বিহংগম দৃষ্টিৰে বিংশ শতিকা: (মূল-এৰিক হবছবম, ভাবানুবাদ -ময়ূৰ চেতিয়া)

(যোৱা সংখ্যাৰ পিছৰপৰা)

(৩)

১৯৯০ৰ পৃথিৱীখনৰ সৈতে ১৯১৪ৰ পৃথিৱীখন তুলনা কৰি চালে কেনেধৰণৰ দৃশ্য দেখা পোৱা যায়? ১৯৯০ চনত বিশ্বৰ মুঠ জনসংখ্যা আছিল পাঁচ বা ছয় বিলিয়ন; ১৯১৪ চনতকৈ প্রায় তিনিগুণ বেছি। অথচ এনে বিপুল জনসংখ্যাবৃদ্ধি এনে এটা শতিকাত ঘটিছিল যিটো শতিকাত পূর্বৰ সমস্ত ইতিহাসৰ তুলনাত আটাইতকৈ বেছি মানুহ আন মানুহৰ সচেতন পৰিকল্পনাৰ ফলত বা অৱহেলাৰ ফলত মৃত্যুমুখত পৰিছিল। এটা শেহতীয়া হিচাপ মতে বিংশ শতিকাত এনেদৰে মৃত্যু হোৱা মানুহৰ সংখ্যা হৈছে প্রায় ১৮৭ মিলিয়ন অর্থাৎ ১৯০০ চনৰ মুঠ বিশ্ব জনসংখ্যাৰ ১/১০ অংশতকৈ অলপমানহে কম। যি কি নহওক, ১৯৯০ৰ দশকৰ বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ওখ আছিল, অধিক ভাল খাদ্য খাবলৈ পাইছিল, অধিক ভাল অৱস্থাত জীয়াই আছিল তথা অধিক আয়ুস লাভ কৰিছিল। অৱশ্যে ১৯৮০ তথা ৯০ৰ দশকত আফ্রিকা, লেটিন আমেৰিকা তথা প্রাক্তন সমাজবাদী দেশবোৰত সংঘটিত হোৱা গণ্ডগোলবোৰলৈ চালে এনে পৰিসংখ্যাবোৰ অবিশ্বাস্য যেনেই ভাব হয়। পণ্যসামগ্রী তথা সেৱা উৎপাদনৰ ক্ষেত্রত তথা বিভিন্ন বৈচিত্রপূর্ণ পণ্যৰ উপলভ্যতাৰ ক্ষেত্রত ৯০ৰ দশকৰ পৃথিৱীখন পূর্বৰ সমস্ত ইতিহাসতকৈ অধিক ঐশ্বর্যময় হৈ পৰিছিল বুলি ক’ব পাৰি। অন্যথায় এক বিপুলসংখ্যক জনসংখ্যাক খুৱাই-পিন্ধাই ৰখাটো বিশ্বৰ বাবে সম্ভৱপৰ নাছিল। ১৯৮০ৰ দশক পর্যন্ত বেছিভাগ মানুহেই তেওঁলোকৰ পিতৃ-মাতৃতকৈ ভাল জীৱন যাপন যাপন কৰিছিল আৰু বিকশিত দেশবোৰলৈ চালে জীৱন স্তৰৰ বিকাশে কল্পনাৰ সীমাও চেৰাই গৈছিল; মানুহে নিজে আশা কৰাতকৈ বহু ভাল স্তৰত জীৱন অতিবাহিত কৰিবলৈ সুযোগ পাইছিল। শতিকাটোৰ মাজৰ অংশটোত কিছু সময়ৰ বাবে এনে অনুভৱো হৈছিল – যেন সমাজৰ বিপুল সম্পদসমূহ অন্ততঃ ধনী দেশৰ শ্রমজীৱী জনগণৰ মাজত কিছু দূৰৈলৈ ন্যায়সংগতভাৱে বিতৰণ কৰাৰ উপায়ো বিকশিত কৰিব পৰা গৈছে; অৱশ্যেই শতিকাৰ শেহৰছোৱালৈ অসমতা পুনৰ বৃদ্ধি হৈ আহিছিল। পূর্বৰ সমাজবাদী দেশবোৰতো এইবাৰ অসমতাই মূৰ দাঙি উঠিছিল – য’ত পূর্বে নিম্নস্তৰত হ’লেও সমতাৰ এটা বিশেষ স্তৰ লাভ কৰা হৈছিল। ১৯১৪ চনৰ তুলনাত ১৯৯০ৰ দশকৰ নাগৰিকসকল বহু বেছি পৰিমাণে শিক্ষিত হৈ পৰিছিল। মানৱ ইতিহাসত পোন প্রথমবাৰৰ বাবে বেছিভাগ মানুহকেই অন্ততঃ চৰকাৰী পৰিসংখ্যা অনুসৰি সাক্ষৰ বুলি ক’ব পৰা গৈছিল। অৱশ্যে সমাজৰ এলিট স্তৰত লিখন আৰু অধ্যয়নৰ যেনে উচ্চ স্তৰ বাঞ্ছনীয় বুলি ভবা হৈছিল, তাৰ তুলনাত বেছিভাগ চৰকাৰীভাৱে সংজ্ঞায়িত সাক্ষৰ লোকক ‘প্রকৃতার্থত অশিক্ষিত’ বুলিয়েই ক’ব পৰা গৈছিল। অর্থাৎ ১৯৯০ৰ সময়ছোৱাত শিক্ষাৰ এই প্রগতিক কিমানদূৰলৈ তাৎপর্যপূর্ণ বুলি ক’ব পাৰি, সেয়া স্পষ্ট নহয়।

১৯৯০ৰ দশকপর্যন্ত পৃথিৱীখন অহৰহভাৱে তথা বৈপ্লৱিক গতিৰে বিকশিত প্রযুক্তিৰে ভৰি পৰিছিল – যাৰ আধাৰ আছিল প্রাকৃতিক বিজ্ঞানৰ জগতখনত লাভ কৰা অবিশ্বাস্য প্রগতি। ১৯১৪ চনত এনে প্রগতিৰ কিছু পূর্বানুমান কৰিব পৰা গৈছিল যদিও বাস্তৱ ক্ষেত্রত সি বিশেষ গতি লাভ কৰিব পৰা নাছিল। এইক্ষেত্রত হয়তো আটাইতকৈ নাটকীয় পৰিবর্তনটো আহিল যাতায়াত তথা যোগাযোগ মাধ্যমৰ (transport and communication technology) ক্ষেত্রখনত, যি সময় আৰু স্থানৰ সকলো প্রতিবন্ধকতা প্রায় মষিমূৰ কৰি পেলালে। ১৯১৪ চনৰ একোজন প্রবল প্রতাপী ৰজাৰ ওচৰত যিমানখিনি তথ্য-পাতি তথা মনোৰঞ্জনৰ আহিলা আছিল, তাতোকৈ বহু অধিক তথ্য-পাতি তথা মনোৰঞ্জনৰ আহিলা নব্বৈৰ দশকৰ একোজন সাধাৰণ ব্যক্তিৰ ওচৰত প্রতি ঘণ্টাই, প্রতি দিনে, প্রতি মুহূৰ্ততে উপলভ্য হৈ পৰিছিল। মানুহে কেইটামান যান্ত্রিক বুটাম টিপিয়েই সাত সাগৰ তেৰ নদীৰ সিপাৰত থকা আন মানুহৰ স’তে কথা পাতিব পৰা হ’ল। গ্রাম্যাঞ্চলৰ বিপৰীতে চহৰাঞ্চলৰ সাংস্কৃতিক বিশেষাধিকাৰবোৰ একেবাৰে হ্রাস হৈ পৰিল।

এইখিনিতে এটা প্রশ্ন উত্থাপন হয় : বৈষয়িক প্রগতিৰ এনে অভূতপূর্ব বিকাশৰ মাজতে শতিকাটো অন্ত পৰাৰ পাছতো মানুহ কিয় হর্ষোল্লাসত ফাটি পৰা নাই? বৰং কিয় এক অসহজ অনুভৱৰ মাজেদিহে মানুহে শতিকাটোক বিদায় জনাইছে? কিয় শত-সহস্র চিন্তাশীল মানুহে শতিকাটোলৈ ঘূৰি চাই অকণো সন্তোষবোধ কৰা নাই? কিয় সোণালী ভৱিষ্যতৰ সুনিশ্চয়তা সম্পর্কে তেওঁলোকৰ মনবোৰ আশ্বস্ত হ’ব পৰা নাই?
ইয়াৰ আঁৰত কেইবাটাও কাৰণ থকা যেন অনুভৱ হয়।

প্রথম : বিংশ শতিকাৱেই হৈছে মানৱ ইতিহাসৰ আটাইতকৈ বৃহৎ নৰহত্যাকাৰী শতিকা। শতিকাটোত যিমানবোৰ যুদ্ধ-বিগ্রহ সংঘটিত হ’ল – সিবিলাকৰ মাত্রা, পৰিমাণ তথা সংখ্যাই সমস্ত মানৱ ইতিহাসৰে নৰহত্যাৰ ৰেকর্ড চেৰাই গৈছে। দ্বিতীয় : শতিকাটোত মানুহে ভুগিব লগা হোৱা দুর্যোগৰো সীমা-সংখ্যা তথা চৰিত্র আছিল অভূতপূর্ব : মানৱ ইতিহাসৰ সর্ববৃহৎ দুর্ভিক্ষৰপৰা সর্ববৃহৎ পৰিকল্পিত নৰমেধ যজ্ঞলৈকে – এনে সমস্ত মহাবিনাশী পৰিঘটনাবোৰ শতিকাটোৱে পৰিলক্ষিত কৰিবলগা হৈছিল। এইক্ষেত্রত ই আছিল ঊনবিংশ শতিকাৰ সম্পূর্ণ বিপৰীত। ঊনবিংশ শতিকাটো আছিল অহৰহ বৈষয়িক, বৌদ্ধিক তথা নৈতিক প্রগতিৰ শতিকা; অর্থাৎ মানৱ জীৱনস্থিতিৰ অহৰহ বিকাশৰ শতিকা। সেই সময়ত আশা কৰা হৈছিল যে এই প্রগতি অনাগত সময়ছোৱাতো অহর্নিশে চলমান হৈ থাকিব আৰু বিশ্বৰ বিভিন্ন অনগ্রসৰ অঞ্চল তথা জ্ঞানোদয়ৰপৰা বঞ্চিত গণসমষ্টিবোৰৰ মাজতো লাহে লাহে প্রগতিৰ পোহৰ বিয়পি পৰিব। পিছে ১৯১৪ চনৰ পাছতে প্রগতি বিষয়ক এনে সমস্ত আশাবাদী ধাৰণাবোৰ ধূলিত পৰিণত হ’ল।

