মূলসুঁতীয়, প্ৰান্তীয়, বাদুংদুপ্পা ইত্যাদি - (নীলোৎপল বৰুৱা)

আমি হ’লো জনসংঘীয় প্ৰাণী। আমাক শাসন কৰাৰ অধিকাৰ কেবাখলপীয়া কৰি পূৰ্বে নিৰ্ধাৰণ কৰি থোৱা আছে। ক্ষমতা বিভাজনৰ “বাকচৰ ভিতৰৰ বাকচ’ আৰ্হিটোৰ মাজতে আমাৰ সাংস্কৃতিক কুচ-কাৱাজ সমূহ আবদ্ধ।

স্বতঃস্ফূৰ্তভাৱেই আমি ইণ্টাৰকালচাৰেলিজমক সম্মান কৰো। কিন্তু এই সন্মানসূচক অভিপ্ৰেৰণাক মষিমূৰ কৰি মূলসুঁতীয়, প্ৰান্তীয় আদি ধাৰণাবিলাক গঢ় লৈ উঠিছে। আজিৰ তাৰিখৰ ফেডাৰেল শৃংখলাটোত বাস কৰা প্ৰতিটো জনগোষ্ঠীৰে মূৰৰ কামোৰণিৰ বিষয়-বস্তু হৈছে সাংস্কৃতিক মুক্ততা। বহুতে মত প্ৰকাশ কৰে যে ‘সাংস্কৃতিক বিমুক্ততা’এটা অৰ্থহীন তথা সম্ভাৱনাহীন বিষয়।

ষাঠিৰ দশকত আৰম্ভ হোৱা ‘back to the root” অৰ্থাৎ মূললৈ ঘূৰি যোৱাৰ প্ৰৱণতাই ভাৰতবৰ্ষৰ পাৰফৰ্মাৰসকলক নিজৰ অতীত খুঁচৰি চাবলৈ বাধ্য কৰিলে। হাজাৰ বছৰীয়া transitionৰ মাজেৰে অহা ‘শিল্পবস্তু’সমূহক জাৰি-জোকাৰি নিজৰ জাতিগোষ্ঠীয় ‘আইকন’,‘মডেল’ আদি তৈয়াৰ কৰাত সকলোৱে মনোনিৱেশ কৰিলে। এই প্ৰৱণতা তেওঁলোকৰ মাজত বেছিকৈ শিপালে যাৰ লিখিত বুৰঞ্জী অথবা প্ৰণীত ইতিহাস নাছিল। গতিকেই ক্ষুদ্ৰ জাতিগোষ্ঠীয় পাৰফৰ্মাৰসকলে শিল্প-সাধনক সংলগ্ন কৰি একধৰণৰ ষ্টেজ পলিটিক্স আৰম্ভ কৰা দৃষ্টিগোচৰ হ’ল।

পাৰফৰ্মাৰসকলে (ইয়াত পাৰফৰ্মাৰ শব্দটোৰে আমি সমূহ স্ৰষ্টাক আঙুলিয়াবলৈ ভাল পাম) মঞ্চায়নৰ মাজেৰে জাতীয় পোছাক, জাতীয় প্ৰতীক, সামূহিক প্ৰতীক হিচাপে ৰঙৰ বিন্যাস, ট্ৰেথিজি আদিবোৰো প্ৰতিস্থাপিত কৰাত মনোনিৱেশ কৰিলে। অনতিপলমেই সকলো জাতিগোষ্ঠীৰেই নিজা নৃত্য, প্ৰতীকী গীত, একোজন জাতীয় বীৰ-বীৰাংগণা প্ৰতিস্থাপিত হ’ল। ইয়াৰ অৰ্থ এইটো নহয় যে জাতিসমূহৰ পূৰ্বতে সেইবোৰ নাছিল। প্ৰত্যেকৰে আছিল। কিন্তু স্বীকৃত পাৰফৰ্মেন্স হিচাপে সাৰ্বিক মনোনয়ন সম্পাদিত হৈ উঠা নাছিল।

সমান্তৰালভাৱে সকলো জাতি-গোষ্ঠীৰ মাজতে ‘বুৰঞ্জী ৰ্নিমাণৰ’ কাৰখানা এটা গঢ় লৈ উঠিল। যিসকলৰ লিখিত বুৰঞ্জী নাছিল,তেওঁলোকে সৰু সৰু তথ্যসমূহ লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰিলে। মোটা-মুটিকৈ সকলো জাতি-জনগোষ্ঠীৰে আজিৰ তাৰিখত বুৰঞ্জী এখন নিৰ্মাণ কৰা কামফেৰা সম্পন্ন হ’ল।

মূললৈ ঘূৰি যোৱাৰ প্ৰৱণতাই উকমুকোৱা সময়ছোৱাতে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ পৰা হিন্দী আৰু ইংৰাজী ভাষাত দক্ষতা নথকাৰ বাবেই বিতাড়িত হৈছিল মণিপুৰৰ হেইচনাম কানহাইলাল। এই বিতাড়ন কানহাইলালৰ বাবে গোৰ মাৰি গংগাত পেলোৱাৰ দৰেই আছিল। তেওঁ নিজৰ ঠাইলৈ ঘূৰি আহি কাম আৰম্ভ কৰিলে। যাৰ মূলমন্ত্ৰ আছিল মূললৈ ঘূৰি যোৱা।

‘গ’ শাখাৰ ৰাজ্য হিচাপে ভাৰত মহাদেশৰ দুই দশক কাল সহবাস কৰাৰ পাছত সত্তৰৰ দশকত কোনোবা এটা সময়ত মণিপুৰৰ নতুন প্ৰজন্মটোৱে আৱিষ্কাৰ কৰিলে যে ইমান দিনে তেওঁলোক শোষিত হৈ আছিল। নিপীড়িত হৈ আছিল। বঞ্চিত হৈ আছিল। কানহাইলালে নিজৰ সৃষ্টি ‘ডাকঘৰ’, ‘পিবেট’, ‘দ্ৰৌপদী’, 'কাবূঈ-কেইঐবা’,‘তমনলাই’ আদিবোৰত নাটকৰ স্বকীয় মণিপুৰী ভাষা তৈয়াৰ কৰা আৰম্ভ কৰিলে।এই স্বকীয় ভাষা নিজৰ মাটিৰ সুৱাসেৰে দীপ্ত, জীপাল। পৰম্পৰা, ঐতিহ্য আৰু নিজস্ব সাংস্কৃতিক গতিধাৰাৰে জীপাল।

পূৰ্বাপৰ চলি অহা “ভাৰতীয় নাটক’ যিটো বহুলাংশে পশ্চিমীয়া প্ৰছেনিয়াম শৈলীৰ অন্ধ অনুকৰণ তাৰ বিপৰীতে কানহাইলালৰ কন্ঠস্বৰ সুকীয়া। এই নতুন ভাষাই ভৌগোলিক পৰিসীমা ভেদি সকলোকে হতবাক কৰি তুলিলে। অনুকৃতি আৰু সৰিৎ-সাৰশূন্য পাৰফৰমেন্সৰ বিপৰীতে কানহাইলালে প্ৰতিস্থাপন কৰিলে নাটকৰ সেই ভাষা যি ভাষা সাৰ্বজনীন হৈও মণিপুৰী ঐতিহ্যৰে মহিমামণ্ডিত।

কথা হ’ল – এটা জাতিগোষ্ঠীৰ, এটা নিৰ্দিষ্ট স্পেচত যি ‘পাৰফৰ্মেন্স কণ্ঠস্বৰ’ সেয়া মুক্ত আৰু স্বাধীন হয়নে? ই কেপিটেল পাৱাৰৰ দ্বাৰা পৰিচালিত নহ'ব তাৰ কিবা যুক্তি আছেনে? তাৰোপৰি ফেডাৰেল গাঁথনিত এই কণ্ঠস্বৰ বায়’নেৰি অপ’জিচনৰ চিকাৰ নহ'ব তাৰ কিবা নিশ্চয়তা আছেনে? হাজাৰ বছৰীয়া সমাযোজন আৰু সমন্বয়ৰ পাছত আমাৰ হাতত আহি পৰা শিল্পবস্তুসমূহ অন্য সাংস্কৃতিক গতিধাৰাৰ ৰেশহীনভাৱে উপস্থাপন কৰাটো সহজ হবনে যিসমূহ Diaspora আছে তাত পাৰফৰমেন্সৰ ৰূপ কেনে হ'ব?

এই বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আৰম্ভ কৰা কিছু দীৰ্ঘম্যাদী প্ৰকল্পৰ জনক আছিল সদ্যপ্ৰয়াত শুক্ৰাচাৰ্য ৰাভা। প্ৰায় দুটা দশকৰ আগতে গোৱালপাৰা জিলাৰ এক প্ৰত্যন্ত অঞ্চল ৰামপুৰত তেখেতে আৰম্ভ কৰিছিল বাদুংদুপ্পা নামৰ এটা অনুষ্ঠান। হেইচনাম কানহাইলালৰ প্ৰিয় আৰু উত্তৰসূৰী শুক্ৰাচাৰ্য ৰাভাই আৰম্ভ কৰা ‘বাদুংদুপ্পা’ আজি দেশে-বিদেশে বহুলসমাদৃত।

বাদুংদুপ্পাই প্ৰতি বছৰে ডিচেম্বৰ মাহত এটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নাট সমাৰোহ উদযাপন কৰে যিটোৰ শিৰোনাম ‘under the sal tree’ । ২০০৫ চনৰে ‘শালনিৰ সাধুমেল’ শীৰ্ষক এটা প্ৰকল্প আৰু সম্পৰীক্ষাৰে আৰম্ভ কৰা এই নাট সমাৰোহে আজিৰ তাৰিখলৈকে নাটকীয় পৰিভাষা নিৰ্মাণৰ কাম অব্যাহত ৰাখিছে। ‘nature lore’, ‘retelling legend through theatre’, ‘performing identity’, ‘theatre in nature’, ‘live theatre’ আদি বিভিন্নধৰণৰ সম্পৰীক্ষা বাদুংদুপ্পাই সম্পন্ন কৰি আহিছে।

হেইচনাম কানহাইলালৰ উত্তৰসূৰী হিচাপে কাম আৰম্ভ কৰা শুক্ৰাচাৰ্য ৰাভাই নিজলৈ বুলি এটা সুকীয়া বাট কাটিলে। সেই পৰিভাষাক সম্পৃক্ত কৰিবলৈ তেওঁৰ নিজাববীয়া কিছু উদ্ভাৱন আৰু উপাদান আছিল। যেনে ভূমি মঞ্চ, ৰাভা নৃগোষ্ঠীয় উদ্দামতা (ethnic turbulence), প্ৰকৃতিগত আৱেশৰ ব্যৱহাৰ , কৃত্ৰিম পোহৰ, শব্দযন্ত্ৰ নাকচ কৰাৰ সম্পৰীক্ষা, সীমিত সংলাপৰ বিপৰীতে শৰীৰী মুদ্ৰা আৰু ভংগিমাৰ ব্যৱহাৰ ইত্যাদি। এই বস্তুগত দিশবোৰৰ উপৰিও আন বহু উপাদান আছে যি সম্প্ৰতি প্ৰচলিত নাট্য চিন্তনতকৈ পৃথক। যি অদূৰ ভৱিষ্যতে আমাক পাৰ্ফমেন্সৰ নিজা আৰু অনন্য ভাষা এটাৰ স্বপ্ন দেখুৱাব পাৰে। শুক্ৰাচাৰ্য ৰাভাৰ অকাল বিয়োগে সেই গতিধাৰাৰ এটা ভয়ংকৰ ক্ষতি সাধন কৰিলে বুলি আমি এই ক্ষণত বাৰুকৈয়ে অনুভৱ কৰিছো। এই সন্দৰ্ভত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আৰ্ট এণ্ড এস্থেটিকচ বিভাগৰ মুৰব্বী অধ্যাপক এইচ এচ শিৱপ্ৰকাশৰ ভাষ্য এনেধৰণৰ - “Though Sukracharjya had a long way to go still, his achievements in the last decade have been phenomenal. He was able to convert a tiny village into an important site for developing a regional theatre culture that could meet both national and international theatre cultures head on…” একেটা প্ৰবন্ধতে এইচ এচ শিৱপ্ৰসাদে লিখিছে - “The driving force behind the meteoric emergence of a cultural movement in a most unlikely place, he was on the threshold of a new beginning with greater potential. His confidence and commitment had the support of theatre people from all over India. Theatre institutions and scholars from abroad began to recognize his unique work…” [The wire.in. 22 June 2018].

শুক্ৰাচাৰ্য ৰাভাৰ নাটকৰ শৈলীক বিশ্লেষণ কৰি অভিভূত হোৱা Centre for performance research, Walesৰ আৰ্টিষ্টিক ডাইৰেক্টৰ ৰিচাৰ্ড গ’ (Richard Gough)য়ে লিখিছিল - "Of the many images that I will return to Wales from Assam, I choose three that are specially resonant and with resonant being the operative word here resounding in sound but also reverberating on my retina on my mind’s eye. Image one - The theatre in the jungle…..”

“I would like to do an improvisation around five words – Disorientation, Bewilderment, Interruption, Turbulence and Contagion or infection (Transcribed by Sumitra Thoidingjam, sources –Kalakshetra Manipur Archive” - এই পাঁচোটা শব্দৰ দ্বাৰা শুক্ৰাচাৰ্য ৰাভাৰ থিয়েটাৰ শৈলীক অভিহিত কৰিব খোজা ৰিচাৰ্ড গ’ৱে ইয়াক অনবদ্য হিচাপে স্বীকাৰ কৰিছে।

নিজা শৈলী তৈয়াৰ কৰি প্ৰান্তীয় কণ্ঠস্বৰ মূৰ্ত কৰিব খোজা বাদুংদুপ্পাৰ কৰ্মৰাজিয়ে এই ভূখণ্ডৰ পাৰ্ফৰ্মিং আৰ্টৰ এটা সুন্দৰ ভৱিষ্যত আমাৰ সন্মুখলৈ আনি দিছে। পশ্চিমীয়া শৈলীৰ অনুকৃতি, চৰ্বিত চৰ্বন আৰু সৰিৎ সাৰশূন্যতাৰ বিপৰীতে ই আহি থকা সময়ত এটা নিজা প্ৰতীক হ’ব বুলি আমি আশাবাদী। এই শৈলীয়ে সকলো বায়’নেৰি জড়তাৰ পৰা মুক্ত হৈ সাংস্কৃতিক অৱদমনৰ বিপৰীতে উজ্জ্বল স্থিতি সাব্যস্ত কৰক, আমি আশাবাদী।

Share Button
Print Friendly, PDF & Email

No Comments : "মূলসুঁতীয়, প্ৰান্তীয়, বাদুংদুপ্পা ইত্যাদি - (নীলোৎপল বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *