত্ববাদীসকলে বিশেষ দৃষ্টি আকর্ষণ কৰে। কোৱা হয় যে শিৱ চতুর্থীৰ দিনা পালন কৰা পশুবলিৰ পৰম্পৰা হেনো বৈদিক কালৰেপৰা অসমত চলি আহিছে। তেওঁলোকে এইবুলিও কয় – অঞ্চলটোত সংস্কৃতৰ আগমনে হেনো বিভিন্ন জাতি-নৃগোষ্ঠীক একত্রিত কৰাত সহায় কৰিলে। কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা বার্ষিক অম্বুবাচী মেলাখন হিন্দুত্ববাদীসকলে ভালকৈয়ে ব্যৱহাৰ কৰে। বিশ্ব হিন্দু পৰিষদৰ অধীনত হেজাৰ হেজাৰ সাধু-সন্ন্যাসীয়ে ৰাজ্যখনলৈ ঢাপলি মেলে। সেৱা ভাৰতীয়ে মেলাত বিনামূলীয়া চিকিৎসা শিবিৰৰো আয়োজন কৰে।

মন কৰিবলগীয়া যে হিন্দুত্ববাদীসকলে অসমত আর্যসকলৰ প্রভাৱক অঞ্চলটোলৈ সভ্যতা বোৱাই অনাৰ মাধ্যম আছিল বুলি যুক্তি প্রদর্শন কৰে। অৱশ্যে আন কেতবোৰ ধাৰাই এনে তত্ত্বক নাকচ কৰে আৰু কয় যে অসমত হিন্দুকৰণৰ প্রক্রিয়াটোক এক প্রকাৰৰ “আগ্রাসন” বুলিহে কোৱাটো উচিত হ’ব। ইয়াত কোনো সংস্কাৰমূলক বা সভ্যতা বোৱাই অনাৰ উপাদান নাছিল। বৰং এই প্রক্রিয়াটোৰ ফলত টাইধর্মীয় পৰম্পৰা তথা উপাসনাৰ ব্যৱস্থাসমূহ নিশ্চিহ্ন হৈ পৰিছিল। গিৰিন ফুকন (1994: 173–77)ৰ মতে আহোমসকলে সময়ৰ লগে লগে উপলব্ধি কৰিছিল যে তেওঁলোকৰ পতনৰ মূল কাৰণ আছিল তেওঁলোকৰদ্বাৰা হিন্দুধর্মৰ গ্রহণ। ফুকনে লিখিছে যে আহোম লোকসকলক জাত-পাতৰ পদানুক্রমটোত আটাইতকৈ নিম্নস্তৰত স্থান দিয়া হৈছিল। তেওঁলোকক আনকি ‘অস্পৃশ্য’ অর্থাৎ শূদ্রসকলকৈও নিম্নতৰ বুলিও কোৱা হৈছিল। তদুপৰি সাম্প্রতিক সময়ৰ বহুবোৰ নৃগোষ্ঠীয় আন্দোলন – যেনে আহোম, কোঁচ ৰাজবংশী, বড়ো আদিসকলৰ আন্দোলনেও প্রমাণিত কৰে ইণ্ডিক মূলৰ সংস্কৃতিক বহুতো সম্প্রদায়েই এক জবৰদস্তি ৰোপণ কৰা সংস্কৃতি বুলি অনুভৱ কৰে।

শংকৰদেৱৰ আত্মসাৎকৰণ:

আজি দীর্ঘদিন ধৰি সংঘ পৰিয়ালে শংকৰদেৱক আত্মসাৎ কৰিবলৈ চেষ্টা কৰি আহিছে। শংকৰদেৱৰ নব-বৈষ্ণৱ আন্দোলন ব্রাহ্মণ্যবাদৰ বিৰুদ্ধে হিন্দুধর্মক সাধাৰণজনৰ বাবে সৰল কৰি তুলিবলৈকে বিকশিত হৈছিল (Deka 2006: 194)। সময়ৰ লগে লগে গঢ়ি উঠিছিল নামঘৰ তথা বিভিন্ন সত্রবোৰ – সিবিলাকে অসমৰ বিভিন্ন স্থানত নৱ-বৈষ্ণৱবাদক জনপ্রিয় কৰি তুলিছিল।

আজিৰ দিনত হিন্দুত্ববাদীসকলে শংকৰদেৱক এক “ব্রাণ্ড” হিচাপে ব্যৱহাৰ কৰে। ১৯৭৯ চনত আৰ এছ এছৰদ্বাৰা অসমত “শিশু শিক্ষা সমিতি” স্থাপন কৰা হৈছিল। গুৱাহাটীৰ অম্বিকাগিৰি নগৰত শংকৰদেৱৰ জন্মদিনটোতে প্রথমখন শংকৰদেৱ শিশু কুঞ্জ – অর্থাৎ বিদ্যালয় স্থাপন কৰা হৈছিল। এই বিদ্যালয়সমূহত ব্যৱহাৰ কৰা অসমীয়া মাধ্যমটোৱেও সাধাৰণ জনগণৰ মাজত স্কুলসমূহক জনপ্রিয় কৰি তুলিছিল। পিছে মন কৰিবলগীয়া যে বঙালী লোকৰ সংখ্যাধিক্য থকা অঞ্চলসমূহ – যেনে বৰাক ভেলি আদিত এই স্কুলসমূহৰ মাধ্যম হৈছে বঙালী। ঠিক তেনেদৰেই বড়ো অধ্যুষিত অঞ্চলসমূহতো বড়ো মাধ্যমেই ব্যৱহাৰ কৰা হয়। এই বিদ্যালয়সমূহত অধ্যাপনা কৰা বহুতো “আচার্য” হৈছে মহাৰাষ্ট্রৰপৰা অহা আৰ এছ এছৰ কর্মকর্তা – স্বয়ংসেৱক। অৱশ্যে দীর্ঘদিন ধৰি অসমত থকাৰ পাছত তেওঁলোকে স্থানীয় ভাষাটো সলসলীয়াকৈ ক’ব পাৰে। দেশৰ অন্যান্য অঞ্চলত থকা বিদ্যা ভাৰতীৰ স্কুলসমূহৰ দৰেই অসমৰ শংকৰদেৱ শিশু নিকেতনসমূহতো সংস্কৃত সাহিত্য, বিজ্ঞান, ভূগোল, বৈদিক অংকশাস্ত্র তথা ইতিহাস শিকোৱাত বিশেষ গুৰুত্ব প্রদান কৰা হয়। এই স্কুলবোৰত সৰস্বতী বন্দনা, শান্তি পাঠ, গায়ত্ৰী মন্ত্র পাঠ ইত্যাদিবোৰ হৈছে বাধ্যতামূলক। শংকৰদেৱৰো কিছুসংখ্যক কৃতি – যেনে বৰগীত আদি ছাত্র-ছাত্রীসকলক পৰিবেশন কৰিবলৈ দিয়া হয়। আমোদজনকভাৱে, শংকৰদেৱৰ তিৰোভাৱ তথা জন্মতিথি পালন কৰোঁতে এই বিদ্যালয়সমূহত শংকৰদেৱৰ লগতে অন্যান্য হিন্দুত্ববাদী নেতা যেনে গোলৱলকাৰ, হেডগেৱাৰ তথা ভাৰত মাতাৰ চিত্রও আঁৰি দিয়া হয়। আজিৰ দিনত অসমত শিশু শিক্ষা সমিতিৰ অধীনত এনে ৪৯০খন বিদ্যালয় আছে।

বিভিন্ন বৈষ্ণৱ সংগঠনতো হিন্দুত্ববাদীসকলৰ বর্ধিত প্রভাৱৰ উমান দেখিবলৈ পোৱা যায়। শংকৰদেৱ সংঘৰ অধিবেশনবোৰত হিন্দুত্ববাদী দল-সংগঠনৰ নেতৃবর্গক প্রায়েই অংশগ্রহণ কৰিবলৈ আমন্ত্রণ জনোৱা হয়। সত্রবোৰৰ মাজতো প্রভাৱ বিস্তাৰ কৰিবলৈ হিন্দুত্ববাদীসকলে দীর্ঘদিন ধৰি কাম-কাজ চলাই আহিছে। বিশ্ব হিন্দু পৰিষদে আয়োজন কৰা বিভিন্ন হিন্দু সম্মিলনসমূহত সত্রাধিকাৰসকলক নিয়মীয়াকৈ আমন্ত্রণ জনোৱা হয়। এই সম্মিলনবোৰত প্রায়েই মুছলমান বাংলাদেশীৰ অনুপ্রবেশ তথা খ্রীষ্টান চার্চৰ ধর্মান্তৰকৰণ সম্পর্কে আলোচনা কৰা হয়। আজিৰ দিনত কেইবাখনো সত্রৰ সত্রাধিকাৰ হৈছে বিশ্ব হিন্দু পৰিষদৰ প্রত্যক্ষ সদস্য। হিন্দুত্বৰ মূল্যবোধৰ প্রচাৰ তেওঁলোকৰদ্বাৰা কৰোৱা হয়।

আৰ এছ এছৰ মুখপত্র ‘অর্গেনাইজাৰ’ত (2006a) প্রকাশিত এটি প্রবন্ধত লিখা হৈছে কেনেদৰে “শংকৰী বৈষ্ণৱবাদৰ পীঠস্থানস্বৰূপ বৰদোৱা আজি বাংলাদেশীৰ সুপৰিকল্পিত আগ্রাসনৰ বলি হৈছে” আৰু কেনেদৰে তাক উদ্ধাৰ কৰা যায়। শংকৰদেৱে কেনেদৰে বিভিন্ন অনার্য জাতিসমূহক হিন্দুধর্মৰ অধীনলৈ আনিছিল, এই বিষয়েও বর্ণনা কৰা হৈছে :
“বহুতো অনার্যই নিজেই বৈষ্ণৱী পৰিসৰটোত প্রবেশ কৰিছিল। খ্রীষ্টান মিছনেৰিহঁতৰ আগ্রাসনৰ বলি পাহাৰীয়া জনজাতিসকলৰ মাজলৈ শংকৰদেৱৰ বাণী বিয়পি পৰিছিল। ইয়েই নগা নৰোত্তম আতা, গাৰো গোবিন্দ আতা, মিকিৰ বলাই আতা আদি বিভিন্নজনক মিছনেৰিহঁতৰ ধর্মান্তৰণৰ বিৰুদ্ধে নিজৰ ধর্ম আৰু সংস্কৃতি ৰক্ষা কৰিবলৈ, পদক্ষেপ ল’বলৈ উদগনি দিছিল।”
এনেদৰেই হিন্দুত্ববাদীসকলে মিছনেৰি ধর্মান্তৰণৰ বিৰূদ্ধে শংকৰদেৱক হিন্দুধর্মৰ ৰক্ষক হিচাপে প্রমাণিত কৰিবলৈ চেষ্টা কৰি আহিছে। পিছে কেনেদৰে একশৰণীয়া নামধর্মই বিভিন্ন পৰম্পৰা – আনকি ইছলামী পৰম্পৰাৰো অংশবিশেষ নিজৰ ভিতৰত অন্তর্ভুক্ত কৰি এক বৈচিত্র্যময় পৰম্পৰাৰ জন্ম দিছিল – এই কথাটো হিন্দুত্ববাদীসকলে আওকাণ কৰে।

সাংগঠনিক আৰম্ভণি:

অসমত আৰ এছ এছৰ প্রথমটো শাখা খোলা হৈছিল ১৯৪৬ চনত, গুৱাহাটীৰ শুক্রেশ্বৰ মন্দিৰৰ প্রাংগণত। স্বয়ং আৰ এছ এছৰ মতে, কেশৱদেব বৰী নামৰ এজন মাৰোৱাৰী ব্যৱসায়ী তথা ফেঞ্চি বজাৰস্থিত ‘মহাবীৰ ব্যায়াম সংঘ’ৰ মালিকৰ যত্নত পোন প্রথমবাৰৰ বাবে অসমত সংঘৰ কার্যকলাপ আৰম্ভ হয়। এইক্ষেত্রত বৰীৰ সহযোগী আছিল শংকৰলাল শর্মা নামৰ আন এজন ব্যক্তি। শর্মাৰ সহায়ত বৰীয়ে দিল্লীস্থিত আৰ এছ এছৰ নেতৃত্বলৈ এখন চিঠি লিখিছিল – যাতে তেওঁলোকে অসমতো সংঘৰ কাম-কাজ আৰম্ভ কৰে। সংঘৰ নেতৃত্বয়ো ইতিবাচক সঁহাৰি দিলে আৰু ২৭ অক্টোবৰ ১৯৪৬ তাৰিখে সংঘৰ তিনিজন অভিজ্ঞ প্রচাৰক – মহাৰাষ্ট্রৰ দাদাৰাও পৰমার্থ, বসন্তৰাও অক আৰু শ্রীকৃষ্ণ পাৰাঞ্জে গুৱাহাটীত আহি উপস্থিত হয়। পৰমার্থই নিজে প্রান্তপ্রচাৰক (আঞ্চলিক প্রচাৰক)ৰ দায়িত্ব লয় আৰু তেওঁৰ তিনিওজন সহযোগীক ডিব্রুগড়, শ্বিলং তথা শিলচৰত নিয়োগ কৰে। কিছুদিন পাছতে আন কেইজনমান প্রচাৰকো আহিল : ভাও মুল্কাৰ, দত্ত বন্দীশ, কুলকার্ণি, সহস্রভোগী আৰু মনোহৰ গুৰজৰ। গুৰজৰক চিলেটৰ প্রচাৰকৰ কাম দিয়া হয়।

গান্ধীৰ হত্যাৰ পাছত অৱশ্যে আৰ এছ এছৰ কাম কিছুদিনলৈ স্তব্ধ হৈ পৰে। সংগঠনটো নিষিদ্ধ ঘোষণা কৰা হয় আৰু তাৰ আক্রমণাত্মক, মুছলমান-বিৰোধী তথা গান্ধী হত্যাকাৰী ইমেজৰ বাবে ই ভালেখিনি জনপ্রিয়তা হেৰুৱায়। ডিচেম্বৰ ১৯৪৮ত দেশৰ বিভিন্ন অঞ্চলৰ স্বয়ংসেৱকসকলে নিষিদ্ধকৰণৰ বিৰোধিতা কৰি এলানি সত্যাগ্রহ পালন কৰে। অসমৰপৰাও ৫২জন প্রচাৰকে এই সত্যাগ্রহত অংশগ্রহণ কৰে। তেওঁলোকৰ ভিতৰত উল্লেখযোগ্য কেইজনমান আছিল ক্রমে কেশৱদেৱ বৰী, গিৰিশ কলিতা, শংকৰলাল তিৱাৰী, প্রফুল্ল কুমাৰ বৰা। দাদাৰাও পৰমার্থক এৰেষ্ট কৰি কিছুদিন শ্বিলং জে’লতো ৰখা হয়। ১৯৪৯ৰ জুলাইত চৰকাৰে নিষিদ্ধকৰণ উঠাই লোৱাৰ পাছত দাদাৰাও পৰমার্থ অসুস্থ হৈ পৰে আৰু তেওঁৰ ঠাই দত্তপন্ত ঠেংৰিয়ে গ্রহণ কৰে। এইখিনি সময়ত অসম, বংগ আৰু ওড়িশাৰ শাখাসমূহ প্রান্ত প্রচাৰক একনাথ ৰানাডেৰ অধীনত আছিল।

স্থানীয় গণ্যমান্য ব্যক্তিৰ জৰিয়তে নেটৱর্ক নির্মাণ

কোনো নতুন অঞ্চলত কাম কৰাৰ আগেয়ে আৰ এছ এছে সাধাৰণতে স্থানীয় প্রভাৱশালী লোকসকলৰ স’তে সম্পর্ক স্থাপন কৰে আৰু তেওঁলোকৰ সহায় লয় (Jaffrelot 1996; Kanungo 2003)। অসমতো আৰ এছ এছে বহুকেইজন স্থানীয় বুদ্ধিজীৱী তথা নেতৃস্থানীয় লোকক বিশ্বাসত লৈয়েই কাম আৰম্ভ কৰিছিল। এনে এজন ব্যক্তি আছিল কামাখ্যাৰাম বৰুৱা; তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। আন এজন আছিল নগাঁৱৰ ৰাধিকামোহন গোস্বামী; তেওঁ স্বয়ংসেৱকসকলে চলোৱা “আলোক” নামৰ কাকত এখনৰ সম্পাদক আছিল। গিৰিধৰ শর্মা আর্য কলেজৰ প্রফেছৰ তথা প্রিঞ্চিপাল আছিল আৰু অসমীয়া এলিটসকলৰ সৈতে আৰ এছ এছৰ গুৰুত্বপূর্ণ নেতাসকলক তেওঁ চিনাকি কৰাই দিছিল। ১৯৭৪ চনত শর্মা প্রান্তসংঘচালক পদত অধিষ্ঠিত হৈছিল। অসমীয়া নেতৃস্থানীয় লোক, মাৰোৱাৰী ব্যৱসায়ী আদিৰ লগত সংযোগ স্থাপন কৰি আৰ এছ এছে ইটোৰ পাছত সিটোকৈ শাখা খুলি গৈছিল। সংঘৰ অসম শাখাই নিয়মীয়াকৈ গোলৱলকাৰ তথা অন্যান্য আৰ এছ এছ নেতৃবৃন্দক বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বাবে নিমন্ত্রণ কৰিছিল।

১৯৫০ৰ বৰ-ভূঁইকপ আৰু বানপানী

১৯৪৯ চনত সংঘৰ ওপৰত লগোৱা প্রতিবন্ধকতা আঁতৰাই দিয়াৰ পাছত গোলৱলকাৰে সংগঠনটোক এক নতুন ইমেজ দিবলৈ চেষ্টা কৰিছিল। সংঘৰ বর্ণহিন্দু, সাম্প্রদায়িক ইমেজ আঁতৰ কৰি জনগণক সেৱা প্রদান কৰা এক সংগঠন হিচাপে তেওঁ আৰ এছ এছক গঢ় দিব খুজিছিল। এইখিনি সময়ৰেপৰা প্রাকৃতিক দুর্যোগ তথা অন্যান্য বিপদত পৰা হিন্দু মানুহ – বিশেষকৈ বিভিন্ন প্রান্তীয় গোষ্ঠী – যেনে মহিলা, ট্রাইবেল, নিম্ন জাতিৰ লোক আদিক সাহায্য প্রদান কৰা আৰম্ভ হৈছিল। সংঘই শিক্ষাৰ এক সমান্তৰাল ব্যৱস্থাও গঢ়ি তুলিছিল আৰু সেৱাৰ লগতে “জাতীয় চৰিত্র নির্মাণ কৰা”, “মিছনেৰিহঁতৰ আগ্রাসন ৰোধ কৰা” ইত্যাদি কামো কৰি গৈছিল।

১৯৫০ৰ ভূমিকম্প আৰু তাৰ পাছতে অহা বানপানীৰ সময়ত আৰ এছ এছে সাহায্য প্রদান কৰা কাম যথেষ্টখিনি কৰিছিল। ১৯৬০ৰ দশক পর্যন্ত সাহায্যৰ কাম যথেষ্ট বাঢ়ি গৈছিল। ১৯৫০ৰ ভূমিকম্পৰ সময়ত কলিকতাস্থিত হিন্দুত্ববাদী সংগঠন “মাৰোৱাৰী ৰিলিফ ছ’চাইটি অব ইণ্ডিয়া”ই সাহায্যৰ বাবে কিছুসংখ্যক কর্মী প্রেৰণ কৰিছিল আৰু আৰ এছ এছৰ অসম শাখায়ো “ভূকম্প পীড়িত সহায়তা সমিতি” নির্মাণ কৰি পীড়িতসকলক খাদ্য, বস্ত্র তথা বাসস্থান প্রদান কৰিছিল (Organiser 1950a)। অসমৰ জনতাৰ মাজত আৰ এছ এছ সম্পর্কে সদ্ভাৱ জগাই তোলাৰ ক্ষেত্রত এনে সেৱাই বিশেষ ভূমিকা পালন কৰিলে।

১৯৪৯ আৰু ১৯৫০ৰ সময়ত পূব পাকিস্তানত কেইবালানিও সাম্প্রদায়িক সংঘর্ষৰ সৃষ্টি হয়। গোলৱলকাৰে পূব পাকিস্তানৰপৰা অহা হিন্দু শৰণার্থীসকলৰ বাবে সাহায্যৰ ব্যৱস্থা কৰিবলৈ একনাথ ৰাণাদেক নির্দেশ দিয়ে। এখন “বাস্তুহাৰা সহায়তা সমিতি” নির্মাণ কৰা হয় আৰু অসম আৰু বংগলৈ অহা হিন্দু শৰণার্থীসকলক সাহায্য প্রদান কৰা হয়। খাদ্য, বস্ত্র, বাসস্থান আদিৰ বাহিৰেও সমিতিয়ে শৰণার্থীসকলক সংস্থাপন লাভৰ ক্ষেত্রতো সহায় কৰিলে (Organiser 1950c)। পাছলৈ এই বঙালী হিন্দুসকল সংঘৰ এক গুৰুত্বপূর্ণ আধাৰলৈ পৰিণত হ’ল। ১৯৫৭ চনত অসমত আৰ এছ এছৰ প্রথমটো আঞ্চলিক শিবিৰ আয়োজন কৰা হ’ল যত ৩০৮জন স্বয়ংসেৱকে অংশগ্রহণ কৰিলে।

১৯৬৮ চনত কৰিমগঞ্জত সংঘটিত হোৱা সাম্প্রদায়িক সংঘর্ষৰ সময়তো হিন্দুত্ববাদী শক্তিসমূহে শ্রীবৃদ্ধি কৰিবলৈ সুযোগ পালে। জৰুৰীকালীন অৱস্থাৰ সময়ত আৰ এছ এছৰ কর্মীসকলে দেশজুৰি এক সত্যাগ্রহ কার্যসূচী আয়োজন কৰিলে য’ত বহুতো অসমীয়া তথা মণিপুৰৰ মেইটি স্বয়ংসেৱকেও অংশগ্রহণ কৰিলে। এই কার্যসূচীয়ে সংঘৰ ইমেজ সলনি কৰাৰ ক্ষেত্রত সহায় কৰিলে আৰু পোন প্রথমবাৰৰ বাবে বঙালী তথা মাৰোৱাৰীসকলৰ মাজতে সীমাবদ্ধ নাথাকি অসমীয়া আৰু মণিপুৰীসকলৰ মাজলৈকো বিকশিত হোৱাৰ সুযোগ পালে।

“মুছলমানৰ আগ্রাসন আৰু খ্রীষ্টীয় ধর্মান্তৰণ”

“খ্রীষ্টধর্মৰ প্রচাৰ তথা ধর্মান্তৰকৰণ ৰোধ কৰা আৰু মুছলমান বাংলাদেশী অনুপ্রবেশ বন্ধ কৰা” – অসমত সংঘ পৰিয়ালে মূলতঃ এই দুটা বিষয়ৰ ওপৰত ভিত্তি কৰিয়েই বেছিভাগ কাম-কাজ কৰে। মুছলমান আৰু খ্রীষ্টানসকল সংঘ পৰিয়ালৰ মতে হৈছে “অন্য” অর্থাৎ যি মূলতঃ “স্ব” বা “আমাৰ” নহয়; যি বাহিৰৰপৰা আহিছে। হিন্দুত্বৰ দার্শনিক সাৱৰকাৰৰ মতে এইখন দেশৰ প্রকৃত নাগৰিক সেইসকলেই – যাৰ পিতৃভূমি তথা পুণ্যভূমি এইখন দেশতে অৱস্থিত। যিহেতু মুছলমানৰ পুণ্যভূমি হৈছে মক্কা আৰু খ্রীষ্টানৰ হৈছে ৰোম, সেয়েহে তেওঁলোকক মূলসুঁতিৰ ভাৰতীয় বুলি ক’ব নোৱাৰি।

ক) খ্রীষ্টীয় ধর্মান্তৰণ
স্বাধীনতাৰ পাছতেই আদিবাসী অঞ্চলসমূহত খ্রীষ্টধর্মৰ প্রচাৰৰ কথাটোক গোলৱলকাৰে এক গোলকীয় চক্রান্ত বুলি অভিহিত কৰিছিল; তেওঁৰ মতে ইয়াৰ জৰিয়তে সমগ্র ভাৰতখনতেই খ্রীষ্টধর্মীয় কৰি পেলাবলৈ বিচৰা হৈছে।

সংঘ পৰিয়ালৰ কাকত-আলোচনীবোৰে দাবী কৰে যে পূর্বৰ সময়ত অসমৰ সকলো জনজাতিয়েই হিন্দু আছিল, যদিও তেওঁলোকৰ ধর্মীয় বিশ্বাসসমূহৰ চৰিত্র আছিল “আদিম”। কথাষাৰ প্রমাণিত কৰিবলৈ তেওঁলোকে কার্বিসকলে ৰাম নাম লোৱা, তুলসী পূজা কৰা তথা গো-হত্যা নকৰা আদি তথ্যলৈ আঙুলিয়াব বিচাৰে। আনহাতে আকৌ মিচিমি, ডফলা আদি জনগোষ্ঠীয়ে গো-ভক্ষণ কৰে যদিও তেওঁলোকে অগ্নি উপাসনা কৰা তথ্যটো দেখুৱাই আৰ এছ এছে তেওঁলোকো মূলতঃ হিন্দু আছিল বুলি কয়।

আৰ এছ এছৰ মতে এই “নিৰীহ পাহাৰীয়া জাতিবোৰক” দীর্ঘদিন ধৰি হিন্দুসকলৰ বিৰুদ্ধে উচটাবলৈ মিছনেৰিসকলে চেষ্টা কৰি আহিছে। জনজাতীয় অঞ্চলত চিকিৎসালয়, বিদ্যালয় আদি স্থাপন কৰি তেওঁলোকে জনজাতিসকলৰ মন জয় কৰিছে। সিবিলাকৰ মোকাবিলা কৰিবলৈ আৰ এছ এছে ১৯৫০ চনত “পাহাৰী সেৱা সংঘ” বোলা এটা নতুন সংগঠন স্থাপন কৰিলে যি জনজাতিসকলৰ “আর্থিক, নৈতিক আৰু সামাজিক উৎকর্ষৰ বাবে কাম কৰিব”। জনজাতি অধ্যুষিত অঞ্চলত বহুতো স্বয়ংসেৱকক মোতায়েন কৰা হ’ল; তেওঁলোকৰ স’তে সামাজিক সম্পর্ক গঢ়ি তোলাৰ প্রতি বিশেষ গুৰুত্ব আৰোপ কৰা হ’ল। জনজাতি অঞ্চলত সৰুসুৰা মন্দিৰ নির্মাণ কৰা, ৰাস্তা মেৰামতি কৰা, কীর্তন আয়োজন কৰা আদি কামত স্বয়ংসেৱকসকল যুক্ত হৈ পৰিল। পাছলৈ পাহাৰী সেৱা সংঘ “বনবাসী কল্যাণ আশ্রম”ৰ অধীন হৈ পৰিল আৰু সিবিলাকৰ কাম-কাজ আৰু তীব্র গতিৰে বৃদ্ধি হ’ব ধৰিলে। ১৯৭৭ চনত বনবাসী কল্যাণ আশ্রম স্থাপন কৰা হ’ল; অসমত তাৰ শাখা স্থাপন কৰা হ’ল ১৯৭৮ চনত। ওদালগুৰি, মায়াবাগ, উত্তৰ লক্ষীমপুৰ, ধেমাজি আদি অঞ্চলত আশ্রমে জনজাতিসকলৰ বাবে হোষ্টেল, ঔষধ আদি যোগান ধৰি তেওঁলোকৰ মাজত প্রবেশ কৰিবলৈ ধৰিলে। কিছু সময়ৰ পাছত এই অঞ্চলসমূহত স্কুল, প্রাকস্কুল, সংস্কাৰ কেন্দ্র আদিও স্থাপন কৰা হ’ল।

খ্রীষ্টীয় ধর্মান্তৰণ ৰোধ কৰিবলৈ আৰ এছ এছে নির্মাণ কৰা আন এটা সংগঠন হৈছে বিশ্ব হিন্দু পৰিষদ বা চমুকৈ ভি এইচ পি। ১৯৬৪ চনত গোলৱলকাৰে স্থাপন কৰা এই সংগঠনটোৰ অসম শাখা দাদাচাহেব আপ্টেকাৰৰ অধীনত ১৯৬৬ চনত স্থাপন কৰা হয়। হাফলঙত সংগঠনটোৰ মূল ঘাটি স্থাপন কৰা হয়, য’ত ৬০জন জনজাতি ছাত্রৰ বাবে হোষ্টেলসম্বলিত এখন বিদ্যালয়ো আৰম্ভ কৰা হয়। ১৯৬৯ চনপর্যন্ত ভি এইচ পিয়ে অসমৰ প্রায় ৪৫খন গাঁৱত কাম-কাজ বিস্তাৰ কৰে। জনজাতি ছাত্রৰ বাবে স্কুল, হোষ্টেল, হোমিওপেথিক ক্লিনিক তথা ডাক্টৰৰ ব্যৱস্থা কৰা হয়। তেওঁলোকে এলানি একল বিদ্যালয়ো আৰম্ভ কৰে য’ত এজন শিক্ষকেই সমস্ত স্কুলখন চলায় আৰু তেওঁ ছাত্রসকলক “হিন্দু সংস্কাৰ”ৰ শিক্ষা দিয়ে। শিলচৰ, হাফলং, নগাঁও আদি অঞ্চলত সদ্যহতে প্রায় ৯টামান ভি এইচ পি চালিত জনজাতি ছাত্র হোষ্টেল আছে।

১৯৬৭ চনত ভি এইচ পিয়ে গুৱাহাটীত এখন সম্মিলন আয়োজন কৰিলে য’ত অৰুণাচল প্রদেশ, মেঘালয় তথা নাগালেণ্ডৰপৰাও যথেষ্টখিনি অংশগ্রহণকাৰী আহিল। সম্মিলনত এটা আমোদজনক প্রশ্ন উত্থাপন হ’ল : “জনজাতিসকল হিন্দু হয়নে নহয়? গো-মাংস ভক্ষণ কৰা জনজাতিসকলক হিন্দু বুলি ক’ব পাৰি জানো?”

এইখিনিতে গোলৱলকাৰে হস্তক্ষেপ কৰিলে আৰু দ্বাৰকানাথ পীঠৰ শংকৰাচার্য তথা অসমৰ সত্রাধিকাৰসকলক তেওঁ যুক্তি দিলে যে আচলতে জনজাতিসকলো মূলতঃ হিন্দু, কিন্তু মূলসুঁতিৰ সমাজখনৰ সৈতে সংযোগ নথকা বাবে তেওঁলোকে যথোচিত হিন্দুধর্মীয় শিক্ষা লাভ কৰিবলৈ ব্যর্থ হৈছে। সেয়েহে তেওঁলোকে যদি এতিয়া আমাৰ ধর্মীয় মূল্যবোধসমূহ – যেনে গো-ৰক্ষা আদিক সন্মান নকৰে, তেনেহ’লে দোষ আমাৰহে, তেওঁলোকৰ নহয়। নিঃসন্দেহেই জনজাতিসকলো হৈছে হিন্দু।

ইয়াৰ পাছতেই দ্বাৰকাপীঠাধীশে ঘোষণা কৰিলে যে জনজাতিসকলো হৈছে হিন্দু আৰু পাহাৰীয়া অঞ্চলত খাদ্যৰ অভাৱত আর্থিক প্রয়োজনতহে তেওঁলোকে গো-মাংস খাবলৈ আৰম্ভ কৰিছিল!

এইখনি সন্মিলনতেই গোলৱলকাৰে তেওঁ কোৱা কথাখিনি যেন প্রমাণিত কৰিবলৈ জনজাতি নেতাসকলৰ লগত মিলি একেলগে আহাৰ গ্রহণ কৰিলে। তেওঁ সত্রাধিকাৰসকলক ইজনে সিজনৰ সৈতে তথা অন্যান্য হিন্দু নেতাৰ সৈতে সম্পর্ক ৰক্ষা কৰি চলিবলৈ পৰামর্শ দিলে আৰু সকলো হিন্দুৰ একতাৰ ওপৰত বিশেষ গুৰুত্ব প্রদান কৰিলে। ১৯৮২ চনত পুনৰ এখন “পূর্বাঞ্চল হিন্দু সন্মিলন” আয়োজন কৰা হ’ল। বিভিন্ন জনগোষ্ঠীৰ প্রায় ৮০০০জন ব্যক্তিয়ে সন্মিলনত অংশগ্রহণ কৰিলে। ৰাম জনমভূমি আন্দোলনৰ সময়ত ভি এইচ পিৰ অসম শাখাই প্রায় ২০ হাজাৰখন গাঁৱত শিলাপূজন আয়োজন কৰিলে।

উত্তৰ-পূর্বাঞ্চলত প্রথম সময়ছোৱাত ভি এইচ পিয়ে স্থানীয় ট্রাইবেল নেতৃত্বৰ স’তে মিলি খ্রীষ্টিয়ান মিছনেৰিসকলৰ বিৰূদ্ধে অভিযান আৰম্ভ কৰিছিল। নগাসকলৰ ক্ষেত্রত ৰাণী গাইডিলুক তেওঁলোকে বিশেষভাৱে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিছিল। মিছনেৰিসকলৰ হাতত স্থানীয় জেলিআংগ্রং নগা সংস্কৃতিৰ অৱক্ষয় দেখি গাইডিলুও কিছু খর্গহস্ত হৈ আছিল আৰু হিন্দুত্ববাদীসকলে তেওঁৰ সন্মান আৰু ইমেজ নিজৰ উদ্দেশ্য পূৰণৰ বাবে ভালকৈয়ে ব্যৱহাৰ কৰিছিল।

আৰ এছ এছৰ ছাত্র সংগঠন অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ কেইজনমান সদস্য ১৯৬৫ চনত উত্তৰ-পূর্বাঞ্চললৈ “ট্রাইবেল জীৱনশৈলী অধ্যয়ন” কৰিবলৈ আহিছিল (SEIL pamphlet 2007)। তেওঁলোকে মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্রদেশৰ বহুতো যুৱক-যুৱতীৰ স’তে দুমাহমান কথা পাতিলে। এই জনজাতীয় যুৱক-যুৱতীসকলক “ভাৰতীয় সংস্কৃতিৰ মূলসুঁতি”ৰ স’তে চিনাকি কৰি দিবলৈ অৱশেষত ১৯৬৬ চনত এক “ভাৰত দর্শন” কার্যসূচী তেওঁলোকে হাতত ল’লে। ইয়াৰ অধীনত প্রতি বছৰে কিছুসংখ্যক জনজাতি ছাত্র-ছাত্রীক ভাৰতৰ বিভিন্ন অঞ্চললৈ ফুৰাবলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হ’ল। ইয়াৰ নাম দিয়া হ’ল “Students Experience in Interstate Living (SEIL)”। কোৱা হ’ল যে ইয়াৰ জৰিয়তে জনজাতি ছাত্র-ছাত্রীসকলে মূলসুঁতিৰ হিন্দু সংস্কৃতি আৰু সংস্কাৰৰ সৈতে পৰিচয় পাব আৰু ইয়েই তেওঁলোকক হিন্দুত্বৰ কাষলৈ লৈ যাবলৈ সহায় কৰিব। SEIL আজি এক অত্যন্ত সফল কার্যসূচী বুলি জনাজাত আৰু ই এক সংগঠনৰ ৰূপ ধাৰণ কৰিছে। অৱশ্যে SEILঅৰ খৰচ-পাতি বিদ্যার্থী পৰিষদেই বহন কৰে। ২০০৪ চনত উত্তৰ-পূর্বাঞ্চলত বিদ্যার্থী পৰিষদে আন এটা সংগঠন স্থাপন কৰে : “যুৱ বিকাশ কেন্দ্র”।

খ) “বাংলাদেশী আগ্রাসন”

পিছে হিন্দুত্ববাদীসকলৰ বাবে অসমত আটাইতকৈ গুৰুত্বপূর্ণ বিষয়টো হৈছে বাংলাদেশৰপৰা মুছলমানৰ প্রব্রজন। ১৯৫১ চনতে গোলৱলকাৰে অসমলৈ প্রথমবাৰ অহাৰ পাছত এই বিষয়ে নেহৰুলৈ এখন চিঠি লিখিছিল। ১৯৬৪-৬৫ সময়ছোৱাত ভাৰতীয় জনসংঘই এখন “অনুপ্রবেশ-বিৰোধী কমিটি”ও গঠন কৰিছিল। ৬০ৰ দশকৰপৰাই আৰ এছ এছৰ অসমীয়া আলোচনী ‘আলোক’ত প্রব্রজন সম্পর্কে নিয়মীয়ালৈ লেখনি প্রকাশ হ’বলৈ ধৰে। পৰিস্থিতি অধিক উত্তেজনাপূর্ণ কৰি তোলাত ‘আলোক’ৰ লেখনিবোৰেও যথেষ্ট ভূমিকা পালন কৰিছিল।

১৯৭৯ৰপৰা অসমত বিদেশী বিতাড়ন আন্দোলন আৰম্ভ হয়। আৰ এছ এছেও আন্দোলনলৈ পূর্ণ সমর্থন ঘোষণা কৰিলে। আৰ এছ এছ, বিদ্যার্থী পৰিষদ আদিয়ে ভাৰতৰ বিভিন্ন ঠাইত “আছু আন্দোলনৰ প্রকৃত চৰিত্র” সম্পর্কে সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন কার্যসূচীৰো আয়োজন কৰিলে। (Organiser 2006b)। আন্দোলনটোক সাম্প্রদায়িক পথেৰে টানি নিয়াৰ ক্ষেত্রত তথা নেলীত ৩০০০জনকৈ মুছলমান ব্যক্তিক হত্যা কৰাৰ ক্ষেত্রত আৰ এছ এছৰ ভূমিকা সম্পর্কে আজিও বহুতেই সন্দেহ কৰে। ৰাষ্ট্রীয় সাংবাদিক শেখৰ গুপ্তাই এনেদৰে লিখিছে :
“আছু নেতৃত্বৰ ৰাজনৈতিক অপৰিপক্বতাৰ ফলত আৰ এছ এছৰ উপাদানবোৰে বিভিন্ন স্তৰত প্রবেশ কৰিবলৈ সক্ষম হৈছে আৰু বহুতো সৰু-সুৰা চহৰৰ স্থানীয় আছু নেতাৰ ওপৰতো প্রভাৱ পেলাইছে। আৰ এছ এছৰ ভৱিষ্যত পৰিকল্পনাত এই উপাদানবোৰক কামত লগোৱা হ’ব। আছুৰ নিজৰ ভিতৰতে [খিলঞ্জীয়া] মুছলমান একাংশ নেতাই বিদ্রোহ কৰি সংগঠনটো জোকাৰি গৈছে আৰু আন্দোলনৰ গতি তেওঁলোকে নিয়ন্ত্রণ কৰিবলৈ বিফল হৈছে। পৰিস্থিতি যদি এনেকৈয়ে বিকশিত হৈ থাকিবলৈ হয়, ১৯৮৩ৰ ফেব্রুৱাৰিত হোৱাৰ দৰেই অনাগত পাঁচ বছৰত পুনৰ একেধৰণৰে কূটাঘাতমূলক কার্য আৰ এছ এছে যে কৰিবলৈ সক্ষমতা লাভ কৰিব – এই বিষয়ে কোনো সন্দেহ নাই।”

অসম আন্দোলনৰ পাছত দেশৰ সংসদে আই এম ডি টি আইনখন গৃহীত কৰিলে আৰু পুনৰ এক নতুন বিতর্ক আৰম্ভ হ’ল। অসমৰ প্রায় সকলো সংগঠনেই আইনখন পক্ষপাতদুষ্ট তথা সেইখন কেৱল অসমতহে কিয় প্রযোজ্য – এই সম্পর্কে প্রশ্ন উত্থাপন কৰিবলৈ ধৰিলে। যি কি নহওক, ২০০৫ চনত উচ্চতম ন্যায়ালয়ে আইনখন প্রত্যাহাৰ কৰে আৰু ই ৰাজ্যখনৰ হিন্দু-মুছলমানৰ মাজত এক মেৰুকৰণো সৃষ্টি কৰে। আইনখনৰ সমর্থন কৰাসকলৰ ভিতৰত অন্যতম আছিল এ আই ইউ ডি এফ দল – যিটো ২০০৫ চনতে গঠন কৰা হৈছিল। আইনখনৰ প্রত্যাহাৰে হিন্দু-মুছলমানৰ মেৰুকৰণ ৰুদ্ধ কৰিবলৈ সক্ষম নহ’ল। শেহত গৈ হিন্দুত্ববাদীসকলেই ইয়াৰপৰা লাভৱান্বিত হোৱা দেখা গ’ল।
পিছে আছু বা অগপৰ বিপৰীতে, সংঘ পৰিয়ালে সদায়েই হিন্দু বাংলাদেশীসকলক অনুপ্রবেশকাৰী বুলি ক’বলৈ অস্বীকাৰ কৰি আহিছে। ১৯৫০ চনতে আৰ এছ এছৰ নেতা একনাথ ৰানাডেই এটা ইণ্টাৰভিউত এনেদৰে কৈছে :
“অসমত সমস্যাটো হৈছে আঞ্চলিক সংকীর্ণতা। বঙালী হিন্দু শৰণার্থীসকলক এই আঞ্চলিক সংকীর্ণতাৰ বাবে অসমত আদৰি লোৱা নহয়...মানুহে তেওঁলোকক বহিৰাগত বুলিহে গণ্য কৰে আৰু বিশ্বাস কৰে যে তেওঁলোকক খেদি দিয়া উচিত।” (Organiser 1950b).
আৰ এছ এছৰ তৃতীয়জন সংঘচালক বালাচাহেব দেউৰাৰ মতে হিন্দু বাংলাদেশীসকলক “আগ্রাসনকাৰী” বুলি কোনোপধ্যেই ক’ব নোৱাৰি – তেওঁলোকক “শৰণার্থী” বুলিহে কোৱা উচিত – যাক বাংলাদেশৰ ইছলামিক শাসনতন্ত্রটোৱে অত্যাচাৰ কৰি পলাবলৈ বাধ্য কৰিছে। ভাৰতত তেওঁলোকক আশ্রয় দিয়াটো দেশৰ নৈতিক তথা মানৱীয় দায়িত্ব (Organiser 1980)। আনহাতে, বাংলাদেশী মুছলমানসকলে কিন্তু অসমখনক ইছলামিক ৰাষ্ট্রলৈ পৰিণত কৰাৰ ষড়যন্ত্রৰ অংশবিশেষভাৱেহে অসমলৈ আহিছে! দীর্ঘদিন ধৰি বাংলাদেশে আঁচনিবদ্ধভাৱেই এই কাম কৰি আহিছে। দেউৰাই অসমখনৰ হিন্দু সংখ্যাগৰিষ্ঠতা সংকটত পৰিছে তথা এই সংখ্যাগৰিষ্ঠতা যিকোনো উপায়েৰে ৰক্ষা কৰিব লাগে বুলি মন্তব্য কৰে। অর্থাৎ আৰ এছ এছৰ মতে বাংলাদেশী মুছলমানসকলহে আগ্রাসনকাৰী, হিন্দুসকল নহয়। সংঘৰ এই পজিচনৰ বাবেই বৰাক ভেলিকে আদি কৰি বঙালী হিন্দুবহুল অঞ্চলসমূহত সংগঠনটো সোনকালেই শক্তিশালী হৈ পৰিল।

আজি বহু বছৰ ধৰি সংঘৰ এই পজিচনৰ কোনো পৰিবর্তন ঘটা নাই। নৰেন্দ্র মোদীয়ে ২০১৪ৰ লোকসভা নির্বাচনৰ সময়ত শিলচৰৰ এখন সভাত ঘোষণা কৰিলে যে বাংলাদেশৰপৰা অহা সকলো হিন্দুকে ভাৰতত আশ্রয় দিয়া হ’ব (Mahaprashasta and Dutta 2014)। ২০১২ চনৰ বড়ো-মুছলমান সংঘাতেও সংঘৰ বাংলাদেশী মুছলমানবিৰোধী মতাদর্শ জনপ্রিয় কৰি তোলাত বিশেষভাৱে সহায় কৰিলে। সেৱা ভাৰতীৰ অসম শাখাই সংঘাতৰ বলি হোৱা বড়ো লোকসকলৰ বাবে ৰিলিফৰ ব্যৱস্থা কৰিলে। উগ্র হিন্দুত্ববাদী নেতা প্রবীণ টোগাড়িয়া ২০১৪ৰ আগষ্ট মাহত কোকৰাঝাৰত উপস্থিত হ’লগৈ। তেওঁ মুকলিকৈ ঘোষণা কৰিলে – “অসমীয়া, বঙালী হিন্দু, সকলো জনজাতি...বাংলাদেশীৰ আগ্রাসনৰ বিৰূদ্ধে মাৰ বান্ধি থিয় হ’ব লাগে” (Ramasesha 2012)। সংঘৰ কাকত-পত্র তথা ৱেবছাইটবোৰেও গোধৰা ২০০২ তথা অসম ২০১২ৰ তুলনা কৰি পৰিবেশ উষ্ণ কৰি তুলিলে (Kumar 2012)।

মন কৰিবলগীয়া যে কিছু দশক আগলৈকে বঙালী মুছলমানৰ বিপৰীতে বঙালী হিন্দুৰ স’তেহে অসমীয়াৰ সংঘাত আছিল। মুছলমানসকলে অসমীয়া ভাষা-সংস্কৃতি আপোন কৰি লৈছিল – যিটো কৰিবলৈ বঙালী হিন্দুসকল প্রস্তুত হোৱা নাছিল। ১৯৭১ৰ পাছতহে ধর্মীয় দৃষ্টিৰে প্রব্রজনৰ প্রশ্নটো চোৱা কার্য আৰম্ভ হয় (Dutta 2013: 89)। বিজেপি-আৰ এছ এছ তথা এ আই ইউ ডি এফৰ উদয়ে অসমীয়া-বঙালী সংঘাতখন ক্রমান্বয়ে হিন্দু-মুছলমানৰ সংঘাতলৈ পর্যবসিত কৰিলে। ২০০৫ চনৰ নৱেম্বত ভি এইচ পিয়ে অসমত “হিন্দু সেনা” নামৰ এটা সংগঠন স্থাপনৰ ঘোষণা কৰিলে। ভি এইচ পি নেতাসকলৰ মতে যিহেতু বাংলাদেশী তথা পাকিস্তানী ষড়যন্ত্রৰপৰা অসমৰ থলুৱা ৰাইজক চৰকাৰে সুৰক্ষা দিয়াত ব্যর্থ হৈছে, সেয়েহে এতিয়া স্থানীয় হিন্দু ৰাইজে নিজেই নিজৰ সুৰক্ষাৰ ব্যৱস্থা কৰিব (Hindustan Times 2005)।

আজি দীর্ঘদিন ধৰি বিদ্যার্থী পৰিষদে বাংলাদেশী প্রশ্নটোক এটা মূল বিষয় হিচাপে গ্রহণ কৰি আহিছে। অসম আন্দোলনৰ সময়ত তেওঁলোকে আছুক সমর্থন কৰিছিল। ১৯৮১ চনত বিদ্যার্থী পৰিষদে বাংলাদেশী অনুপ্রবেশ সম্পর্কে নতুন দিল্লীত পতা এখন অধিবেশনে অসমৰ ইছ্যুটোক ৰাষ্ট্রীয় প্রেক্ষাপটলৈ লৈ যোৱাত সহায় কৰিছিল। ১৯৮৩ চনত “Save Assam today to save India tomorrow” নামেৰে দেশৰ বিভিন্ন স্থানত বিদ্যার্থী পৰিষদে এলানি কার্যসূচীও পালন কৰিছিল। ভাৰত-বাংলাদেশ সীমান্তৰ দুর্বল ফেঞ্চিং সম্পর্কেও সংগঠনটোৱে মাজে-সময়ে মাত মাতি আহিছে।

আৰ এছ এছৰ অন্যান্য বহুতো সংগঠনেও দীর্ঘদিন ধৰি অসমত কাম কৰি আহিছে। সিবিলাক হৈছে, যেনে - ৰাষ্ট্রীয় সেৱিকা সমিতি (মহিলা সংগঠন), ভাৰতীয় মজদুৰ সংঘ (ট্রেড ইউনিয়ন), বিবেকানন্দ কেন্দ্র (আধ্যাত্মিক সচেতনতা), সংস্কাৰ ভাৰতী (হিন্দু সংস্কৃতিৰ প্রচাৰ), শিক্ষণ মণ্ডল (হিন্দু পাঠ্যক্রম প্রস্তুতকৰণ), ভাৰতীয় সাহিত্য পৰিষদ (সাহিত্য), ইতিহাস সংকলন সমিতি (ঐতিহাসিকৰ সংগঠন), সহকাৰ ভাৰতী (সমবায় নির্মাণ) তথা সংস্কৃত ভাৰতী। সামাজিক জীৱনৰ বিভিন্ন অংশত, বিভিন্ন ৰূপত এই সংগঠনবোৰে অহৰহ হিন্দুত্ববাদী চিন্তা-চর্চা প্রচাৰৰ কামত উৎসর্গিত হৈ আহিছে। ইবিলাকতকৈও অধিক গুৰুত্বপূর্ণভাৱে – ৰাজ্যখনত শাখা নির্মাণৰ কামত আৰ এছ এছ বিশেষভাৱে সফল হৈছে। আচলতে শাখা নির্মাণৰ জৰিয়তেই আৰ এছ এছে বেছিভাগ কাম-কাজ তথা কর্মী মোতায়েনৰ কাম সমাপন কৰে। সম্প্রতি অসম আৰু মেঘালয়ৰ প্রায় ৩৬০টা ব্লক তথা ৮৪খন চহৰত আৰ এছ এছৰ শাখা আছে।

সামৰণি

সমীৰ কুমাৰ দাসৰ (2004: 246) মতে অসম তথা পূর্বাঞ্চলত যিধৰণৰ ধর্মীয় ৰেডিকেলবাদ দেখিবলৈ পোৱা যায় – সি নৃগোষ্ঠীয় প্রশ্নসমূহৰ সৈতে যুক্ত হৈ থাকে আৰু সেয়েহে দেশৰ অন্যান্য অঞ্চলৰ বিপৰীতে সিবিলাকে এক ভিন্ন ৰূপ ধাৰণ কৰে। আৰ এছ এছ আদি সংগঠনেও এই পৰিবর্তিত ৰূপ তথা সিবিলাকে অনা প্রত্যাহ্বানসমূহ চিনাক্ত কৰি লৈছে আৰু সেই অনুসৰি নিজৰ ৰণনীতি সলনি কৰি লৈছে। এক বহুলসংখ্যক ট্রাইবেল জনজাতিৰ উপস্থিতিৰ ফলত উত্তৰ ভাৰতৰ হিন্দুসকলৰ মাজত যেনেধৰণৰ শ্ল’গান জনপ্রিয়, তেনেধৰণৰ শ্ল’গানে অসম তথা উত্তৰ-পূর্বাঞ্চলত কাম নিদিয়ে। আনকি মহাপুৰুষীয়া তথা অন্যান্য স্থানীয় পৰম্পৰাৰ ফলত অঞ্চলটোৰ হিন্দু জনগোষ্ঠীসমূহো বহুতো হিন্দু মতান্ধতা তথা জাত-পাতমূলক কঠোৰ ৰীতি-নীতিৰপৰা মুক্ত।
হিন্দুত্ববাদীসকলেও সেয়েহে অঞ্চলটোত ৰাম মন্দিৰ আদি বিষয়ৰ সলনি স্থানীয় ধর্মীয় পৰম্পৰা তথা প্রতীকসমূহ আত্মসাৎ কৰি লৈছে। শংকৰদেৱ তথা কামাখ্যা এই ক্ষেত্রত দুটা প্রধান উদাহৰণ। বিভিন্ন জনগোষ্ঠীক শিক্ষা, স্বাস্থ্যসেৱা আদি প্রদানৰ জৰিয়তেও হিন্দুত্ববাদীসকলে নিজৰ প্রভাৱ বিস্তাৰ কৰি গৈছে।
বাংলাদেশী প্রশ্নটোক নিশ্চিতভাৱেই হিন্দুত্ববাদীসকলে নিজৰ ৰূপত উত্থাপন কৰিছে আৰু সেই অনুসৰি প্রচাৰ অভিযানো চলাইছে। খ্রীষ্টীয় ধর্মপ্রচাৰৰ বিৰূদ্ধেও হিন্দুত্ববাদীসকলে জনজাতিসমূহক একলগ কৰিবলৈ যত্ন কৰি আহিছে।
আজি অসমৰ সামাজিক জীৱনৰ অগণন ক্ষেত্রত সংঘ পৰিয়ালৰ বিশাল নেটৱর্কৰ উপস্থিতিয়ে তাক এক ব্যাপক সামাজিক আন্দোলনৰ ৰূপ দিছে। অসমত বিজেপিৰ জনপ্রিয়তাৰ কাৰণ বুজিবলৈ হ’লে সেয়েহে এই বিশাল নেটৱর্কৰ এক উপযুক্ত বিশ্লেষণো আমি কৰিব পাৰিব লাগিব।

References
Barua, B K (1986): A Cultural History of Assam, New Delhi: Horizon.
Borah, D K (1995): Sangha Abhikhep (in Assamese)
Baishya, Dinesh Chandra: Shuwalkuchi
Buragohain, R (1989): “Cross-Currents of the Hinduisation Process in Medieval Assam,”
Proceedings of the Northeast India History Association, Tenth Session The Proceedings of
the North East India History Association, Tenth Session, J B Bhattacharjee (ed), Shillong: NEIHA, pp 176–82, .
Choudhury A (1999): “Saivism in Assam”, Manorama Sharma (ed.), Proceedings of North East India History Association, 19th Session, Shillong: NEIHA, pp 118–127.

Das, S K (2004): “Ethnicity and the Rise of Religious Radicalism: The Security Scenario in Contemporary Northeastern India,” Religious Radicalism and Security in South Asia, S P Limaye, M Malik and R G Wirsing (eds), Honolulu: Asia-Pacific Center for Security Studies,
pp 245–71.

Deka, H (2006): “The Assamese Mind: Contours of a Landscape,” Where the Sun Rises When Shadows Fall, G Sen (ed), New Delhi: Oxford University Press.

Devi, B (2015): “Code Orange U-Special,” Outlook, 21 September.

Dutta, A (2013): Refugees and Borders in South Asia: The Great Exodus of 1971, New York:
Routledge.

Gohain, H (2003): “Sangh Politics in Assam,” Communalism Combat, No 88, available at
http://www.sabrang.com/cc/archive/2003/ july03/spreport3.html accessed on 26 January 2012.
Goswami, S (2001): “Assam Changing Electoral Trends,” Economic & Political Weekly, 36: 19,
pp 1584–86. Goswami, S and V Tripathi (2015): “Understanding the Political Shift in Assam: Withering Congress Dominance,” Economic & Political Weekly, L: 39, pp 66–71.

Gupta, S (1984): Assam – A Divided Valley, New Delhi: Vikas Publications.

Hindustan Times (2005): “VHP to Launch Hindu Sena in Assam,” 11 November.
Indian Express (2015): “Prime Minister Narendra Modi Honours Legendary Freedom Fighter
Rani Gaidinliu from North-East,” 25 August, available at http://indianexpress.com/article/
india/india-others/pm-narendra-modi-honours-legendary-freedom-fighter-from-northeast/, accessed on 8 November 2015.

Jaffrelot, C (1996): The Hindu Nationalist Movement and Indian Politics 1925 to 1990s, Delhi:
Columbia University Press.

Kanungo, P (2003): “Hindutva’s Entry into a Hindu Province: Early Years of RSS in Orissa,”
Economic & Political Weekly, Vol XXXVIII, No 31, pp 3293–03.

Kumar, K S (2012): “Comparison: Asom 2012 versus Gujarat 2002,” Samvada, 28 July, available at http://samvada.org/2012/assam-violence/comparison-asom-2012-versus-gujarat-2002/,
accessed on 8 April 2015.

Mahaprashasta, A and Dutta (2014): “Xenophobia: Targeting the “Other,” Frontline, 26 December.

Misra, U (1999): “Identity Transformation and the Assamese Community: Illusion and the Reality,” Dynamics of Identity and Intergroup Relations in North East India, K S Aggarwal (ed), Shimla: Indian Institute of Advanced Study, pp 98–116.

Mosahary, R N (1989): “Aryanisation and Hinduisation of the Bodos,” Proceedings of the Northeast India History Association, J B Bhattacharjee (ed), Tenth Session, Shillong: NEIHA,
pp 165–75.
Organiser (1950a): “Earthquake Havoc: FloodsFood Shortage,” R S S Relief Society, 4 September, Vol IV, No 4, p 10.

— (1950b): “Beware of Islamisation! Black Shadow Over Bengal and Assam,” Sri Eknath Ranade’s Outspoken interview, 19 June, Vol III, No 43, p 5.
— (1950c): “Helping the Bengal Refugees,” 10 April, Vol III, No 33, p 4.
— (1980): “Infiltrators and Refugees Can’t Be Put on Par,” 20 April.
— (2005): “Infiltration and Conversion at Our Culture,” Mohan Bhagwat, 23 January, available at http://organiser.org/archives/historic/dynamic/modules874f.html?name=Content&pa=showpage&pid=61&page=24, accessed on22 June.
— (2006a): “Bangladeshi Infiltration: Borduwa, Shankar Dev’s Seat of Vaishnavism in Assam,
under Siege,” 21 May.
— (2006b): “UPA Dividing Assam on Communallines,” 26 February.
— (2008): Sri Kamakhya Debutter Board, Guwahati. 17 August.

Pachuau, L (nd): “Tribal Identity And Ethnic Conflicts in North-East India: A Christian Response,”
available at http://www.cccw.cam.ac.uk/media/documents/Archive%20Seminar%20Papers%20
2003-2009/Published/Tribal%20Identity%20and%20Ethnic%20Conflicts%20in%20Northeast%20India%20A%20Christian%20Response.pdf, accessed on 8 January 2012.

Prabhakara, M S (1996): “BJP and the North–East,” Religion, Religiosity and Communalism, P Bidwai, H Mukhia and A Vanaik (eds), New Delhi: Manohar Publishers.

Phukon, Girin (1994): “Identifying the Nemesis,” The Lost Trails, Ramesh Buragohain (ed),
Dhemaji: Ban-Ok-Pup-Lik Mioung-Tai, pp 173–77.

Raman, A and Sharma Sebastian K (2015): “Delhi University Offers Platform for BJP, RSS,”
Hindu, 19 August.

Ramasesha, R (2012): “Sangh Fishes in Assam Waters,” Telegraph, 21 August
.
Rashid, P (2015): “Saffron Does Not Suit Sankardev at All,” Tribune, 14 September. Sangh Samachar, Organiser, 23 January 2005.

SEIL pamphlet (2007): “Unity Is Strength: India Is One.”
Seshadri, H V (1988): RSS: A Vision in Action, Bangalore: Jagaran Prakashana.
Singh, B P (1987): “North- East India: Demography, Culture and Identity Crisis,” Modern Asian
Studies, 21: 2, pp 257–82.
Telegraph (Calcutta) (2003): “VHP Defies Gogoi on Infiltration—Giriraj Kishore Vows
to Press Ahead with Pushback Campaign,” 3 February.

Upadhyay, A (2005): “Assam: The Infiltrator Issue,” Economic & Political Weekly, Vol XL, No 28,
pp 3002–04.

(মূল প্ৰবন্ধটো Economic and Political Weekly আলোচনীৰ ১৬ এপ্রিল , ২০১৬ সংখ্যাত প্রকাশিত)

Share Button
Print Friendly, PDF & Email

No Comments : "অসমত হিন্দুত্বৰ প্রবেশ আৰু বিকাশৰ ধাৰা - (মূল: মালিনী ভট্টাচার্য, সংক্ষিপ্ত ভাবানুবাদ: কনচেং)"

Leave a Comment

Your email address will not be published. Required fields are marked *