যিহেতু বিংশ শতিকাটোৱে আমাক ভালকৈয়ে শিকাই পেলাইছে যে পৰিস্থিতি যিমানেই নির্দয় বা সহ্যাতীত হৈ নপৰক কিয়, মানুহৰ জীয়াই থকাৰ বাসনা লুপ্ত নহয় তথা যিকোনো পৰিস্থিতিতে মানুহে জীয়াই থকাৰ চেষ্টা কৰিব পাৰে, সেয়েহে বিংশ শতিকাত পৰিস্থিতি কিমান তীব্র গতিৰে নিম্নগামী হৈ পৰিছিল, মানুহ কিমান তড়িৎ গতিৰে “বর্বৰসদৃশ স্তৰ”লৈ নামি আহিছিল – (তথা দুর্ভাগ্যজনকভাৱে আজিও অহৰহ তললৈ নামিয়েই আছে) – সেয়া আমি প্রায়ে অনুভৱেই কৰিব নোৱাৰোঁ। আমি আজি এই কথাষাৰ পাহৰিয়েই গৈছোঁ যে ৱেষ্টমিনষ্টাৰ হলত আইৰিছ ৰিপাব্লিকান আর্মিয়ে বোমা দিয়াৰ খবৰটো শুনি ফ্রেডৰিক এংগেলছ সন্ত্রসিত হৈ পৰিছিল – কিয়নো এজন পুৰণা সংগ্রামী যোদ্ধা হিচাপে তেওঁ বিশ্বাস কৰিছিল যে যুদ্ধ সশস্ত্র বাহিনীৰ মাজতহে হ’ব পাৰে; অসামৰিক সাধাৰণ নাগৰিকক তাৰ মাজলৈ টানি নিয়াটো অন্যায়। আমি পাহৰি গৈছো যে ১৯ শতিকাৰ জাৰশাসিত ৰাছিয়াত সংঘটিত হোৱা ইহুদিবিৰোধী ‘প্রগ্রমবোৰ’ – যি সমগ্র ইউৰোপতে চর্চা তথা নিন্দাৰ বিষয় হৈ পৰিছিল – তথা যাৰ ফলত ১৮৮১-১৯১৪ সময়ছোৱাত অজস্র ৰাছিয়ান ইহুদিয়ে আটলাণ্টিক সাগৰ পাৰ হৈ দেশান্তৰী হৈছিল – বিংশ শতিকাৰ ইহুদি ধ্বংসযজ্ঞৰ তুলনাত তেনেই ক্ষুদ্র পৰিসৰৰ ঘটনা আছিল। কেইডজনমান ইহুদিকহে হত্যা কৰা হৈছিল; বিংশ শতিকাৰ দৰে লাখ লাখ ইহুদি জাহ যোৱা নাছিল। অথচ সেই সময়ত ইয়েই ডাঙৰ খবৰ আছিল। আমি পাহৰি গৈছো যে এসময়ত এনে এখনো যুদ্ধ কনভেঞ্চন পতা হৈছিল য’ত ঘোষণা কৰা হৈছিল – “যুক্তিপূর্ণ যুদ্ধ ঘোষণাৰ ৰূপত বা শেষ সকীয়নি হিচাপে চর্তযুক্ত যুদ্ধ ঘোষণাৰ ৰূপত স্পষ্ট পূর্বাভাস নিদিয়াকৈ যুদ্ধ আৰম্ভ হ’ব নোৱাৰে”। বিংশ শতিকাৰ কোনখন যুদ্ধই বা এনে কনভেঞ্চন মানি চলা দেখা গ’ল? বৰং বিংশ শতিকাটোত ক্রমবর্ধমানভাৱে যুদ্ধই শত্রু ৰাষ্ট্রৰ সেনাবাহিনীতকৈ মূলতঃ তাৰ অর্থনীতি, আন্তঃগাঁথনি তথা নিৰস্ত্র নাগৰিকসকলকহে লক্ষ্য কৰি লোৱা দেখা গ’ল। প্রথম বিশ্বযুদ্ধৰপৰা আজিলৈকে সংঘটিত হোৱা যুদ্ধবোৰৰ ৰেকর্ড চালে দেখা যাব যে সামৰিক ব্যক্তিতকৈ বহু অধিক পৰিমাণে অসামৰিক ব্যক্তি এই যুদ্ধবোৰত মৃত্যুমুখত পৰিছে (এইক্ষেত্রত আমেৰিকা হৈছে একমাত্র ব্যতিক্রমী দেশ যি শতিকাটোৰ অজস্র যুদ্ধত অংশগ্রহণ কৰিলে কিন্তু যাৰ নিজা ভূভাগত কোনো যুদ্ধ সংঘটিত নহ’ল)। আজি আমি কিমানজনে মনত ৰাখিছোঁ – ১৯১৪ চনত এই কথা সকলোৱেই মানি লৈছিল যে -

আধুনিক কালৰ সভ্য যুদ্ধই শত্রুৰ সশস্ত্র সেনাবাহিনীক অক্ষম কৰি পেলাবলৈ চেষ্টা কৰে আৰু ঠিক এইখিনিলৈকে মাৰ-কাট সীমাবদ্ধ কৰি ৰাখিবলৈ যত্ন কৰে। পাঠ্যপুথিবোৰেও আমাক এয়াই শিক্ষা দিয়ে। অন্যথায় যে যুদ্ধ তেতিয়ালৈকে চলি থাকিব যেতিয়ালৈকে কোনোবা নহয় কোনোবা এটা পক্ষ্য সম্পূর্ণভাৱে ধ্বংস হৈ নাযায়! এইটো এটা খুউব ভাল কথা হৈছে যে সভ্য যুদ্ধৰ নীতিবোৰ আজি ইউৰোপৰ ৰাষ্ট্রবোৰৰ মাজত এক প্রকাৰৰ পৰম্পৰালৈ পৰিণত হৈছে। (এনচাইক্লপেডিয়া ব্রিটেনিকা, ১৯১১ চনৰ সংস্কৰণ, বিষয় : যুদ্ধৰ কলা)।

আধুনিক ৰাষ্ট্রবোৰৰ দৈনন্দিন নিৰাপত্তাজনিত কার্যপদ্ধতিবোৰৰ অংশ হিচাপে উৎপীড়ন তথা হত্যাকাণ্ডৰো পুনৰুত্থান ঘটিছে; অৱশ্যে এই সম্পর্কে আমি সম্পূর্ণভাৱে নিমাত হৈ থাকো বুলি ক’ব নোৱাৰি। তথাপিও আইনী বিকাশৰ দীর্ঘ পৰিক্রমাৰ যোগেদি কেনেকৈ ১৭৮৯-১৯১৪ সময়ছোৱাত পশ্চিমীয়া দেশবোৰত ৰাষ্ট্রৰদ্বাৰা উৎপীড়ন তথা হত্যাকাণ্ড অবৈধ ঘোষণা কৰা হৈছিল – ই কেনে এক অভূতপূর্ব পৰিবর্তন সাধন কৰিছিল – এই কথা আমি সাধাৰণতেই মনত নেৰাখোঁ।

সি যি নহওক, কোনো পৰিমাণগত দৃষ্টিৰে ‘বেছি’ বা ‘কম’ৰ হিচাপ-নিকাচ কৰি ১৯১৪ আৰু ১৯৯০ৰ পৃথিৱী দুখনৰ তুলনা কৰাটোও খুউব ন্যায়সংগত নহ’ব। আচলতে গুণগত দৃষ্টিৰে এই দুয়োখন পৃথিৱী অতিশয় ভিন ভিন আছিল। এইক্ষেত্রত তিনিটা বৃহৎ পৰিবর্তনৰ কথা উল্লেখ কৰিব পাৰি।

প্রথম, নব্বৈৰ দশকৰ পৃথিৱীখন ইউৰোপকেন্দ্রিক (Eurocentric) হৈ থকা নাছিল। বিংশ শতিকাটোৰ প্রথমছোৱাত ইউৰোপ আছিল ক্ষমতা, সম্পদ, বুদ্ধি আৰু পশ্চিমীয়া সভ্যতাৰ কেন্দ্র; শতিকাটোৰ দ্বিতীয়ার্ধৰপৰা এই ইউৰোপকেন্দ্রিকতাৰ পতন ঘটিল। শতিকাটোৰ আৰম্ভণিত ইউৰোপীয় লোকৰ সংখ্যা আছিল বিশ্বৰ মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশ; শতিকাটোৰ শেহপর্যন্ত এই সংখ্যা কমি আহি এক-ষষ্ঠাংশলৈ অবনমিত হ’ল। ইউৰোপীয় লোকসকলৰ জনসংখ্যা বৃদ্ধি সকলো দেশতে স্তিমিত হৈ পৰিল তথা আমেৰিকাৰ দৰে দুই-এটা ব্যতিক্রম (১৯৯০পর্যন্ত) বাদ দি বেছিভাগ পশ্চিমীয়া ৰাষ্ট্রয়েই দুখীয়া দেশবোৰৰপৰা হোৱা প্রব্রজনৰ সোঁত ৰোধ কৰাৰ কামত ব্রতী হৈ পৰিল। ইউৰোপে উদ্ভাৱন কৰি উলিওৱা উদ্যোগবোৰ অন্যান্য দেশলৈ স্থানান্তৰিত হোৱা আৰম্ভ হ’ল।

১৯১৪ চনৰ সকলো ইউৰোপীয় ‘মহাশক্তি’ ৯০ৰ দশকপর্যন্ত হয় নোহোৱা হৈ পৰিল (যেনে : জাৰশাসিত ৰাছিয়াৰপৰা গঢ় লোৱা ছোভিয়েট ইউনিয়ন), নতুবা আঞ্চলিক বা স্থানীয় শক্তিলৈ অৱনমিত হ’ল (যেনে : ব্রিটেইন, ফ্রাঞ্চ আদি)। এইক্ষেত্রত জার্মানিকহে কিছু দূৰৈলৈ ব্যতিক্রম বুলি ক’ব পৰা যায়। এই যে আজিৰ সময়ত সমস্ত ইউৰোপখনৰ স্তৰত এক ‘ইউৰোপিয়ান ইউনিয়ন’ নির্মাণ কৰিবলৈ চেষ্টা কৰা হৈছে, সমস্ত স্থানীয় ৰাষ্ট্র তথা জাতীয় ইতিহাসৰ ভিত্তিত গঢ় লোৱা ঐতিহাসিক পৰিচয়ৰ ঠাইত এক ইউৰোপীয় পৰিচয় গঠন কৰিবলৈ চেষ্টা কৰা হৈছে – ই প্রাক্তন মহাশক্তিবোৰৰ নিম্নগামী শক্তিকেই প্রমাণিত কৰে।

পিছে ৰাজনীতিৰ ক্ষেত্রখনৰ বাহিৰে আন আন ক্ষেত্রত এই তথ্যৰ কোনো বিশেষ তাৎপর্য আছেনে? হয়তো নাই, কিয়নো আর্থিক, বৌদ্ধিক তথা সাংস্কৃতিক দৃষ্টিৰে চাবলৈ গ’লে বিশ্বত ইউৰোপীয় প্রতিপত্তি এতিয়াও নাশ হোৱা নাই। আমেৰিকা যুক্তৰাষ্ট্রখনক ইউৰোপৰ এক সম্প্রসাৰিত ৰূপ বুলিয়েই ক’ব পাৰি আৰু সেইপিনৰপৰা চাবলৈ গ’লে ৰাজনৈতিক ক্ষেত্রখনতো ‘পশ্চিমীয়া সভ্যতা’ৰ প্রতিপত্তি নাশ হৈ যোৱা নাই। ১৯১৪ চনতো আমেৰিকা আছিল এখন প্রধান ঔদ্যোগিক অর্থনীতি; পণ্যৰ সার্বজনীন উৎপাদন (mass production) আৰু সার্বজনীন সংস্কৃতি (mass culture)ৰ অন্যতম মূল অগ্রদূত, মডেল তথা চালিকাশক্তি। বিংশ শতিকাটোক আমেৰিকান সার্বজনীন পণ্য আৰু সার্বজনীন সংস্কৃতিৰ বিশ্বব্যাপী প্রসাৰৰ শতিকা বুলিও ক’ব পৰা যায়। ভৱিষ্যতে যিয়েই নহওক কিয়, নব্বৈৰ দশকত থিয় হৈ আমেৰিকানসকলে বিংশ শতিকাটো ‘আমেৰিকান শতিকা’ বুলি অভিহিত কৰিছে – যিটো শতিকাত আমেৰিকাৰ বিশ্বব্যাপী উদয় তথা বিজয় সম্ভৱপৰ হৈছিল। এই কথাষাৰো পাহৰি যোৱা উচিত নহয় যে পশ্চিম ইউৰোপৰ দেশবোৰ আজিও বিশ্বৰ আটাইতকৈ ধনী দেশ, বিশ্ব সম্পদৰ এটা বুজন অংশ এতিয়াও ইউৰোপৰ বুকুতেই পুঞ্জীভূত হৈ আছে তথা ইউৰোপীয় লোকসকলৰ জীৱনস্থিতি আজিও বিশ্বৰ ভিতৰতে সর্বোত্তম বুলি ক’ব পাৰি। সেইফালৰপৰা চাবলৈ গ’লে শতিকাৰ শেহৰফালে দেখা পোৱা ইউৰোপীয় ‘বিপৰীত ঔদ্যোগীকৰণ’ (de-industrialisation) – অর্থাৎ ইউৰোপৰপৰা অন্যান্য মহাদেশবোৰলৈ ঔদ্যোগিক উৎপাদনৰ স্থানান্তৰণে এতিয়াও পৰিস্থিতি আমূলভাৱে সলনি কৰি পেলোৱা নাই বুলিয়েই ক’ব পাৰি। এই অর্থত ইউৰোপকেন্দ্রিকতা সম্পূর্ণভাৱে লুপ্ত পাইছে বুলি কোৱাটো আজিও অতিশয়োক্তি বুলিয়েই বিবেচিত হ’ব।

দ্বিতীয়টো পৰিবর্তন আৰু অধিক চকুত লগা। ১৯১৪ৰপৰা ১৯৯০লৈকে – এই সময়ছোৱাত সমস্ত বিশ্বখনেই এটা একক কার্যকৰী ইউনিট (single operational unit)লৈ পর্যবসিত হ’ল। ১৯১৪ চনত এই কথা কল্পনা কৰাটোও সম্ভৱপৰ নাছিল। বিশেষকৈ আর্থিক ক্ষেত্রখনত সমস্ত বিশ্বখনেই আজি এটা প্রাথমিক কার্যকৰী ইউনিটত পৰিণত হৈছে। বিভিন্ন জাতীয় অর্থনীতিৰে নির্মিত গোলকীয় অর্থনীতিৰ ধাৰণাটো আজি পুৰণি হৈ পৰিছে; পুঁজিয়ে আজি জাতিৰাষ্ট্রৰ সীমনা পাৰ হৈ সমস্ত গোলকটোকেই নিজৰ একক কার্যস্থলী হিচাপে গণ্য কৰিছে। জাতিৰাষ্ট্র আজিও বর্তি আছে আৰু তাৰ জৰিয়তেই গোলকীয় পুঁজি আজিও কিছু পৰিমাণে নিয়মিত (regulated) হয়। কিন্তু সেইবুলি গোলকীয় অর্থনীতিখন আজিৰ দিনত বিভিন্ন জাতীয় অর্থনীতিৰ যুক্তকৰণৰ ফলাফল বুলি ভাবিলে ভুল কৰা হ’ব। ১৯৬০ চনতেই ‘গোলকীয় গাঁও’ৰ ধাৰণাটো পোন প্রথমবাৰৰ বাবে অস্তিত্বলৈ আহিছিল আৰু নব্বৈৰ দশকত ই জনপ্রিয় ৰূপ ধাৰণ কৰিলে। ভৱিষ্যতে একবিংশ শতিকাৰ নাগৰিকসকলে হয়তো পাছলৈ ঘূৰি চাই ৯০ৰ দশকটোৰ পৰিবর্তনখিনি বিশেষ তাৎপর্যপূর্ণ নহয় বুলিয়েই ক’ব; তথাপিও এইছোৱা সময়তেই কেতবোৰ অতিশয় গুৰুত্বপূর্ণ বৈজ্ঞানিক, আর্থিক তথা প্রযুক্তিগত পৰিবর্তন সাধন হোৱাৰ কথাটো অস্বীকাৰ কৰিব পৰা নাযায়। মানুহৰ ব্যক্তিগত জীৱনৰ বহুতো দিশ যাতায়াত তথা যোগাযোগ মাধ্যমৰ অভূতপূর্ব বিকাশে আমূলভাৱে সলনি কৰি পেলালে। বিংশ শতিকাৰ শেহান্তৰৰ আটাইতকৈ লক্ষণীয় দিশটো হৈছে – এফালে গোলকীকৰণৰ বর্ধিত গতি আৰু আনফালে তাৰ সৈতে সংগতি মিলাই চলাৰ ক্ষেত্রত মানুহৰ সমূহীয়া আচৰণ আৰু ৰাজহুৱা অনুষ্ঠানবোৰৰ ব্যর্থতা। আমোদজনকভাৱে, ব্যক্তিগত স্তৰত কিন্তু ছেটেলাইট টিভি, ইমেইল, বিশ্বব্যাপী টেলিফোন সংযোগৰ সুবিধা আদিৰ স’তে নিজকে খাপ খুৱাই লোৱাৰ ক্ষেত্রত মানুহৰ অকণো অসুবিধা নহ’ল!

তৃতীয়টো পৰিবর্তন বিশেষভাৱে চিন্তাজনক বুলি ক’ব পাৰি। ১৯১৪-১৯৯০ – এই সময়ছোৱাত মানুহৰ সামাজিক আন্তঃসম্বন্ধৰ সমস্ত পুৰণা শৈলীবোৰৰ বিঘটন ঘটিল তথা তাৰ সমান্তৰালভাৱে দুটা প্রজন্মৰ মাজত থকা সংযোগী লিংকবোৰ – অর্থাৎ অতীত আৰু বর্তমানৰ মাজত থকা সেঁতুবোৰ – ভাগি পৰিল। পশ্চিমৰ বিকশিত পুঁজিবাদী দেশবোৰত এই প্রক্রিয়াটো আটাইতকৈ স্পষ্ট ৰূপত দেখা পোৱা গ’ল য’ত সমাজৰ অস্তিত্বকেই নাকচ কৰাবিধৰ ব্যক্তিবাদী ধাৰণাবোৰে চৰকাৰী তথা বেচৰকাৰী মতাদর্শৰ ৰূপত বেছ কিছু সময় ধৰি প্রভুত্ব লাভ কৰি আহিছে; অৱশ্যে এনে মতাদর্শৰ উগ্র সমর্থকসকলেও সি সৃষ্টি কৰি অহা সামাজিক ফলাফলবোৰ সম্পর্কে আক্ষেপ প্রকাশ কৰে! সি যি নহওক, আজিৰ দিনৰ অনা-ইউৰোপীয় দেশবোৰতো একেটাই পৰিঘটনা লক্ষ্য কৰিব পাৰি। এফালে পৰম্পৰাগত সমাজ তথা ধর্মবোৰৰ অৱক্ষয় আৰু আনফালে ‘প্রকৃততে অস্তিত্বমান সমাজবাদ’বোৰৰ পতন – এই দুয়োটা প্রক্রিয়াই পুৰণা সামাজিক সম্বন্ধৰ বিধ্বংসকৰণৰ প্রক্রিয়াটোক আৰু তীব্র কৰি তুলিলে।

বিভিন্ন আত্মকেন্দ্রিক ব্যক্তি – যি কেৱল নিজৰ সুখ বা লাভৰ চিন্তাতেই অহৰহ ব্যস্ত হৈ থাকে – তেওঁসৱৰ আন্তঃসম্পর্কহীন সমাবেশৰদ্বাৰা নির্মিত সমাজৰ ধাৰণাটো পুঁজিবাদী অর্থনীতিৰ তত্ত্বৰ মাজত সদায়েই প্রকাশ্য বা অপ্রকাশ্যভাৱে লুকাই থকা দেখা যায়। বিপ্লৱ যুগৰ (১৭৮৯-১৮৪৮) পাছৰেপৰা প্রায় সকলো মতাদর্শৰ তাত্ত্বিকেই এই কথা মানি আহিছে যে সামাজিক বিকাশৰ সমান্তৰালভাৱে পুৰণা সামাজিক বান্ধোনবোৰৰো অৱক্ষয় ঘটিব। পুঁজিবাদৰ বিপ্লৱী ভূমিকাৰ বিষয়ে ‘কমিউনিষ্ট মেনিফেষ্টো’ৱে কৰা ভৱিষ্যতবাণীৰ কথা আজি সকলোৱেই জানে (“বুর্জোৱাই এনে সমস্ত সামন্তীয় সামাজিক বান্ধোন নিষ্ঠুৰভাৱে চূৰমাৰ কৰি পেলাইছে – যি মানুহক তেওঁতকৈ ‘সামাজিকভাৱে শ্রেষ্ঠ’ আন মানুহৰ স’তে আবদ্ধ ৰাখিছিল আৰু তাৰ ঠাইত নতুন সামাজিক সম্পর্ক গঢ় দিছে যাৰ একমাত্র আধাৰ হৈছে নগ্ন স্বার্থপৰতা”)। কিন্তু কার্যক্ষেত্রত পুঁজিবাদী সমাজবোৰে বেছ জটিল ৰূপ লোৱা দেখা গ’ল। উদাহৰণস্বৰূপে, পুৰণা সমাজখনৰ সকলোবোৰ উপাদান ধ্বংস কৰি পেলোৱাৰ সলনি নতুন সমাজখনৰ বাবে উপযোগী কেতবোৰ পুৰণা সামাজিক অনুষ্ঠানক নৱৰূপ তথা নৱজীৱন প্রদান কৰা হ’ল। এফালে অর্থনীতিৰ ক্ষেত্রখনত ৰেডিকেল ব্যক্তিবাদৰ পোষকতা কৰা হ’ল আৰু আনফালে ... সংস্কৃতিৰ ক্ষেত্রখনত নৱ-নৈতিকতা তথা ৰেডিকেল ব্যক্তিবাদৰ সকলো সম্পৰীক্ষাৰ প্রতি সন্দেহ তথা আতংকৰ দৃষ্টিৰে চোৱা হ’ল! ব্যক্তিগত উদ্যমনির্ভৰ এখন আধুনিক ঔদ্যোগিক অর্থনীতি নির্মাণ কৰাৰ ক্ষেত্রত এনে বহুতো উপাদান ব্যৱহাৰ কৰা হ’ল যাৰ স’তে মুক্ত বজাৰ তথা ৰেডিকেল ব্যক্তিবাদৰ কোনো সম্পর্ক নাছিল – যেনে প্রটেষ্টাণ্ট নৈতিকতা, কঠোৰ শ্রমৰ মূল্যবোধ তথা পাৰিবাৰিক কর্তব্যৰ ধাৰণা!

পিছে সেইবুলি মার্ক্স তথা তেওঁৰ দৰে চিন্তাবিদসকলৰ যুক্তিবোৰ ভুল নাছিল – যি পুৰণা মূল্যবোধ আৰু পুৰণা সামাজিক সম্বন্ধৰ অৱক্ষয় সম্পর্কে ভৱিষ্যতবাণী কৰিছিল। পুঁজিবাদ হৈছে এক বিপ্লৱী শক্তি; অহৰহ পৰিবর্তনৰ সূচনা কৰি নথকাকৈ ই জীয়াই থাকিব নোৱাৰে। গতিকেই পুঁজিবাদে এসময়ত প্রাক-পুঁজিবাদী কালৰ সেই উপাদানবোৰকো ধ্বংস কৰিবলৈ আৰম্ভ কৰিলে যিবোৰ তাৰ প্রাৰম্ভিক বিকাশৰ ক্ষেত্রত সুবিধাজনক – বা সঠিককৈ ক’বলৈ গ’লে – আৱশ্যকীয় আছিল। বিংশ শতিকাৰ মাজভাগৰপৰাই এই বিধ্বংসকৰণৰ প্রক্রিয়াটো আৰম্ভ হ’ল। প্রতীকী ভাষাত ক’বলৈ গ’লে – গছজোপাৰ যিটো ডালত থিয় হৈ পুঁজিবাদ বিকশিত হৈছিল – সেই ডালটোকেই এইবাৰ সি কাটিবলৈ আৰম্ভ কৰিলে! সোণালী যুগ তথা তাৰ পাছৰ সময়ছোৱাৰ ভীষণ আর্থিক প্রগতি আৰু ই সূচনা কৰা সামাজিক-সাংস্কৃতিক পৰিবর্তনবোৰে মানুহৰ জীৱনবোৰ অবিশ্বাস্যভাৱে সলনি কৰি পেলালে আৰু ইয়েই ডালটোৰ স্বাস্থ্যও থৰক-বৰক তথা দুর্বল কৰি পেলালে। শতিকাটোৰ শেহান্তৰত থিয় হৈ আজি অনুভৱ হৈছে – আমি আজি এনে এখন পৃথিৱীৰ বাসিন্দা য’ত অতীতে – আনকি সদ্যসমাপ্ত-অতীতেও তাৰ সমস্ত ভূমিকা হেৰুৱাই পেলাইছে, য’ত মানৱ জীৱনক দিকনির্দেশ দি অহা সমস্ত পুৰণা মানচিত্র তথা দিক-নির্দেশক যন্ত্রবোৰ অপ্রাসংগিক হৈ পৰিছে – য’ত মানৱ জীৱনৰ জাহাজখনে কোনো নতুন ঠাই, নতুন সাগৰ অভিমুখে যাত্রা আৰম্ভ কৰিছে তথা যিটো অনুসৰি মানচিত্র নির্মাণ হ’বলৈ এতিয়াও বাকী আছে। আজি আমি নাজানো আমাৰ লক্ষ্যস্থান কি বা কি হোৱা উচিত।

এয়াই হৈছে আজিৰ দিনৰ পৰিস্থিতি। মানৱ জাতিৰ একাংশই ইতিমধ্যেই এই পৰিস্থিতিৰ স’তে মোকাবিলা কৰিব লগাত পৰিছে আৰু ক্রমবর্ধমানভাৱে অন্যান্য অংশবোৰেও একবিংশ শতিকাত উপস্থিত হৈ সদৃশ পৰিস্থিতিৰ সৈতেই মোকাবিলা কৰিব লাগিব। আজিৰ বিপৰীতে অনাগত সময়ছোৱাত – যেতিয়া নতুন সহস্রাব্দটোৰ আগমন ঘটিব – তেতিয়া হয়তো ‘মানৱ জাতিয়ে কোন দিশেৰে যাত্রা কৰিব ধৰিছে’ – এই প্রশ্নটোৰ কিছু স্পষ্ট উত্তৰ উলিয়াব পৰা যাব। আজিৰ দিনত এই প্রশ্নটো বৰ অস্পষ্ট হৈ আছে। সেয়েহে কোনটো পথেৰে যাত্রা কৰি আহি আজি আমি বর্তমানৰ ঠাইখনত উপস্থিত হৈছোঁহঁক – গ্রন্থখনত মই মূলতঃ এই বিষয়েহে আলোচনা কৰিছোঁ। ভৱিষ্যতৰ ৰূপ কেনেধৰণৰ হ’ব, কোনবোৰ উপাদানে তাৰ নির্মাণত প্রধান ভূমিকা পালন কৰিব – সেয়া এতিয়াই কৈ দিব পৰা নাযায় যদিও অনাগত সময়ৰ কেতবোৰ সম্ভাব্য সমস্যা সম্পর্কেও মই গ্রন্থখনৰ শেহৰছোৱাত কিছু কথা আলোচনা কৰিছোঁ – কিয়নো এই সমস্যাবোৰৰ উদয় বিংশ শতিকাৰ ধ্বংসাৱশেষৰপৰাই হ’ব। আশা কৰা যাওক যে আহিব ধৰা শতিকাটো বর্তমানৰ শতিকাটোতকৈ অধিক ভাল, ন্যায়পূর্ণ তথা বহনক্ষম হ’ব। বিংশ শতিকাটোৰ সমাপ্তি যে একেবাৰেই সুখদায়ক নাছিল।

সমাপ্ত

Share Button
Print Friendly, PDF & Email

No Comments : "বিহংগম দৃষ্টিৰে বিংশ শতিকা: (মূল-এৰিক হবছবম, ভাবানুবাদ -ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *