ড০ ভূপেন হাজৰিকাৰ বিপ্লৱী গীতৰ প্ৰসংগত বৰ্তমানৰ সমাজ

মই এনে এক সময়ত এই প্ৰবন্ধটো লিখিবলৈ লৈছো যিটো সময়ত মই এক ভয়ংকৰ ফেচিবাদী আক্ৰমণৰ মুখামুখি হৈছো‌। মোৰ নিজৰ ছাত্ৰই মোক 'ধুৰন্ধৰ' বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই‌। মোৰ অপৰাধ কি? যাৰ বাবে মোৰ নিজৰ ছাত্ৰই মোক 'ধুৰন্ধৰ' বুলি ক'বলৈ বেয়া পোৱা নাই? মোৰ অপৰাধ হ'ল - দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত হৈ থকা ঘটনাৱলীৰ বিষয়ে মই ৰাজহুৱাভাৱে মন্তব্য কৰি কৈছো – উচ্চশিক্ষাৰ প্ৰাথমিক চৰ্ত হ'ল স্বাধীন চিন্তা আৰু বাক-স্বাধীনতা‌। উচ্চ শিক্ষাৰ উদ্দেশ্য কেৱল পাঠ্যক্ৰমৰ ভিতৰত থাকি ভাল ফলাফল লৈ বিশ্ববিদ্যালয়ৰ ডিগ্ৰী লাভ কৰা নহয়‌। উচ্চ শিক্ষাৰ উদ্দেশ্য হ'ল দ্বিধাহীনভাৱে, ভয়হীনভাৱে চিন্তা কৰিব পৰা আৰু নিজৰ চিন্তা মুকলিভাৱে ব্যক্ত কৰিব ...‌।

এই প্ৰসংগত মই সামাজিক মাধ্যমত কবিগুৰু ৰবীন্দ্ৰনাথৰ কবিতা এটা উল্লেখ কৰি কৈছিলো – দেশপ্ৰেম, স্বাধীনতা আৰু জাতীয় জাগৰণৰ প্ৰকৃত অৰ্থ বুজিবলৈ মানুহে এনেধৰণৰ শিক্ষা গ্ৰহণ কৰিব লাগে, যি শিক্ষাই মানুহক ভয়হীন মনৰ গৰাকী কৰি গঢ়ি তোলে‌, যি শিক্ষাই মানুহক শিৰ উচ্চ কৰি চলিবলৈ শিকায়, যি শিক্ষাই মানুহক সেই জ্ঞান দিয়ে যি জ্ঞান মুক্ত আৰু বিশ্বজনীন, যি শিকায় মানুহক মানুহ হিচাপে চাবলৈ, যি শিক্ষাই পৃথিৱীখনক পৃথিৱী হিচাপে চাবলৈ শিকায়‌। আমি তেনে শিক্ষা গ্ৰহণ কৰিব লাগে যি শিক্ষাই পৃথিৱীখন ভাঙি-ছিঙি খণ্ড খণ্ডকে চাবলৈ নিশিকায়। আজি তেনে শিক্ষা ল'ব লাগে যি নিজেই আমাৰ হৃদয়ৰ গভীৰৰপৰা প্ৰকৃত সত্যক উদ্ভাৱন কৰিবলৈ শিকায়। আমি সেই শিক্ষা গ্ৰহণ কৰিব লাগে যি নিজেই আমাক যুক্তিৰে সকলো কথা চালি-জাৰি চাবলৈ শিকায়, যি শিক্ষাই বৈজ্ঞানিক মানসিকতা আৰু চিৰন্তন প্ৰেম তথা মানৱতাৰ সন্ধান দিয়ে।

এই প্ৰবন্ধত আমি সামাজিক মাধ্যমত কবিগুৰু ৰবীন্দ্ৰনাথৰ এক কালজয়ী কবিতাৰে এক অসহনীয় বিতৰ্কৰ ভিন্নতা গুচাবলৈ চেষ্টা কৰিছিলো। ৰবীন্দ্ৰনাথৰ এই কবিতা এক চিৰন্তন মানৱীয় সত্যৰ উপলবদ্ধি বুলি মই ভাবোঁ। কবিতাটো হ'ল –

চিত্ত যেথা ভয়শূন্য, উচ্চ যেথা শিৰ,
জ্ঞান যেথা মুক্ত, যেথা গৃহের প্রাচীর
আপন প্রাঙ্গণতলে দিবস শর্ব্বৰী
বসুধাৰে ৰাখে নাই খণ্ড ক্ষুদ্র কৰি,
যেথা বাক্য হৃদয়েৰ উৎসমুখ হতে
উচ্ছ্বসিয়া উঠে, যেথা নির্বাৰিত স্রোতে
দেশে দেশে দিশে দিশে কর্মধাৰা ধায়
অজস্র সহস্রবিধ চৰিতার্থতায়,
যেথা তুচ্ছ আচাৰেৰ মৰুবালু ৰাশি
বিচাৰেৰ স্রোতঃ পথ ফেলে নাই গ্রাসি।

আমি অতি দুখেৰে লক্ষ্য কৰিছো, কবিগুৰুৰ এই মহান কবিতাটি আমি বহুতে নুবুজোঁ আৰু বুজিবও চেষ্টা নকৰোঁ। আমি ৰবীন্দ্ৰনাথক লৈ গৌৰৱ কৰোঁ, কিন্তু ৰবীন্দ্ৰনাথক বুজিবলৈ চেষ্টা নকৰোঁ।

ড০ ভূপেন হাজৰিকাক অসমৰ মানুহে, অসমীয়া মানুহে হিয়াৰ আমঠু বুলি কয়। ভূপেন হাজৰিকাৰ মৃত্যুত অসমৰ মানুহে শ্ৰদ্ধাঞ্জলি যচাৰ অভিলেখ সৃষ্টি কৰিছে‌। ভূপেন হাজৰিকা এক অনন্য অসমীয়া শিল্পী, যিয়ে নিজৰ জাতিৰ কথা ভাবিও জাতীয়তাবাদৰ ঠেক সীমা পাৰ হৈ আন্তৰ্জাতিক, মানৱতাৰ বিশাল পথাৰত বিচৰণ কৰিছিল‌।

ভূপেন হাজৰিকাৰ দ্বিতীয় ৰচনা 'অগ্নিযুগৰ ফিৰিঙতি মই' অন্যতম জনপ্ৰিয় গীত‌। নতুন অসম বা নতুন ভাৰত গঢ়িবলৈ ড০ হাজৰিকাই এই গীতটো ৰচনা কৰিছিল‌। তেওঁ নিজে নিজক অগ্নিযুগৰ ফিৰিঙতি বুলি কৈছিল‌। নতুন দেশ এখন গঢ়িবলৈ সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ঘূৰাই আনিবলৈ অংগীকাৰ কৰিছিল‌। তেওঁ সাজিব খুজিছিল নৰ কংকালৰ অস্ত্ৰ‌। নৰ কংকালৰ অস্ত্ৰ‌ সাজি তেওঁ শোষণকাৰীক বধিব খুজিছিল‌। এই গীতটোত তেওঁ স্পষ্টকৈ কৈছিল – ধৰ্ম ব্যৱসায়ীৰ ঠাই নাথাকিব তেওঁ গঢ়িব খোজা নতুন দেশত‌। নাথাকিব জাতিৰ অহংকাৰ‌। অস্পৃশ্যতাৰ মহাদানৱক আপোন হাতেৰে নাশিব খুজিছিল অসমীয়া মানুহৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাই‌। হিন্দু-মুছলমান, জাতি-জনজাতিৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যবাদৰ সৰগ ৰচিব খুজিছিল ড০ ভূপেন হাজৰিকাই‌।

এতিয়া ভূপেন হাজৰিকাৰ সমাধি সাজি উলিওৱাত পলম হ'লে অসমীয়া মানুহে দুখ পায়, সমাধিত ফাঁট মেলিলে দুখ পায়, খেদ কৰে, কিন্তু ভূপেন হাজৰিকাৰ চিন্তাৰ অপব্যৱহাৰ হ'লে দুখ নাপায়‌। ভূপেন হাজৰিকাৰ জাতিৰ দৰ্শনৰ অকাল মৃত্যু হ'লে দুখ নাপায়৷

১৯৬৩ চনত ভূপেন হাজৰিকাই ‘মণিৰাম দেৱান’ চিনেমাৰ বাবে আন এক কালজয়ী গীতত তেওঁ জনসাধাৰণৰ হৃদয়ত জ্বলি থকা অগ্নিশক্তিৰ এক সাৱলীল বৰ্ণনা আগ বঢ়াইছে৷ তেওঁ কৈছে মুক্তিপিয়াসী সুপ্ত মানুহৰ বক্ষ তীখা হৈ গলে৷ তেওঁ অস্ত্ৰ সাজিব খোজে জনতাতন্ত্ৰৰে, যি অস্ত্ৰই শোষণজৰ্জৰ মানুহৰ আৰ্তনাদৰ অন্ত পেলাব৷
১৯৫৩ চনত ভূপেন হাজৰিকাই ৰচনা কৰা মানৱতাবাদী দৰ্শনৰ অন্যতম জনপ্ৰিয় গীত – দোলা হে দোলা৷ বৰ বৰ মানুহৰ দোলাভাৰীসকলৰ ওপৰত যুগে যুগে জাপি দিয়া, মেটমৰা বোজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ উদগনি দিছে৷ দোলাভাৰী অৰ্থাৎ সাধাৰণ লোকসকলেই শোষক-শাসক বৰ মানুহসকলক সুৰক্ষা দি আহিছে৷ দোলাভাৰীৰ কান্ধৰপৰা দোলা পিছলি পৰিলে ৰজা-মহাৰজাৰ বিপদ হ'ব সেই কথাটোকে কৈছে৷ কথাবোৰ আমি বহুতে বুজি নাপাওঁ৷ কথাবোৰ আমি নুবুজাওঁ৷ শোষণ-নিষ্পেষণৰ বিৰুদ্ধে ৰচনা কৰা এই গীতবিলাক গীত হৈ থাকি যায়৷ মানুহৰ অন্তৰত বিদ্ৰোহ হৈ মানুহক জাগ্ৰত নকৰে৷ কাৰণ ভূপেন হাজৰিকাক আমি গায়ক বুলিহে জানো৷ তেওঁৰ গীতৰ গূঢ়াৰ্থ নাজানো, নুবুজো, জানিবলৈ চেষ্টা নকৰো, বুজাৰ চেষ্টা নকৰো৷ ১৯৫৩ চনতে ভাৰতৰপৰা চীন দেশলৈ এটা সাংস্কৃতিক দল গৈছিল সাংস্কৃতিক বিনিময় তথা সুসম্পৰ্ক গঢ়িবলৈ৷ এই দলত বিশিষ্ট প্ৰগতিবাদী শিল্পী প্ৰয়াত দিলীপ শৰ্মা ডাঙৰীয়াও গৈছিল৷ চীন দেশত গাবলৈ ড০ ভূপেন হাজৰিকা যিটো গীত ৰচনা কৰি নিছিল, সেই গীতৰ প্ৰসংগিকতা আজিও প্ৰভূত৷ আজিও সেই গীত আমাৰ বাবে বহুত অৰ্থ কঢ়িয়াই আনে৷
‘প্ৰতিধ্বনি শুনো’ সেই গীতটোত ভূপেন হাজৰিকাই এনে কিছুমান কথা কৈ গ'ল, যিবিলাক কথাৰ প্ৰাসংগিকতা আজি অতি মূর্তিমান৷ তেওঁ গাঁৱৰ পাহাৰৰ সিপাৰৰ প্ৰতিধ্বনি শুনিছিল কাৰোবাৰ নিশাৰ চিঞৰৰ৷ তেওঁ কাণ পাতি শুনিছিল সেই চিঞৰৰ প্ৰতিধ্বনি৷ বুজিবৰ চেষ্টা কৰিছিল, কিন্তু বুজা নাছিল৷ তেওঁ কৈছিল জাগি উঠা মানুহৰ হেজাৰ চিঞৰৰ কথা৷ তেওঁ কৈছিল, এই চিঞৰত পাহাৰ ভাঙি পৰাৰ কথা আৰু মানৱতাৰ সাগৰৰ কোলাহলৰ কথা৷
ভূপেন হাজৰিকাক ভাল পোৱা অসমৰ অসমীয়া মানুহে এতিয়াও কিন্তু ভূপেন হাজৰিকাৰ মনৰ এই প্ৰতিধ্বনি শুনা আদৰ্শৰ কথা নুবুজিলে৷
এই মুহূৰ্তত সমগ্ৰ ভাৰততে যি এক ফেচিবাদী চিন্তা শক্তিমান ৰূপত প্ৰকাশিত হৈছে, সেই কথা ভাবিলেই সঁচাই দুখ লাগে৷ কিছুমান তথাকথিতভাৱে উচ্চশিক্ষিত লোকে শিক্ষাৰ অৰ্থই বুজা নাই৷ বুজা নাই মুক্ত চিন্তাৰ প্ৰগতিৰ কথা৷ বুজা নাই মুক্তিকামী লক্ষ্যজনৰ আৰ্তনাদ৷ ১৯৭৭ চনতেই ভূপেন হাজৰিকাই লিখিছিল তেওঁৰ অন্যতম জনপ্ৰিয় বিপ্লৱৰ গীত ‘মুক্তিকামী লক্ষজনৰ’৷ এই গীতৰ মাজেৰে তেওঁ মুক্তিবাদী লক্ষজনৰ মৌন প্ৰকাশৰ কথা কৈছিল৷ তেওঁ নতুন সাহসৰ কথা কৈছিল৷ জীৱনৰ তথাকথিত পোৱা-নোপোৱাৰ হিচাপক উপেক্ষা কৰি চিৰন্তন সমতাৰ কথা কৈছে, কৈছে ত্ৰাসহীন মুক্ত চিন্তা প্ৰকাশৰ কথা‌। কৈছে – ৰুদ্ধদ্বাৰে মুক্ত বায়ুক সদায় ভয় কৰে‌। কৈছিল, মহাশূন্যতো বিয়পি আছে আশাৰ হুংকাৰ‌। প্ৰগতিবাদী অগ্ৰগামীসকলক তেওঁ আগুৱাই যাবলৈ অনুপ্ৰেৰণা দিছিল‌। শান্তিৰ বাবে যুঁজি ধ্বংসকাৰীসকলক পৰাস্ত কৰিবলৈ উদগনি দিছিল‌। ৰাইজক কৈছিল – কালনিশাৰ বুকুতে লুকাই আছে নতুন প্ৰভাত‌।
সত্তৰৰ দশকত ভূপেন হাজৰিকাই বিপ্লৱী চিন্তাৰ সৰ্বাধিক গীত ৰচনা কৰিছিল‌। সেই দশকটো তেওঁৰ বাবে সৰ্বাধিক প্ৰগতিশীল চিন্তাৰ সময় আছিল‌। সেই সময়ত তেওঁ কলিকতাত প্ৰগতিশীল চিন্তাৰ পৰিপুষ্টি লাভ কৰিছিল হয়তো‌। সেই সময়তেই তেওঁ ৰাইজক আহ্বান জনাইছিল – নঙঠা হৈ, ভোকাতুৰ পেটত গামোচা বান্ধি আখৰাবিহীনভাৱেই নাটকৰ ভাও দিবলৈ ওলাই আহিবলৈ। তেওঁ কৈছিল, ৰাইজ উন্মাদ হ’লেই নাটকৰো ৰং চৰিব। মিঠা ভাষাৰ সংলাপৰ প্ৰয়োজন নাই, আৰ্তনাদেই হ’ব ৰাইজৰ আচল সংলাপ।

১৯৬৪ চনত ড০ হাজৰিকাই ৰাইজক সজাগ হ’বলৈ আহ্বান জনাইছিল, ৰাইজক ওলাই আহিবলৈ কৈছিল, দেশৰ বাবে পোহৰ আনিবলৈ‌। ৰামৰ দেশত থকা ৰাৱণ বধিবলৈ ওলাই আহোঁতে যদি জীৱনটোও যায় যাবলৈ কৈছিল‌।

আমেৰিকাৰ ক'লা মানুহৰ অধিকাৰৰ বাবে যুদ্ধ কৰা সৈনিক শিল্পী পল ৰবছনে মিছিছিপিক লৈ গীত ৰচিছিল –"অ'ল মেন ৰিভাৰ"‌। "অ'ল মেন ৰিভাৰ"‌ শুনি আমেৰিকাত জাগি উঠিছিল অজস্ৰ নিস্পেষিত ক'লা মানুহ‌। সেই একেধৰণে ড০ ভূপেন হাজৰিকায়ো বুঢ়া লুইতক লৈ অসমৰ নিষ্পেষিত জনতাক জগাবলৈ চেষ্টা কৰিছিল‌। নৈতিকতাৰ পতন দেখিও, মানৱতাৰ স্খলন দেখিও লুইতৰ পাৰৰ মানুহ নিৰ্লজ্জ-অলস হৈ থকা দেখি তেওঁ উদাস হৈ পৰিছিল‌। ব্যক্তিকেন্দ্ৰিক শিথিল সমাজক ভাঙিবলৈ তেওঁ আহ্বান জনাইছিল‌। এনেকুৱা আৰু বহুত গীত আছে‌, যিবিলাকে এতিয়াও অসমৰ মানুহক যুক্তিবাদী-প্ৰগতিশীল দিশেৰে আগুৱাই যাবলৈ উদ্বুদ্ধ কৰিব পাৰে‌। ভূপেন হাজৰিকাক ভাল পোৱা, শ্ৰদ্ধা কৰা অসমীয়া, অসম তথা ভাৰতৰ বহুত মানুহ আছে‌। কিন্তু ভূপেন হাজৰিকাৰ গীতৰ কথা বুজা মানুহ এতিয়া কমি আহিছে যেন অনুমান হয়‌। আমি আশা ৰাখিছো, অসমীয়া মানুহে ভাল পোৱা তিনিজন মহান আধুনিক শিল্পী ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ গীতৰ অৰ্থ বুজিবলৈ চেষ্টা কৰিব‌। এই আদৰ্শৰে অসমৰ মানুহে এক প্ৰগতিশীল চিন্তা-চৰ্চাৰ মাজেৰে নিজকে আগুৱাই লৈ যাব আৰু বিশ্বৰ দৰবাৰত এক প্ৰগতিশীল জাতি হিচাপে প্ৰতিষ্ঠা কৰিব পাৰিব।

~দীনেশ বৈশ্য

Share Button
Print Friendly, PDF & Email

No Comments : "ড০ ভূপেন হাজৰিকাৰ বিপ্লৱী গীতৰ প্ৰসংগত বৰ্তমানৰ সমাজ"

Leave a Comment

Your email address will not be published. Required fields are marked *