বজৰংগী ভাইজান : ‘জয় বজৰংগ বলী, তোড় দে দুশ্মন কি নলী’ ...

সুউচ্চ দেৱালস্বৰূপ বৰফাবৃত এটি ঢকঢকীয়া বগা পৰ্বত আৰু ঠিক তাৰ পাছৰ দৃশ্যত ৰৌদ্ৰোজ্জ্বল প্ৰভাতী সূৰ্য। 'বজৰংগী ভাইজান'ৰ এয়াই আৰম্ভণি দৃশ্য। পৰ্বতৰ ওপৰেৰে কেমেৰা আগ বাঢ়ি যায়। বৰফৰৰ চাদৰেৰে আবৃত চাৰিওফালৰ সুউচ্চ পৰ্বতমালা, ৰৌদ্ৰস্নাতা প্ৰকৃতিৰ বিহংগম চলন্ত দৃশ্য আৰু বেকগ্ৰাউণ্ডৰ সংগীতে দেহ-মন শিহৰিত কৰি তোলে। কিছু পাছতেই দৰ্শকে অৱতৰণ কৰে পাকিস্তানৰ এখন অপূৰ্ব সুন্দৰ গাঁৱত! নাম - ছুলতানপুৰ। চিনেমাৰ স্ক্ৰিনত ছুলতানপুৰ (পাকিস্তান) বুলি লিখি নিদিলে কোনেও ধৰিব নোৱাৰিব সেয়া যে ভাৰতৰ কাশ্মীৰৰ কোনোবা এখন গাঁও নহয়। আৰম্ভণিৰ দৃশ্যত আমি দেখিলোঁ যে দুই দেশৰ দুই ভূখণ্ডক একাকাৰ কৰি ৰাখিছে প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ দৃশ্যই। আনহাতে, শেষৰ দৃশ্যত দেখিবলৈ পোৱা যায় যে দুই দেশৰ জনতা গোট খাই ভাঙি পেলাইছে মানুহ-নিৰ্মিত কাঁইটীয়া তাঁৰৰ বেৰা। বাস্তৱত নহ'লেও 'বলিউড'ত, বিশেষকৈ ছলমান খানৰ চিনেমাত সকলো সম্ভৱ!

ছুলতানপুৰ গাঁওখন চিনেমা হলত চাই আহি মানচিত্ৰত (গুগল আৰ্থত) বিচাৰি চালোঁ। পাকিস্তান অধিকৃত আজাদ কাশ্মীৰৰ সীমান্তৱৰ্তী ঠাই। চিনেমাত দেখাৰ দৰেই অতি সুন্দৰ। ওচৰেৰে বৈ গৈছে একা-বেঁকা ঝিলাম নৈ। ঝিলাম গৈ বাগৰিছে সিন্ধু নদীত - ঋকবেদৰ সপ্তসিন্ধুত! কেতিয়াবা ভাব হয় - মোহম্মদ আলি জিন্নাৰ দৰে ব্যক্তি এজনে পাকিস্তানৰ নাম 'সিন্ধুস্তান' (Industan) নকৰি পাকিস্তান কিয় কৰিলে? যি প্ৰাচীন ভূখণ্ড আৰু নদীৰ সৈতে হৰপ্পা-মহেঞ্জোদাৰৰ সভ্যতা জড়িত হৈ আছে সেই প্ৰাচীন ভূখণ্ডৰ হৈয়ো নিজৰ দেশৰ নাম দিলে এটা তেনেই নতুন নাম – পাকিস্তান। তাতে নামৰ আৰু কামৰ একো মিল নাই! পাকিস্তান নামটো শুনিলেই এখন তেনেই নতুন ভূখণ্ড যেন লাগে। 'ভাৰত' বা 'ইণ্ডিয়া' নামত যি এক সুপ্ৰাচীন সভ্যতাৰ এক গভীৰতা অনুভৱ কৰা যায়, পাকিস্তানৰ মানুহে সেই সুযোগ পায়ো যেন চিৰদিনৰ বাবে হেৰুৱালে! ভাবিলে আচৰিত লাগে – ১৯৪৭ চনলৈ যি নদী ভাৰতবৰ্ষৰ বুকুৰে বৈ গৈছিল, যি নদী কুলকুলকৈ এতিয়াও বৈ গৈ আছে ঋকবেদৰ পাতে পাতে, সেই সপ্তসিন্ধু ধৰ্মৰ নামত আঁতৰি গ'ল ভাৰতৰপৰা। কি বিড়ম্বনা! যি হিমালয়ৰ বুকুত চতুৰ্বেদৰ শ্লোকবোৰ নিগৰিত হৈছিল, সেই হিমালয়ৰ অংগও নাই আমাৰ সৈতে। বেদৰ উৎপত্তি সিন্ধু উপত্যকাত; গংগা, যমুনা বা ব্ৰহ্মপুত্ৰ উপত্যকাত নহয়। সেয়ে হয়তো বেদত এই নদীবোৰৰ কোনো উল্লেখ নাই।

