বেংমৰাৰ বুৰঞ্জী(২য় খণ্ড) - (টুনুজ্যোতি গগৈ)

(পাঁচ)

মধ্যযুগৰ প্ৰবল প্ৰতাপী আহোম ৰাজতন্ত্ৰক কঁপাই তুলিবলৈ সক্ষম হোৱা ঐতিহাসিক মোৱামৰীয়া বিদ্ৰোহ মূলতঃ ধৰ্মীয় আৰু অৰ্থনৈতিক কাৰণতে সংঘটিত হৈছিল৷ আহোম ৰাজতন্ত্ৰত হিন্দু ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সুবিধা নোপোৱা হ'লে মোৱামৰীয়া বিদ্ৰোহো সংঘটিত নহ'লহেঁতেন৷ চাওলুং ছ্যু-কা-ফাই ধৰ্মনিৰপেক্ষ প্ৰশাসনিক নীতিৰে ৰাজ্য শাসনৰ পৰম্পৰা আৰম্ভ কৰিলেও পৰৱৰ্তী সময়ত অৰ্থাৎ ছুডাংফা বা বামুণী কোঁৱৰ (১৩৯৭-১৪০৭)ৰ দিনৰপৰাই সেই পৰম্পৰা ধীৰে ধীৰে শিথিল হৈ পৰে৷ অসমীয়া আৰু ইংৰাজী ভাষাত লিখিত বুৰঞ্জীসমূহত এই তথ্য পোৱা যায় যে ছুডাংফা ব্ৰাহ্মণৰ ঘৰত লালিত-পালিত হোৱাৰ বাবে তেওঁৰ ৰাজত্বৰ সময়ত ৰাজ্য আৰু ৰাজনীতি উভয়তে হিন্দু ধৰ্মৰ প্ৰভাৱ বিস্তাৰ হৈছিল৷ ৰজাই তেওঁক প্ৰতিপালন কৰা ব্ৰাহ্মণ পৰিয়ালটোক ৰাজধানীলৈ তুলি অনাৰ লগতে তেওঁলোকক ওখ খাপৰ বাবো দিছিল৷ তেওঁৰ দিনতে আহোম ৰাজ কাৰেঙত লক্ষ্মীনাৰায়ণৰ শালেগ্ৰামো প্ৰৱেশ কৰাত পৰম্পৰাগত ধৰ্ম পালন কৰি অহা আহোম প্ৰজাসকল অসন্তুষ্ট হৈছিল৷ (অৱশ্যে, দুজনমান ঐতিহাসিকে ক'ব খোজে যে আহোম ৰাজ পৰিয়ালৰ সন্তান এজন ব্ৰাহ্মণৰ ঘৰত প্ৰতিপালিত হোৱা ঘটনাটো ঐতিহাসিকভাৱে সত্য নহয়, ই উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰচাৰিত এক কল্পকাহিনীহে৷ তেওঁলোকৰ মতে, ঊনবিংশ শতিকাত মনুবাদী বুৰঞ্জীবিদসকলৰদ্বাৰা লিখিত বুৰঞ্জীতহে এনে তথ্য পোৱা যায়, তাই ভাষাত লিখিত বুৰঞ্জীত এনে তথ্য নাই৷ কিন্তু, ছুডাংফা ব্ৰাহ্মণ পৰিয়ালত প্ৰতিপালিত হৈছিল নে নাই – এই সম্পৰ্কে কোনো পতিয়নযোগ্য তথ্য প্ৰতিষ্ঠিত হোৱা নাই এথোন৷)

সি যি নহওক, হিন্দু ধৰ্মই আহোম ৰাজতন্ত্ৰত প্ৰভাৱ বিস্তাৰ কৰাৰ পাছতেই বৰ্ণবাদেও পোখা মেলিছিল৷ ছুডাংফাৰ ৰাজত্বৰ সময়ৰপৰা চাও ছ্যু-হুং-মুঙ বা দিহিঙীয়া ৰজা (১৪৯৭-১৫৩৯) ৰাজপাটত উঠালৈকে বিভিন্ন জনগোষ্ঠীৰে গঠিত আহোম সমাজখনৰ সৈতে হিন্দু ধৰ্ম আৰু হিন্দু সমাজখনৰ বহুখিনি পৰিচয় ঘটিছিল৷ আগতে আহোম ৰজাক তাই-আহোম ভাষাত চাও-ফা (চাও মানে দেৱতা আৰু ফা মানে স্বৰ্গ) বুলি সম্বোধন কৰা হৈছিল; কিন্তু এই সময়ছোৱাতে ৰজাক চাও-ফাৰ অৰ্থেৰে অসমীয়া ভাষাত স্বৰ্গদেৱ বুলি সম্বোধন কৰাৰ পৰম্পৰা আৰম্ভ হ'ল৷ ইপিনে, এচাম হিন্দু পণ্ডিতে ৰজাক তোষামোদ কৰিবৰ বাবেই আহোম ৰাজবংশৰ উৎপত্তিৰ কাহিনী হিন্দু পুৰাণবোৰৰ সৈতে মিলাই লিখিবলৈ ধৰিলে৷ তেনে এখন কাল্পনিক পুথি ‘স্বৰ্গ নাৰায়ণ দেৱ মহাৰাজৰ জন্ম চৰিত্ৰ'ত আহোম ৰজাৰ গুৰি সৰ্ম্পকে এক উদ্ভট কাহিনী বৰ্ণনা কৰিছে৷ কাহিনীটো হ'ল –বশিষ্ঠ মুনিৰ শাপত স্বৰ্গৰ অধিপতি ইন্দ্ৰ ম্লেছ হৈ পৃথিৱীলৈ অপসাৰিত হৈছিল৷ একে সময়তে শ্যামা নামৰ অপেশ্বৰী এগৰাকীও স্বৰ্গৰপৰা পৃথিৱীলৈ খহি পৰিছিল৷ এই সৌমাৰতে ইন্দ্ৰ আৰু শ্যামাৰ মাজত যৌন মিলন ঘটাত প্ৰথম আহোম ৰজা ছ্যু-কা-ফাৰ জন্ম হয়৷ এই উদ্ভট কাহিনীটোৰ জৰিয়তে লেখকে এনে এক ইংগিতো দি থ'লে যে ম্লেছৰ সন্তান ভৱিষ্যতলৈ ম্লেছেই হ'ব, হিন্দুৰ চাৰি বৰ্ণৰ ভিতৰুৱা হ'ব নোৱাৰিব৷

প্ৰসংগক্ৰমে উল্লেখ্য যে এই হিন্দু পণ্ডিতসকলে কোচ, চুতীয়া, কছাৰী আদি জনগোষ্ঠীসমূহৰ জন্ম চৰিত্ৰও হিন্দু পুৰাণৰ কোনো এজন দেৱতাৰ লগত মিলাই লেখিছিল৷ বিশ্বসিংহই কোচ ৰাজ্য বিস্তাৰ কৰাৰ পাছত এই পণ্ডিতসকলে কোচ জাতিৰ ইতিবৃত্তও এনেদৰে লিখিলে – এদিন হাৰীয়া মণ্ডল নামৰ ব্যক্তিজনে কৃষিকাৰ্যত ব্যস্ত হৈ থাকোতে তেওঁৰ প্ৰথম পত্নী হীৰাই তেওঁলৈ জলপান লৈ গৈছিল৷ বাটতে মহাদেৱ শিৱই হাৰীয়া মণ্ডলৰ বেশ ধৰি হীৰাৰ সৈতে সহবাস কৰাত শিৱৰ বীৰ্যৰপৰা বিশুৰ জন্ম হ'ল৷ বিহুৰ দিনা ওপজা বাবেই তেওঁ বিশু নাম পালে৷ এই বিশুৱেই বিশ্বসিংহ ৰজা৷ সেইদৰে, ডিমাচা কছাৰীৰ প্ৰথম ৰজা মধ্যম পাণ্ডৱ ভীমৰ ঔৰসত হিড়িম্বা ৰাক্ষসীৰ গৰ্ভত জন্ম হোৱা বুলি দেখুৱাইছিল৷ থলুৱা জনগোষ্ঠীসমূহৰ জন্ম বৃত্তান্ত এনেদৰে লেখাৰ সুযোগতে পণ্ডিতসকলে পুৰাণ-মহাভাৰতৰ চৰিত্ৰ আৰু ঠাইবোৰ আনি অসমত সংস্থাপন কৰিছিল৷ এই জন্ম বৃত্তান্তবোৰ লিখাৰ সুযোগতে পণ্ডিতসকলে থলুৱা ৰজাসকলৰপৰা বিভিন্ন প্ৰকাৰৰ সা-সুবিধা অৰ্থাৎ মাটি-ভেটি, ধন-সোণ আদি আদায় কৰিছিল৷

লক্ষণীয় যে ‘স্বৰ্গ নাৰায়ণ দেৱ মহাৰাজৰ জন্ম চৰিত্ৰ'ত বৰ্ণিত ছ্যু-কা-ফাৰ জন্ম সম্পৰ্কীয় উদ্ভট কাহিনীটোক লৈ দিহিঙীয়া ৰজাই আপত্তি কৰা নাছিল, বৰং এনে কাহিনীয়ে ৰাজ্য বিস্তাৰত সহায় কৰাৰ লগতে তেওঁলোকক অসমৰ জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তুলিব বুলিহে ভাবিছিল৷ তেওঁ কাৰ্যক্ষেত্ৰত সৌমাৰপীঠ, ৰত্নপীঠ আৰু কামপীঠ – এই তিনিওটা অঞ্চল আহোম ৰাজতন্ত্ৰৰ অধীনলৈ আনি অসম দেশৰ সীমা বিস্তাৰ কৰাই নহয়, বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক নতুন মাত্ৰা দিলে৷ তেৱেঁই বিৰল উদাৰতাৰ নিদৰ্শন দেখুৱাই বিভিন্ন জাতি-জনগোষ্ঠীয়ে সংযোগী ভাষাৰূপে ব্যৱহাৰ কৰি অহা অসমীয়া ভাষাক, নিজৰ এটা সমৃদ্ধিশালী মাতৃভাষা (তাই-আহোম ভাষা) থকাৰ পাছতো, অসমৰ ৰাষ্ট্ৰীয় ভাষাৰূপে স্বীকৃতি দিলে৷ দিহিঙীয়া ৰজাই হিন্দু পণ্ডিতে প্ৰদান কৰা ‘স্বৰ্গদেৱ' উপাধি গ্ৰহণ কৰাৰ উপৰি ৰাজকীয় নথি-পত্ৰত হিন্দু উপাধি আৰু শক লিখাৰ প্ৰথা আৰম্ভ কৰিছিল৷ তাই-আহোমৰ নিজা সময় গণনাৰ ৬০ বছৰীয়া চক্ৰৰ দিনপঞ্জী তাও-চিঙা-লাকনি ত্যাগ কৰি হিন্দুৰ দিনপঞ্জীও গ্ৰহণ কৰিছিল৷ তেওঁৰ ধৰ্মনিৰপেক্ষ নীতিৰ বাবেই তেওঁৰ ৰাজত্বকালতে শ্ৰীমন্ত শংকৰদেৱে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ-প্ৰসাৰৰ সুযোগ পাইছিল৷

দিহিঙীয়া ৰজাৰ মৃত্যুৰ পাছত ছ্যু-ক্লেন্-মঙ্ (১৫৩৯-১৫৫২) ৰাজপাটত বহিছিল৷ ছ্যু-ক্লেন্-মঙে ৰাজকাৰেঙৰ ভিতৰত লক্ষীনাৰায়ণ শালগ্ৰাম পূজা পতাটো পছন্দ কৰা নাছিল বাবে শালগ্ৰাম মূৰ্তিটো কাৰেঙৰ বাহিৰলৈ আনি চাৰিগড়ৰ ভিতৰতে প্ৰতিষ্ঠা কৰিছিল৷ এওঁৰ সময়তে আহোম-কোচৰ মাজত সংঘাত আৰম্ভ হৈছিল আৰু সেই সংঘাতে ৰজা চাও ছ্যু-খাম-ফা (১৫৫৩-১৬০৩)ৰ দিনত তীব্ৰ ৰূপ ধাৰণ কৰিছিল৷ এওঁৰ দিনত কোচ-আহোমৰ মাজত সংঘটিত হোৱা এখন যুদ্ধত আহোম সেনাই এক নতুন ৰণনীতি গ্ৰহণ কৰিছিল৷ সেই সময়ত কোচ ৰজা নৰনাৰায়ণ হিন্দুধৰ্মী আছিল যদিও আহোম ৰজা বা প্ৰজাই তেতিয়ালৈ হিন্দু ধৰ্ম গ্ৰহণ কৰা নাছিল৷ সেয়ে আহোম সেনাপতিয়ে একাংশ সৈন্যক ফোঁট-লগুণ পিন্ধাই ব্ৰাহ্মণ সাজি আৰু গৰুৰ ওপৰত তুলি দি কোচ সৈন্যৰ বিৰুদ্ধে যুঁজ কৰিবলৈ আগ বঢ়াই দিছিল৷ কোচ সৈন্যই গো-ব্ৰাহ্মণক হত্যা কৰিলে মহাপাপ হ'ব বুলি ভাবি যুদ্ধ নকৰাকৈ পিছ হুঁহকি গৈছিল৷ ইপিনে, যুদ্ধৰ শেষত ব্ৰাহ্মণৰ ভেশচন ধৰা আহোম সেনাসকলক আহোম সমাজখনে পূৰ্বৰ দৰেই গ্ৰহণ নকৰাত তেওঁলোক সমাজত ‘আউল লগোৱা বামুণ' হিচাপেই পৰিচিত হৈ থাকিল৷ এনে ঘটনাৰপৰাই প্ৰমাণ হয় যে ধৰ্মই এটা জাতিৰ স্বাভিমান আৰু সামাজিক স্থান কেনেদৰে অৱনমিত কৰিব পাৰে৷
ছ্যু-ছেং-ফা (১৬০৩-১৬৪১) ৰজায়ো ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল৷ তেওঁৰ দিনতে অনিৰুদ্ধদেৱে একশৰণীয়া ভাগৱত বৈষ্ণৱ ধৰ্মৰ শাখা মায়ামৰা পন্থা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল৷ ১৫৫৩ চনত নাৰায়ণপুৰৰ বিষ্ণু বালিকুছিত জন্ম গ্ৰহণ কৰা অনিৰুদ্ধদেৱৰ পিতৃ হ'ল গোণ্ডাগিৰি আৰু মাতৃ হ'ল শ্ৰীমন্ত শংকৰদেৱৰ খুড়াকৰ কন্যা আজলী৷ অনিৰুদ্ধদেৱে ৪৫ বছৰমান বয়সতহে ধৰ্ম চৰ্চাত মনোনিৱেশ কৰিছিল৷ তেওঁ কালজাৰৰ গোপাল আতাৰ ওচৰত শৰণ-ভজন লৈছিল আৰু বিষ্ণু আলিকুছিত প্ৰথমখন সত্ৰ স্থাপনেৰে ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল৷ ডফলাৰ নিৰন্তৰ অত্যাচাৰৰ বাবে ১৬০ চনত সেই স্থান ত্যাগ কৰি বিহপুৰীয়া মৌজাৰ নাহৰআটিত পুনৰ সত্ৰখন স্থাপন কৰে৷ নাহৰআটিৰপৰাই একশৰণীয়া বৈষ্ণৱ নামধৰ্ম প্ৰচাৰ কৰি তেওঁ ১৬২৬ চনত মৃত্যু আঁকোৱালি লয়৷ অনিৰুদ্ধদেৱৰ মৃত্যুৰ পাছত তেওঁৰ জ্যেষ্ঠপুত্ৰ কৃষ্ণদেৱ সত্ৰাধিকাৰ হয়৷ কৃষ্ণদেৱ অধিকাৰ হোৱাৰ পাঁচ বছৰৰ পাছত সত্ৰখন ব্ৰহ্মপুত্ৰৰ দক্ষিণাপাৰৰ খুটীয়াপোতালৈ স্থানান্তৰ কৰে৷ মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হোৱা পৰ্যন্ত সত্ৰখন সেই স্থানতেই আছিল৷

আহোম ৰজা ছ্যু-তাম্-লা (১৬৪৮-১৬৬৩)ই প্ৰথমবাৰৰ বাবে জয়ধ্বজ সিংহ হিচাপে নিজেই হিন্দু নাম গ্ৰহণ কৰিছিল৷ পূৰ্বৰ দুজনমান ৰজাৰ হিন্দু নাম থাকিলেও সেয়া তেওঁলোকে নিজে লোৱা নাছিল, হিন্দুসকলেহে দিছিল৷ ছ্যু-তাম্-লাই প্ৰথমবাৰৰ বাবে নিজৰ পৰম্পৰাগত ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্মত শৰণ ল'বলৈ গুৰুৰ সন্ধান কৰিছিল৷ কুৰুৱাবাহী সত্ৰৰ মিছিৰি বাপু শাস্ত্ৰত পাৰদৰ্শী বুলি জানিব পাৰি ৰজাই তেওঁকে শৰণ দিবৰ বাবে মতাই পঠালে৷ কিন্তু, মিছিৰি বাপুৰ মৃত্যু হোৱাত আৰু তেওঁৰ দুয়োটি পুত্ৰ সৰু হৈ থকাত সত্ৰৰ কাম-কাজবোৰ অধিকাৰৰ হৈ নিৰঞ্জন পাঠক নামৰ এজন ব্ৰাহ্মণ ভকতে চলাই আছিল৷ ৰজাৰ প্ৰতিনিধিয়ে ৰজাই অধিকাৰক মাতি পঠাইছে বুলি জনোৱাত বাপুৰ পত্নীয়ে ভয় খাই দুই পুত্ৰক নপঠাই নিৰঞ্জন পাঠককে পঠাই দিলে৷

ছ্যু-তাম্-লাই হিন্দু ধৰ্মত শৰণ ল'ব বিচাৰিছে বুলি জানিব পাৰি নিৰঞ্জন পাঠকে কুৰুৱাবাহী সত্ৰৰপৰা সৰু গোবিন্দৰ মূৰ্তি এটি আনিলে আৰু মূৰ্তিটো ৰজাৰ সন্মুখত থৈ ৰজাক হিন্দু ধৰ্মত শৰণ দিলে৷ ইপিনে, গোবিন্দৰ মূৰ্তিটো পাঠকে বহুদিন পাৰ হোৱাৰ পাছতো সত্ৰক ঘূৰাই নিদিয়াত মিছিৰি বাপুৰ দুই পুত্ৰই ৰজাৰ ওচৰত গোচৰ তৰিলে৷ ৰজাই সেই গোচৰ শুনিহে নিৰঞ্জন পাঠক সত্ৰাধিকাৰ নহয় বুলি জানিব পাৰে আৰু তেওঁক কঠোৰ শাস্তি বিহিবলৈ উদ্যত হয়৷ অৱশ্যে, মিছিৰি বাপুৰ পত্নীৰ হস্তক্ষেপত পাঠক দোষমুক্ত হোৱাৰ লগতে প্ৰাণদণ্ডৰ দৰে কঠোৰ শাস্তিৰপৰা ৰেহাই পালে৷

নিৰঞ্জন পাঠকে দোষমুক্ত হৈ ৰজাৰপৰা সা-সুবিধা আদায় কৰিব বিচাৰিলে৷ পাঠকে ৰজাক জনালে – তেওঁ ৰজাৰ গুৰু হৈ কেনেকৈ কুৰুৱাবাহীলৈ ঘূৰি যাব আৰু সামান্য ভকত হৈ থাকিব? ৰাজগুৰু এজন সামান্য ভকতৰ দৰে থকাটো ৰজাৰ বাবেই অসন্মানজনক বুলি ভাবি ৰজাই ১৬৫৪ চনত তেতিয়াৰ দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজত অৱস্থিত আউনীপাণৰ চাপৰিত পাঠকক এখন সত্ৰ পাতি দিলে৷ সেই সত্ৰখনেই আউনীআটী সত্ৰৰূপে পৰিচিত হ'ল৷ পৰৱৰ্তী আহোম ৰজাসকলে আউনীআটী সত্ৰক অপৰ্যাপ্ত ধন-সোণ, হেজাৰ হেজাৰ বিঘা মাটি-বাৰী আদি তামৰ ফলিত লিখোৱাই দান দিছিল৷ ৰামেশ্বৰ বড়াৰ মতে – ‘ইংৰাজ চৰকাৰৰ দিনত আউনীআটী সত্ৰই ৬৩ হাজাৰ বিঘা বিনা খাজনাত লাখেৰাজ মাটি আৰু ১৮০০ বিঘা আধা খাজনাত নিষ্পিখেৰাজ মাটি পাইছিল৷ ভাৰত স্বাধীন হোৱাৰ পাছত সত্ৰ সভাৰ ঘৰ-বাৰীৰ মাটিখিনিৰ বাদে বাকী মাটি অধিগ্ৰহণ কৰিছে৷ অধিগ্ৰহণ কৰিছে যদিও মাটিবোৰৰ খাজনা চৰকাৰে ৰায়তৰপৰা তুলি, তোলা খৰচা বাবে বাকী গোটেই খাজনাৰ টকা বিনা চৰ্তত সত্ৰকে দিছে৷ এনেকৈ লাখ লাখ টকা বিনা চৰ্তত দিয়া অসম চৰকাৰৰ পক্ষে দায়িত্বহীন কাৰ্য হৈছে৷' (বৃহৎ তাই জাতি (আহোম বুৰঞ্জী), পৃ. ১৪৮)

ছ্যু-তাম্-লাৰ পৃষ্ঠপোষকতাতে বনমালীদেৱে দিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজত থকা ৰাঙলী চাপৰিত এখন সত্ৰ স্থাপন কৰিলে৷ ব্ৰহ্মপুত্ৰৰ দক্ষিণ কাষত প্ৰতিষ্ঠা কৰা বাবেই সত্ৰখন দক্ষিণপাট সত্ৰ ৰূপে পৰিচিত হ'ল৷ এই সত্ৰখনকো আহোম ৰজাসকলে ৩২,০০০ বিঘা মাটি তামৰ ফলি লিখোৱাই দান দিছিল৷ ছ্যু-তাম্-লাৰ হিন্দু ধৰ্মৰ প্ৰতি থকা অত্যধিক দুৰ্বলতাৰ সুযোগ লৈয়ে ভালেমান সন্ত আৰু ব্ৰাহ্মণে নিজে নিজেই একোখন সত্ৰৰ নাম দি মাটি-বৃত্তি বিচাৰি ৰাজধানীত পিটপিটাই ফুৰিছিল৷ ডাঙৰীয়া-বিষয়াসকলেও কোনো এখন সত্ৰত শৰণ লৈ সংশ্লিষ্ট সত্ৰসমূহক উন্নীত কৰিবলৈ যত্নপৰ হৈছিল৷ ৰজাই এই সত্ৰবোৰক নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সত্ৰীয়া বৰুৱা, সত্ৰীয়া ফুকন আদি বিষয়বাবো সৃষ্টি কৰিব লগা হৈছিল৷

ছুলি-ক-ফা বা ৰত্নধ্বজ সিংহ বা ল'ৰাৰজা (১৬৭৯-১৬৮১)ৰ ৰোষত পৰি গদাপাণি কোঁৱৰ (১৬৮১-১৬৯৬)-এ আত্মগোপন কৰি থকাৰ সময়ছোৱাতে আউনীআটী আৰু দক্ষিণপাট সত্ৰৰ অধিকাৰসকলৰ সা-সম্পত্তি আৰু লাহ-বিলাহ প্ৰত্যক্ষ কৰি স্তম্ভিত হৈ পৰিছিল৷ ৰজাৰ কেঁকোৰা দোলা আৰু হাতীৰ বাহিৰে সকলো ৰাজকীয় সুবিধা গোসাঁইদ্বয়ে লৈছিল৷ কাশীনাথ তামুলী ফুকনৰ অসম বুৰঞ্জীত উল্লেখ আছে যে ভিনিহিয়েক বন্দৰ বৰফুকনে গদাপাণিক ৰজা পাতিবৰ বাবে উদ্যোগ লোৱাৰ খবৰ পাই দক্ষিণপাট সত্ৰৰ বনমালী বাপুৱে বৰফুকনক লগ ধৰি কৈছিল – ‘ফুকন, তুমি মোৰ প্ৰধান শিষ্য আৰু তুমি জানা ল'ৰা ৰজাও মোৰ শিষ্য৷ এই হেতুকে প্ৰায় ময়েই ৰজা হৈ আছোঁ৷ এতেকে তুমি এনে কাম নকৰিবা৷ মই তোমাত ৰাজত্ব ভিক্ষা কৰিছোঁ৷' (পৃ. ৩৮, প্ৰকাশকাল ১৯৬৪)৷ অৱশ্যে, বৰফুকনে বাপুৰ প্ৰাৰ্থনাক উপেক্ষা কৰাই নহয়, ৰাজকাৰ্যত হস্তক্ষেপ কৰিব বিচৰাৰ বাবে তেওঁক কঠোৰ ভাষাৰে ভৎৰ্সনাও কৰিলে৷ নক'লেও হয়, ছুলি-ক-ফাৰ সময়লৈকে কেইবাখনো সত্ৰৰ ধনবল আৰু জনবল ইমানেই বৃদ্ধি পাইছিল যে সত্ৰাধিকাৰসকলে ৰজা ভঙা-পতাত হস্তক্ষেপ কৰিবলৈও সাহস কৰিছিল৷ সাত বছৰৰ ভিতৰত ন-জনকৈ আহোম ৰজা ভঙা-পতা হোৱাৰ অন্য এক কাৰণ আছিল সত্ৰাধিকাৰসকলৰ ৰাজনৈতিক হস্তক্ষেপ৷

গদাপাণি কোঁৱৰে আত্মগোপন কৰি থকাৰ সময়ছোৱাত আউনীআটী আৰু দক্ষিণপাট সত্ৰত আশ্ৰয় বিচাৰি যাওঁতে তেওঁক দুয়োখন সত্ৰৰ অধিকাৰসকলে আশ্ৰয় দিয়াৰ পৰিৱৰ্তে চূড়ান্তভাৱে অপমান কৰিছিল৷ সেই অপমান গদাপাণিয়ে (পাছলৈ তেওঁ আহোমৰ মতে ছ্যু-পাৎ-ফা আৰু হিন্দু মতে গদাধৰ সিংহ নাম লৈছিল) পাহৰিব পৰা নাছিল বাবেই ৰাজপাটত বহাৰ পাছতেই তেওঁ ক্ৰমশঃ প্ৰভাৱশালী হৈ পৰা সত্ৰসমূহৰ প্ৰতি কঠোৰ হৈ পৰিছিল৷ তেওঁ অনুসন্ধান চলাই বহু প্ৰজাই ধৰ্মচৰ্চাত ব্যস্ত হৈ থাকি ৰাজকাৰ্যৰ প্ৰতি পিঠি দিয়াৰ বিয়য়ে জানিব পাৰিছিল৷ বহু প্ৰজাই কাঁড়ী পাইকৰ বান্ধোনৰপৰা মুক্ত হৈ সত্ৰৰ ভকতৰূপে সত্ৰীয়া বান্ধোনত সোমাই পৰাটো তেওঁ দেশৰ অৰ্থনীতি আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি স্বৰূপ বুলি গণ্য কৰিছিল৷ সেইদৰে, বুজন পৰিমাণৰ গৰু আৰু গাহৰি মাংস ভক্ষণেৰে বলৱন্ত হৈ থকা গদাধৰ সিংহই তেওঁৰ দেশৰ প্ৰজাসকলে মদ-মাংস খাবলৈ এৰি নিশকতীয়া শৰীৰেৰে এক শ্ৰমবিমুখ জীৱন অতিবাহিত কৰাটো বিচৰা নাছিল৷ সেয়ে তেওঁ শ্ৰমবিমুখ ভকতসকলক ঐতিহাসিক ধোদৰ আলি বান্ধিবলৈ বাধ্য কৰাইছিল আৰু ৰঙাচৰণ ভাণ্ডাৰী বৰুৱাৰ হতুৱাই অভিজাত সত্ৰকেইখনৰপৰা ধন-সোণ সংগ্ৰহ কৰি ৰাজকোষ টনকিয়াল কৰিছিল৷
আত্মগোপনৰ সময়ছোৱাত লাভ কৰা অপমানৰ পোতক তুলিবৰ বাবে গদাধৰ সিংহই আউনীআটী সত্ৰৰ কেশৱদেৱ সত্ৰাধিকাৰক শদিয়াত নিৰ্বাসন দিয়াৰ বিপৰীতে দক্ষিণপাট সত্ৰৰ ডেকা ৰাম গোসাঁইৰ চকু কঢ়াইছিল৷ অৱশ্যে, আত্মগোপন কালত তেওঁক যিসকলে উপকাৰ কৰিছিল, সেইসকলক তেওঁ উপযুক্ত সংস্থাপন দিছিল৷ বোকাখাতৰ কলীয়া দৈৱজ্ঞ বাপুক সোণৰ লগুণ পিন্ধাই ৰাজদৈৱজ্ঞ পাতিছিল, জৰাবাৰী গোসাঁইক দিহিঙত মাটি-বাৰী দান দি সংস্থাপিত কৰিছিল, কামৰূপৰ মজিন্দাৰ বৰুৱাক আহোম ৰাজবংশৰ মৰ্যাদা দিছিল ইত্যাদি৷

গদাধৰ সিংহৰ দিনতে সাময়িকভাৱে অস্থিৰ হৈ পৰা অসম দেশলৈ সুস্থিৰতা ফিৰি আহিছিল৷ তেওঁ মৃত্যুৰ আগে আগে পুত্ৰসকলক দঢ়াই দঢ়াই কৈছিল যে দেশৰ সুস্থিৰতা বৰ্তাই ৰখাৰ স্বাৰ্থতে যেন পুত্ৰসকলে ৰজা হৈ কোনো ধৰ্মৰ প্ৰতি আসক্ত নহয় আৰু কোনো ধৰ্মগুৰুক ৰাজকাৰ্যত প্ৰৱেশ কৰাৰ সুবিধা নিদিয়ে৷ তেওঁ তাৎপৰ্যপূৰ্ণভাৱে কপালত পঠালি ফোঁট লোৱাসকলক বিশ্বাস নকৰিবলৈও পুত্ৰসকলক সকীয়াই গৈছিল৷ (আগলৈ)

Share Button
Print Friendly, PDF & Email

No Comments : "বেংমৰাৰ বুৰঞ্জী(২য় খণ্ড) - (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *