ভাৰতৰ মহিলা কৃষকৰ এনে দুৰৱস্থা কিয়?-(পাৰভিন চুলতানা)

যদি কোনোবাই প্রশ্ন কৰে যে মহিলাসকল কৃষি বা খেতি-বাতিৰ বিষয়েনো কিমানখিনি জানে বা বুজে – তেনেহ'লে উত্তৰ হ'ব প্রায় সকলোখিনি। কৃষিক্ষেত্রত মহিলাৰ বৰঙণি প্রায় গোটেই পৃথিৱীতে মানি লৈছে। ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থানৰ মতে মহিলা কৃষকসকলে পুৰুষ কৃষকৰ সমান সুযোগ-সুবিধা আৰু উৎপাদনৰ সঁজুলি সহজে পালে তেওঁলোকৰ কৃষি উৎপাদন প্রায় ২০%ৰ পৰা ৩০%লৈ বৃদ্ধি পালেহেঁতেন। কিন্তু কৃষি সংকট বা কৃষকৰ আত্মহত্যাৰ কথাৰ আলোচনাত মহিলা কৃষকসকলৰ সমস্যাৰ কথাই ঠাই পোৱা দেখা নাযায়।

ভাৰতবর্ষত বিগত কেইমাহমানত ভালেকেইখন ঐতিহাসিক বৃহৎ কৃষক প্রতিবাদী সমদল কাৰ্যসূচী ৰূপায়ণ কৰা দেখা গৈছে। কৃষকসকলে দীঘলীয়া পথ অতিক্রম কৰি আহি চৰকাৰৰ ওচৰত মূলতঃ কৃষি ঋণ ৰেহাই আৰু ন্যূনতম সমৰ্থন মূল্যৰ নিশ্চয়তাৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। বামপন্থী কৃষক সংগঠনে নেতৃত্ব দিয়া এই সমদলৰ এক সুকীয়া বৈশিষ্ট্য আছিল এই সমদলবোৰত বৃহৎসংখ্যক মহিলা কৃষকৰ অংশগ্রহণ। এই মহিলা কৃষকসকলৰ ৰক্তাক্ত ফটা ভৰিৰ ছবিবোৰ সামাজিক মাধ্যম আৰু বিকল্প সংবাদ মাধ্যমত প্ৰচাৰ হোৱাত সকলোকে জোকাৰি গৈছিল। সৰহসংখ্যক মূলসুঁতিৰ সংবাদ মাধ্যমে এই সমদলবোৰক যথোযোগ্য গুৰুত্ব প্রদান নকৰিলেও এন ডি টি ভিৰ দৰে একাংশ সংবাদ মাধ্যম আৰু বৈকল্পিক মাধ্যমেসমূহে এই সমদলবোৰ খুব ভালকৈ 'কাভাৰ'কৰিছিল আৰু সুকীয়াভাৱে মহিলা কৃষকৰ দুৰৱস্থাৰ কাহিনী দাঙি ধৰাৰ চেষ্টা কৰিছিল। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা মহিলাসকলে প্রায় একে ধৰণৰ বেদনাদায়ক কাহিনী শুনাইছিল। বেছিভাগ ক্ষেত্রত মূল সমস্যা আছিল মহিলাসকলক কৃষক বুলি মানি নোলোৱা।

ভাৰতবর্ষত দিনক দিনে কৃষি সংকটে এক ভয়াৱহ ৰূপ ধাৰণ কৰি আছে। যি সময়ত এফালে চৰকাৰী নীতিবোৰে মহিলা কৃষকসকলক সকাহ দিবলৈ সক্ষম হোৱা নাই, সেই একে সময়ত বিশিষ্ট সাংবাদিক পি সাইনাথে চৰকাৰে বিৰাট ঢাক-ঢোল বজাই আৰম্ভ কৰা বীমা ফচল যোজনাৰ নামত এক বৃহৎ কেলেঙ্কাৰি সংঘটিত হৈ আছে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে। বীমাৰ নামত কৃষক ৰাইজৰ কোনো সকাহ হোৱা নাই; কেৱল বীমা কোম্পানি আৰু বেঙ্কবোৰহে লাভৱান হৈছে।

মহাৰাষ্ট্রৰ বিদৰ্ভ এলেকাত এতিয়াও কৃষকৰ আত্মহত্যাৰ হাৰ বহুত বেছি। বিগত দুই দশকত এই এলেকাত প্রায় দুই লক্ষ কৃষকে আত্মহত্যা কৰিছে। ভুল বীমা নীতি আৰু দাবী নিষ্পত্তি কৰোতে হোৱা দেৰিৰ বাবে কৃষকৰ অৱস্থা আৰু ভয়ঙ্কৰ হৈ উঠিছে। কৃষকৰ আত্মহত্যাৰ সংখ্যা বঢ়াৰ লগে লগে মহিলাৰ নেতৃত্বত চলা ঘৰ-সংসাৰৰ সংখ্যাও বাঢ়িছে। কৃষিক্ষেত্রৰ এক নাৰীকৰণ হৈ আছে। যোৱা ১৯৬১ চনৰ পিছৰে পৰা মহাৰাষ্ট্র, ত্রিপুৰা আৰু কেৰালাত মহিলা কৃষি মজদুৰৰ সংখ্যা বাঢ়িছে। এই সম্পৰ্কে দ্য ৱায়াৰে এখন প্রতিবেদন প্ৰস্তুত কৰি উলিয়াইছে। Surviving Stigma: Housing and Land Rights of Farm Widows of Vidarbha,Maharashtra শীর্ষক এই প্রতিবেদনে আত্মহত্যা কৰা কৃষকৰ বিধৱাসকলৰ দুৰৱস্থা দাঙি ধৰাৰ চেষ্টা কৰিছে। বহু সময়ত কেৱল সামাজিকভাৱে নহয়, এই মহিলাসকল অর্থনৈতিক বহিষ্কৰণৰো সন্মুখীন হ'বলগীয়া হয়। উল্লেখিত প্ৰতিবেদনমতে প্রায় ৯০% মহিলা যৌথ পৰিয়ালত থাকে অর্থাৎ অর্থনৈতিকভাৱে এওঁলোক নিজৰ পতিৰ পৰিয়ালৰ ওপৰত নির্ভৰশীল। সম্পত্তিত নিজৰ ভাগ দাবী কৰাৰ লগে লগে তেওঁলোকক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰা হয়। বহু মহিলা তেওঁলোকৰ বাবে থকা নীতিৰ বিষয়ে অৱগত নহয় আৰু সেইবাবেও তেওঁলোকে বহু সুবিধাৰ পৰা বঞ্চিত হৈ থাকে।

কোটা নীলিমাৰ শেহতীয়া কিতাপ Widows of Vidarbha-ইএনে মহিলাৰ কিছু কাহিনী পোহৰলৈ আনিছে । স্বামীৰ মৃত্যুৰ পিছত সতি-সন্ততিক লালন-পালন কৰাৰ দায়িত্ব আহি পৰে এইসকল মহিলাৰ ওপৰত যিসকলৰ জীৱিকা উপার্জনৰ বিকল্প বহু সীমিত। মৃত্যু তেওঁলোকৰ বাবে হৈ পৰে এটা বিলাসিতা। লগতে মূৰত আহি পৰে মৃত স্বামীৰ ঋণৰ বোজা। অসহায় এই মহিলাসকলৰ সমস্যাৰ কথাই কেতিয়াও চৰকাৰী নীতিত গুৰুত্ব নাপায়। কৃষকৰ আত্মহত্যা হৈ পৰে কেৱল এটা সংখ্যা। কেতিয়াবা 'প্রপাগাণ্ডা',কেতিয়াবা বিৰোধীৰ ৰাজনৈতিক অভিসন্ধি বুলি কৃষকৰ আত্মহত্যাৰ দৰে জ্বলন্ত সমস্যাক আওকাণ কৰা দেখা যায়।

পিছে মহিলা কৃষকৰ এনে দুৰৱস্থা কেৱল সুদূৰ ৰাজ্যবোৰ যেনে ৰাজস্থান, মহাৰাষ্ট্র আদিতেই সীমিত নে? আমি সৰুৰে পৰা আমাৰ গাঁৱত চাই আহিছো মহিলাসকলে পুৰুষৰ সমানে সমানে কৃষি কার্যত অংশগ্রহণ কৰে। এতিয়াও মনত আছে যেতিয়া আমাৰ আইতাৰ ঘৰৰ সন্মুখৰ এশৰা আইতাৰ বেমাৰী স্বামীজনৰ মৃত্যু হ'ল আৰু তেওঁৰ তিনিওজন ল’ৰা খুব বেছি ডাঙৰ হোৱা নাছিল, তেওঁ উপায়বিহীন হৈ আনৰ খেতিত বনুৱা হিচাপে কাম কৰিব লগা হ'ল। ল'ৰাবোৰৰ শিক্ষাৰ তাতেই অন্ত পৰিল আৰু আৰম্ভ হ'ল এক কঠিন জীৱন সংগ্ৰাম। এয়া দুই দশক আগৰ কথা। যোৱা বছৰ বৰপেটাৰ মন্দিয়াৰ এক ভিতৰুৱা অঞ্চললৈ যোৱাৰ সুযোগ পাইছিলো। তাতে এজনী মহিলাক লগ পালোঁ যাৰ স্বামী কাম কৰিবলৈ সুদূৰ লক্ষ্ণৌ চহৰলৈ গৈছে। ল'ৰা-ছোৱালী, বুঢ়া মাক-বাপেকক চোৱাৰ দায়িত্ব আহি পৰিল এই অশিক্ষিত মহিলাজনীৰ ওপৰত। আমি লগ পোৱাৰ সময়ত তাই ধানৰ মৰণা মাৰি আছিল; পিছে কোনো মেচিনৰ সহায়ত নহয়। এনে দিনজোৰা কঠিন কামৰ বাবে তাই পোৱা পাৰিশ্রমিকো বহু কম।

২০১৫ৰ তথ্য মতে প্রায় ৯৮ নিযুত ভাৰতীয় মহিলা কৃষি ক্ষেত্রৰ লগত জড়িত, কিন্তু কৃষকৰ আত্মহত্যা আৰু কৃষি সংকটৰ আলোচনা প্রায় পুৰুষসকলকলৈ কেন্দ্ৰীভূত থাকে, কাৰণ বেছিভাগ ক্ষেত্রত মহিলাসকলৰ কৃষি মাটিৰ কোনো মালিকানা নাথাকে আৰু কৃষক হিচাপে তেওঁলোকে নিজৰ পৰিচয় দিব নোৱাৰে। এক সমীক্ষা মতে মাত্র ১৩% মহিলাৰ নিজৰ কৃষি মাটিৰ মালিকানা আছে। আন সকলোকে কেৱল কৃষি মজদুৰ হিচাপে স্বীকৃতি দিয়া হয়। কৃষিখণ্ডৰ প্রায় ৬০ৰ পৰা ৮০ শতাংশ কাম মহিলাসকলে কৰাৰ পিছতো তেওঁলোকক কৃষকৰ মৰ্যাদাৰ পৰিৱৰ্তে কেৱল বনুৱালৈ সীমিত থাকে।

খেতি-বাতিত কৰা কাম-কাজৰ লগতে মহিলাসকলে ঘৰুৱা কামৰ দায়িত্বও মূৰ পাতি ল'ব লগা হয়। ঘৰুৱা দায়িত্ব সাৰি খেতিৰ কামত তেওঁলোকে লাগি যায়। আনকি স্থানীয় মণ্ডীবোৰতো তেওঁলোকক উচিত মূল্য দিয়া নহয় আৰু বহু ক্ষেত্রত তেওঁলোক যৌন উৎপীড়নৰ সন্মুখীন হ'ব লগা হয়।

কৃষকৰ আত্মহত্যাৰ সংখ্যা দিনক দিনে বাঢ়ি গৈছে। ২০১৪ আৰু ২০১৫ৰ মাজত এই বর্ধনৰ হাৰ আছিল ৪২%। ২০১৪ চনত আত্মহত্যা কৰা ৮০০৭ জন কৃষকৰ ভিতৰত ৪৪১জন মহিলা আছিল। কিন্তু তাৰ পিছতো কৃষি সংকটটো বহু ক্ষেত্রত কেৱল পুৰুষৰ সমস্যা বুলি ধৰি লোৱা হয়। কৃষকৰ আত্মহত্যাৰ পিছত তেওঁৰ পত্নীক কৃষকৰ মর্যাদা দিয়া নহয়।

ভাৰতীয় নাৰীৰ সবলীকৰণৰ আন্দোলনে এইসকল প্রান্তীয় মহিলাক সামৰি ল'ব নোৱাৰিলে কেতিয়াও সফল নহ'ব। এইসকল মহিলাৰ কণ্ঠ চৰকাৰী নীতি নিৰ্ধাৰণৰ সময়ত গুৰুত্ব প্ৰদান কৰা উচিত আৰু কার্যকৰী কৰাৰ সময়তো নিজৰ দিয়া উচিত। গাঁৱৰ পৰা চহৰলৈ বর্ধিত প্রব্রজনে গাঁৱত মহিলাসকলৰ ভূমিকাত আমূল পৰিবর্তন আনিছে। প্রব্রজনে কৃষিক্ষেত্রত তেওঁলোকৰ ভূমিকাক এক নতুন ৰূপ প্রদান কৰিছে।

উন্নত কৃষি প্রণালী, উচ্চমানৰ বীজ, সাৰ ইত্যাদিৰ বিষয়ে লাগতিয়াল জ্ঞান মহিলা কৃষকসকলৰ বাবে সহজলভ্য হোৱা প্ৰয়োজন। মহিলা কৃষকৰ ভূমিকাক চিনাক্ত কৰাৰ পিনে এক ইতিবাচক পদক্ষেপ হ'ল ১৫ অক্টোবৰৰ দিনাখন মহিলা কৃষক দিৱস বুলি ঘোষণা কৰা। কিন্তু মহিলা কৃষকক সঁচা অর্থত সকাহ দিবলৈ হলে বছৰৰ কেৱল এটা দিন তেওঁলোকৰ নামত উৎসর্গা কৰা যথেষ্ট নহয়। উচিত নীতিৰ জৰিয়তে এওঁলোকক সহায় আগবঢ়াব লাগিব। মাটিৰ অধিকাৰৰ অভাৱ এক গুৰুত্বপূর্ণ সমস্যা। নিজৰ নামত মাটি নথকাৰ বাবে কৃষকক দিয়া বহু চৰকাৰী সুবিধাৰ পৰা এইসকল মহিলা বঞ্চিত হয়। অতি শীঘ্রে আমি সম্পত্তিৰ অধিকাৰ কার্যকৰী কৰাৰ ক্ষেত্রত পুত্র সন্তানৰ লগতে কন্যা সন্তানকো পৈত্ৰিক সম্পত্তিৰ ভাগ দিয়া আৰম্ভ কৰা উচিত। এটা কথা মনত ৰখা উচিত যে চৰকাৰে আইনৰ জৰিয়তে সম্পত্তিৰ অধিকাৰ দিলেও বহু পৰিয়ালে নিজৰ ছোৱালীক বিয়া দিয়েই দায় সাৰে। গতিকে আইনৰ লগতে মানসিকতাৰ পৰিবর্তনৰো দৰকাৰ।

পুৰুষতান্ত্রিক সমাজ এখনে যত এফালে নাৰীৰ শ্রম আত্মসাৎ কৰে, ঠিক একে সময়তে নাৰীক যথোচিত মর্য্যাদা দিয়াৰ পৰা বিৰত থাকে। মহিলা কৃষকৰ অধিকাৰক মানিব লাগিব কাৰণ কৃষিকৰ্ম কেৱল পুৰুষৰ নহয়। চৰকাৰী নীতিৰ লাভবোৰ কৃষকৰ মৃত্যুৰ পিছত তেওঁৰ পত্নীয়ে পোৱা উচিত। কৃষি খণ্ডৰ সমস্যাবোৰ সামগ্রিকভাৱে অতি শীঘ্রে চৰকাৰে সমাধান কৰাৰ চেষ্টা কৰা উচিত আৰু লগতে মহিলা কৃষকৰ সমস্যাবোৰ অলপ সুকীয়াভাৱে চোৱা উচিত। এনে নকৰিলে মহিলা কৃষকসকল ভাৰতবর্ষৰ একেবাৰে প্রান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব।

Share Button
Print Friendly, PDF & Email

No Comments : "ভাৰতৰ মহিলা কৃষকৰ এনে দুৰৱস্থা কিয়?-(পাৰভিন চুলতানা)"

Leave a Comment

Your email address will not be published. Required fields are marked *