দেশ ভাগ ভাগ হ'লেও দুই দেশৰ জনতা যে এতিয়াও সম্প্ৰীতিৰে থাকিব বিচাৰে – সেই বাৰ্তাটোক মূল কেন্দ্ৰ কৰি নিৰ্মাণ কৰা 'ৰ্বজৰংগী ভাইজান' এখন হৃদয়-পৰশা উদ্দেশ্যধৰ্মী বোলছবি। দুইখন দেশৰ জটিল সমস্যবোৰক ইয়াত গঠনমূলকভাৱে উপস্থাপন কৰা হৈছে। হিৰো আৰু ভিলেইনৰ মাজৰ গালি-গালাজ, অবিশ্বাস, ধাৰ্মিক তাচ্ছিল্য আদি ইয়াত নাই। অমৰীশ পুৰীৰ সলনি ওম পুৰী আৰু ছানী দেৱলৰ সলনি ছলমান খান! আমাৰ হিৰোৱে এইবাৰ পাকিস্তানীক মাৰি থৈ নাহে, মাৰ খাই আহে। মাৰ খাই আহিও তেওঁ জয়ী হয়, কাৰণ তেওঁ জয় কৰি আহে পাকিস্তানী লোকৰ হৃদয়। সেয়ে পাকিস্তানী জনতাই হিৰো পৱন কুমাৰ চতুৰ্বেদী ওৰফে বজৰংগীক নাম দিলে বজৰংগী ভাইজান। 'জান' মানে হৃদয়। মুখ্যধাৰাৰ হিন্দী চিনেমাত আৰ এছ এছ, বজৰং দল আদি হিন্দুত্ববাদী সংগঠনৰ সাধাৰণ সদস্যৰ আৰু পাকিস্তানৰ মৌলবী, পুলিছ, সাংবাদিক আদিৰ মানৱীয় দিশক মূল ভেটি হিচাপে লৈ নিৰ্মাণ কৰা চিনেমা খুবেই বিৰল। ছাহৰুখ খান অভিনীত 'ৱীৰ-জাৰা' নামৰ চিনেমাখন বাদ দিলে ভাৰত-পাকিস্তান চিনেমা মানেই মৰা-মৰি, গালা-গালি আৰু আক্ৰমণ। সেইবোৰ চিনেমাই খন্তেকৰ তেজ গৰম কৰাই দৰ্শকক হয়তো আমেজ যোগাব পাৰে, কিন্তু ক্ষতি কৰে সুদূৰ-প্ৰসাৰী।

'বজৰংগী ভাইজান'ত হিন্দু-মুছলমান দুয়ো সম্প্ৰদায়ৰ মাজত থকা কিছুমান নিগেটিভ দিশ আমোদৰ মাজেৰে গ্ৰহণযোগ্যকৈ দেখুৱাব পৰাটো চিনেমাখনৰ আটাইতকৈ উল্লেখযোগ্য দিশ। ইয়াত 'শাখা'ৰ কাৰ্যপন্থা বা আদৰ্শৰ কিছু দিশ তুলি ধৰিছে যদিও (ৰাজনৈতিক) হিন্দুত্ববাদ আৰু হিন্দু ধৰ্মক পৃথকাই ৰাখিবলৈ যত্ন কৰা হৈছে। ছলমান খান অৰ্থাৎ পৱন চতুৰ্বেদীৰ ভাবী শহুৰে ('শাখা' পৰিচালক!) পাকিস্তান আৰু পাকিস্তানীক সহ্য কৰিব নোৱাৰে। এজন ব্ৰাহ্মণ্যবাদী বিশুদ্ধ নিৰামিষভোজী। মাংসাহাৰীক ঘৃণা কৰে। চুবুৰীয়া মোহম্মদান পৰিয়ালৰ প্ৰতি তীব্ৰ ঘৃণা। খান-পান নিমিলে বাবে মুছলমানক ভাৰাঘৰ নিদিবলৈ কাঢ়া নিৰ্দেশ। আন ধৰ্মৰ প্ৰাৰ্থনা গৃহত (মছজিদত) প্ৰবেশ কৰাটো পাপ জ্ঞান কৰে। হনুমান ভক্ত পৱন চতুৰ্বেদীৰ গাতো বৰ্ণ-সচেতনতা পূৰা মাত্ৰাই বিৰাজমান। তাৰ বিপৰীতে পত্নী আৰু জীয়ৰী ৰচিকা (কৰীণা কাপুৰ) এইবোৰ কথাত শিথিল। ঘটনাক্ৰমে পাকিস্তানৰপৰা অহা ছবছৰীয়া কণমানি মুন্নীয়ে তেওঁলোকৰ এই সকলোবোৰ কথা ওলট-পালট কৰি দিয়ে। মছজিদৰ ভিতৰত মুন্নীক দেখি পৱনৰ যেতিয়া ভাবী শহুৰেকৰ কথা ভাবি থৰকাছুটি হেৰুৱায় - ৰচিকাই পৱনক ধমক দি বুজায় – ‘মই তোমাক কিয় ভাল পাওঁ তুমি জানা? কাৰণ তোমাৰ অন্তৰখন বহুত চাফা। পৰৰ ধৰ্ম, পৰৰ মানুহ এইসব বাজে কথা। এইবিলাক অদৰকাৰী কথাত সময় নষ্ট নকৰিবা, পৱন। দেউতাৰ আগত বেছিকে ক'ব নোৱাৰো, কিন্তু তোমাকতো ক'ব পাৰো মই। ব'লা মুন্নীক লৈ আনো (মছজিদৰপৰা)।”

মুন্নীক লগত লৈ বজৰংগী পাকিস্তানত প্ৰবেশ কৰাৰ পিছত হনুমানভক্ত পৱনৰ সৰলতা, সত্যতা আৰু মানৱীয়তাৰ বাবে পাকিস্তানী জনতাই তেওঁক পদে পদে সহায় কৰা দেখুওৱা হয়। মৌলানাৰ ভাওত ওম পুৰীৰ চৰিত্ৰ মন কৰিব লগীয়া। দৃশ্য এটাত পুলিচৰপৰা বাচিবলৈ পাকিস্তানৰ মছজিদ এটাত পৱনহঁত লুকাই থাকে। পৱনক বিচাৰি অহা পাকিস্তানী পুলিচে মৌলানাক সোধে - কোনোবা অচিনাকী ব্যক্তি মছজিদত আছে নেকি? 'অশ্বথামা হত ইতি গজ'ৰ লেখীয়াকৈ মৌলানা চাহাবে হাঁহি হাঁহি কৌশলেৰে উত্তৰ দিয়ে – 'আল্লাহৰ ঘৰত কোনো অচিনাকী নাথাকে'৷ মৌলানাৰ কথা শুনি পুলিচৰ দল গুচি যায়। হিন্দী চিনেমাত সাধাৰণতে দেখুওৱাৰ দৰে পাকিস্তানী মৌলানাক ইয়াত ভাৰতবিদ্বেষী গোড়া মৌলবাদী ধাৰ্মিক হিচাপে দেখুওৱা হোৱা নাই। বৰং তেওঁ এজন অসহায় হিন্দুস্তানীক সহায়হে কৰিছে। দিল্লীৰ হজৰত নিজামুদ্দিন আউলিয়াৰ দৰগাহ আৰু পাকিস্তানৰ 'হজৰত আমিন ছাহৰ দৰগাহ'ৰ অন্তৰ্ভুক্তিয়ে চিনেমাখনত দুয়ো দেশৰ ছুফিবাদী উদাৰ ইছলামিক ধাৰাক প্ৰতিফলিত কৰিছে। দৃশ্য এটাত মছজিদৰ বাহিৰত ৰৈ থকা পৱনক ভিতৰলৈ মাতি মৌলানাই কয় – 'এয়া সবৰ বাবে খোলা, সেয়ে মছজিদত মই তলা নলগাওঁ'। বিদায়ৰ সময়তো মৌলানাই 'আল্লাহ-হাফিজ’ কোৱাৰ সলনি ‘জয় শ্ৰী ৰাম’ বুলি কৈহে বজৰংগীক বিদায় দিয়ে। 'বন্দে মাতৰম'ৰ দুটিমান আৰম্ভণি পংক্তি উচ্চাৰণ কৰিবলৈ টান পোৱা আমাৰ দেশৰ কিছুমানে 'বৰৰংগী ভাইজান'ৰ মৌলানাৰপৰা নিশ্চয় শিক্ষা ল'ব পাৰে। ধৰ্মনিৰপেক্ষতা বজাই ৰাখিবলৈ হ'লে মুছলমানৰো নিশ্চয় কিছুমান কৰ্তব্য আছে। কিছু এৰা-ধৰা হিন্দু-মুছলমান সকলোৱে কৰিব লাগিব। অৱশ্যে জোৰ-জবৰদস্তি কৰা অনুচিত। ‘জয় শ্ৰী ৰাম’, ‘জয় বজৰংগ বলী’, ‘আল্লাহু আকবৰ’ (ঈশ্বৰ মহান) - এই পংক্তিবোৰ হৈছে অতি পৱিত্ৰ ঈশ্বৰ প্ৰশংসা। কিন্তু কিছুমান কট্টৰবাদী ফেনাটিকে এই পংক্তিবোৰৰ পদে পদে অপপ্ৰয়োগ কৰে। ধ্বংসাত্মক কাৰ্যত সততে উচ্চাৰণ কৰে। সাম্প্ৰাদায়িক সংঘৰ্ষ হ'লে, নৰ হত্যাকাৰীবোৰে এইবোৰ পংক্তি ধ্বনি দি পৰিস্থিতি উত্তেজিত কৰিবলৈ চেষ্টা কৰে। বহু ক্ষেত্ৰত সফলো হয়। আইছিছে ছিৰিয়াৰ ৰাক্কা আৰু ইৰাকৰ মোছুলৰ হাজাৰ বছৰ পুৰণি সৌধবোৰ যেতিয়া কোবাই কোবাই ভাঙিছিল – 'আল্লাহু আকবৰ' ধ্বনি দিছিল। 'জয় শ্ৰী ৰাম'ৰ দৰে পৱিত্ৰ পংক্তিৰো কেতিয়াবা তেনেকুৱা ধ্বংসাত্মক কাৰ্যত অপ-প্ৰয়োগ হোৱা দেখা যায়। 'বজৰংগী ভাইজান'ত কিন্তু পৱনৰূপী ছলমান খানে 'জয় শ্ৰী ৰাম'ৰ প্ৰকৃত তাৎপৰ্য, অৰ্থাৎ সকলোৰে হৃদয়ত যে 'শ্ৰীৰাম'ৰ সত্তা বিৰাজমান, সেয়া দৰ্শকক ভাবিবলৈ বাধ্য কৰায়। (শৃগাল-কুকুৰ-গৰ্ধবৰো আত্মা ৰাম।) পাকিস্তানীসকলকো সেয়া দেখুৱাই থৈ আহে। ভাৰতীয়সকলেও সেয়ে এইবোৰ পাহৰা উচিত নহয়। বজৰংগীৰ হৃদয়ৰ পৱিত্ৰতা আৰু সৰলতাৰ বাবেই তেওঁৰ 'জয় বজৰংগ্ বলী, তোড় দে দুশ্মন কি নলী’ বুলি দিয়া ভংগিমা চাই দৰ্শকৰ মাজত হাঁহিৰ ৰোল উঠে। পৱন কুমাৰ ওৰফে বজৰংগী দেখাত 'বুৰ্বক, নালায়ক, ব্লাডী-ফুল' হ'লেও কিন্তু ছেল্ফি তোলা এজন আধুনিক ভক্ত। পুৰণিকলীয়া ভক্ত নহয়। ছেল্ফি তুলি গান গায় - ‘ছেল্ফি লে লেৰে...’। যি ধৰ্মপন্হাতে বিশ্বাসী নহওক, হৃদয়ত সহিষ্ণুতা আৰু প্ৰেম থাকিলেহে সকলোৱে আঁকোৱালি লয়, বজৰংগবলীৰ ভক্ত পৱন কুমাৰৰদ্বাৰা সেয়াই প্ৰস্ফুটিত হৈছে।

বোৰ্খা পৰিহিত ছলমান খানৰ চৰিত্ৰটো মন কৰিব লগীয়া। অপ্ৰাসংগিক যেন লাগিলেও ইয়াৰপৰা দৰ্শকে এটা কথা সহজে অনুমান কৰিব পাৰে যে বোৰ্খা পিন্ধি মানুহে ইচ্ছা কৰিলে নিজৰ পৰিচয় সহজতে লুকুৱাব পাৰে। অপৰাধ কৰি পুলিচৰ চকুত ধুলি মাৰি অনায়সে পলাই পত্ৰং দিব পাৰে। এটিএম লুটিব পাৰে। গোপনে বোমা কঢ়িয়াব পাৰে। বোৰ্খা পিন্ধি পুৰুষ-মহিলা, হিন্দু-মুছলিম যিকোনো ব্যক্তিয়েই ভয়ংকৰ অপৰাধ কৰি পলাই সাৰিব পাৰে। কেইদিনমান পূৰ্বে অমুছলমান ব্যক্তি এজনে বোৰ্খা পিন্ধি মন্দিৰত গো-মাংস দলিয়াই ধৰা খোৱাৰ চিত্ৰ ছ’চিয়েল মিডিয়াত ভাইৰেল প্ৰচাৰ হৈছিল। একাংশ ধৰ্মান্ধ মুছলমানৰ বাদে কোনেও বোৰ্খাৰ সমৰ্থন নকৰে। এই হলৌ-মলৌ আৰবৰ পোছাকবিধে অন্য ধৰ্মৰ মানুহৰ আগত মুছলমানৰ ভাবমূৰ্তি, বিশেষকৈ মুছলমান মহিলাৰ ভাবমূৰ্তি বহু পৰিমাণে লাঘৱ কৰিছে। বোৰ্খা, হিজাব, নিকাবৰ মাজৰ পাৰ্থক্য জানি-বুজিয়ে এই কথা কোৱা হৈছে। ভাৰতীয় মুছলমানে ৰাস্তাত ওলাই আহি 'আইছিছ'ক যিমানেই ধিক্কাৰ নিদিয়ক কিয়; যদি এই 'বোৰ্খাময়' মানসিকতাৰ বিৰুদ্ধে জোৰদাৰ আৱাজ নিদিয়ে আৰু ব্যৱস্থা নলয় – ইছলামৰ গাত লগা দাগ কেতিয়াও মোচন নহয়। 'আইছিছ'ক গালি দি কোনেও সিহঁতৰ চুলি এডালো বেঁকা কৰিব নোৱাৰে; কিন্তু হাত-ভৰি-মুখ-মাথা ঢকা বোৰ্খা নামৰ বিদেশী পোছাকবিধৰ সৈতে সাঙুৰ খাই থকা ধৰ্মীয় মতান্ধতাৰ বিৰুদ্ধে মুছলমানৰ মাজত নিশ্চয় সজাগতা সৃষ্টি কৰিব পৰা যাব। মুছলমানে যদি নিজেই নিজৰ ভাবমূৰ্তি ঠিক নকৰে কোনেও কৰি দিব নোৱাৰে। 'বজৰংগী ভাইজান'ত বোৰ্খা পৰিহিত পৱন কুমাৰে সংগী চান্দ নৱাবক বিৰক্তিৰে সৈতে কয় – 'মই এইটোৰ ভিতৰত থাকিব নোৱাৰোঁ। না উশাহ ল'ব পাৰি, না খোজ কাঢ়িব পাৰি'। বোৰ্খা সমৰ্থন কৰা ভাৰতীয় পুৰুষসকলে কেইদিনমানৰ বাবে এই অন্ধকাৰ পিঞ্জৰাবিধৰ ভিতৰত নিজে সোমাই চাব লাগে। মৰুৰ দেশ আৰবত পুৰুষ-মহিলা উভয়ে বোৰ্খা নিপিন্ধে জানো!

চিনেমাখনত আমাৰ সমাজৰ আন এটি সমস্যা দেখুওৱা হৈছে। যিটো পাকিস্তানতো আছে। চিনেমাৰ আৰম্ভণিত ছুলতানপুৰত এজুম মানুহে ভাৰত-পাকিস্তানৰ লাইভ ক্ৰিকেট খেল চাই থাকে। চিনেমাৰ মূল নায়িকা মুন্নী তেতিয়া মাকৰ গৰ্ভত। মুন্নীৰ মাকেও খেল চাই আছে। ছাহিদ আফ্ৰিদীয়ে বাউণ্ডেৰি কোবোৱাৰ লগে লগে মুন্নীয়ে মাকৰ গৰ্ভত খুন্দা এটা মাৰে। মাকৰ কাষৰ মহিলাগৰাকীয়ে জোকোৱাৰ সুৰত কয় – 'এনে লাগিছে, তোৰ ল'ৰাটো ওলাবলৈ বৰ বেতাব হৈ আছে! ... কিবা নাম ভাবিছ নেকি?’ মাকে টিভিত ছাহিদ আফ্ৰিদীলৈ চাই মূৰ দুপিয়াই কয় – 'ছাহিদ'। কন্যা সন্তানো যে গৰ্ভত থাকিব পাৰে কোনেও যেন ভবাই নাই। পিছে সেয়াই হয়। সন্তানৰ নাম 'ছাহিদ'ৰ সলনি হয় গৈ 'ছাহিদা'। এইখিনিতে চিনেমাখনৰ এক চকুত পৰা ত্ৰুটিৰ কথা উল্লেখ কৰিব পাৰি। টিভিত ক্ৰিকেট খেলখন ‘ষ্টাৰ স্প’ৰ্টছ ওৱান’ চেনেলত লাইভ চলি থকা দেখুওৱা হয়। কিন্তু যিটো সময়ৰ কথা দেখুওৱা হয় সেই সময়ত (ছয় বছৰ আগত) এই চেনেলটো নাছিলেই। তেতিয়া আছিল 'ষ্টাৰ স্প’ৰ্টছ' চেনেল। ২০১৩ চনতহে 'ষ্টাৰ স্প’ৰ্টছ'ৰ নাম সলনি হৈ ‘ষ্টাৰ স্প’ৰ্টছ ওৱান' হয়। আনহাতে, খেলখন টিভিত লাইটৰ পোহৰত অৰ্থাৎ ৰাতিৰ ভাগত খেলি থকা দেখুওৱা হয় যদিও ছুলতানপুৰৰ মানুহে দিনৰ ভাগতেই চাই থাকে খেলখন। খেলৰ ধাৰাভাষ্যকাৰীয়েও ৪৯.৩ অভাৰতে অৰ্থাৎ তিনিটা বল বাকী থাকোতেই ভাষ্য দিয়ে – ‘ঔৰ ইয়ে আখৰি বল’! চিনেমাখনত আৰু কিছু ত্ৰুটি আছে। পাকিস্তানৰ বুলি দেখুওৱা ঠাইবোৰো পাকিস্তানৰ নহয়, ভাৰততে চিত্ৰায়ণ কৰা। বিনোদনমূলক বাণিজ্যিক চিনেমা হিচাপে সেইবোৰ ধৰ্তব্য নহয় বুলি বিবেচনা কৰিব পাৰি৷

‘বজৰংগী ভাইজান’ ৰিলিজ দিয়াৰ পূৰ্বে বজৰংগ দলৰ কিছুমান সদস্যই চিনেমাৰ নামটোক লৈ হাংগামা কৰাৰ বাতৰি ওলাইছিল। চিনেমাৰ নামত অন্তৰ্ভুক্ত 'ভাইজান' শব্দটোই হেনো বজৰংগবলীৰ অপমান কৰিছিল। পাকিস্তানৰ ফেনাটিকছ কিছুমানেও পাকিস্তানত চিনেমাখনৰ ৰিলিজৰ প্ৰতিবাদ কৰিছিল। আপত্তিবোৰ আছিল - হনুমানভক্ত এজনে মছজিদত সোমাইছে, মৌলানাই 'জয় শ্ৰী ৰাম' কৈছে, পাকিস্তানৰ ভাবমূৰ্তি নষ্ট কৰা হৈছে ইত্যাদি। কিন্তু দুয়ো দেশৰ সাধাৰণ দৰ্শক ৰাইজে চিনেমাখনক বিপুলভাৱে আঁকোৱালি ল'লে। সকলোৰে হৃদয় জয় কৰিলে। ভালেকেইবছৰ পূৰ্বে হিন্দুত্ববাদী দল-সংগঠন কিছুমানে ছলমান খানক তেওঁৰ চাৰিত্ৰিক দোষ আৰু অপৰাধৰ অভিযোগ তুলি 'ৰামায়ণ' নামৰ নিৰ্মাণ হ'ব লগীয়া চিনেমা এখনত ৰামৰ চৰিত্ৰত অভিনয় কৰিবলৈ দিয়া নাছিল। 'বজৰংগী ভাইজান'ত ছলমানে ৰামৰ প্ৰিয়তম ভক্ত হনুমানৰ পৰম ভক্ত পৱনৰ অভিনয় কৰি সকলো দাগ যেন মোচন কৰিলে! 'ফাৰ্ষ্টপোষ্ট' নামৰ ইংৰাজী নিউজ ছাইটটোৱে লিখিলে –“বজৰংগী ভাইজান' ভক্তসকললৈ ছলমান খানৰ ঈদৰ উপহাৰ"। অপৰাধৰ চেকা লগা অভিনেতাবোৰে দুখনমান 'ভাল' চিনেমাৰ জৰিয়তে এইদৰেই জনতাৰ হৃদয় জয় কৰিবলৈ সক্ষম হয়। 'মুন্না ভাই এম বি বি এছ' আৰু 'লগে ৰহো মুন্না ভাই'ৰ দৰে চিনেমাত অভিনয় কৰি সঞ্জয় দত্তয়ো নিজৰ অপৰাধী ভাবমূৰ্তি সলনি কৰিবলৈ সক্ষম হৈছিল। যি কি নহওক, আধুনিক যুগত প্ৰকৃত ধৰ্মৰ উদ্দেশ্য যে পৰধৰ্মবিদ্বেষ নহয়, প্ৰেম আৰু মানৱতাহে, কণমানি ছাহিদা ওৰফে মুন্নীয়ে 'বজৰংগী ভাইজান'ৰদ্বাৰা আমাক শিকাই থৈ গ'ল। প্ৰায় একেটা কথাকে আমাক শিকাই থৈ গৈছিল আমীৰ খান অভিনীত 'পিকে' চিনেমাখনত অন্য গ্ৰহৰ পৰা অহা 'এলিয়ান' এটাই। প্ৰেম, অহিংসা, সহনশীলতা, মানৱতাৰ বিষয়ে আমাক কণমানি শিশু বা এলিয়ান এটাই চিনেমাৰ মাধ্যমেৰে আহিহে যে বুজাব লগীয়া হয়, সেয়া কম ভাবিব লগীয়া কথানে?

লেখক : আবিদ আজাদ

Share Button
Print Friendly, PDF & Email

No Comments : "বজৰংগী ভাইজান : ‘জয় বজৰংগ বলী, তোড় দে দুশ্মন কি নলী’ ..."

Leave a Comment

Your email address will not be published. Required fields are marked *