অসমৰ জাতীয় উৎসৱ বিহু (হেমাংগ বিশ্বাস)

যি নাই বিহুগীতত, সি নাই অসমত। যি নাই অসমত, সি নাই বিহুগীতত। অসম আৰু অসমীয়া জনমানসৰ নিৰ্ভুল দাপোণ এই বিহু। অসমৰ পাহাৰ-পৰ্বত, চৰাই-চিৰিকতি, নৈ-বিল, পথাৰ-সমাৰ, ফুল-ফল, গোন্ধ-বৰণ আৰু সিবিলাকৰ মাজত কৰ্মৰত নাৰী-পুৰুষৰ এনে প্যানোৰামা ভাৰতৰ লোকসংগীতত বিৰল। বিহুগীতৰ সাহিত্যিক আৰু সাংগীতিক ভেটিৰ ওপৰতেই থিয় হৈ আছে অসমীয়া সংস্কৃতিৰ উপৰিসৌধ। ধর্মপ্ৰভাৱমুক্ত ইহজাগতিকতা আৰু শ্রমশীল জীৱনৰ প্রতি অসীম মমতা— এয়াই হ’ল বিহুৰ দর্শন। আদিম প্রাক্ আর্য উৎসৱবোৰ, কৃষি সমাজৰ ঋতু উৎসৱবোৰ হিন্দু ধৰ্মৰ উৎসৱত পৰিণত হৈছে। শাৰদীয় উৎসৱ, দীপান্বিতা, ফাকুৱা—এই সকলোবোৰ ৰূপান্তৰিত হৈছে হিন্দুসকলৰ উৎসৱত, জাতীয় উৎসৱৰ মৰ্যাদা ইবোৰে হেৰুৱাইছে। কিন্তু বহু জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী অধ্যুষিত অসম উপত্যকাত বিহুৰ জাতীয় মৰ্যাদাই কিন্তু ব্যাপকতাহে লাভ কৰিছে। ধৰ্মীয় আচাৰ-বিচাৰ, দেৱ-দেৱী, উপদেৱতা বা অপদেৱতাৰ প্ৰভাৱৰপৰা বিহু মুক্ত। বৰ্ণহিন্দু সমাজৰ বিধি-নিষেধ আৰু বৈষম্যৰ বিৰুদ্ধে প্ৰতিবাদেই হ’ল বিহুৰ প্রধান উপজীব্য। বিহুকাব্যৰ প্রেম অবাধ, কিন্তু ই দেহবাদী নহয়। আজিও যৌথ কৃষি আৰু চিকাৰী জীৱনৰ প্রাকৃতিক পৰিৱেশক বশ কৰাৰ ঐন্দ্রজালিক কল্পনাৰ ঐতিহ্যেৰে ই মধুৰ। বিহুৰ আদিৰস কর্মজীৱনৰপৰা বিচ্ছিন্ন ব্যক্তিকেন্দ্রিক নাগৰিক প্রেম নহয়; সমষ্টি চেতনাৰ ছন্দেৰে ই সুস্থ আৰু সজীৱ।
অসমৰ ৰজা-মহাৰজাসকলৰ সুদীৰ্ঘ ইতিহাস লিপিবদ্ধ হৈছে 'বুৰঞ্জী-সাহিত্য'ত। আনহাতে অসমৰ গঞা-জীৱনৰ, কৃষিসমাজৰ অবিচ্ছিন্ন অলিখিত ইতিহাস সিঁচৰতি হৈ আছে এই বিহু সাহিত্যত‌। অথচ সৌ সিদিনালৈকে চহৰ আৰু গাঁৱৰ অভিজাতসকলৰ বাবে বিহু আছিল ‘নিষিদ্ধ নিম্ন শ্রেণীৰ অশ্লীল নাচ-গান।”
বিহুগীতৰ প্রবহমানতা আজিও মৌখিকতা আৰু নৈর্ব্যক্তিকতাৰ বৈশিষ্ট্যৰে উজ্জ্বল। প্রতিটো বিহু উৎসৱৰ উন্মাদনাতে স্বতঃস্ফূর্তভাৱে সৃষ্টি হৈছে নতুন গীতৰ ফচল। তাতেই পোৱা যায় ধাৰাবাহিক এখন সমাজৰ বিৱৰ্তনৰ পৰিচয়। সামন্ত সমাজৰ পত্তনৰ লগে লগে আদিম জনজাতি আৰু অৰ্ধ-জনজাতি সমাজলৈ আহিল পৃথিৱীক উৰ্বৰা কৰি তোলাৰ কাৰণে কৰা যুৱক-যুৱতীসকলৰ যৌথ নৃত্যগীতৰ ওপৰত নিষেধাজ্ঞা। প্রণয় আৰু পৰিণয়ৰ মাজত সৃষ্টি হ’ল প্রাচীৰ। কিন্তু সমাজৰ বৰমূৰীয়াসকলৰ শাসন সাধাৰণ মানুহখিনিয়ে নামানিলে। জাতি-কুল, ধর্মীয় বৈষম্য, নাৰী-পুৰুষৰ সামাজিক বৈষম্যৰ বিৰুদ্ধে বিহুগীতৰ ৰচকসকলে কাব্যৰ স্বাৰ্থতে নহয়, সমাজপতিসকলৰ প্রতিকূলতাৰ কাৰণেও প্রত্যক্ষভাৱে একো নকৈ বহু সময়ত বক্রোক্তিৰ আৰু দ্ব্যর্থব্যঞ্জক শব্দৰ আশ্রয় লৈছে :
শিলে বালি চৰাই গিলে ঐ লাহৰী
শিলে বালি চৰাই গিলে
আৰুবেলিৰ বিহুখন চাবলৈ নাপালোঁ
মতাম’হ ৰখীয়া দিলে‌।
বালি চৰাই অর্থাৎ বালিমাহী চৰাইক শিলে গিলি পেলোৱাটো যেনেকুৱা উদ্ভট কথা, ঠিক তেনেকুৱাকৈয়ে উদ্ভট কোনোবা গাভৰুক বিহুৰ সময়ত ঘৰত বান্ধি ৰখাটো। আৰু তেনে এক উদ্ভট কথা কোনো গাভৰুক দুর্দান্ত ম’হৰ ৰখীয়া পতাটোও। এই ক্ষেত্ৰত কোনোবা পুৰুষকো ইংগিতেৰে ম’হ বুলি কোৱা হ’ব পাৰে।
কলীয়া কচুৰে শিয়া
জীয়াই থাকো মানে তোমাৰে তিৰোতা
বিহুলৈ পঠিয়াই দিয়া।
বিয়াৰ পাছত বিহুনাচ নাচিবলৈ নিদিয়াৰ কাৰণে সেয়া গিৰিয়েকৰ ওচৰত ঘৈণীয়েকৰ আবেদন।
সমাজলৈ আহিল গা-ধন বা যৌতুক দিয়াৰ প্রথা। ছোৱালীক বিক্ৰী কৰাৰ এই জঘন্য প্রথাৰ বিৰুদ্ধে মুখৰ হৈ উঠিল বিহুগীত :
চৰায়ে চৰায়ে আলচখন পাতিলে
গছৰ গুটি খাবৰ মন,
আইনো ঐ বোপায়ে আলচখন পাতিলে
আমাক বেচি খাবৰ মন।
বিহুগীতত আৰু আছে :
কাউৰীৰ শতৰু মুগা চুঙীয়া
পৰিবলৈ নিদিয়ে ডালত
আয়ে বোপায়ে আমাৰে শতৰু
ফুৰিবলৈ নিদিয়ে গাঁৱত।
পিতৃতান্ত্রিক সমাজত স্বাধীন মন দিয়া-নিয়াৰ পথত মাক-দেউতাকৰ শাসনৰ বিৰুদ্ধে এই কঠোৰ মন্তব্য কৰি দুঃখে-অভিমানে, খঙে-ৰাগে গাভৰুৱে কৈছে, “কিহৰ বাবে মোৰ আই-বোপাই, কিহৰ বাবে ভাই-ককাই, বিহুৰ সময়তো যদি মই মোৰ মনৰ লগৰীয়াক লগ নাপাওঁ?” আহিল জাতিকুলৰ বিচাৰ। তাৰ বিৰুদ্ধেও তীব্র প্রতিবাদ পোৱা যায় বিহুত—
তোমালৈ চাওঁতে জপনা ডেওঁতে
বিন্ধিলে অঘৈয়া হুলে
তোমাৰ মনে গ’লে মোৰও মন গ’লে
কি কৰিব কলিতা কুলে?
ইষ্ট ইণ্ডিয়া কোম্পানিৰ আমোলত
১৮২৬ খ্ৰীষ্টাব্দৰ ইয়াণ্ডাবু সন্ধিৰ পাছত অসমখন আহিল ইষ্ট ইণ্ডিয়া কোম্পানিৰ হাতলৈ। অসমৰ সেউজীয়া পথাৰ, নীলা পাহাৰত পৰিল ব্ৰিটিছ সৈন্যৰ গধুৰ বুটজোতাৰ প্রথম খোজ। ধনতান্ত্রিক ব্যৱস্থা স্বকীয় বিকাশৰ পথত আগ বাঢ়ি নাহিল; সাম্রাজ্যবাদৰ ঔপনিবেশিক অর্থনীতিৰ পথত আগ বাঢ়ি আহি অসমৰ গ্ৰাম্য জীৱনলৈ লৈ আহিলে ভাঙোন। ধনতান্ত্রিক অর্থনীতিয়ে তাৰ বিকাশৰ স্বকীয় পথত সামন্ত ব্যৱস্থাৰ ওপৰত যি আঘাত হানিব পাৰিলেহেঁতেন, ঔপনিবেশিক অর্থনীতিয়ে সেয়া নকৰিলে। সৃষ্টি কৰিলে প্রাচীন সামন্ত শ্রেণীৰ ঠাইত এক নতুন জমিদাৰী আৰু ৰায়তৱাৰী ব্যৱস্থাত এক নতুন মৌজাদাৰ আৰু মহাজন শ্রেণী। তথাপি ঔপনিবেশিক অর্থনীতিৰো এটি প্রগতিশীল ভূমিকা আছিল। অসমৰ দুৰ্গম জাৰণি, জলাশয় আৰু পতিত মাটিত গঢ়ি উঠিল উদ্যানৰ দৰে চাহ বাগিছা। অসমৰ কূপমণ্ডূকতা ভাঙি গ’ল। বাহিৰৰ পৃথিৱীখনৰ সৈতে অসমৰ ৰাখীবন্ধন হ’ল। ব্ৰহ্মপুত্ৰৰ পানীত ঢৌ তুলি তুলি, উকিয়াই উকিয়াই অসম সোমালেহি কোম্পানিৰ জাহাজ। সেই জাহাজৰ উকিটোও আহি মিলি গ’ল গাঁৱৰ বিহুৰ ম’হৰ শিঙৰ পেঁপাটিৰ ধ্বনিৰ লগত।
তোমালৈ চাওঁতে জপনা ডেওঁতে
উজাই আহিলে কোম্পানিৰ জাহাজ ঐ
পিৰথিৱী টলমল দেখোঁ
চপাই দে চপাই দে কলিকতাৰ জাহাজ ঐ
মনোমতীৰ বাতৰি সোধোঁ।
গাঁৱৰ লোকসকল এইবাৰ জাহাজঘাটলৈ আহিল, কলিকতাৰপৰা জাহাজত অহা তেওঁলোকৰ মনোমতীৰ খবৰ ল’বলৈ। যোৱা শতিকাৰ প্রথম ভাগত ব্ৰহ্মদেশীয় আক্রমণকাৰীয়ে অসম আক্রমণ কৰাৰ সময়ত অসমৰ জীয়াৰী মনোমতীক অপহৰণ কৰি লৈ গৈছিল। বহুতো জীয়াৰীকেই তেনেদৰে তেওঁলোকে লৈ গৈছিল। মনোমতী তেওঁলোকৰে প্রতিনিধি।
শিল্প বিকাশৰ, ব্যৱসায়-বাণিজ্যৰ স্বাৰ্থত পৰৱৰ্তী সময়ত আহিল ৰে’লগাড়ী। চিৰবিচ্ছিন্ন অসম ভাৰতভূমিৰ সৈতে ৰে’ল লাইনেৰে সংযোজিত হ’ল। কিন্তু ভূগর্ভৰ তেল, কয়লা আৰু প্ৰচুৰ খনিজ সম্পদ ভৰা অসমত ঔপনিবেশিক অর্থনীতিৰ বিকাশে জনসাধাৰণৰ মাজলৈ কোনো সমৃদ্ধি আনিব নোৱাৰিলে। সেয়ে বিহুগীততো যেন সেই বৈপৰীত্যৰ, সেই ব্যর্থতাৰ ছবি। চলন্ত ৰে’লৰ উকিয়ে যেন তেওঁলোকক ব্যৰ্থ প্ৰেমৰ, আঁতৰি যোৱা প্রেয়সীৰ কথাকেই সোঁৱৰাই দিয়ে :
উকিয়াই উকিয়াই অ’ লাহৰী
ৰে’লগাড়ী চলিলে অ’ লাহৰী
ৰঙিয়াত গধূলি হ’ল,
তোমাক আনিম বুলি অ’ লাহৰী
বৰেঘৰ সাজিলোঁ অ’ লাহৰী
গৰুবন্ধা গোহালি হ’ল।
ইমান অপূর্ব ইংগিতময় ছবি আৰু ভাবৰ ব্যঞ্জনা অসমৰ বিদগ্ধ কাব্যতো বিচাৰি পোৱা টান। অসম উপত্যকাৰ লক্ষীমপুৰ, শিৱসাগৰ আৰু দৰং জিলাত স্থাপিত হ’ল ইংৰাজৰ চাহ বাগিছা। এফালেদি অসম যেনেদৰে হ’ল পৃথিৱীৰ এটা অতিমপ্রিয় পানীয়ৰ প্রধান উৎপাদক, আনফালেদি কিন্তু অসমলৈ আহিল আমেৰিকাৰ নিগ্রো দাসত্বৰ দৰে আধুনিক দাসশ্রম। এহাতেদি অগ্রগতি, আনহাতেদি মানুহৰ দুৰ্গতি। ধনতন্ত্র বিকাশৰ এয়াই নিয়ম। ১৮৩২ খ্ৰীষ্টাব্দত ৰবার্ট ব্ৰুচে অসমৰ মণিৰাম দেৱানৰ সহযোগিতাত প্রাচীন চীন দেশৰ চাহগছৰ প্ৰতিৰূপ চাহগছ অসমত আৱিষ্কাৰ কৰিলে। পৃথিৱীৰ অর্থনৈতিক মানচিত্ৰত অসম প্রতিষ্ঠিত হ’ল। কিন্তু প্রকৃতিৰ অফুৰন্ত দানেৰে আত্মসন্তুষ্ট অসমীয়া খেতিয়কে চাহ বাগিছাত কাম কৰিবলৈ বুলি নগ’ল। আনহাতেদি, চাবুকৰ কোবেৰে স্থানীয় লোকসকলৰপৰা দাসশ্রম আদায় কৰাটো সম্ভৱপৰো নহয়। সেয়ে চাহাবসকলে দালালৰ সহযোগত বাহিৰৰপৰা বিশেষকৈ ছোটনাগপুৰ, উৰিষ্যাৰপৰা আনিলে কুলিসকলক। অসমলৈ আহি এওঁলোকে দেখিলে, তেওঁলোকক ফুচুলাই-মেলি আনি মৰণৰ ফান্দতহে পেলোৱা হৈছে, উভতিবৰ কোনো পথ নাই। চৰকাৰী হিচাবৰপৰাই জনা যায়, ১৮৬৩ খ্ৰীঃৰ এক মে'ৰপৰা তিনি বছৰৰ ভিতৰত অসমলৈ যি ৮৪,৯১৫জন মজদুৰ আমদানি কৰা হৈছিল, তাৰ ৩১,৮৭৬জনৰেই অত্যাচাৰ, অর্ধাহাৰ আৰু ব্যাধিৰ ফলত অকালতে মৃত্যু হৈছিল। মজদুৰসকলৰ শ্ৰমৰ ঘাম আৰু তেজৰ ইতিহাস তেওঁলোকৰ আদিৰসাত্মক ঝুমুৰ গানৰ নতুন বক্তব্যত ফুটি ওলাইছে :
ফাঁকি দিয়া আনিলি আসাম;
ৰে নিঠুৰ শ্যাম।
চাউল ভাজা চায়েৰ পানী বাচাইল পৰাণ।
সাহেব বলে কাম কাম বাবু বলে ধইৰে আন –
চৰ্দাৰ বলে লিব পিঠেৰ চাম
ৰে নিঠুৰ শ্যাম।
ফাঁকি দিয়া আনিলি আসাম।
অসমৰ বিহুগীতলৈকো আহিল চাহ বাগিছা আৰু তাৰ জীৱনৰ টুকুৰা ছবি :
চাহপাত ছিঙিলো চটাইত মেলিছিলো –
তেঁতেলীপতীয়া হ’ল
শহুৰৰ জীয়েকক আনিবৰেপৰা
খুঁটিৰ ম’হ বিকিয়ে গ’ল।
গাঁৱৰ কাষৰ চাহ বাগিছাৰপৰা পাত ছিঙি আনি ৰ’দত শুকুৱাই চাহ খোৱাৰ স্থানীয় পদ্ধতি প্রচলিত আছিল দুখীয়া অসমীয়া কৃষকসকলৰ মাজত। গীতটোত কৈছে, চাহপাত ছিঙি আনি চটাইত মেলিছিলো, কিন্তু এই সকলোবোৰ শুকাই গৈ তেঁতেলীপাতৰ দৰে হ’ল। ব্যর্থ পাৰিবাৰিক জীৱনৰ অনুপম ছবি। কিন্তু চাহপাত তেঁতেলী পাতলৈ ৰূপান্তৰিত হোৱাৰ তীর্যক উক্তিটো অত্যন্ত তাৎপর্যপূর্ণ। এয়া মাথোঁ ব্যক্তিগত জীৱনৰ ব্যর্থতাৰে ৰূপক নহয়। চাহপাত বা চাহ বাগিছা সম্পর্কে অসমীয়া গ্রাম্যমানসিকতাৰো এক ঐতিহাসিক অভিব্যক্তি :
বাগিছাৰ চাকৰি নেলাগে লাহৰী
নেলাগে তলপৰ ধন
তয়ে ধানে দাবি ময়ে হালে বাম
সেয়ে হ’ব জীৱনৰ ধন।
বাগিছাৰ চাকৰিলৈ নেযাওঁ মৰমী, তাৰ দৰমহা মোক নালাগে। তুমি ধান কাটিবা, মই হাল বাম—সেয়াই জীৱনৰ ধন হ’ব। বাগিছাৰ অত্যাচাৰী প্লেণ্টাৰ চাহাবসকলৰ সম্বন্ধে গাঁৱলীয়া লোকসকলৰ ধাৰণা কি আছিল বিহুগীতৰ কলিৰে যি ৰেখাচিত্রটি অঁকা আছে তাৰপৰাই বুজিব পৰা যায় :
চিৰিপ চিৰিপ কৰি বাগিছাৰ চাহাবটি
চেৰাপ খাই পেলালে চিচা ... ...
বাগানৰ চাহাবে চিৰিপ চিৰিপকৈ মদ খাই বটলটো দলিয়াই পেলালে। অসমৰ প্রথম বিদেশী শোষক শ্রেণীৰ প্রতিনিধিৰ ইমান কম কথাতে ইমান নিখুঁত ছবি অসমীয়া চহৰীয়া কাব্যতো কিজানি বিৰল।
কিন্তু যিমানেই ধীৰ গতিত নহওক কিয়, ৰে’লগাড়ী আহিল, মটৰ গাড়ী আহিল, চাহ বাগিছাৰ সংখ্যা আৰু লাভ বৃদ্ধি হ’বলৈ ধৰিলে। মূল্যবোধৰো সলনি হ’বলৈ ধৰিলে। আহিব ধৰিলে কাঞ্চন-কৌলীন্য। চাহ বাগিছা বা জাহাজ কোম্পানিৰ এজন কেৰাণী হ’ব পাৰিলেও হাতলৈ বহু টকা আহে। তালৈ চাই অসমীয়া গাঁৱলীয়া যুৱকসকলৰ আক্ষেপ :
কেৰাণী নহ’লো মহৰী নহ’লো
ধনক কেনেকৈ পাম ?
গাঁৱৰ সময় ‘দণ্ড’, ‘প্রহৰ’ নৱাগত ঘড়ীৰ কাঁটাত পৰি হ’লগৈ টাইম। প্রেমিকসকলে প্রণয়িনীক নতুন বস্তুৰ লোভ দেখুৱালে :
কামলৈ যাবলৈ ‘টাইম’ চিনি পাবলৈ
আনি ল'ম কোম্পানি ঘড়ী।
কোম্পানি নামিল মৃত্যুৰ ব্যৱসায়ত। ভাৰতৰপৰা দক্ষিণ-পূব এছিয়া আৰু চীনলৈ আফিং চালান দি চটা-চটে সোণ লুটি আনিবলৈ ধৰিলে বিষৰ বিনিময়ত। অসমতো এই বিষ এনেদৰে বিয়পি পৰিছিল যে অসমৰ সেই সময়ৰ সমাজ সংস্কাৰকসকলে ইয়াক এক জাতীয় বিপদ হিচাপেই ঘোষণা কৰিছিল। অসমত ইয়াৰ নাম হ’ল বৰবিহ।
জাৰ্মান পাদুৰী ড০ ক্ৰিষ্টলিৰ লেখা The Indo British Opium Trade প্রভাৱাম্বিত হৈ ১৮৮১ খ্ৰীঃত ভাৰতী পত্রিকাত মাথোঁ ২০ বছৰ বয়সত ৰবীন্দ্রনাথে ‘চীনে মৰণেৰ ব্যৱসায়’ শীর্ষক প্রবন্ধটিত লিখিছিল :
“কানি খোৱাটো অসমত এক ভয়ংকৰ মহামাৰীত পৰিণত হৈছে আৰু এই মহামাৰীয়ে অসমৰ দৰে ইমান সুন্দৰ দেশ এখনক মানুহৰ নহয়, জন্তুৰ বাসভূমি যেন কৰি তুলিছে‌। অসমীয়াৰ দৰে ইমান সুন্দৰ এটা জাতিক এই কানিয়ে কৰি তুলিছে অতিকৈ অধম, দাস মনোবৃত্তিসুলভ—নীতি-নিয়মহীন।”
আফিঙক অসমীয়া ভাষাত কোৱা হয় ‘কানি’ আৰু আফিং খোৱাসকলক কোৱা হয় কানীয়া। অসমীয়া সাহিত্যৰ অন্যতম পথিকৃৎ হেমচন্দ্ৰ বৰুৱাই (১৮৩৫-৯৬) এই আফিং খোৱাৰ বিৰুদ্ধে কানীয়া-কীর্তন নামেৰে এখন প্রহসন লেখিছিল। অসমীয়া সাহিত্যৰ প্রথম আধুনিক নাটসমূহৰ এইখন অন্যতম। আফিঙৰ নিচাত মহাজনৰ ওচৰত মাটি বিক্ৰী কৰা নিঃস্ব ভগ্নস্বাস্থ্যৰ কানীয়াহঁতৰ অতি বাস্তৱ ছবি পোৱা যায় বিহুগীতত। গীতত আছে, কোম্পানিৰ আমোলত আফু খেতি অসমৰপৰা উধাও হৈ গ’ল। সেই আফুৱেই আফিঙৰ ৰূপত গোপনে পুনৰ আহি ‘ডেকা ল’ৰাক বুঢ়া কৰিলেহি’ :
শিৱসাগৰ শুকাব আফুখেতি ওলাব
আফিঙত পাতিব জোৰা
কোম্পানিৰ বাগিছা সদাগৰি কৰিব
ডেকা ল’ৰাক কৰিব বুঢ়া।
আহোম ৰজাসকলৰ শাসন কালত অসমত যদিও সকলোৱে আফু খেতি কৰিব পাৰিছিল, তেতিয়াও সি সর্বনাশী নিচাত পৰিণত হোৱা নাছিল। কিন্তু ইংৰাজৰ শাসনত ১৮৬৩ চনত চৰকাৰৰ বাহিৰে আনৰদ্বাৰা আফু খেতি কৰাটো নিষিদ্ধ হ’ল। সেই আফু খেতি আফিঙৰ ব্যৱসায়ত পৰিণত হ’ল। বিহুৰ এটি অতি বিখ্যাত গীত আছে :
কানীয়ালৈ নাযাবি কানি দিব লাগিব
আৰু দিব লাগিব কুটি
কানি খাই থাকোতে পিঠা দিব লাগিব
ধুই দিব লাগিব ধুতি।
সাম্রাজ্যবাদী শোষণৰ নীতি
সুদীর্ঘ বিদেশী তথা সামন্ত শোষণ আৰু শাসনত বিহুগীতৰ জন্মদাতা অসমৰ কৃষকসকল হ’ল নিঃস্ব আৰু নিঃসম্বল। বলহীন দেহ হ’ল বেমাৰৰ বাহ। তাৰ লগতে ঘনে ঘনে আহিল বানপানী। মহাজনৰ ঘৰত তেওঁলোকৰ শেষ সম্বলো বন্ধকত ৰ’ল। অসংখ্য বিহুগীতত লিপিবদ্ধ হৈ আছে সেই ইতিহাস। প্রত্যক্ষ বা পৰোক্ষভাৱে বিহুগীতত যি টুকুৰা-টুকুৰ ছবি আছে তাক একেডাল সূতাৰে গাঁঠিলে যিখন বাস্তৱ ছবি চকুৰ আগত ভাহি উঠে, সেয়া হ’ল অসমৰ শোষিত কৃষকসমাজৰ সকলোতকৈ নির্ভৰযোগ্য ইতিহাস :
ন-পানী বঢ়া নাই নাহৰ ফুল ফুলা নাই
বিহু বিহু লগা নাই গাত
গাঁৱৰ ডেকা ল’ৰাই জুমেৰে ঐ ফুৰা নাই
গোন্ধ তেলৰ লোৱা নাই ছাট্‌।
ৰঙালী বিহু অর্থাৎ ব’হাগ বিহুৰ কিছু দিনৰ আগৰেপৰাই চ'তৰ বতাহত অসমীয়াসকলৰ মনত ‘বিহু বিহু’ ভাব। কিন্তু এইবাৰৰ বিহুৰ বতাহত আগৰ সেই শিহৰণ নাই। নাহৰ গছতো ফুল ফুলা নাই, গাঁৱৰ ল’ৰাবোৰেও গাত গোন্ধতেল সানি এইবাৰ আগৰ দৰে দলে দলে গাঁও ফুৰিবলৈ ওলোৱা নাই।
বিহুৱতী চৰায়ে কৰে বিহু বিহু
আমাৰ বিহু কাপোৰ নাই ... ...
বিহুৰ সময়ত নতুন কাপোৰ এযোৰ কিনিবলৈ সামর্থ নাই—দাৰিদ্ৰৰ ইয়াতকৈ জ্বলন্ত দৃষ্টান্ত অসমত আৰু কি হ’ব পাৰে?
বিহুৰ নাচনী নৰিয়া পৰিলে
ঢুলীয়া পৰিলে জ্বৰত।
বিহুৰ নাচনী ছোৱালী অসুস্থ, ঢুলীয়াৰ গাতো উঠিছে জ্বৰ...। ভাঙি পৰা গাঁৱলীয়া ব্যাধিগ্রস্ত সমাজৰ স্পষ্ট ছবি। আদিৰসাত্মক ব’হাগ বিহুৰ সমাজচেতনা তীক্ষ্ণ প্রতিবাদ হৈ শোষকৰ বিৰুদ্ধে সৰৱ হৈ উঠিল :
উজাই নাচাবি ভটিয়াই নাচাবি
পথাৰত লাগিছে জুই
সোণৰ মাটি মোৰ আজি নাইকিয়া
লোকক খুৱাইছে ৰুই।
কিন্তু জনতা অমৰ। অমৰ তেওঁলোকৰ সৃষ্টিপ্রতিভা। এহাতেদি অনাহাৰ, ব্যাধি, বানপানী; আনহাতেদি অভিজাত শ্রেণীৰ অৱজ্ঞা আৰু উদাসীনতা। তাৰ মাজতো বসন্তৰ আহ্বানত সকলো নেওচি নাচিছে, মন কাঢ়ি নিয়া ঔড়ৱ জাতীয় বিহুৰ সুৰৰ কোমল গান্ধাৰী আৰু কোমল নিষাদৰ সৈতে মধ্যম পঞ্চমৰ টনা-আঁজোৰাই নতুন নতুন গীত ৰচনা কৰিছে—যাৰ মাজত ধ্বনিত হৈ উঠিছে বলিষ্ঠ জীৱনবাদ‌।
ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গণ বিদ্রোহৰ প্ৰতিধ্বনিও শুনা যায় বিহুত। ১৮৩০ চনত সশস্ত্ৰ বিদ্ৰোহৰ চক্ৰান্তৰ অভিযোগত পিয়লি ফুকন আৰু জীউৰাম দুলীয়াৰ ফাঁচী হয়‌। ১৮৫৮ চনত যোৰহাটত ফাঁচী দিয়া হয় মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক—চিপাহী বিদ্রোহীসকলৰ লগত যোগাযোগ ৰাখি অসমত বিদ্রোহ কৰাৰ ষড়যন্ত্র কৰাৰ অভিযোগত। অসমৰ এই প্রথম বিদ্রোহীৰ দলটি অসমীয়া জনসাধাৰণৰ মনত চিৰজাগ্ৰত :
ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম
সোণৰ ধোঁৱাখোৱাত খালি
কোম্পানিৰ ঘৰতে কিনো দায় লগালি
ডিঙিত চিপেজৰী ল’লি।
মণিৰাম আছিল অসমৰ প্রথম শিল্পপতি আৰু ধনী পৰিয়ালৰ লোক। সেয়েহে গীতত শুনা যায় - ৰূপৰ ধোঁৱাখোৱাত খালি ঐ মণিৰাম, সোণৰ ধোঁৱাখোৱাত খালি।

(লেখাটি হেমাংগ বিশ্বাসৰ ‘লোকসংগীত সমীক্ষা : বাংলা ও আসাম’ৰপৰা অসমীয়ালৈ অনুবাদ কৰিছে সোণালী গোস্বামীয়ে‌। লেখাটি পৰমানন্দ মজুমদাৰৰদ্বাৰা সম্পাদিত হেমাংগ বিশ্বাস ৰচনাৱলীৰপৰা সংগ্ৰহ কৰা হ’ল‌। ‘মুক্ত চিন্তা ডট অৰ্গ’ত লেখাটি প্ৰকাশৰ অনুমতি দিয়াৰ বাবে সম্পাদক পৰমানন্দ মজুমদাৰলৈ আন্তৰিক ধন্যবাদ জনালোঁ‌।)

Share Button
Print Friendly, PDF & Email

1 Comment : "অসমৰ জাতীয় উৎসৱ বিহু (হেমাংগ বিশ্বাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *