ভাষিক অৱদমন আৰু ভাৰতীয় নাৰী- (টুনুজ্যোতি গগৈ)

মূলতঃ মনৰ ভাব প্ৰকাশ কৰিবলৈ, বিভিন্নজনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু সৃজনশীল প্ৰতিভা প্ৰকাশ কৰিবলৈ ব্যৱহৃত একোটা ভাষাৰ সৈতে এখন সমাজৰ গভীৰ সম্পৰ্ক থাকে৷ সংস্কৃতিৰ অন্যতম উপাদান একোটা ভাষাই এখন দেশ বা এখন ৰাজ্যৰ সাংস্কৃতিক পৰিচয় আৰু সমাজ বাস্তৱতাৰো প্ৰতিফলন ঘটায়৷ এই আপাহতে একোটা ভাষাত নাৰী বা পুৰুষৰ প্ৰতি সমাজে পোষণ কৰা দৃষ্টিভংগীও প্ৰতিফলিত হয়৷ অৰ্থাৎ অতীতৰপৰা বৰ্তমান পৰ্যন্ত নাৰী-পুৰুষৰ মাজত পৰিলক্ষিত সামাজিক ব্যৱধানৰ স্বাক্ষৰ ভাষাৰ ক্ষেত্ৰতো পৰিলক্ষিত হয়৷ সমাজত পুৰুষৰ অৱস্থান যেনেকৈ শক্তিশালী, তেনেকৈ তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ভাষাও শক্তিশালী, দৃঢ় আৰু দম্ভ-প্ৰকাশক৷ আনহাতে, নাৰীৰ অৱস্থান যেনেকৈ দুৰ্বল, তেনেকৈ তেওঁলোকৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা ভাষা কোমল, নমনীয় আৰু অধস্তন৷ পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাত নাৰীৰ সামাজিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক অৱস্থান অতি দুৰ্বল বাবেই এনেধৰণৰ বৈষম্য সৃষ্টি হৈ আহিছে৷

পুৰুষতান্ত্ৰিক সমাজত পুৰুষে নাৰীৰ ওপৰত সময়ে সময়ে পেশী শক্তিৰেই নিৰ্যাতন চলাই অহা নাই, দমনমূলক আৰু দম্ভ-প্ৰকাশক ভাষা প্ৰয়োগৰেও নিৰ্যাতন চলাই আহিছে৷ এই ভাষিক নিৰ্যাতনকেই আমি ভাষিক অৱদমন বুলি অভিহিত কৰিব পাৰোঁ৷ লক্ষণীয় যে ভাৰতৰ সংস্কৃতমূলীয় ভাষাসমূহৰ বহু শব্দ, ধ্বনি, অৰ্থ আদি পুৰুষতান্ত্ৰিক সমাজব্যৱস্থাই গঢ় দিছে৷ বিশেষকৈ, এই ভাষাসমূহত প্ৰায়বোৰ গালি-শপনি নাৰীক কেন্দ্ৰ কৰিয়েই সৃষ্টি হৈছে৷ বেশ্যা, ৰক্ষিতা, অভিসাৰিকা, অসতী, কূটনী, বাইজী, খানিক, মাগী, বন্ধ্যা, ডাইনী, পতিতা, ছলনাময়ী, ৰহস্যময়ী আদি শব্দ বা গালিসমূহ নাৰীৰ ক্ষেত্ৰতহে প্ৰযোজ্য; এইবোৰৰ কোনো পুৰুষবাচক শব্দ নাই৷ ভাষাৰ জৰিয়তে নাৰীক অধস্তন কৰি ৰাখিবৰ বাবে বাংলাভাষীৰ কথন-মথনত সঘনাই প্ৰচলিত এটা শব্দ হ'ল– মাগী৷ এই শব্দটো আকৌ দুটা ভাল অৰ্থ প্ৰকাশক শব্দৰপৰা আহিছে – মা (মাতা বা জননী) আৰু গী (বাণী, বাক্য, ভাষা)৷ শ্ৰী মদ্ভাৱগত গীতাত ‘গী'ৰ অৰ্থ হ'ল জ্ঞান৷ স্বাভাৱিকতে এই দুই মৌলিক শব্দৰ অৰ্থ হ'ব লাগিছিল জ্ঞানী নাৰী৷ কিন্তু, এই দুই শব্দৰ যৌগিক ৰূপটোৱে সমাজত নাৰীক হেয় প্ৰতিপন্নহে কৰি আহিছে৷

অসমীয়া ভাষাত কেৱল নাৰীক উদ্দেশি ব্যৱহাৰ হোৱা গালি-শপনিবোৰ হ'ল– ফুলতে বাঁৰী হোৱা, জীয়া বাঁৰী হোৱা, পাখৰী, বঁহিয়া পৰতী, থুপৰী, কাঠবাঁজী আদি৷ এই গালিসমূহ নাৰী বা পুৰুষ, যাৰ প্ৰতিয়েই নিক্ষেপ কৰা নহওক কিয়, আক্ৰমণৰ মূল লক্ষ্য হৈ পৰে নাৰীসত্তা৷ এজন পুৰুষে আন এজন পুৰুষক গালি দিবলৈ যাওঁতেও তেওঁৰ মাতৃ, স্ত্ৰী, কন্যা আদিক আঁজুৰি অনা পৰিলক্ষিত হয়৷ আক্ৰমণকাৰী পুৰুষজনে প্ৰতিপক্ষৰ পত্নী বা কন্যাৰ শ্লীলতা হানিৰ বা তেওঁলোকৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ হুমকি দিলেহে তেওঁৰ পুৰুষত্ব ৰক্ষা পৰিব বুলি ভাবে৷ সেইদৰে, আমাৰ সমাজত স্ত্ৰীৰ দিহা-পৰামৰ্শমতে চলা পুৰুষক স্ত্ৰৈণ বা তিৰোতাসেৰুৱা বুলি কোৱা হয়৷ এই শব্দ দুটি পুৰুষৰ ক্ষেত্ৰত নেতিবাচক আৰু অসন্মানজনক হিচাপে ব্যৱহৃত হয়৷ শব্দ দুটাই বহন কৰা অৰ্থ হ'ল– নাৰীৰ কোনো কথা নুশুনিবা, তেওঁলোকৰ দিহা-পৰামৰ্শ নল'বা আৰু তেওঁলোকক গুৰুত্বও নিদিবা৷ সমাজৰ প্ৰায়বোৰ অশিক্ষিত-শিক্ষিত-অৰ্ধশিক্ষিত লোকেই উপৰুৱাকৈ কয়–‘মাইকী মানুহৰ কথা বাদ দিয়া', ‘মহিলাৰ বুদ্ধিত নচলিবা' আদি৷ এনেধৰণৰ ভাষ্যত স্পষ্ট হয় যে নাৰীৰ কোনো বোধশক্তি, বুদ্ধি-বিবেচনা নাই; থাকিলেও সিবোৰ বিশেষ গুৰুত্ব দিবলগীয়া নহয়৷ নাৰীৰ প্ৰতি নেতিবাচক মনোভাব পোষণ আৰু তেওঁলোকৰ ভাবনা-চিন্তাক হেয় প্ৰতিপন্ন কৰি উপস্থাপন কৰাৰ ফলতেই তেওঁলোক সমাজৰ এচাম লোকৰ মাজত বিশ্বাসৰ অযোগ্য আৰু গভীৰতাহীন বুলি পৰিগণিত হৈ আহিছে৷

ভাৰতীয় সমাজত বহুলভাৱে প্ৰচলিত এশাৰী বাক্য হ'ল–‘স্ত্ৰীয়াশ্চৰিত্ৰম দেবা না জানন্তি কুতো মন্যুষা৷' সন্দেহ নাই, এনে বাক্যই নাৰীক একপক্ষীয়ভাৱে হেয় প্ৰতিপন্ন কৰি আহিছে৷ কিন্তু, কোনো বিশেষ গৱেষণা নকৰাকৈ, সাধাৰণ বোধেৰেই ক'ব পাৰি যে নাৰীয়েই হওক বা পুৰুষেই হওক সকলোৰে মন দুৰ্বোধ্য আৰু ৰহস্যময়৷ মনোবিজ্ঞানৰ এই সাধাৰণ সত্যটো অস্বীকাৰ কৰি কেৱল নাৰীৰ চৰিত্ৰ ৰহস্যময় বা ছলনাময়ী বুলি কোৱাৰ আঁৰত পুৰুষতান্ত্ৰিক সমাজৰ ষড়যন্ত্ৰই লুকাই আছে৷ এতিয়াও পুৰুষ সমাজে নাৰীৰ ওপৰত ভাষাশক্তিৰ জৰিয়তে মানসিক নিৰ্যাতন চলাই আহিছে৷ ‘ভাৰবাল এবিউজ' বা মৌখিক যৌন নিপীড়নক ইভটিজিং বুলি সংজ্ঞায়িত কৰাৰ বিপৰীতে উত্যক্তকাৰীক কোৱা হয় ‘ৰোমিঅ'৷ বহু ৰোমিঅ'ৰ উৎপাতত কম বয়সীয়া যুৱতীয়ে আত্মহত্যাপৰ্যন্ত কৰিব লগা হৈছে৷ বৰ্তমানৰ তথ্য আৰু প্ৰযুক্তিৰ বহুল প্ৰচলনৰ যুগত ফেইচবুক, হোৱাটছএপ আদি গণমাধ্যমৰ জৰিয়তে নাৰীৰ ওপৰত চলোৱা ভাষিক নিৰ্যাতন ক্ৰমাৎ বৃদ্ধি পাইছে৷ এই মাধ্যমবোৰত এনে কিছুমান গোট, পৃষ্ঠা আদি উপলব্ধ হৈছে যিবোৰে নাৰীক কেৱল যৌন ক্ৰীড়নকৰূপে প্ৰক্ষেপ কৰাৰ উপৰি পুৰুষতান্ত্ৰিক সমাজৰ কদৰ্য ৰূপটো উদঙাই দিছে৷

কেৱল গালি-গালাজ কৰিবৰ বাবেই নহয়; নাৰীক প্ৰেম, সৌন্দৰ্য আৰু যৌনতাৰ প্ৰতীকৰূপে অভিহিত কৰিবলৈও সংস্কৃত বা সংস্কৃতমূলীয় ভাষাসমূহত কেতবোৰ স্ত্ৰীবাচক শব্দ ব্যৱহাৰ হৈ আহিছে৷ তেনে কেইটিমান শব্দ হ'ল– অগম্যা (যি নাৰীৰ সৈতে সহবাস কৰা নিষিদ্ধ), আয়তা (আৰ্যৱতী, স্বামী থকা নাৰী), কামিনী (কামাভিলাষী নাৰী), চিত্ৰিণী (এক শ্ৰেণীৰ সুলক্ষণী ধুনীয়া নাৰী), ৰমণী (ৰমণৰ বাবে যোগ্যা নাৰী) আদি৷ এই শব্দবোৰৰ কোনো পুৰুষবাচক শব্দ পোৱা নাযায়৷ লক্ষণীয় যে আমাৰ প্ৰাত্যহিক জীৱনত ব্যৱহৃত বহু দেশী-বিদেশী মূলৰ শব্দ (চেয়াৰমেন, ৰাষ্ট্ৰপতি, মেম্বাৰ, লিডাৰ আদি) কেৱল পুৰুষবাচক শব্দ, এই শব্দবোৰৰ কোনো স্ত্ৰীবাচক প্ৰতিশব্দ নাই৷

এনেধৰণৰ উদাহৰণৰপৰা স্পষ্ট হয় যে পুৰুষসকলে নাৰীক পদানত কৰি ৰাখিবলৈ কেৱল ধৰ্ষণ, শাৰীৰিক নিগ্ৰহ আদিৰ দৰে নিকৃষ্ট পন্থাই গ্ৰহণ কৰা নাছিল; ভাষিক অৱদমনৰ দৰে আন কেতবোৰ সূক্ষ্ম কৌশলো গ্ৰহণ কৰিছিল৷ চতুৰ আৰু বুদ্ধিমান পুৰুষসকলে নাৰীক যুগে যুগে মানসিকভাৱে বশ কৰি ৰাখিবলৈ পুৰুষতান্ত্ৰিক সাংস্কৃতিক মেৰপাকেৰে বন্ধা কেতবোৰ সংস্কাৰ সৃষ্টি কৰি লৈছিল৷ তেনে কিছুমান সংস্কাৰ হ'ল– সতীদাহ প্ৰথা, কন্যা সন্তান হত্যা, যৌতুক প্ৰথা, ডাইনী প্ৰথা, অৱৰোধ প্ৰথা আদি৷ এই সংস্কাৰবোৰত এপিনে পুৰুষৰ অধিকাৰ-অহংকাৰ-দম্ভ, আনপিনে নাৰীৰ বশ্যতা-অসহায়তা নিহিত হৈ আছে৷

ভাৰতীয় ইতিহাসত বিধৱাসকলে যথাযোগ্য সন্মান লাভ কৰিছে বুলি বহুতেই ক'ব পাৰে৷ স্বামী বিবেকানন্দ, মহাত্মা গান্ধী আদিয়ে বিধৱাসকলক মহিমামণ্ডিত কৰি থৈ গৈছে৷ বিধৱাসকলে হিন্দুধৰ্মকেই এক স্বকীয় মৰ্যাদা প্ৰদান কৰিলে বুলি গান্ধীয়ে অত্যুৎসাহী মন্তব্যই প্ৰদান কৰা নাই, তেওঁ বিধৱাসকলক দেশৰ গৌৰৱ বুলিও অভিহিত কৰিছে– ‘voluntary enlightened widowhood is a great asset for any nation.' (Gandhi, M.K : The Role of Women, ed. A. T. Hingorani, Bombay, 1964, p. 89) বিধৱা বন্দনাত গান্ধী মুখৰ হৈ পৰিলেও বাস্তৱৰ ছবিখন আছিল সম্পূৰ্ণ ওলোটা৷ মহাৰাষ্ট্ৰৰ এগৰাকী শিক্ষিতা বিধৱা নাৰী ৰমাবাঈ (১৮৫৮-১৯২২)ৰ মতে, ভাৰতীয় সমাজত বিধৱাসকলক কেনেকৈ তাচ্ছিল্য আৰু অপমানেৰে পদদলিত কৰি ৰখা হয়, সেয়া ‘ৰাঁড়' শব্দটোৰপৰাই অনুমান কৰিব পাৰি : ‘The name ‘rand’ by which she (widow) is generally known is the same thing that is borne by nautch girl or a hariot.’ (Kosambi, Meera (ed. & translated): Pandita Ramabai: Through Her Own Words, Ramabai Sarasvati (Pandita), Oxford University Press, 2000, p. 165) ‘ৰাঁড়' শব্দটোৱে বেশ্যা বা নৰ্তকীৰ অৰ্থ প্ৰকাশ কৰাৰপৰাই বুজিব পাৰি যে ভাৰতীয় সমাজত বিধৱাক কেতিয়াও ভাল চকুৰে চোৱা হোৱা নাছিল৷ অসমীয়া ভাষাত প্ৰচলিত ‘গাঁৱত বিধৱা থাকিলে বৰলা নষ্ট হয়' জাতীয় প্ৰবচনবোৰেও বিধৱা নাৰীৰ প্ৰতি সমাজে পোষণ কৰি অহা অৱহেলা-অবিশ্বাসক প্ৰকট কৰি তোলে৷

এই প্ৰসংগতে অসমৰ লোকসমাজত প্ৰচলিত অথচ তথাকথিত ভদ্ৰ সমাজত নিষিদ্ধ ‘বনৰী' শব্দটোৰ আঁতি-গুৰি বিচাৰি চালে অসমৰ সমাজজীৱনত বৰ্ণবাদ ব্যৱস্থাই পোখা মেলাৰ লগে লগে নাৰীৰ স্থান কেনেদৰে অৱনমিত হৈছিল, সেয়া পৰিষ্কাৰ হৈ পৰে৷ এসময়ত অসমৰ ডেকা-গাভৰুৱে বনত গোৱা নামবোৰক ‘বনঘোষা' বুলি কোৱাৰ দৰে ঘৰৰ বাহিৰত অৰ্থাৎ হাবিয়ে-বননিয়ে কাম কৰাসকলক ‘বনৰা' বা ‘বনৰী' বোলা হৈছিল৷ জনগোষ্ঠীয় সমাজত যিকোনো মহিলাই পুৰুষৰ সমানে হাবিয়ে-বনে, পথাৰে-সমাৰে মুকলিমূৰীয়াকৈ কাম কৰিছিল, গীতৰ মাজেৰে নিঃসংকোচে মনৰ ভাব প্ৰকাশ কৰিছিল৷ কিন্তু, বৰ্ণবাদী সমাজত মহিলাই তেনেদৰে ঘূৰা-মেলা কৰিব নোৱাৰিছিল; মংগোলীয় জনগোষ্ঠীৰ মহিলাই ‘তোমাৰ তিনিখনি, মোৰো তিনিখনি, ছখনি কাপোৰৰ জাপ/ তোমাৰ তিনিখনি, লোৱা বাছি বাছি, কুকুৰাই দিলে ডাক'-জাতীয় আদিৰসাত্মক বিহুনাম নিৰ্দ্বিধায় গাব পাৰিলেও তথাকথিত উচ্চবৰ্ণৰ মহিলাই ঘৰৰ ভিতৰত, তাকো ওৰণিৰ তলত, থাকিব লগা হৈছিল৷ অসমীয়া সমাজত আৰম্ভ হোৱা ওৰণি প্ৰথাৰ কুপ্ৰভাৱৰ আভাস এটি প্ৰবচনত এনেদৰে পোৱা যায়–

‘জালকে বুলিলে জকাই৷
এন্ধাৰে মুধাৰে চিনিব নোৱাৰি,
পৈয়েকক বুলিলে ককাই৷'

নাৰীজাতিক চিৰদিন পদদলিত কৰি ৰাখিব বিচৰা মনুবাদী সমাজখনে হাবিয়ে-বনে কৰ্মব্যস্ত হৈ থকা স্বাধীনমনা জনগোষ্ঠীয় নাৰীক ভাল চকুৰে চোৱা নাছিল৷ তেওঁলোকে ‘বনৰা' শব্দৰ অৰ্থ ‘পৰ নাৰীৰ প্ৰতি আসক্ত পুৰুষ' আৰু ‘বনৰী' শব্দৰ অৰ্থ ‘পৰ পুৰুষৰ প্ৰতি আসক্ত নাৰী' বুলি প্ৰক্ষেপ কৰাত হিন্দুধৰ্মত দীক্ষিত হোৱা জনগোষ্ঠীয় নাৰীয়ে ঘৰৰ বাজ হ'বলৈ ভয় কৰা হ'ল৷ হাবি-বনলৈ শস্য উৎপাদন-সংগ্ৰহৰ বাবে যোৱা নাৰীক ‘পৰ পুৰুষৰ সৈতে প্ৰণয় কৰিবলৈ যোৱা' বুলি অপবাদ দিলে কোনেনো অকলে ঘৰৰ বাজ হ'ব? বনৰীৰ দৰে শ্লীল শব্দৰ অৰ্থসংশ্লেষ (অৰ্থাৎ প্ৰথমতে প্ৰচলিত মূল অৰ্থটো পৰৱৰ্তী সময়ত সম্পূৰ্ণ পৃথক অৰ্থলৈ পৰিৱৰ্তন হোৱা) ঘটোৱা প্ৰক্ৰিয়াটো ভাষাৰ জৰিয়তে নাৰীক অৱদমন কৰাৰ এক পৰিকল্পিত কৌশল বুলি অভিহিত কৰিব পাৰি৷

শব্দৰ শ্লীল বা অশ্লীল অৰ্থৰ প্ৰসংগত বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে নব্য গণ মাধ্যম ফেইচবুকত এটা পোষ্ট দিছিল৷ নাছৰিনে কৈছিল– ‘সাইয়েদ জামিল নামের এক কবি জীবনানন্দ পুরস্কার পেয়েছেন৷ তাঁর কবিতা আগে পড়িনি৷ আজ তাঁর কবিতার কিছু নমুনা দেখলাম ফেসবুকে৷ অনেকে গালি দিচ্ছে কবিকে৷ কারণ কবিতায় মাগী, চোদা এই শব্দগুলো আছে৷ আমি বুঝিনা এতে অসন্তুষ্ট হওয়ার কী আছে৷ বাংলাদেশর পুরুষদের তো এই ই দৈনন্দিন ভাষা৷ আমার ফেসবুকের মন্তব্য পাতা যতদিন উন্মুক্ত ছিল সবার জন্য, ওই ভাষাতেই অধিকাংশ পুরষ মন্তব্য করতো৷...বাংলাদেশে আমি কুড়ি বছর অনুপস্থিত৷ সুতরাং দেশ থেকে দেশের ভাষা শোনা হয়নি এতকাল৷ তবে ফেসবুকে লেখালেখি করার পর থেকে দেশের ভাষাটো বেশ কানে আসে৷ এগুলো এখন আর অশ্লীল শব্দ নয় বাংলাদেশের জন্য৷ এই শব্দগুলোই, এই গালিগুলোই রিয়ালিটি৷ কবিতা তো জীবনের কথা বলে৷ তাই জামিলের কবিতায় খুব স্বাভাবিকভাবে উঠে এসেছে জীবন আর জীবনে জড়িয়ে থাকা পুরষিক ভাষা৷ শব্দ নিয়ে আপত্তি নেই আমার৷ কোনও শব্দই অশ্লীল নয়৷' (https:/www.priyo.com)

নাছৰিনৰ মতে, অশ্লীলতা কোনো ভাষা বা শব্দত, মানুহৰ শৰীৰ বা পোছাক-পৰিচ্ছেদত নাথাকে; থাকে মানুহৰ মনত৷ তেওঁ সাইয়েদ জামিলৰ কবিতাত প্ৰকট হৈ উঠা নাৰীবিদ্বেষকহে অশ্লীল বুলি মন্তব্য কৰিছে৷ তেওঁৰ মতে, নাৰীবিদ্বেষী কবিসকলৰ কবিতা সুখপাঠ্য হ'লেও, সেইবোৰ কবিতাই বঁটা-বাহন আঁজুৰি আনিলেও তেনে কবিতাবোৰ খুবেই নিকৃষ্ট আৰু অশ্লীল৷ নাছৰিন মন্তব্যৰ খেও ধৰি সাইয়েদ জামিল বা তেওঁৰ দৰে বহু কবি-লেখকৰ কবিতা বা অন্যান্য সৃষ্টিক নাৰীৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ ভাষিক অৱদমন বুলিয়েই অভিহিত কৰিব পাৰি নিশ্চয়৷

সন্দেহ নাই, এনে ভাষিক অৱদমন বা ভাষিক লিংগ বৈষম্য দূৰ কৰিবৰ বাবে প্ৰথমতে ধৰ্ম, সমাজ, সংস্কৃতি আদি সকলোতে পৰিলক্ষিত পুৰুষতান্ত্ৰিকতাক দূৰ কৰি ল'ব লাগিব৷ সেইদৰে, লিংগ-নিৰপেক্ষ ভাষা প্ৰচলনৰ বাবে প্ৰথমে পুৰুষেই আগ বাঢ়ি আহিব লাগিব৷ ৰাষ্ট্ৰপ্ৰধান, সেনাপ্ৰধান, সভাপ্ৰধান, চেয়াৰপাৰ্ছন আদিৰ দৰে শব্দসমূহ প্ৰচলন কৰাত অধিক জোৰ দিয়াটোও সময়ৰ দাবী আৰু এনে শব্দৰ বহুল প্ৰচলনেহে পুৰুষতান্ত্ৰিক সমাজৰ পুৰুষৰ আধিপত্যবাদী দৃষ্টিভংগী আঁতৰ কৰিব৷ তদুপৰি, সমাজত নাৰীৰ ক্ষমতায়ন ঘটিলে অৰ্থাৎ উৎপাদন আৰু অৰ্থ উপাৰ্জন প্ৰক্ৰিয়াৰ সৈতে অধিকাংশ নাৰী সম্পৃক্ত হ'লে ভাষিক লিংগ বিভাজন দ্ৰুত গতিত হ্ৰাস পাব৷

 

Share Button
Print Friendly, PDF & Email

No Comments : "ভাষিক অৱদমন আৰু ভাৰতীয় নাৰী- (টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *