ভাৰতবর্ষৰ কৃষক আৰু কৃষিব্যৱস্থাত বিশ্বায়নৰ প্রভাৱ - (দিব্যজ্যোতি বৰুৱা)

কৃষ্ণ বিনে গীত নাই, উন্নয়ন বাদ দি কথা নাই৷ ১৯৯১ চনৰ নৰসিংহ ৰাও-মনমোহন সিঙৰ দিনৰেপৰা আমাৰ দেশত বিয়পাই দিয়া হ’ল উদাৰীকৰণ, বেচৰকাৰীকৰণ, আৰু বিশ্বায়নক বাদ দি দেশৰ উন্নতিৰ বাবে আৰু কোনো বিকল্প পথ নাই৷ তেতিয়াৰেপৰাই উন্নয়ন শব্দটো ব্যাপক আৰু বিপুল পৰিমাণে ব্যৱহাৰ হোৱা আৰম্ভ হ’ল৷ জনসাধাৰণৰ মনত এনে এটা ধাৰণা জগাই তোলা হ’ল উদাৰীকৰণ মানেই উন্নয়ন, বিশ্বায়ন মানেই উন্নয়ন৷ চৰকাৰী-বেচৰকাৰী সংবাদ মাধ্যম, অর্থনীতিৰ বহু প্রবক্তাই অহোৰাত্রি সংকীর্তনৰ দৰে গুণানুকীৰ্তন কৰিলে উন্নয়নৰ৷ আৰম্ভ হ’ল দেশৰ লাভজনক শিল্প, দেশৰ সম্পদ বিক্রী কৰা৷ বৃদ্ধি হ’ল দ্রব্য মূল্য৷ বৃদ্ধি পালে কৃষিৰ সংকট, আত্মহত্যাকাৰী কৃষকৰ তালিকাও দীঘল হ’ল৷
আমাৰ দেশৰ ৬০ শতাংশ মানুহ প্রত্যক্ষ বা পৰোক্ষভাৱে কৃষিৰ লগত জড়িত৷ কিন্তু আধুনিক পদ্ধতিত কৃষিকার্য কৃষকক শিকোৱাৰ বাবে আমাৰ দেশত আজিপর্যন্ত গঢ় লৈ উঠা নাই কোনো প্রতিষ্ঠান৷ ভাৰতবর্ষৰ গ্রামাঞ্চলৰ সংকট আজি ক্রমে ক্রমে বৃদ্ধি পাই আহিছে৷ দেশৰ খৰাং অৱস্থাই এই সংকট আৰু বৃদ্ধি কৰিছে৷ আমাৰ দেশৰ ১৩খন ৰাজ্য এই বছৰ খৰাঙৰদ্বাৰা পীড়িত হৈছে৷ দেশৰ ৩৩ কোটিৰো বেছি অর্থাৎ মুঠ জনসংখ্যাৰ ২৫ শতাংশই খৰাঙত পীড়িত হৈছে৷ কিন্তু কিয় এনে দশা হ’ল? স্বাধীনতাৰ ৭০ বছৰ অতিক্রম কৰিবৰ হ’ল৷ কিমান চৰকাৰ আহিল, কিমান চৰকাৰ গ’ল৷ কোনোৱে ‘‘ছাইনিং ইণ্ডিয়া’’ৰ শ্ল’গান দিলে, কোনোৱে আকৌ ‘‘আচ্ছে দিন’’ৰ আশ্বাস দিলে, কিন্তু কোনেও দেশৰ সাধাৰণ মানুহৰ জীয়াই থকাৰ স্থায়ী বন্দোবস্ত কৰাৰ বাবে সদিচ্ছা প্রকাশ কৰি আগুৱাই অহা পৰিলক্ষিত নহ’ল৷ অন্যহাতেদি, কৃষি উৎপাদিত ফচলৰ দাম কমি অহাহে পৰিলক্ষিত হৈছে৷ ইয়াৰ লগে লগে ভাৰতৰপৰা কৃষি পণ্য ৰপ্তানিও যোৱা ৫ বছৰত একেবাৰেই কমি অহা দেখা গৈছে৷ পাঞ্জাবৰ কৃষকে বাচমতী চাউল ৰেচনৰ বাবে বিক্রী কৰিছে৷ মহাৰাষ্ট্রৰ তুলা কৃষকসকলে, অন্ধ্রপ্রদেশৰ তামাকো কৃষকসকলে নজিৰবিহীন কম দামত পণ্য বিক্রী কৰিবলৈ বাধ্য হৈছে৷ সম্প্রতি মহাৰাষ্ট্রৰ এজন পিঁয়াজ খেতিয়কে প্রতি কিলোগ্রামত ১ টকা দৰত ১ মেট্রিক টন পিঁয়াজ বিক্রী কৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে৷ ইয়াৰ বিপৰীতে যোৱা দুটা বছৰত দাইলৰ দাম দুগুণৰপৰা তিনিগুণলৈ বৃদ্ধি পাইছে৷ দাইল আমদানি কৰা হৈছে, উৎপাদন কমিছে৷ যিখিনি উৎপাদন কৰা হৈছে তাৰো ন্যায্য মূল্য কৃষকে কিন্তু পোৱা নাই৷ অথচ বজাৰত দাইলৰ চৰা দাম৷ মধ্যস্বত্ব ভোগীসকলে মাজত সোমাই লৈ ফটকাবাজি কৰি বহু টকা অর্জন কৰি লৈ গৈছে৷ এই সকলোবিলাকৰ মূল কাৰণ হৈছে কেন্দ্রীয় চৰকাৰৰ ভ্রান্ত নীতি৷

নৰেন্দ্র মোডী ডাঙৰীয়াই চৰকাৰ গঠনৰ আগতে প্রতিশ্রুতি দিছিল যে কৃষকৰ উৎপাদিত ব্যয়ৰ লগত ৫০ শতাংশ মূল্য যোগ কৰি কৃষি উৎপাদিত পণ্যৰ সহায়ক মূল্য নির্ধাৰণ কৰা হ’ব৷ বাস্তৱত গত দুবছৰত ধানৰ সহায়ক মূল্য প্রতি কেজিত ৬ টকা, দাইলৰ প্রতি কেজিত ৪.২৫ টকা, বাদামৰ প্রতি কেজিত ১.৯০ টকা, চয়াবিনৰ প্রতি কেজিত ১.৭৫ টকা, তুলাৰ প্রতি কেজিত ০.৬০ টকা, সূর্যমুখী ১.৫০ টকা বৃদ্ধি কৰি নিৰ্ধাৰণ কৰা হৈছে৷ বজাৰত মুদ্রাস্ফীতিৰ হাৰ আজি ৫.৪ শতাংশ৷ খাদ্যপণ্যৰ হাৰ ৬.২ শতাংশ৷ অথচ ধানৰ সংগ্রহ মূল্য ৪.৩ শতাংশহে বৃদ্ধি হৈছে৷ স্বামীনাথন কমিটিৰ ছুপাৰিছ মানি লৈ কৃষি উৎপাদিত পণ্যৰ সহায়ক মূল্য ঘোষণা কৰা হ’ব বুলি নৰেন্দ্র মোডী ডাঙৰীয়াই প্রতিশ্রুতি প্রদান কৰিছিল যদিও নির্বাচনৰ পিছত ছুপ্রিম ক’র্টত শপতনামা দি এই ছুপাৰিছৰ ভিত্তিত সহায়ক মূল্য নির্ধাৰণ কৰা সম্ভৱ নহয় বুলি কৈছে৷ বর্তমান দেশৰ ১৭খন ৰাজ্যৰ কৃষকৰ গড় আয় বছৰি ২০ হাজাৰ টকা৷ কংগ্রেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ উদাৰ নীতিৰ ফলত এটা দশকত ঋণ আদায় দিব নোৱাৰি ৪ লাখতকৈও বেছি কৃষকে আত্মহত্যাৰ পথ বাছি লয়৷ চৰকাৰ আহে, চৰকাৰ যায় কিন্তু কৃষিৰ সংকট মোচন আৰু কৃষকৰ দুৰৱস্থা লাঘৱ কৰাৰ বাবে কোনো চৰকাৰে অদ্যপৰিমিত ব্যৱস্থা গ্রহণ কৰা দৃষ্টিগোচৰ হোৱা নাই৷ নৰেন্দ্র মোডী ডাঙৰীয়াৰ চৰকাৰ প্রতিষ্ঠা হোৱা আগত কৃষকৰ আত্মহত্যাৰ গড় আছিল ৪৮, কেন্দ্রীয় চৰকাৰৰ শাসনলৈ অহাৰ পিছত এই সংখ্যা ৫২লৈ বৃদ্ধি পালে৷ ২০১৫ চনত কেৱল মহাৰাষ্ট্রতে ৩২০০ কৃষকে আত্মহত্যা কৰিছিল৷ বর্তমান মহাৰাষ্ট্র, অন্ধ্রপ্রদেশ, তেলেঙ্গানাৰ পৰিধি পাৰ হৈ হাৰিয়ানাৰ নিচিনা উন্নত কৃষিৰ ৰাজ্যতো কৃষকৰ আত্মহত্যা বৃদ্ধি পাইছে৷ যোৱা বছৰটোত আমাৰ অসমতো শতাধিক কৃষকে আত্মহত্যাৰ পথ বাছি লৈছে৷

ভূ-প্রকৃতিৰ লগত সামঞ্জস্য ৰাখি চিৰাচৰিত যি কৃষি ব্যৱস্থা বিপুল বৈচিত্র্যৰে সৈতে দেশে দেশে গঢ় লৈ উঠিছিল সেই কৃষি ব্যৱস্থাটোও পুঁজিৰ অনুপ্রৱেশ ঘটি ক্রমান্বয়ে ধবংস হৈ পশ্চিমীয়া বৃহৎ বহুজাতিক পুঁজিৰ নিয়ন্ত্রণলৈ গতি কৰা দেখা গৈছে৷ উৎপাদনত মানুহৰ খাদ্যৰ চাহিদা পূৰণৰ অগ্রাধিকাৰৰ সলনি সেয়েহে বিনিয়োগকাৰীৰ মুনাফা আদায় দিব পৰা পণ্য উৎপাদনৰ গুৰুত্ব বৃদ্ধি পাইছে৷ দেশীয় খাদ্য ব্যৱস্থাটো ধ্বংস কৰাৰ বাবেই উদাৰ নীতিৰ নামত কৃষি ক্ষেত্রৰ বাবে দিয়া ভৰ্তুকিসমূহ উঠাই লোৱাৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ সেই স্থানত দেশীয় বজাৰত বিদেশত উৎপাদন কৰা খাদ্য উভৈনদী হৈ পৰিছে৷ এয়াই হৈছে নির্মম ধনতান্ত্রিক কৃষি ব্যৱস্থা৷ এনে এক ব্যৱস্থাত এটা ক্ষুদ্র অংশৰ মানুহে খাদ্য অপচয় কৰে, নষ্ট কৰে কাৰণ তেওঁলোকৰ ওচৰত খাদ্য অতি সস্তা৷ আকৌ জনসাধাৰণৰ বৃহৎ অংশটোৱে অখাদ্য অথবা কুখাদ্য খায় কাৰণ তেওঁলোকৰ খাদ্য কিনাৰ সামর্থ্য নাই৷ এই কৃষি ব্যৱস্থাটোৱে তৃতীয় বিশ্বৰ দেশসমূহৰ কৃষকসকলক জীৱনদায়ী খাদ্য উৎপাদনৰ প্রতি নিৰুৎসাহ কৰি ৰপ্তানিমুখী ফচল উৎপাদনৰ বাবে উৎসাহিত কৰে৷ আকৌ অবাধ, মুক্ত আৰু অনিয়ন্ত্রিত বজাৰকেন্দ্রিক ব্যৱস্থাত কোনো এটা ফচলৰ দাম বৃদ্ধি পালে বেছি লাভৰ আশাত কৃষকে সেই ফচল বেছিকৈ উৎপাদন কৰাৰ বাবে আগ্রহী হৈ অন্য ফচলৰ উৎপাদন কমাই দিয়ে৷ ফলত কমকৈ উৎপাদন কৰা ফচলৰ যোগান বজাৰত কমি যোৱাত সেই ফচলৰ দাম বাঢ়ি যায় ৷ অন্যহাতেদি, বেছি লাভৰ আশাত কৰা ফচলৰ যোগান বৃদ্ধি পোৱাত সেই ফচলৰ চাহিদা বজাৰত কম হৈ পৰাত বেছিকৈ উৎপাদন কৰা ফচলৰ বিক্রী মূল্য কমি যায় আৰু কৃষকসকল ফচলৰ ন্যায্য মূল্যৰপৰা বঞ্চিত হয়৷ কৃষি পণ্য ব্যৱসায়ী, মজুতদাৰ বা ৰপ্তানিকাৰীসকল লাভান্বিত হয়৷ সেয়েহে কৃষি ব্যবস্থাক কেতিয়াও বজাৰৰ ওপৰত এৰি দিয়া উচিত নহয়৷ দেশত কোন শস্যৰ কিমান চাহিদা সেই অনুসৰি কৃষি কৰাৰ বাবে দেশৰ চৰকাৰে কেন্দ্রীয় পৰিকল্পনা কৰা উচিত৷ ইয়াৰোপৰি চৰকাৰে নিজৰ ব্যৱস্থাপনাত কৃষকসকলক ফচলৰ ন্যায্য মূল্য প্রদান কৰি শস্য ক্রয় কৰাৰ লগতে দৰিদ্র জনগণৰ সামর্থ্যৰ কথা বিবেচনা কৰি নিয়ন্ত্রিত মূল্যত খাদ্য বণ্টন কৰাৰ দায়িত্ব লোৱা উচিত৷ কিন্তু উদাৰ নীতিত এনে ব্যৱস্থাৰ স্থান নাই৷ উদাৰ নীতিয়ে কৃষি ব্যৱস্থাটোত চৰকাৰী নিয়ন্ত্রণ নিষ্ক্ৰিয় কৰি বেচৰকাৰী পুঁজিক বজাৰ নিয়ন্ত্রণৰ অধিকাৰ প্রদান কৰে৷

সমগ্র কৃষি আৰু খাদ্য ব্যৱস্থাটো বহৎ পুঁজি তথা সাম্রাজ্যবাদী পুঁজিৰ অধীনলৈ অনাৰ প্রক্রিয়া আৰম্ভ হয় দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰপৰা৷ কৃষিত সেউজ বিপ্লৱৰ হাতত ধৰি ১৯৫০ৰ দশকত লেটিন আমেৰিকাৰ দেশসমূহত অবাধ পুঁজিৰ অনুপ্রৱেশ আৰম্ভ হোৱাৰ যোগেদি কৃষি ক্ষেত্রত বৃহৎ পুঁজিৰ অনুপ্রবেশ ঘটে আৰু যুগ যুগ ধৰি প্রকৃতিনির্ভৰ বৈচিত্র্যময় কৃষি ব্যৱস্থাটোক ভাঙি দি যন্ত্র আৰু শিল্পৰ নির্ভৰ কৰি তোলে৷ কৃষিত আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ প্রচলন ঘটায়৷ উন্নত বীজ, ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক, ট্রেক্টৰ ইত্যাদি প্রবর্তন কৰে৷ সেউজ বিপ্লৱে যি কৃষি ব্যৱস্থাৰ জন্ম দিয়ে সেই ব্যৱস্থাত ভূমিৰ কেন্দ্রীভৱন বৃদ্ধি পায়। ইয়াৰ লগে লগে ক্ষুদ্র আৰু মজলীয়া কৃষকৰ কৃষিভূমি বৃহৎ কৃষকৰ হাতলৈ গুচি যায়৷ অন্যহাতে, ভূমি হেৰোৱা এই কৃষকসকল কৃষি শ্রমিকত পৰিণত হয়৷ কৃষি হৈ পৰে শিল্পনির্ভৰ আৰু পুঁজিনির্ভৰ৷
সেউজ বিপ্লৱে কৃষিত অভূতপূর্ব উন্নতি ঘটায়৷ উৎপাদন বিপুল হাৰত বৃদ্ধি হয়। অন্যহাতেদি উৎপাদন ব্যয় অত্যন্ত কমি যায়৷ ফলত বিপুল পৰিমাণৰ লাভ হয়৷ কিন্তু এই লাভৰ এক বৃহৎ অংশই গুচি যায় - সাৰ শিল্প, কীটনাশক, বীজ ব্যৱসায়ী আৰু যন্ত্রপাতি নির্মাতাসকলৰ হাতলৈ। বাকী থকা অংশৰ বেছিভাগ থাকি যায় বৃহৎ কৃষকৰ হাতত৷ কিন্তু যিসকল কৃষি শ্রমিকৰ অৱদানৰ বাবে এই বিপুল পৰিমাণৰ শস্য উৎপাদন হ’ল তেওঁলোকৰ ভাগলৈ থাকেগৈ মাথোন যৎসামান্য৷

সেউজ বিপ্লৱৰ মাজেদি যি কৃষি ব্যৱস্থাৰ বিকাশ ঘটোৱা হৈছিল৷ তাত চৰকাৰৰ ভূমিকা আছিল পুঁজিনির্ভৰ৷ সেয়েহে চৰকাৰে এই বিপ্লৱৰ প্রধান উপকৰণ উন্নত ফচলৰ বীজ, জলসিঞ্চন, ৰাসায়নিক সাৰ, কীটনাশক আৰু ট্রেক্টৰসহ অন্যান্য যন্ত্রপাতিৰ বাবে বিপুল পৰিমাণৰ ধন ৰাজসাহায্যৰ নামত ব্যয় কৰিছিল৷ কৃষিৰ বাবে কম সুতত ঋণ দানৰ ওপৰিও ফচল উৎপাদন হোৱাৰ পিছত কৃষকসকলক নায্য মূল্য প্রদান কৰি ক্রয় কৰিছিল৷ এনে ধৰণেৰে চৰকাৰে বিপুল পৰিমাণৰ খাদ্যৰ মজুত ভাণ্ডাৰ তৈয়াৰ কৰি দেশৰ মানুহৰ খাদ্য নিৰাপত্তা নিশ্চিত কৰাৰ লগতে বজাৰৰ খাদ্য পণ্যৰ মূল্য নিয়ন্ত্রণ কৰি ৰাখিবলৈ সমর্থ হৈছিল৷

১৯৮০ৰ দশকৰপৰা বিশ্ব বেংক আৰু আই এম এফৰ যোগেদি নব্য উদাৰ নীতি আৰু বজাৰ অর্থনীতিৰ নামত পশ্চিমীয়া পুঁজিয়ে বিশ্বৰ বজাৰ দখল কৰাৰ ফলত সমগ্র কৃষি ব্যৱস্থাটো বৃহৎ পুঁজি তথা সাম্রাজ্যবাদী পুঁজিৰ নিয়ন্ত্রণলৈ অনাৰ প্রক্রিয়া আৰম্ভ হয়৷ অর্থনীতি বজাৰৰ নিয়মত চলা আৰু চৰকাৰৰ হস্তক্ষেপ বন্ধ কৰাৰ নীতি আৰম্ভ হ’ল৷ চৰকাৰৰ জনকল্যাণমূলক কর্মসূচী বাতিল কৰি ৰাজসাহায্য প্রদান বন্ধ কৰাৰ নীতি প্রৱর্তিত হ’ল৷ ইয়াৰ ফলত কৃষি ক্ষেত্রত চৰকাৰী বিনিয়োগ কমা আৰম্ভ হ’ল৷ চৰকাৰী সাহায্যত যি গৱেষণাৰ পৰিকাঠামো গঢ়ি উঠিছিল ধনৰ অভাৱত সেয়া লাহে লাহে বন্ধ হৈ আহিব ধৰিছে৷ ইয়াৰোপৰি চৰকাৰী ব্যয় কমি অহাত ৰাসায়নিক সাৰ, জলসিঞ্চন, বিদ্যুৎ, বীজ, কীটনাশকৰ বাবে ব্যয় বৃদ্ধি পাবলৈ ধৰিলে৷ তেনেকৈয়ে কম সুতত চৰকাৰী ঋণ দিয়া বন্ধ হোৱাত কৃষকসকলে বাধ্য হৈ বেচৰকাৰী ঋণ বেছি সুতত ল’বলৈ বাধ্য হৈছে৷ ফলত কৃষকসকলৰ ফচলৰ উৎপাদন ব্যয় দ্রুত গতিত বৃদ্ধি পাবলৈ ধৰে৷ অন্যহাতেদি, উদাৰ নীতিৰ ফলত আমাৰ দেশলৈ খাদ্য শস্য আমদানিৰ ক্ষেত্রত থকা বাধা-নিষেধ উঠাই লোৱাৰ বাবে উন্নত দেশসমূহৰ ৰাজসাহায্য প্রদান কৰা কৃষি পণ্য আমাৰ দেশৰ বজাৰত উভৈনদী হৈ পৰাৰ বাবে আমাৰ দেশত কৃষি পণ্যই বজাৰৰ প্রতিযোগিতাত মাৰ খোৱা আৰম্ভ হয়৷ কৃষকৰ হাতৰপৰা চৰকাৰে ফচল কিনাৰ প্রক্রিয়া বন্ধ হোৱাত বেচৰকাৰী সংস্থাসমূহে পানীৰ দামত কৃষি পণ্য ক্রয় কৰি কৃষকক সর্বস্বান্ত কৰিছে৷

ফাণ্ড বেংকৰ প্রচেষ্টাত বৃহৎ কৃষি বাণিজ্য সংস্থাই কপ’র্ৰেট কৃষি ব্যৱস্থা আৰম্ভ কৰি লক্ষ লক্ষ কৃষকক মাটিৰপৰা উচ্ছেদ কৰি ক্ষুধাৰ সাম্রাজ্যত নিক্ষেপ কৰাই নহয়, পানী আৰু বতাহক দূষিত কৰিছে, মাটিৰ উর্বৰা শক্তি ধবংস কৰিছে, পৰিবেশৰ ভাৰসাম্য নষ্ট কৰিছে যে সেই বিষয়ে কোনো সন্দেহ নাই৷ এই কৃষি ব্যৱস্থাত অগ্রিম বাণিজ্যৰ (Future trading)ৰ জন্ম দিছে৷ ভাৰতবর্ষত অটল বিহাৰী বাজপেয়ী নেতৃত্বাধীন এন ডি এ চৰকাৰৰ দিনত এই ব্যৱস্থা আৰম্ভ হয়৷ এই অগ্রিম বাণিজ্যই হৈছে মূল্যবৃদ্ধিৰ মূল কাৰণ৷ অগ্রিম বাণিজ্য হ’ল কৃষকৰ সৈতে ক্রেতাৰ ফচল কিনাৰ অগ্রিম চুক্তি৷ ক্রেতাসকল আচলতে কৃষি বাণিজ্যিক সংস্থা৷ তেওঁলোকে ভৱিষ্যত এটা নির্দিষ্ট সময়ত নির্দিষ্ট পৰিমাণৰ কৃষি পণ্য ক্ৰয় কৰাৰ বাবে উৎপাদকৰ সৈতে চুক্তি কৰে। এই চুক্তি মূল্যৰ ওপৰত ভিত্তি কৰি শ্বেয়াৰ বজাৰত ভৱিষ্যতে পণ্যটোৰ দাম বৃদ্ধি পাব নে নাপায় তাক লৈ বেট হয়৷
বিশিষ্ট অর্থনীতিবিদ পল ক্ৰুগমানৰ মতে, পণ্যৰ স্পষ্ট মূল্যই চাহিদা আৰু যোগানৰ ভাৰসাম্য ৰক্ষা কৰে৷ ফটকা বজাৰে তাৰ ভৱিষ্যত মূল্য বৃদ্ধি কৰে৷ এই ব্যৱস্থাত ভৱিষ্যতে বেছি মূল্য পোৱাৰ আশাত বিনিয়োগকাৰীয়ে মজুত কৰে৷ আমাৰ দেশ ভাৰতবর্ষৰ কৃষি বর্তমানো সৰু, মজলীয়া কিম্বা বৃহৎ কৃষি কোম্পানিৰ হাতলৈ একেবাৰে গুচি যোৱা নাই৷ সামন্ততান্ত্রিক উৎপাদন ব্যৱস্থাৰ লগত পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ বুজাবুজিৰ মাজেদি বর্তমানো কৃষি ক্ষেত্রত এটা মিশ্র ব্যৱস্থা চলি আছে৷ অৱশ্যে ভাৰতবর্ষৰ কৃষিক্ষেত্র সম্পূর্ণভাৱে বৃহৎ পুঁজিৰ অধীনলৈ নগ’লেও কিম্বা কৃষিক্ষেত্রত পুঁজিৰ অনুপ্রৱেশ ব্যাপকভাৱে নহ’লেও কিন্তু কৃষিক্ষেত্রত দেশী আৰু বিদেশী পুঁজিৰ প্রভাৱ আৰু নিয়ন্ত্রণ বৃদ্ধি পাব ধৰিছে৷ কৃষিত চৰকাৰী বিনিয়োগ হ্রাস, কৃষকসকলক চৰকাৰী ঋণ দান হ্রাস, নায্য মূল্যত চৰকাৰী উদ্যোগত ফচল সংগ্রহ হ্রাস, বিদ্যুৎ, ৰাসায়নিক সাৰ, জলসিঞ্চন আদিত ৰাজসাহায্য কর্তন আদি উদাৰনৈতিক সংস্কাৰৰ অংগ৷ এন ডি এ আৰু পৰৱৰ্তী ইউ পি এ চৰকাৰে কৃষিৰপৰা চৰকাৰক আঁতৰাই ৰাখি কৃষিক বজাৰৰ বৃহৎ পুঁজিপতি গোষ্ঠীৰ ওচৰত নির্ভৰশীল কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল৷

মাটিৰ মালিকানা কৃষকৰ হাতত থাকিলেও আৰু তেওঁলোকেই কৃষি কৰিলেও সমগ্র কৃষি ব্যৱস্থাটোৰ ওপৰত কৃষকৰ কোনো নিয়ন্ত্রণ নাই৷ কাৰণ, কৃষিৰ উপকৰণ আহে পুঁজিতাড়িত বজাৰৰপৰা৷ মূলধনৰ বেছি অংশই আহে বেচৰকাৰী উৎসৰপৰা৷ উৎপাদিত ফচলৰ বিপণনৰ ব্যৱস্থাও পুঁজিতাড়িত বজাৰৰ ওপৰত নির্ভৰশীল। ফলত পুঁজিবাদী ব্যৱস্থাৰ ত্রিমুখী চাপৰ মাজত কৃষকসকল সম্পূর্ণভাৱে অসহায়৷

এই অসহায়তাৰপৰা কৃষকসকলক কিছু পৰিমাণে নিৰাপত্তা দিয়াৰ বাবে কৃষি উপকৰণ যোগান, মূলধন সংগ্রহ আৰু ফচল বিপণনৰ বাবে চৰকাৰী সাহায্য প্রদান কৰা নিতান্তই জৰুৰী আছিল৷ উদাৰ নীতিয়ে এই সাহায্যৰপৰা কৃষকসকলক বঞ্চিত কৰি এনেকুৱা এটা অৱস্থালৈ ঠেলি দিব বিচাৰিছে যাতে সমগ্র কৃষি ব্যৱস্থাটোৱেই অলাভজনক আৰু নিৰাপত্তাহীন হয় আৰু কৃষকসকল কৃষিৰপৰা উৎখাত হয়৷ কৃষিক্ষেত্রত অবাধ পুঁজিৰ অনুপ্রবেশ ঘটি আধুনিক পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ অঙ্গীভূত হয়৷

বর্তমান অৱস্থাত কৃষিত বৃহৎ পুঁজিৰ প্রভাৱ বৃদ্ধি পাইছে প্রধানকৈ তিনিভাৱে৷ প্রথম, বাণিজ্যিক ফচলৰ খেতি কৰাৰ মাজেদি, দ্বিতীয়তে, চুক্তিভিত্তিক খেতি কৰাৰ মাজেদি, তৃতীয়, অগ্রিম বাণিজ্যৰ মাজেদি৷ শিল্পৰ সংকট যিমানেই বৃদ্ধি পাব মানুহৰ আয় আৰু ক্রয়ক্ষমতাও হ্রাস পাব৷ শিল্প ক্ষেত্রত কৃষিজাত কেঁচামালৰ চাহিদা কমি আহিব৷ অন্যহাতেদি, সাধাৰণ মানুহে তেওঁলোকৰ প্রয়োজনীয় কৃষিপণ্য ক্রয় কৰাও কমাবলৈ বাধ্য হ’ব৷ ইয়াৰ ফলত বজাৰত কৃষিজাত ফচলৰ চাহিদা হ্রাস পাব আৰু ফচলৰ মূল্যও হ্রাস পাব৷ এই অৱস্থাৰ সৃষ্টিয়ে কৃষিক আৰু বেছি অলাভজনক কৰি তুলিব৷ কৃষকসকলৰ জীৱন, কৃষি অর্থনীতি আৰু গ্রাম্য অর্থনীতিৰ অৱনতি অনিবার্য হৈ পৰিব৷

উন্নত দেশসমূহ সাধাৰণভাৱে শীতল পৰিৱেশৰ দেশ হোৱাৰ বাবে বছৰি মাত্র এবাৰেই ফচল উৎপাদন কৰিব পাৰে৷ আনকি শীতৰ সময়ত এই দেশসমূহৰ বাবে প্রয়োজন হোৱা শাক-পাচলি আৰু ফল উৎপাদন কৰিবও নোৱাৰে৷ সেয়েহে এই দেশসমূহে আমদানিৰ ওপৰত নির্ভৰ কৰিব লগা হয়৷ সেয়েহে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহৰ ওপৰত উন্নত দেশসমূহে কৃষিক মুক্ত বাণিজ্যৰ বাবে মুকলি কৰি দিয়াৰ বাবে হেঁচাৰ সৃষ্টি কৰি আহিছে৷ যাতে আমাৰ দেশৰ ভূমি ব্যৱহাৰ কৰি উন্নত দেশসমূহৰ ধনী ক্রেতাসকলৰ বাবে প্রয়োজনীয় শস্য উৎপাদন কৰি ল’ব পাৰে৷

উন্নয়নশীল দেশসমূহক আৰু অধিক অর্থ উপার্জন কৰিব পাৰিব বুলি ৰপ্তানিযোগ্য কৃষিপণ্য উৎপাদনৰ ক্ষেত্রত গুৰুত্ব দিয়াৰ বাবে পৰামর্শ দিছে৷ আচলতে উন্নত দেশসমূহৰ ছুপাৰ মার্কেটসমূহত যাতে বছৰজুৰি প্রয়োজনীয় খাদ্য শস্য উভৈনদী হৈ থাকে সেয়াই তেওঁলোকৰ প্রকৃত লক্ষ্য৷ দৰিদ্র দেশসমূহক বুজোৱা হৈছে যে খাদ্য নিৰাপত্তাৰ অর্থ নিজৰ দেশৰ বাবে খাদ্য শস্য উৎপাদন কৰা নহয়, স্বনির্ভৰতাও নহয়৷ ইয়াৰ অর্থ হ’ল যেতিয়া প্রয়োজন আমদানি কৰা৷ বিশ্বৰ খাদ্য শস্যৰ বজাৰত উন্নত দেশসমূহৰ আধিপত্য বৃদ্ধি হৈছে৷

অন্যহাতেদি, ভাৰতবর্ষৰ কৃষি ব্যৱস্থাটোত দেশী-বিদেশী বৃহৎ পুঁজিৰ অনুপ্রৱেশৰ ফলত দেশৰ বহু ঠাইত ইতিমধ্যেই কৃষকসকলৰ ১ কোটি হেক্টৰতকৈও বেছি ভূমি বহুজাতিক নিগমৰ হাতলৈ গুচি গৈছে৷ বিশেষ অর্থনৈতিক অঞ্চলৰ নামত বিপুল পৰিমাণৰ ভূমি দেশী-বিদেশী পুঁজিপতিৰ হাতত তুলি দিয়া হৈছে৷ বেচৰকাৰী শিল্প ক্ষেত্রৰ বাবেও ভূমি অধিগ্রহণ কৰা হৈছে নির্বিচাৰে৷ বেছিভাগ ক্ষেত্রতেই ভূমিৰপৰা উৎখাত হোৱাসকলক যথাযথ ক্ষতিপূৰণ, পুনৰসংস্থাপন নকৰাকৈ এই প্রক্রিয়া অব্যাহত আছে৷ দেশৰ বিভিন্ন প্রান্তত ভূমি অধিগ্রহণক কেন্দ্র কৰি বহু বছৰ ধৰি বিক্ষোভ-সংর্ঘষ সংগঠিত হৈ আহিছিল। সেয়েহে স্বাধীনতাৰ পিছৰপৰা প্রচলিত ভূমি অধিগ্রহণ আইনখন সংশোধন কৰাৰ বাবে দাবী উত্থাপিত হৈ অহাৰ ফলত ইউ পি এ চৰকাৰে বাধ্য হৈ ২০১৩ চনত ভূমি অধিগ্রহণৰ ক্ষেত্রত নতুন আইন প্রৱর্তিত কৰে৷ কিন্তু অত্যন্ত দুর্ভাগ্যৰ বিষয়, এই নতুন আইনৰ ফলত শিল্প গঢ়ি তোলাৰ ক্ষেত্রত অসুবিধা হৈছে বুলি ব্যক্ত কৰি নৰেন্দ্র মোডী ডাঙৰীয়াৰ চৰকাৰে যে দেশী-বিদেশী বৃহৎ পুঁজিপতি গোষ্ঠীৰ সীমাহীন মুনাফা গঢ়ি তোলাৰ বাবে এখন নতুন আইন প্রণয়নৰ বাবে চেষ্টা কৰিছিল যদিও জনগণৰ দেশজুৰি প্রবল প্রতিবাদৰ বাবে সংসদত এই আইন অনুমোদন কৰাব নোৱাৰিলে৷ এই আইনখনৰ যোগেদি প্রচলিত ভূমি অধিগ্রহণ, ক্ষতিপূৰণ আৰু পুনৰসংস্থাপন আইনখনৰ বহু গুৰুত্বপূর্ণ ধাৰা বাতিল কৰি সংশোধনী আনিবলৈ বিচৰা হৈছিল৷

প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে আৰম্ভ কৰা জন-ধন যোজনাৰ একাউন্টত ৪৩,৯৫০ কোটি টকা জমা হৈছে বুলি দাবী কৰিছে যদিও প্রশ্ন হৈছে, এই বিপুল পৰিমাণৰ টকাৰপৰা কিমানজন সাধাৰণ ঋণগ্রস্ত কৃষক উপকৃত হৈছে৷ পৰিসংখ্যা অনুসাৰে ১,৯৯০ কোটি টকা ঋণ হিচাপে দিয়া হৈছে৷ বর্তমানো ভাৰতবর্ষৰ ৮ কোটি ৯০ লাখ কৃষক পৰিয়ালৰ ভিতৰত ৬ কোটি ৫০ লাখ কৃষক আজিও বেংকৰ পৰিসেৱাৰ বাহিৰত৷ যি ঋণ দিয়া হয় তাৰ বেছিভাগেই লাভ কৰে নগৰ-চহৰৰ কৃষি সংক্রান্তীয় ব্যৱসায়ী সকলে৷ ১ কোটি টকাৰ বেছি লোন লোৱা লোকৰ সংখ্যা ৮ গুণ বৃদ্ধি হৈছে অথচ ২৫ হাজাৰ কম ঋণ লোৱা মানুহৰ সংখ্যা ব্যাপকভাৱে কমিছে৷ অর্থাৎ সাধাৰণ কৃষকক ঋণ দিয়াৰ বাবে আগ্রহী নহয় কেন্দ্রীয় চৰকাৰ৷ কৃষি সংক্রান্তীয় ব্যৱসায়ৰ লগত জড়িত ডাঙৰ ডাঙৰ পুঁজিপতিসকলে ৩,৬৯,৯৯০ কোটি টকা বেংকৰপৰা ঋণ লৈ আজিও ঘূৰাই দিয়া নাই৷ নৰেন্দ্র মোডী ডাঙৰীয়াৰ চৰকাৰ প্রতিষ্ঠা হোৱাৰ পিছত অনাদায় ঋণৰ পৰিমাণ দুগুণ হৈছে৷

বিত্ত মন্ত্রী অৰুণ জেটলীয়ে ২০১৬-১৭ চনৰ বাজেট উত্থাপন কৰি প্রধানমন্ত্রী কৃষি সিঁচাই যোজনা, পৰম্পৰাগত কৃষি বিকাশ যোজনা, শীতল ঘৰৰ ব্যৱস্থা, জৈৱ প্রযুক্তিৰ কৃষিৰ বাবে নানা সুবিধা, ছয়ল হেলথ কার্ডৰ আৰম্ভণি, জলসিঞ্চন ব্যৱস্থাৰ উন্নতি আদি নানা প্রকল্পৰ কথা ঘোষণা কৰিছিল যদিও এই প্রকল্পৰসমূহৰ বাবে প্রয়োজনীয় পুঁজি নিৰ্ধাৰণ কৰা হোৱা নাই৷ অথচ চৰকাৰে সাৰ কোম্পানিবিলাকৰ কাৰণে দুহেজাৰ ‘‘মডেল ৰিটেইল আউটলেট’’ খোলাৰ ব্যৱস্থা কৰিছে৷ খাদ্য ব্যৱসায়ীসকলৰ বাবেও মেগাফুড পার্কৰ সংখ্যা বৃদ্ধিৰ কথা ঘোষণা কৰিছে৷ আচলতে শাসনাধিষ্ঠ কেন্দ্রীয় চৰকাৰখনে কৃষকৰ প্রতি মৰম যিমানেই নেদেখুৱাওক কিয়, ইয়াৰ অন্তৰালত আছে পুঁজিপতিসকলৰ স্বার্থ ৰক্ষা৷ ক্ষুদ্র কৃষক নহয়, কৃষি ব্যৱসায়ৰ লগত যুক্ত বহুজাতিক কোম্পানি আৰু কৃষিক্ষেত্রত ব্যৱসায় আৰম্ভ কৰিব বিচৰা দেশী-বিদেশী পুঁজিপতি গোষ্ঠীৰ স্বার্থতে পূর্বৰ কংগ্রেছ চৰকাৰৰ দৰে এই চৰকাৰেও পদক্ষেপ গ্রহণ কৰিছে৷

Share Button
Print Friendly, PDF & Email

No Comments : "ভাৰতবর্ষৰ কৃষক আৰু কৃষিব্যৱস্থাত বিশ্বায়নৰ প্রভাৱ - (দিব্যজ্যোতি বৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *