বিজ্ঞান-প্ৰযুক্তি

বিজ্ঞানমনস্কতাৰ সপক্ষে (পৰিশিষ্ট) – (গৌৰী শংকৰ ভূঞা)

(“বিজ্ঞানমনস্কতাৰ সপক্ষে” শীৰ্ষক ধাৰাবাহিক প্ৰবন্ধলানিৰ এইটো অন্তিম প্ৰবন্ধ| ইতিমধ্যে প্ৰকাশিত প্ৰবন্ধসমূহত আমি বৈজ্ঞানিক যুক্তি নিৰ্মাণৰ পদ্ধতিৰ বিষয়ে আলোচনা কৰিলোঁ| সেই পদ্ধতিৰ এক প্ৰায়োগিক দিশ হিচাপে, বৈজ্ঞানিক যুক্তিবাদৰ আলোকত সৃষ্টিকৰ্তাৰদ্বাৰা ব্ৰহ্মাণ্ডৰ নিৰ্মাণৰ তত্ত্ব সম্পৰ্কে কিছু আলোচনা কৰিম| আগ্ৰহী পাঠকে তলৰ লিংককেইটাত আগৰ খণ্ডসমূহ বিচাৰি পাব পাৰিব|)
খণ্ড নং ১ ২ ৩ ৪ ৫

যুক্তি অযুক্তিৰ মায়াজাল : বুদ্ধিদীপ্ত নিৰ্মাণ, সৃষ্টিকৰ্তা প্ৰসংগ

এটা বিখ্যাত মিছা কাহিনীৰে আলোচনাৰ আৰম্ভ কৰিছোঁ| যদিও কাহিনীটো মিছা, তথাপিও ই চিন্তা উদ্ৰেককাৰী কিছু প্ৰশ্ন থিয় কৰায়| সেইবাবেই বহুজনে বহু ঠাইত কাহিনীটোৰ উল্লেখ কৰিছে|
কাহিনীৰ নায়ক এজন নাস্তিক| আৰু নাস্তিক মানেই গুৰু-গোঁসাই নমনা, উদণ্ড মানুহ বুলিয়েই সমাজে গণ্য কৰে| সেয়ে আমাৰ নায়কো তেনেকুৱা উদণ্ড এক যুৱকেই| আচলতে এওঁক নায়ক বোলাতকৈ খলনায়ক বোলাহে ঠিক হ’ব|
কাহিনীৰ অন্যটো চৰিত্ৰ হ’ল এক বিজ্ঞানী| নম্ৰ, অমায়িক, তীক্ষ্ণধী বিজ্ঞানীজন সৃষ্টিকৰ্তাত পৰম বিশ্বাসী|
এদিন দুয়োৰে মুখামুখি হ’ল| নাস্তিক যুৱকে নানা কথাৰে সৃষ্টিকৰ্তা নাই বুলি বিজ্ঞানীজনক বুজাবলৈ চেষ্টা কৰিলে| বিজ্ঞানীয়ে মিচিকীয়া হাঁহিৰে সকলো শুনি থাকিল আৰু শেষত যুৱকক নিজৰ ঘৰলৈ নিমন্ত্ৰণ জনালে|
যথা দিনত নাস্তিক যুৱক বিজ্ঞানীৰ ঘৰত উপস্থিত হ’ল| বিজ্ঞানীজনৰ পঢ়া কোঠাত থকা এপদ বস্তুত যুৱকৰ চকু ৰৈ গ’ল| সেই বস্তুপদ আছিল সৌৰজগতৰ এক যান্ত্ৰিক চানেকি| অৰ্থাৎ সৌৰজগতৰ গ্ৰহ-উপগ্ৰহ যিভাৱে ঘূৰি থাকে, গোটেই কাৰবাৰটো কিছুমান যন্ত্ৰপাতিৰে তৈয়াৰ কৰা আছিল|
: এইটো ইমান নিখুঁতভাৱে কোনে সাজিলে? – নাস্তিক যুৱকে বিজ্ঞানীক আচৰিত হৈ প্ৰশ্ন কৰিলে|
: নাই, ই নিজে নিজে সৃষ্টি হ’ল| -বিজ্ঞানীৰ নিৰ্লিপ্ত উত্তৰ।
বাৰে বাৰে একেটা প্ৰশ্ন সুধিও যুৱকে বিজ্ঞানীজনৰপৰা একেই নিৰ্লিপ্ত উত্তৰেই পালে – “ই নিজে নিজেই সৃষ্টি হ’ল”…।
: ইমান এটা সুশৃংখলিত, ইমান নিয়মত চলা এটা যন্ত্ৰ নিজেই কেনেকৈ সৃষ্টি হ’ব বাৰু? ই সম্ভৱেই নহয়| ইয়াৰ নিশ্চয় কোনো নিৰ্মাণকৰ্তা থাকিব‍ই| -যুৱকে বিৰক্ত হৈ প্ৰশ্ন কৰিলে|
আৰু তেতিয়াই মেধাৰ আকৰ বিজ্ঞানীয়ে এৰি দিলে অমোঘ অস্ত্ৰপাট –
: এয়াতো সৌৰজগতৰ এক সামান্য পুতলাহে| এই পুতলাটোৱেই নিজে নিজে সৃষ্টি হোৱাটো তুমি মানি ল’ব পৰা নাই| তেনেহ’লে কি যুক্তিত মানি ল’লা ইয়াতকৈও জটিল আৰু সু-সংবদ্ধ মূল সৌৰজগতখন নিজে নিজে সৃষ্টি হৈছে? সৌৰজগতখনো বিশ্বব্ৰহ্মাণ্ডৰ এটা ক্ষুদ্ৰ ভাগহে; মূল বিশ্বব্ৰহ্মাণ্ডখন দেখোন আৰু জটিল| তথাপিও সু-শৃংখলিত নহয়নে? অকণমান খেলিমেলি হোৱা হ’লেই জানো প্ৰাণৰ অস্তিত্ব থাকিলেহেঁতেন? ইমান সুন্দৰ-সুচাৰুৰূপে চলা এই ব্যবস্থাটো কিদৰে সৃষ্টিকৰ্তা নোহোৱাকৈ সৃষ্টি হ’ব পাৰে?

বিধ্বস্ত নাস্তিক যুৱকে হেনো সিদিনাই সৃষ্টিকৰ্তাৰ অস্তিত্ব স্বীকাৰ কৰিলে| বহু অত্যুত্‍সাহী কাহিনীকাৰে সেই যুৱকক পাছৰ জীৱনত ধৰ্মযাজকৰ পোছাকো পিন্ধাই দিয়া দেখা যায়|
সেই কথা বাৰু থাকক|
সঁচা হওক, মিছা হওক; কিন্তু কাহিনীটোৱে এটা দৰকাৰী প্ৰশ্ন উত্থাপন কৰিছে|
যদি বিশ্বব্ৰহ্মাণ্ডৰ গ্ৰহ-নক্ষত্ৰৰ মাজৰ আকৰ্ষণ এতিয়াতকৈ এক শতাংশও কম হ’লহেঁতেন, পৃথিৱী আৰু সূৰ্যৰ মাজৰ দূৰত্ব এতিয়াতকৈ বহু বেছি হ’লহেঁতেন, সেই পৰিস্থিতিত পৃথিৱীত জীৱনৰ সৃষ্টিয়েই নহ’লহেঁতেন| ইমান নিখুঁত হিচাপ কোনে কৰিলে?
ইমান নিখুঁতকৈ কোনে নিৰ্মাণ কৰিলে এই সমগ্ৰ সৃষ্টি?
কাহিনীটোৱে উত্থাপন কৰা মূল প্ৰশ্ন এইটোৱেই|
ভাবকচোন; আপুনি এখন হাবিৰে গৈ থাকোঁতে যদি হাবিৰ মাজত এটা ঘড়ী পৰি থকা দেখে, আপুনি নিশ্চয় সেইটো তাত নিজে নিজে সৃষ্টি হ’ল বুলি নকয়| কাৰণ ইমান এটা জটিল ব্যৱস্থা সুচাৰু ৰূপত সাজিবলৈ কোনোবা সাজোঁতা এজন নিশ্চয় লাগিব‍ই|
ঘড়ী এটা যিদৰে সময় চাবলৈ নিৰ্মাণ কৰা হয়, বিশ্বজগতো যেন ঠিক তেনেকৈ জীৱনৰ অস্তিত্বৰ বাবেই নিৰ্মাণ কৰা হৈছে| অগতেই কৈ আহিছো যে বিশ্বব্ৰহ্মাণ্ডৰ হিচাপ-নিকাচৰ সামান্যতম খেলিমেলি হোৱা হ’লেই কোনোধৰণৰ জীৱন সম্ভৱ নহ’লহেঁতেন|
তেনেহ’লে কোনে ইমান সূক্ষ্ম নিৰ্ভুল হিচাপ-নিকাচ কৰি জীৱনৰ অস্তিত্ব সম্ভৱ কৰালে?
নিশ্চয় কোনো সৰ্বশক্তিমান-বুদ্ধিমান সৃষ্টিকৰ্তা|
এয়াই বুদ্ধিদীপ্ত দৰ্শনৰ মূল কথা| ই মূলতঃ এক বুদ্ধিদীপ্ত সৃষ্টিকৰ্তাৰ সত্তাক আমাৰ আগত দাঙি ধৰে|
এই তত্ত্বৰ যৌক্তিক ভেঁটি পিছে কিমান সবল?
মানৱ জাতিয়ে হাজাৰ বছৰৰ পৰিক্ৰমা অতিক্ৰম কৰি আজিৰ অৱস্থা পাইছেহি| নানা বিপদসংকুল সময়, দুৰ্যোগৰ বিভীষিকা পাৰ হৈ গৈছে এইছোৱা সময়ত| এই গোটেই পৰিক্ৰমাত অন্ততঃ মোৰ এনে এজন পূৰ্বপুৰুষ নিশ্চয় আছিল, যি হয়তো কোনোবা এদিন আসন্ন মৃত্যুৰপৰা বাচি আহিছিল; লাগিলে সেয়া চিকাৰ কৰিবলৈ গৈ হিংস্ৰ জন্তুৰ আক্ৰমণতেই হওক বা গোষ্ঠীৰ মাজৰ কাজিয়াতেই হওক| যদি তেওঁ সেইদিনা বাচি নাহিলহেঁতেন, আজি – এই মুহূৰ্তত মোৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন|
এতিয়া গোটেই কথাটো ওলোটাই ম‍ই এইবুলি কওঁ যে মোৰ অস্তিত্ব যাতে সম্ভৱ হয় – তাৰ বাবেহে কোনো অদৃষ্টৰ ইচ্ছাত মোৰ সেই পূৰ্বপুৰুষ চুলিমান ব্যৱধানত হ’লেও বাচি আহিল|
এই কথাটো বাৰু যৌক্তিক হ’বনে?
মুঠেও নহয়| এনেকৈ হ’লে পৃথিৱীৰ প্ৰতিজন মানুহেই নিজৰ কথা এনেকৈ ভাবি ল’ব পাৰিব; কিয়নো এই হাজাৰবছৰীয়া মানৱ ইতিহাসৰ কোনো এক পৃষ্ঠাত প্ৰতিজন মানুহৰেই এনে এজন পুৰ্বপুৰুষ থাকিব‍ই, যি চুলিমান ব্যৱধানত আসন্ন মৃত্যুৰপৰা বাচি আহিছে| তেনেহ’লে দেখোন এই যি জনসমষ্টি, তাৰ প্ৰতিজন মানুহেই ভাবিব পাৰিব – “মোক কেন্দ্ৰ কৰিয়েই ৰচনা হৈছে এই সমস্ত সৃষ্টি!”
আচলতে এইধৰণৰ কথাক random chance বা যাদৃচ্ছিক বাছনিৰ ধাৰণাৰে বুজিবলৈ সহজ হয়| যিদিনা মোৰ পুৰ্বপুৰুষ আসন্ন মৃত্যুৰপৰা ৰক্ষা পৰিছিল, সেই বিশেষ দিনটোত তেওঁৰ মৃত্যু হোৱা হ’লে আজি ম‍ই নাথাকিলোঁ হয় – সেয়া সঁচা| কিন্তু সেই ঘটনাটো মোৰ অস্তিত্বৰ বাবে ঘটা নাছিল| কোনোজন হয়তো তেনেকৈ মৰি গৈছে; যদি মৰি নগ’ল হয় – এতিয়া চাগৈ আমাৰ মাজত তেওঁৰ উত্তৰপুৰুষ আৰু কোনোবা এজন থাকিলে হয়|
ধৰি লোৱা হওক, আমি এখন লুডু খেলি আছোঁ| লুডুৰ গুটিটো মাৰি দিলোঁ, ৪ ওলাল| সেইবাবেই ৪ ঘৰ আগত থকা জখলাটোৰে উঠি গৈ মোৰ গুটিটো ৪৩ নম্বৰ ঘৰটো পালেগৈ| তাৰ পাছত আকৌ ২ ওলাল আৰু সাপৰ মুখত পৰি একেকোবেই ৭লৈ নামি আহিল|
প্ৰথমবাৰ গুটিটো মাৰোঁতে যদি অকণমানো বেলেগ পৰিস্থিতি থাকিলেহেঁতেন, (ধৰক লুডুখন অলপ বেছি বা কম হেলনীয়াকৈ আছে, বা গুটিটো সামান্য বেলেগ উচ্চতাৰপৰা পেলোৱা হৈছে), তেতিয়াই ৪ নোলালেহেঁতেন| অৱশ্যম্ভাবী পৰিণতিৰূপে ই জখলাত নুঠিলেহেঁতেন আৰু শেহত গৈ সাপৰ মুখত পৰি ৭লৈ নানামিলেহেঁতেন|
গতিকে আমি যদি কওঁ যে গুটিটো ৭নং ঘৰলৈ আহিবৰ বাবেহে ইমানবোৰ সূক্ষ্ম হিচাপ-নিকাচ কৰা হৈছিল বুলি, কথাটো অযুক্তিকৰ আৰু হাস্যকৰ নহ’বনে?
মন কৰিব, বুদ্ধিদীপ্ত নিৰ্মাণৰ দৰ্শনটোৰ ভেঁটিও এনে এক অযুক্তিকৰ প্ৰপঞ্চ‍ই|

বুদ্ধিদীপ্ত নিৰ্মাণৰ ভ্ৰান্তি ইমানতে শেষ নহয়| এই দৰ্শনে কয়, বিশ্বব্ৰহ্মাণ্ডখন এনেভাৱে বিশেষধৰণেৰে নিৰ্মিত কৰা হৈছে যাতে ইয়াত জীৱন সম্ভৱ হয় – এয়াই সৃষ্টিকৰ্তা থকাৰ প্ৰমাণ| কিয়নো, এই বিশেষ সজ্জাৰপৰা নামমাত্ৰ বিচ্যুতি হ’লেও কোনো জীৱনৰ অস্তিত্ব সম্ভৱ নহয়| গতিকে ইমান সূক্ষ্মভাৱে নিৰ্মাণ কৰোঁতাজন বুদ্ধিমান শক্তিশালী সৃষ্টিকৰ্তা হ’ব‍ই লাগিব |
পিছে, যদি এয়াই হয়, তেন্তে ই সৃষ্টিকৰ্তা বোলা সত্তাটোৰ সীমাবদ্ধতাহে প্ৰকাশ কৰে| কাৰণ তেওঁ এই বিশেষ পৰিস্থিতিৰ বাদে বেলেগ পৰিস্থিতিত জীৱন সৃষ্টি কৰিবলৈ অসমৰ্থ|
যদি বুদ্ধিদীপ্ত নিৰ্মাণকৰ্তা সৰ্বশক্তিমান হয়েই, তেন্তে জীৱন সৃষ্টিৰ বাবে ইমানবোৰ সূক্ষ্ম হিচাপ-নিকাচ কৰি এক বিশেষ পৰিস্থিতি সৃষ্টি কৰি লোৱাৰ কি দৰকাৰ আছিল? যিকোনো পৰিস্থিতিতে তেওঁ জীৱন সৃষ্টি কৰিব পাৰিব লাগিছিল|
এই কথাই আমাক এটা বৰ গুৰুত্বপূৰ্ণ কথা আঙুলিয়াই দিয়ে, “যদি বুদ্ধিদীপ্ত নিৰ্মাণ সত্য, তেনেহ’লে সৃষ্টিকৰ্তা সৰ্বশক্তিমান নহয়”|
এইধৰণৰ সিদ্ধান্তক স্ব-বিৰোধ (self-contradiction) বোলে| বিজ্ঞানৰ পদ্ধতিত স্ব-বিৰোধিতাৰ কোনো স্থান নাই| (প্ৰসংগ : অনস্তিত্ব প্ৰমাণৰ পদ্ধতি)
বিশ্বব্ৰহ্মাণ্ডক লৈ হোৱা আধুনিক বিজ্ঞানৰ বহু অধ্যয়নেও বুদ্ধিদীপ্ত নিৰ্মাণৰ অসাৰতা প্ৰতিপন্ন কৰি আহিছে|
ধৰা হ’ল, বিশ্বব্ৰহ্মাণ্ড জীৱনৰ অস্তিত্বৰ বাবেই বিশেষভাৱে নিৰ্মাণ কৰা হৈছে| পিছে, ইয়াৰ কিমান শতাংশ বাৰু জীৱন সৃষ্টিৰ বাবে উপযুক্ত| সংখ্যাটো অবিশ্বাস্যভাৱে সৰু| সংখ্যাটো হ’ল ০.০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০৭৩ শতাংশ|
গোটেই ছবিখন এনেকৈ বুজিব পাৰোঁ| অলিম্পিকৰ ছুইমিং পুলৰ সমান ডাঙৰ ৬০ লাখটা পুখুৰীত মুঠতে এটা পানীৰ অণু পোৱা গৈছে, আৰু কোনোবাই কৈ আছে – এই পুখুৰীকেইটা পানী থাকিবৰ বাবে বুদ্ধিদীপ্তভাৱে নিৰ্মাণ কৰা হৈছে|
চিন্তা কৰিব পৰা মানুহ মাত্ৰেই এই কথাটো হাস্যকৰ বুলি পতিয়ন যাব|
বুদ্ধিদীপ্ত নিৰ্মাণ নিটোল ৰূপৰ অপযুক্তি| বৈজ্ঞানিক অধ্যয়নৰ পদ্ধতি ব্যৱহাৰ কৰি ইয়াৰ অন্তঃসাৰশূন্যতা উদঙাই দিব পৰা যায়|

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *