পৰিবেশ-প্ৰকৃতি

বালিমাহী বালিমাহী (নন্দ গগৈ)

২০১৩ চনৰ কথা। দেওবাৰ। আগবেলাৰ পৰা দুপৰীয়ালৈ কিনকিনীয়া বৰষুণ। আবেলি পৰত যোৰহাট ষ্টেডিয়ামৰ গেলেৰীত বহি বহি এটা কথা মন কৰিলোঁ— পাতলীয়া বনেৰে ‌ঢকা সেমেকা খেলপথাৰত যোৰ বান্ধি কিছুমান বগা ৰঙৰ বালিমাহী চৰাই ; সিহঁত চাৰিও দিশৰ পৰা উৰি উৰি আহি খেলপথাৰত পৰিছেহি। খেলাত মগ্ন হৈ থকা চেমনীয়াসকলৰ মাজে মাজে, ইফালে সিফালে ঘূৰি ফুৰি চৰাইবোৰ খাদ্যৰ সন্ধানত ব্যস্ত। গোটেই ষ্টেডিয়ামখনত পঞ্চাছৰো অধিক বালিমাহী চৰাই বিচৰণ কৰি থকা দেখা পাইছিলোঁ।

এটি সুন্দৰ চৰাই বালিমাহী। শাৰদীয় বতৰত ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া অঞ্চল যেনে নিমাতিঘাট, ককিলামুখ আদিৰ বালিচৰত যোৰ বান্ধি বালিমাহী চৰাইৰ বিচৰণ প্রায়েই দেখোঁ। মোৰ কর্মস্থলী অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট চৌহদৰ গৱেষণা আৰু প্রশিক্ষণমূলক পামত ট্রেক্টৰে হাল বাই যোৱা মাটিত বহুতো বালিমাহী চৰায়ে খাদ্যৰ সন্ধানত বিচৰণ কৰা সাধাৰণতেই দেখিবলৈ পাওঁ। এই দৃশ্য সঁচাই বৰ উপভোগ্য। এটা দলে খাদ্যৰ সন্ধানৰ বাবে মুকলি আকাশত চিপ্‌-চিপ্‌কৈ মাত মাতি আগ বা‌ঢ়িলে, ওচৰ-পাজৰৰ বাকী বালিমাহী চৰাইবোৰেও কথাটোৰ উমান পায়। লগে লগে সিহঁতে আগৰকেইটাক অনুসৰণ কৰি চহাবলৈ লোৱা মাটিত খাদ্যৰ সন্ধানৰ বাবে অগ্রসৰ হয়। তেনে কৰোঁতে, বগী বালিবাহীবোৰে যোৰ বান্ধি আৰু হালধীয়া বালিমাহীবোৰে চাৰি-পাঁচটাকৈ জাক পাতি অহা-যোৱা কৰে।

শৰত কাল অহাৰ লগে লগে মাটি শুকাবলৈ ধৰা ধাননি, কিনকিনীয়া বৰষুণৰ পিছত মুকলি ঠাই, নৈৰ কাষৰ পানী কমি ওলাই পৰা বালিচৰ, বিল আদি জলাশয়ৰ কাষ, আমাৰ চৌপাশৰ আলি-পদুলি আদিত বালিমাহী চৰাইবোৰ সাধাৰণতেই দেখিবলৈ পাওঁ। অশান্ত নেজৰ বালিমাহী চৰাইবোৰে যোৰ বান্ধি পোক-পতংগৰ সন্ধানত উৰি ফুৰাটো শীত কালৰ এটা নিত্য-নৈমিত্তিক দৃশ্য।

আমাৰ অঞ্চললৈ বহুতো পৰিভ্ৰমী চৰাইৰ আগমন ঘটে শীতকালত। দেওহাঁহ, ধৃতৰাজ, চাকৈচকোৱা, দীঘলনেজী, আমৰলীয়া, মুগী, খন্তিয়া, ঘিলা, বালিটোকা, লৰিয়ালী, চোহা চৰাই, এৰাখাতি, শিলকতৰা, ক’লা চমকা, চাতক আদি তাৰ উদাহৰণ। তেনে নানাবিধৰ চৰাইৰ দৰেই, শৰতকালৰ আগমনৰ সময়তে আমাৰ ইয়াত ভুমুকি মাৰে বালিমাহী চৰাইবোৰে। বালিমাহী চৰাইৰ উপস্থিতিয়ে যেন আমাৰ মাজলৈ শীতৰ আগমনৰ বতৰা কঢ়িয়াই আনে। পক্ষীবিদসকলৰ মতে সুউচ্চ হিমালয় পাৰহৈ সুদূৰ চাইবেৰীয়া, মংগোলিয়া, চীন, জাপান, কোৰিয়া, উত্তৰ ইউৰোপ, কাস্পিয়ান সাগৰ, বৈকাল হ্রদ, ভল্লা নৈ, পশ্চিম হিমালয় অঞ্চল, কাশ্মীৰ আদি ঠাইৰ পৰা এই চৰাইবিধৰ বহুকেইটা প্ৰজাতিয়ে আমাৰ ইয়াত দেখা দিয়েহি।

