গল্প-কবিতা

বালিচাঙত জন লেনন – (সাগৰ সৌৰভ)

 

যি বাটেৰে সি গুচি গ’ল

কোনেও ভু-টোকে নাপালে

‘এছকেপিষ্ট’ ধাৰণা এটাতে

বাক-বিতৰ্কখন চলি থাকোতেই

ৰাতিৰ ৰে’লত আমি বিশ্বনাথ পালোহি

মাদলৰ মাতটোৰ মাজে মাজে

দূৰৈৰ গাঁওখনিৰপৰা

ভাহি আহিছে

ঝুমুৰৰ কৰুণ সুৰ

ছিমকাৰ্ড এখনত আঁ‌উজি থকা বেপাৰীজনে

হোৰ্ডিং এখন পৰা নামি আহি

শ্লিপছত ফিল্ডিং কৰিছে

বলিং কৰিছে গেৰুৱা বিপছ পিন্ধা টিমটোৱে

দুৰ্দান্ত লাইন আৰু লেংথ্

আমাৰ বেটছমেনসকলক একেবাৰে ‘নিৰক্ষৰ’ বুলি প্ৰতিপন্ন কৰিবলৈ

মাথোঁ এটাহে ছেছন বাকী

অদ্ভূত বডি লেঙ্গুৱেজ

কমেন্ট্ৰি বক্সত কোনোবা এজনে ‘সহনশীলতা’ৰ কথা কৈছে

আৰু অলপ সময়তে তেওঁকো হয়তো ‘বেন’ কৰি দিয়া হ’ব

ইমানখিনি উত্তেজনাৰ মাজেৰে

আমি বালিচাঙত কটালোহি

অপেক্ষাৰ এদিন

মহালক্ষী বাগানৰপৰা

চিধা-চিধি পোনাই দিলেই

নৈ এখন গচকি

পাহাৰটোলৈ বাট

সেই বাটেদিয়েই ল’ৰাকেইটা গুচি গৈছে

উভতি অহা নাই

আজিও

মাথোঁ নদীত ওপঙি আহে

দুই-এক মৃতদেহ

অচিনাক্ত…

আদহীয়া মহিলাজনীয়ে সুৰাৰ ৰাগিতে নাচিছে

পাহৰি যাব খুজিছে

মুহূৰ্তৰ বাবে

চিফুং বজোৱা তাইৰ চেংৰাটোক

মেঠনিৰ পাকটোতে বান্ধি থৈছে

সেই একেই উত্তাপ

আৰু অপেক্ষা

এই বাটেদি নিতৌ আহে

পুলিচ-মিলিটেৰিৰ গাড়ী

অহা নাই পিছে আজিলৈকে

বিজুলি আৰু খোৱাপানীৰ নল

আৰু শিক্ষা বিভাগৰ এযুৰি চকু

আন্ধাৰ হোৱাৰ আগেয়েই

সেই বাটতে গিটাৰ এখন লৈ

চুলি দীঘল গায়কজনক আমি

‘জন লেনন’ বুলি চিনাক্ত কৰিলোঁ

– ইমাজিন… অল দ্য পিপ’ল লিভিং লাইফ ইন পিচ

গান আৰু গিটাৰৰ ঝংকাৰত বাজি উঠিছে

গোটেই পাহাৰ

বালিচাং ৰিজিংজাং

ইয়েছ !

ইউ মে ছেয় …আই এম এ ড্ৰিমাৰ

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *