জন-দৰদী শিল্পী ভূপেন হাজৰিকা

(১)

প্রিয়জনৰ মৃত্যুৱে মানুহক আৱেগিক কৰি তোলে, ইয়েই স্বাভাৱিক। এই অকৃত্রিম আৱেগে কোনো বাধা নামানে। জন-দৰদী শিল্পী ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত আমি আৱেগৰ এই অপ্রতিৰোধী শক্তিৰ প্ৰকাশ দেখিলো চকুৰ আগত। শিল্পীজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অসমবাসীৰ মাজত যি স্বতঃস্ফূর্ত শোকাচ্ছন্ন জোৱাৰ উঠিল সি এক কথাত অবিশ্বাস্য-অশ্রুতপূর্ব। (কৈ থওঁ, আমি ব্যৱহাৰ কৰা ‘অসমবাসী’ শব্দটোৱে অসমৰ সকলো খিলঞ্জীয়া/অ-খিলঞ্জীয়া জনগোষ্ঠীক সাঙুৰি লৈছে।) পিছে এই কথাও স্বীকার্য যে আৱেগাপ্লুত অৱস্থাত আলাপ-আলোচনা বা বিভিন্ন মিডিয়াত যি মত আৰু মূল্যায়ন দাঙি ধৰা হয় সি বস্তুনিষ্ঠ (objective) নোহোৱাটোৱেই স্বাভাৱিক। আৱেগৰ আধিক্যই মস্তিষ্কক উত্তেজিত কৰে (যেনে, আনন্দোচ্ছ্বাস বা অত্যধিক ক্ৰোধত) আৰু কেতিয়াবা কৰে নিস্তেজিত (যেনে, চৰম শোক বা হতাশাত)। এনে দশাত বিচাৰ-ক্ষমতাই হেৰুৱায় তাৰ বস্তুনিষ্ঠতা। ভূপেন হাজৰিকাৰ মৃত্যুৰ পিছত আমি বহুতৰ ক্ষেত্ৰত এনে হোৱা দেখিছো। আনকি তেওঁৰ ওপৰত দেৱত্ব আৰোপ কৰাৰ প্ৰয়াসো দেখা গৈছে। এইধৰণৰ প্ৰয়াসে শ্রদ্ধা ক্রমান্বয়ে ভক্তিলৈ ৰূপান্তৰিত হোৱাৰ আভাস দিয়ে। আৱেগোচ্ছ্বাসৰ এনে অভিব্যক্তিৰ শিপাডাল লুকাই আছে আমাৰ দেশৰ ধৰ্মপ্রধান ঐতিহ্যত।

(২)

পৰম আন্তৰিকতাৰে কেতিয়াবা কোৱা হৈছে যে ভূপেন হাজৰিকাৰ প্রতিভা ঈশ্বৰপ্রদত্ত। ইয়াৰদ্বাৰা বোধহয় এই কথাকেই বুজোৱা হৈছে যে শিল্পীজনাৰ প্রতিভা জন্মগত। প্রতিভা কিমান দূৰ জন্মগত সেই জটিল প্রশ্নটো ফঁহিয়াই চোৱাৰ যোগ্যতা আমাৰ নাই। পিছে এটা কথা নিশ্চয় ন দি ক’ব পাৰি যে শিল্পীজীৱনৰ উৰ্বৰতম কালছোৱাত হাজৰিকাৰ প্রতিভা যি ধাৰাৰে প্রবাহিত হৈছিল তাত সেইকালৰ ৰাজনৈতিক চেতনাসম্পন্ন গণমুখী সাংস্কৃতিক আন্দোলনৰ অৰিহণা আছিল সর্বাধিক। তেওঁ নিজেই একাধিকবাৰ মাৰ্ক্সবাদৰ প্ৰভাৱ-প্ৰেৰণাৰ কথা কৈ গৈছে। কিন্তু শিল্পীজনাৰ মৃত্যুৰ পাছত তেওঁক সকলো বাদৰ ঊৰ্ধ্বলৈ লৈ যোৱাৰ এক সচেতন প্ৰয়াস দেখা গৈছে। (কোৱা বাহুল্য যে ভূপেন হাজৰিকাৰ বাদ-নিৰপেক্ষ ভাবমূৰ্তি নিৰ্মাণৰ চেষ্টাত জাতীয়তাবাদৰ কথা সাধাৰণতে উল্লেখ কৰা নহয় – যেন কেৱল মাৰ্ক্সবাদহে একমাত্ৰ 'বাদ' , জাতীয়তাবাদ কোনো 'বাদ' - এই নহয়!)

কোনোবাই ভূপেন হাজৰিকাক নিৰ্ভেজাল বাঁওপন্থী শিল্পী বুলি প্ৰমাণ কৰিব বিচাৰিলে সি হ'ব একপ্ৰকাৰৰ বিকৃতিকৰণ – যাৰ আঁৰত অজ্ঞতা আৰু অত্যুৎসাহ থকাটো সম্ভৱ । কিন্তু তেওঁক একেবাৰে বাঁওবিমুখ বুলি প্ৰচাৰ কৰাৰ চেষ্টাও সমজাতীয় বিকৃতিকৰণৰ দোষত দুষ্ট। কিয় এনে চেষ্টাক বিকৃত বুলিছোঁ তাৰ আভাস দিবলৈ এইখিনিতে হাজৰিকাৰ ৰাজনৈতিক চেতনাৰ এটা প্ৰায় উপেক্ষিত দিশত ভুমুকি মাৰিব পাৰোঁ। বিতোপন বৰাবৰাই লোৱা এটা সাক্ষাৎকাৰত ভূপেন হাজৰিকাই পৰিষ্কাৰ আৰু পোনপটীয়াভাৱে নিজৰ মনৰ ভাব ব্যক্ত কৰিছে এইদৰে – '...কমিউনিজমৰ প্ৰতি অনুৰাগ এতিয়াও আছে । তাৰ বাহিৰে তেনেকুৱা কোনো আন পথেই নাই যে তাৰ প্ৰতি অনুৰাগী হ'ম।’ (দৈনিক অসম, ৫ মাৰ্চ, ২০০৭) এসময়ত গণনাট্য আন্দোলনক নেতৃত্ব দিয়া শিল্পীগৰাকী ইমানতেই ক্ষান্ত থকা নাই। সমাজতন্ত্ৰৰ সাময়িক বিপৰ্যয়ত ঊৰ্ধ্ববাহু হৈ নচা মানুহচামক ঠাট্টা কৰি তেওঁ নিজৰ প্ৰত্যয়ৰ কথা কৈছে সুস্পষ্ট ভংগীৰে‌ – ‘কোনোবাই ৰাছিয়াৰ পতন হৈছে বুলি অট্টহাস্য কৰিলে বুলিয়েই কমিউনিজম শেষ হোৱা নাই, শেষ হৈ নাযায় ।'

মন কৰিবলগীয়া যে এই গুৰুত্বপূৰ্ণ সাক্ষাৎকাৰৰ সময় ২০০৭ চনৰ মাৰ্চ মাহ। ইতিমধ্যে তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী হিচাপে পৰাজিত হৈছে। সাময়িকভাৱে বিজেপিৰ দুৱাৰডলি পাৰ হোৱাৰ পাছতো কমিউনিজমৰ প্ৰতি থকা তেওঁৰ অনুৰাগৰ কথা ৰাজহুৱাকৈ ব্যক্ত কৰা ঘটনাটোৰপৰা আমি খুব সম্ভৱ এনে এটা সিদ্ধান্তলৈ আহিব পাৰোঁ : নিৰ্বাচনৰ সময়ত বিজেপিৰ ওচৰ চাপিলেও বা গেৰুৱা দলটোৱে কিবা কৌশেলেৰে তেওঁক নিজৰ পিনে টানিলেও সাম্প্ৰদায়িক ৰাজনীতি/ৰণনীতিৰ সৈতে তেওঁ নিশ্চয় একাত্মীয়তা অনুভৱ কৰা নাছিল । উদাৰ মানৱতাৰ নিৰ্যাস আন্তৰিকতাৰে আত্মস্থ কৰা শিল্পীগৰাকীয়ে তেনে একাত্মীয়তা অনুভৱ কৰাটো সম্ভৱেই নাছিল । (অনুমান কৰিব পাৰি, ঘাইকৈ এই ধৰ্মনিৰপেক্ষ উদাৰতাৰ বাবেই বাংলাদেশে প্ৰয়াত শিল্পীগৰাকীলৈ যাচিছে দেশৰ সৰ্বোচ্চ সন্মান।)

(৩)

মৃত্যৰ পিছত বিভিন্ন আলোচনা-বিলোচনাত প্ৰধানত : দুটা ভূমিকাৰ বাবে হাজৰিকাক সকৃতজ্ঞ শ্ৰদ্ধাৰে সোঁৱৰা হৈছে – (১) বিশ্বৰ দৰবাৰত তেওঁ অসমীয়া সংগীতক/সংস্কৃতিক মৰ্যাদাৰ আসনত বহুৱালে‌। (২) অসমৰ ভিন ভিন জনগোষ্ঠীৰ সৈতে অসমীয়া একতাৰ বন্ধন দৃঢ়তৰ কৰি তেওঁ জাতি গঠনৰ প্ৰক্ৰিয়ালৈ অবিস্মৰণীয় অৱদান আগ বঢ়ালে। এই দুয়োটা ভূমিকা নিঃসন্দেহে প্ৰশংসনীয়, অতিকৈ প্ৰশংসনীয়। অসমীয়া জাতি আৰু সংস্কৃতিক যে হাজৰিকাই অন্তঃকৰণেৰে ভাল পাইছিল সেই বিষয়ে কাৰো মনত তিলমানো সন্দেহ নাই আৰু এই ভালপোৱা কেতিয়াও তাচ্ছিল্য-তিৰস্কাৰৰ বিষয়ো হ’ব নোৱাৰে। কোৱা বাহুল্য ভূপেন হাজৰিকাদেৱৰ উল্লিখিত সোচ্চাৰ জাতিপ্ৰেমৰ বাবে জাতীয়তাবাদী শিবিৰত তেওঁ বেছ জনপ্ৰিয়। কেতিয়াবালৈ মনলৈ এনে ভাব আহে যে এই জনপ্ৰিয়তাই তেওঁক বিশেষ স্বস্তি, তৃপ্তি আৰু আনন্দ দিছিল। কোনে জানে হয়তো জাতীয়তাবাদ-নিৰ্ভৰ এই জনপ্ৰিয়তাৰ মাজতেই তেওঁৰ অৱচেতন মনে আৱিষ্কাৰ কৰিছিল মৰণোত্তৰ অমৰত্বৰ পূৰ্বচৰ্ত।

অসমীয়া, বাঙালী, তামিল, মাৰাঠী – যিধৰণৰ জাতীয়তাবাদেই নহওক, সকলোৰে মাজত সংকীৰ্ণ মনোভাব আৰু উগ্ৰ মেজাজ জন্ম দিয়াৰ সম্ভাৱনা থাকে। সংবেদনশীল ভূপেন হাজৰিকা এই অশুভ তথা অনিষ্টকৰ প্ৰৱণতাৰ প্ৰতি নিৰ্লিপ্ত নাছিল। ৰাজ্যভাষা আন্দোলনৰ সময়ত তেওঁ গণশিল্পী হেমাংগ বিশ্বাসৰ সৈতে সাংস্কৃতিক অভিযান চলাই অশান্ত অসমৰ চৌদিশে সংহতি-সমন্বয়ৰ বাণী বিলাই ফুৰাৰ দৃশ্য আজিও বহুতৰে মনত সজীৱ হৈ আছে। উগ্ৰ জাতি-দম্ভ আৰু তৎজনিত বিৰোধী-বিদ্বেষক মানৱতাবাদী হাজৰিকাদেৱে কি চকুৰে চাইছিল তাৰ সুস্পষ্ট নমুনা আমি হেমন্ত বৰ্মনে লোৱা এটা সাক্ষাৎকাৰত পাওঁ। (পুনৰ মুদ্ৰণ, দৈনিক জনমভূমি, ১০ নৱেম্বৰ, ২০১১) পশ্চিমবংগৰ শিল্পী ৰুমা গুহ ঠাকুৰতাই কিবা কাৰণে হাজৰিকাক ‘সুবিধাবাদী’আখ্যা দিছিল। বৰ্মনে ইয়াৰ কাৰণ সোধোতে হাজৰিকাদেৱে ক’লে – ‘মই উত্তৰ নিদিওঁ। বহুত বেংগলী মানুহে তাৰ উত্তৰ দিছে।’ লক্ষণীয় যে কলিকতীয়া শিল্পীৰ সমালোচনাৰ উত্তৰ যে ‘বহুত বেংগলী মানুহে দিছে’সেই তথ্য হাজৰিকাই স্পষ্টকৈ জনাইছে। আপাত দৃষ্টিত তুচ্ছ যেন লগা এই চুটি উত্তৰটোৰ তাৎপৰ্য গভীৰ। ৰুমা গুহ ঠাকুৰতাৰ নিন্দাক সাম্প্ৰদায়িক ৰূপ দিয়াৰপৰা হাজৰিকাই বিৰত আছে – সচেনভাৱে। ইয়াৰ পাছত গুহ ঠাকুৰতাক উগ্ৰ জাতীয়তাবাদী আখ্যা দি তেওঁ কোৱা কথাকেইষাৰ খুবেই অৰ্থৱহ – ‘I don’t care for ultra Bengali or ultra Assamese. I don’t care for any chauvinism’. হাজৰিকাই বাঙালী উগ্ৰ জাতীয়তাবাদৰ লগতে অসমীয়া উগ্ৰ জাতীয়তাবাদকো প্ৰত্যাহ্বান জনাইছে নিৰ্ভীকচিত্তে। তাৎপৰ্যপূৰ্ণ কথা হ’ল, ১৯৮৪ চনত এই সাক্ষাৎকাৰটো লওঁতে বিদেশী বিতাড়নৰ উদ্দেশ্যে অসম আন্দোলন চলি আছিল। অসম আন্দোলনৰ উগ্ৰ উপ-ধাৰাটোৰ কথা মনত ৰাখিয়েই বাৰু ভূপেন হাজৰিকাই উৎকট অসমীয়া জাতীয়তাবাদৰ প্ৰতি বিৰূপ মনোভাব পোষণ কৰিছিল নেকি?

(৪)

ভূপেন হাজৰিকাৰ চিন্তা-চেতনাৰ দ-লৈকে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্রভাৱ শিপাই গৈছিল। এওঁলোকৰপৰাই তেওঁ উত্তৰাধিকাৰসূত্ৰে পালে সামাজিক দায়বদ্ধতাৰ আদৰ্শ। পল ৰবছনৰ সান্নিধ্যত এই আদৰ্শৰ ভেঁটি হ’ল দৃঢ়তৰ গভীৰতৰ। এই প্রসংগত অনিবাৰ্যভাৱে আহি পৰে গণনাট্যৰ কথা‌। হাজৰিকাই নানা উপলক্ষত গণনাট্যৰ কথা উল্লেখ কৰিলেও এই দিশটো যথাযথভাৱে উন্মোচিত হোৱা নাই যেন লাগে‌। সাক্ষাৎকাৰ গ্ৰহণ কৰা বহুতেই গণনাট্যৰ প্ৰসংগ এৰাই যাব বিচাৰে। পৰৱৰ্তী কালৰ জনসাংস্কৃতিক পৰিষদৰ বেলিকাও সমজাতীয় অনীহা দেখা যায়। ভূপেন হাজৰিকাই সুযোগ পালেই চমুকৈ হ’লেও এই কথাবোৰ জানিবলৈ দিছিল‌। হেমাংগ বিশ্বাসৰ সান্নিধ্যৰ অভিজ্ঞতাও তেওঁ শ্ৰদ্ধাৰে মনত পেলাইছিল‌। অৱশ্যে গণনাট্য আন্দোলন দ্বিখণ্ডিত আৰু স্তিমিত হোৱাৰ ফলত হাজৰিকাদেৱৰ উৎসাহ, আনুগত্য আৰু দায়বদ্ধতা কমি অহা বুলি অনুমান কৰিব পাৰি‌। এই প্ৰসংগত তেওঁ কৈছে “গণনাট্য সংঘ এতিয়া ছেদেলি-ভেদেলি হ’ল‌। ভাঙি গ’ল‌।”– উক্তিটোত প্রচ্ছন্ন আক্ষেপৰ সুৰ থকা যেন লাগে‌। অৱশ্যে এই উক্তিৰ পাছতেই তেওঁ এষাৰ অর্থৱহ মন্তব্য দিছে – “বহুতে ৰাজনৈতিক বাধ্যবাধকতা ভাল নাপায়‌।”আওপকীয়াকৈ অভিযোগৰ সুৰ থকা এই মন্তব্যত কেৱল শিল্পীৰ ব্যক্তিস্বাতন্ত্ৰ্যবাদেই আছে নে অন্য কিবা ইংগিতো আছে‌? বাঁওপন্থী শিবিৰে সৰহ ক্ষেত্ৰত ভূপেন হাজৰিকাদেৱক সমালোচনা কৰে সুলভ ৰাজনৈতিক আপোচৰ বাবে, তেওঁৰ গণমুখী সাংস্কৃতিক চিন্তাৰ অৱক্ষয়ৰ বাবে, তেওঁৰ দোদুল্যমান স্থিতিৰ বাবে। কেতিয়াবা অতি সৰলীকৰণ আৰু অসহিষ্ণুতা প্ৰকাশ কৰা দেখা গ’লেও এনে আলোচনাৰ কোনো যুক্তি নাই বুলিও ক’ব নোৱাৰি। কিন্তু হাজৰিকাই গণনাট্য প্ৰসংগত যি ‘ৰাজনৈতিক বাধ্যবাধকতা’ৰ কথা কৈছে সেই সন্দৰ্ভত বাঁওপন্থী নেতৃত্বত চিন্তা-চৰ্চা কৰাৰ থল আছে । এনে বাঁওপন্থী নেতাৰ অভাৱ নাই যি নাটক-সাহিত্য-সংগীত দলীয় ইস্তাহাৰ হ’লেহে সন্তুষ্ট হয়। সাধাৰণতে এওঁলোকৰ মত-মন্তব্যত যান্ত্ৰিক চিন্তাৰ কুপ্ৰভাৱ স্পষ্ট । তদুপৰি ধৈৰ্য, যত্ন আৰু সন্মানসহকাৰে শিল্পী-সাহিত্যিকৰ চিন্তাদৰ্শক গঢ় দিয়াৰ অভ্যাস বা প্ৰয়াস খুব কম নেতাৰ ক্ষেত্ৰতহে দেখা যায় । এই ক্ষেত্ৰত হেমাংগ বিশ্বাস আছিল এক অনুকৰণীয় উজ্জ্বল ব্যতিক্ৰম । জন-দৰদী শিল্পী ভূপেন হাজৰিকাদেৱে আমৃত্যু গণনাট্যৰ এই শিল্পী-সংগঠকগৰাকীক পৰম শ্ৰদ্ধাৰে সোঁৱৰাৰ অন্যতম ৰহস্য বোধহয় ইয়াতেই লুকাই আছে ।

~প্রসেনজিৎ চৌধুৰী

Share Button
Print Friendly, PDF & Email

No Comments : "জন-দৰদী শিল্পী ভূপেন হাজৰিকা"

Leave a Comment

Your email address will not be published. Required fields are marked *