ভূপেন প্ৰসংগ: উপন্যাসৰ কল্পনাৰ পৰা বাস্তৱৰ ৰুক্ষতালৈ-( বৰ্ণালী বৰুৱা দাস)

ভাতৰ পাতত ভূপেন-কথা

যোৰহাট চহৰৰ মাজমজিয়াত অসমীয়া ভাতৰ কাঁহীৰ বাবে বিখ্যাত হোটেল এখন আছে‌‌। চাফ-চিকুণ, ভকতীয়া পৰিবেশ‌। অলপতে সম্পৰ্কীয় বয়োজ্যেষ্ঠ মহিলা এগৰাকীৰ লগত তাত দুপৰীয়াৰ সাজ খাবলৈ গৈছিলোঁ‌। সোমাই যোৱাৰ বাটতে সন্মুখভাগত ভূপেন হাজৰিকাৰ এখন প্ৰকাণ্ড ছবি‌। প্ৰজ্বলিত বন্তি, শৰাই, ধূপ ইত্যাদিও যথাৰীতি বিদ্যমান‌। সুদৰ্শন ভূপেন হাজৰিকাৰ প্ৰকাণ্ড ফ’টোখন ক্ষন্তেক ৰৈ চাবলৈ ভালেই লাগিল‌। পিছে মোৰ লগত যোৱাগৰাকীয়ে কেৱল চায়েই ক্ষান্ত নহ’ল‌। আঁঠু কাঢ়ি পৰম ভক্তিৰে তাতেই সেৱা এটা জনাই দিলে‌। ভক্তিভাবেৰেই খাবলৈ বহিল‌। তেখেতে অলপ পঢ়া-শুনা কৰে বুলি মই শুনিছিলো‌। মাজে মাজে গান-বাজনাও কৰে‌। লগতে ‘অসমীয়া সংস্কৃতিৰ অধঃপতন’ আদিৰ সংক্ৰান্ততো দুই-এটা ‘ভাল ভাল কথা’ আগতে তেখেতৰ মুখত শুনিছিলোঁ‌। গতিকে সময়খিনি ভালদৰেই কাটক বুলি যথাৰীতি মই আৰম্ভ কৰিলো ‘ভূপেন-কথা’‌।

এটা ভূপেন গীতি গুণগুণালোঁ‌। ---

“নামি আহা সুন্দৰৰে সেনা শিল্পী দল এৰা সপোন ধেমালি----”

: কেনে লাগে এই গানটো? গানটো এই সময়ত আৰু বেছি প্ৰাসংগিক হৈ পৰা নাই নে?

অলপ পৰ মনত পেলাবৰ চেষ্টা কৰি তেওঁ ক’লে, “ওহোঁ, এইটো শুনা নাই‌ আগতে।”

মই আৰম্ভ কৰিলোঁ, “ভাং ভাং ভাং ভাঙোতা শিল ভাঙ---”

তেখেতে মূৰ জোকাৰিলে --- না:, এইটোও নাই শুনা‌।

“বিক্ষুব্ধ বিশ্ব কণ্ঠই অহোৰাত্ৰি চিঞৰে-----”

নাই তেখেতৰ শুনাৰ তালিকাত এইটোও নপৰিল‌।

“এন্ধাৰ কাতিৰ নিশাতে-----”

অৱশেষত এটা শুনা গান ওলাল‌। তেখেতে ক’লে “ওম এইটো শুনিছো‌। মাজতে আমাৰে মইনা শুব এ’ আছে নহয়! আমাৰ অমুকীয়ে তাইৰ ল’ৰাটো শুৱাবৰ সময়ত এইটো মাজে মাজে বজাইছিল‌। মই গম পালোঁ, এই প্ৰসংগ ইয়াতে এৰাই ভাল‌। তথাপি জানিবৰ মন গ’ল ‘ভূপেন-ভক্তি’ত গদ গদ মানুহগৰাকীয়ে কোনকেইটা গাননো শুনিছে। তেখেতে লেখি লেখি তিনিটা নে চাৰিটা গানৰ তালিকা এখন দিলে‌।

‘মানুহে মানুহৰ বাবে’,

‘অসম আমাৰ ৰূপহী’,

‘বিস্তীৰ্ণ পাৰৰে’,

‘সাগৰ সংগমত’ আৰু

‘বিমূৰ্ত মোৰ নিশাটি‌’

তাৰ পাছত কথাই মোৰ ল’লে ‘বিমূৰ্ত নিশাৰ নীলা নাটক’ৰ ফালে‌। প্ৰিয়ম্বদাৰ সৈতে ভূপেন হাজৰিকাৰ সংসাৰ ভগাৰ মূলতে কোন কোন নাৰী আছিল, সেইসকলৰ বেছ দীৰ্ঘ তালিকাই মজুত আছিল তেখেতৰ‌ ওচৰত‌। বিখ্যাত, অখ্যাত, স্বল্পখ্যাত নাৰীৰ তালিকা‌। কেনেকৈ জানিলে ইমানবোৰ কথা? তেওঁ বোলে কেলেই, অমুকে অমুক টিভিৰ সাক্ষাৎকাৰত কৈছিল, অমুকে অমুক আলোচনীত লিখিছিল‌।

‘ভূপেন-কথা’ সিমানতে সামৰি ভাতৰ পাতত মন দিলোঁ‌।

এখন জীৱনীয়ে লগোৱা হাহাকাৰ

‘Bhupen Hazarika: As I knew him’ শেহতীয়াকৈ Harper Collinsএ প্ৰকাশ কৰা কল্পনা লাজমীৰ গ্ৰন্থখনক লৈ মাজতে তুমুল বিতৰ্ক পৰিলক্ষিত হৈছিল‌। আচলতে মূল গ্ৰন্থখনক লৈ বুলি ক’লে ভুল হ’ব‌। এই বিতৰ্কৰ ভিত্তি আছিল অসমৰ এখন বাতৰি কাকতত দিয়া এটা প্ৰতিবেদন‌। প্ৰতিবেদকে জানে কোনবোৰ মচলাৰে আগ বঢ়াই দিলে মানুহে গো-গ্ৰাসে গিলিব‌। গতিকে আত্মজীৱনীৰ মাজৰ পৰা আগ বঢ়াই দিয়া হ’ল ১৭ বছৰীয়া কল্পনা লাজমীৰ ভূপেন হাজৰিকাৰ সৈতে নৈশ-যাপনৰ কথা, অন্তঃসত্ত্বা হোৱাৰ কথা আৰু বিভিন্ন নাৰীৰ সৈতে ভূপেন হাজৰিকাৰ সম্পৰ্কৰ কথা‌। লগতে অসমীয়া জাতীয়তাবাদত সুৰসুৰণি তুলিব পৰাকৈ পৰিবেশন কৰা হ’ল কল্পনাৰ কলমেৰে প্ৰকাশ পোৱা ভূপেন হাজৰিকাৰ মুখৰ কথা, “মই পইতা ভাত খোৱা মানুহ, তই যিমান চেষ্টা কৰিলেও মই সলনি নহওঁ‌।”

মৃত্যুৰ পাছতেই ভূপেন হাজৰিকাক অসমীয়া মানুহে থাপনাত থপাৰ কাম সম্পূৰ্ণ কৰিছিলেই‌। গতিকে ‘ভূপেন ভক্তি’ৰ অমিয়া ৰসত ডুবি থকা অসমীয়াক প্ৰতিবেদনখনত তুলি দিয়া কথাখিনিয়ে ভালকৈয়ে ক্ষুণ্ণ কৰিলে‌। কল্পনা লাজমীৰ সততাক লৈ প্ৰশ্ন উঠিল, অধিকাৰক লৈ প্ৰশ্ন উঠিল৷ আনকি ছচিয়েল মিডিয়াত কোনোৱে লাজমীৰ গ্ৰন্থখন নিষিদ্ধ কৰিব লাগে বুলি ক'বলৈও পিছ নোহোঁহকিল‌। অসহিষ্ণুতাৰ এই চৰম প্ৰদূষিত পৰিৱেশত অৱশ্যে আন এচামে কিতাপখনৰ পক্ষে বা অধিক স্পষ্টকৈ কল্পনা লাজমীৰ পক্ষে মাত মতাৰ যত্ন কৰিলে‌। জীৱনৰ তিনিটাকৈ দশক সুখে-দুখে একেলগে পাৰ কৰা মানুহজনৰ বিষয়ে নিজা দৃষ্টিৰে লিখাৰ অধিকাৰ সকলোৰে আছেই‌। ই কোনো দোষণীয় কথা নহয়‌। পিছে বিতৰ্কত লাজমীৰ পক্ষ লোৱাসকলৰো অধিকাংশৰে মত সেই ভক্তিৰসৰ পৰাই উদ্ভূত, য’ত কৃষ্ণৰ একক মূৰ্তিৰ লগতে ৰাধা-কৃষ্ণৰ যুগল মূৰ্তিতো ধূপ-ধূনা জ্বলাব পাৰি‌। “আই ঐ দেহি ৰাধাজনী! কৃষ্ণৰ ইমান যতন ল’লে, বাঁহীৰ সুৰত ইমান মতলীয়া হ’ল, কৃষ্ণক বাঁহী বজাবলৈ ইমান অনুপ্ৰেৰণা যোগালে, আমি আকৌ তেওঁক কলংকিনী নামহে দিলোঁ‌। আমাৰ কৃষ্ণভক্তি জানো ইমান লেহুকা যে আনে ফৰ্মুটি এটা মাৰিলেই সি থানবান হৈ পাৰিব?” এইধৰণৰ ভক্তি আৰু আৱেগৰ সুৰত সিক্ত হ’ল তেওঁলোকৰ মত‌। তেনে সময়তে ৰোগশয্যাত পৰি থকা কল্পনা লাজমীৰ মৃত্যুৱে এই বিতৰ্কত যতি পেলালে‌। মৃত্যুৰ শোকাকুল পৰিবেশতো কিন্তু ছচিয়েল মিডিয়াত উল্লিখিত দুয়োটা ফৈদৰে অস্বস্তিকৰ খামখেয়ালি চলি থাকিল‌। এই আবেগ-জৰ্জৰ পৰিৱেশত দুইবিধ ভক্তৰে মতসমূহৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন‌। কাৰণ ‘ভূপেন-কথা’ অসমৰ সমাজজীৱনৰে এক এৰাব নোৱৰা অংগ। অসমৰ সামগ্ৰিক সমাজজীৱনৰ নহ’লেও মধ্যবিত্ত অসমীয়াৰ স্বভাৱ-চৰিত্ৰৰ গম ল’বলৈ এই ভূপেন প্ৰসংগইও আমাক সহায় কৰে‌।

একেটি সুৰত বন্ধা ভকতিৰ সুৰ

আলোচনাৰ আৰম্ভণিতে বৰ্ণিত মহিলাগৰাকীৰ বৈশিষ্ট্যখিনিয়েই সামগ্ৰিকভাবে অসমীয়া মধ্যবিত্ত সমাজৰ এক বৈশিষ্ট্য বুলি ক’ব পাৰি। ভূপেন হাজৰিকা এই সমাজৰ বাবে সদায়েই এক আৱেগৰ উৎস‌। সেই আৱেগোচ্ছ্বাসত ‘ভূপেন দা’ৰ ৰাজনৈতিক দৰ্শনৰ গুৰুত্বতো নায়েই, আনকি যিখিনি গীতৰ বাবে ভূপেন হাজৰিকাই ভূপেন হাজৰিকাৰূপে এটা পৰিচয় গঢ়ি তুলিলে সেইখিনি গীতৰো কোনো গুৰুত্ব নাই‌। তাত গুৰুত্ব আছে ‘দাদা চাহেব ফাল্কে’ বঁটাৰ, আনকি গুৰুত্ব আছে মুম্বাইৰ ফিল্ম ইণ্ডাষ্ট্ৰিৰ কাৰোবাৰ লগত উঠা এখন সাধাৰণ ফ’টোৰো‌। সেই আৱেগ উঠলি উঠে ভূপেন হাজৰিকাৰ সমাধিত নিয়মিতভাবে বন্তিগছ জ্বলি নাথাকিলে নাইবা ৰাস্তা-ঘাট, দলঙ আদি ভুপেন হাজৰিকাৰ নামেৰে অংকিত নহ’লে‌। বন্তি জ্বলিলেই শান্ত, দলঙত নাম উঠিলেই আনন্দ। মাজে মাজে ভিক্ষাৰ জোলোঙা এটা লৈ এই আৱেগে ‘ভাৰত ৰত্ন’ নামৰ ৰত্ন এটাৰ বাবেও হাবাথুৰি খায়‌। কিন্তু সেই আৱেগে কাহানিও গীতসমূহৰ বিশ্লেষণাত্মক গবেষণা ইত্যাদিৰ বাবে উৎসাহিত নকৰে‌। আনকি ভূপেন হাজৰিকাৰ গীতবোৰৰ উপযুক্ত সংৰক্ষণৰ প্ৰতিও সি নিৰ্লিপ্ত। ভূপেন হাজৰিকাৰ জীৱনৰ গোপন অধ্যায়ৰ প্ৰতি কিন্তু উৎসুকতা এটা সদায়েই বিৰাজমান‌। আনৰ শোৱনী কোঠাৰ ভিতৰলৈ জুমি চোৱাৰ মধ্যবিত্তীয় প্ৰৱণতা এটাক এই ভূপেন-ভক্তিয়েও দূৰ কৰিব পৰা নাই‌।

খণ্ডিত সত্য আৰু জীৱনীখন

প্ৰসংগান্তৰত লেখক ধ্ৰুৱজ্যোতি বৰাই বৰ্তমান বাঢ়ি অহা আত্মজীৱনী আৰু জীৱনীমূলক লেখাৰ বিষয়ে উল্লেখ কৰি এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছে, “সমাজৰ বহল সত্যৰ (broader truth) ঠাইত সৰু সৰু খণ্ডিত ব্যক্তিগত সত্যবোৰৰ ওপৰত, সামূহিক আৰু সামাজিক অভিজ্ঞতাৰ ঠাইত ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত লেখকসকলে অধিক গুৰুত্ব দিয়া হৈছে‌। যিমানেই আজিৰ পৃথিৱীৰ মানুহৰ স্থিতিৰ পোতন সোলোক-ঢোলোক হৈ পৰা বুলি অনুভৱ হৈছে, সিমানেই এনে ধৰণৰ ব্যক্তিগত অভিজ্ঞতাৰ সত্যক উত্থাপনৰ প্ৰবণতা বাঢ়ি গৈছে‌‌‌।” ( আমাৰ অসম, ১৭ ছেপ্টেম্বৰ, ২০১৮)

ভূপেন হাজৰিকাৰ জীৱনৰ মূল্যায়নৰ বেলিকাও আমি এই কথাখিনি মনত ৰখা ভাল‌। কল্পনা লাজমীৰ কিতাপখন নিষিদ্ধ কৰিব লাগে বুলি কৰা তালিবানী আহ্বানক যেনেকৈ প্ৰতিৰোধ কৰা দৰকাৰ, কল্পনা লাজমীয়ে দেখুওৱা খণ্ডিত সত্যকেই বহল সত্য বুলি পতিয়ন যোৱাৰ বিৰুদ্ধেও সজাগ হৈ থকা ভাল। কাৰণ আঠোটা দশকৰ এটা জীৱনত চাৰিটা দশকৰ কাহিনীও খণ্ডিতই‌। তাৰ ওপৰত ভিত্তি কৰি ‘কল্পনা লাজমীয়েই ভূপেন হাজৰিকাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ গৈছিল’ বোলা কথাষাৰ ভূপেন হাজৰিকাৰ সৃষ্টিশীল কৰ্মৰাজিৰ বাবেই এক চূড়ান্ত অপমান‌। এই খণ্ডিত সত্যৰ ওপৰত ভিত্তি কৰি তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু কথা পোহৰলৈ আনিব পাৰে‌। কিন্তু সেইখিনিৰ ওপৰত অধিক গুৰুত্ব দি ভূপেন হাজৰিকাৰ সৃষ্টিশীল কৰ্মখিনিত সেই ব্যক্তিগত জীৱনটোৱে কি প্ৰভাব পেলাইছিল সেইখিনিৰ প্ৰতি উদাসীন হোৱাটো সমীচীন নহয়‌। সেইবাবেই কল্পনা লাজমীৰ আগমনে ভূপেন হাজৰিকাৰ সৃষ্টিশীল কৰ্মখিনিত কি প্ৰভাব পেলাইছিল তাক এবাৰ বিশ্লেষণ কৰি চোৱাৰ প্ৰয়াস কৰিলোঁ‌।

কল্পনা পূৰ্ববৰ্তী ভূপেনত এভূমুকি

ভূপেন হাজৰিকা, - ভূপেন হাজৰিকা হ’ল নো কিহৰ বাবে? ঘৰ-সংসাৰ কৰি খাই বৈ জীয়াই থকাৰ বাবেতো নহয়! নিশ্চিতভাবে তেওঁৰ অপূৰ্ব গীতখিনিৰ বাবে, অসাধাৰণ যাদুকৰী কণ্ঠৰ বাবে তথা একক আৰু অনন্য গায়কীৰ বাবে‌। এই অসাধাৰণ গায়ক-গীতিকাৰজন হৈ উঠাৰ আঁৰত কোন আছিল‌ বা কি পৰিৱেশ আছিল? প্ৰত্যেকটো সাক্ষাৎকাৰত, প্ৰত্যেকটো স্মৃতিলেখাত ভূপেন হাজৰিকাই নিজ মুখে স্বীকাৰ কৰে জ্যোতি-বিষ্ণুৰ কথা‌। তেওঁৰ সংগীত পৰিক্ৰমা আৰম্ভ হৈছিল শৈশৱৰ পৰাই, জ্যোতিপ্ৰসাদ আৰু বিষ্ণু ৰাভাৰ সযত্ন পৰশত‌। ১৯৩৯ চনতে সেয়ে তেওঁ লিখিব পাৰিছিল—“অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম, সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম”‌। লগতে ১৯৪৪ চনত গঠন হোৱা ভাৰতীয় গণনাট্য সংঘৰ গুৱাহাটী শাখায়ো এক অতি গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছিল। জ্যোতি-বিষ্ণুৰ ব্যক্তিগত সৌহাৰ্দ্যত গঢ়ি উঠা ভূপেন হাজৰিকাৰ প্ৰতিবাদী সংগ্ৰামী সত্তাটোক এক নতুন মাত্ৰা দিছিল গণনাট্য সংঘই‌ তথা অসমত তাৰ পিতৃস্বৰূপ হেমাংগ বিশ্বাসে। শ্ৰমিক শ্ৰেণীৰ অধিকাৰৰ দৃষ্টিকোণৰপৰা জীৱনক চোৱাৰ, শ্ৰমিক-কৃষক শ্ৰেণীৰ স্বাৰ্থক সন্মুখত ৰাখি সচেতনভাৱে শিল্প আৰু সাহিত্য কৰ্মত আত্মনিয়োগ কৰাৰ বাবে বহু প্ৰতিভাৱান শিল্পী-সাহিত্যিককে ই এখন সজীৱ আৰু সক্ৰিয় মঞ্চ দিছিল‌।

ভূপেন হাজৰিকাৰ সৃষ্টিৰ পথাৰক উৰ্বৰ আৰু গণমুখী কৰা আন এক ব্যক্তিত্ব হ’ল পল ৰবছন‌। ১৯৪৯ চনত কলম্বিয়া বিশ্ববিদ্যালয়ত উচ্চ শিক্ষাৰ বাবে যোৱা ভূপেন হাজৰিকাক পল ৰবছনৰ বিশাল ব্যক্তিত্বই আকৃষ্ট কৰিছিল‌। পাছত তেওঁ মঞ্চৰ প্ৰতিটো অনুষ্ঠান পল ৰবছনৰ গীতেৰে সামৰাৰ কথাটোৱে সেই ব্যক্তিত্বৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাৰ কথাকেই সোঁৱৰায়‌।

তদুপৰি, পৃথিবীৰ ৰং-ৰূপ চাই অনাই বনাই ঘূৰি ফুৰা জীৱনটোৱেও তেওঁক গঢ় দিয়াত সহায় কৰিছিল‌। সকলো মানুহৰ লগতে মিলি যোৱাৰ অদ্ভূত ক্ষমতাই জন-জীৱনৰ মুকুতাৰ দৰে সুৰবোৰ বুটলি ফুৰাত তেওঁক সহায় কৰিছিল‌।

‘ঝক ঝক ৰে'ল চলে’ (১৯৪৫), ‘অতীতৰ বুৰঞ্জী’ (১৯৫২), ‘নামি আহাঁ সুন্দৰৰে সেনা শিল্পীদল’ (১৯৫৩), ‘ভাং ভাং ভাং ভাঙোতা শিল ভাং’ (১৯৫৩), ‘দোলা দোলা’ (১৯৫৩), ‘লুইতত ভুটুঙাই ওলাল শিহু’ (১৯৫৪) আদি অজস্ৰ সংগ্ৰামী গীতৰ সৃষ্টিৰ আঁৰত যে এই পৰিৱেশেই প্ৰভাৱ পেলাইছিল সি স্পষ্ট‌। এইবিলাকৰ উপৰিও ‘সাগৰ সংগমত’ (১৯৫২), ‘বিস্তীৰ্ণ পাৰৰে’ (১৯৬৫), ‘মানুহে মানুহৰ বাবে’ (১৯৬০) ‘মই এটি যাযাবৰ’ (১৯৬৮) আদি অতিশয় জনপ্ৰিয় গীতৰ আঁৰতো সেই পৰিৱেশে দি যোৱা ৰাজনৈতিক চেতনাই বিদ্যমান। ভূপেন হাজৰিকাৰ অগ্ৰজ পথপ্ৰদৰ্শক জ্যোতিপ্ৰসাদৰ মৃত্যু হৈছিল ১৯৫১ চনত আৰু বিষ্ণু ৰাভাৰ মৃত্যু হৈছিল ১৯৬৯ চনত‌। লক্ষণীয়ভাবে '৭০ চন মানৰ পৰা আগৰ জনজীৱন মূৰ্ত হোৱা গীতবোৰৰ ঠাই দখল কৰে ব্যক্তিগত প্ৰেমৰ গীতবোৰে‌। বহুকেইটা সুন্দৰ প্ৰেমৰ গীত তেওঁৰ কণ্ঠৰ পৰা নিগৰিত হৈছিল‌। সেই সময়তো কিন্তু ‘বিমূৰ্ত মোৰ নিশাটি’ (১৯৭১), ‘দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ’ (১৯৭৩) আদি দুৰ্দান্ত দেহজ প্ৰেমৰ গীতৰ লগে লগে ‘শীতৰে সেমেকা ৰাতি’ (১৯৭০), 'গংগা মোৰ মা' (১৯৭১) আদি গীতত আগৰ সেই গণ মুকুতিৰ সুৰটো স্পষ্টকৈয়ে বাজি আছিল‌। পাছলৈ ক্ৰমশঃ সেইখিনি কমি আহি আহি এটা সময়ত একেবাৰে নোহোৱা হ’ল‌।

কল্পনা লাজমীৰ আগমনৰ পাছৰ ভূপেন-সৃষ্টি

কল্পনা লাজমী ভূপেন হাজৰিকাৰ জীৱনলৈ আহিল কেতিয়া? বোম্বেৰ চলচ্চিত্ৰ পৰিচালক আত্মাৰামে ১৯৭৩ চনত অসমৰ পটভূমিত নিৰ্মাণ কৰা হিন্দী ছবি 'আৰোপ'ৰ সংগীত পৰিচালনা কৰাৰ সময়ত তেওঁলোকৰ প্ৰথম চিনাকি আৰু ১৯৭৭ চনৰ পৰা সহবাস‌। মানুহৰ সৃজনীশীলতাৰ সৈতে বয়সৰ সম্পৰ্কক লৈ অন্যত্ৰ আলোচনা হ’ব পাৰে‌। কিন্তু এই কথাটোত কোনো দ্বিমত থাকিবই নোৱাৰে যে জীৱনৰ উৎকৃষ্টতম সৃষ্টিখিনিৰ সময়ত হয় কল্পনা লাজমীৰ জন্মই হোৱা নাছিল নাইবা ভূপেন হাজৰিকাৰ সান্নিধ্যলৈ তেওঁ অহাই নাছিল‌। ভূপেন হাজৰিকা কল্পনাৰ সান্নিধ্যলৈ অহাৰ ঠিক পাছতেই আগৰ গীতখিনিৰ তুলনাত দুটিমান অতি নিম্ন মানৰ গীতহে সৃষ্টি হৈছিল। উদাহৰণ হিচাপে আমি ‘জোনাকী পৰুৱাৰ পোহৰে পোহৰে’ (১৯৭৭) আৰু ‘কাকিনী তামোলৰ শুৱনী কৰি পাণ’ (১৯৭৮) গীত দুটিৰ কথা উল্লেখ কৰিব পাৰোঁ‌। গানকেইটা শুনি বহুতেই ভালো পাব পাৰে‌। কিন্তু ভূপেন হাজৰিকাৰ আগৰ গানবোৰৰ সৈতে সচেতনভাবে এই গানকেইটাৰ কথা, সুৰ গায়কী আৰু সংগীত সজ্জাক তুলনা কৰিলে গানকেইটাৰ মান সম্পৰ্কে ধাৰণা কৰিব পাৰি‌। জীৱনলৈ কল্পনা লাজমীৰ আগমন আৰু বেয়া গানৰ সৃষ্টি এই দুয়োটা কথা কাকতালীয় নহ’বও পাৰে‌। কাৰণ ৰুচিশীল সৃষ্টিত ৰুচিবান সংগীৰ সান্নিধ্যই নিশ্চয় কম পৰিমাণে হ’লেও অৰিহণা যোগায়‌। আনহাতে, ভূপেন হাজৰিকাৰ দৰে এক মুক্ত বিহংগক সজাত বন্দী কৰি এক ৰুটিনমাফিক জীৱন যাপন কৰিবলৈ বাধ্য কৰালে সি যে তেওঁৰ সৃষ্টিশীলতাত বিৰূপ প্ৰভাৱ পেলাবই তাক নিশ্চিতভাবেই ক’ব পাৰি‌। কল্পনাৰ ‘ভূপচু’ৰ প্ৰতি পালিত দায়িত্ববোধে ‘গলি গলি মে গানা গোৱা’ ভূপেন হাজৰিকাক যে লাহে লাহে গণবিচ্ছিন্ন কৰি আনি আছিল সেইটোও সত্য‌। যাযাবৰ হৈ ক’ৰবাৰ বননিত বহি থাকোঁতে, ঘাঁহ কাটি থকা ল’ৰাটোৰ মুখত শুনা খাচীয়া সুৰটো, মিচিং গাঁৱত শুনা ঐনিতমফাকি, টিৰাপ সীমান্তত ওলোমা সাঁকোৰে পাৰ হৈ অহা টাংচা খেতিয়কজনৰ সুৰটো, নীল নদীৰ পাৰত ফাল্লাহীনৰ সুৰটো আৰু বহু হাজাৰ-বিজাৰ সুৰৰ পৰা তেওঁ বঞ্চিত হৈছিল‌। অথচ সেই সুৰবোৰ বুটলি আৰু তাৰ স্ৰষ্টাবোৰৰ সুখ-দুখৰ সমভাগী হৈয়েই ভূপেন হাজৰিকাই সৃষ্টি কৰিছিল তেওঁৰ প্ৰতিটো অমৰ গীত‌।

মৰুভূমি আহে লাহে লাহে

এই যে ১৯৭৭ চনত কল্পনা লাজমী আহিল, আহিয়েই নিশ্চয় সকলোবোৰ সলনি কৰি দিব পৰা নাছিল বা দায়িত্ববোধৰ হেঁচাত সম্পূৰ্ণ কোঙা হৈ পৰাকৈ ভূপেন হাজৰিকাও অথৰ্ব হৈ পৰা নাছিল‌। সেয়েহে প্ৰথম অৱস্থাত সুন্দৰ সুৰ আৰু কথাৰ আন দুটামান গান সৃষ্টি হৈছিল‌। তাৰে এটা “মুক্তিকামী লক্ষজনৰ” (১৯৭৭) আৰু আনটো “ৰাইজ আজি ভাৱৰীয়া দেশেই নাটঘৰ” (১৯৭৮)‌। এইকেইটা গানত পূৰ্বৰ গণনাট্যৰ ৰাজনৈতিক প্ৰভাৱ স্পষ্ট‌। কিন্তু আমাৰ ব্যক্তিগত অনুভৱ, ইমান সুন্দৰ গানকেইটাৰ সংগীত সজ্জাত ঠিক আগৰ সচেতনতাৰ যেন অলপ অভাব ঘটিছিল‌। বাদ্যযন্ত্ৰৰ আধিক্য ভূপেন হাজৰিকাৰ কণ্ঠৰ সৈতে খাপ নাখায় যেন লাগে‌। অৱশ্যে এই কথাটোৱে সচেতন শ্ৰোতাৰ পৰা অধিক আলোচনা দাবী কৰে‌।

তাৰ পাছতো অসম আন্দোলনৰ সময়ছোৱাত ভাল গান দুটামানৰ সৃষ্টি হৈছিল। ‘ব’হাগ মাথোঁ এটি ঋতু নহয়’, ‘লুইতপৰীয়া ডেকা বন্ধু’, ‘আজি ব্ৰহ্মপুত্ৰ হ’ল বহ্নিমান’, ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ আদি জাতীয় প্ৰেমৰ গীত ৰচিত হৈছিল ১৯৮০ চনত‌। সেইদৰে বড়ো আন্দোলনৰ সময়ত ৰচা ‘পাহাৰ ভৈয়ামৰ সংগম থলীতে’ আদি গীতো উল্লেখযোগ্য‌।

কিন্তু লাহে লাহে কল্পনা লাজমীৰ প্ৰভাৱ আৰু কৰ্তৃত্ব বাঢ়ি অহাৰ লগে লগেই সৃষ্টিশীলতাত ভাটা পৰিবলৈ ধৰিলে‌। গীতবোৰ দিনে দিনে জোৰ কৰি লিখা শ্ল’গানজাতীয় শব্দৰ সমষ্টি হৈ পৰিল‌। কি প্ৰেমৰ গীত, কি গণ-মুকুতিৰ গীত, কি জাতীয় প্ৰেমৰ গীত সকলো‌ এই তৃতীয় শ্ৰেণীৰ সৃষ্টিত চামিল হ’ল। ‘চয়নিকা চয়নিকা’, ‘এই পৃথিৱী এক ক্ৰীড়াংগন’, ‘অ’ কুলিটি কি গাইছ’ আদি পাছৰ সময়ছোৱাৰ গীতখিনিত তেওঁৰ নিজস্ব আকৰ্ষণীয় গায়ন শৈলীৰ বাহিৰে আগৰ সৃষ্টিবোৰৰ শৈল্পিক গুণ একোৱেই নাথাকিলগৈ‌।

ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি মুম্বাই-মাৰ্কা বজৰুৱা ধাৰাটোৰ ফালে আগুৱাই গৈ থাকিল‌ মূলতঃ কল্পনা লাজমীৰ হাত ধৰি, তেওঁৰ প্ৰতিখন চিনেমাত সংগীত আৰোপ কৰাৰ মাধ্যমেৰে। প্ৰথমৰ ফালে হিন্দী গীতিকাৰ হিচাপে লগত আছিল গুলজাৰ‌। 'এক পল' আৰু 'ৰুদালী'ৰ গীতখিনিত ভূপেন হাজৰিকাৰ কোনো নৱ-সৃষ্টিৰ স্বাক্ষৰ নাছিল‌। পুৰণি সুৰবোৰত গুলজাৰে ভাষা দিছিল আৰু তাকে লতা, আশা আৰু তেওঁৰ নিজৰ কণ্ঠই অপূৰ্ব কৰি তুলিছিল। ভূপেন হাজৰিকাক বুজিব পৰাৰ ক্ষমতা গুলজাৰৰ পূৰা মাত্ৰাই আছিল‌। সেই কথা ‘মে ঔৰ মেৰা ছাঁয়া’ এলবামটোত কোৱা গুলজাৰৰ কথাখিনিৰ পৰাই অনুমান কৰিব পাৰি‌। তাত খুব স্পষ্ট ভাষাৰে এই কথা গুলজাৰে কৈছে যে ভূপেন হাজৰিকাৰ গীতৰ প্ৰকৃত অনুবাদ কৰাটো সম্ভৱ নহয়‌। তেওঁ সেই কামটো কৰিছে মাত্ৰ এটা কাৰণতেই যাতে শ্ৰোতাই এই গায়কজনক বিচৰাৰ প্ৰয়াস কৰে। সেই বাটটোহে তেওঁ কাটি দিছে‌। পিছে কল্পনা লাজমীৰ ‘ৰুদালী’ ছবিৰ পাছৰ পৰা গুলজাৰে ভূপেন হাজৰিকাৰ লগ এৰে‌। সেয়া এক অন্য প্ৰসংগ‌।

এইবাৰ ভূপেন হাজৰিকাৰ সুৰবোৰৰ ওপৰত গীত লিখিবলৈ আৰম্ভ কৰে জাভেদ আখটাৰ, মায়া গোবিন্দ আদিয়ে‌। মুম্বাইৰ বজাৰত বিক্ৰীযোগ্য কৰিবলৈ কল্পনা লাজমী আৰু এইসকলৰ সহযোগত ভূপেন হাজৰিকাই নিজৰ গীতখিনিৰ যিটো ৰূপ দিলে, সেই তালিকা ইমান দীঘলীয়া যে এই লেখাত সকলোখিনি সামৰা সম্ভৱ নহয়‌। তলত মাত্ৰ দুটামান উদাহৰণ তুলি দিলো‌। সিয়েই পাঠকক সাধাৰণভাবে এটা ধাৰণা দিব পাৰিব।

১) 'দৰমিয়া' বোলছবিত ‘শ্বিলঙৰে মনালিচা লিংডো’ আৰু ‘কঁহুৱা বন মোৰ অশান্ত মন’ গীত দুটাৰ সংমিশ্ৰণত জাভেদ আখটাৰৰ কথাৰে নিৰ্মাণ হয় এটি গীত – ‘চিনা গ’ৰে হেজি হেজি বাবলিং’‌। নাচ গান সকলো মিলি দুয়োটা সুন্দৰ গীতৰে হিন্দীত কৰা শ্ৰাদ্ধ‌ বুলিলেও বঢ়াই কোৱা নহয়।

২) ‘তৃতীয় শ্ৰেণীৰ যাত্ৰী’‌। ১৯৬৩ চনতে নিৰ্মাণ কৰা এই গীতটিৰ সাংঘাতিক আবেদনৰ কথা কোনে নাজানে? চকুলোক বাষ্প সজাই দ্ৰুতগামী ৰেলত লক্ষ্যস্থানলৈ আগুৱাই যোৱা তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ এক বৈপ্লৱিক আবেদন‌। পিছে সেই গানটোৰ ৰূপটো কি হ’লগৈ? কল্পনা লাজমীৰ 'দমন' বোলছবিত সি হ’লগৈ ‘বাহাৰ হি বাহাৰ হে’‌। পপুলাৰ হিন্দী ছবিত ব্যৱহাৰ হোৱা এটা সস্তীয়া যৌনতাৰ গীত‌।

৩) ‘গুম গুম গুম গুম মেঘে গৰজিলে’ ১৯৫৬ চনৰ 'এৰা বাটৰ সুৰ'ৰ এই গীতটো আছিল সকলো বাধা-বিঘিনিক কেৰেপ নকৰি জীৱন ডিঙা বাই যাবলৈ দিয়া এক বৈপ্লৱিক আহ্বান‌। 'দমন' বোলছবিত ছান, সুনীতা ৰাও আৰু সংগীবৃন্দৰ কণ্ঠত সি হ’লগৈ ‘গুণ গুণ গুণ গুণ তুঝে দিল পুকাৰে’‌। বিপ্লৱতো পলাই ফাট মাৰিলেই, আনকি ‘দিলৰ পুকাৰ’টোও নিস্তেজ, নিৰস‌, তথা তৰল‌।

৪) যৌনতাৰ শৈল্পিক উপস্থাপনৰ ক্ষেত্ৰত ভূপেন হাজৰিকাৰ নৈপুণ্য সন্দেহাতীত‌। ‘বিমূৰ্ত মোৰ নিশাটি’, ‘দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে তুলিলে শিহৰণ’ আদি গীতৰ ধাৰাৰে আৰু এটি গীত ‘কি যে তোমাৰ সংগ প্ৰিয়া’‌। লেখ টেণ্ডনৰ ‘মিল গয়ি মঞ্জিল মুঝে’ত উদিত নাৰায়ণৰ কণ্ঠত গীতটি শুনা যায় এনেকৈ—

ইতনা বতা দো মুঝে

ইতনা বতা দো

মেৰে জীৱন সাথী

হ’ কি নাহি হ’‌।

তু্‌ম্‌হাৰি দিল মে জাগাহ

মেৰে লিয়ে হে কি নাহি

--------

য়াদ মুঝে কৰতে কভি

হ’ কি নাহি হ’‌।

আজিকালিৰ সংগীত উদ্যোগত এনেকুৱা তৰল ভাব-ভাষাৰ গান তেনেই সহজলভ্য‌। পিছে এইখিনি কথা সেইটো গানৰ বোকোচাত উঠিছেগৈ, য’ত ‘সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম’ বুলি কৈ প্ৰেমৰ গীততো এক বিদ্ৰোহৰ সূচনা কৰিব পাৰিছিল‌।

৫) ‘মানুহে মানুহৰ বাবে’‌। ১৯৫৮ চনত আমেৰিকাৰ সংগীত গ্ৰুপ Kingston Trioৰ অতিশয় জনপ্ৰিয় গীত Hang down your head tom dooleyৰ সুৰৰ আধাৰত নিৰ্মিত গীতটোৰ জনপ্ৰিয়তাৰ কথা সকলোৱে জানে‌। কথাই সুৰে অসামান্য হৈ পৰা এই গীতটি আগতে দীপ নাৰায়ণ মিথ’লিয়াই অনুবাদ কৰিছিল ‘ইনচান ইনচান কে লিয়ে, জীৱন জীৱন কে লিয়ে, জাৰা চি হমদৰ্দি কা ৱ, কিঁউ হকদাৰ নেহি’‌। পিছে পাছলৈ হৰিহৰণৰ কণ্ঠত সংযোগ হোৱা গীতিকাৰ অমিতাভ বাৰ্মাৰ কথাখিনি কি আছিল?

তুমহি তুম হো নিগাহ মে

তুমহি দিল কি সদা মে

তুম সে কেহ ভি না পায়ে

জিন্দেগি মেৰি

তুমহি তুম---‌।

এনেকুৱা অলেখ তৰল কথাৰে ভূপেন হাজৰিকাৰ গীতৰ সুৰবোৰ ভাৰাক্ৰান্ত হৈ পৰিল‌। সেইকাৰণেই মুম্বাইত থকাৰ সময়ছোৱাতে কিবাকিবি বঁটা-বাহন বহুত গোট খালে হয়, কিন্তু সৃষ্টিত আগৰ সেই সোণসেৰীয়া সোৱাদটো নোহোৱা হ’ল‌।

ভূপেন হাজৰিকাৰ সৃষ্টিশীলতাৰ এই পৰিণতিৰ বাবে অৱশ্যে এককভাবে কল্পনা লাজমী আৰু তেওঁৰ সহযোগীসকলৰ কামকেই জগৰীয়া কৰিব নোৱাৰি‌। ভূপেন হাজৰিকাৰ নিজৰ আপোচকামিতা আৰু উদাসীনতাও সমানেই জগৰীয়া‌। লগতে গণনাট্য সংঘই আগতে গঢ় দিয়া প্ৰগতিশীল জনসাংস্কৃতিক আন্দোলনৰ দৰে এটা সাংস্কৃতিক পৰিবেশৰ অভাৱেও আন বহু শিল্পীৰ দৰেই হয়তো ভূপেন হাজৰিকাকো বজাৰমুখী ধাৰাটোৰে বাট বোলাত অৰিহণা যোগাইছিল‌।

কল্পনা লাজমীৰ কামবোৰ:

অসমৰ মানুহৰ বাবে কল্পনা লাজমী কেৱল ভূপেন হাজৰিকাৰ ছাঁ‌। সেই লৈ কল্পনা লাজমীক কেৱল ‘মহান প্ৰেমিকা’ বুলি উপন্যাসৰ কাহিনী কল্পনা কৰাতেই দায়িত্ব শেষ। কিন্তু সেই উপন্যাসৰ নায়িকা (বা কাৰোবাৰ বাবে খলনায়িকা) কল্পনা লাজমীৰ সৃষ্টিশীল কৰ্মৰাজিকো এবাৰ নিৰ্মোহভাবে চোৱা দৰকাৰ‌। সেইখিনি অবিহনে ‘ভূপেন-কথা’ৰো কিছু অংশ বুজিবলৈ অসুবিধা হ’ব‌।

লাজমীৰ পূৰ্ণ দৈৰ্ঘ্যৰ চিনেমাকেইখন হ’ল একাদিক্ৰমে একপল, ৰুদালী, দৰমিয়াঁ, দমন, কিঁউ আৰু চিংগাৰী‌। ৰুদালী, দমন, চিংগাৰী আদিত পুৰুষতান্ত্ৰিক সমাজৰ বলী নাৰীজীৱনৰ চিত্ৰ অংকন কৰাৰ যত্ন কৰা হৈছে, ভিন ভিন পটভূমিত‌। ৰুদালীয়ে কেইবাটাও বঁটা পাবলৈও সক্ষম হৈছিল‌। ডিম্পল কাপ্পাডিয়াই শ্ৰেষ্ঠ অভিনেত্ৰী, চিম্পল কাপ্পাডিয়াই শ্ৰেষ্ঠ কষ্টিউম ডিজাইনাৰ আৰু সমীৰ ছন্দই‌ শ্ৰেষ্ঠ কলা নিৰ্দেশনাৰ বাবে বঁটা পাইছিল। আকৌ সেইবাৰেই ভূপেন হাজৰিকালৈ আগ বঢ়োৱা হৈছিল দাদা চাহেব ফাল্কে বঁটা। অৱশ্যে বহুতে ভবাৰ দৰে তেওঁ ৰুদালীৰ বাবে এই বঁটা পোৱা নাছিল‌। পাইছিল জীৱনজোৰা সাধনাৰ বাবেহে। ৰুদালীত সংগীত দিয়াৰ আগতেই ভূপেন হাজৰিকাই কেইবাখনো অসমীয়া, বাংলা আৰু হিন্দী চিনেমাত নেপথ্য গায়ক, সংগীত পৰিচালক আৰু চলচ্চিত্ৰ পৰিচালক হিচাপে বহুকেইটা বঁটা পাইছিল‌।

এইখিনিতে আৰু দুটামান কথা কৈ থোৱাটো ভাল হ’ব‌। ১৯৯০ চনত ভূপেন হাজৰিকা NFDCৰ ‘ব’ৰ্ড অব ডাইৰেক্টৰ্চ’ৰ সদস্য মনোনীত হয়‌। তাৰ পাছতেই NFDCয়ে ‘ৰুদালী’ৰ প্ৰযোজনাৰ দায়িত্ব লয়‌। এইদৰে NFDCৰ কৃপাবৰ্ষণ আৰু ভূপেন হাজৰিকাৰ অনন্য সুন্দৰ গীতখিনিৰ অভূতপূৰ্ব জনপ্ৰিয়তাই ৰাতিটোৰ ভিতৰতে কল্পনা লাজমী আৰু তেওঁৰ চিনেমাখনক সমগ্ৰ ভাৰতৰ দৰ্শকৰ ওচৰত চিনাকি কৰি দিয়ে‌। লতাৰ কণ্ঠৰ ‘দিল হুম হুম কৰে’ সকলোৰে কন্ঠে কণ্ঠে প্ৰতিধ্বনিত হয়‌।

ৰুদালীক বাদ দি লাজমীৰ বাকীকেইখন চিনেমাই কিন্তু সচেতন চিনেমাপ্ৰেমীক হতাশ কৰাটো স্বাভাবিক‌। একপল আৰু দমনত বলিউডৰ নায়িকাৰ গাত মেখেলা চাদৰ, কেৰু-মণি দেখি অসমীয়া দৰ্শক উৎফুল্লিত হৈ পৰিছিল‌। আনকি চিনেমা দুখনত অসমীয়া কৃষ্টিৰ কিছুমান ভুল উপস্থাপনসমূহকো অসমীয়া ৰাইজে যথেষ্ট ক্ষমাসুন্দৰ দৃষ্টিৰেই চাইছিল‌। পিছে কোনো এক সমাজৰ লোক-কৃষ্টিৰ ভুল উপস্থাপনে এজন চিনেমা পৰিচালকৰ সীমাবদ্ধতাকে সূচায়‌। এখন ৰাজ্যৰ জাতীয় আবেগ এখন চিনেমাৰ শৈল্পিক গুণৰ প্ৰমাণপত্ৰও হ’ব নোৱাৰে‌।

মই নিজে ‘কিঁউ’খন চাবলৈ পোৱা নাই‌। কিন্তু বাকীকেইখন চিনেমাক আন যিকোনো তৃতীয় শ্ৰেণীৰ চিনেমাৰ শাৰীত ঠাই দিবলৈকে ভাল পাম‌। নাৰীৰ অৱদমন, একাকিত্ব আদিক তুলি ধৰিবলৈ যত্ন কৰা, তৃতীয় লিংগৰ অনুভৱক উপস্থাপন কৰা আদিৰ বাবেই সমালোচকে লাজমীক এক সুকীয়া আসন দিয়ে‌। কিন্তু ৰুদালীৰ বাহিৰে বাকীকেইখন চিনেমাত চলচ্চিত্ৰীয় গুণৰো অভাৱ। সেইকাৰণেই দৰমিয়া, চিংগাৰি আদি ছবি বৰ দুখ লগাকৈ ফ্লপো হৈছিল‌। সেই চিনেমাকেইখনে কোনোফালেই স্থিতি ল’ব নোৱাৰিলে‌। না সাধাৰণ দৰ্শকৰ মাজত জনপ্ৰিয় হ’ল, না খুব কলাত্মক উপস্থাপনেৰে দৰ্শক-সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰিলে‌। কিন্তু এনেকুৱা অৱস্থাতো দমনৰ দৰে এখন তৃতীয় শ্ৰেণীৰ চিনেমাৰ বিতৰণৰ দায়িত্ব লৈছিল‌‌ তদানীন্তন বি জে পি চৰকাৰৰ পৰিয়াল কল্যাণ বিভাগে । বিশেষ বঁটা বা চৰকাৰী অনুগ্ৰহৰ আঁৰৰ ৰাজনীতিবোৰৰ কথা প্ৰায়েই চৰ্চিত হোৱা দেখা যায়‌। পিছে এনেবোৰ বঁটা বা অনুগ্ৰহে দৰ্শকৰ মনত এক পূৰ্বধাৰণাৰো জন্ম দিয়ে‌। তেনে পূৰ্বধাৰণাৰ পৰা মুক্ত হ’ব নোৱৰাৰ ফলতেই বহুতে এনে চিনেমাকো বৰ উচ্চ পৰ্যায়ৰ শিল্পৰ আখ্যা দিয়ে‌। লাজমীৰ চিনেমাৰ ক্ষেত্ৰতো এই কথাটো সত্য‌।

শেষাংশ

ভূপেন হাজৰিকাৰ সৃষ্টিখিনিৰ মূল্যাংকন আজিলৈকে অসমত হোৱা নাই‌। হোৱাটো আছিল অতিকৈ জৰুৰী‌। পিছে আমাৰ স্বভাৱজাত বৈশিষ্ট্যই আমাক সেই কাম কৰাৰ পৰা সদায় বিৰত কৰি আহিছে‌। সাম্প্ৰতিক সময়ত কল্পনা লাজমীৰ কিতাপখনেও এই বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰিয়েই ইমান চৰ্চালৈ আহিছে‌। লাজমীয়ে ভূপেন হাজৰিকাৰ বাবে যিখিনি ত্যাগ স্বীকাৰ কৰিলে সেইখিনিক অকপটে স্বীকাৰ কৰিও তাৰ আনটো দিশৰ ওপৰতো আলোকপাত কৰা প্ৰয়োজন‌। কাৰণ ভূপেন হাজৰিকাৰ পাছৰ কালৰ ৰাজনৈতিক আপোচকামিতা আৰু সৃষ্টিশীলতাৰ ক্ৰমাগত বন্ধ্যাত্বৰ বাবে অন্যান্য বহু কাৰকৰ লগতে এক অন্যতম কাৰক কল্পনা লাজমীয়ে প্ৰতিনিধিত্ব কৰা মুম্বাইৰ বাণিজ্যিক ধাৰাটো‌।

Share Button
Print Friendly, PDF & Email

1 Comment : "ভূপেন প্ৰসংগ: উপন্যাসৰ কল্পনাৰ পৰা বাস্তৱৰ ৰুক্ষতালৈ-( বৰ্ণালী বৰুৱা দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *