সম্পাদকৰ টোকা : বাওঁপন্থা আৰু যুক্তিবাদ (কৌশিক দাস)

(১)

আমি আলোচনা কৰিবলৈ লোৱা বিষয়টিৰ সৈতে তেনেকৈ বিশেষ সম্পৰ্ক নথকা ঘটনা এটাৰ কথাৰে নিবন্ধটো আৰম্ভ কৰিছোঁ। ঘটনাটো সংঘটিত হৈছিল ১৯১১ চনৰ ২৫ নৱেম্বৰত, ফ্রান্সৰ ৰাজধানী পেৰিছ চহৰত। এহাল বিখ্যাত দম্পত্তিয়ে সেইদিনা একেলগে আত্মহত্যা কৰিছিল। চৌদিশে প্রচণ্ড চাঞ্চল্যৰ সৃষ্টি হৈছিল কিয়নো পতি আৰু পত্নী দুয়োগৰাকী ব্যক্তি বিখ্যাততো আছিলেই, লগতে গোটেই আত্মহত্যাৰ ঘটনাটো আছিল চূড়ান্তৰূপে ব্যতিক্রমী, নাটকীয় আৰু পূৰ্ব-পৰিকল্পিত। আত্মহত্যাৰ পূৰ্বে পুৰুষগৰাকীয়ে এটা টোকা লিখি থৈ গৈছিল। তাৰ একাংশৰ ভাবানুবাদ এনেধৰণৰ : “...... কেইটামান বৰ্ষৰ পূৰ্বে, মোৰ ৭০ বছৰ হোৱাৰ পাছত মই আৰু জীয়াই নাথাকোঁ বুলি সিদ্ধান্ত লৈছিলোঁ আৰু সেই মৰ্মে এই পৃথিৱীৰপৰা মোৰ বিদায়ৰ ক্ষণটো ঠিক কৰি পেলাইছিলোঁ। উক্ত সিদ্ধান্তটো কেনেকৈ কাৰ্যকৰী কৰা হ’ব, সেইটোৰ বাবে মই এটা পদ্ধতিও ঠিক কৰি পেলাইছিলোঁ। সেইটো হ’ল, ছায়েনাইডৰ এটা হাইপ’ডাৰমিক ইনজেকশ্বন। মই অপাৰ আনন্দেৰে মৃত্যুলৈ আগ বা‌ঢ়িছোঁ এইটো জানি যে মোৰ জীৱনৰ বিগত পঞ্চল্লিছ বছৰ মই যিহৰ কাৰণে উছৰ্গা কৰিছিলোঁ, ভৱিষ্যতে সেইটো সফল হ’ব। সাম্যবাদ দীৰ্ঘজীৱী হওক.....।” টোকাটোত লিখা মতে, বৃদ্ধ-বয়সসম্ভূত অক্ষমতাই তেওঁক – নিজৰ লগতে অন্যৰ বাবেও –অবাঞ্ছনীয় বোজা হিচাপে পৰিগণিত কৰিবলৈ গৈ আছে; আৰু এই কথাটোৱেই মানুহজনৰ আত্মহত্যাৰ মূল কাৰণ। নিউৱৰ্ক টাইমছে সেই বছৰৰে ১৭ ডিচেম্বৰত বাতৰি দিলে যে মানুহজনে আত্মহত্যাৰ সিদ্ধান্তটো এটা দশকৰ আগতেই লৈ থৈছিল (কাকতখনৰ সেই সংখ্যাটো ইয়াতে প‌ঢ়িবলৈ পাব)।

আত্মহত্যা কৰা মানুহজনৰ নাম আছিল পল লাফাৰ্গ (১৮৪২-১৯১১), এগৰাকী বিখ্যাত সমাজতন্ত্রী কৰ্মযোগী আৰু বিশ্ববিশ্রুত চিন্তাবিদ। আগতেই কৈছোঁ, তেখেতে অকলে আত্মহত্যা কৰা নাছিল; লাফাৰ্গৰ জীৱন সংগিনীয়েও আত্মহননৰ বাট লৈছিল লাফাৰ্গৰ সৈতে, একেলগে। তেখেত আছিল লৰা মাৰ্ক্স (১৮৪৫-১৯১১)। কাৰ্ল মাৰ্ক্সৰ নুমলীয়া জী।

(২)

আগতেই কৈছোঁ, আমাৰ মূল আলোচনাৰ সৈতে উক্ত ঘটনাৰ প্রাসংগিকতা তেনেকৈ নাই। লাফাৰ্গে আত্মহননৰ বাবে দিয়া যুক্তিক তেতিয়াৰ বুজনসংখ্যক সমাজতন্ত্রীয়েই কঠোৰ ভাষাৰে সমালোচনা কৰিছিল। আমিও উক্ত কাৰ্যক মহিমামণ্ডিত কৰিবলৈ বুলি, আলোচনাৰ প্রথমতেই ঘটনাটোৰ বৰ্ণনা দিয়া নাই। লাফাৰ্গৰ উক্ত কাৰ্যক সমৰ্থন কৰা যায় নে নাযায়, সেই কথাটো বাদ দিলেও দুটা কথা কিন্তু জলজল পটপটকৈ ওলাই আছে। প্রথমটো হৈছে, সমাজতন্ত্র-সাম্যবাদৰ ওপৰত লাফাৰ্গৰ আমৃত্যু অবিচল আস্থা, আৰু দ্বিতীয়টো হৈছে তেখেতৰ মনৰ আপোচহীন দৃঢ়তা। এই কথাটো ক’বলৈহে আমি সেই প্রতিভাৱান বিখ্যাত দম্পত্তিহালৰ কথাটো উনুকিয়াইছিলোঁ।

তেনে এগৰাকী অবিচল আৰু দৃ‌ঢ়মনা চিন্তাবিদে বিংশ শতিকাৰ আৰম্ভণিতেই অতি স্পষ্টভাৱে মত দিছিল, ‘সর্বহাৰাসকল ধর্ম সম্বন্ধে উদাসীন’। লাফাৰ্গৰ এই চিন্তাউদ্রেককাৰী মতটো আমি পঢ়িবলৈ পাওঁ তেখেতৰ প্রসিদ্ধ গ্রন্থ 'Social and Philosophical Studies'-ত। গ্রন্থখনৰ প্রথম প্রকাশ হৈছিল ১৯০৬ চনত, ৰুছ-বিপ্লৱৱ এঘাৰ বছৰ পূর্বে। সেই সময়ত সাম্যবাদী আন্দোলনৰ স্পন্দিত অভিঘাতে তৰংগিত কৰি তুলিছিল ইউৰোপৰ বহুকেইখন দেশৰ আৰ্থ-ৰাজনৈতিক প্রেক্ষাপট। তেনে গতিশীল পৰিৱেশে আকৌ সাম্যবাদী আন্দোলনটোকেই যে প্রচণ্ড গতি প্রদান কৰিছিল, তাতো কোনো সন্দেহ নাই। নক’লেও হ’ব, এই কথাটো সামগ্রিকভাৱে সাম্যবাদী আন্দোলনৰ বাবে ইতিবাচক আছিল।

ইয়াৰ লগতে কিন্তু আৰু এটা কথাও লক্ষ্য কৰাটো যুগুত হ’ব। সাম্যবাদী আন্দোলনে জন্ম দিয়া তেনে জংগম বৈপ্লৱিক পৰিৱেশৰ মাজত কিছুমান নেতিবাচক পার্শ্ব-পৰিণতিৰো উদ্ভৱ হৈছিল। সাম্যবাদী আন্দোলনৰ সেই প্ৰাৰম্ভিক উদ্দীপনাময় গতিশীলতাৰ ঘূৰ্ণাৱৰ্তৰ মাজত—বহু ক্ষেত্ৰত—সমাজবাস্তৱৰ কিছুমান আউল লগা প্রশ্নই সাময়িকভাৱে হ’লেও, যথোচিত গুৰুত্ব লাভ কৰিবলৈ সমর্থ হোৱা নাছিল। গভীৰ সামাজিক সমস্যা কিছুমানৰ বিচাৰ-বিশ্লেষণৰ ক্ষেত্ৰতো সৰলীকৰণৰ প্রৱণতাই সমাধান সূত্রসমূহৰ ৰেহৰূপ কৰি তুলিছিল অসম্পূৰ্ণ আৰু অস্পষ্ট। তাৰ এটা উদাহৰণ হৈছে লাফাৰ্গৰ উপৰিউক্ত মতটো।

কথাটোত গুৰুত্ব দিবলৈ পুনৰাবৃত্তি কৰিছোঁ। লাফাৰ্গে স্পষ্টকৈ লিখিছিল যে সৰ্বহাৰাসকল ধৰ্ম সম্বন্ধে উদাসীন। তেখেতৰ উক্ত গ্রন্থখনৰ প্রথম অধ্যায়ৰ প্রথম উপশিৰোনামটোৱেই আছিল এনেধৰণৰ: “ধাৰ্মিক বুৰ্জোৱা আৰু অধাৰ্মিক সৰ্বহাৰা”। সেই অধ্যায়টোত তেখেতে লিখিছিল, “….But while in all the groups of the Bourgeoisie the religious sentiment retains its vitality and shows itself in a thousand fashions, the industrial proletariat is characterized by a religious indifference…….”। অৰ্থাৎ, লাফাৰ্গৰ মতে, ধৰ্মীয় আৱেগ যিদৰে বুৰ্জোৱাৰ এটা লক্ষণীয় চৰিত্র, তেনেদৰেই ধৰ্মনিস্পৃহতা হৈছে সৰ্বহাৰা শ্রেণীটোৰ অন্যতম চকুত পৰা স্বভাৱজাত বৈশিষ্ট্য (“Indifference in religious matters, ........... is inborn in the modern working class.....)।

পল লাফাৰ্গ আছিল এগৰাকী প্রসিদ্ধ ফৰাচী সমাজতন্ত্রী, মার্ক্স আৰু এংগেলছৰ অতি ঘনিষ্ঠ সহযোগী। ‘প্রথম আন্তর্জাতিক’ত তেখেতৰ ভূমিকা আছিল লেখত ল’বলগীয়া। তেখেতৰ মনোভাব কিমান যে দৃঢ় আছিল, সেইটো তেখেতৰ আত্মহননৰ ঘটনাটোৱেই স্পষ্টকৈ দেখুৱাই দিয়ে। লাফাৰ্গৰ মৃত্যুৰ ঠিক পাছতেই, ৩ ডিচেম্বৰত প্রদান কৰা ভাষণ এটাত লেনিনে উনুকিয়াই গৈছে যে বিপ্লৱৰ প্রাক্-কালৰ ৰাছিয়াত একাংশ সমাজবাদী মানুহৰ মাজত লাফাৰ্গৰ মতামতৰ প্ৰভাৱ আছিল অতি গভীৰ: “…..Even in the period of preparation for the Russian revolution, the class-conscious workers and all Social-Democrats of Russia learned profound respect for Lafargue as one of the most gifted and profound disseminators of the ideas of Marxism, ideas that were so brilliantly confirmed by the class struggle during the Russian revolution and counter-revolution.” এনেহেন এগৰাকী বাস্তৱ অভিজ্ঞতাৰে পৰিপুষ্ট কর্মযোগী পণ্ডিতে কৈছিল, সর্বহাৰাসকল ধর্ম সম্বন্ধে উদাসীন। কথাটো বাৰু নিৰ্দ্বিধায় মানি ল’ব পাৰি নে? লাফাৰ্গৰ উক্ত মতটোৰ প্রসংগ টানি প্রশ্ন কৰিব পাৰি, অতীত আৰু বৰ্তমানৰ শ্রমিক শ্রেণীৰ মাজত ধৰ্মৰ প্ৰভাৱ বাৰু একেবাৰেই সীমিত নেকি?

দেখদেখ কথা, আমাৰ এই ভাৰতীয় সমাজখনৰ বৃহত্তৰ শোষিত শ্রেণীটোৰ মাজত—ক্লাছিকেল অর্থৰ সৰ্বহাৰাৰ লগতে নিষ্পেষিত কৃষক ইত্যাদিৰ মাজতো প্রাতিষ্ঠানিক ধৰ্মৰ অতি সুগভীৰ প্ৰভাৱ বিদ্যমান। এই কথাটো ভাৰতীয় সমাজখনত ইমানেই পৰিষ্কাৰ যে কোনো তথ্য-প্রমাণ নোহোৱাকৈও, কোনো সমীক্ষাৰ সহায় নোলোৱাকৈও, কথাটো নিৰ্দ্বিধায়-নিৰ্ভয়ে কোৱা যায়। অৰ্থাৎ, লাফাৰ্গৰ উপৰিউক্ত মতটো আমাৰ সমাজখনৰ পটভূমিত কোনোপধ্যেই শুদ্ধ নহয়। তেখেতে ইয়াকো কৈছিল যে ইউৰোপ আৰু এমেৰিকাত ঔদ্যোগিক সৰ্বহাৰাসকলৰ মাজত ধৰ্ম প্রচাৰৰ সকলোবোৰ প্রচেষ্টা ব্যৰ্থ হৈ পৰিছে (“The numerous attempts made in Europe and America to christianize the industrial proletariat have completely miscarried…..)। আমাৰ ইয়াত এই কথাটোও সঁচা নহয়। বেছি দূৰলৈ নগৈ, আমাৰ অসমৰেই চাহ-বনুৱাসকলৰ সমাজখনত ধৰ্মপ্রচাৰৰ কথা-কাণ্ডসমূহলৈ মন দিলেই কথাটো পৰিষ্কাৰ হ’ব।

বৰ্তমানৰ আমাৰ এই সমাজখনৰ কথা বাদ দিলেও, লাফাৰ্গৰ কথাটো ইউৰোপতো, তেখেতৰ নিজৰ জীৱনকালতেই শুদ্ধ আছিল বুলিও ভাবিব নোৱাৰি। আমাৰ এই মতটো, আমি লালিত-পালিত হোৱা এই ভাৰতীয় পৰিৱেশৰ (য’ত সৰ্বহাৰাসকল ধৰ্মৰ প্রতি উদাসীন নহয়) কথাটো বিংশ শতিকাৰ আৰম্ভণিৰ ইউৰোপলৈ প্রক্ষেপ কৰা যেন লাগিব পাৰে। কথাটো কিন্তু তেনে নহয়। ১৯০৯ চনত লেনিনে “ধৰ্মৰ প্ৰসংগত শ্রমিক পাৰ্টিৰ মনোভাব” (The Attitude of the Workers’ Party to Religion) শীর্ষক চমু অথচ সুগভীৰ বিচাৰ-বিশ্লেষণেৰে সমৃদ্ধ ৰচনা এখনত প্রশ্ন কৰিছিল, ধর্ম কিয়ই বা জীয়াই আছে নগৰৰ প্ৰলিটাৰিয়েটৰ পশ্চাৎপদ স্তৰসমূহৰ মাজত, অর্ধ-প্রলিটাৰিয়েটৰ ব্যাপক স্তৰৰ মাজত, কৃষকসকলৰ মাজত (“... Why does religion retain its hold on the backward sections of the town proletariat, on broad sections of the semi-proletariat, and on the mass of the peasantry"?)। লেনিনৰ এই কথাখিনিৰপৰা স্পষ্ট যে সেই সময়ত, লাফার্গে কোৱাৰ দৰে, সর্বহাৰাসকল ধর্ম সম্বন্ধে মুঠেও উদাসীন নাছিল। লক্ষণীয়, লাফাৰ্গৰ উক্ত পুথিখন প্রকাশ হোৱাৰ মাত্র তিনি বছৰ পাছতেই লেনিনে তেখেতৰ উপৰিউক্ত মতটো ব্যক্ত কৰিছিল। আমাৰ অনুমান, বাস্তৱৰ ঐতিহাসিক সীমাবদ্ধতাক আওকাণ কৰি সম্ভৱতঃ লাফার্গে তেতিয়াৰ নিষ্পেষিত চামক এটা অগ্রগামী, পৰিপক্ব আৰু সুসংগঠিত শ্রেণী বুলি ধাৰণা কৰিছিল। তেনে ধাৰণাৰ বাবেই হয়তো তেখেত আহিছিল এনে এটা বিতর্কিত সিদ্ধান্তলৈ যে সর্বহাৰাসকল হ’ল ধর্ম সম্বন্ধে উদাসীন।

(৩)

ধৰ্ম সংক্রান্তত নিষ্পেষিত শ্রেণীটো উদাসীনতো নহয়েই; বৰঞ্চ দেখা যায় যে তেওঁলোকৰ ধৰ্মীয় কাৰ্য-কলাপে নিষ্পেষণবিৰোধী সংগ্রামৰ গতি মন্থৰিত কিম্বা ব্যাহত কৰি তোলে। গতিকে, শোষণবিৰোধী সংগ্রামৰ স্বাৰ্থতেই কথাটো গুৰুত্বসহকাৰে বিচাৰ-বিশ্লেষণ কৰি চোৱা উচিত।

ধর্ম সংক্রান্তীয় বিচাৰ-বিশ্লেষণত মার্ক্সীয় দৃষ্টিকোণে সাধাৰণভাৱে অর্থনৈতিক ব্যৱস্থাটোক ভিত্তি আৰু ধৰ্মক উপৰিসৌধ বুলি বিবেচনা কৰে। কিন্তু ভাৰতীয় সমাজ-ব্যৱস্থাত ধৰ্মৰ প্ৰভাৱ ইমান গভীৰ যে জয়ন্তানুজ বন্দ্যোপাধ্যায়ৰ দৰে পণ্ডিতে কৈছে, ভাৰতত ধর্মীয় ধ্যান-ধাৰণা আর্থিক কাঠামো আৰু শ্রেণী-বিন্যাসৰ সৈতে অংগাংগীভাৱে আৰু পৰস্পৰৰ পৰিপূৰক হিচাপে জড়িত হৈ আছে। সেইবাবে ভাৰতত ধৰ্মক মাত্র উপৰিসৌধ বুলি কোৱা যুগুত নহয়। কথাটো কিছু দূৰলৈ বিতর্কিত যদিও, ভাৰতত যে ধৰ্মৰ প্ৰভাৱ অতি গভীৰ, সেইটো অস্বীকাৰ কৰাটো—এই একবিংশ শতিকাতো—মুঠেই সম্ভৱ নহয়। অৱশ্যে প্রাচীন ভাৰততো ধর্মনিস্পৃহ কিম্বা ধৰ্মবিৰোধী যুক্তিবাদী দর্শনৰ অস্তিত্বৰো বিতর্কাতীত সাক্ষ্য বিদ্যমান। প্রাচীন চাৰ্বাক দৰ্শনৰ সৈতে সম্পর্কিত বহুতো লোক-গাথাই তেনে দৰ্শনৰ জীৱনমুখী আৰু যুক্তিবাদী দিশটো সুন্দৰভাৱে প্রতিফলিত কৰে। যুক্তিচৰ্চাৰ সুপ্রাচীন স্বাক্ষৰ থাকিলেও, শ্রম-শোষণৰ বিৰাট-বিস্তাৰিত প্রক্রিয়াটাৱে ভাৰতত ধৰ্মীয় আচ্ছাদনৰ তলত এটা অতি নিৰাপদ আশ্রয় লাভ কৰিছিল। শ্রম-শোষণৰ কদৰ্য ৰূপটোক ব্রাহ্মণ্য ধর্মই বৰ্ণাশ্রমৰ আভৰণৰে পৰিবৃত্ত কৰি তাক এক সামাজিক ন্যায্যতা প্রদান কৰিছিল। এই ঘটনা বিশ্বতেই বিৰল। বর্ণাশ্রমভিত্তিক শোষণ ব্যৱস্থাটোৱে প্রাচীন ভাৰতত যুক্তিবাদী দর্শনৰ প্রতিবাদী ধাৰাটোক প্রায় চিন-চাব নোহোৱাকৈ পৰাভূত কৰিছিল। বর্ণাশ্রম ব্যৱস্থাক পোনে পোনে প্রত্যাহ্বান জনোৱা, বেদ আৰু ঈশ্বৰৰ অবিসম্বাদী কর্তৃত্বক অগ্রাহ্য কৰা বৌদ্ধ ধর্ময়ো শোচনীয়ভাৱে পৰাভূত হৈছিল ব্রাহ্মণ্য ধৰ্মৰ সবল উত্থানৰ বা-মাৰলিৰ মাজত। সেই ব্রাহ্মণ্যবাদৰেই অংগাংগী উপাদান বর্ণাশ্রয়ী দর্শনৰ অজস্র পল্লৱিত শাখা-প্রশাখা আজিও ভাৰতৰ সমাজব্যৱস্থাৰ মৰ্মমূলত প্রোথিত হৈ আছে। এনে এটা পটভূমিত, ধর্ম সম্বন্ধে যুক্তি-আশ্রয়ী বিচাৰ-বিশ্লেষণ অবিহনে শ্রেণী-মুক্তিৰ প্রশ্নটোৰ উত্তৰ বহু দূৰলৈ ধূসৰ হৈ ৰ’ব।

এইখিনিতেই এটা কথা পৰিষ্কাৰকৈ কোৱা দৰকাৰ। আমি যদিও এইমাত্র হিন্দু ধৰ্মৰ অবিচ্ছেদ্য অংগ বর্ণাশ্রমভিত্তিক দর্শনৰ নেতিবাচক প্রভাৱৰ কথা উনুকিয়াই আহিছোঁ, সেইটোৱেই কিন্তু ভাৰতীয় সমাজখনত ধর্ম সম্পর্কিত একমাত্র মুখ্য প্রশ্ন নহয়। ইয়াৰ লগতে ইছলাম, খ্ৰীষ্টান আদি বৃহৎ আৰু প্ৰভাৱশালী প্রাতিষ্ঠানিক ধর্মসমূহৰ কথাটোও ওতপ্রোতভাৱে সম্পর্কিত হৈ আছে। বহু দশকৰপৰা ক্রমাৎ বা‌ঢ়ি অহা বিভেদকামী হিংস্র হিন্দু সম্প্রদায়বাদে ৰাষ্ট্রক্ষমতা দখল কৰিবলৈ ধাৱমান হৈছে, সেইটো দেখদেখ কথা। তাৰ লগে লগে কিন্তু ইছলাম ধৰ্মক কেন্দ্র কৰি গ‌ঢ় লোৱা মুছলিম মৌলবাদেও বুজনসংখ্যক লোকৰ মাজত ধৰ্মাশ্রয়ী অন্ধতা আৰু হিংস্রতাৰ জন্ম দিছে। ধৰ্মীয় মেৰুকৰণে শোষিতশ্রেণীক মূল সংগ্রামৰপৰা বহু দূৰলৈ বিচ্যুত কৰি পেলাইছে। পৰিস্থিতিটো শাসকশ্রেণীটোৰ বাবে যেনেকৈ অতি অনুকূল, তেনেদৰেই প্রগতিশীল মহলৰ বাবে অতি হতাশাজনক। উক্ত ধৰ্মসমূহৰ একক প্রভাৱৰ উপৰিও, ধর্মসমূহৰ বহুধাবিভক্ত আন্তঃসম্পর্কই পৰিস্থিতিটো বহু বেছি জটিল কৰি তুলিছে। এই জটিলতা এক বহুতৰপীয়া ঐতিহাসিক ঘটনাক্ৰমৰপৰা উদ্ভূত।

কোৱা বাহুল্য, সাম্যবাদী আন্দোলনৰ বাবে— বহুতো কাৰকৰ লগতে লগতে— এক অভিনৱ, ধৰ্মমুক্ত মানসিক পৰিমণ্ডলৰো আৱশ্যক। আমোদজনক কথা, ইউৰোপত তেনে এক পৰিমণ্ডলৰ উদ্ভৱ আৰু প্রাৰম্ভিক বিকাশ হৈছিল পুঁজিবাদৰ বিকাশৰ ফলতহে (এই সংক্রান্তত কিছু কথা আলোচনা কৰা হৈছে প্রথম বছৰৰ “মুক্ত চিন্তা”ৰ পঞ্চম সংখ্যাৰ সম্পাদকীয়ত)। পুঁজিবাদৰ বিকাশৰ সৈতে সংগতি ৰাখি যিদৰে নতুন নতুন বৈজ্ঞানিক কর্মকাণ্ডই আলোড়নৰ সৃষ্টি কৰিছিল, তেনেদৰেই মানসিক পৰিমণ্ডলতো— বিশেষকৈ এচাম আলোকপ্রাপ্ত লোকৰ মাজত— যুক্তিবাদী জীৱনবীক্ষাৰ আৰম্ভণিৰ আগজাননীয়ে দেখা দিছিল। ক্ৰমাৎ নিটোল হৈ পৰিছিল আধুনিক যুক্তিবাদৰ তাত্ত্বিক বুনিয়াদ। ঈশ্বৰক মানৱ-চিন্তাৰ কেন্দ্ৰৰপৰা আঁতৰ কৰি, তাৰ ঠাইত মানুহক স্থান দি মানৱতাবাদী ধ্যান-ধাৰণাৰ বিকাশ ঘটাবলৈ প্রয়াস কৰা হৈছিল। কিন্তু, পুঁজিবাদৰ অবাধ বিকাশে তাক তাৰ অনিবার্য পৰিণতিৰ ফালেও ক্ৰমাৎ ঠেলি লৈ গৈছিল; প্রচণ্ড অনিশ্চয়তাৰে পৰিপূৰ্ণ এক শোষণভিত্তিক সমাজব্যৱস্থাৰ দিশলৈ, য’ত বুৰ্জোৱা যুক্তিবাদৰো গুৰুতৰ সীমাবদ্ধতা কিছুমান দিনে দিনে প্রকট হৈ আহিছিল। হ'লেও আমি মনত ৰখা ভাল, বুৰ্জোৱা যুক্তিবাদ তেনেই অসাৰ বস্তু নহয়। কিন্তু লগে লগে আমি সতর্ক হ’ব লাগিব, সামাজিক দ্বন্দ্বসমূহৰ প্রকৃত শ্রেণী-চৰিত্র সম্পর্কে নির্লিপ্ত আৰু কেতিয়াবা ভয়ার্ত দৃষ্টি থকাৰ বাবে বুৰ্জোৱা যুক্তিবাদ কেতিয়াও সীমাবদ্ধতাৰপৰা মুক্ত নহয়; এনে যুক্তিবাদ শোষিত শ্ৰেণীৰ মতাদর্শগত সংগ্ৰামত শেষলৈকে বলিষ্ঠ অৱস্থান ল’বলৈ মুঠেও প্রশস্ত নহ’ব। ইয়াৰ বাবে লাগিব বুৰ্জোৱা যুক্তিবাদৰ এক আমূল আৰু বৈপ্লৱিক উত্তৰণ। শ্রেণী-চেতনা আৰু শ্রেণী-সংগ্রামৰ সৈতে সম্পৃক্ত কৰিব নোৱাৰিলে যুক্তিবাদে তেনে বৈপ্লৱিক ৰূপ কেতিয়াও লাভ কৰিবলৈ সমর্থ নহ’ব।

তাৎপৰ্যপূৰ্ণ কথা, তেনে বুৰ্জোৱা যুক্তিবাদৰো অংকুৰোদ্গম ভাৰতত হোৱা নাছিল। ব্ৰিটিছৰ অধীনৰ ভাৰতত ঔপনিৱেশিক শাসনৰ পাৰ্শ্ব-পৰিণতি হিচাপে ৰোপিত হৈছিল ইউৰোপৰপৰা অনা যুক্তিবাদৰ কঠীয়া। ভাৰততো এক স্বকীয় পুঁজিবাদৰ বিকাশৰ সম্ভাৱনা মোগল ৰাজত্বৰ শেষৰ ফালে, জাহাংগীৰৰ শাসন কালত, দেখা দিছিল। কিন্তু ঔপনিৱেশিক শাসনে সেই সম্ভাৱনা অংকুৰতেই বিনষ্ট কৰি পেলাইছিল। ঔপনিৱেশিক ব্যৱস্থাটোৰ মাজত ভাৰতত সামাজিক দ্বন্দ্ব, ঐতিহাসিক দৃষ্টিভংগী ইত্যাদিয়ে এক জটিল আৰু বিসংগতিপূৰ্ণ ৰূপ ধাৰণ কৰিলে। উদাহৰণস্বৰূপে, প্রচণ্ড শক্তিশালী ঔপনিৱেশিক শক্তিৰ সন্মুখত শিৰ নত কৰি, অতীত-ভাৰতৰ সোণালী যুগৰ অতিকথা নির্মাণ কৰা হ’ল। প্রাচীন ভাৰতবৰ্ষৰ সভ্যতা-সংস্কৃতি অতীজত তুলনাবিহীনভাৱে উচ্চ স্তৰৰ আছিল বুলি কোৱা হ’ল। বাস্তৱ ক্ষেত্রত অৱদমিত জাতি এটাই উক্ত অতিকথাৰ মাজত বিচাৰি পালে একধৰণৰ মানসিক সন্তুষ্টি আৰু উচ্চাত্মিকাবোধৰ অলীক সমল। অতীতৰ সেই স্বৰ্ণযুগৰ কেনেকৈ অৱসান ঘটিল? সেই সোণালী দিনত গ্ৰহণৰ কালিমা সানিলে কোনে? আমোদজনক কথা, ঔপনিবেশিক শাসনক এই অভিযোগৰ পৰিসীমাৰ বাহিৰত ৰখা হ’ল। তাতোকৈও আচৰিত কথা, একাংশই উক্ত কথাটোৰ বাবে দোষী সাব্যস্ত কৰিলে ভাৰতীয় সভ্যতা-সংস্কৃতিলৈ প্রচুৰ আৰু অনুপম অৱদান আগ ব‌ঢ়োৱা ইছলামধৰ্মীসকলক। কোৱা হ’ল, ইছলামৰ আগমনৰ ফলতেই অতীত ভাৰতৰ গৌৰৱময় যুগৰ অন্ত পৰিল! তেনেকুৱা ধ্যান-ধাৰণাৰ লগৰীয়া হিচাপে অতীতৰ স্বৰ্ণযুগলৈ প্রত্যাৱৰ্তন কৰাৰ পুনৰুত্থানবাদী প্রৱণতাৰো জন্ম হৈছিল। কালক্রমত ধৰ্মীয় সাম্প্রদায়িকতা ভাৰতৰ স্বাধীনতা আন্দোলনৰ এক এৰাব নোৱৰা দুর্বলতা হৈ পৰিল।

ইয়াৰ একেবাৰেই বিপৰীতমুখী পৰিঘটনা এটাও লক্ষ্য কৰিবলগীয়া। এচাম লোকে ইউৰোপৰপৰা অহা যুক্তিবাদৰ প্ৰভাৱত— অতি যান্ত্রিকভাৱে— ভাৰতীয় ঐতিহ্যৰ সুস্থ অংশখিনিকো অস্বীকাৰ কৰিছিল। তেনে এক পটভূমিত, পুনৰুত্থানবাদী প্রৱণতা আৰু ঐতিহ্যবিৰোধী যান্ত্রিকতাৰ মাজত, ভাৰতত আধুনিক যুক্তিবাদত কেৰোণে ধৰিছিল তাৰ আগমনৰ সময়তেই। তেনে যুক্তিবাদৰ প্ৰচাৰ আৰু প্রসাৰো তেতিয়া বহুদূৰলৈ আছিল এটা আৰোপিত ঘটনা। কিয়নো, তেনে এক যুক্তিবাদৰ সুগম বিস্তাৰণৰ বাবে সামাজিক পৰিগাঁথনি ভাৰতত তেতিয়াই গঢ় লৈ উঠা নাছিল। সেইটো আছিল এটা অৱধাৰিত ঐতিহাসিক সীমাবদ্ধতা।

পুঁজিবাদৰ উদ্ভৱ আৰু বিকাশে জন্ম দিয়া যুক্তিবাদৰ শুভংকৰ ঐতিহাসিক অৱদানৰ কথা সকলোৱেই স্বীকাৰ কৰিব। কিন্তু আগতেই উনুকিয়াই আহিছোঁ, সেই যুক্তিবাদৰ শ্রেণী-চৰিত্ৰৰ ওপৰত সতর্ক দৃষ্টি নাৰাখিলে একদেশদর্শিতাৰ কবলত পৰাটো অৱধাৰিত। কোনো সন্দেহ নাই, ইউৰোপত তৎকালীন যুক্তিবাদে পৰলোককেন্দ্রী, ঈশ্বৰমুখী চিন্তা-চৰ্চাক অপসাৰণ কৰি, জীৱন আৰু জগতমুখী বলিষ্ঠ জ্ঞানদীপ্ত ধ্যান-ধাৰণাৰ সূচনা কৰিছিল। আধুনিকতালৈ উত্তৰণৰ বাটত এই কথাটাৱে এটা নির্ণায়ক আৰু সুদূৰপ্ৰসাৰী ভূমিকা লৈছিল। কিন্তু ইয়াৰ লগতে এটা স্বল্পালোচিত অথচ গুৰুত্বপূৰ্ণ কথাও আছে। সেই সময়ৰ যুক্তিবাদৰ বিকাশৰ নেপথ্যৰ যি মূল চালিকাশক্তি আছিল— নৱলব্ধ পুঁজিবাদী উদ্দীপনা— সি যুক্তিবাদকো বুৰ্জোৱা শ্রেণীৰ বাবে এক অনুকূল  দর্শন হিচাপেই গঢ় দি লৈছিল। ধর্মনিস্পৃহ হ’লেও, তেনে যুক্তিবাদ কিছুমান মূল পুঁজিবাদী প্রমেয়ৰ সৈতে সম্পৃক্ত হৈ পৰিছিল। উদাহৰণস্বৰূপে, ব্যক্তি-স্বতন্ত্রতাৰ প্রতি অকুণ্ঠ সমর্থন আৰু মাত্রাধিক গুৰুত্ব আছিল তেনে যুক্তিবাদৰ অবিচ্ছেদ্য অংগ। বিশুদ্ধ যুক্তিৰ শক্তিৰে ধৰ্মীয় ধ্যান-ধাৰণাক প্রচণ্ড আঘাত হানিলেও, ধৰ্মৰ জীৱনী শক্তিৰ সামাজিক কাৰকৰ সন্দর্ভত বুৰ্জোৱা যুক্তিবাদ আছিল একেবাৰেই নিশ্চুপ।

গুৰুতৰ কথা, তেনে সীমাবদ্ধ যুক্তিবাদৰো সফল প্ৰচাৰ, প্রসাৰ কিম্বা প্রয়োগ, ঐতিহাসিক কাৰণৰ বাবেই ঔপনিৱেশিক ভাৰতত সম্ভৱ হোৱা নাছিল। ঔপনিৱেশিক যুগৰ এটা সময়ত, মূলতঃ একাংশ আলোকপ্রাপ্ত ভাৰতীয়ই ভাৰতীয় সমাজ আৰু চিন্তা-জগতত পৰিৱৰ্তন অনাৰ প্রয়াস কৰিছিল। ইয়াৰ মূল ধাৰা আছিল দুটা। এটা ধর্মাশ্রয়ী, অতীতনির্ভৰ; অন্যটো ধর্ম-নিস্পৃহ, যুক্তিবাদী। জ্ঞানদীপ্ত চিন্তা-চৰ্চাক আধুনিকতাৰ অগ্রদূত বুলি দ্বিতীয় ধাৰাটোৰ প্রবক্তাসকলে প্রক্ষেপ কৰিছিল। এই দুটা ধাৰাৰ মাজত মৌলিক প্রভেদ আৰু বিৰোধ থাকিলেও, কেতিয়াবা কেতিয়াবা সিহঁতৰ মাজৰ পাৰ্থক্যৰ ৰেখাডাল অস্পষ্ট হৈ পৰিছিল। উদাহৰণস্বৰূপে, ঈশ্বৰচন্দ্র বিদ্যাসাগৰে ‘শাস্ত্রাশ্রয়ী যুক্তি’ৰ বহুল ব্যৱহাৰ কৰা কথাটোলৈ আঙুলিয়াব পাৰি; কুসংস্কাৰ-অন্ধবিশ্বাসৰ বিৰুদ্ধে এইটো মাৰ্গে শাস্ত্রৰ মাজৰপৰা কিছুমান “যুক্তি” অস্ত্র হিচাপে ব্যৱহাৰ কৰিছিল। তেনে কৰোঁতে, উক্ত ধাৰাটিয়ে ধৰ্মশাস্ত্রক একধৰণৰ মান্যতা আৰু নায্যতা প্রদান কৰিছিল আওপকীয়াকৈ। তথাপি—তাৎপর্যপূর্ণ কথা—সামগ্রিকভাৱে উক্ত দুটা ধাৰাৰ উদ্গাতাসকলৰ শ্রেণীচৰিত্ৰ আছিল চকুত পৰাকৈ পৃথক। সাধাৰণভাৱে, ধর্মাশ্রয়ী অতীতমুখী ধাৰাটোৱে লাভ কৰিছিল সামন্ত শ্ৰেণীটোৰ প্রত্যক্ষ কিম্বা পৰোক্ষ পৃষ্ঠপোষকতা। ধর্মীয় সমাজসংস্কাৰকৰ কেইজনমান হয়তো আহিছিল (যেনে, ৰামকৃষ্ণ পৰমহংস) মধ্যশ্রেণীৰ মাজৰপৰা। কিন্তু সেইটো মূল বিচাৰ্য বিষয় নহয়; মূল কথা হ’ল, এই ধাৰাটোৰ ধর্মাশ্রয়ী দর্শনে আৰু তৎজনিত ধর্মীয় পুনৰুত্থানৰ ভাবধাৰাই পূৰণ কৰিছিল সামন্ত শ্রেণীটোৰ শ্রেণী-স্বার্থ। গতিকে স্বাভাৱিকতেই এই ধাৰাটোৱে লাভ কৰিছিল সামন্ত শ্রেণীটোৰ পৃষ্ঠপোষকতা। তাতোকৈও গুৰুত্বপূর্ণ কথা, তেনে দৰ্শনৰ মর্মবস্তু ঔপনিৱেশিক শাসনৰ স্বার্থৰ পৰিপন্থী নহয় বুলি ইংৰাজ শাসকসকল অতি সঠিকভাৱেই পতিয়ন গৈছিল। অন্যহাতে, ধর্মনিস্পৃহ ধাৰাটোৰ যদিও শ্রেণী-চৰিত্ৰৰ দিশৰপৰা মাৰাত্মক সীমাবদ্ধতা আছিল, যদিও যি প্রতিফলিত কৰিছিল মূলতঃ বুৰ্জোৱা ভাবধাৰাকেই, তাৰ নেপথ্যত কিন্তু প্রতিবাদৰ বীজ সুপ্ত হৈ থকাৰ সম্ভাৱনাও আছিল যথেষ্ট। মন কৰিবলগীয়া কথা, সামগ্রিকভাৱে ধর্ম-নিস্পৃহ ধাৰাটোৱে ইংৰাজৰ প্রত্যক্ষ পৃষ্ঠপোষকতা লাভ কৰা নাছিল—যদিও সি আছিল মূলতঃ এক বুৰ্জোৱা জীৱনাদর্শ। আনহাতেদি, ঐতিহাসিক কাৰণতেই তেনে যুক্তিবাদ আছিল বৃহত্তৰ কৃষক (আৰু শ্রমিক) সমাজখনৰপৰাও বহু নিলগত।

(৪)

ধর্মই চেপি ধৰা, প্রতিবাদহীন বৃহত্তৰ নিষ্পেষিত চামৰ মাজত বিজ্ঞানমনস্কতা আৰু যুক্তিবাদৰ নিৰন্তৰ প্ৰচাৰ আৰু প্ৰসাৰ হোৱা উচিত আছিল শ্রেণী-সংগ্রামৰ সচেতন কর্মসূচীৰ এক গুৰুত্বপূর্ণ অংগ। কিন্তু ঐতিহাসিক সীমাবদ্ধতাৰ বাবেই ইতিহাসৰ সেই পৰ্বত সেইটো সম্ভৱ হোৱা নাছিল। ভাৰতত কমিউনিষ্ট দল গঠন কৰা হৈছিল বিগত শতিকাৰ দ্বিতীয় দশকতহে। কিন্তু উক্ত দিশত, এই একবিংশ শতিকাতো বৰ এটা অগ্রগতি আমাৰ চকুত পৰা নাই। সেইবাবেই, সংগত কাৰণতেই প্রশ্ন উঠিব, যুক্তিবাদৰ প্ৰসংগত বাঁওপন্থীসকলৰ অৱস্থান—বর্তমান সময়ত—কেনেকুৱা হ’ব লাগিব?

সকলোৱেই জনা কথা, কোনো বাঁওপন্থী দলে সংসদীয় ৰাজনৈতিক ক্ষমতা হস্তগত কৰিলেই সর্বাত্মক বিপ্লৱ নহয়; সাংস্কৃতিক আৰু মানসিক পৰিমণ্ডলৰো আমূল পৰিৱর্তন হ’ল সমাজ-বিপ্লৱৰ অন্যতম প্রধান অভিব্যক্তি। এইক্ষেত্ৰত বিজ্ঞানমনস্কতা আৰু পৰিপূৰ্ণ যুক্তিবাদৰ এক বলিষ্ঠ ভূমিকা থাকিব বুলি নিৰ্দ্বিধায় ক’ব পাৰি। সেইবাবেই যুক্তিবাদী আন্দোলনক শ্রেণী-মুক্তিৰ প্ৰসংগৰপৰা বিচ্ছিন্নকৈ চোৱা নাযায়। গতিকে, যুক্তিবাদী আন্দোলন যেনেকৈ সম্পৃক্ত হ’ব লাগিব শ্রেণী-সংগ্রামৰ সৈতে, তেনেদৰেই বাঁওপন্থী সংগ্রামখনো পৰিপুষ্ট হ’ব লাগিব যুক্তিবাদ-বিজ্ঞানমনস্কতাৰ ধ্যান-ধাৰণাৰ পৰা। এই পৰস্পৰনিৰ্ভৰশীলতাৰ কথাটো যুক্তিবাদী আৰু বাঁওপন্থী দুয়োটা মহলেই গুৰুত্বসহকাৰে অনুধাৱন কৰা উচিত হ’ব।

কিন্তু উপৰিউক্ত কথাটোৰ প্রায়োগিক ক্ষেত্ৰত বহুতো আহুকাল আছে। এই প্রসংগত ১৯০৫ চনত প্রকাশিত লেনিনৰ ‘সমাজতন্ত্র আৰু ধৰ্ম’ (Socialism and Religion) শীর্ষক ৰচনাখনৰ কিছু কথা আমাৰ বাবে বৰ প্ৰাসংগিক হ’ব। এই ৰচনাখনত বৰ স্পষ্ট ভাষাৰে কোৱা হৈছে, ধর্মক ব্যক্তিৰ ব্যক্তিগত কথা বুলি ঘোষণা কৰা উচিত (Religion must be declared a private affair)। এই কথাটোৰ আঁত ধৰিয়েই দুটামান কথা আলচ কৰা যাওক।

“ধর্ম ব্যক্তিৰ ব্যক্তিগত বিষয় হোৱা উচিত”—এই কথাটো বহুলভাৱে ব্যৱহৃত আৰু প্রচাৰিত। কিন্তু বাক্যটোৰ অন্তৰ্নিহিত মৰ্মকথা বহুতেই শুদ্ধকৈ অনুধাৱন কৰিবলৈ সক্ষম হৈছে বুলি ধাৰণা নহয়। প্রশ্ন উঠিব, ধর্ম কাৰ বাবে একান্ত ব্যক্তিগত, নিজস্ব বিষয়? আপাতঃ দৃষ্টিত প্রশ্নটোৰ উত্তৰ তেনেই সহজ যেন লাগে। কথাটো যেন এনেকুৱা, সমাজৰ ব্যক্তিসকলে যাৰ যেনেকৈ মন যায় তেনেকৈ ধৰ্ম পালন কৰি থাকক, বা ধৰ্ম বৰ্জন কৰক। অৰ্থাৎ, ধৰ্ম পালন কৰা-নকৰাটো ব্যক্তি এজনৰ একান্ত ব্যক্তিগত কথা। লগতে কোৱা হয় যে ৰাষ্ট্ৰৰ নানান কর্মকাণ্ডত ধৰ্মৰ কোনো ভূমিকা থকা উচিত নহয়; ধর্মাচৰণ ব্যক্তিৰ নিজৰ মাজতেই সীমাবদ্ধ হৈ থকা দৰকাৰ—সি কোনোপধ্যেই সমূহীয়া কাম-কাজত অনুপ্রৱেশ কৰা যুগুত নহয়। এইপর্যন্ত, কথাটোৰ ব্যাখ্যা শুদ্ধ, কিন্তু অসম্পূর্ণ।

কথাটো হ'ল, “ধর্ম ব্যক্তিৰ ব্যক্তিগত বিষয় হোৱা উচিত”—এই কথাটো সাম্যবাদী লোক এজনৰ বাবে প্রযোজ্যনে? সাম্যবাদী দলৰ সদস্য এজনৰ বাবে? তেওঁলোকৰ বাবেও ধর্ম এটা ‘ব্যক্তিগত বিষয়’ হ’ব পাৰেনে?

কথাটোৰ উত্তৰ হ’ল, নাই, নোৱাৰে; কেতিয়াও নোৱাৰে। লেনিনৰ ব্যাখ্যালৈ চকু দিয়া যাওক। “কিন্তু সমাজতান্ত্রিক প্রলিটাৰিয়েটৰ পার্টি য’ত সংশ্লিষ্ট, তাত ধর্ম নিজস্ব বিষয় নহয়। আমাৰ পার্টি হ’ল শ্রমিক শ্রেণীৰ মুক্তিৰ কাৰণে শ্রেণী-সচেতন অগ্রগামী যোদ্ধাৰ সমিতি। ধর্মবিশ্বাসৰ ৰূপত শ্রেণী চেতনাৰ অভাৱ, অজ্ঞতা ইত্যাদিৰ সম্বন্ধে এনে সমিতি নির্বিকাৰ হৈ থাকিব নোৱাৰে ..... আমাৰ কাৰণে ভাবাদর্শগত সংগ্রাম নিজস্ব বিষয় নহয়, ই সমগ্র পার্টিৰ বিষয়, সমগ্র প্রলিটাৰিয়েটৰ বিষয় ....।” লেলিনে বৰ সুন্দৰকৈ কৈছে এনেদৰে, “We demand that religion be held a private affair so far as the state is concerned. But by no means can we consider religion a private affair so far as our Party is concerned.... So far as the party of the socialist proletariat is concerned, religion is not a private affair. Our Party is an association of class-conscious, advanced fighters for the emancipation of the working class. Such an association cannot and must not be indifferent to lack of class-consciousness, ignorance or obscurantism in the shape of religious beliefs. We demand complete disestablishment of the Church so as to be able to combat the religious fog with purely ideological and solely ideological weapons, by means of our press and by word of mouth. But we founded our association, the Russian Social-Democratic Labour Party, precisely for such a struggle against every religious bamboozling of the workers. And to us the ideological struggle is not a private affair, but the affair of the whole Party, of the whole proletariat.”

‘ধর্ম ব্যক্তিগত বিষয় হোৱা উচিত’, এই কথাটোৰ মর্মবস্তুটো হয়তো উপৰিউক্ত আলোচনাৰপৰা স্পষ্ট হৈছে। দেখা যায়, বহুতো ‘মার্ক্সবাদী’য়েই উক্ত উক্তিৰ আলমত ‘ব্যক্তিগত পর্যায়’ত ধর্মাচাৰৰ দৰে অপকর্মত লিপ্ত হয়। লগুণ এডাল পৰম বিশ্বাসেৰে পৰিধান কৰি জাতপ্রথাৰ বিৰোধিতা কৰাটো যিদৰে হাস্যকৰ আৰু অসম্ভৱ কথা, এজন মার্ক্সবাদীৰ ব্যক্তিগত ধর্মাচৰণো একেদৰেই উদ্ভট আৰু খাপ নোখোৱা কথা। কোনো কোনো ঠাইত পৰিস্থিতি আৰু শোচনীয়। বাংলাদেশৰ কমিউনিষ্ট পার্টিৰ অফিচত মিলাদ-মেহফিল সম্পন্ন কৰা হয়। তাতোকৈও ডাঙৰ কথা— কমিউনিষ্ট পাৰ্টিৰ নিৰ্বাচনী পোষ্টাৰ আৰু প্ৰচাৰ-পত্ৰত আল্লাহু-আকবৰ— এই কথাটো লিখা থাকে। ভাৰততো নানা ধর্মীয় উৎসৱত বাঁওপন্থী পাৰ্টিৰ নেতাই ভাগ লোৱাৰ দৃষ্টান্ত আছে। এইসমূহৰ ব্যাখ্যা বাৰু কিদৰে দিয়া যায়?

সংসদীয় গণতন্ত্রক পৰিৱৰ্তনৰ একমাত্ৰ আৰু অমোঘ সোপান বুলি ধাৰণা কৰিলে, নির্বাচন প্রক্রিয়াক, ভোটৰ সংখ্যাক অত্যধিক গুৰুত্ব দিয়াৰ কোনো বিকল্প নাথাকে। ইয়াৰপৰা উদ্ভৱ হয়, ধর্মবিৰোধী অৱস্থান ল’লে ভোট হেৰোৱাৰ আশংকা। এই কথাটোৰ সৈতেই হয়তো সাঙোৰ খাই পৰে “কমিউনিষ্ট” লোক এজনৰ ‘ব্যক্তিগত ধর্ম-বিশ্বাস’। এই দুয়োটা সম্পৃক্ত হৈ পৰাৰ বাবেই হয়তো আমি দেখা পাওঁ ‘ধাৰ্মিক কমিউনিষ্ট’ নামৰ এক অদ্ভূত প্রাণীক। এনে এটা পটভূমিয়েই প্রমাণ কৰে এক পৰিপূৰ্ণ যুক্তিবাদৰ প্রচাৰ/প্ৰসাৰ—পাৰ্টিৰ সদস্যসকলৰ মাজতো—কিমান যে এটা দৰকাৰী কথা। আমি আগতেই উল্লেখ কৰা লেনিনৰ ৰচনাখনতো এই কথাটো গুৰুত্বসহকাৰে উত্থাপিত হৈছে : “... আমাৰ প্ৰচাৰত নাস্তিক্যবাদৰ প্রচাৰো আৱশ্যক ...” । ইয়াৰ লগতে কিন্তু লেনিনে— অতি বাস্তৱজ্ঞানসম্পন্ন প্রখৰ বুদ্ধিদীপ্ততাৰে কৈছে যে, “...ইয়াৰ অর্থ এইটো নহয় যে ধর্মৰ প্রশ্নক সর্বাধিক প্রাধান্য দিয়া উচিত, যিটো তাৰ প্রাপ্ত নহয়। ...সেই কাৰণেই আমাৰ কাৰ্যসূচীত আমি আমাৰ নাস্তিক্যবাদ ঘোষণা কৰা নাই ......” । নাস্তিক হৈও কিয় নাস্তিক্যবাদ লক্ষ্য বুলি ঘোষণা কৰা হোৱা নাই? এই প্রশ্নৰ উত্তৰৰ মাজতেই আমি সন্ধান পাম অমাৰ্ক্সবাদী ধৰ্মবিৰোধী নাস্তিকমহলৰ গুৰুতৰ সীমাবদ্ধতাৰ কথা। লেনিনে বাস্তৱ অভিজ্ঞতাৰপৰা লিখিছিল কেইটিমান অন্তৰ্ভেদী বাক্য। আমাৰ আলোচনাত অতি প্রাসংগিক বাবে কিছু দীৰ্ঘ হ’লেও সেইকেইটা বাক্য উদ্ধৃত কৰিছোঁ, “....Our propaganda necessarily includes the propaganda of atheism; ........But under no circumstances ought we to fall into the error of posing the religious question in an abstract, idealistic fashion, as an “intellectual” question unconnected with the class struggle, as is not infrequently done by the radical-democrats from among the bourgeoisie. It would be stupid to think that, in a society based on the endless oppression and coarsening of the worker masses, religious prejudices could be dispelled by purely propaganda methods. It would be bourgeois narrow-mindedness to forget that the yoke of religion that weighs upon mankind is merely a product and reflection of the economic yoke within society. No number of pamphlets and no amount of preaching can enlighten the proletariat, if it is not enlightened by its own struggle against the dark forces of capitalism. Unity in this really revolutionary struggle of the oppressed class for the creation of a paradise on earth is more important to us than unity of proletarian opinion on paradise in heaven.”

লেনিনৰ উপৰিউক্ত কথাখিনি যে আমাৰ বাবে বৰ দৰকাৰী, তাত কোনো সন্দেহেই নাই। উক্ত কথাটোত গুৰুত্ব দিয়াৰ সময়ত আমি কিন্তু পাহৰিলে নহ’ব— কোনো তত্ত্ব বা ধ্যান-ধাৰণাৰ প্রায়োগিক দিশটো স্থানকালৰ ঊৰ্ধৰ কোনো নিৰালম্ব, অনড় প্রপঞ্চ নহয়। বর্তমান সাম্প্রদায়িকতা আৰু মৌলবাদে ভাৰতৰ সামাজিক ঘটনা-পৰিঘটনাত এক গুৰুত্বপূর্ণ স্থান দখল কৰিছে। সংগ্রামী লোকসকলৰ গোটসমূহ ধৰ্মৰ ভিত্তিত ভাগ ভাগ হৈ যোৱাৰ আশংকা নাই বুলি নিশ্চয়কৈ ক’ব নোৱাৰি। ইয়াৰ লগতে প্রাচীন ধর্মীয় ধ্যান-ধাৰণাসমূহেও নতুন ৰূপ ধাৰণ কৰি অভূতপূৰ্ব প্রসাৰ লাভ কৰিছে। এই প্রেক্ষাপটত আমি জানো লাফাৰ্গৰ দৰে দ্বিধাহীন হৈ ক’ব পাৰিম, সর্বহাৰাসকল ধর্ম সম্বন্ধে উদাসীন বুলি? সেইবাবেই বাঁওপন্থী লোকে ধর্ম আৰু যুক্তিবাদৰ প্ৰসংগটোক অগ্রাহ্য কৰিলে সি মুঠেও বাস্তৱসন্মত কথা নহ’ব। এই প্রসংগত আমি সতর্ক হৈ মনত ৰাখিব লাগিব ১৯০৯ চনতে লেনিনে লিখা এই কথাটো : “.....ধৰ্মৰ বিৰুদ্ধে সংগ্রাম কোনো বিমূর্ত ভাবাদর্শগত প্রচাৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিলে নহ’ব, প্ৰচাৰত পৰিণত কৰিলে নহয়, সেই সংগ্রামক উত্থাপন কৰিব লাগিব ধৰ্মৰ সামাজিক মূলোচ্ছেদৰ লক্ষ্যত চালিত শ্রেণী আন্দোলনৰ প্রত্যক্ষ কৰ্মৰ সৈতে সম্পর্কিত কৰিহে...।”

কোৱা বাহুল্য, শ্রেণী-সংগ্রামৰ প্রতি ভয়ার্ত কিম্বা নির্লিপ্ত দৃষ্টিকোণ লৈ আগ বাঢ়িলে তেনে কর্মসূচীৰ ৰূপায়ণ কেতিয়াও নহ’ব।

Share Button
Print Friendly, PDF & Email

No Comments : "সম্পাদকৰ টোকা : বাওঁপন্থা আৰু যুক্তিবাদ (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *