অনুবাদকবিতা

বিজ্ঞানত মই দহ পাইছোঁ (মূল: প্ৰণব ঘোষ, অনুবাদ: ৰুমা অধিকাৰী)

বিজ্ঞানত মই দহ পাইছোঁ, মাথো দহ
প্ৰশ্নবোৰ টান নাছিল, উত্তৰবোৰো জনা
ভাগ্য মোৰ প্ৰসন্ন নাছিল; গৈ পাওঁতেই হ’ল পলম৷
নহ’লে ; মই জানো বিজ্ঞানত ফেইল কৰা ছাত্ৰী?
পুৱাৰ পৰাই নানানটা অঘটন
ব্ৰেকফাষ্টত গোট কণী, ৰান্ধনীজনীয়ে নিয়মবোৰ নাজানে
ওমলেট কৰি দিলে কথা নাছিল, বিঘ্ননাশ হৈ গ’লহেঁতেন
লেটাৰ মাৰ্ক্স পোৱাটো খাটাং আছিল৷
কিন্ত ভাগ্যই বেয়া, গৈ পাওঁতেই অত্যধিক পলম হ’ল
ঘৰৰ পৰা যাত্ৰা কৰিবলৈ লওঁতেই
ককাই হাঁচিয়ালে— হা চ্ছি ই
আইতা তিকছি বিকছি উঠিল,
মাক ক’লে,— অ’ বোৱাৰী, হাঁচিয়ালে; এতিয়াই নাযায় যেন টুনী!
টিক্‌ টিক্‌ টিক্‌ হেন সময়তে৷
মায়ে ক’লে,— হ’ব অ অ অ
সেয়ে ৰ’ব লগা হ’ল শুভ ক্ষণলৈ 
হাঁচিৰ বিপদ শাম কাটিলে; কিন্তু ভৰি পৰিল চৌকাঠত! 
আকৌ বাধা, টুনী অলপ ৰৈ যা৷

কপালত দৈৰ ফোঁট, হাতত বিপদ নাশিনীৰ কৱচ;
কঁকালত বান্ধিছোঁ বৃহৎ মাদুলী
তথাপিও বিপদৰ উপৰি বিপদ!

এইবাৰ অতি সাৱধানে দুৱাৰ পাৰ হ’বলৈ ধৰোঁতেই
কণমানি ভণ্টীজনীয়ে চিঞৰিলে—
বা, বা চোৱাচোন চোৱা সৌজনী চৰাই!
কেনেনো ধুনীয়া হালধীয়া ঠোঁটটো,ৰঙচুৱা চকু আৰু বাদামী ৰঙৰ পাখীবোৰ!
মই চালোঁ,— হায় হায় সেইটো এটা শালিকী!
ৰিক্সাৱালাই বেল বজাইয়ে আছে
কিন্তু যাওঁ কেনেকৈ? বিযুৰীয়া শালিকীক যুৰীয়া কৰিবলৈ 
ঘৰৰ গোটেইবোৰে বিচাৰি আছে শালিকী ৷
শালিকীৰ যোৰ হ’ল৷

ৰিক্সা চলিল বেগেৰে
কিন্তু তাতো বিঘিণি
হঠাৎ ব্ৰেক, আগেৰে পাৰ হ’ল এটা ক’লা মেকুৰী !!

পলম হ’লেও স্কুল পালোঁগৈ
ভেটাভেটি হ’ল বিজ্ঞানৰ বাইদেউৰ স’তে
পলমৰ কাৰণ কলোঁ ভাঙি
শুনি খঙত জকজকাই উঠিল
বিজ্ঞানৰ ছাত্ৰী হৈ তোমাৰ এনে কু-সংস্কাৰ?
মুক্তমনৰ বাইদেউৱে ধমক চমক দি
বহিবলৈ দিলে
প্ৰশ্নকাকত দিলে, বহীও দিলে
হঠাতে বাইদেউৰ হাতলৈ চালোঁ
প্ৰৱাল, মুকুতা, ৰত্নেৰে সজ্জিত
বাইদেউৰ হাতৰ আঙুলি!
বিজ্ঞানত মই দহ পাইছোঁ, মাথো দহ
মোৰ দোষ ক’ত কোৱা ??

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *