বিটি ফ্ৰিডান (Betty Fridan) আৰু মহিলাৰ ঘৰুৱা কাম-কাজ- (ৰত্না দত্ত)

              বিটি ফ্ৰিডানৰ ‘দ্য ফেমিনিন মিষ্টিক' (The Feminine Mystique) নামৰ নাৰীবাদ সম্পৰ্কীয় সমাজবাদী গ্ৰন্থখনে প্ৰকাশৰ পঞ্চাছ বছৰ অতিক্ৰম কৰিছে। এই উপলক্ষে কিতাপখনৰ পুনৰ প্ৰচাৰ, প্ৰকাশ আৰু চৰ্চা চলিছে। পিছে এই সম্পৰ্কে একাষাৰ লিখিবলৈ লৈ আমাৰ প্ৰবাদ বাক্য এষাৰহে মনলৈ আহিছে – ‘তিৰীৰ মেল, কলৰ ভেল'। আমাৰ সকলো কথা-বতৰাক কলৰ ভেল অৰ্থাৎ সাৰহীন বুলি ভবা মানুহ এতিয়াও, এইখন একবিংশ শতিকাৰ সমাজতো, এনেকি নাৰীসকলৰ মাজতো নাই জানো? সেয়ে হয়তো নাৰীসকল আজিও ‘মানৱী' হৈ উঠিব পৰা নাই। আমাৰ দৰে লিংগবাদী সমাজত পুৰুষসকল দিনে দিনে অধিক ‘পুৰুষ' আৰু নাৰীসকল অধিক ‘নাৰী' হৈ গৈ থাকে। সেইকাৰনেই হয়তো নাৰী-পুৰুষৰ মাজত সততে ‘মানুহ' বিচাৰি পাবলৈ নাই।

              জীৱন বাটত বাট বুলোঁতে নাৰীসকল অধিক নাৰী হৈ যায় কেনেদৰে?

               ‘তিৰোতাৰ গৰু ৰখা দেখিবলৈ কুৎসিত।

                মুনিহৰ ভাত ৰন্ধা মৰিলেহে উচিত।' – এয়াও আমাৰ এক প্ৰবাদ বাক্য। অৰ্থাৎ তিৰোতাই মুনিহৰ কাম কৰিব নালাগে, মুনিহেও তিৰুতাৰ কাম কৰিব নালাগে। যোৱা পঁয়ষষ্ঠি বছৰেও আমি আমাৰ অভ্যন্তৰত শিক্ষাৰ পোহৰ পেলাব নোৱাৰিলো। আমাৰ বিদ্যা-শিক্ষা গ্ৰহণ, চাকৰি-বাকৰি আৰু অৰ্থোপাৰ্জনতেই শেষ। প্ৰবাদ বাক্যবোৰৰ খামোচ এৰি দিবলৈ আমি ৰাজী নহয়। এইবোৰেই আমাৰ সংস্কৃতি বুলি কোৱা হৈছে আৰু আমি তাকে পহৰা দি আছো। সমগ্ৰ ভাৰতবৰ্ষতে এই একেখনেই ছবি। পশ্চাৎগমন যেন আমাৰ তেজত মিলি গৈছে। টেলিভিছনৰ ধাৰাবাহিকবোৰেও এই আওপুৰণি বাটটোকে চূণ-তেল সানি নতুনকৈ সজাইছে-পৰাইছে। এনে এক পৰিবেশত কিয়েইবা আশা কৰিব পাৰি?

              ‘তিৰোতা আনিবা এলাই জাবৰী,

               তাই ঘৰ ধৰি খায়।'

 এই ধাৰণাটো এতিয়াও বৰ্তি আছে। বাহিৰলৈ ওলাই যোৱা, পুৰুষৰ সমানে কাম কৰা তিৰোতা কাকো নালাগে। পিছে এনেবোৰ কথাৰপৰাই সৃষ্টি হৈছে গৃহিণীৰ হতাশাৰ। তাকেই কৈছে সমাজতাত্ত্বিক বিটি ফ্ৰিডানে।

               আমেৰিকাৰ বিটি ফ্ৰিডান নামৰ সংবেদনশীল মহিলাগৰাকী প্ৰথমে আছিল কেৱল গৃহিণী আৰু পিছলৈ আলোচনীৰ সম্পাদক আৰু সমাজকৰ্মী। ফ্ৰিডানে কৈছে, গৃহিণীসকল হৈছে গৃহসুন্দৰী। তেওঁ নিজেও অনুভৱ কৰিছিল এগৰাকী ‘সু-গৃহিণী' হৈ থাকি তেওঁৰ যিটো মানসিকতা গঢ় লৈছে, সেইটো তেওঁৰ নিজৰো কাম্য নহয়। অৰ্থাৎ এসময়ত তেওঁ যিজনী ছোৱালী আছিল, এতিয়া তেওঁ একেজনী মানুহ নহয় যেন! ধীৰে ধীৰে নিজৰ অপত্যাশিতভাৱে তেওঁ সলনি হৈ যাবলৈ বাধ্য হৈছে। নাই, এনেকৈ থাকিব নোৱাৰি! তেওঁ নামি গ'ল সামাজিক ক্ষেত্ৰলৈ, বিভিন্ন সামাজিক অৱস্থানত থকা অজস্ৰ নাৰীৰ সাক্ষাৎকাৰ ল'লে আৰু তাৰ ভিত্তিত লিখি উলিয়ালে নাৰীবাদৰ দিশনিৰ্ণায়ক গ্ৰন্থখন।

             একোগৰাকী চহৰীয়া গৃহিণীয়ে স্বামীক কামলৈ পঠোৱাৰ পিছত, ল'ৰা-ছোৱালীক পঢ়াশালিলৈ পঠোৱাৰ পাছত নিজৰ কামত ধৰে। নিজৰ কামনো কি? বিশৃংখল ঘৰটো এফালৰপৰা পৰিষ্কাৰ কৰিবলৈ আৰম্ভ কৰে। সেই কামবিলাকত তেওঁ এটা সৌন্দৰ্য আৰু আনন্দ আৰোপ কৰিবলৈ ধৰে। তেওঁ লাহে লাহে ভাবিবলৈ লয়, এইটো জীৱনেই তেওঁৰ ভাল লাগিছে। উদাহৰণস্বৰূপে এখন ঘৰত ঘৰ সৰা-মচা, কাপোৰ ধোৱা আদি কামবোৰ নকৰিলেই নোহোৱা অথচ একান্ত মহিলাৰ কাম হিচাপে বিবেচিত। সেয়েহে মহিলাৰ কঁকাল পৰা, দৈনিক কঁকালৰ বিষ আদিক স্বাভাৱিক সংঘটন বুলি ধৰি লোৱা হয়। যুগ সলনি হোৱাৰ লগে লগে চাপৰিব নলগীয়াকৈ ঘৰ সৰা-মচা, কাপোৰ ধোৱা ব্যৱস্থা ওলাল। বিটি ফ্ৰিডানে প্ৰশ্ন কৰিছে, কিয় বহুতো মহিলাই ঘৰ মচোঁতে চকুত কাজল সানি লয়? কিয়নো কামটোত তেওঁলোকে সৌন্দৰ্য আৰু আনন্দ আৰোপ কৰে।

             এগৰাকী অৱস্থাপন্ন মহিলাক ফ্ৰিডানে সুধিছে, ‘তুমি সুখীনে’? তেওঁ কৈছে যে তেওঁ সুখী; কিয়নো তেওঁৰ এজন সদাব্যস্ত স্বামী আছে; তেওঁৰ দুটা ল'ৰা আছে; ল'ৰা দুটাই পঢ়া-শুনাৰ উপৰিও ফুটবল খেলত ব্যস্ত থাকে। তিনিটা অতি সুন্দৰ শোৱনি কোঠাৰে তেওঁৰ ঘৰটো আটকধুনীয়া। কোঠাকেইটা মহিলাগৰাকীয়ে নিজ হাতেৰে সজাই ৰাখিছে। সুন্দৰ এচুকীয়া ঠাই (Cosy Corner) আৰু আলোক ব্যৱস্থা আছে। তেওঁৰ সুখৰ ব্যাখ্যা হ'লগৈ সেইবোৰ। তাৰ মাজত সুখ ক'ত আছে, সেয়া প্ৰশ্নকৰ্তাই নিজেই বিচাৰি ল'ব লাগিব।

             এতিয়া আমাৰ কথালৈ আহোঁ। আগৰ দিনৰ গাঁৱৰ ছোৱালী, বোৱাৰীৰ সম্পদ আছিল তাঁতশালখন অৰ্থাৎ তাঁত ব'ব জনা বিদ্যাটো। আনহাতে চহৰৰ ছোৱালীৰ সম্পদ আছিল ‘ঊষা', ‘শিংগাৰ' আদি নামৰ চিলাই মেচিনবোৰ। মেচিনৰ লগত কোম্পানিৰ বিজ্ঞাপন নিৰ্মাতাই সমাজৰ মানসিকতাৰ খেও ধৰি ধৰি অনেক সপোন, হেঁপাহ আৰোপ কৰিলে। সেইবোৰে ছোৱালীজনীক ঘৰৰ চাৰিসীমাৰ মাজত নিতে নতুন বান্ধোনেৰে বান্ধিলে। যেনে, নৱবিবাহিতা ছোৱালীজনীয়ে নিজে এম্ব্ৰইডাৰি কৰা ফুলাম আঁচল গাত মেৰিয়াই সন্ধিয়া স্বামী ঘৰলৈ অহালৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। আৰু এইহেন ফুলতী, কাজীকনো স্বামীয়ে ভাল নোপোৱাৰ কথাই নাই। অচিনটোক কাচিৎহে, আৰ্থিক সংকটত পৰিলে (যেনে, পিতৃ, স্বামীৰ মৃত্যু হ'লেহে) উপাৰ্জনৰ আহিলা হিচাপে ভাবিব পৰাৰ সামাজিক অধিকাৰ থাকিল। আনহাতে, আজি বহু বছৰৰ পাছত ছোৱালীবোৰে বাহিৰলৈ ওলাই আহি দেখিছে যে চিলাই কৰা, ফুল তোলাৰ মুকলি বজাৰখনত কাপোৰ চিলাই কৰে পুৰুষেহে; ফেশ্বন ডিজাইনাৰসকলৰো বেছিভাগেই পুৰুষ! সেয়া মহিলাৰো বিদ্যা বুলি এমুঠিমান মহিলাইহে প্ৰতিপন্ন কৰিব পাৰিছে। তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল, সেয়া প্ৰতিপন্ন কৰিবলগা হৈছে। অৰ্থাৎ কামবোৰ পুৰুষ অথবা নাৰী উভয়ৰে হ'ব পাৰে। পিছে ঠাইবিশেষে সেইবোৰ নাৰীৰ কাম বুলি চিহ্নিত কৰি থোৱা হয় আৰু ঠাইবিশেষে নহয়।

             এই বিশিষ্ট সামাজিকতাৰ বান্ধোনে আমাক যে কেনে এখন মনোজগতলৈ লৈ গৈছে, সেয়া ভাবিবলগীয়া কথা! আজিকালি স্বামী-স্ত্ৰী উভয়েই উপাৰ্জনৰ বাবে নিশ্চিতভাৱে বাহিৰলৈ ওলাই গৈছে; সেয়া ডাঙৰ কামেই হওক, সৰু কামেই হওক! মহিলাক বাহিৰৰ কামবিলাক কৰিবলৈ উৎসাহিত কৰাও হৈছে; যেনে - নিজে গাড়ী চলোৱা, নিজে গেছ চিলিণ্ডাৰ ঘৰলৈ অনা ইত্যাদি। পিছে তেনে হোৱা সত্ত্বেও ঘৰত একান্ত মহিলাৰ কাম কিছুমান বৰ্তি আছে। কোনো সময়ত দেখা যায় যে মহিলা এগৰাকীক তেওঁৰ স্বামীয়ে ঘৰুৱা কামত সহায় কৰিলেও গোপনেহে সহায় কৰে, কিয়নো সেই কথা যদি সমাজত জনাজাত হ'বলৈ হয় তেতিয়া উভয়কে ভিন্ন ভিন্ন ধৰণেৰে ঠাট্টা-মস্কৰা কৰা হ'ব। পুৰুষজনক ‘তিৰোতাসেৰুৱা' বুলি কোৱা হ'ব। বৰ্তমান আমাৰ মধ্যবিত্ত সংসাৰবোৰৰ বেছিভাগেই বৰ্তি আছে, ঘৰত বন কৰা একোগৰাকী স্বাস্থ্য সম্পৰ্কীয় বিষয়বোৰৰ কোনো বৈজ্ঞানিক জ্ঞান নথকা ‘বাই', ‘দিদি’ৰ ওপৰত। বিশেষকৈ মহিলাসকলৰ চাকৰি, ব্যৱসায় আদি বৰ্তি থকাটো এই ‘বাই' বা ‘দিদি'সকল নহ'লে সম্ভৱেই নহয়। স্বামী-স্ত্ৰী দুয়ো একেলগে নিঃসংকোচে যেতিয়ালৈকে ৰান্ধনিঘৰত নোসোমায়, তেতিয়া একোখন সমাজত ‘পুৰুষ' আৰু ‘নাৰী'হে পোৱা যাব, মানুহ পোৱা নাযাব। এই কামটোত শিক্ষিত মধ্যবিত্তই আগভাগ ল'বই লাগিব। কিয়নো তেওঁলোকেই হৈছে চিৰকাল সংস্কৃতিৰ নিৰ্ণায়ক। অন্যথা ‘নাৰীমুক্তি' বহু দূৰৈৰ কথা। বিটি ফ্ৰিডানে ক'বৰ দৰে, নাৰীয়ে চিৰকাল ‘সুখী সুখী ভাও' দিওঁতেই যাব!!

Share Button
Print Friendly, PDF & Email

No Comments : "বিটি ফ্ৰিডান (Betty Fridan) আৰু মহিলাৰ ঘৰুৱা কাম-কাজ- (ৰত্না দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *