বাদ-ভীতি - (সমুদ্ৰ কাজল শইকীয়া)

১৯৯৭ চনৰ নৱেম্বৰ মাহত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উদযাপন উপলক্ষে সমাবেত হোৱা মামণি ৰয়ছম গোস্বামী আৰু হোমেন বৰগোহাঞিদেৱৰ সান্নিধ্য লাভ কৰিছিলোঁ অলপ সময়ৰ বাবে। ডঃ লক্ষ্মী গোস্বামীৰ বাসভৱনত কটোৱা অন্তৰংগ মুহূৰ্তখিনিৰ কথা দৰং মহাবিদ্যালয় আলোচনী “দৰঙিয়ান”ত পাছত প্ৰকাশ কৰা হৈছিল।

মামণি ৰয়ছম গোস্বামীৰ প্ৰতি এটা প্ৰশ্ন আছিল এনে - “আপুনি নিজকে লেখক হিচাপে চিনাকি দিবলৈ বিচাৰে নে এগৰাকী লেখিকা হিচাপে?” আচলতে আমি সুধিব বিচাৰিছিলোঁ, মহিলা লেখিকা হ’ল বুলিয়েই ‘নাৰীবাদী’ বা নাৰীকেন্দ্ৰিক বুলি গণ্য কৰাৰ আমাৰ প্ৰৱণতা আছে, তেখেতে নিজকে নাৰীবাদী বুলিব বিচাৰে নেকি? কিন্তু তেখেতে ক’লে, “নাই, লেখক লেখিকা বুলি কোনো কথা নাই। লেখক মানে লেখকেই। মই নাৰীবাদী নহয়। মইতো কেৱল নাৰীৰ চৰিত্ৰকেই অংকন কৰা নাই, পুৰুষৰ চৰিত্ৰও সমানেই অংকন কৰিছোঁ। কেৱল নাৰীৰ কথাৰে, নাৰীবাদেৰে কোনো লেখিকা প্ৰকৃতাৰ্থত লেখক হ’ব নোৱাৰে”।
“প্ৰকৃততে মই সৰু সৰু মানুহবোৰৰ জীৱনৰ দুখ-কষ্টবোৰৰ বুজ লৈ তাৰ কথা লিখিছোঁ। বৃন্দাবনেই হওক, দিল্লীয়েই হওক বা অসমেই হওক, বহুতো ‘তলৰ শ্ৰেণীৰ’ মানুহৰ সংস্পৰ্শৰ মাজেৰে মই জীৱনৰ দুখ-কষ্ট উপলব্দ্ধি কৰিছোঁ আৰু তাকে লিখিছোঁ”। (এইখিনি ‘দৰঙিয়ান’ত প্ৰকাশিত ৰূপৰ একাংশ)।
মামণি বাইদেৱে নিজকে ‘নাৰীবাদী’ নহয় বুলি স্বীকাৰ কৰাত সেই সময়ত কোনো কোনো ব্যক্তিয়ে আশ্চৰ্য প্ৰকাশ কৰিছিল। কথাষাৰে আমাৰ মনতো আজিও খুন্দিয়াই থাকিল কে’বাটও কাৰণত। আজি মনত পেলাই কথাষাৰক সদৰ্থক আৰু নঞৰ্থক দুয়োধৰণেৰেই চাব পাৰোঁ। যিহেতু নাৰীবাদী বুলিব পৰাকৈ এটা পদ্ধতিগত সক্ৰিয় ৰাজনৈতিক আন্দোলন বা এক্টিভিজমৰ সৈতে তেখেতে নিজকে জড়িত নহয় বুলি ভাবিছিল, সেয়েহে সেই আখ্যাটো তেখেতে পৰিহাৰ কৰাই শ্ৰেয় বিবেচনা কৰিছিল। কিন্তু মামণি বাইদেউৰ সৈতে আমাৰ সময়ৰ লেখক-লেখিকাসকলৰ এটা প্ৰজন্মৰ ব্যৱধান। বহু কথাই সলনি হ’ল। সমাজজীৱনত, ৰাজনৈতিক ক্ষেত্ৰত আৰু সাহিত্যৰ পথাৰতো বহুতো উত্থান-পতন ঘটিল এই সময়ছোৱাত। কিন্তু আজিলৈকে সকলো লেখিকাৰ মুখতে সময়ে সময়ে এই একেষাৰ স্পষ্টীকৰণেই শুনিবলৈ পাই থাকিলোঁ - “মই নাৰীবাদী নহয়, মানৱতাবাদীহে”।

 

বহুব্ৰীহি

কিছুমান বিশেষ প্ৰসংগ সংগতি সাপেক্ষে কিছুমান শব্দই তাৰ পূৰ্বাপৰ নিৰ্ধাৰিত অৰ্থৰপৰা মুক্ত হৈ এটা পৰিভাষাৰ ৰূপ লয়। পাৰিভাষিক শব্দ একোটাক তাৰ নিৰ্দিষ্ট প্ৰসংগৰপৰা আঁতৰাই চাব নোৱাৰি। এতিয়া কোনটো শব্দ কেৱল এটা শব্দ আৰু কেতিয়া এটা শব্দ মাত্ৰ নহৈ এটা পৰিভাষা, সেইটো অলপ সূক্ষ্মভাৱে চালেহে ঠাৱৰ কৰিব পৰা যাব। কিছুমান ক্ষেত্ৰত সিবোৰ বুজিবলৈ সহজ। এটা উদাহৰণ দিওঁ। যিবোৰ শব্দৰ সৈতে “বাদ” (-ইজম) প্ৰত্যয় যুক্ত হৈ থাকে সেইবোৰ পৰিভাষা বুলি পোনছাটেই কৈ দিব পাৰোঁহঁক। মানৱতা এটা সাধাৰণ শব্দ যি এক বিশেষ গুণক চিহ্নিত কৰে। কিন্তু মানৱতাবাদ বুলি ক’লে সি আৰু এটা সাধাৰণ শব্দ মাত্ৰ হৈ নাথাকে, সি এটা পৰিভাষালৈ ৰূপান্তৰিত হয়। মাৰ্ক্স মানে এজন ব্যক্তিৰ নাম। কিন্তু মাৰ্ক্সবাদ এটা পৰিভাষা। এক বিশেষ চিন্তা পদ্ধতিৰ সমৰ্থক আৰু বিশ্বাসী সকলহে মাৰ্ক্সবাদী। ব্যক্তি হিচাপে কাৰ্ল মাৰ্ক্স নামৰ মানুহজনৰ লগত জড়িত যিকোনো কথাই আকৌ মাৰ্ক্সবাদী বুলি কোৱাটোও ভুল হ’ল। কাৰ্ল মাৰ্ক্স নিজেই মাৰ্ক্সবাদী নাছিল বুলি খুহুতীয়াকৈ কোৱা কথাষাৰ এইখিনিতে গুৰুত্বপূৰ্ণ। আধুনিক বা আধুনিকতা দুটা অসমীয়া শব্দ। কিন্তু যেতিয়াই এই দুটা শব্দক আধুনিকতাবাদ নামৰ কথাষাৰৰ প্ৰসংগতহে ব্যৱহাৰ কৰা হয়, তেতিয়া এইবোৰেই হৈ উঠে পাৰিভাষিক। তেতিয়া আমি যিকোনো নতুন, এই সময়ৰ অথবা সমসাময়িক কথাকে এই অভিধাৰ মাজলৈ সুমুৱাই আনিব নোৱাৰিম। শব্দ ‘আধুনিক’ মানে যুগ-নিৰপেক্ষভাৱে এই সময়ৰ, বর্তমান, নতুন, সাম্প্রতিক, নৱ, অধুনাকালীন, নব্য, জীৱন্ত, চলতি, নবীন, অদ্যাপি প্রচলিত, অর্বাচীন আদি; কিন্তু পাৰিভাষিক ‘আধুনিক’ মানে এটা বিশেষ যুগ-সাপেক্ষহে। সেয়ে যদি নহ’লহেঁতেন নৱকান্ত বৰুৱাক আজিৰ তাৰিখত এজন ‘আধুনিক কবি’ বুলি নক’লোঁহেঁতেন।
পৰিভাষালৈ পৰিৱৰ্তিত হোৱা এটা শব্দই কেনেকৈ তাৰ চিৰাচৰিত অৰ্থৰপৰা মুক্তি লাভ কৰি অন্য অৰ্থ বা অন্য পৰিসৰ লাভ কৰে সেইটো সহজভাৱে বুজাবলৈ অসমীয়া ব্যাকৰণত থকা “বহুব্ৰীহি সমাস”ৰ কথা মনত পেলাই দিব খুজিছোঁ। বহুব্ৰীহি সমাসত সমস্যমান পদসমূহৰ অৰ্থ প্ৰতীত নহৈ অন্য পদৰ অৰ্থহে মুখ্যৰূপে প্ৰতীয়মান হয়। যেনে পীতাম্বৰ, দশভুজা, দশানন ইত্যাদি। পীতাম্বৰ মানে পীত (হালধীয়া) বস্ত্ৰ পৰিহিত। কিন্তু হালধীয়া বস্ত্ৰ পৰিধান কৰিলেই যিকোনো মানুহকেই আমি পীতাম্বৰ নোবোলোঁ। আমি পীতাম্বৰ বুলিলে কেৱল শ্ৰীকৃষ্ণকহে বুজোঁ। তেনেকৈয়ে দশভুজা বুলিলে বুজোঁ দুৰ্গাক আৰু দশানন বুলিলে বুজোঁ ৰাৱণক। যিকোনো এজন ব্যক্তিয়েই ডিঙিত নীলা ৰং সানি ল’লেই তেওঁক আমি নীলকণ্ঠ বুলিম জানো? এইখিনি কথা পতাৰ পিছত হয়তো আৰু বুজিবলৈ অসুবিধা নহ’ব যে খেনোৱে নাৰীৰ দুখ-দুৰ্দশাৰ কথা বৰ্ণনা কৰিলেই অথবা নাৰীৰ মুক্তিৰ কথা পাতিলেই তেখেতক নাৰীবাদী বুলি কৈ দিব পৰা নাযায়।
অসমীয়া সাহিত্য, সংস্কৃতি আৰু সামাজিক জীৱনত অসাৱধানতাজনিত কিছুমান মনোবৃত্তিয়ে যথেষ্ট ক্ষতি সাধন কৰি আহিছে। এই অসাৱধানতাখিনি কেতিয়াবা অজ্ঞতাপ্ৰসূত, কেতিয়াবা সামাজিক স্তৰত স্থিতিহীনতা আৰু সুবিধাবাদৰ ফলশ্ৰুতি স্বৰূপ। সামগ্ৰিকভাৱে অসমীয়া মানুহৰ ঔদাসীন্য আৰু বৌদ্ধিক অনীহা যে জগৰীয়া এই কথাটো আগতে আমি বহুবাৰ পাতি আহিছোঁ।

 

বাদ-ভীতি

যিকোনো পৰিভাষা আৰু ‘বাদ’ৰ প্ৰতি অসমীয়া সমাজত বিৰাট অনীহাসূচক মনোভাব পৰিলক্ষিত হৈ আহিছে। বিশেষকৈ কেইটামান ‘বাদে’ যথাৰীতি আতংকৰ সৃষ্টি কৰি আহিছে। আটাইতকৈ ডাঙৰ আতংকবাদী বাদটো সম্ভৱ মাৰ্ক্সবাদ। মাৰ্ক্সবাদ সম্পৰ্কে এটাও শব্দ নজনা এজনেও একে আষাৰতে কৈ দিবলৈ কুণ্ঠাবোধ নকৰে – মাৰ্ক্সবাদ বেয়া। দ্বিতীয়টো নাৰীবাদ। এইটো কেৱল আতংকজনিতই নহয়, একপ্ৰকাৰে অস্পৃশ্যও। শব্দটো উচ্চাৰণ কৰিলেও একপ্ৰকাৰে জাত যোৱাৰ লেখীয়া অৱস্থা হয়। আজিৰপৰা দুই দশকমানৰ আগতে উত্তৰ-আধুনিকতাবাদ সম্পৰ্কীয় কিছু লেখা-মেলা হোৱা দেখিছিলোঁ; তেতিয়াও দেখিছিলোঁ লেই লেই ছেই ছেই কৰি মানুহে সাত জাঁপ মাৰিছিল। কাৰণ তাতো এটা “বাদ” আছিল। এই বাদ-ভীতিৰ কাৰণ বা উৎস কোনখিনিত? ই এক গুৰুতৰ প্ৰশ্ন।
অলপ গমি চালেই বুজিবলৈ অসুবিধা নহয় যে বাদ ব্যতিৰেকে গত্যন্তৰ নাই। বাদ মানেই মতবাদ, আৰু তাতোকৈ বহুত কিবা। বাদ মানে এক স্কুল অফ থটছ (School of Thoughts)। পদ্ধতিগত চিন্তাপ্ৰণালীৰ বাবেই বাদবোৰৰ অস্তিত্ব আছে। একোটা ঐতিহাসিক প্ৰেক্ষাপট নিৰ্মাণ, এটা আনুক্ৰমিক ধাৰাবাহিকতা আৰু উত্তৰণৰ পথ নিৰ্ণয় কৰিবৰ বাবে কথা এষাৰৰ প্ৰসংগায়িতকৰণৰ বাবেও, আৰু এই সকলোবোৰৰ ঊৰ্ধ্বত এটা আন্দোলনৰ ৰূপত এটা চিন্তাক প্ৰতিপালন কৰিবৰ বাবেই এই “বাদ” বস্তুটোৰ প্ৰয়োজন হয়। অসমীয়াৰ মাজত বাদ-ভীতিয়ে এইটোকে সূচায় যে পদ্ধতিগত চিন্তাৰ বা চৰ্চাৰ অভাৱ। তেনেহ'লে এইটো কথাই প্ৰতীয়মান হয় যে কথা-বাৰ্তাত বা চিন্তা-চৰ্চাত এটা ইতিহাসসন্মত পদ্ধতি প্ৰয়োগ কৰিবলৈ আমি অপাৰগ। এই গোটেইখিনিৰ মূলতে আছে একধৰণৰ ৰাজনৈতিক অপৰিপক্বতা। অৱস্থান গ্ৰহণৰ প্ৰতি থকা ভয় আৰু তুমুল আত্মবিশ্বাসহীনতাই লেখক বা চিন্তকসমূহক “মই কিন্তু এনেকুৱা নহয় দেই, মই তেনেকুৱাহে” – এনেধৰণেৰে এটা আপোচকামী কৈফিয়ৎসূচক সুৰেৰে কথা ক'বলৈ প্ৰৰোচিত কৰি আহিছে।

উদাহৰণস্বৰূপে, নাৰীবাদ এটা ৰাজনৈতিক আৰু সামাজিক আন্দোলনপ্ৰসূত বস্তু। ইয়াৰ অন্তৰ্গত কথা আলচিবলৈ হ’লে সেই ৰাজনৈতিক আৰু সামাজিক প্ৰেক্ষাপটক অনুধাৱন কৰিব লাগিব। তাকে বুজি নোপোৱাৰ ফলত সময়ে সময়ে যেতিয়াই নাৰী অথবা নাৰীবাদ সম্পৰ্কে কথা কোৱা হয় তেতিয়াই সামগ্ৰিকভাৱে নাৰীৰ সমস্যা, লিংগ-বৈষম্য আৰু নাৰীবাদ গোটেইখিনিকে একাকাৰ কৰি পেলোৱা হয়। কিন্তু জনাই জানে যে জেণ্ডাৰ (Gender) আৰু ফেমিনিজম (Feminism) দুটা বেলেগ কথা।

 

ওচৰ-চুবুৰীয়াই কি বুলিব?
ভ্ৰূণহত্যাৰেপৰা আৰম্ভ কৰি ছোৱালী সন্তান আৰু ল’ৰা সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত থকা বৈষম্য, স্বাস্থ্যজনিত সমস্যা, যৌতুক, ঘৰুৱা নিৰ্যাতন, ডাইনীৰ নামেৰে হত্যা, আৰু ধৰ্ষণলৈকে এশ-এবুৰি নাৰী-সংক্ৰান্তীয় দুৰ্ভাগ্যজনক সমস্যাৰে জৰ্জৰিত আমাৰ এইখন দেশত নাৰীবাদ নামৰ বস্তুটোৱে এটা নতুন ৰূপত গঢ় লৈ উঠিব লাগিছিল। কিন্তু কাৰ্যক্ষেত্ৰত হৈ থাকিল ওলোটাটো। এই সমস্যাবোৰ আমি যেন দৈনন্দিন জীৱনৰ অৱধাৰিত অংগ বুলিয়েই মানি ল’বলৈ মান্তি হ’লোঁ। কেনেবাকৈ আমাক কোনোবাই নাৰীবাদী বুলি কৈ দিব পাৰে বুলি ভয়ত আমাৰ মাজৰ কিমানে সংযম মানি থাকোঁ? যেনিবা নাৰীবাদী মানেই ‘পুৰুষ-বিৰোধী’, ‘পাৰিবাৰিক জীৱনৰ ধ্বংসকাৰী’, ‘উঠি অহা যুৱতীসকলৰ মনত বিৰূপ প্ৰভাৱ পেলাব পৰা’ কিবা এটা। আটাইতকৈ ডাঙৰ সন্ত্ৰাসটো হ’ল - যদি কোনোবাই নাৰীবাদী বুলি ষ্টাম্প এটা লগাই দিয়ে তেতিয়া কি হ’ব? বাকী কোনো লেবেলৰ প্ৰতিয়েই ইমান ভয় নাই। উজনিৰ লেবেল, নামনিৰ লেবেল, নবীন বা উদীয়মানৰ লেবেল, প্ৰবীণৰ লেবেল, গ্ৰাম্য জীৱনৰ লেবেল, নাগৰিক জীৱনৰ লেবেল – এনেকুৱা দেধাৰ লেবেলৰ সৈতে কোনো মনান্তৰ নাই। তাঁতি আৰু তাঁতী উপাধিৰ দুজন সন্মানীয় কবিৰ পিছত ‘চাহপতীয়া কবি’ বুলিও লেবেল এটা লাগিল। কিন্তু “বাদ” ছাফিক্স থকা কোনো লেবেল নচলিব।
“আমাৰ মাজৰে কিমানে নাৰীবাদৰ লেবেলটো গাত লাগি পৰাৰ নামত ভয় খায়?” এইখিনি কথা মহিমা মনচন্দা নামৰ পি এইচ ডি পৰ্যায়ৰ গৱেষক এগৰাকীয়ে “Why do we fear being labeled as a Feminist in India?” নামৰ এটা ব্লগত সোধা কথা। তেখেতৰ বক্তব্য - “মোৰ নাৰীবাদী স্থিতিয়ে, অন্তঃকৰণেৰে সমাজত নাৰীসত্তাৰ অৱস্থান উন্নীতকৰণ কৰিবৰ প্ৰয়াসে মোক পুৰুষ-বিৰোধী কৰি তোলে নেকি? মোৰ উত্তৰটো হ’ল – না। মই এগৰাকী নাৰীবাদী, কাৰণ মই বিশ্বাস কৰো পুৰুষ মহিলা উভয়ে একত্ৰে মিলি সমাজত নাৰীৰ অৱস্থান উন্নীতকৰণৰ হকে কাম কৰিব পাৰে। মই এক নাৰীবাদী এই কাৰণেই যে মই বিচাৰোঁ নাৰী হিচাপে মই ভুক্তভোগী হোৱা মানসিক চাপখিনি অইনেও যাতে আৰু ভুগিবলগীয়া নহয়। সকলো নাৰী যে এই যুঁজত ঐক্যবদ্ধ মই সেয়া নাভাবোঁ। মই মানি লওঁ যে কেৱল পুৰুষেই নহয়, পুৰুষৰ লেখীয়াকৈয়ে মহিলাসকলেও কিন্তু পুৰুষতন্ত্ৰৰ সমস্যাখিনিক প্ৰতিপালন কৰিহে আহিছে। মই বিশ্বাস কৰোঁ, এজন পুৰুষেও মহিলাৰ দৰেই নিজকে নাৰীবাদী বুলি ঘোষণা কৰিব পাৰে। নবেল বঁটা বিজয়ী অমৰ্ত্য সেনেও নিজকে নাৰীবাদী বুলি ঘোষণা কৰি থৈছে!! মজাৰ কথা এইটোও যে “Let Her Live” (তাইক জীয়াই থাকিবলৈ দিয়া) নামৰ উদ্যোগটো হাতত লৈ লিংগ বৈষম্যৰ ফলত হৈ থকা ভ্ৰূণহত্যাৰ বিৰুদ্ধে আৰু ন্যায়িক সমতাৰ কাৰণে কাম কৰি থকা ছল্ট ইনিচিয়েটিভছ নামৰ অনুষ্ঠানটোৰ প্ৰতিষ্ঠাপক সদস্য আটাইকেইজন কিন্তু পুৰুষহে।” মনচন্দাই ব্লগটো শেষ কৰিছে এটা আহ্বানেৰে - “আমি সকলোৱে মিলিতভাৱে নাৰীবাদক আঁকোৱালি লওঁ আহক - যিসকলৰ বাবে পুৰুষ আৰু মহিলা উভয়ৰে সম-অধিকাৰ কাম্য। জাতি, বৰ্ণ, ধৰ্ম, লিংগ আৰু ভৌগোলিক অৱস্থান নিৰ্বিশেষে আমি সকলোৱে নিজৰ অভিজ্ঞতাখিনি আদন প্ৰদান কৰোঁ আহক।” [দ্ৰষ্টব্য - http://letherlive.in/…/why-do-we-fear-being-labeled-feminis…_]
কথাখিনি আমাৰ দেশৰ পৰিপ্ৰেক্ষিতত কৈ থকা হৈছে মানে এইটো নহয় যে অন্য দেশৰ অৱস্থা বেলেগ। পশ্চিমীয়া দেশতো নাৰীবাদ শব্দটো সমানেই অপৃশ্য। জেছিকা বেৰন নামৰ মহিলা গৰাকীয়ে “The Modern F-Word: Why People Are So Afraid Of Feminism” বুলি কিয় লিখিব লগীয়া হ’ল সেইটো ভাবিলেই অৱস্থাটো প্ৰকট হৈ পৰে। “Well, apologies in advance for the strong language: I'm a f*minist. I know, I know, I shouldn't use such a word. I could give men the impression I just irrationally hate them with a fiery passion, and want to kick them off the corporate ladder. And then I'll just end up alone, as an old spinster cat lady”. [http://elitedaily.com/…/call-me-the-f-word-feminism/1059133/].
আমি কৈ থকা বা ক’ব খোজাধৰণৰেই ‘নাৰীবাদ’ আৰু ‘নাৰীবাদী’ কথাদুষাৰলৈ মানুহে কিয় ভয় খায় সেই কথাত প্ৰশ্ন কৰি কেথেৰিন কেলিহাৰেও অজ্ঞানতাৰ কথাটো উল্লেখ কৰিছে। “I find it disgraceful that people fear the words ‘feminism’ and ‘feminist.’ What gives me hope is that the cause of fear is ignorance, and ignorance can be solved with knowledge and education. The concept of feminism has been around for centuries. Humanitarians, philosophers, journalists, professors and theologians have written and spoken-out about the term on numerous points. It is an ideology – a system of ideas. If you look up the term ‘feminist’ in a dictionary, the term ‘man-hater’ does not appear. In fact, the definition will discuss the idea of equal rights between men and women. [Katherine Kelliher, Why fear ‘feminism’?]
[http://www.unewsonline.com/2015/02/05/why-fear-feminism/]

 

ওফৰা জেং

এই গোটেই লেখাটো লিখিবলগা হ’ল দুটা কাৰণত। প্ৰথমটো হ’ল আমাৰ অসাৱধানতা আৰু অজ্ঞতাজনিত কিছুমান ভুলৰ ফলত আমি একো একোখন ক্ষেত্ৰৰ বিস্তৰ ক্ষতি সাধন কৰি থাকোঁ। ধৰা হওক, মই নাৰীবাদৰ সমৰ্থন নকৰোঁ, অথবা নাৰীবাদী চৰ্চা সম্পৰ্কে পঢ়া-শুনা নাই বাবে নিজকে সেইসমূহ কথা-বাৰ্তাৰ সৈতে নিজকে সাঙুৰিবলৈ নিবিচাৰোঁ। ঠিক আছে, কোনো কথা নাই বাৰু। কিন্তু “মই আকৌ নাৰীবাদী নহয় দেই, মই কোনো বাদত নাই” বুলি বাৰে বাৰে কৈ থকাৰ ফলত বিশাল জনমানসত এটা নঞৰ্থক বাতাবৰণৰ সৃষ্টি কৰা হৈ থাকে। এই দায়ভাগ স্বীকাৰ কৰি লোৱা ভাল। কাৰণ কথাষাৰ শুনাতহে সৰল বা সহজ। আচলতে কিন্তু ইমান সহজ নহয়। তাত এটা বাদ বা এটা বিশেষ চিন্তা-প্ৰণালীৰ প্ৰতি তাচ্ছিল্যৰ সুৰ এটা নিহিত থকা দেখা পাওঁ।
দ্বিতীয় কাৰণটো হ’ল, সম্প্ৰতি মহিলা লেখকৰ এটা জাগৰণ দেখা পাইছোঁ অসমীয়া সাহিত্যত যিটো আগৰ সময়খিনিত নাছিল। মহিলা লেখকসকলৰ কথা নোকোৱাকৈ এই সময়ৰ অসমীয়া গল্প আৰু উপন্যাসৰ কথা পাতিবই নোৱাৰি। নাৰী-মনৰ নাৰী জীৱনৰ কথাই সেইবোৰত প্ৰকাশিত হোৱাটো একো অস্বাভাৱিক নহয়। কিন্তু সেইবোৰত বহুলাংশে চকুত পৰা বস্তুটোৱেই হৈছে স্থিতিহীনতা। হুজুগতে অলপতে প্ৰাঞ্জল কুমাৰ শৰ্মা বশিষ্ঠৰ মন্তব্য এষাৰ তুলি দিলোঁ। তেখেতে লিখিছিল – “সাম্প্ৰতিক অসমীয়া গল্পৰ ভালেখিনি মন-মন্থনেৰে, বিশেষকৈ নাৰীৰ মন-মন্থনেৰে আৰু অতি বিশেষকৈ লেখিকাৰ আত্ম-মন্থনেৰে ভৰি উঠিছে । অসমীয়া গল্পৰ ক্ষেত্ৰখনত আচলতে মন-মন্থনসম্বলিত গল্পৰ ধাৰা এটাৰে বিকাশ সাধিত হৈছে । কুৰি বছৰমানৰ আগতে শিলনিৰ মাজৰ নিজৰাৰ দৰে বাট লৈছিল ধাৰাটোৱে । যোৱা দহ বছৰমান ধৰি তাত বৰ্ষাৰ উদ্দাম সোঁত । গভীৰ-অনুভূতিসিক্ত আত্মনিষ্ঠা, সংস্কৃতীয়া ভাষা আৰু চুটি চুটি দফাত আবদ্ধ গাইগুটীয়া প্ৰতীতিৰ উপৰি-পাতন ধাৰাটোৰ গল্পকাৰসকলৰ কেইটিমান উল্লেখযোগ্য শৈলীগত বৈশিষ্ট্য । ধাৰাটোৰ বিকাশ ইলেইন শ্বোৱাল্টাৰে কোৱা গাইনোক্ৰিটিকছ, অৰ্থাৎ নাৰী-সমালোচনাৰ ফালৰপৰা তাৎপৰ্যপূৰ্ণ । শেহতীয়াকৈ ধাৰাটোৰ প্ৰতি আগ্ৰহী লেখিকাৰ সংখ্যাধিক্য আৰু তেওঁলোকৰ উদ্দেশ্যৰ একমুখিতা আৰু বিষয়ী তথা দৃষ্টিকোণৰ নিকট সামঞ্জস্য ধাৰাটোৰ প্ৰবাহৰ প্ৰতি ভাবুকি-স্বৰূপ হৈ উঠিছে । প্ৰবাহৰ স্বাৰ্থতে ধাৰাটোত বিভিন্নতাসন্ধানী সম্পৰীক্ষা চলিব লাগিব, লগতে সি বহল সামাজিক ক্ষেত্ৰখনকো গভীৰভাৱে স্পৰ্শ কৰিব পাৰিব লাগিব ।” (উৎস - ফে’চবুক, ৩ নৱেম্বৰ, ২০১৬)।
নিজৰ নাৰীবাদী স্থিতি স্বীকাৰ কৰা কোনোবা লেখিকা, মহিলা লেখক দেখা পাওঁ বা নাপাওঁ, “মই কিন্তু কোনো বাদত নাই, মই মানৱতাবাদীহে” বুলি উপৰুৱাকৈ কৈ দিয়া যে কে’বাগৰাকীকো পাইছোঁ সেই কথা হয়তো দোহৰাৰ প্ৰয়োজন নাই। কথাষাৰ উপৰুৱা বুলি এই কাৰণেই ক’লোঁ যে মানৱতাবাদ এটা বাদ হ’ব নোৱাৰে। এই কথাষাৰৰ কোনো তাত্ত্বিক ভিত্তি নাই আৰু চাবলৈ গ’লে কোনো মানেও নাই। পৃথিৱীত হয়তো এনে কোনো মানুহ নোলাব যি নিজকে মানৱতাবাদী নহয় বুলি ক’ব। বাদ থাকিলেই বিবাদ থাকিব, বিসম্বাদ থাকিব, প্ৰতিবাদ থাকিব। এটা বাদৰ খণ্ডন হৈ আন এটা বাদৰ সৃষ্টি হয় অথবা সেই বাদটোৰেই নৱনিৰ্মাণ হয়। মানৱতাবাদ-বিৰোধী কোনো বাদ নাই। আনকি ধৰ্মৰ নামত বা আন কিহবাৰ নামত মানুহ মাৰি থকাসকলেও কিবা নহয় কিবা এটা যুক্তি দৰ্শাই সেই হত্যাকাণ্ডৰো “মানৱতাবাদী” সমৰ্থন বিচাৰিয়ে উলিয়াব। ‘জেহাদী’য়েও মানৱ কল্যাণৰ স্বৰ্থতেই ‘জেহাদ’ কৰি থকা বুলি নকয় জানো? গতিকে বেছিভাগ মহিলা লেখকৰ অৱস্থানটো হৈ থাকে ‘জলে নামবো ছুল ভেজাবো না’, অথবা সাপো মাৰক লাঠিও নাভাগকধৰণৰ। বলিষ্ঠ নাৰী-চৰিত্ৰৰ ৰূপায়ণ কৰা বুলি, নাৰী-মনৰ নাৰী সমস্যাৰ কথা কোৱা বুলি কৃতিত্বখিনি লাগিব, কিন্তু নিজকে নাৰীবাদী বুলি ঘোষণা কৰি তাৰ দায়িত্বভাগ বহন কৰা নচলিব।
পশ্চিমত ৰেনেছাঁ বা নৱজাগৰণ অহাৰ আগলৈকে শিল্প-কলাত কেৱল দেৱ-দেৱীৰ ছবিহে অঁকা হৈছিল। পোৰ্ট্ৰেইট বা মুখাৱয়ব আঁকিলেও তাৰো ধৰ্মীয়কৰণ কৰি লোৱা হৈছিল। লিওনাৰ্ডো দা ভিন্সিৰ মনলিছা ছবিখন এইবাবেই বিখ্যাত যে পশ্চিমৰ শিল্পৰ ইতিহাসত এইখনেই প্ৰথম ছবি য’ত এক মনুষ্যক মনুষ্যৰ ৰূপতেই মনুষ্যৰ স্বকীয় পৰিচয়তেই অঁকা হৈছিল। সেয়েহে এইখিনি সময়তে হিউমেনিজম বুলি কথা এষাৰ ওলাইছিল। সেই বিশেষ প্ৰসংগ-সংগতিক বাদ দি আন ক’ৰবাত কেতিয়াবা কেনেবাকৈ ‘মানৱতাবাদ’ কথাষাৰে এটা বাদৰ ৰূপ যদি লৈছিল আমি নাজানোঁ। কিন্তু এইখিনি কথা জানো যে নিজৰ স্থিতি সম্পৰ্কে সন্দিহান, নিজৰ ৰাজনৈতিক অৱস্থান সম্পৰ্কে অনবৰতে সুবিধাবাদী ভূমিকা ল’ব খোজাসকল, আৰু “নাৰীবাদ” শব্দটো শুনিলেই “ওচৰ-চুবুৰীয়াই শুনিলে কি ক’ব” বুলি ভাবি থকা মধ্যবিত্তীয় মানসিকতাৰ লোকসকলৰ বাবে “মানৱতাবাদ” এটা সঘন উচ্চাৰিত শব্দ।
পলমকৈ হ’লেও অসমৰ যুৱ সমাজৰ মাজত ৰাজনৈতিক সক্ৰিয়তা বৃদ্ধি পাইছে। লেখক-সাহিত্যিকসকলো ক্ৰমাগতভাৱে নিজৰ ৰাজনৈতিক স্থিতি সম্পৰ্কে সচেতন হ’বলৈ লৈছে। এই সমসাময়িক অৱস্থাটো আইডেণ্টিটি পলিটিক্সৰ যুগ বুলিও ক’ব পৰা যায়। লগতে এতিয়া হ’ল এক্টিভিজমৰ (Activism) যুগ। আগৰ কালৰ “মই আকৌ লেখিকা নহয় দেই” বুলি বৈষ্ণৱী বিনয় দেখুওৱাৰ পৰম্পৰাৰ বিপৰীতে এতিয়া “হয় মই লেখিকা” বুলি আত্মপ্ৰত্যয় সাব্যস্ত কৰাৰহে যুগ সেয়া দেখা পাইছোঁ। এনে এটা সময়তো এজন লেখকে মুক্তকণ্ঠে নিজৰ নাৰীবাদী স্থিতি ঘোষণা কৰিবলৈ যদি ওলাই অহা দেখা নাপাওঁ, তেনেহ’লে বুজিব লাগিব সামাজিক স্তৰতেই, জাতিগত পৰ্যায়তেই সমূহীয়া চেতনাৰ (Collective Consciousness) মাজত কোনোবাখিনিত এক বিৰাট কেৰোণ ৰৈ গৈছে।

Share Button
Print Friendly, PDF & Email

No Comments : "বাদ-ভীতি - (সমুদ্ৰ কাজল শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *