এজন বিজ্ঞান শিক্ষকৰ পৰা সমাজে কি বিচাৰে? কি বিচৰা যুগুত? –(সিদ্ধাৰ্থ লাহিড়ী)

অসমৰ শিক্ষানুষ্ঠানবিলাকত বিজ্ঞান শিক্ষকৰ বৰ অভাৱ৷ বিজ্ঞান-মনস্ক বিজ্ঞান শিক্ষক বোলা প্ৰজাতিটোৰ কাচিৎ দুই-এজন সদস্যক লগ পালে এই বিৰল প্ৰজাতিটো এতিয়াও হেৰাই যোৱা নাই বুলি অৱগত হোৱাৰ পিছত আমি সন্তোষ প্ৰকাশ কৰোঁ৷ এজন বিজ্ঞান-মনস্ক বিজ্ঞান শিক্ষকৰ মাজত নেৰা নেপাৰাকৈ লাগি থকা বিজ্ঞানী এজনো লুকাই থকা বুলি গম পালে কথাটো নিজেই এটা উল্লেখযোগ্য অবিষ্কাৰ যেন হয়, অথচ স্বাভাৱিক কথা সেইটোহে হ'ব লাগিছিল যে, প্ৰতিজন বিজ্ঞানীয়ে নিজা উপলব্ধিবোৰ তেখেতেসকলৰ পৰা জানিবলৈ আগ্ৰহী, উৎসুক শিক্ষাৰ্থীসকলৰ মাজত মেলি দিব৷ বিজ্ঞানী এজনে পৰীক্ষাগাৰ, শ্ৰেণীকোঠা, বজাৰ, পৰিয়াল এই সকলো ঠাইতে যে কুসংস্কাৰ আৰু অন্ধবিশ্বাস মুক্ত এবিধ অখণ্ডিত জীৱন-যাপন কৰিব -- ইয়াতকৈ স্বাভাৱিক আচৰণবিধিনো আৰু কি হ'ব পাৰে? কিন্তু আমাৰ নিচিনা পিচপৰি থকা সমাজবোৰৰ অনাকাংক্ষিত বাস্তৱতা সেয়াই যে ইয়াত বিজ্ঞান শিক্ষা, বিজ্ঞান মনস্কতা, পৰীক্ষা নিৰীক্ষা সকলো বিষয় ইটো সিটোৰ পৰা বিচ্ছিন্ন হৈ পৰিছে৷ দুই-এজন কৰ্মীয়ে অ'ত ত'ত নেৰা নেপেৰাকৈ লাগি নথকা নহয়, কিন্তু ফাট বিলাক বাঢ়ি গৈ আছে৷

সৎ মানুহবিলাক হতাশাত ভুগিছে৷ আমাৰ সমাজত প্ৰতিভাৰ অভাৱ নাই, কিন্তু প্ৰতিভাৰ বিকাশৰ বাবে প্ৰয়োজনীয় সুস্থ পৰিৱেশৰ বৰ অভাৱ৷ যিহেতু সুস্থ পৰিৱেশ নিজে নিজে তৈয়াৰ নহয়, গতিকে পৰিৱেশ নিৰ্মাণ প্ৰকল্পত বিশিষ্ট ভূমিকা লোৱা বুলি ভবা শিক্ষকৰ আৰু বিজ্ঞান শিক্ষকৰ সামাজিক স্থিতিৰ বিশ্লেষণ নিঃসন্দেহে এটি গুৰুত্বপূৰ্ণ বিষয়৷ এই লিখনিৰ চমু পৰিসৰৰ মাজত আমি প্ৰধানকৈ দুটা বিষয়ৰ ওপৰত আলোচনাটো কেন্দ্ৰীভূত কৰিব খুজিছোঁ৷ এক, এজন বিজ্ঞান শিক্ষকৰ পৰা সমাজে কি বিচাৰে? দুই, কি বিচৰা যুগুত? আলোচনা ক্ৰমে আমি দেখুৱাবলৈ যত্ন কৰিম যে, সমাজ লৈ লৈ 'বিজ্ঞান' সম্পৰ্কীয় ৰাজহুৱা ধাৰণাৰ মাজত যথেষ্ট অসুস্থতা আৰু বিভ্ৰান্তি থাকে৷ এই বিভ্ৰান্তিয়ে বিজ্ঞান শিক্ষকসকলকো প্ৰভাৱিত কৰে৷ গৱেষণা আৰু শিক্ষকৰ অবিচ্ছেদ্য বন্ধনৰ মাজত ফাঁট মেলাই নহয়, এক অযথা দূৰত্বৰ দৃষ্টি হয়৷ এই দিশবোৰৰ প্ৰতি মাথোঁ সজাগতাই যথেষ্ট নহয়, সচেতন বিজ্ঞান শিক্ষক মাত্ৰেই সক্ৰিয় হৈ উঠাটোও খুবেই জৰুৰী৷

বিজ্ঞান বুলি ক'লে সাধাৰণতে কি বুজোৱা হয়?

Chambers 20th century dictionary-তscience-বুলি কওঁতে বুজোৱা হৈছে -- "Knowledge ascertained by observation and experiment, critically tested, systematized, and brought under general principles" (পৰ্যবেক্ষণ আৰু পুংখানুপুংখভাবে পৰীক্ষা কৰি সাধাৰণ সূত্ৰৰ অন্তৰ্ভূক্ত কৰি লোৱা প্ৰণালীবদ্ধ আৰু সুনিশ্চিত জ্ঞানকে বিজ্ঞান বোলা হয়।) বিজ্ঞানৰ এই পৰিভাষা বিতৰ্কৰ উদ্ধৰ্ত বুলি ক'ব নোৱাৰি।

বিশেষকৈ 'ascertain' শব্দটো যাৰ জৰিয়তে সুনিশ্চয়তা বোধক ধাৰণা মেলি দিয়া হয়। সেই দিশত হাইজেনবাৰ্গৰ অনিশ্চয়তাৰ সূত্ৰ (Heisenberg’s uncertainty principle) আৰু তাৰ পৰৱৰ্তী কালত বিখ্যাত দাৰ্শনিক কাৰ্ল পপাৰৰ ধাৰণাৰ কথা উনুকিয়াব পাৰি। অনিশ্চয়তাৰ সূত্ৰ অনুসৰি তীব্ৰবেগী আণৱিক পৰিমণ্ডলত একে কোবতে কণিকাবোৰৰ স্হান আৰু ভৰবেগ সুনিৰ্দিষ্ট ভাবে কব পৰা নাযায়। স্হান সম্পৰ্কীয় অনিশ্চয়তা আৰু ভৰবেগ সম্পৰ্কীয় অনিশ্চয়তাৰ পূৰণ এটি স্হিৰাংক (Planck’s constant = 6.62607004 x 10-34 Jule. Second)‌। কাৰ্ল পপাৰৰ মতে, "If we adhere to our demand that scientific statements must be objective, then those statements which belong to the empirical basis of science must also be objective, i.e. inter subjectively testable, thus if the basic statements in their turn are to be inter-subjectively testable, there can be no ultimate statements in science. There can be no statements in science which can not be tested, and therefore none which cannot in principle be refuted, by falsifying some of the conclusions which can be deduced from them.” (1) ( আমি যদি বৈজ্ঞানিক উক্তিবোৰৰ বস্তুনিষ্ঠতা অপৰিহাৰ্য্য বুলি বিবেচনা কৰোঁ, তেন্তে বিজ্ঞানৰ ব্যৱহাৰিক ভেঁটিৰ ওপৰত ঠিয় হৈ থকা তত্ববোৰ বস্তুনিষ্ঠ হ'বই লাগিব। গতিকে মৌলিক সূত্ৰবোৰ যদি বেলেগ - বেলেগ বিষয়ৰ জৰিয়তে পৰীক্ষা কৰি চাব পৰা হোৱাটো জৰুৰী হয় বিজ্ঞানৰ শেষ কথা বুলি একোৱেই থাকিব নোৱাৰে। বিজ্ঞানত পৰীক্ষা কৰি চাব নোৱাৰা কোনো তত্ত্বৰ স্হান নাই, আৰু সেয়েহে, নীতিগতভাৱে যিবোৰ তত্ত্বৰ খণ্ডন কৰিব পৰা নাযায় সেইবোৰ তত্বৰ পৰাই গা কৰি উঠা আন কিছুমান তত্বৰ মাজত যদি ভুল বুলি প্ৰমাণিত হ'ব পৰাৰ সম্ভাৱনা নাথাকে, তেন্তে সেইবোৰৰো কোনো স্হান নাই।) মন কৰিব, যেতিয়া আমি পৰীক্ষা-নিৰীক্ষাৰ জৰিয়তে বিজ্ঞানৰ নিয়মৰ verifiability (সত্যাসত্য নিৰূপন কৰিব পৰা বিধৰ)ৰ কথা কওঁ, আওঁপকীয়াকৈ বুজাব খোজা হয় যে, কেইটামান ধ্ৰুৱসত্য বৰ্তমান (অৰ্থাৎ, সত্য অপৰিৱৰ্তনশীল) যাৰ চাৰিওফালে উপস্হিত বাস্তৱতা নিৰন্তৰ নিজা ৰঙ সলাই থাকে। আনহাতে,পপাৰৰ বক্তব্য হ'ল যদি বিশ্ব- ব্ৰহ্মাণ্ডৰ সকলো তত্বই পৰিৱৰ্তনশীল, ‘বৈজ্ঞানিক সত্য' তাৰ ব্যতিক্ৰম হ'ব নোৱাৰে। 'বৈজ্ঞানিক সত্য'ৰ পৰিৱৰ্তনশীলতাৰ অৰ্থই হ'ল - ই ভ্ৰান্ত প্ৰমাণিত হ'ব পৰা সম্ভাৱনা (Falsifiability)। পপাৰৰ এই ধাৰণাই জ্ঞানতত্বৰ (epistemology) ভেঁটিটোকে কঁপাই তুলিছিল। সেই কঁপনি এতিয়াও অব্যাহত আছে। এতিয়া আহোঁ আমাৰ নিচিনা আধা সামন্তীয় আধা ঔপনিৱেশিক সৰ্ম্পকৰ মেৰপাকত সোমাই থকা তৃতীয় বিশ্বৰ দৰিদ্ৰ সমাজবোৰত 'বিজ্ঞান' বুলি কওঁতে কি বুজোৱা হয় সেই কথাটোলৈ। সাধাৰণভাবে প্ৰচলিত ধাৰণাটো হ’ল বিজ্ঞান অংকৰ নিচিনাই‌ টান এবিধ বিষয য'ত নানা ৰকমৰ 'প্ৰেক্টিকেল' কৰিবলগীয়া হয়, বিশেষ চোকা বুদ্ধিৰ নহ'লে য'ত বৈতৰণী পাৰ হোৱা যথেষ্ট টান৷ কিবা প্ৰকাৰে ভাল ফলাফল দেখুৱাব পাৰিলে কিন্তু উন্নতিৰ জখলা বগাই বহু ওপৰলৈকে যাব পাৰি৷ গতিকে সৰুৰে পৰা চোকা হ'লে 'চায়েঞ্চ' আৰু ভোটা হ'লে 'আৰ্টচ্' - সেইটো যেন এক অৱধাৰিত কথা৷ আনহাতে পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থা হোৱা বাবে সাধাৰণতে ছোৱালীবোৰক ল'ৰাৰ তুলনাত কিছু কম চোকা বুলি ভৱা হয়, সেয়েহে আন যি চিনাকিয়েই গঢ় দিয়া নহওক কিয় ভাত ৰন্ধাটোৱেই যিহেতু 'বাস্তৱ সত্য' গতিকে 'চায়েঞ্চ' পঢ়ি কিনো ফালিব? ঠাই লৈ এইবোৰ ধাৰণাৰ উনৈশ-বিছ হোৱাৰ পিছতো এইটোৱেই সংখ্যাগৰিষ্ঠ ৰাইজৰ মনত 'বিজ্ঞান' সম্পৰ্কীয় সাধাৰণ জ্ঞান আৰু 'বিজ্ঞান শিক্ষাৰ' সাধাৰণ উপযোগিতা বুলি ক'লে বঢ়াই কোৱা নহব‌।

বিজ্ঞান শিক্ষকৰ পৰা সাধাৰণ প্ৰত্যাশা

বৈষয়িক উন্নতিৰ জখলা বগাবলৈ অলপ গাধা ছাত্ৰক বেতেৰে কোবাই কোবাই ঘোঁৰা বনাই দিব পৰা 'যাদুকৰ' বিজ্ঞান শিক্ষকৰ বহুত 'ডিমাণ্ড'৷ অভিভাৱকে ‘টুইচন’ৰ বাবে শাৰী পাতি ৰৈ থাকে৷ যি বিজ্ঞান শিক্ষকৰ যাদুকৰী স্পৰ্শই চাঁত্ কৈ নম্বৰ বাঢ়ি যোৱাত সহায় কৰে; ডাক্টৰ ইঞ্জিনীয়াৰ হোৱাৰ বাটটো সুগম কৰি তোলে, তেওঁলোককে 'ভাল বিজ্ঞান শিক্ষক' বুলি কোৱা হয়৷ যিজন বিজ্ঞান শিক্ষকে আদৰ্শগত কাৰণত ‘টুইচন’ নকৰাৰ কথা কয, কিন্তু অন্তঃদৃষ্টি (vision) গঢ় দিয়াৰ মন থাকিলে সহযোগিতাৰ আশ্বাস দিয়ে, অভিভাৱকে(বিশেষকৈ আঢ্যৱন্ত চামটোৱে) তেওঁলোকৰ ওপৰত ভৰসা কৰিব নোৱাৰে, আন এটা দিশ হ'ল - টোল খুলি ধুমাধুম ‘টুইচন’ কৰা শিক্ষকজনে 'কৰিব লগীয়া সকলো কাম' যেনে - নগৰৰ মাজমজিয়াত ফ্লেট কিনাৰে পৰা আদি কৰি নতুন মডেলৰ চাৰিচকীয়া যানৰ বাবে শকত 'ই এম্ আই', গৃহিণী আৰু ল'ৰা-ছোৱালীক শ্বপিঙৰ বাবে উদাৰ অনুদান, প্ৰতিবছৰ সপৰিবাৰে বিদেশ ভ্ৰমণ আদি কামবোৰো অনায়াসে কৰিব পাৰে৷ প্ৰকৃতিৰ ৰহস্যৰ মাজত প্ৰণালীবদ্ধ অধ্যয়নেৰে বাট বিছাৰি ফুৰা শিক্ষকৰ সংসাৰ জৰাজীৰ্ণ নহলেও তাত প্ৰাচুৰ্যৰ অভাৱ, কিতাপ কিনোতে ভালেখিনি যায়গৈ, অলপ গান শুনাৰ চখ থাকিলেতো কেচেট-চিডি কিনোতেও কিছু ধন খৰচ হয়৷ বেংক বেলেঞ্চ বুলি ক'লে যিখিনি থাকে মাটি কিনাৰ কথা ভাৱিবও নোৱাৰি, গতিকে পৰিয়ালৰ মাজত অনিশ্চয়তা আৰু অসুৰক্ষিত অৱস্থা সদায় বিৰাজ কৰে৷ সেয়েহে এইবিধ শিক্ষকে যচা 'বিজ্ঞান শিক্ষাৰ' প্ৰতি অভিভাৱকৰ থাকে বিশেষ অনীহা৷ 'অতি সোনকালে কিবা এটা কৰি দেখুউৱাৰ' চাপৰ মাজত থকা ছাত্ৰ-ছাত্ৰীৰ বাবেও বাৰে প্ৰতি 'ফাণ্ডামেন্টেল ক্লিয়াৰ' বুলি কৈ থকা শিক্ষকৰ পৰা এবিধ সম্ভ্ৰম মিশ্ৰিত দুৰত্বৰ সৃষ্টি হয়৷ সাধাৰণতে অভাৱী ঘৰৰ পৰা উঠি অহা দুই এজন ছাত্ৰ-ছাত্ৰীয়ে (‘টুইচন’ লোৱাৰ সামৰ্থ নথকাৰ ফলত) উক্ত শিক্ষকৰ লগত 'শেষ অৱলম্বনৰ' নিচিনাকৈ লাগি থাকে৷ কেতিয়াবা এই চামটোৰ পৰাই দুই এজনে 'ব্ৰিলিয়ান্ট ৰিজাল্ট' কৰে, উচ্চ মাধ্যমিকত 'ষ্টেণ্ড' কৰে৷ এই ধৰনৰ ঘটনা সদায় নঘটে৷ যিদৰে বিজ্ঞান শিক্ষা গ্ৰহণ কৰি বিজ্ঞানী হোৱাৰ ঘটনাটোও একে নিয়ম অনুসৰন কৰি সদায় নঘটে৷

গৱেষণা আৰু শিক্ষকতা

আগ বাঢ়ি থকা স্বাধীন দেশ বিলাকত উচ্চ শিক্ষানুষ্ঠান আৰু গৱেষণা কেন্দ্ৰবিলাক বিচ্ছিন্ন কৰি ৰখা নহয়৷ স্বতন্ত্ৰ গৱেষণা কেন্দ্ৰতো থাকেই, উচ্চ শিক্ষানুষ্ঠান বিলাকতো গৱেষণাৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা যায়৷ সঁচাকৈ কবলৈ গ'লে গৱেষণাৰ সাৰ্বজনীন উপস্থিতিয়ে বিষয়টোক ইমানেই স্বাভাৱিক কৰি তোলে যে ইয়াক বেলেগকৈ মহিমামণ্ডিত কৰি তোলাৰ প্ৰৱণতা লোপ পায়৷ গতিকে বিজ্ঞান শিক্ষা ব্যৱস্থাটোকো তাত 'সমস্যা সমাধানমূলক দৃষ্টিভংগী'ৰ (problem solving approach) পৰাই পৰিচালনা কৰা হয়৷ আনহাতে আমাৰ দৰে পৰাধীনতাৰ সুদীৰ্ঘ ইতিহাস থকা দেশবিলাকত আধুনিক বিজ্ঞান শিক্ষাৰ মূল তাগিদা আহিছিল 'যন্ত্ৰ চালনাৰ' বাবেহে, 'যন্ত্ৰ উদ্ভাৱনৰ' বাবে নহয়৷ গতিকে ইয়াত 'কোনে কিমান জানে', 'কাৰ কিমান অভিজ্ঞতা আছে' সেইবিলাক হয় জ্ঞানৰ বুজ লোৱাৰ মাপকাঠি৷

জ্ঞান উৎপাদন (knowledge production)তকৈ জ্ঞান সঞ্চয় (knowledge accumulation)-ক উচ্চশিক্ষাৰ মূল উদ্দেশ্য বুলি ভৱা হয়৷ আমাৰ ইয়াত 'নোটচ্' ৰ ভাল বজাৰ আছে৷ যথেষ্ট সম্ভাৱনা থকা এচাম শিক্ষক-শিক্ষয়ত্ৰী এইবোৰ বজাৰৰ গণ্যমান্য কাৰবাৰী৷ এই প্ৰেক্ষাপটত 'পি এইচ ডি' পোৱাৰ হাৰ আগৰ তুলনাত বৃদ্ধি পাইছে৷ কিন্তু স্বাভাৱিকতে একে হাৰত গৱেষণাৰ শ্ৰীবৃদ্ধি হোৱা নাই৷ বিজ্ঞানৰ শিক্ষা আৰু গৱেষণাৰ মাজত অবাঞ্ছিত ব্যৱধান গঢ় লৈ উঠিছে৷ দৈনন্দিন জীৱন যাত্ৰাত যেতিয়া ক্লাছ, প্ৰেক্টিকেল, পৰীক্ষা, সময়মতে ৰিজাল্ট দিয়া আদি ঘটনাবিলাক নিয়ম-মাফিক ঘটি থাকে, ভাৱ হয় যেনিবা সকলো ঠিকে ঠাকে চলি আছে৷ কিন্তু যেতিয়াই বানপানী, গৰাখহনীয়া, ভূইকঁপৰ দৰে ঘটনাবিলাক ঘটে, নিৰ্ভৰযোগ্য স্থানীয় বিশেষজ্ঞ বিছাৰি আমাৰ হাবাথুৰি খাবলগীয়া হয়৷ সমাধান দুৰ অস্ত-বিষয় বিলাক ভালদৰে ঢুকি পোৱা মানুহৰ সংখ্যাও ইমানেই তাকৰ যে বিদেশৰ পৰা বিশেষজ্ঞ মাতিলেহে কিবা এটা সমাধান ওলাই আহিব‌ -- এই ধৰণৰ জনমত গঠন হওঁতে বেছিপৰ নালাগে৷ এই পৰনিৰ্ভৰতাই স্বাধীন দেশৰ নাগৰিক হোৱা সত্ত্বেও কাৰ্যতঃ দিনক দিনে আমাৰ পৰাধীনতাৰ মাত্ৰা বৃদ্ধি কৰিছে৷ অনাহাৰ আৰু অৰ্ধাহাৰৰ মাজত যেতিয়া সংখ্যাগৰিষ্ঠ ৰাইজে জীৱন কটাবলগীয়া হয়, তেনে সমাজত উচ্চ-শিক্ষা ল'ব পাৰিলে ভাল চাকৰি, প্ৰচুৰ মাত্ৰাত স্নেহ-জাতীয় খাদ্যৰ অখণ্ড নিৰাপত্তা আৰু পৰিশ্ৰমী জীৱন যাত্ৰা পৰিহাৰ কৰা, সেই বিলাকেই হৈ উঠে 'সুখ-সাফল্য আৰু সমৃদ্ধিৰ' মূল মাপকাঠি৷ সম্প্ৰতি, জীৱন যাপনৰ এই 'মডেল'টোক লৈ বিজ্ঞান-মনস্ক বুজন সংখ্যক মানুহৰ মনত সন্দেহ ওপজাটো খুবেই আশাব্যঞ্জক দিশ বুলি কব পাৰি ৷

বিজ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান শিক্ষকৰ ভূমিকা

জীৱন যাপন যেতিয়া এবিধ গতানুগতিক অভ্যাসত পৰ্যবসিত হয় আৰু আমাৰ বৌদ্ধিক অস্তিত্ব যেতিয়া এবিধ জড় প্ৰণালীৰ অন্তৰ্গত হৈ উঠে তেতিয়া সকলো থকাৰ পিছতো অনিশ্চয়তাই সামাজিক ব্যাধিৰ নিচিনাকৈ গা-কৰি উঠে৷ বিজ্ঞানৰ প্ৰসাৰ নিঃসন্দেহে এটি গুৰুত্বপূৰ্ণ বিকল্প৷ কিন্তু বিজ্ঞানৰ প্ৰসাৰৰ লগত সংগতি ৰক্ষা কৰি যিহেতু বিজ্ঞান মনস্কতাৰো দ্ৰুত প্ৰসাৰ ঘটে, শাসক শ্ৰেণীয়ে সেইটো অন্তৰৰ পৰা নিবিছাৰে, আজি সাধাৰণ ৰাইজে অধিক প্ৰশ্ন কৰিবলৈ বিছাৰিলে কাইলৈ কিছুমান সাধাৰণ প্ৰশ্ন যেনে "আমাৰ ব্যৱস্থাত ধনীয়ে আৰু ধনী কিন্তু দুখীয়াই আৰু দুখীয়া হৈ গৈ থাকে কিয়?" ,"কিয় উচ্চ শিক্ষা আঢ্যৱন্ত ঘৰৰ ল'ৰা ছোৱালীৰ বাবেহে সংৰক্ষিত কৰিব খোজা হৈছে?", "কিয় ডাঙৰ ডাঙৰ বিল্ডিং সজাৰ বাবে ধনৰ অভাৱ হোৱা নাই অথচ পৰীক্ষাগাৰ বিলাকক সচল ৰখাটোহে ডাঙৰ সমস্যা হৈ উঠিছে??" – এইবোৰ প্ৰশ্ন নুঠাকৈ নাথাকে আৰু এই সকলো প্ৰশ্নৰ প্ৰণালীবদ্ধ অধ্যয়নে জিজ্ঞাসু মনবিলাকক 'ৰাষ্ট্ৰ আৰু বিপ্লৱ' (2) গ্ৰন্থখন বাৰে প্ৰতি মেলি চাবলৈ অনুপ্ৰাণিত কৰিলে আচৰিত হবলগীয়া একো নাই৷ মুকলি বজাৰ অৰ্থনীতিৰ হকে কাম কৰি থকা শক্তি বিলাকৰ বাবে এই ধৰনৰ প্ৰশ্নমুখী পৰিৱেশ অতি অশুভ৷ গতিকে এওঁলোকে বিজ্ঞানৰ বিকাশক বাধা দিয়ে কিন্তু পৰনিৰ্ভৰ প্ৰযুক্তি চৰ্চাক উৎসাহ যোগায, অকল সেয়াই নহয় বজাৰত মেলি দিয়া নিত্য নতুন প্ৰযুক্তিৰ গুণাগুণ সম্পৰ্কীয় তথ্যৰ তুলনামূলক অধ্যয়নত নিৰন্তৰ ব্যস্ত মানুহজনক "প্ৰকৃত বিজ্ঞানী" বুলি চিহ্নিত কৰি (বিভিন্ন বঁটা আদি প্ৰদান কৰি) সুস্থ ধাৰণাৰ মাজত খেলিমেলি লগাই দিয়ে৷ সীমিত ক্ষমতাৰ মাজতো এজন সমাজ সচেতন আৰু পৰিৱৰ্তনকামী বিজ্ঞান শিক্ষকে শিক্ষাৰ্থীসকলৰ মাজত এই বিষয়বিলাকৰ ওপৰত সৃষ্ট ধাৰণা আগ বঢ়াবলৈ নেৰানেপেৰাকৈ সংগ্ৰাম চলাই যাব পাৰে, আজিৰ তাৰিখত বিজ্ঞানৰ প্ৰসাৰৰ বাবে, বিজ্ঞান মনস্কতাৰ বিকাশৰ বাবে, বিজ্ঞানী হৈ উঠাৰ বাবে চলোৱা নিৰন্তৰ সংগ্ৰামতকৈ অধিক পৱিত্ৰ ব্ৰত একোৱেই হব নোৱাৰে‌।

সূত্ৰঃ

1. Karl Raimund Popper, 1959. The logic of Scientific Discovery, Hutchinson & Co. Ltd London, UK (Revised eighth impression 1975), P.47
2. Vladimir Ilyich Lenin,1917. The State and Revolution, Foreign Language Press Peking (published in 1976)

(লেখাটোৰ ইউনিক'ড ৰূপান্তৰক: মৃদুলা সোণোৱাল, গৌৰীশংকৰ দাস আৰু হীৰ' শৰণীয়া)

Share Button
Print Friendly, PDF & Email

No Comments : "এজন বিজ্ঞান শিক্ষকৰ পৰা সমাজে কি বিচাৰে? কি বিচৰা যুগুত? –(সিদ্ধাৰ্থ লাহিড়ী)"

Leave a Comment

Your email address will not be published. Required fields are marked *