বিহু হওক জাতি গঠনৰ মঞ্চ-(টুনুজ্যোতি গগৈ)

বৰ্তমান সুধীসমাজে ক’বলৈ ধৰিছে যে শেহতীয়াকৈ অসমত সবল ৰূপত আত্মপ্ৰকাশ কৰা হিন্দুত্ববাদ বা ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিবলৈ হ’লে শংকৰদেৱৰ জীৱনাদৰ্শক আদৰি লোৱাৰ বাহিৰে গত্যন্তৰ নাই। তেওঁলোকৰ মতে, ব্ৰাহ্মণ্যবাদক প্ৰতিৰোধ কৰিব নোৱাৰিলে বিভিন্ন জাতি-ধৰ্ম-বৰ্ণৰ বিভিন্ন উপাদানৰ সহায়ত এক ঐতিহাসিক সমন্বয় প্ৰক্ৰিয়াৰ মাজেৰে গঢ়ি উঠা অসমীয়া জাতিটো ভাগি থান-বান হৈ পৰিব। পূৰ্বৰে পৰাই অসমীয়া জাতীয়তাবাদৰ সৈতে সনা-পোটোকা হৈ থকা হিন্দুত্ববাদ অধিক শক্তিশালী হৈ পৰাৰ লগে লগে অসমীয়া জাতিসত্তাৰ পৰা তিব্বত-বৰ্মী মংগোলীয় জনগোষ্ঠীসমূহৰ লগতে ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়সকলো বিচ্ছিন্ন হৈ যোৱাটো নিশ্চিত। সেইটো হ’বলৈ হ’লে অসমীয়া জাতিয়েই অকাল মৃত্যুৰ মুখলৈ আগুৱাই যাব। এনে এক সন্ধিক্ষণত শংকৰদেৱৰ জীৱনাদৰ্শই নিশ্চয় অসমবাসীক বাট দেখুৱাব পাৰে। কিন্তু, শংকৰদেৱৰ জীৱনাদৰ্শ বুলি কওঁতে আমি শংকৰদেৱৰ বৈপ্লৱিক দৃষ্টিভংগীৰ প্ৰতিহে গুৰুত্ব দিব লাগিব, নৱবৈষ্ণৱ ধৰ্মৰ আদৰ্শৰ প্ৰতি নহয়। শংকৰদেৱে মধ্যযুগতেই উপলব্ধি কৰিছিল সমাজ আৰু সংস্কৃতি পৰিৱৰ্তনশীল। সেয়ে তেওঁ এখন নতুন সমাজ গঢ়িবৰ বাবে পুৰণি ধ্যান-ধাৰণাৰ অপ্ৰয়োজনীয় আৰু অমানৱীয় উপাদানখিনি ত্যাগ কৰাৰ পৰিৱৰ্তে নতুন যুগৰ সৈতে ৰজিতা খোৱা উপাদানখিনি গ্ৰহণ কৰি এক নতুন সংস্কৃতিৰ পোষকতা কৰিছিল। শংকৰদেৱৰ এই বৈপ্লৱিক আদৰ্শ অনুসৰণ কৰিয়েই আজিৰ অসমীয়াই মধ্যযুগত নতুন যেন লাগিলেও সময়ৰ সোঁতত পুৰণি আৰু প্ৰগতিবিৰোধী হৈ পৰা ধৰ্মীয় ধ্যান-ধাৰণাবোৰ ত্যাগ কৰি সময়োপযোগী নতুন সংস্কৃতিক আদৰি ল’ব লাগিব।

কথাষাৰ এনেদৰেও ক’ব পাৰি যে মধ্যযুগত কিছুমান সংস্কাৰমুখী ধৰ্মৰ মাজত কিছু প্ৰগতিশলীতাৰ উপাদান পৰিলক্ষিত হ’লেও বা কিছুমান বিশেষ ধৰ্মই এখন অস্থিৰ আৰু বিশৃংখল সমাজক কিছু পৰিমাণে সুস্থিৰ আৰু শৃংখলাবদ্ধ কৰিবলৈ সক্ষম হ’লেও বৰ্তমান ধৰ্মৰ সেই প্ৰভাৱ আৰু ক্ষমতা নাই। বৰ্তমান ধৰ্ম নিতান্তই এক ভাৱবাদী দৰ্শন আৰু সমাজ পৰিৱৰ্তনৰ বাবে অপ্ৰয়োজনীয় আহিলা হিচাবে পৰিগণিত হৈছে। এইখিনিতে স্মৰণ কৰিব পাৰি কাৰ্ল মাৰ্ক্সে ধৰ্ম সম্পৰ্কত আগবঢ়োৱা এক সুচিন্তিত উক্তি– ‘Religious suffering is, at one and the same time, the expression of real suffering and a protest against real suffering. Religion is the sigh of the oppressed creature, the heart of a heartless world, and the soul of soulless conditions. It is the opium of the people. The abolition of religion as the illusory happiness of the people is the demand for their real happiness. To call on them to give up their illusions about their condition is to call on them to give up a condition that requires illusions. The criticism of religion is, therefore, in embryo, the criticism of that vale of tears of which religion is the halo.

Criticism has plucked the imaginary flowers on the chain not in order that man shall continue to bear that chain without fantasy or consolation, but so that he shall throw off the chain and pluck the living flower. The criticism of religion disillusions man, so that he will think, act, and fashion his reality like a man who has discarded his illusions and regained his senses, so that he will move around himself as his own true Sun. Religion is only the illusory Sun which revolves around man as long as he does not revolve around himself.’ (https://www.marxists.org/archive/marx/works)

এসময়ত অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক পূৰ্ণাংগ ৰূপ দিবলৈ সক্ষম হোৱা নৱবৈষ্ণৱ ধৰ্মৰ এতিয়া ভগ্নপ্ৰায় অসমীয়া জাতিসত্তাক প্ৰয়োজনীয় সুৰক্ষা দিয়াৰ শক্তি নাই। নৱবৈষ্ণৱ ধৰ্মৰ মাজত পূৰ্বৰ পৰাই প্ৰকট হৈ থকা সীমাবদ্ধতাবোৰ বৰ্তমান বিশ্বায়নৰ যুগত প্ৰগতিবিৰোধী আৰু অযুক্তিকৰ বুলিয়েই বিবেচিত হৈছে। আমি অন্য এক লেখাত অসমত ভক্তি আন্দোলনৰ ব্যৰ্থতাৰ দিশসমূহ বিশ্লেষণ কৰোতেই নৱবৈষ্ণৱ ধৰ্মৰ সীমাবদ্ধতাবোৰৰ বিষয়ে আলোচনা কৰি আহিছো। সেইবোৰ পুনৰাবৃত্তি নকৰি কেৱল ডঃ শিৱনাথ বৰ্মনৰ বহুমূলীয়া মন্তব্য এটি উল্লেখ কৰিব বিচাৰিছো —‘হৰিনামৰ খুন্দাত মুকুতিৰ দুৱাৰ একেকোবেই খোল খাই যায়, তাৰ বাবে যুক্তি-তৰ্কৰ হাতুৰি-বটালিৰ প্ৰয়োজন নাই–শংকৰী ধৰ্মত নিহিত এই মনোভাৱে এফালে যেনেকৈ কোনো ধৰণৰ বৌদ্ধিক পৰম্পৰা নথকা সহজ-সৰল অসমীয়া সমাজৰ বাবে এই ধৰ্ম অতি সহজে গ্ৰহণীয় কৰি তুলিছিল, আনফালে তেনেকৈ অসমীয়া সমাজৰ ওপৰত ই তাৰ ঋণাত্মক প্ৰভাৱো নেপেলোৱাকৈ থকা নাছিল। জ্ঞান-বিজ্ঞান চৰ্চাৰ এটা সুস্থ পৰিৱেশ যে অসমত আজিও নহ’ল, যুক্তিবাদী দৰ্শনৰ পথাৰখন যে অসমত আজিও চন পৰি থাকিল, তাৰ আৰ্থ সামাজিক অন্যান্য বহুতো কাৰণ থাকিলেও অসমত জ্ঞানবিতৃষ্ণ, বাস্তৱ জগত বীতৰাগী শংকৰী ধৰ্মৰ সৰ্বগ্ৰাসী প্ৰভাৱকো তাৰ বাবে আমি কিছু পৰিমাণে হ’লেও জগৰীয়া কৰিব লাগিব। কাৰণ, জ্ঞান-বিজ্ঞান হ’ল ব্যৱহাৰিক, বাস্তৱ জগতখনৰ লগত যুক্তি-তৰ্কৰ শুভ পৰিণয়ৰ সন্তান; আনহাতে শংকৰদেৱ প্ৰৱৰ্তিত অসমৰ নৱ-বৈষ্ণৱ ধৰ্ম আছিল বাস্তৱ জগত আৰু যুক্তি-তৰ্ক দুয়োটাৰ প্ৰতিয়েই সম্পূৰ্ণ উদাসীন।’ (শংকৰদেৱ : কৃতি আৰু কৃতিত্ব, পুথিতীৰ্থ প্ৰকাশন, গোলাঘাট, তৃতীয় প্ৰকাশ-১৯৯৭ চন, পৃ- ১৩৩)

নৱ বৈষ্ণৱ ধৰ্মৰ সীমাবদ্ধতাবোৰ অৱগত হোৱাৰ পাছতেই মনলৈ প্ৰশ্ন আহে – ভগ্নপ্ৰায় অসমীয়া জাতিসত্তাক সুৰক্ষা দিয়াৰ লগতে স্থবিৰ হৈ পৰা জাতি গঠনৰ প্ৰক্ৰিয়াক পুনৰুজ্জীৱিত কৰিবলৈ জনসাধাৰণে ধৰ্মৰ বিকল্প হিচাপে কি অবলম্বন গ্ৰহণ কৰিব?

এই প্ৰশ্নৰ উত্তৰ গণশিল্পী হেমাংগ বিশ্বাসে ‘লোকসংগীত সমীক্ষা : বাংলা ও আসাম’ গ্ৰন্থত কেতিয়াবাই দি গৈছে – ‘যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ লোকসংগীতত বিৰল। বিহুগীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ। ধৰ্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্ৰমশীল জীৱনৰ প্ৰতি অসীম মমতা– এয়াই হ’ল বিহুৰ দৰ্শন। আদিম প্ৰাক্ আৰ্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ, দীপান্বিতা, ফাকুৱা– এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱত, জাতীয় উৎসৱৰ মৰ্যদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মৰ্যদাই কিন্তু ব্যাপকতাহে লাভ কৰিছে। ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰপৰা বিহু মুক্ত। বৰ্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদেই হ’ল বিহুৰ প্ৰধান উপজীব্য।’ (সোণালী গোস্বামীৰদ্বাৰা অসমীয়ালৈ অনূদিত লেখাটি পৰমানন্দ মজুমদাৰৰদ্বাৰা সম্পাদিত ‘হেমাংগ বিশ্বাস ৰচনাৱলী’ত সন্নিৱিষ্ট আৰু http://muktosinta.org-ত পুনঃপ্ৰকাশিত।)

লক্ষণীয় যে ভিন্ন জাতি-জনগোষ্ঠী-ধৰ্ম অধ্যুষিত অসমত বৰ্তমান ‘বিহুৰ জাতীয় মৰ্যদাই ব্যাপকতা লাভ’ কৰিলেও আধুনিক অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ সময়ছোৱাত বিহুৰ প্ৰতি নব্য উত্থিত মধ্যশ্ৰেণীৰ দৃষ্টিভংগী অতি বিৰাগপূৰ্ণ আছিল। সম্ভৱতঃ শ্ৰেণী-পৰিচিতি আৰু ব্ৰাহ্মণ্যবাদী (লগতে বৈষ্ণৱবাদী) নৈতিকতাৰ প্ৰভাৱৰ বাবেই হলিৰাম ঢেকীয়াল ফুকন, আনন্দৰাম ঢেকীয়াল ফুকন, বুদ্ধীন্দ্ৰনাথ দিলিহিয়াল ভট্টাচাৰ্য, কমলাকান্ত ভট্টাচাৰ্য, গুণাভিৰাম বৰুৱা, ৰত্নেশ্বৰ মহন্ত আদিয়ে বিহু সম্পৰ্কে অনেক শ্ৰুতিকটু মন্তব্য আগবঢ়াই থৈ গৈছে। কিন্তু, এই মধ্যশ্ৰেণীটোৰ এচাম বিদ্যোৎসাহীয়ে মধ্যমপন্থা অৱলম্বনেৰে বিহুক সম্পূৰ্ণ মৰ্যদা দিব নিবিচাৰিলেও ইয়াক অনাদৰ নকৰি আদৰি লোৱাৰ সপক্ষে মত পোষণ কৰিলে। এইসকলৰ ভিতৰত অন্যতম লক্ষ্মীনাথ বেজবৰুৱাই ক’লে–‘আমাৰ বিহুটো যেনে আছে তেনেকুৱাই থাকক, চৰা-ঘৰীয়াটো চৰাঘৰীয়াই থাকক। মামৰে ধৰিলে, ঘঁহি-মচি মামৰ গুচাই দিলেই হ’ব।’ অসমীয়া মধ্যশ্ৰেণীৰ দ্বিতীয় প্ৰজন্মৰ লক্ষ্মীনাথ বেজবৰুৱা, বলি নাৰায়ণ বৰা, ডিম্বেশ্বৰ নেওগ, সূৰ্য কুমাৰ ভূঞা, নকুল চন্দ্ৰ ভূঞা, ৰজনীকান্ত বৰদলৈ আদিয়ে বিহুৰ সপক্ষে মন্তব্য কৰাই নহয়; বিহুক জাতীয় উৎসৱৰূপে প্ৰক্ষেপ কৰিবলৈও উদ্যোগ ল’লে। তেওঁলোকে উপলব্ধি কৰিছিল যে নিৰ্মীয়মান অসমীয়া জাতীয়তাবাদক পূৰ্ণতা দিবলৈ হ’লে জাতীয় ভাষা আৰু জাতীয় সংস্কৃতিৰ পৰিচয় নহ’লেই নহ’ব। বিশিষ্ট প্ৰাবন্ধিক জিতেন বেজবৰুৱাৰ ভাষাৰে ক’বলৈ হ’লে–‘জাতি গঠনৰ প্ৰক্ৰিয়াত উত্থানশীল মধ্যশ্ৰেণী এটাই নিজৰ নিৰংকুশ আধিপত্য সাব্যস্ত কৰিব পৰা এখন ৰাজনৈতিক প্ৰভাৱক্ষেত্ৰ বিচাৰে আৰু এই ক্ষেত্ৰখনৰ নিৰ্মাণত জাতীয় ভাষাই ঘাই ভূমিকা পালন কৰে। জাতীয় সংস্কৃতিয়ে এই ক্ষেত্ৰখনত সাংস্কৃতিক ঐক্য তথা অখণ্ডতাৰ সূচনা কৰে। অসমীয়া জাতিৰ সাংস্কৃতিক পৰিচয়ৰূপে থিয় দিব পৰা লোক-উৎসৱ কেৱল বিহুৱেই আছিল – ইহজাগতিকতা, ধৰ্মনিৰপেক্ষ, কৃষি-উৎসৱ হিচাপে জাতি-ধৰ্ম-নিৰ্বিশেষে কৃষিজীৱী সমাজখনৰ প্ৰতি মুকলি আবেদন আদি বৈশিষ্ট্যৰে সমৃদ্ধ বিহু আছিল এই ক্ষেত্ৰত অবিসম্বাদী প্ৰাৰ্থী। তথাপি ই নানা বাদ-বিসম্বাদ,তৰ্ক-বিতৰ্কৰ মাজেদি পাৰ হৈ আহিহে জাতীয় উৎসৱৰ আসন দখল কৰিছিলহি।’ [https://jitenbezboruah.wordpress.com/2014/04/18]

পৰিৱৰ্তিত সময় আৰু পৰিস্থিতিত নৱ বৈষ্ণৱ ধৰ্মই অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়ালৈ অৱদান আগবঢ়োৱাৰ শক্তি হেৰুৱাই পেলোৱাৰ দৰে অসমীয়া ভাষায়ো জাতীয়তাবাদৰ অন্যতম আধাৰ হোৱাৰ শক্তি কেতিয়াবাই হেৰুৱাই পেলালে। ক’বলৈ গ’লে, অসমীয়া মধ্যশ্ৰেণীৰ আৰ্য জাত্যভিমানী অংশটোৱে অবিভক্ত অসমৰ সকলোবোৰ জনগোষ্ঠীৰ ওপৰত জোৰ-জুলুমভাৱে অসমীয়া ভাষা জাপি দিব বিচৰাৰ ফল হিতে বিপৰীতহে হৈ পৰিল। জাত্যভিমানীসকলৰ তেনে অপচেষ্টাৰ পৰিণতিত অষ্ট্ৰীয়-মংগোলীয় জনগোষ্ঠীসমূহৰো উত্থানশীল মধ্যশ্ৰেণীয়ে নিজৰ আপেক্ষিকভাৱে দুৰ্বল ভাষা-সংস্কৃতিৰ সবলীকৰণ আৰু প্ৰচাৰ-প্ৰসাৰত ব্ৰতী হৈ পৰিল। অসমীয়া জাতীয়তাবাদৰ ধাৰক আৰু বাহকসকলৰ সৈতে অনাৰ্য জনগোষ্ঠীসমূহৰ উত্থানশীল মধ্যশ্ৰেণীৰ অনিবাৰ্য সংঘাতৰ পৰিণতিত বহু জনগোষ্ঠীয়ে অসমীয়া পৰিচয় ত্যাগ কৰিলে আৰু বহুতে ত্যাগ কৰিবলৈ বিচাৰি আছে।

সুখৰ বিষয় যে অসমীয়া জাতীয়তাবাদৰ অন্যতম আধাৰ বিহুৱে পূৰ্বৰ শক্তি অলপো নেহেৰুৱালে; বৰং জাতি গঠনৰ প্ৰক্ৰিয়াক পুনৰুজ্জীৱিত কৰিব পৰাকৈ আৰু জাতীয়তাবাদক সুস্থ তথা সবল কৰিব পৰাকৈ দুগুণ শক্তিহে আহৰণ কৰিলে। এই যে বিহুক অসমৰ সকলো জাতি-জনগোষ্ঠী আৰু ধৰ্মীয় সম্প্ৰদায়ে প্ৰাণৰ উৎসৱৰূপে গ্ৰহণ কৰিলে, ইয়াত অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ কোনো অৰিহণা বা কৃতিত্ব নাই; বিহুৱে এনে দুৰ্বাৰ আৰু অবিনাশী ৰূপ লাভ কৰিছে নিজৰ চৰিত্ৰৰ বাবেহে।

অসমীয়া জাতিয়তাবাদ নিৰ্মাণৰ প্ৰক্ৰিয়া বা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ বহু পূৰ্বৰপৰাই অসমৰ ভিন্ন জনগোষ্ঠীৰ কৃষিজীৱী ৰাইজে শস্য সিঁচা আৰু চপোৱাৰ সময়ত বিভিন্ন ধৰণেৰে আনন্দ-উলাহ কৰিছিল আৰু সেই আনন্দ-উলাহেই একোটা কৃষিভিত্তিক উৎসৱৰ জন্ম দিছিল। জনগোষ্ঠীসমূহৰ কৃষিভিত্তিক উৎসৱসমূহেই কালক্ৰমত বিহু ৰূপে এক সামূহিক পৰিচয় লাভ কৰিলে। অন্য অৰ্থত ক’বলৈ গ’লে, অসমীয়া জাতি এক ঐতিহাসিক প্ৰক্ৰিয়াৰ মাজেৰে বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ত গঢ়ি উঠাৰ দৰে অসমীয়া সংস্কৃতিৰ প্ৰতীক বিহুও মংগোলীয়, অষ্ট্ৰিক, আৰ্য, আলপাইন আদি ভিন্ন মানৱ প্ৰজাতিৰ বংশধৰসকলৰ সাংস্কৃতিক উপাদানেৰে সমৃদ্ধ হৈ অসমীয়া জাতিৰ আয়ুস ৰেখাৰূপে পৰিচিত হৈছে। বিহুৰ মাজত ভিন্ন জনগোষ্ঠীৰ উপাদানবোৰ এনেদৰে সংমিশ্ৰিত হৈ পৰিল যে বৰ্তমান সেইবোৰ পৃথক কৰি চোৱাটো সম্ভৱপৰ নহয়। অৱশ্যে, এয়াও সত্য – অসমত পোনতে কৃষিকৰ্মৰ প্ৰক্ৰিয়া অষ্ট্ৰিক আৰু মংগোলীয় জনগোষ্ঠীসকলে আৰম্ভ কৰিছিল বাবে বিহু মূলতঃ অষ্টিক-মংগোলীয় মূলৰ জনগোষ্ঠীসমূহৰে সৃষ্টি বুলি ক’ব পাৰি। পৰৱৰ্তী সময়তহে বিহুত আৰ্য সভ্যতা বা হিন্দু ধৰ্মৰ কিছু প্ৰভাৱ পৰিছিল।

অসমৰ সৰু-বৰ জনগোষ্ঠীসমূহে এতিয়াও পৰম্পৰাগত কৃষি উৎসৱ বা বসন্তোৎসৱসমূহ নিজা ৰীতি-নীতিৰে আয়োজন কৰি আহিছে। বড়োসকলৰ ‘বৈচাগু’ মিচিংসকলৰ ‘আলি-আই-লৃগাং’, ৰাভাসকলৰ ‘বায়খু’ বা ‘বৈশাখ দোমাহী’, ডিমাচাসকলৰ ‘বুচু’, তিৱাসকলৰ ‘ছগ্ৰা মিছাৱা’, টাইফাকেসকলৰ ‘পয় চাংকেন্’, গোৱালপাৰৰ হাজংসকলৰ ‘লেৱাটনা’, কোচ-ৰাজবংশীসকলৰ ‘বিষুৱা’ বা ‘বিষুমা’ আদি কৃষিভিত্তিক উৎসৱবোৰৰ বিষয়ে অসমৰ ৰাইজ কম-বেছি পৰিমাণে অৱগত। এই বসন্তোৎসৱসমূহৰ সম্পৰ্কত লোক-সংস্কৃতিৰ গৱেষকসকলৰ উপৰি বিদ্বৎমহলে বিভিন্ন চৰ্চা-গৱেষণা কৰি আহিছে। আমি ইয়াত বিবিধ বৈচিত্ৰ্য আৰু বিশেষত্বৰে ভৰা অসমীয়া জাতিসত্তা আৰু সংস্কৃতিৰ বৈচিত্ৰ্য-বিশেষত্বৰ এক আভাস দিবৰ বাবে কেৱল নামনি অসমৰ দেশী জনগোষ্ঠী অৰ্থাৎ গোৱালপাৰীয়া মুছলমানসকলে পালন কৰা ‘বেষমা’ নামৰ বসন্তোৎসৱৰ বিষয়েহে চমুৱাই আলোচনা কৰিম।

আশ্বিক উজ জামানে ‘দেশী মুছলমানসকলৰ ৰঙালী বিহু ‘বেষমা” শীৰ্ষক লেখাত দেশী মুছলমান জনগোষ্ঠীৰ উৎপত্তিৰ সম্পৰ্কত কৈছে যে ১২০৬ চনত বখতিয়াৰ খিলজীৰ অসম আক্ৰমণৰ সময়ত স্থানীয় মেচ জনগোষ্ঠীৰ ৰজাই মুছলমান ধৰ্ম গ্ৰহণ কৰাৰ পাছৰপৰাই ‘দেশী মুছলমান’ জনগোষ্ঠীৰ উৎপত্তি হয়। জামানৰ লেখাত পোৱা তথ্য মতে, খিলজীৰ লগত অহা মিনহাজ আল চিৰাজে তেওঁৰ ‘তাবাকাত ই নাচিৰি’ গ্ৰন্থত মেচ জনগোষ্ঠীৰ ৰজাজনক ‘আলি মেচ’ বুলি উল্লেখ কৰি গৈছে। আলি মেচক দেশী মুছলমানসকলৰ আদি পুৰুষ হিচাপে অভিহিত কৰিলেও দেশীসকল মূলতঃ ৰাজবংশী জনগোষ্ঠীৰ পৰাই ধৰ্মান্তৰিত আৰু ৰাজবংশীসকলৰ ধৰ্মান্তৰণৰ উদাহৰণ আলি মেচৰ ধৰ্মান্তৰণৰ পূৰ্বৰ পৰাই পোৱা যায়। অমিত দেৰ ‘ৰিভিউ অৱ হিষ্ট্ৰিকেল ষ্টাডিজ’ গ্ৰন্থত প্ৰকাশিত তেওঁৰ ‘ছাম এচপেক্ট অৱ চুফি মুভমেন্ট’ প্ৰবন্ধত ১০৫৩ চনত পশ্চিম অসমৰ কোচ-ৰাজবংশীসকলে ইছলাম ধৰ্ম গ্ৰহণৰ বিষয়ে উল্লেখ কৰিছে। অবিভক্ত গোৱালপাৰা জিলাৰ স্থানীয় ৰাভা, মেচ, গাৰো, নাথ-যোগী, আনকি কলিতা আদি জনগোষ্ঠীৰ পৰাও ধৰ্মান্তৰিত হৈ ‘দেশী জনগোষ্ঠী’ ৰ উৎপত্তি হ’লেও দেশীসকলৰ মূল স্ৰোতটো স্থানীয় ৰাজবংশী জনগোষ্ঠীৰহে।

জামানৰ মতে–‘নামনি অসমৰ আন আন স্থানীয় জনগোষ্ঠীৰ নিচিনা দেশীসকলৰো নিজস্ব বিহু আছে, যাক ‘দেশী’ (গোৱালপাৰীয়া) ভাষাত কোৱা হয় ‘বেষমা’। অঞ্চল ভেদে ইয়াক ‘বিষমা’ বা ‘চৈত-বৈষ্ণে’ বুলিও কোৱা হয়। এই বিহু পালন কৰা হয় চ’ত মাহৰ শেষ দিনা। ... দেশীসকল মূলতঃ ৰাজবংশীসকলৰ পৰা ধৰ্মান্তৰিত হোৱা কাৰণে ‘বেষমা’ৰ ৰীতি-নিয়ম ৰাজবংশীসকলৰ বিহু ‘বিষমা’ বা ‘বিষুমা’ৰ সৈতে প্ৰায় একে। .... দুখৰ কথা যে আধুনিকতাৰ কৰাল গ্ৰাস আৰু ধৰ্মান্ধতাৰ বলি হৈ ‘দেশী’ সকলৰ পৰম্পৰাগত বিহু ‘বেষমা’ উৎসৱ আজি ক্ৰমাৎ লুপ্ত হোৱাৰ পথত। গাঁৱলীয়া অঞ্চলত যদিও এতিয়াও এই ঐতিহ্য ঢিমিক-ঢামাক কৈ চলি আছে, কিন্তু চহৰীয়া অঞ্চলত নতুন প্ৰজন্মই প্ৰায় পাহৰিয়ে পেলাইছে...। কোনো এটা জনগোষ্ঠী কাহানিও কেৱল ধৰ্মীয় পৰিচয়ৰে জীয়াই থাকিব নোৱাৰে, ধৰ্মীয় পৰিচয়ৰ নিচিনা জনগোষ্ঠীয় পৰিচয়ো সমানে গুৰুত্বপূৰ্ণ– আৰু আমাৰ বোধেৰে দুয়োৰ মাজত কোনো দ্বন্দ্ব নাই, থাকিব নোৱাৰে। আনহাতে, অসমৰ ৰাজনৈতিক-সামাজিক জীৱনৰ মূল স্ৰোতটো যিহেতু ‘জনগোষ্ঠীয় পৰিচয়’ৰ ওপৰত আধাৰিত, গতিকে অসমৰ ভূমিপুত্ৰ দেশীসকলেও নিজৰ ঐতিহ্য আৰু পৰম্পৰাসমূহক সংৰক্ষণ তথা শক্তিশালী কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে।’ [https://ashiqzaman.wordpress.com/2016/04/18]

আমি ভাবো যে অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক পূৰ্ণাংগ ৰূপ দিয়াৰ স্বাৰ্থতে দেশীসকলৰ মাজৰ উদাৰ-গণতান্ত্ৰিক ব্যক্তিসকলে ‘বেষমা’ পালনত গুৰুত্ব প্ৰদান কৰা উচিত। ধৰ্মীয় বিধি-বিধানৰ প্ৰসংগ দোহাই দি এটা জনগোষ্ঠীৰ সাংস্কৃতিক পৰিচয়ক অৱদমিত কৰি ৰাখিব বিচৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তাতে মুছলমান ধৰ্মত ধৰ্মীয় পৰিচয় আৰু জনগোষ্ঠীয় পৰিচয়ৰ সহাৱস্থানৰ অসংখ্য উদাহৰণ আছে।

সি যি নহওক, এই কৃষি উৎসৱ বা বসন্তোৎসৱসমূহ বিভিন্ন জনগোষ্ঠীয়ে যি নামেৰেই পালন নকৰক কিয়, ইটো উৎসৱৰ লোকাচাৰৰ সৈতে সিটো উৎসৱৰ লোকাচাৰৰ নিকট সাদৃশ্য আছে। এসময়ত মূলতঃ উৎপাদন প্ৰক্ৰিয়াৰ সৈতে সম্পৰ্কিত লোকাচাৰসমূহ প্ৰতিটো জনগোষ্ঠীৰ বাবে সমূহীয়া চেতনাৰ নিৰ্যাসস্বৰূপ আছিল আৰু সিবোৰে তেওঁলোকক প্ৰতিনিয়ত জীৱন সংগ্ৰামৰ প্ৰেৰণাও যোগাইছিল। তেওঁলোকে যৌনতা আৰু শস্যোৎপাদনৰ মাজত পাৰস্পৰিক সম্পৰ্ক আছে বুলি ভাবিছিল আৰু প্ৰকৃতিক প্ৰভাৱিত কৰাৰ লক্ষ্যৰেই যৌনোদ্দীপক নৃত্য-গীত পৰিৱেশন কৰিছিল। সন্দেহ নাই, বিভিন্ন উৎসৱৰ সৈতে জড়িত লোকাচাৰসমূহৰ মাজত পৰিলক্ষিত নিকট সাদৃশ্যৰ বাবেই বিহুৰ দৰে এক উমৈহতীয় উৎসৱৰ জন্ম হৈছিল। এইক্ষেত্ৰত আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতাই এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল। আহোম ৰজা চুক্লেংমুঙ(১৫৩৯-১৫৫২ চন)ৰ ৰাজত্বৰ সময়ৰ পৰাই কৃষি উৎসৱসমূহে এক সমূহীয়া ৰূপ গ্ৰহণ কৰিবলৈ ধৰে আৰু ৰুদ্ৰসিংহ (১৬৯৬-১৭১৪ চন)ৰ ৰাজত্বৰ সময়ত এই উৎসৱসমূহে বিহু ৰূপে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। ১৬৯৮-৯৯ চনত ৰুদ্ৰ সিংহই দিখৌ নদীৰ পাৰত ৰংপুৰ নগৰ নিৰ্মাণ কৰিছিল। তেওঁ এই ৰংপুৰলৈ গড়গাঁৱৰ পৰা ৰাজধানী স্থানান্তৰ কৰাই নহয়, ৰংপুৰত ৰজা-প্ৰজাৰ মনোৰঞ্জনৰ বাবে এটি ‘ৰংচোৱা ঘৰ’ বা ‘ৰংঘৰ’ সাজি উলিয়াইছিল। তেওঁ প্ৰথম ব’হাগৰ দিনা আগতে কেৱল হাবি বা পথাৰৰ মাজত চহা ডেকা-গাভৰুৱে পৰিৱেশন কৰা গীত-নৃত্যবোৰ ৰংঘৰৰ বাকৰিত পৰিৱেশন কৰিবলৈ উৎসাহ যোগাইছিল। তেওঁ ৰাজ কাৰেঙলৈ ৰাইজক হুঁচৰি গাবলৈ আমন্ত্ৰণ জনাই হুঁচৰি দলৰ আশীৰ্বাদ লোৱাৰ পৰম্পৰাও আৰম্ভ কৰে। লাহে লাহে সেই পৰম্পৰা ডা-ডাঙৰীয়াৰ উপৰি সকলো প্ৰজাৰ ঘৰলৈ সম্প্ৰসাৰিত হ’ল। ৰুদ্ৰ সিংহৰ সময়ৰ পৰাই বিহু কোনো নিৰ্দিষ্ট জনগোষ্ঠী বা ধৰ্মালম্বীৰ উৎসৱ হৈ নাথাকিল; বিহুক সমাজৰ সকলো শ্ৰেণীৰ লোকে সমান আগ্ৰহেৰে আদৰি ল’বলৈ ধৰিলে।

এইখিনিতে বিহু শব্দটোৰ উৎপত্তিৰ সম্পৰ্কত আলোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। ঊনবিংশ শতিকাত বিহুক ‘অশ্লীল’, ‘ইতৰজনৰ নিলাজ গীত-মাত’ আদি আখ্যা দিয়া বৰ্ণহিন্দু শিক্ষিত চামৰ উত্তৰসুৰীসকলেই ‘বিহু’ শব্দটো সংস্কৃত ‘বিষুৱণ’, ‘বিষুৱ’ বা ‘বিষু’ শব্দৰপৰা আহিছে বুলি পৰিকল্পিতভাৱে প্ৰচাৰ চলাবলৈ ধৰিছে। এই গৱেষক-পণ্ডিতসকলে ‘বিহু’ শব্দটো সংস্কৃত ‘বিষুৱণ’ বা ‘বিষুৱ’ বা ‘বিষু’ শব্দৰপৰা আহিছে বুলি প্ৰকাশ কৰি অহা মতৰ সমৰ্থনত কেৱল বেদ বা হিন্দু শাস্ত্ৰকেইখনৰ কেইটিমান উদ্ধৃতি দিয়াৰ বাহিৰে কোনো যুক্তি আৰু তথ্যনিৰ্ভৰ প্ৰমাণ দাঙি ধৰিব নোৱাৰে। এই প্ৰসংগত ডঃ নগেন শইকীয়াই লেখিছে–‘সেই সময়ত ‘বিষু’ শব্দৰ দৰে সংস্কৃতীয়া শব্দ এটাৰ ব্যৱহাৰৰ কোনো প্ৰশ্নই নুঠে।...অসমলৈ প্ৰব্ৰজন কৰি অহা আলপাইন, ককেচাচ বা ডেড্ডিত নৃ-গোষ্ঠীৰ লোকসকলৰ পৰাও খ্ৰীষ্টপূৰ্ব কালতে ‘বিষুব’ বা ‘বিষু’ শব্দ ব্যৱহত হোৱাৰো কোনো সম্ভাৱনা নাই।’ (অসমীয়া মানুহৰ ইতিহাস, কথা প্ৰকাশন, গুৱাহাটী) ব’হাগ বিহুক বড়োসকলে ‘বৈছাগু’, দেউৰীসকলে ‘বিছু’, ৰাভাসকলে ‘বৈখু’, ডিমাছাসকলে ‘বুচু’ আৰু টাইসকলে ‘পয়হু’ বা ‘বৈহু’ ৰূপে পালন কৰে বুলি উল্লেখ কৰি ডঃ শইকীয়াই এই সিদ্ধান্তত উপনীত হৈছে যে ‘বৈছাগু’, ‘বিছু’ বা ‘বুচু’ৰ পৰা বিহু হোৱাতকৈ টাই শব্দ ‘পয়হু’ৰ পৰা বিহু হোৱাৰ সম্ভাৱনা প্ৰবল। বিহু বিশেষজ্ঞ জয়কান্ত গন্ধীয়ায়ো এনে সম্ভাৱনাই ব্যক্ত কৰিছে। সংস্কৃত ‘বিষুৱণ’ বা ‘বিষুৱ’ বা ‘বিষু’ৰ পৰা যে ‘বিহু’ শব্দ অহা নাই, সেয়া অসমৰ লোক-সংস্কৃতিৰ বস্তুনিষ্ঠ গৱেষক ডঃ নিৰ্মলপ্ৰভা বৰদলৈ, শশী শৰ্মা, ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য আদিয়েও যুক্তিসহকাৰে প্ৰমাণ কৰিছে। ইপিনে, ডঙ্ম লীলা গগৈয়ে ‘বিহু’ শব্দটো ‘বৈহু’ শব্দৰপৰা আহিছে বুলি মত প্ৰকাশ কৰিছে। টাই ভাষাত ‘বৈ’ মানে পূজা বা উপাসনা আৰু ‘হু’ মানে গৰু। টাই সংস্কৃতিৰ বিশিষ্ট গৱেষক ডঃ পদ্মেশ্বৰ গগৈ, ডঃ পুষ্প গগৈ, বৌউনথন গগৈ,ডঃ নোমল গগৈ আদিয়েও ‘বিহু’ শব্দটো টাই ভাষাৰপৰা আহিছে বুলি অনেক যুক্তি দাঙি ধৰিছে। মৰাণ জনগোষ্ঠীৰ গৱেষকসকলে মৰাণসকলৰ ‘পিহু’ শব্দৰ পৰা বিহু আহিছে বুলি মত পোষণ কৰে। আনহাতে, মেদিনী মোহন চৌধুৰীয়ে বড়ো ভাষাত ‘বী’ মানে খোজা আৰু ‘হো’ মানে দিয়া অৰ্থাৎ বীহো বা বিহু মানে সামাজিক আদান-প্ৰদানৰ অনুষ্ঠান বুলি উল্লেখ কৰি যথাৰ্থভাৱেই মন্তব্য কৰিছে যে বিহু আৰ্য অনুষ্ঠান হোৱাহেঁতেন কামৰূপত বিহুৰ প্ৰভাৱ আটাইতকৈ বেছি হ’লহেঁতেন।

পঞ্চদশ শতিকাত শংকৰদেৱে প্ৰচাৰ কৰা নামধৰ্মই বিহুৰ হুঁচৰিৰ অংশত কিছু প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল। সেই সময়ছোৱাত হুঁচৰিৰ পদ-ঘোষাসমূহত ৰাম, কৃষ্ণ, গোপাল, গোবিন্দ, গোবিন্দাই ৰাম আদি শব্দসমূহ অন্তৰ্ভুক্ত হৈছিল আৰু লাহে লাহে বৈষ্ণৱ পদ-ঘোষাসমূহেও হুঁচৰিত স্থান লাভ কৰিছিল। অৱশ্যে, হুঁচৰিত বৈষ্ণৱ পদ-ঘোষাৰ প্ৰৱেশৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ শংকৰদেৱৰ সময়ৰ পৰা কমেও এক শতিকাৰ প্ৰয়োজন হৈছিল। এই প্ৰসংগত ভাস্কৰ শৰ্মাই লিখিছে—‘বিহুৱে প্ৰথমটো জোকাৰণি খাইছিল খ্ৰীঃ সপ্তদশ শতিকাত। সেই তেতিয়াৰ পৰাই বিহুৰ ওপৰত হিন্দু ধৰ্মৰ প্ৰভাৱৰ সূচনা হৈছিল আৰু নিভাঁজ উৰ্বৰতা, যৌনতা আৰু প্ৰেম-প্ৰীতি বিষয়ক বিহুগীতত ভকতীয়া নামৰ প্ৰৱেশ ঘটিল। ... সেই তেতিয়াই এচাম প্ৰাচীনপন্থীয়ে অন্তৰত বিষম দুখ পাইছিল, বিহুৰ ভৱিষ্যতৰ আশংকাত বেয়াকৈ ভুগিছিল। বিশেষভাৱে নিজকে হিন্দুধৰ্মৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখা আহোম পুৰোহিত শ্ৰেণীয়ে হুঁচৰিত ভকতীয়া নাম, শংকৰ-মাধৱক লৈ সৃষ্টি হোৱা মালিতাৰ অনুপ্ৰৱেশ একেবাৰেই সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল।’ (বিহুৰ অৱক্ষয়, ভৱিষ্যৎ, লোক-সংস্কৃতিৰ সংজ্ঞা ইত্যাদি, এনাজৰী, স্মৃতিগ্ৰন্থ, মৰাণ আঞ্চলিক ছাত্ৰ সন্থা, সম্পা : ডঃ অনিল শইকীয়া, ২০০১, পৃ-১২)

শৰ্মাই বিহুৰ ওপৰত হিন্দুধৰ্মৰ যি প্ৰভাৱ পৰাৰ কথা কৈছে; সেই প্ৰভাৱ বৈদিক আচাৰ-অনুষ্ঠানযুক্ত হিন্দুধৰ্মৰ নাছিল, তেনে আচাৰ-অনুষ্ঠান বিৰোধী নামধৰ্মৰহে আছিল। সেই দৃষ্টিকোণৰ পৰা বিহুৰ ওপৰত আৰ্য সভ্যতা-সংস্কৃতিৰ প্ৰভাৱ পৰিছে বুলি কোৱাটোও উচিত নহ’ব। তেনেদৰে কোৱাৰ অৰ্থ হ’ব, বিহুৰ প্ৰকৃতিগত বৈশিষ্ট্য আৰু ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উলাই কৰাৰ নতুন চতুৰালি আৰু কৌশলহে। বিহুৰ প্ৰকৃতিগত বৈশিষ্ট্যৰ এক সুন্দৰ উদাহৰণ ডঃ মানিক শইকীয়াৰ এক প্ৰবন্ধত পাওঁ—‘... বিহুগীতসমূহ ভাৱ-সম্পদৰ ক্ষেত্ৰতো আনবোৰ লোকগীততকৈ পৃথক। আন আন গীত-মাত, প্ৰবাদ-প্ৰবচন আদিবোৰ লোকজীৱনৰ অভিজ্ঞতাৰ সাৰ-সংকলন হ’লেও এইবোৰ যেন ঘাইকৈ মানৱ জীৱন সম্পৰ্কে নীতি-উপদেশৰহে সমাহাৰ। ... এইবোৰ গীত-মাতৰ জৰিয়তে ইহলৌকিক জীৱনতকৈ পাৰলৌকিক জীৱনৰ সুখ-সমৃদ্ধিৰ প্ৰতিহে অধিক গুৰুত্ব প্ৰকাশিত হৈছে বুলিব পাৰি। মানুহে যেন পাৰলৌকিক জীৱনৰ সফলতাৰ বাবেহে ভাল কাম কৰিব লাগে। বৈষ্ণৱ আন্দোলনৰ পিছৰ বুলি অনুমান কৰিব পৰাখিনিৰতো কথাই নাই, তাৰ আগৰসমূহো জীৱনৰ পৰা নিলগৰ; অবাস্তৱ আৰু অলৌকিকতাৰে ধূসৰ। ... লোক বাচিক কলাৰ আটাইবোৰ উপাদানৰ মাজত নথকা অথচ বিহুগীতৰ মাজত থকা বিষয়টোৱেই হৈছে জীৱন উপভোগৰ প্ৰতি আকাংক্ষা। কেৱল আকাংক্ষাই নহয়, বহু সময়ত এইবোৰ যেন জীৱন উপভোগৰেই উপমাসমৃদ্ধ শালীন প্ৰকাশ। (বিহুগীতৰ ভাব-সম্পদ, গৰীয়সী, সম্পা : ডঃ লক্ষ্মীনন্দন বৰা, এপ্ৰিল, ২০১৮, পৃ-৪)

লক্ষ্যণীয় যে আহোম ৰাজতন্ত্ৰৰ পৃষ্ঠপোষকতা লাভ কৰাৰ পাছত বিহুৰ আচাৰ-আনুষ্ঠানিকতাত ভালেখিনি সামন্তীয় প্ৰভাৱো পৰিছিল। প্ৰগতিশীল সাহিত্যিক তোষেশ্বৰ চেতিয়াৰ ভাষাৰে ক’বলৈ গ’লে, আহোম ৰাজত্বৰ শেষৰ ফালে বিহুত সামন্তীয় প্ৰভাৱ সুদৃঢ় হ’ল। খুব সম্ভৱ তেতিয়াৰ পৰাই হুঁচৰি আৰু হুঁচৰি গীতৰ প্ৰচলন হয়। হুঁচৰি গীতক একৰকম গোলামৰ গীত বুলিব পাৰি। এই গীত আজি নীচ ব্যৱসায়িক গীতলৈ আৰু হুঁচৰি এক ভিক্ষাৰী বৃত্তিলৈ অধঃপতিত হোৱা বুলি বহুতৰে অভিমত। আহোম ৰজা-সামন্ত কুঁৱৰীয়ে ৰংঘৰ-কাৰেংঘৰৰ ওপৰ মহলাত বহি বিহু গীত-নৃত্য, ম’হ-শেন-কণীযুঁজ আদি উপভোগ কৰে। সাধৰণ পাইকসকলে নাচ-গান, যুঁজ আদি দেখুৱাই ৰজা-কুঁৱৰীসকলক মনোৰঞ্জন দিব লাগে। বিহুৱাহঁতে ‘স্বৰ্গদেউ ওলালে বাটচ’ৰাৰ মুখলৈ’, ‘আইদেউৰ গাত জিলিকে নগাৰ জাঙেফাই’ আদি তোষামোদৰ গীত গায়। অৱশ্যে, ৰাজ পৃষ্ঠপোষকতাক সমালোচনা কৰিও চেতিয়াই স্বীকাৰ কৰিছে যে সেই পৃষ্ঠপোষকতাই বিহুক জনপ্ৰিয় কৰি তুলিলে। (বিহুৰ নিৰ্ভৰযোগ্য মূল্যায়ন : বিহুৰ ৰূপ-ৰস আৰু তত্ত্ব, সম্পা : অচ্যুত চন্দ্ৰ শৰ্মা, বি আৰ কলিতা বুক ডিপো, গুৱাহাটী, পৃ-৩৩-৩৪)

গুৰুত্বপূৰ্ণ কথাটো হ’ল, মধ্যযুগত নামধৰ্ম অথবা ৰাজতন্ত্ৰৰ শাসনে বিহুৰ আচাৰ নীতিলৈ কেতবোৰ পৰিবৰ্তন আনিলেও বিহুৰ আদিম আবেদনক অলপো ক্ষতিসাধন কৰিব নোৱাৰিলে। ঔপনিৱেশিক যুগতো অসমৰ নব্য উত্থিত মধ্যশ্ৰেণীৰ নিন্দা-সমালোচনালৈ অলপো কেৰেপ নকৰি শ্ৰমজীৱী জনতাই বিহুক স্বকীয় বৈশিষ্ট্যৰে জীয়াই ৰাখিলে। সেই শ্ৰমজীৱী জনতাই ৰচনা কৰা বিহুনামত তেওঁলোকৰ যৌৱনৰ উৎসাহ-উদ্দীপনা, জীৱন সংগ্ৰামৰ প্ৰতিচ্ছবি আদি প্ৰতিফলিত হৈ ৰৈছিল। এনে প্ৰসংগতে হেমাংগ বিশ্বাসে কৈছিল— ‘প্ৰণয় সম্পৰ্কীয় গীতবোৰৰ অধিকাংশই শস্য-উৎপাদন প্ৰক্ৰিয়াৰ ঐন্দ্ৰজালিক কল্পনাৰ সৈতে আজিও পৰোক্ষভাৱে সম্পৰ্কিত। অৰ্থাৎ, সেইবোৰত শ্ৰম আৰু প্ৰেম একেলগে যুক্ত হৈ আছে। কিন্তু নগৰীয়া ব্যক্তিকেন্দ্ৰিক মানসিকতাত প্ৰেম-বিবাহ-বিচ্ছেদ ইত্যাদি শ্ৰমজীৱনৰপৰা বিচ্ছিন্ন phenomenon.’ (http://muktosinta.org)

সি যি নহওক, ঔপনিৱেশিক যুগত ব্ৰিটিছ শাসনে বিহুলৈ আমূল পৰিৱৰ্তন কঢ়িয়াই আনিল। এই সময়ছোৱাতে আধুনিক ইংৰাজী শিক্ষাৰ প্ৰসাৰ, একাংশ কৃষকৰ চাকৰিমুখী আৰু নগৰমুখী মানসিকতা, পাশ্চাত্য সংস্কৃতি, স্বাধীনতা সংগ্ৰাম আদিয়ে উজনি অসমৰ ৰাতি বিহুৰ পৰম্পৰাক ক্ৰমশঃ হ্ৰাস কৰি আনিলে। লাহে লাহে বিহু বছেৰেকৰ মূৰত পালন কৰা এক অনুষ্ঠানলৈ পৰ্যবসিত হ’ল। ১৯৫০ চনলৈকে ৰাতি বিহুৰ পৰম্পৰা অ’ত-ত’ত পৰিলক্ষিত হ’লেও বৰ্তমান স্বতঃস্ফূৰ্তভাৱে ক’তো ৰাতি বিহু দেখা নাযায়। অৱশ্যে, অবিভক্ত ডিব্ৰুগড় জিলাৰ মৰাণ-মটক জনগোষ্ঠী অধ্যুষিত অঞ্চলত এতিয়াও গছতলৰ বিহু পূৰ্বৰ পৰম্পৰাৰে প্ৰচলিত হৈ আছে।সমাজ বিৱৰ্তনৰ অৱধাৰিত পৰিণতিতে হওক বা ব্ৰিটিছসকলে কঢ়িয়াই অনা পশ্চিমীয়া বতাহজাকৰ শেষ পৰিণতিতেই হওক একালৰ গছতল-চোতালৰ বিহু মঞ্চলৈ আহিল। দেৱেশ্বৰ কলিতাৰ ‘বিহু : অসমৰ জাতীয় উৎসৱ’ শীৰ্ষক প্ৰবন্ধত পোৱা তথ্য মতে, ১৯২৫ চনত শিৱসাগৰ জিলাৰ বকতাত ৰাজহুৱাকৈ বিহু মেলা অনুষ্ঠিত হৈছিল আৰু ১৯৪১ চনত শিৱসাগৰত প্ৰথমবাৰৰ বাবে মঞ্চত বিহু প্ৰদৰ্শিত হৈছিল। সেইদৰে, ১৯৪৮ চনৰ ৩০ চ’ত আৰু ১ ব’হাগত ডিব্ৰুগড়ৰ চৌকিডিঙিত নিৰ্মল চক্ৰবৰ্তী, অৱনীন্দ্ৰ বৰঠাকুৰ, ৰাধাগোবিন্দ বৰুৱা আদিৰ প্ৰচেষ্টাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ সভাপতিত্বত মঞ্চবিহু সন্মিলন অনুষ্ঠিত হৈছিল। (বিহুৱা, বেলতলা ব’হাগী উৎসৱৰ মুখপত্ৰ, সম্পা : কুশল কলিতা, ২০১৪, পৃঃ ২১)

কলিতাই সংগ্ৰহ কৰা এই তথ্যখিনি জনপ্ৰিয় গণমাধ্যম ফেইচ-বুকত পোষ্ট হিচাবে দিয়াৰ পাছত নেত্ৰকমল গোস্বামীয়ে জনালে যে বিশ্বনাথ জিলাৰ চতিয়াৰ মাধুৰী আহঁত অঞ্চলত ১৯১৮ চনৰ পৰা বিৰতিহীনভাৱে মুকলি বিহু উদযাপন হৈ আহিছে। চলিত বৰ্ষত শতবৰ্ষ গৰকা এই বিহুখন প্ৰায় দুশ বছৰ পুৰণি বুলি স্থানীয় ব্যক্তিসকলে মতপোষণ কৰে। তেওঁলোকৰ মতে, খৰঙি বৰুৱা নামৰ এজন আহোম ৰাজ বিষয়াই এই বিহুখন আৰম্ভ কৰিছিল। দ্বীপজ্যোতি শইকীয়া আৰু নিতুল চাংমাই জনোৱা মতে, ১৯৩৪ চনত গোলাঘাট জিলাৰ বেতিয়নীত অসমৰ প্ৰথমখন মঞ্চবিহু অনুষ্ঠিত হৈছিল। এই তথ্যসমূহৰ পৰা প্ৰতীয়মান হয় যে সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ উদ্যোগত ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত আয়োজিত বিহু সন্মিলনখন অসমৰ প্ৰথমখন মঞ্চ বিহু হিচাবে বিদ্বৎমহলত ব্যাপকভাৱে চৰ্চিত হৈ আহিলেও সেই তথ্য শুদ্ধ নহয়। কিন্তু, এয়াও স্বীকাৰ কৰিব লাগিব যে লতাশিল খেলপথাৰত ধাৰাবাহিকভাৱে আয়োজিত বিহু সন্মিলনখনৰ আৰ্হি লৈয়েই ধীৰে ধীৰে অসমৰ চুকে-কোণে, গাঁৱে-চহৰে মঞ্চ বিহু অনুষ্ঠিত হ’বলৈ ধৰিলে।

কথা হ’ল, যিবোৰ জনগোষ্ঠীয়ে নিজা নিজা বসন্তোৎসৱসমূহ সুকীয়াভাৱে পালন কৰাৰ সমান্তৰালভাৱে জাতীয় উৎসৱ বিহুৰ প্ৰতিও একাত্মতা অনুভৱ কৰি আহিছে, সেই জনগোষ্ঠীসমূহৰ বসন্তোৎসৱৰ সৈতে জড়িত নৃত্য-গীতে বিহু মঞ্চত উপযুক্ত স্থান লাভ কৰা নাই। কোনো কোনো বিহু সন্মিলনে বড়োসকলৰ বাগৰুম্বা, মিচিংসকলৰ অই-নি-তম আদি অনুষ্ঠান সংযোগ কৰিলেও সেয়া পৰ্যাপ্ত নহয়। আমি ভাবো যে বিহু সন্মিলনত অসমৰ প্ৰতিটো জনগোষ্ঠীৰ বসন্তোৎসৱ বা কৃষি উৎসৱসমূহৰ নৃত্য-গীত (যেনে– ৰাভাসকলৰ ছাথাৰ নৃত্য, চাহ জনগোষ্ঠীৰ ঝুমুইৰ গীত-নৃত্য, সোণোৱাল কছাৰীসকলৰ হাইদাং গীত, নেপালীসকলৰ দেউসী আৰু ভৈলীগীত) আদি পৰিৱেশনৰ ব্যৱস্থা কৰিলে বিহুৱে ব্যাপকতা লাভ কৰাৰ লগতে অসমীয়া জাতিৰ ঐক্য-সংহতিও নিকপকপীয়া হৈ পৰিব।

ভাৰতৰ প্ৰতিৱেশী দেশ নেপালৰ পৰা নেপালীসকল ভিন্ন কাৰণত, ভিন্ন সময়ত অসমলৈ আহিছিল। কালক্ৰমত এই নেপালীসকলে অসমত স্থায়ীভাৱে বসবাস কৰি অসমীয়া ভাষা-সংস্কৃতিক নিজৰ বুলি আঁকোৱালি লৈ বৃহত্তৰ অসমীয়া সমাজখনৰ অংগস্বৰূপ হৈ পৰিল। তেওঁলোকে নিজা উৎসৱ-পাৰ্বণ, গীত-নৃত্য জীয়াই ৰখাৰ লগতে বিহুও পালন কৰি আহিছে। অসমীয়া নেপালীসকলে এক ব’হাগৰ পৰা তিনিদিনীয়াকৈ ‘বৈশাখে সগ্ৰাঁতি’ পালন কৰে। বিহুৰ হঁচৰিৰ সৈতে নেপালীসকলৰ দেউসীৰ, গাভৰু বিহুৰ সৈতে তিহাৰ উৎসৱৰ ভৈলীৰ যথেষ্ট সাদৃশ্য আছে। সেইদৰে, ঔপনিৱেশিক যুগত ব্ৰিটিছসকলে পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি ঠাইৰ পৰা বনুৱা হিচাবে অসমলৈ অনা লোকসকল ইয়াত ‘চাহ জনগোষ্ঠী’ হিচাবে পৰিচিত হৈ পৰিল। তেওঁলোকৰ মাজত এশৰো অধিক জাতি-জনজাতি থাকিলেও তেওঁলোক কালক্ৰমত একক জনগোষ্ঠীলৈ পৰিণত হ’ল। বৰ্তমান অসমীয়া জাতিৰ অবিচ্ছেদ্য অংগ হৈ পৰা চাহ জনগোষ্ঠীৰ লোকসকলে নিজা উৎসৱ-পাৰ্বণ পালন কৰি অহাৰ সমান্তৰালভাবে বিহু পালন কৰাও দেখা যায়। তেওঁলোকৰ মাজত প্ৰচলিত কৃষিভিত্তিক উৎসৱ কৰম পৰৱৰ অন্যতম অংগ ঝুমুইৰ নৃত্য-গীতৰ সৈতে বিহু নৃত্য-গীতৰ অনেক সাদৃশ্য আছে। দৃষ্টান্তস্বৰূপে বিহুনামত গোৱা হয়– আজি বিহু বিহু কালি বিহু বিহু নাহৰ ফুল ফুলিবৰ বতৰ।ফুলপানী ছিগাতে ঢোলৰ মাত শুনিলো উজুটিত বাঙি যাওঁ যতৰ।। সেইদৰে ঝুমুইৰ গীতত গোৱা হয়– ঢল বাজনা শুনি নিন্দ নাইখে চঁইখে ধনী হামে অৱলি ধনী নাচে আৱলি ধনী শুনিকে বাজনা। (অৰ্থ : ঢোলৰ মাত শুনি চকুত টোপনি নাই, মন মোৰ কেনেবা কৰে। চেনাইৰ গীতে শুনি ঢপলিয়াই আহিলো, নাচোনত কেঁচা ঘাম সৰে।)

সুখৰ বিষয় যে অসমৰ পূৰ্ব বংগমূলীয় মুছলমান সমাজতো জাতীয় উৎসৱ বিহু উলহ-মালহেৰে পালন হৈ আহিছে। এই সম্পৰ্কত ৰেহনা চুলতানাই ‘চৰ-চাপৰিৰ বিহু পৰম্পৰা’ শীৰ্ষক লেখাত কৈছে– ‘... অসমৰ চৰ-চাপৰিত প্ৰত্যেক বছৰেই বহাগ বিহুটি অতি হেঁপাহেৰে পালন কৰা দেখা যায়। অসমৰ কামৰূপ জিলাৰ অন্তৰ্গত সোণতলী, বৰপেটা জিলাৰ আলোপতি চৰ, কলগাছিয়া, কয়াকুছি, ধুবুৰীৰ মানকাচৰ আদি চৰ-চাপৰি অঞ্চলত পতা বিহু আদিয়েই ইয়াৰ উদাহৰণ। চৰ-চাপৰিৰ মুছলমান সমাজত পালন কৰা বিহুৰ ভিতৰত সোণতলী বিহু সন্মিলন আৰু কুজাৰপিঠ বিহু সন্মিলনে এক বিশেষ মৰ্যাদা লাভ কৰি আহিছে। ইছলাম ধৰ্মত ধৰ্ম বহিৰ্ভূত নাচ-গান এচামে নিষিদ্ধ বুলি জ্ঞান কৰিলেও বিহু উৎসৱ পালন কৰাত বাধা প্ৰদান কৰা বা নিষিদ্ধ কৰা বুলি সম্ভৱতঃ ক’তো তেনেকৈ নজিৰ পোৱা নাযায়।’ ( http://muktosinta.org/sor-saporir-bihu)

অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক পুনৰুজ্জীৱিত কৰিবলৈ লক্ষণীয় যে বিহুনামৰ যোগেদি অসমীয়া জাতিৰ সম্প্ৰীতিৰ নিদৰ্শন সুন্দৰকৈ ফুটি উঠিছিল। উদাহৰণস্বৰূপে– নগাৰে চাঙতে পেঁপাটি বজালে ডফলাই ধৰিলে টকা। ল’ৰা-বুঢ়া-জীয়ৰী ৰঙতে বলিয়া ব’হাগৰ বিহুৱা ডেকা। এনে বিহুনামৰ বিপৰীতে ‘অকৰা নগাকে ভিনি বুলি মাতিলো, নাগিনীক বুলিলো বাই’ লেখীয়া কোনো বিশেষ জনগোষ্ঠীক হেয় প্ৰতিপন্ন কৰা বিহুনামে জনগোষ্ঠীয় ক্ষোভ-বিদ্বেষ বঢ়াই তুলিব পাৰে। সেয়ে এনে বিহুনামগোৱাটো অনুচিত। কিন্তু, ‘আচিনায়াং মানে কি অ’ মৰমী, আচিনায়াং মানে হ’ল বুকুৰে মৰম, তুমি যদি বুজি পোৱা মোৰে চেনাইটি’ৰ লেখীয়া বিহুসুৰীয়া গীত ৰচিত হ’লে সমন্বয়ৰ এনাজৰীডাল অধিক কটকটীয়া হোৱাৰ সম্ভাৱনা আছে।

সি যি নহওক, বিংশ শতিকাৰ শেষৰ ফালে দেশজুৰি অৰ্থনৈতিক উদাৰীকৰণ আৰম্ভ হোৱাত বিহুকে ধৰি বিভিন্ন লোক-সংস্কৃতিৰ পণ্যায়নো অপ্ৰতিৰোধ্য গতিত আৰম্ভ হ’ল। সম্প্ৰীতি এই পণ্যায়নেই কৃষিজীৱী ৰাইজৰ প্ৰাণৰ উৎসৱ বিহুৰ প্ৰতি গভীৰ সংকট কঢ়িয়াই আহিছে। অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ শিপা বিচ্ছিন্ন অংশটোৰ উৎকট ব্যক্তিকেন্দ্ৰিকতা আৰু ভোগবাদী মানসিকতাই বিহুৰ স্থূলীকৰণ আৰু বিকৃতকৰণত সাৰ-পানী যোগান ধৰি বিহুৰ প্ৰকৃত আৱেদনকে কলুষিত কৰিব বিচাৰিছে। সেইদৰে, শেহতীয়াকৈ কেতবোৰ অশুভ ধৰ্মীয় শক্তিয়ে বিহুক ধৰ্মীয় উৎসৱৰূপে প্ৰক্ষেপ কৰিবলৈ বা বিহুৰ সৈতে ধৰ্মক একাকাৰ কৰিবলৈ অপচেষ্টা চলাই আছে। এনে পৰিস্থিতিত বিহুৰ সাৰবত্তাক অমলিন কৰি ৰখাৰ দায়িত্ব ল’ব লাগিব ইমানদিনে বিহুক হিয়াৰ উম দি নিৰ্বিঘ্নে-নিৰাপদে জীয়াই ৰখা অসমৰ শ্ৰমজীৱী ৰাইজেই। বিহুৰ সাৰবত্তা ধ্বংস হ’লে কেৱল শ্ৰমজীৱী ৰাইজেই যে আত্ম পৰিচয়ৰ বাবে হাহাকাৰ কৰিব লাগিব, তেনে নহয়; সমগ্ৰ অসমীয়া জাতিয়েই আত্ম পৰিচয়ৰ বাবে হাহাকাৰ কৰি মুত্যুৰ মুখলৈ আগুৱাই যাব। অনন্তকাললৈ বিহু হৈ থাকক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক, জাতি গঠনৰ নজহা-নপমা কৰাল।

Share Button
Print Friendly, PDF & Email

No Comments : "বিহু হওক জাতি গঠনৰ মঞ্চ-(টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *