বিৱৰ্তন- (গৌৰীশংকৰ ভূঞা)

"হোষ্টেলটো যে আৰু দেই, বন্দীশাল এটা!"

আবেলি ৬ বজাৰ ঘৰত ঘড়ীৰ কাঁটা লাগো লাগো হ’লেই ঊষাৰ মনলৈ এই বাক্যটোৱেই আহে।
লগে লগে নাকটো কোঁচ খাই সামান্য ওপৰলৈ উঠি যায়, চকুদুটাত বিৰক্তি ভৰি পৰে আৰু তলওঁঠটো অকণমান বাহিৰলৈ ওলাই আহে।
তেনেকুৱা ৰূপত তাইক হেনো বেছি ধুনীয়া লাগে, বহুতেই কয়। তাই সেই বহুতে কোৱা কথাটোক লৈ কোনোদিনেই ব্যস্ত হোৱা নাছিল, পাত্তাও দিয়া নাছিল।
পিছে আজিৰ ঘটনাটোৱে তাইক ভবাই তুলিলে, তাইক সেইটো ৰূপত সঁচাই ধুনীয়া লাগে।
ঘটনাটোৰ আৰম্ভণি আবেলি ৬ বজাৰ ঠিক আগে আগে। ইউনিভাৰ্ছিটিৰ মাৰ্কেটৰ চাহৰ দোকানখনত তাই লগৰ দুজনীৰ সৈতে বহি আছিল। ইতিমধ্যে ল’ৰা-ছোৱালীবোৰেৰে দোকানখন ভৰি পৰিছে।
সেই ভিৰৰ এটা ল’ৰাৰ জুমত সিও আছিল।
সি কোন ঊষাই চিনি নাপায়, আগতে দেখাও নাই। কিন্তু প্ৰথম দিনাই ভিৰৰ মাজতো তালৈহে চকু গ’ল তাইৰ, কিয় তাই নাজানে।
সি পিছে তাইলৈ নাচালে। তাইৰ আগেদিয়েই সি সেইখন বেৰৰ কাষেৰে পাৰ হৈ গ’ল, য’ত লগাই থোৱা আছিল মস্ত ৱাল ক্লকটো।
ঊষাৰ চকুৱে তাক অনুসৰণ কৰি কৰি যেতিয়া সেই ৱাল ক্লকটো পাইছিলগৈ তেতিয়া ঠিক ছয় বাজি গৈছিল।
ছয় বজাৰ সেই বিৰক্তিকৰ সংকেতে ঊষাৰ সমস্ত মনোযোগ সেই ল’ৰাটোৰপৰা কাঢ়ি আনিলে; চকুদুটাত বিৰক্তিয়ে থূপ বান্ধিলে, নাকটো কোঁচ খাই গল আৰু তলওঁঠটো সামান্য বাহিৰলৈ ওলাই আহিল।
ঠিক সেই মুহূৰ্ততে সি তাইলৈ ঘূৰি চালে, আৰু কেইছেকেণ্ডমান মন্ত্রমুগ্ধৰ দৰে ৰ লাগি চাই থাকিল।
ঘড়ীটোৱে ইতিমধ্যে ঊষাক অলপ আনমনা কৰি তুলিছিল। তাৰ স্থিৰ চাৱনিত তাই থতমত খাই পুনৰ বাস্তৱলৈ ঘূৰি আহিল; আৰু লগে লগে অনুভৱ কৰিলে যে তাইৰ মুখখন বিকৃত ৰূপতেই আছে।
তাই ততাতৈয়াকৈ তলমূৰ কৰিলে আৰু মনে মনে হিচাপ কৰিলে কিমান সময় সি তাইলৈ চাই আছিল। ইতিমধ্যে তাইৰ দেহৰ মাজেৰে জিৰিককৈ বিজুলী এছাটি পাৰ হৈ গৈছিল।
তাইক সঁচাকৈ নাক কোচাই, ওঁঠ উলিয়াই থাকিলে ধুনীয়া লাগে মানে; ঊষাৰ যেন বিশ্বাস হ’ল।
তাইৰ মন আছিল, চাহৰ শেষ শোহাতো মাৰোঁতে যেন তাই আৰু এঘণ্টা লগাই দিব ...
পিছে উপায় নাই, ৭ বজাত গৈ হোষ্টেল সোমাবই লাগিব।

*************************************
"চা-চোন, ল'ৰাকেইটাই যেতিয়াই মন যায় হোষ্টেল সোমাব পাৰে, ওলাব পাৰে – আমি ছোৱালী হ’লো বুলিয়েই এই ফুট গধূলিতে ৰুমত সোমাই থাকিবহি লাগে। এইটো কি লজিক বাৰু? আমিওতো একেই ইউনিভাৰ্ছিটিৰে ষ্টুডেন্ট!"
ৰুমমেট চিত্ৰলেখাৰো একেই আপত্তি।
অৱশ্যে তাইৰ আপত্তিৰ বিশেষ কাৰণ এটাও আছে।
চিত্ৰলেখাৰ ফটোগ্ৰাফিৰ নিচা আছে। নিচা মানে অলপ বেছিয়েই। কেতিয়াবা ৰাতি সাৰ পাই ঊষাই তাইক মম এডাল জ্বলাই লৈ কেমেৰাটোৱেদি জুপি থকা দেখে। একদম মচগুল হৈ চল্লিছখনমান ফটো তোলাৰ পাছত লেপটপটো উলিয়াই লয় আৰু গোটেই ৰাতিৰ প্ৰচেষ্টাখিনি পুৱালৈ এখন বিশেষ ফটো হৈ ওলায়।
ঊষাৰ বিশ্বাসেই নহয় ইমান ধুনীয়া এখিনিমান পোহৰ যোৱা ৰাতি তাইৰ লগতো আছিল। তাইৰ নিজকে কেতিয়াবা অন্ধ অন্ধ লাগে, চিত্ৰলেখালৈ ঈৰ্ষা হয়, লুকাই থকা ধুনীয়াখিনি অকল তাইৰ চকুতহে যে পৰে!
চিত্ৰলেখাই অলপ দিনৰপৰা পঢ়া-শুনা কৰি আছে ৰাতিৰ আকাশৰ ফটো কেনেকৈ ল’ব পাৰি, সেই লৈ। কেমেৰাটো আকাশৰ বিশেষ এটা কোণলৈ পোনাই কেইবামিনিটো একেলেথাৰিয়ে খুলি ৰাখিব, তৰাবোৰৰ গতিপথ ফটোত উঠিব। তেনেকৈ কেইবাখনো ফটো উঠাব আৰু শেষত এনে এখন ফটো পোৱা যাব, য’ত গোটেই ৰাতিটোত তৰাবোৰ কোনফালেদি গৈছিল সকলো জলজল-পটপটকৈ ওলাই থাকিব।
কিন্তু ফটোখন তাই ল’ব পৰা নাই।
কাৰণ তাই ছোৱালী।
ছোৱালী হোৱা বাবেই গধূলি সাত বজাৰ পাছত তাই হোষ্টেলৰ চাৰিসীমা পাৰ হোৱাৰ অধিকাৰ নাই।
কিন্তু এনে এখন ফটো হোষ্টেলৰপৰা ল’ব পৰা নাযায়। তাৰ বাবে তাই যাব লাগিব ইউনিভাৰ্ছিটিৰ ষ্টেডিয়ামৰ গেলেৰিৰ একেবাৰে ওখ ঠাইখিনিলৈ, আৰু তাই তাত থাকিব লাগিব নিশা ন বজাৰপৰা প্ৰায় পুৱতি নিশা তিনি বজালৈ।
কিন্তু, যিহেতু তাই ছোৱালী - সেয়ে তাই সেয়া কৰিব নোৱাৰে।
সেয়ে তাইৰ সেই ফটোখন লোৱাও হোৱা নাই।
চিত্ৰলেখাৰ আপত্তিৰ মূল কাৰণটো এইটোৱেই।
পিছে উপায়ো নাই। হোষ্টেলৰ বেছিভাগ ছোৱালীয়ে এই নিয়মটো নিৰ্বিবাদে মানি ল’লে এজনী বা দুজনীয়েনো কিটো কৰিব।
"চা, ৰাতি তই ওলাই গ’লিয়েই বাৰু; কোনোবা এটাই যদি তোৰ লগত কিবা জোৰ-জবৰদস্তি ধৰণৰ কাম কৰে, বিপদতো তোৰেই। ল’ৰাবোৰতো এনেও যেতিয়াই-তেতিয়াই ওলাব পাৰেই ন। নিয়মটো একো বেয়া নহয়। আমি ভালকৈ থাকিবলৈ আমাৰো কিছুমান দায়িত্ব লাগিব তো। এনেই জোছ দেখুৱালে নহয়।"
- সিদিনা লগৰে নন্দিনীয়ে এনেকুৱা এটা বিষয়ৰ আড্ডাত চিত্ৰলেখাক এইদৰে কৈছিল। অনবৰতে নিয়ম ভাঙো ভাঙোকৈ থকা তাইৰ স্বভাৱটো বহুতেই ভাল নাপায়।
চিত্ৰলেখাৰ টিঙিচকৈ খংটো উঠিল।
"হেই, কি যা তা কথা কৱ? ইউনিভাৰ্ছিটি অথৰিটিয়ে আমাক এটা ছেফ কেম্পাছ দিব পৰা নাই মানে - সেইটোহে কথাটো। তাৰ কাৰণে আমাক কিয় এনেকৈ কয়দী ৰখাদি ৰাখিব? যদি ল’ৰাবোৰৰপৰাই ইমান প্ৰব্লেম, সিহঁতক ৰাখক না হোষ্টেলত সুমুৱাই। আমাক কিয়? আৰু এটা কথা, কেম্পাছটো একদম ছেফ কৰিবৰ কাৰণে অথৰিটিয়ে কিবা কৰা দেখিছ? নাই। ছোৱালীবোৰক সুমুৱাই ৰাখিলে, বছ, হৈ গ’ল প্ৰব্লেম ছ’লভ। কাৰণ ছোৱালীবোৰে মাত মাতিবলৈ শিকাই নাই যে...।"
চিত্ৰলেখাৰ কথাবোৰ ঊষাই শুনি থাকে। তাইৰ কথাবোৰ নুশুনালৈকে ঊষাৰ দেখোন বাকীবোৰ ছোৱালীৰ কথাবোৰেই হয় হয় লাগি থাকে। কিয়, তায়ো বুজি নাপায়।
আজি চাহৰ দোকানত হৈ যোৱা ঘটনাটো চিত্ৰলেখাক ক’বলৈ ঊষাৰ বৰ মন গৈ আছিল। পিছে নন্দিনীয়ে আহি তাইৰ খংটো উঠাই দিলেই নহয়।
এতিয়া থাকক আৰু সেইটো - ঊষাই ভাবিলে।
তাইৰ অকণ লাজো লাগিল কথাটো ক’বলৈ। চিত্ৰলেখাই যদি কথাটো বেছি পাত্তা নিদিয়ে!
এনেও চিত্ৰলেখা আজিকালি অলপ কম কথা কোৱা হৈছে। তৰাৰ ফটো তুলিব খোজা ছোৱালীজনীয়ে আজিকালি মানুহৰ ফটো তোলাৰ বিষয়তহে কিবাকিবি পঢ়ি থাকে। তাইৰ ভাষাত সেইটো মডেল ফটোগ্ৰাফি।
কোনোবা মডেল এটাও আছে হ’বলা তাইৰ। পেছাদাৰী মডেল নহয়, এনেই আৰু কোনোবা এটা। নামটো কৈছিল তাই, ঊষাই পাহৰিলে।
ৰাতি ঊষা শোৱাৰ পাছত তাই লেপটপ উলিয়ায়। ফটো এডিট কৰে, ফটো মানে তাইৰ মডেলৰ ফটো।
"চাবি দেই, ৰাতি ৰাতি এনেকৈ ফটো চাই থাকিলে তই তাৰ প্ৰেমতে পৰি যাবি" - ঊষাই জোকায়।
তাইৰ গাল ৰঙা পৰে, চকুদুটাত লাজ থূপ পাতে।
"পৰিছই যেন পাইছোঁ" - ঊষাই আকৌ জোকায়।
"হেই ৰহ অ'... একদম পেইণ্টিং টাইপ ফটো এখন বনাই আছোঁ তাক লৈ।" - চিত্ৰলেখাই পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চেষ্টা কৰে।
"দেখাচোন তোৰ মডেলটো" - ঊষাই কয়।
"আজি নহয়। একদম ফাইনেল ফটোখন চাবি"
"হ’ব দে বাৰু, থাকক" - ঊষাই সামৰি থয়।
সেয়া দুদিনৰ আগৰ কথা।
আজি ঊষাৰ কিতাপ মেলিবলৈ মন যোৱা নাই। হেডফোন লগাই গান শুনি গোটেই ৰাতিটো পাৰ কৰিবৰ মন গৈছে।
"অ' চিত্রা, লেপটপটো দে না তোৰ। কি নতুন গান আছে চাওঁ ..."
ঊষাই কাণত হেডফোনডাল লগালে। চিত্ৰলেখাৰ লেপটপত ধুনীয়া ৰোমান্টিক গান বিচাৰি এটা এটা ফলডাৰ খুলি গৈ থাকিল।
বাৰে বাৰে তাইৰ মনটো উৰি গৈ থাকিল আবেলিৰ সেই ঘটনাটোলৈ ...
"শুন না চিত্রা, তোক মোৰ এটা কথা ক’বলৈ আছে" লেপটপৰ স্ক্ৰিনত চকু ৰাখি ঊষাই ক’লে। চিত্ৰলেখালৈ পোনে পোনে চাই ক’বলৈ ঊষাৰ কিবা লাজ লাগিল।
"মোৰো আছে তোকো এটা কথা ক’বলৈ" - প্ৰায় একেই লাজ মিহলি মাতেৰে চিত্ৰলেখায়ো কৈ উঠিল। তাই ক’লৈ চাই ক’লে ঊষাই গম নাপালে।
ঊষাৰ বুকুখন কিয় ইমান ধুক ধুক কৰিছে তাই নিজেই বুজি পোৱা নাই। ইমান নাৰ্ভাছ কৰিছে যে গান বিচৰাৰ সলনি তাই গৈ চিত্ৰলেখাৰ ফটোগ্ৰাফিৰ ফলডাৰটোহে খুলিলেগৈ।
"ক তোৰ কথাটো প্ৰথম" - চিত্ৰলেখাই ক’লে।
"উমম... মানে আজি মাৰ্কেটত আবেলি ..."
... ঊষা ৰৈ গ’ল। তাইৰ বুকুৱে আকৌ ধুককৈ মাৰিলে।
সেই ল’ৰাটো ...
মাৰ্কেটত আবেলি তাইলৈ তিনি ছেকেণ্ড চাই থকা ল’ৰাটো ...
লেপটপৰ স্ক্ৰিনৰপৰা সি তাইলৈ চাই আছে।
সেপ ঢুকি চকুৰ পলক সলাই তাই দেখিলে, সেয়া সি নহয়। তাৰ ফটোহে। এখন নহয়। কেইবাখনো।
চিত্ৰলেখাৰ লেপটপত তাৰ ফটো!
তাইৰ গাত জিৰিককৈ বিজুলী বোওৱা ল’ৰাটোৰ ফটো তাইৰ ৰুমমেটৰ লেপটপত।
কেনেকৈ?
"মাৰ্কেটত কি? ক আকৌ ..."
"চিত্রা, এই ল’ৰাটো কোন?"
উশাহ বন্ধ কৰি ঊষাই প্ৰশ্ন কৰিলে।
চিত্ৰলেখাৰ ফালে চোৱা হ’লে ঊষাই দেখিলেহেঁতেন - ইতিমধ্যে তাইৰ গাল ৰঙা পৰিছে, চকুদুটাত এগালমান লাজ ভিৰ কৰিছে আৰু ওঁঠত মিচিকীয়া হাঁহি এটা ফুটো-নুফুটো কৰি আছে ...
ঊষাই সেয়া নেদেখিলে। তাই মাত্ৰ চিত্ৰলেখাৰ মাতটো শুনিলে ...
"সিয়েই মোৰ মডেল। মোৰ তোক তাৰ কথাই ক’বলৈ আছিল। তাৰ নামটো কৈছোঁ ন তোক? অনিৰুদ্ধ নাম তাৰ।"

Share Button
Print Friendly, PDF & Email

No Comments : "বিৱৰ্তন- (গৌৰীশংকৰ ভূঞা)"

Leave a Comment

Your email address will not be published. Required fields are marked *