বিজ্ঞানৰ ইতিহাস (৫ম খণ্ড) : প্ৰাচীন গ্ৰীক সভ্যতাত বিজ্ঞানৰ বিকাশ – (প্ৰথম ভাগ) - আৰহান ইনামূল

220px-aristotle_altemps_inv8575

প্ৰাচীন গ্ৰীক সভ্যতাৰ লগতে মানৱ সভ্যতালৈ অনবদ্য অৱদান আগ বঢ়াই থৈ যোৱা গ্ৰীক দাৰ্শনিক এৰিষ্ট’টলৰ এটা প্ৰতিমূৰ্তি

প্ৰাচীন ইজিপ্টীয়, বেবিলনীয় বা ভাৰতীয় সভ্যতাসমূহত বিজ্ঞানৰ যি বিকাশ হৈছিল তাৰ লগত প্ৰাচীন গ্ৰীক সভ্যতাত হোৱা বিজ্ঞানৰ বিকাশৰ ধাৰাৰ মাজত এক স্পষ্ট পাৰ্থক্য আছে। উল্লেখ্য যে গ্ৰীক সভ্যতাত হোৱা বিজ্ঞানৰ বিকাশ সম্পূৰ্ণৰূপে দৰ্শনকেন্দ্ৰিক হোৱাৰ পৰিৱৰ্তে অন্য সমসাময়িক সভ্যতাসমূহত হোৱা বিজ্ঞানৰ বিকাশ প্ৰায় সম্পূৰ্ণৰূপে ধৰ্ম বা ধৰ্মীয় পৃষ্ঠপোষকতাত হৈছিল। যাৰ ফলস্বৰূপে গ্ৰীচত হোৱা বিজ্ঞানৰ বিকাশৰ মূল ভিত্তি আছিল ধৰ্মনিৰপেক্ষ দৰ্শন আৰু তাৰ প্ৰেক্ষাপটত অন্ধবিশ্বাস বা কু-সংস্কাৰৰ প্ৰভাৱহীন পৰ্যবেক্ষণ। সেই যুগতেই প্ৰাচীন গ্ৰীচৰ দাৰ্শনিক তথা বিজ্ঞানীসকলে কোনোধৰণৰ অলৌকিক অস্তিত্ব বা অতি ভৌতিক প্ৰভাৱক আওকাণ কৰি যুক্তিবাদৰ ভেটিত বিজ্ঞানৰ চিন্তা-চৰ্চা কৰিবলৈ সুযোগ পাইছিল। তেওঁলোকে এই কথা অনুধাৱন কৰিব পাৰিছিল যে চৌপাশৰ ঘটনাৱলী কোনো অতি-প্ৰাকৃতিক প্ৰভাৱত নহয়, প্ৰাকৃতিক কাৰকৰ প্ৰভাৱতহে হয়, আৰু প্ৰতিটো ঘটনাৰ একো একোটা প্ৰাকৃতিক কাৰণ থাকে। থেলছ অব মিলেটাছক প্ৰথমজন গ্ৰীক বুলি স্বীকৃতি দিয়া হয় যি প্ৰায় ৬০০ খ্ৰীষ্টপূৰ্বতেই এই কথা দাবী কৰিছিল যে বিশ্বখনক আৰু ইয়াৰ প্ৰতিটো পৰিঘটনাক প্ৰাকৃতিক কাৰণৰ ভিত্তিত ব্যাখ্যা কৰিব পাৰি। মিলেটাছৰ থেলছে বাস কৰিছিল আজিৰ সময়ৰ "তুৰ্কী"ৰ "ল'নিয়া" নামৰ চহৰত, এই চহৰখনেই আছিল সেই বৃহৎ বৌদ্ধিক-বৈজ্ঞানিক জাগৰণৰ কেন্দ্ৰবিন্দু, যাক কোৱা হয় "“Ionian awakening”। উল্লেখনীয় যে সেয়া আছিল প্ৰাচীন গ্ৰীক সভ্যতাৰ প্ৰাৰম্ভিক জাগৰণ। আশ্চৰ্যকৰভাৱে সেই সময়ছোৱাতেই গ্ৰীকসকলে এনে কিছুমান ধাৰণা আৰু বৈজ্ঞানিক দৰ্শনৰ চৰ্চা কৰিছিল যি আজিৰ আধুনিক বিজ্ঞানৰ বহু দিশৰ লগত প্ৰায় সদৃশ।

thales

থেলছ অৱ মিলেটাছ

গ্ৰীক সভ্যতাৰ বিজ্ঞানৰ বা গণিতৰ যি বিকাশ আছিল তাত আটাইতকৈ বেছি সহায়ক আছিল ইজিপ্টীয় গণিতৰ বিকাশৰ প্ৰভাৱ। যেতিয়া বাণিজ্য বা ৰাজনীতি আদিৰ পাৰস্পৰিক বুজাবুজিৰ জৰিয়তে গ্ৰীকসকল ইজিপ্টীয় সভ্যতাৰ ধাৰাৰ সংস্পৰ্শলৈ আহিছিল তেতিয়া তেওঁলোক ইজিপ্টীয় গণিত, জ্যামিতি আৰু জ্যোতিৰ্বিজ্ঞানৰ বিকাশৰ লগত পৰিচিত হৈছিল। ইয়াৰ প্ৰভাৱতেই গ্ৰীকত গণিত-জ্যামিতি-জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ এক অভূতপূৰ্ব পৰিবেশ আহি পৰিছিল। যাৰ ফলত হঠাতে গ্ৰীচত বিজ্ঞানৰ তথা প্ৰযুক্তিবিদ্যাৰ এক অভাবনীয় বিকাশ আৰম্ভ হৈছিল। ১৯৪ খ্ৰীষ্টপূৰ্বত মৃত্যুবৰণ কৰা "আলেকজেণ্ড্ৰিয়াৰ এৰাট'স্থেনছ"য়ে জ্যোতিৰ্বিজ্ঞান আৰু ভূগোল বিষয়ক বহুতো পৰ্যবেক্ষণসমৃদ্ধ লেখা লিখি গৈছিল। তেওঁকেই বিশ্বৰ প্ৰথমজন ব্যক্তি হিচাপে স্বীকৃতি দিয়া হয় যি প্ৰথমবাৰৰ বাবে পৃথিবীৰ পৰিধি জুখিছিল।

উদ্ভিদবিজ্ঞানৰ ক্ষেত্ৰত হোৱা বিকাশ
প্ৰাচীন গ্ৰীচত উদ্ভিদবিজ্ঞানৰ যি বিকাশ হৈছিল তাৰ ভেটি গঢ় লৈছিল তাত কৃষিখণ্ডত হোৱা প্ৰযুক্তিগত বিকাশৰ ওপৰত। সেই সময়তেই, প্ৰায় ৩০০ খ্ৰীষ্টপূৰ্বৰ সময়ছোৱাত গ্ৰীচৰ লগতে সমগ্ৰ বিশ্বক নিজৰ দৰ্শন, পৰ্যবেক্ষণ আৰু অনুসন্ধানমূলক ব্যাখ্যা তথা বৈজ্ঞানিক ধাৰণাৰ ব্যাখ্যাৰে উপকৃত কৰা এৰিষ্ট’টলে গ্ৰীচৰ সভ্যতাক নিজৰ পাণ্ডিত্যৰে যথেষ্ট পৰিমাণে আগুৱাই লৈ গৈছিল। তেওঁ তেতিয়ালৈকে পৃথিৱীত চিনাক্ত হোৱা প্ৰায় প্ৰতিবিধ উদ্ভিদৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল। তেওঁ সেই উদ্ভিদৰ ওপৰত কৰা অনুসন্ধানৰপৰা বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ জীৱন প্ৰক্ৰিয়া তথা বৃদ্ধি-বিকাশৰ ওপৰত জ্ঞান বৃদ্ধি কৰিব পৰা তথ্য পোহৰলৈ আহিছিল।

200px-teofrasto_orto_botanico_detail

উদ্ভিদবিজ্ঞানৰ পিতৃ থিয়'ফ্ৰেছটাছ

এৰিষ্ট’টলে উদ্ভিদ বিজ্ঞানৰ লগতে গণিত আৰু বিজ্ঞানৰ অন্য শাখাসমূহৰ ওপৰতো যথেষ্ট গৱেষণা আৰু চিন্তা-চৰ্চা কৰিছিল। তেওঁৰেই ছাত্ৰ থিয়'ফ্ৰেছটাছে এৰিষ্ট’টলে অধ্যয়ন কৰা উদ্ভিদবিলাকৰ শ্ৰেণী বিভাজন কৰাৰ লগতে নামাকৰণো কৰিছিল। সেয়ে থিয়'ফ্ৰেছটাছক প্ৰায়েই উদ্ভিদবিজ্ঞানৰ পিতৃ বুলি গণ্য কৰা হয়। তেওঁ আৰু এৰিষ্ট’টলে উদ্ভিদবিজ্ঞানৰ অধ্যয়নৰ যি ধাৰাৰ ভেটি নিৰ্মাণ কৰিছিল সেয়াই আধুনিক উদ্ভিদবিজ্ঞানৰ প্ৰাথমিক ভেটি বুলি মানি লোৱা হয়। যিহেতু মানুহে পৰোক্ষ বা প্ৰত্যক্ষভাৱে উদ্ভিদৰ ওপৰতেই নিৰ্ভৰ কৰিব লগীয়া হয় খাদ্যৰ বাবে সেয়ে প্ৰাচীন গ্ৰীচৰ কৃষিখণ্ডৰ বিকাশৰ ওপৰত এৰিষ্ট’টল আৰু থিয়'ফ্ৰেছটাছৰ অধ্যয়নে প্ৰভূত প্ৰভাৱ বিস্তাৰ কৰিছিল।

তলত এৰিষ্ট’টলে আগ বঢ়াই যোৱা কেইটামান মন্তব্য দিয়া হ’ল -

A line is not made up of points. … In the same way, time is not made up parts considered as indivisible 'nows.'
Part of Aristotle's reply to Zeno's paradox concerning continuity.
— Aristotle

Among natural bodies some have, and some have not, life; and by life we mean the faculties of self-nourishment, self-growth and self-decay. Thus every natural body partaking of life may be regarded as an essential existence; ... but then it is an existence only in combination. ... And since the organism is such a combination, being possessed of life, it cannot be the Vital Principle. Therefore it follows that the Vital Principle most be an essence, as being the form of a natural body, holding life in potentiality; but essence is a reality (entetechie). The Vital Principle is the original reality of a natural body endowed with potential life ; this, however, is to be understood only of a body which may be organized. Thus the parts even of plants are organs, but they are organs that are altogether simple; as the leaf which is the covering of the pericarp, the pericarp of the fruit. If, then, there be any general formula for every kind of Vital Principle, it is—the primary reality of an organism.
— Aristotle

ভূতত্ত্ব বিজ্ঞানৰ বিকাশ
আজিৰ আধুনিক সময়ত আমি যাক "জিঅ'লজি" বুলি জানো সেই বিশেষ বিজ্ঞানৰো মূল ভেটি ঠন ধৰি উঠিছিল প্ৰাচীন গ্ৰীচতেই। গ্ৰীকসকল পৃথিবীৰ সৃষ্টি, আকৃতি, গঠন আৰু আয়তনক লৈ যথেষ্ট অনুসন্ধিৎসু আছিল, আগ্নেয়গিৰি বা ভূমিকম্পৰ দৰে প্ৰাকৃতিক ঘটনাবোৰ সন্দৰ্ভত জানিবলৈ বা অধ্যয়ন কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল। গ্ৰীক দাৰ্শনিকসকলে পৃথিৱীৰ সৃষ্টি আৰু গঠনক কেন্দ্ৰ কৰি বহুতো ধাৰণা আগ বঢ়াইছিল। এৰাট'স্থেনিছ নামৰ প্ৰাচীন গ্ৰীচৰ বিজ্ঞানীজনেই পোন প্ৰথমবাৰৰ বাবে নিৰ্ভুলভাৱে পৃথিৱীৰ ব্যাস গণনা কৰি উলিয়াইছিল।
(ক্ৰমশঃ)

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞানৰ ইতিহাস (৫ম খণ্ড) : প্ৰাচীন গ্ৰীক সভ্যতাত বিজ্ঞানৰ বিকাশ – (প্ৰথম ভাগ) - আৰহান ইনামূল"

Leave a Comment

Your email address will not be published. Required fields are marked *