"বৰুৱাৰ কুকুৰ" (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

বৰুৱাহঁতৰ পোহনীয়া কুকুৰ 'ৰকি' এলেহুৱা বিৰাট। ইমানেই এলেহুৱা যে চোৰে ঘৰত সোমালেও হয়তো খুব বেছি এবাৰ ভুকিব, তাৰ পিছত চোৰৰ কাণ্ড-কাৰখানা চাই চাই টোপনি যাব। পাঁচ বছৰ আগতেই 'ৰকি'ক কিনি আনিছিল বৰুৱাই।

আচলতে বৰুৱাই বিচাৰিছিল – তেওঁলোকৰ কুকুৰটোৱেও ঘৰলৈ কোনোবা আহিলে প্ৰথমতে জোৰে জোৰে ভুকক, ভৰি-হাত শুঙি, জিভা উলিয়াই ভয় খুৱাওক আৰু তেতিয়া বৰুৱাই 'নাঃ ৰকি, ড'ন্ট ডু, তেনে নকৰে' বুলি তাক মৃদু ধমক দি 'আপোনালোকে ভয় নকৰিব, ই একো নকৰে। অলপ দুষ্ট হৈছে ই' বুলি আলহীক অভয় প্ৰদান কৰিব। ৰাতি বাহিৰত সামান্য শব্দ হ'লেই ভুকিব। মুঠৰ ওপৰত সি ইমানেই সন্ত্ৰাসৰ সৃষ্টি কৰিব, ঘৰৰ বাহিৰে-ভিতৰে যাতে মন নাথাকিলেও বৰুৱাই গেইটৰ বাহিৰত ডাঙৰ ফলক এখন লগাই লিখি থ’বলৈ বাধ্য হ'ব – 'কুকুৰৰপৰা সাৱধান'!

পিছে নাই, কোনোবা আহিলে এবাৰ সৰুকৈ 'ভুক' বুলি কৈ দুখোজ পিছুৱাই যায়। আলহীয়ে যদি 'ছেই!' বুলি কয়, তেতিয়া লৰ মাৰি ছোফাৰ তলত সোমাই এঘুমটি মাৰিবলৈ যো-জা কৰে। ৰাতি বাহিৰত বোমা ফুটিলেও এটা চকুহে মেলে, আনটো চকুৰে তেতিয়াও টোপনিৰ আমেজ ল'বলৈ নাপাহৰে।

'হয় দেই, কোনো এটা কামতে ই একেবাৰে এফ'ৰ্ট নলয়। ইমান অকৰ্মণ্য কুকৰ মই ক'তো দেখা নাই পাই!' - বৰুৱানীৰ খং উঠে।

বৰুৱাই শুনি থাকে। উপায়ো নাই। ঘৰৰপৰা উলিয়াই বাহিৰত ক'ৰবাত থৈ আহিবলৈও মনটোৱে নামানে। পাঁচবছৰীয়া মোহ!

যোৱা কিছুদিনৰপৰা বৰুৱানীয়ে লক্ষ্য কৰিছে যে ৰকি একেবাৰে সলনি হৈ গৈছে। গে'ট খোলাৰ শব্দ হ'লেই ভুকি ভুকি বাঘৰ দৰে দৌৰি যায়। কোনোবা আহিলে ডিঙিলৈকে জঁপিয়াব খোজে। অচিনাকী আলহী আহিলে জিভা উলিয়াই এনে এটা চাৱনি দিয়ে, আলহীয়েও থিয়ৈ থিয়ৈ যাবলৈ যো-জা চলায়। ৰাতি দুই-তিনি বজাত বাহিৰত পিন এটা পৰিলেও সি দৌৰা-দৌৰি আৰম্ভ কৰি দিয়ে।

'ইমান চেঞ্জ! কিন্তু কিয়, কেনেকৈ!?'- বৰুৱানীয়ে ভাবি ভাবি একো তলা-মূধা নাপায়। কাষতে বহি বৰুৱাই হাঁহি থাকে।

'নাহাঁহিবা, কি হ'ল ৰ'কিৰ হঠাতে? তুমি একো কিবা খুওৱা নাইতো?'- বৰুৱানীৰ উৎসুকতা বাঢ়ে।

অৱশেষত এদিন বৰুৱাই পত্নীক কৈয়েই দিলে 'ৰকি' সলনি হোৱাৰ মূল কাৰণটো।

'আজিকালি মই সদায় দুঘন্টাকৈ টিভিৰ নিউজ চেনেলবোৰত 'ইলেকশ্যন ডিবেট' চাওঁ, মানে সেই 'নিৰ্বাচনী যুক্তি-যুদ্ধ'। সেই সময়ত 'ৰকি'ও হামিয়াই-হিকটিয়াই বহি থাকে টিভিৰ ওচৰত' – বৰুৱাই ক'বলৈ আৰম্ভ কৰে।

'হয়, কম অশান্তি নে মোৰ সেইবোৰ দেখি-শুনি। কিন্তু ৰ'কি ইমান সলনি হ'ল যে?'

'ৰ'বাহে, কৈ আছোঁ। সেই চেনেলবোৰত যুক্তি-তৰ্কত ভাগ ল'বলৈ সদায় বিভিন্ন দলৰ ডাঙৰ ডাঙৰ নেতা আহে। সিহঁতৰ চিঞৰ-বাখৰ, লম্ফ-জম্ফ দেখুৱাই ৰকি'ক সদায় কওঁ – "বোলো, দেখিছ এইকেইটাই কেনেকৈ ভুকিছে? ইহঁতক চাই কিবা অলপ শিক। ইলেকশ্যনৰ ৰিজাল্ট ওলোৱাৰ পিছত ইহঁতৰ কেইটামানৰ কাম নোহোৱা হ'ব। ভাবিছোঁ, ইহঁতৰে এটাক লৈ আনি পুহিম এইবাৰ। দিনটো ভুকি থাকিব পাৰিব। চোৰ আহিলে ক'ম – আক্ৰমণ কৰ, তহঁতৰ বিৰোধী দলৰ এইজন। লগে লগে ভুকি-কামুৰি বখলিয়াই পেলাব...। ৰকি, তোৰ দিন গ'ল। তই এতিয়া বাটে-পথে গেলা বস্তু বিচাৰি ঘূৰি ফুৰিব লাগিব"...মই তোৰ 'ৰিপ্লেচমেন্ট' পাই গৈছোঁ।'

'তাৰ পিছত?' – বৰুৱানী অবাক হৈ চাই ৰয়।

'তেতিয়া ৰকিয়ে চকু মেলি নেতাকেইজনক চায়। ভাষা-আচৰণ দেখি "ফ'ৰেইন কুকুৰ" বুলি ভাবিলে চাগে সিহঁতক। সি ভয় খালে, কিজানিবা তাক খেদি সিহঁতৰে এজনক পুহিবলৈ আনোৱেই। সিদিনাৰেপৰা সি সলনি হ'ল। কামে-কাজে বিৰাট 'এক্টিভ' হৈ পৰিল। একেবাৰে সিহঁতৰ দৰে ব্যৱহাৰ কৰা হ'ল। কুকুৰ হ'লেও সিও জানে দিয়াচোন যে – যোগ্য ভোগ্য বসুন্ধৰা!'

 

Share Button
Print Friendly, PDF & Email

No Comments : ""বৰুৱাৰ কুকুৰ" (দিগন্ত কুমাৰ ভট্টাচাৰ্য)"

Leave a Comment

Your email address will not be published. Required fields are marked *