ভাষা, সমাজ ইত্যাদি-(খগেশ সেন ডেকা)

ভাষা হ'ল মানৱ সমাজৰ যোগাযোগৰ বাচিক মাধ্যম৷ মানৱ শৰীৰৰ বিশেষ অংগ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্বনি-প্ৰতীকৰ সৈতে অৰ্থৰ সংযোগৰ নামেই ভাষা ৷ ভাষাৰ ধ্বনি প্ৰতীকবোৰ আকৌ যথেচ্ছ (Arbitrary)৷ অৰ্থাৎ, ধ্বনি বা ধ্বনি সমষ্টিৰ সৈতে সেই ধ্বনিয়ে প্ৰকাশ কৰা অৰ্থৰ কোনো সহজাত সম্বন্ধ নাই৷ এই সম্বন্ধ মানি লোৱা সম্বন্ধহে আৰু ই এক পৰম্পৰাৰে মানুহৰ মুখ বাগৰি চলি আহিছে ৷ উদাহৰণস্বৰূপে কুলাৰ দৰে কাণ দুখনেৰে সৈতে বিৰাট বপুৰ জন্তুটোৰ নাম আমাৰ ভাষাত হাতী কিয় হ'ল, সেই প্ৰশ্ন কোনেও, কেতিয়াও কৰা নাই৷ আজিৰে পৰা যদি অসমীয়া সমাজে হাতীক গছ আৰু গছক হাতী বোলাৰ সৰ্বসন্মত সিদ্ধান্ত লয়, তেন্তে সময়ত সেই বিৰাট জন্তুটো গছ আৰু পূৰ্বৰ গছ হাতী হৈ পৰিব ৷

ভাষা হ'ল অজস্ৰ শব্দৰ ভঁড়াল ৷ বাক্য একোটাত ব্যৱহৃত শব্দবোৰৰ বিকল্প হিচাপে স্থান দিব পৰা শব্দৰ সংখ্যা অগণন ৷ সেই বিকল্প শব্দবোৰৰ প্ৰতিস্থাপনে একে আকৃতিৰ বাক্য একোটাক ভিন্ন অৰ্থসূচক বাক্যলৈ সলনি কৰিব পাৰে ৷ উদাহৰণস্বৰূপে "মই ঘৰলৈ যাওঁ" বাক্যটোৰ ঘৰ শব্দটোৰ ঠাইত বজাৰ, পথাৰ আদি শব্দ বহুৱালে তাৰ অৰ্থ ভিন্ন হৈ পৰিব ৷ তেনেদৰে বাক্যাবদ্ধ একেটা শব্দই প্ৰসংগ, পৰিৱেশ আৰু সময় অনুসাৰে ভিন ভিন অৰ্থ দিব পাৰে ৷ "সি খাই আহিছে" তেনে এটা বাক্য ৷ দুপৰীয়া বাক্যটোৰ ক্ৰিয়াপদ 'খাই'-ৰ অৰ্থ হ'ব ভাত বা ৰুটি, আবেলি চাহ আৰু ৰাতি ঢলং-পলংকৈ আহিলে গঁড়-মাৰ্কা বা তেনে জাতীয় এবিধ ৷

মানুহৰ মুখ বাগৰি চলি আহোঁতে ভাষাৰ অন্যান্য দিশৰ দৰে শব্দাৰ্থৰো পৰিৱৰ্তন ঘটে ৷ ফলত শব্দ একোটা পাছৰ কালত সংকুচিত, বিস্তৃত অথবা সম্পূৰ্ণ ভিন্নাৰ্থত ব্যৱহাৰ হ'ব পাৰে ৷ আধুনিক ভাষাবিজ্ঞানৰ পিতৃপুৰুষ অধ্যাপক ফাৰ্ডিনাণ্ড দ্য চ্যছুৰৰ মতে ভাষাত পাৰ্থক্যৰ বাহিৰে আন একো নাই (There are only differences.) ৷ ইয়াৰ অৰ্থ এয়ে যে, শব্দ এটাৰ অৰ্থ সেই শব্দৰ সৈতে আকৃতিগত সাদৃশ্য থকা আন আন শব্দৰ সৈতে থকা পাৰ্থক্যৰ ওপৰতহে নিৰ্ভৰশীল৷ এই প্ৰসংগত চ্যছুৰে দিয়া উদাহৰণটো হ'ল—"A cat is a cat, because it is not a rat". অসমীয়াত ক'বলৈ গ'লে গৰুটো এই কাৰণেই গৰু; সি সৰু, লৰু, তৰু, চৰু, মৰু আদি এটাও নহয় ৷ ভাষাৰ যথেচ্ছতাৰ এইবোৰেই উদাহৰণ ৷