অক্টোবৰ মাহৰ প্ৰথম ভাগৰ পৰা এই চৰাইবিধৰ নানা প্রজাতি আমাৰ অঞ্চলত ভালদৰে দেখা যায়। অৱশ্যে ছেপ্টেম্বৰ মাহৰ শেষ ভাগৰ পৰাই ইহঁতৰ মাত আকাশে-বতাহে শুনিবলৈ পোৱা যায়। বগী বালিমাহী চৰাইৰ গাল আৰু মূৰৰ আগ অংশ সম্পূর্ণ বগা৷ মূৰৰ পিচ অংশৰ পৰা ডেউকাৰ মধ্যভাগলৈ ক’লা বৰণীয়া৷ নেজ ক’লা। বুকুত আকৌ এচমকা ক’লা দাগ। ডিঙি, পেট আৰু ডেউকাৰ কাষ বগা৷ মাইকী চৰাইজনীৰ বৰণ অৱশ্যে কিছু শেঁতা বৰণীয়া, ডেউকাৰ মধ্য ভাগলৈ পিঠিৰ বৰণ ধোঁৱা বৰণীয়া। ইহঁতক ইংৰাজীত কোৱা হয় White Wagtail বুলি। বৈজ্ঞানিক নাম Motacilla alba lucopsis।  এইবিধ চৰাই আমাৰ ইয়ালৈ আহে চীন, জাপান আৰু কোৰিয়াৰ পৰা। বসন্ত কালৰ পাছৰ উভতনি যাত্ৰাত এইবিধ বালিমাহীৰ মাইকী চৰাইজনীৰ বৰণৰ উজ্জ্বলতা বৃদ্ধি হয় ; পিঠিৰ পাখিবোৰৰ ৰং ক’লা হৈ মতা চৰাইটোৰ দৰে হোৱা দেখা যায়।

সচৰাচৰ দেখা পোৱা কাশ্মীৰ অঞ্চলৰ পৰা অহা বগী বালিমাহী চৰাইজনীৰ আগমূৰটো আৰু গাল বগা৷ পিচমূৰ, কাণ আৰু গলধন ক’লা বৰণৰ চৰাইটোৰ বৈজ্ঞানিক নাম Motacilla alba persometa । মতাটোৱে মাজে সময়ে অকলশৰে চৰি থকা দেখা যায়। মাইকী চৰাইজনী শেঁতা বৰণীয়া আৰু সিহঁতৰ গলধনত ক’লা বৰণটো অনুপস্থিত।

উত্তৰ-পূৱ চাইবেৰীয়াৰ পৰা পৰিভ্ৰমণ কৰা বগা বালিমাহী চৰাইবোৰৰ আগমূৰ আৰু গাল বগা৷ ঠোঁট আৰু চকুৰ সমান্তৰালকৈ মূৰৰ শেষ ভাগলৈ এডাল ক’লা ৰেখা দেখা যায়৷ ডেউকাৰ প্ৰথম আৰু দ্বিতীয় ভাগত দুডাল বগা ৰেখাৰ আঁচ পৰিলক্ষিত হয়। পিঠি আৰু মূৰ ধোঁৱা বৰণীয়া৷ নেজ ক’লা৷ ডিঙিৰ তল ভাগত এচমকা ক’লা দাগ দেখা যায়। ড° আনোৱাৰউদ্দিন চৌধুৰীৰ অসমৰ চৰাইৰ তালিকাত এবিধ দুৰ্লভ প্রজাতিৰ বালিমাহীৰ নাম পোৱা যায়। সেইবিধৰ বৈজ্ঞানিক নাম Motacilla alba ocularis

সেমেকা ঠাই আৰু পানী যুঁৱলীত ইষৎ হালধীয়া মূৰৰ অন্য এবিধ বালিমাহী চৰাই দেখিবলৈ পোৱা যায়। দেখা যায় যে শৰত কালত, অৰ্থাৎ আমাৰ ইয়ালৈ আগমনৰ সময়ত— এইবিধ বালিমাহীৰ গাল আৰু আগমূৰ হালধীয়া হৈ থাকে। লগতে ডেউকাৰ প্রথম আৰু দ্বিতীয় ভাঁজত দুডাল বগা পাখিৰ ৰেখা দেখা যায়। পিঠিৰ বৰণ ধোঁৱা বৰণীয়া আৰু পেট হালধীয়া। অন্যহাতেদি মাইকী চৰাইজনীৰ বৰণ শেতা। বুকু আৰু পেট বগা। মনকৰিবলগীয়া কথা, উভতনি যাত্ৰাৰ সময়ত, মার্চ মাহৰ পৰা ধোঁৱা বৰণীয়া মূৰটোৰ বৰণ সলনি হৈ ইষৎ হালধীয়া হ’বলৈ ধৰে। এইবিধ বালিমাহীয়ে সেমেকা ঠাই ভাল পায়। পানীৰে সিক্ত ধাননি, জলাশয়, বিল আদিত ইহঁতক চৰি ফুৰা দেখা যায়। অনুমান কৰিব পাৰি, এইবিধ চৰাই হয়তো হ্রদ আদি জলাশয়ৰ কাষৰ পৰাই আমাৰ ইয়ালৈ পৰিভ্ৰমণ কৰে। ইংৰাজীত ইয়াৰ নাম Citrine Wagtail আৰু বৈজ্ঞানিক নাম Motacilla citraola

হালধীয়া বালিমাহীবোৰ চাইবেৰীয়া, মংগোলীয়া, ভল্গা আৰু বৈকাল হ্রদৰ পৰা আমাৰ ইয়ালৈ আহে বুলি পক্ষীবিদসকলৰ ধাৰণা কৰে। আমাৰ অঞ্চলত দেখা পোৱাৰ সময়ত এইবিধ বালিমাহীৰ মূৰ আৰু পিঠি শিল বৰণীয়া হৈ থাকে৷ নেজ আৰু ডেউকাৰ পাখি ক’লা বৰণৰ৷ চকুত বগা চেলাউৰী দেখা যায়। ডিঙি, বুকু, পেট আদি বগা আৰু হালধীয়া৷ ইংৰাজীত Yellow Wagtail বুলি কোৱা এইবিধৰ বৈজ্ঞানিক নাম Motacilla flava । হালধীয়া বালিমাহীবোৰে বসন্তকালত দেহৰ সাজ সলাই মূগা বৰণটি লোৱা দেখা যায়। কোনোবাটোৰ মূৰ ক’লা বৰণৰ হয় আৰু কিছুমানৰ মূৰ মুগা বৰণৰ হোৱা দেখা যায়।

আমি আমাৰ অঞ্চলত বালিমাহী চৰাইবোৰ নিৰীক্ষণ কৰোঁতে কাণত ক’লা বৰণৰ আভাৰে এটা বগী বালিমাহী দেখা পাইছিলো। ইহঁতৰ মতা আৰু মাইকী উভয়ৰে কাণত অলপ ক’লা বৰণ দেখা যায়। অৱশ্যে মতা চৰাইটোৰ পিঠি বেছি ক’লা বৰণীয়া৷ চৰাইটোৰ বিষয়ে সবিশেষ বিচাৰিও কোনো তথ্য পোৱা নগ’ল। আনহাতে মূৰৰ আগ অংশ বগা, পিছমূৰ আৰু গলধন ক’লা, চকুত বগা চেলাউৰীৰে ক’লা-বগা এবিধ পখৰা বালিমাহী আছে। এইবিধৰ ইংৰাজী নাম White Wagtail, বৈজ্ঞানিক নাম Motacilla alba  alboides। এইবিধ বালিমাহী আমি এতিয়ালৈকে দেখা পোৱা নাই।

বালিমাহী চৰাইবোৰ বসন্তকালৰ বৰষুণজাকৰ পিচৰ পৰাই আমাৰ অঞ্চলৰ পৰা নোহোৱা হয়। আৰম্ভ হয় সিহঁতৰ পৰিভ্রমণ।

প্রাকৃতিক প্রদূষণ আৰু জৈৱ-বৈচিত্র্যৰ অৱক্ষয় আজি সকলোৰে বাবে এটা প্রচণ্ড ভাবুকি। তেনে ভাবুকিৰ সন্মুখীন হৈছে বালিমাহীৰ দৰে সুন্দৰ চৰাইটিও। প্রকৃতি শুৱনী কৰা এই চৰাইবিধৰ বিভিন্ন প্রজাতিৰ আমাৰ প্ৰাকৃতিক পৰিবেশত যাতে হানিবিঘিনি নহয়, সেই কথাত আমি সকলোৱে  চিন্তা কৰাৰ প্রয়োজন। মানুহৰ নিজৰ স্বাৰ্থৰে ভৰা কৰ্মৰ মাজত লুকাই থকা প্রকৃতিৰ জৈৱ-বৈচিত্ৰ্যৰ ধ্বংসাত্মক দিশটোৰ বিষয়ে চিন্তা কৰাৰ মানসিকতা জাগ্ৰত হ’লেহে আমাৰ শুৱনি পৃথিবীখনৰ জৈৱ-বৈচিত্ৰ্য সুৰক্ষাত সহায়ক হ’ব।

সহায়ক গ্রন্থ :

1. The Book of Indian Bird, Dr. Salim Ali

2. Joy of Bird Watching, Vishwa Mohan Tiwari

Print Friendly, PDF & Email

One thought on “বালিমাহী বালিমাহী (নন্দ গগৈ)

Leave a Reply

Your email address will not be published. Required fields are marked *