চ্যছুৰে ডবা খেলৰ ৰিজনিৰেও এই পাৰ্থক্য সুন্দৰকৈ ফঁহিয়াই তেওঁৰ মত সাব্যস্ত কৰাৰ চেষ্টা কৰিছে ৷ সকলোৱে জনা কথা, ডবাখেলৰ ঢালখনত বিবিধ প্ৰকাৰৰ গুটি থাকে ৷ ৰজা, মন্ত্ৰী, হাতী, ঘোঁৰা, নাও, সৈন্য আদি সিবোৰৰ নাম ৷ গুটিবোৰৰ আকৃতি কেনে অথবা সিবোৰ কিহেৰে তৈয়াৰী, সেয়া দৰকাৰী নহয় ৷ যি আকৃতিৰেই নহওক, সিবোৰৰ মাজৰ পাৰস্পৰিক পাৰ্থক্য চিহ্নিত কৰাৰ উপায় থাকিলেই হ'ল ৷ কোনোবাটো গুটি হেৰালে অন্য বস্তুৰেও কাম চলাব পৰা যায়, যদিহে বাকীবোৰ গুটিৰ সৈতে তাৰ পাৰ্থক্য নিৰূপণৰ উপায় থাকে ৷

মুঠতে, ভাষাৰ জৰিয়তে সমাজবদ্ধ মানুহে দৈনন্দিন জীৱনৰ কাম-কাজ সুচাৰুৰূপে চলাই আহিছে, আগলৈকো চলাই যাব ৷ তদুপৰি, ভাষাৰ বাবেই মানুহ সমগ্ৰ জীৱকুলৰ ভিতৰত শ্ৰেষ্ঠৰূপে পৰিগণিত হৈছে ৷

সমাজ হ'ল মানুহৰ সামূহিক কাম-কাজ নিয়াৰিকৈ চলাই নিবৰ বাবে সৃষ্ট গোট ৷ আদিম মানৱে প্ৰতিকূল পৰিৱেশৰ সৈতে অহৰহ সংগ্ৰামত লিপ্ত হোৱাৰ প্ৰয়োজনতে বোধহয় একগোট হোৱাৰ বা সমাজবদ্ধ হোৱাৰ প্ৰয়োজন অনুভৱ কৰিছিল ৷ খাদ্য সংগ্ৰহকাৰী স্তৰত মানুহে লগে-ভাগে হাবিত চিকাৰ বিচাৰি যোৱা কাৰ্যই সমাজৰ প্ৰাৰম্ভিক স্তৰৰ ইংগিত দিয়ে ৷ পাছত মানৱ প্ৰজাতি খাদ্য উৎপাদনকাৰী স্তৰলৈ উন্নীত হোৱাত সমাজ-চিন্তাৰ প্ৰয়োজন অধিক দৃঢ়বদ্ধ হৈ উঠে ৷

ভাষাৰ সৈতে সমাজৰ নিগূঢ় সম্পৰ্ক বিদ্যমান ৷ আন প্ৰকাৰে ভাষাক সমাজৰ দাপোণ বুলিব পাৰি ৷ সমাজ সুস্থ হ'লে ভাষাও সুস্থ তথা উন্নত হোৱা স্বাভাৱিক ৷ আনহাতে, সমাজ গঠনকাৰী ব্যক্তি সমষ্টিৰ ৰুচি-অভিৰুচি যদি অধোগামী হয়, ভাষায়ো আওবাটে বাট বুলিবলৈ বাধ্য হয় ৷

সমাজৰ মূল সৌধ নিৰ্মাণ কৰে উৎপাদন ব্যৱস্থা আধাৰিত অাৰ্থ-সামাজিক-ৰাজনৈতিক ব্যৱস্থাপনাই ৷ ভাষা তেনে সমাজ-সৌধৰ ওপৰত বৰ্তি থকা উপৰিসৌধৰ এক বিশেষ অংশ মাত্ৰ ৷ সমাজৰ মূল গাঁথনিৰ পৰিৱৰ্তন ঘটিলে ভাষাৰ ৰূপো সলনি হ'বলৈ বাধ্য ৷ সময়ে সময়ে উদ্ভৱ হোৱা দাৰ্শনিক মতবাদসমূহো সমাজৰ উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ স্বাভাৱিক পৰিণতি ৷ ভাৰতবৰ্ষত একালৰ পশুপালক যাযাবৰ আৰ্যসকল কৃষি সভ্যতালৈ উন্নীত হোৱাত স্বাভাৱিকতে ভাষাৰো পৰিৱৰ্তন হৈছিল, নতুন ব্যৱস্থাৰ উপযোগীকৈ ভাষায়ো নিশ্চয়কৈ নতুন ৰূপ পৰিগ্ৰহ কৰিছিল ৷ পৰৱৰ্তী সময়ত সমাজত চতুৰ্বৰ্ণৰ উদ্ভৱ হয় ৷ প্ৰথম অৱস্থাত এই বিভাজন কৰ্মানুসাৰে কৰা হৈছিল যদিও, পাছলৈ ই জন্মস্বত্বত পৰিণত হয় ৷ উল্লেখনীয় যে ভাৰততসামাজিক শ্ৰেণী (class) আৰু জাত (caste) একেটা মুদ্ৰাৰে ইপিঠি আৰু সিপিঠি হৈ পৰিছিল ৷ এনেদৰে সৃষ্টি হৈছিল এক শক্তিশালী বৈদিক পৰম্পৰাৰ ভেটি ৷ পৰৱৰ্তী কালৰ গৌতম বুদ্ধৰ উত্থান আৰু তেওঁৰ নিৰীশ্বৰবাদী ধ্যান-ধাৰণাৰ প্ৰতিষ্ঠাৰ মূলতেও আছিল নতুন সমাজ-ব্যৱস্থাৰ বা নতুন সমাজ-চেতনাৰ সৃষ্টি ৷ কৃষিৰ পৰা আহৰিত উদ্বৃত্ত সম্পদ বাণিজ্যত খটুৱাই এই সময়ত বৈশ্য শ্ৰেণী যথেষ্ট শক্তিশালী হৈ উঠিছিল আৰু এই নতুন ব্যৱস্থাৰ উপযোগীকৈ নতুন চিন্তা আৰু সেই চিন্তাৰ বাহকৰূপে কিছু নতুন ভাষা ৰূপৰো আৱশ্যক হৈ উঠিছিল ৷ বৌদ্ধমাৰ্গৰ উত্থানে পূৰ্ব প্ৰতিষ্ঠিত জাত-পাত, বৰ্ণ বৈষম্যৰ ওপৰত মোক্ষম আঘাত কৰি সামাজিক সংহতিৰ প্ৰয়ােজন পূৰণ কৰিছিল ৷

বৌদ্ধশাস্ত্ৰৰ বাহকৰূপে সংস্কৃতৰ সলনি পালি ভাষাৰ উত্থানো এই নতুন দৰ্শন তত্ত্বৰ উদ্ভৱৰ সৈতে সম্পৰ্কিত ৷ গৌতম বুদ্ধৰ মুখনিসৃত বাণীসমূহ সংস্কৃতৰ সলনি তৎকালীনভাৱে মানুহৰৰ মুখে মুখে প্ৰচলিত কথিত ৰূপত সংকলন কৰা হৈছিল ৷ এই ভাষাৰ নামেই 'পালি ভাষা'৷ বৌদ্ধমতবাদৰ সৈতে জড়িত ভালেমান নতুন শব্দৰ সংযোগে সংস্কৃতৰ পৰা বহুদূৰ আঁতৰি অহা এই ভাষাৰূপক চহকী কৰি তোলাত সহায় কৰিছিল ৷ সামগ্ৰিকভাৱে সেই সময়ত ভাৰতবৰ্ষত বৈদিক-সংস্কৃত ভাষাৰ পৰিৱৰ্তিত ৰূপ পালি-প্ৰাকৃত-অপভ্ৰংশ ভাষাই সাহিত্যিক মৰ্যাদা লাভ কৰাৰ গুৰি কাৰণো আছিল সমাজত দেখা দিয়া নতুন পৰিৱৰ্তন ৷ পূৰ্বৰ ধ্ৰুপদী ভাষাৰূপৰ সলনি সাহিত্যত সাধাৰণজনৰ মুখনিসৃত লোকৰূপটোৱে প্ৰাধান্য লাভ কৰাটো এই যুগৰ ভাষাৰ অন্যতম প্ৰধান বৈশিষ্ট্য ৷ কবিৰাজ ৰাজশেখৰৰ সম্পূৰ্ণ প্ৰাকৃত ভাষাত ৰচিত সট্টক "কৰ্পূৰ মঞ্জৰী", মহাৰাষ্ট্ৰী প্ৰাকৃতত নৃপতি হালৰ দ্বাৰা সংকলিত সাতশ গাথা সম্বলিত "গাহা সত্তসঈ", কাশ্মীৰৰাজ ২য় প্ৰৱৰসেনৰ মহাৰাষ্ট্ৰী প্ৰাকৃতত ৰচিত মহাকাব্য "সেতুবন্ধ" (নামান্তৰে ৰাৱণৱহো, দহমুহৱহো-ৰ ভাষাই তাৰ প্ৰমাণ দাঙি ধৰে ৷ পৰৱৰ্তী সময়ত প্ৰাকৃতৰ শেষ স্তৰ অপভ্ৰংশৰ পৰাই আৰ্যগোষ্ঠীৰ আধুনিক ভাৰতীয় ভাষাবোৰৰ সৃষ্টি হৈছিল ৷ একেদৰে এংলো-ছেক্সনসকলে ব্ৰিটিছ দ্বীপপুঞ্জলৈ প্ৰব্ৰজন কৰোঁতে জাৰ্মান গোষ্ঠীৰ যিটো ভাষা লগত লৈ গৈছিল, সেই ভাষাত পোনতে মুষ্টিেময় শব্দকেইটামানহে আছিল ৷ বৰ্তমান সেই ভাষা (ইংৰাজী) বিশ্বৰ সবাতোকৈ শক্তিশালী ভাষা ৷ ইংৰাজীৰ এই শক্তি কিন্তু আভ্যন্তৰীণ নহয়, বৰং বাহিৰৰ পৰা ঋণ হিচাপে আহৰণ কৰা ৷ কোৱা হয়, বিদেশী শব্দৰ আত্মসাৎকৰণত এই ভাষা হেনো একক আৰু অদ্বিতীয়; আনহাতে, নতুন নতুন শব্দৰ সৃষ্টিত সংস্কৃত ভাষা অতুলনীয় ৷ সংস্কৃতত একেটা বস্তুকে বুজাবলৈ বিবিধ শব্দৰ ব্যৱহাৰে সেই কথাকে প্ৰমাণ কৰে ৷

ভাষা হ'ল একো একোটা জাতিৰ অন্তৰাত্মাৰ পৰিচয় ৷ সেই জাতি, সেই সমাজৰ ভাল-বেয়া সকলো দিশ ভাষাৰ জৰিয়তে প্ৰতিফলিত হয় ৷ আন প্ৰকাৰে আকৌ ভাষা একোটা সেই ভাষা কোৱা সমাজখনৰ দুৰ্ভেদ্য বৰ্মসদৃশ ৷ ইয়াৰ জৰিয়তে বাহিৰৰ অবাঞ্ছিত শক্তিসমূহে জাপি দিয়া অনাৱশ্যক প্ৰভাৱৰ আঘাতৰ পৰা নিজ নিজ জাতিসত্তাক ৰক্ষা কৰিবলৈ সমৰ্থ হয় ৷ অৱশ্যে তাৰ বাবে প্ৰয়োজন নিজৰ ভাষাটোৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ দৃষ্টি, সজাগ-সচেতনতা ৷

সম্প্ৰতি বিশ্বায়নৰ ধামখুমীয়াত পৃথিৱীৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীৰ ভাষাবোৰ বৃহৎ তথা শক্তিশালী ভাষাসমূহৰ কবলত পৰি চিৰকালৰ বাবে হেৰাই গ'ল ৷ যিবোৰ আছে সেইবোৰৰো সৰহভাগৰে অৱস্থা সংকটজনক ৷ ইউনেস্ক'ই অষ্ট্ৰেলিয়াৰ বিশিষ্ট ভাষাতত্ত্ববিদ খ্ৰীষ্ট'ফাৰ ম'ছেলৰ তত্ত্বাৱধনাত কিছু বছৰৰ পূৰ্বে ভাষাৰ সংকট সম্বন্ধে যি জৰীপ চলাইছিল তাত অনুমান কৰা হৈছে যে অহা এশ বছৰৰ ভিতৰত পৃথিৱীৰ সাত হাজাৰতকৈয়ো অধিক ভাষাৰ সৰহভাগৰে মৃত্যু ঘটিব আৰু শেষলৈ মাত্ৰ তিনিশমান ভাষাহে বাচি থাকিব ৷ আলাস্কা বিশ্ববিদ্যালয়ৰ নেটিভ লেংগুৱেজ চেণ্টাৰৰ একালৰ অধিকৰ্তা মাইকেল ক্ৰাউছৰ অধ্যয়নেও একে কথাকে কৈছে ৷ উপৰুৱাকৈ চালে ভাষাৰ মৃত্যুত ভাবিবলগীয়া একো নাই; এটা গৈছে আন এটাৰে কাম চলিব ৷ কিন্তু গভীৰভাৱে বিচাৰ কৰিলে দেখা যায়, ভাষাৰ মৃত্যু মানে সেই ভাষাৰ সৈতে সম্পৰ্কিত জাতি একোটাৰ সভ্যতা-সংস্কৃতিৰ মৃত্যু ৷ ইয়াৰ ফলত বিনন্দীয়া পৃথিৱীক চোৱাৰ এক অনন্য বৈচিত্ৰ্যৰো অৱসান ঘটে ৷ অতি সম্প্ৰতি শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত ওড়িযা বিভাগৰ মুৰব্বী ডঃ কৈলাশ পট্টনায়কৰ নেতৃত্বত ভাষাৰ সংকট সম্বন্ধে অধ্যয়ন কৰিবলৈ এটি কেন্দ্ৰ স্থাপন হোৱাটো অতি আনন্দৰ বিষয় ৷ আমাৰ অসমৰ চাৰিওখন বিশ্ববিদ্যালয়ে এই বিষয়ে চিন্তা কৰাটো সময়ৰ দাবী ৷

একোটা ভাষাৰ ব্যাকৰণগত বিশেষত্ব আৰু শব্দ-সম্ভাৰ সেই ভাষা কোৱা সমাজখনৰ বুনিয়াদটোৰ প্ৰয়োজনত সৃষ্টি হৈছিল ৷ গতিকে এক সমাজ-সৌধৰ প্ৰয়োজনত সৃষ্ট ভাষাৰূপৰ সৈতে আন এক সমাজৰ ভাষাৰূপৰ পাৰ্থক্য ঘটাটো নিতান্ত স্বাভাৱিক পৰিঘটনা ৷ উদাহৰণস্বৰূপে সামন্তবাদী সমাজৰ ভাষাৰ সৈতে আজিৰ পুঁজিবাদী সমাজৰ ভাষা সম্পূৰ্ণ একে নোহোৱাটোৱেই স্বাভাৱিক ৷ পৃথিৱীৰ বুকুত যিমানেই নতুন নতুন আৱিষ্কাৰ হৈছে, সিমানেই সিবোৰৰ লগত সম্পৰ্কিত শব্দৰো আমদানি ঘটিছে ৷ কম্পিউটাৰ, হাৰ্ডৱেৰ, ছফ্টৱেৰ, ইণ্টাৰনেট, আপল'ড, ডাউনল'ড আদি তেনে কেতবোৰ অধুনা কালৰ শব্দ ৷

অতি সম্প্ৰতি কিছুসংখ্যক লোকৰ মাজত এই নতুন শব্দবোৰ প্ৰাচীন বা মধ্যযুগীয় অসমীয়াত কিয় নাই বুলি এক অবান্তৰ প্ৰশ্ন গা কৰি উঠা পৰিলক্ষিত হৈছে ৷ শংকৰদেৱৰ সময়ত অসমত জলপথেই আছিল দীঘলীয়া পৰিবহণৰ একমাত্ৰ সম্বল ৷ এতিয়া শংকৰদেৱ নাৱেৰে নগৈ বাছেৰে যাব পাৰিলেহেঁতেন বুলি যদি কোনোবাই প্ৰশ্ন তোলে, তেওঁক কি উত্তৰ দিয়া যাব !

এইখিনিতে বিভিন্ন সময়ত বিভিন্নজনৰ লেখাত উত্থাপিত আন এটা প্ৰশ্ন—বৌদ্ধধৰ্ম গণতান্ত্ৰিক আছিল নে নাই ? প্ৰশ্নটো সমূলি অবান্তৰ ৷ কাৰণ, গণতন্ত্ৰ শব্দটো, বা সেই বিষয়ক ধাৰণা সম্পূৰ্ণ আধুনিক বা বৰ্তমান যুগৰ ৷ আজিৰ পৰা প্ৰায় আঢ়ৈ হাজাৰ বছৰৰ আগৰ সমাজত তাৰ অস্তিত্ব বিচাৰিলে নিৰাশ হোৱাটোৱেই স্বাভাৱিক ৷

মুঠতে অতীতৰ সমাজ-ব্যৱস্থাৰ উপযোগীকৈ সৃষ্ট বা গৃহীত ভাষাৰূপৰ মাজত আজিৰ চিন্তাই বিচৰা নতুন শব্দ বা ভাষিক ৰূপ বিচাৰিলে যে হতাশ হ'ব লাগিব, তাত সন্দেহৰ বিন্দুমাত্ৰও অৱকাশ নাই ৷

সম্প্ৰতি কোনো কোনোৱে নাৰী সবলীকৰণৰ নামত অামাৰ সুৱদীসুৰীয়া ভাষাটোৰ লিংগ পদ্ধতিৰ মাজত উগ্ৰ পুৰুষতন্ত্ৰৰ সমল বিচাৰি উলিয়াই সিবোৰৰ অৱলুপ্তিৰ দিহা কৰাবলৈ নেৰানেপেৰা চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ তাৰ মাজত কেইবাগৰাকী বিজ্ঞ ব্যক্তিও আছে ৷ তেওঁলোকৰ মতে সভাপতিৰ বিপৰীতে স্ত্ৰীবাচক সভানেত্ৰী, সম্পাদকৰ বিপৰীতে স্ত্ৰী সম্পাদিকা আদি ৰূপৰ কি আৱশ্যক ৷ এনে ৰূপ নাৰীশক্তিৰ পৰিপন্থী ৷ গতিকে মূল পুংলিংগবাচক ৰূপৰ বিপৰীতে স্ত্ৰী বুজাবলৈ লোৱা এইবোৰ ৰূপৰ প্ৰচলন নিষিদ্ধ কৰি পুৰুষ নাৰী উভয়কে বুজোৱা ৰূপ গ্ৰহণ কৰিব লাগে ৷ উপৰুৱাকৈ চালে কথাখিনি সত্য যেনেই লাগে ৷ কিন্তু গভীৰভাৱে বিচাৰ কৰিলে দেখা যাব এই ৰূপবোৰৰ অৱলুপ্তিয়ে অসমীয়া ভাষাৰ ব্যাপ্তি আৰু স্বতন্ত্ৰতাত বাৰুকৈয়ে আঘাত কৰিব ৷ ইংৰাজী ভাষাত President, Editor আদি শব্দৰ সুকীয়া স্ত্ৰীবাচক ৰূপ নাই৷ তাৰে প্ৰভাৱত অসমীয়ায়ো সভানেত্ৰী, সম্পাদিকা পদ বিলুপ্ত কৰিলে আমাৰ ভাষাটোৰ অৱলুপ্তিৰ ক্ষেত্ৰত এখোজ আগুৱাই গৈ নিজে নিজে ডিঙি পাতি দিয়াৰ দৰে হ'ব৷ তদুপৰি, ইয়াৰ ফলত নাৰী কিদৰে সবল হ'ব, সেয়াও ভাবিবলগীয়া ৷ মোৰ দৃষ্টিত পুৰুষ বুজোৱা শব্দত নিজকে চামিল কৰিলে নাৰীশক্তিৰ স্বকীয় সত্তা বিনষ্টহে হ'ব ৷

হয়, মামাই বিয়া কৰালে মামী, খুৰাই বিয়া পাতিলে খুৰী আদি ৰূপ নতুনকৈ পোৱা যায় ৷ অৰ্থাৎ, বিবাহৰ পূৰ্বে কোনো নাৰী মামী, খুৰী নহয়, হ'ব নোৱাৰে ৷ বহুতৰ মতে এয়াও একধৰণৰ Male chauvinism-ৰে পৰিণতি ৷ পিছে সিসকললৈ মোৰ প্ৰশ্ন—পেহী, মাহীক বিয়া নিদিলে যে পেহা, মহা পোৱা নাযায়, সেয়া কিহৰ পৰিণতি ?

সমাজবিজ্ঞানীসকলৰ মতে মানৱ সমাজত প্ৰথমাৱস্থাত পৰিয়াল গঠনৰ পৰত নাৰী আছিল গৃহৰ সৰ্বময়ী কৰ্ত্ৰী৷ সকলো কাম-কাজ পৰিয়ালৰ মুৰব্বী হিচাপে নাৰীগৰাকীৰ নিৰ্দেশতে চলিছিল ৷ গুটিৰ পৰা গছ গজা প্ৰাকৃতিক পৰিঘটনাৰ আৱিষ্কাৰকো হেনো নাৰীয়েই ৷ এই আৱিষ্কাৰৰ পৰিণতি হিচাপে মানৱ সমাজ খাদ্য সংগ্ৰহকাৰীৰপৰা খাদ্য উৎপাদনকাৰী হৈ উঠিছিল ৷ পাছলৈ নাৰীৰ সেই কৰ্তৃত্ব, সেই ক্ষমতা পুৰুষলৈ হস্তান্তৰিত হয় ৷

ভাষাৰ মাজেৰে সামাজিক চিন্তা বা সমাজব্যৱস্থাৰ প্ৰতিফলন কিদৰে ঘটে, তাৰ প্ৰমাণ তলৰ উদাহৰণটোৱে দাঙি ধৰিব ৷ অসমীয়া ভাষাৰ লিংগ পদ্ধতি অনুসাৰে—

মানুহজন (পুং)—মানুহজনী (স্ত্ৰী),

কুকুৰটো (পুং)—কুকুৰজনী (স্ত্ৰী),

চৰাইটো (পুং)—চৰাইজনী (স্ত্ৰী) ৷

মন কৰক, কুকুৰৰ লগত পুং-টো প্ৰত্যয়হে লিখিব পাৰি,-জন নহয় ৷ আনহাতে, স্ত্ৰীৰূপত কিন্তু -জনী হয় ৷ ইয়াৰ অৰ্থ এয়ে যে ভাষাটোৰ এই নিয়মৰ উদ্ভৱৰ সময়ত তিৰোতা মানুহৰ সামাজিক স্থান ইতৰ প্ৰাণীৰ সৈতে একাকাৰ অাছিল ৷ মোৰ ধাৰণাত লিংগ নিৰ্ণয়ৰ এই পদ্ধতিৰ মাজতহে উগ্ৰ পুৰুষবাদী চিন্তা প্ৰকটভাৱে ওলাই পৰিছে; সম্পাদিকা, সভানেত্ৰী আদি শব্দৰ মাজত নহয় ৷ আশা কৰা যায়, সমাজৰ পৰিৱৰ্তনৰ লগে লগে এই বৈষম্য আঁতৰিব আৰু নতুন নতুন শব্দৰ সৃষ্টি হ'ব ৷

মুঠতে অসমীয়া ভাষাৰ শব্দ-ভাণ্ডাৰ চহকী কৰা সম্পাদিকাৰ দৰে নাৰীৰ স্বাভিমান তথা স্বতন্ত্ৰতাসূচক স্ত্ৰীলিংগ বুজোৱা শব্দবোৰ সযতনে সংৰক্ষণ কৰি ৰখা অতি আৱশ্যক বুলি মই ধাৰণা কৰোঁ ৷

ইতিপূৰ্বে মই আলোচনা কৰিছোঁৱেই যেভাষা একোটাৰ শব্দ-ভাণ্ডাৰত অজস্ৰ শব্দ থাকে ৷ তাৰে কিছুমান শব্দ সেই ভাষা কোৱা লোকে মুকলিকৈ ব্যৱহাৰ নকৰে ৷ নাইবা তেনে শব্দৰ অৰ্থ সামৰি ল'ব পৰাকৈ সমাজত বিদ্যমান ব্যৱহাৰ কৰিব পৰা ভিন্ন শব্দৰ আশ্ৰয় লয় ৷ এনে শব্দক নিষিদ্ধ শব্দ (Taboo words) বোলা হয় ৷ একেদৰে প্ৰতিখন সমাজে নিজৰ ভাষাৰ শ্লীল-অশ্লীল, শালীন-অশালীন, ভব্য-অভব্য ৰূপৰো অলিখিত তালিকা একোখন কৰি থৈ দিছে ৷ তেনে কেতবোৰ শব্দ সমাজ বিদ্যমানে ব্যৱহাৰ কৰা নহয় ৷ সৃষ্টিশীল সাহিত্যত প্ৰয়োজন সাপেক্ষে পৰিৱেশ আৰু চৰিত্ৰৰ বিকাশৰ খাতিৰত সেইবোৰ ব্যৱহৃত হ'লেও, সাধাৰণভাৱে তেনে শব্দ বাদ দি থোৱা হয় ৷ বৰ্তমান এচামে কিন্তু কথা-বতৰা, লেখা-মেলাত তেনে শব্দৰ ব্যৱহাৰৰ বাবে উদ্গ্ৰীৱ হৈ উঠা পৰিলক্ষিত হৈছে ৷ মোক এই সম্বন্ধে কেইবাজনো ডেকাবন্ধুৱে পতিয়ন নিয়াবৰো যত্ন কৰিছে ৷ মই কিন্তু কথাখিনিৰ সৈতে একমত হ'ব পৰা নাই ৷ এই ক্ষেত্ৰত ফ্ৰেংক পামাৰৰ তলত উল্লেখ কৰা কথাখিনি মই অতি প্ৰাসংগিক বুলি গণ্য কৰোঁ ৷ পামাৰৰ মতে, অন্তিম বিচাৰত ভাষাৰো এক আচাৰ বা ধৰণ (Manner) থাকে ৷ সমাজসিদ্ধ হ'লেও ভাষাৰ কেতবোৰ ৰূপ নিতান্ত অশিষ্ট বা অভব্য ৷ কিছুমান ৰূপ আকৌ কেতবোৰ বিশেষ পৰিস্থিতিতহে গ্ৰহণীয় ৷ এইবোৰ সমাজ-ভাষাবিজ্ঞানৰ আলোচ্য বিষয় ৷ ভাষা একোটাৰ নিষিদ্ধৰূপে পৰিগণিত বা সমাজ বিদ্যমানে মুকলিকৈ ব্যৱহাৰ কৰিবলৈ নিদিয়া শব্দবোৰৰ লোক-জীৱনে কেনে অৰ্থৱহ ৰূপ আৱিষ্কাৰ কৰি লৈছে তাক ভাবিলে আচৰিত হ'ব লাগে ৷ চুব নোৱৰা হোৱা, গা নোধোৱা, মুকলি ফুৰিব লগা আদি কেতবোৰ ৰূপ তাৰ প্ৰকৃষ্ট উদাহৰণ ৷ মোৰ ধাৰণাত এই ক্ষেত্ৰত লোক-জীৱনে দেখুৱাই থৈ যোৱা পথ বা আদৰ্শকে সকলোৱে অনুসৰণ কৰা উচিত ৷

ভাষা একোটাত জ্যেষ্ঠ-কনিষ্ঠভেদে ভিন ভিন শব্দৰ ব্যৱহাৰো লক্ষ্য কৰা যায় ৷ অসমীয়াত দ্বিতীয় পুৰষত মান্যানুসাৰে তই, তুমি, আপুনি; আৰু তৃতীয় পুৰুষত তাই, সি, তেওঁ, এওঁ, তেখেত, এখেত আদি ৰূপৰ ব্যৱহাৰ আছে ৷ অতি সম্প্ৰতি বয়সলৈ লক্ষ্য নকৰি তই, তুমি, আপুনি আদিক ইংৰাজীৰ দৰে সকলো লোককে দ্বিতীয় পুৰুষৰ মান্যাৰ্থক 'তুমি' (ইং You) শব্দেৰে সামৰি লোৱাৰ প্ৰৱণতা দেখা গৈছে ৷ তেনে প্ৰয়োগত সিদ্ধহস্ত ডেকাবন্ধু এজনক সোধোঁতে তেওঁ গৰ্বেৰে উত্তৰ দিছিল— "তুমি বুলি জানো, বাকীবোৰ নাজানো" ৷

Share Button
Print Friendly, PDF & Email

No Comments : "ভাষা, সমাজ ইত্যাদি-(খগেশ সেন ডেকা)"

Leave a Comment

Your email address will not be published. Required fields are marked *