বিজ্ঞান আৰু মানৱীয় মূল্যবোধ (কৌশিক দাস)

প্রাককথন

'বিজ্ঞানঃ আশীৰ্বাদ নে অভিশাপ'- স্কুলীয়া জীৱনত আমি প্রায় সকলোৱেই লিখা সেই অতি ‘কমন’ ৰচনাখনৰ কথা বাৰু মনত আছেনে? ৰচনাখনত আমি বিজ্ঞানৰ নানান অৱদানৰ গুণানুকীর্তন কৰি আশীৰ্বাদৰ দিশটোৰ কথা আলোচনা কৰিছিলোঁ, আৰু বন্দুক-বাৰুদ-পাৰমাণবিক বোমা আদিৰ কথাৰে বিজ্ঞানৰ অভিশাপৰ দিশটো উনুকিয়াই ৰচনাখন শেষ কৰিছিলোঁ। সেইখন ৰচনা একেটা সুৰতে আজিও, ছাত্র-ছাত্ৰীসকলে লিখি আছে, তেওঁলোকক তেনেদৰে লিখিবলৈ শিকাই থকা হৈছে।

কথাটো আৰম্ভণিতেই উল্লেখ কৰিবলগীয়া হ’ল কাৰণ এই নিবন্ধৰ বিষয়টো সেই স্কুলীয়া ৰচনাখনৰ বিষয়-বস্তুৰ সৈতে প্রায় সমসুৰীয়া। কিন্তু ইয়াত আমি প্রকাশ কৰিবলৈ যত্ন কৰা দৃষ্টিকোণ স্কুলীয়া ৰচনাখনৰ পৰা একেবাৰেই পৃথক। ইয়াত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে বিজ্ঞানক এটা পৰম স্বকীয় একক প্রপঞ্চ হিচাপে বিবেচনা কৰি, তাক আশীৰ্বাদ কিম্বা অভিশাপ বুলি গণ্য কৰাটো প্রকৃততে যুক্তিযুক্ত কথা নহয়। কথাটো গুৰুত্বপূর্ণ, কাৰণ বিজ্ঞানৰ সৈতে অন্য বিষয়ৰ— যেনে, মানৱীয় মূল্যবোধৰ— আন্তঃসম্পৰ্কৰ সন্দৰ্ভত কৰা আলোচনাত উক্ত দিশটোক আওকাণ কৰিলে আমি বিভ্রান্তিত নিমজ্জিত হোৱাৰ সম্ভাৱনা আছে। লক্ষনীয় কথা, সেই স্কুলীয়া ৰচনাখনৰেই নানাধৰণে পল্লৱিত অথচ দুখ লগাকৈ অসংশোধিত অজস্ৰ ৰূপ বিদ্বৎমহলত এতিয়াও বৰ জনপ্রিয়।

আমাৰ মূল আলোচনালৈ আগবঢ়াৰ পূর্বে লৰালৰিকৈ আৰু এটা কথা কৈ থোৱাটো ভাল হ’ব। ‘বিজ্ঞান আৰু মানৱীয় মূল্যবোধ’ – এইটো এটা অতি জটিল বিষয়, আৰু সেই জটিলতাৰ তুলনাত আমাৰ দক্ষতা, অধ্যয়ন, জ্ঞান— এইসমূহৰ অৱস্থা অতি শোচনীয়। সেইবাবেই, এই ৰচনাখনক লেখকৰ আত্মজিজ্ঞাসাৰ প্ৰকাশ বুলি গণ্য কৰাই ভাল হ’ব। পণ্ডিত পাঠকে যদিও ইয়াত নতুন একো বিচাৰি নেপাব, তথাপি আলোচনা কৰিবলৈ আগবাঢ়িলোঁ এই আশা লৈ যে আমাৰ আত্মজিজ্ঞাসাৰপৰা অনুসন্ধিৎসু পাঠকে আমাতকৈ অধিক শুদ্ধকৈ চিন্তা-চৰ্চা কৰিবলৈ উৎসাহিত হ’ব।

বিজ্ঞানৰ সৈতে মানৱীয় মূল্যবোধৰ কি সম্পর্ক? এই প্ৰাৰম্ভিক প্রশ্নটোৰ পৰিপূৰক জিজ্ঞাসা হিচাপে লগে লগেই উত্থাপিত হয় আৰু দুটা প্রশ্ন— বিজ্ঞানৰ অৰ্থ কি; মানৱীয় মূল্যবোধ বুলিলেই বা আমি কি বুজিম? বিজ্ঞান আৰু মানৱীয় মূল্যবোধ— এই দুয়োটাৰেই বস্তুগত আৰু মনোগত ভিত্তি তথা অস্তিত্ব থাকিলেও দুয়োটা শব্দই প্রকাশ কৰে মানৱ-চিন্তাৰ দুটা বিমূর্ত মাৰ্গক। দুয়োটাই বহুব্যৱহৃত শব্দ হ’লেও সিহঁতৰ একোটা নিটোল সংজ্ঞাপ্ৰদান কৰাটো অতি টান কাম। সেইবাবেই আমি সংজ্ঞানুসন্ধানৰ চেষ্টা ত্যাগ কৰি পোনে পোনে আলোচনালৈ অগ্ৰসৰ হম।

আলোচনা

 

ক) দুটামান প্ৰাৰম্ভিক প্রশ্ন

বিজ্ঞানৰ আৰু মানৱীয় মূল্যবোধৰ মাজৰ সম্পৰ্কৰ বিষয়ে কৰা আলোচনাত বহুমাত্রিক জটিলতা বিদ্যমান। তাৰ মাজৰ এটা হৈছে অভাৱনীয়ভাবে পাকখোৱা মানৱ-চিন্তাৰ বিস্ময়কৰ বিস্তৃতি। এই প্রসংগত আৰম্ভণিতেই দুটামান কথা কৈ থোৱাটো যুগুত হ’ব।

মানৱ-চিন্তাৰ ব্যাপ্তি অতি বিস্তৃত। তাতে আকৌ আধুনিক যুগত মানৱ-চিন্তা শতধাবিভক্ত। অলপ গমি চালেই ওলাই পৰে যে মানৱ-চিন্তাৰ তেনে বিভিন্ন গোটসমূহৰ মাজত ক্ষেত্রবিশেষে সাদৃশ্য অথবা বৈপৰীত্য পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে বিজ্ঞানমনস্কতা আৰু যুক্তিবাদ, মানৱ-চিন্তাৰ এই দুটা দিশ সাদৃশ্যৰ বান্ধোনেৰে বান্ধ খাই আছে। বিপৰীতপক্ষে, বিজ্ঞান আৰু ধৰ্মৰ মাজত সাধাৰণতেই গুৰুতৰ দ্বন্দ্ব পৰিলক্ষিত হয়। আপাতদৃষ্টিত, কেতিয়াবা মানৱ-চিন্তাৰ তেনে মাৰ্গসমূহক স্বতন্ত্ৰ আৰু বিচ্ছিন্ন যেন লাগিব পাৰে। কিন্তু সিহঁতৰ মাজত সাদৃশ্যই থাকক বা বৈসাদৃশ্যই থাকক, শেষ বিচাৰত মানৱ-চিন্তাৰ বিভিন্ন গোটসমূহৰ মাজত কিবা নহয় কিবা যোগসূত্ৰৰ সন্ধান পোৱা যায়। এই যোগসূত্র কেতিয়াবা অতি প্রত্যক্ষভাৱে, কেতিয়াবা আকৌ ধূসৰ পৰোক্ষ ৰূপত বিদ্যমান হৈ থাকে। অর্থাৎ, মানৱচিন্তাৰ বিভিন্ন ভাগ আৰু সিহঁতৰ জোট-বিন্যাসসমূহ চূড়ান্তভাৱে নিৰালম্ব কিম্বা স্বাধীন নহয়।

মন কৰিবলগীয়া কথা, মানৱ-চিন্তাৰ বিভিন্ন ভাগসমূহৰ মাজত বিদ্যমান যোগসূত্ৰৰ কথাটো উত্তৰ-আধুনিকতাবাদী বিচাৰ-বিশ্লেষণে পোনছাটেই অগ্রাহ্য কৰিবলৈ প্রয়াস কৰে। উত্তৰ-আধুনিকতাবাদে নিজে যিসমূহ Discourse চিহ্নিত কৰে, সেইসমূহৰ মাজত হেনো কোনো ধৰণৰ আন্তঃসম্পর্ক নাই। কোনোবাই যদি পৃথিৱীৰ সকলোকে এটা সাধাৰণ সূত্ৰত পেলাবলৈ চেষ্টা কৰে, এটা সামগ্ৰিকতাৰ ধাৰণাৰে আগবাঢ়ে, তেন্তে সেয়া হ’ব পণ্ডশ্রম কাৰণ, উত্তৰ-আধুনিকতাবাদৰ মতে, পৃথিৱীত কোনো ‘গ্রাণ্ড নোৰেটিভ’-ৰ অস্তিত্ব নাই। সামাজিক সম্পর্কসমূহ যিহেতু পৰস্পৰৰ সৈতে সম্পর্কৰহিত হৈহে বর্তি থাকে, সেইবাবেই সিহঁতক এটা মাত্র সূত্ৰত পেলাবলৈ যত্ন কৰাটো ভুল। এনে ভুলে জন্ম দিয়ে এটা ‘মাষ্টাৰ ডিছকোৰ্ছ'-ৰ, যিটোৰ এটা দমনমূলক প্রৱণতা থাকে। এক কথাত, উত্তৰ-আধুনিকতাবাদে মানৱ-চিন্তাৰ বিভিন্ন গোটসমূহৰ মাজৰ আন্তঃসম্পৰ্কক অস্বীকাৰ কৰে আৰু, উক্ত গোটসমূহে যে এটা সামগ্রিক চিন্তাৰ আধাৰ গঢ়ি তুলিব পাৰে—তাকো অগ্রাহ্য কৰে।

প্রকৃততে কিন্তু দেখা যায়, আপাতদৃষ্টিত স্বতন্ত্ৰ যেন লগা বিভিন্ন ধাৰণা বা চিন্তাসমূহে, আৰু সিহঁতৰ যোগসূত্রসমূহে গঢ়ি তোলে কোনো এটা যুগৰ মানৱ-চিন্তাৰ সামগ্রিক ধৰণ এটাক। এই সামগ্রিকতাৰ ধাৰণাটোক স্বীকাৰ কৰি, আমাৰ এই নিবন্ধৰ বাবে প্ৰাসংগিক আৰু একেবাৰেই প্ৰাৰম্ভিক কথা এটালৈ লক্ষ্য কৰিব পাৰোঁ। আধুনিক যুগত, প্রকৃতপক্ষে নৱজাগৰণ আৰু শিল্প-বিপ্লৱৰ পৰৱৰ্তী কালছোৱাত, মানৱ-চিন্তাৰ এই সামগ্রিক ধৰণটোৰ ওপৰত তর্কাতীতভাৱে পৰিলক্ষিত হৈছে বিজ্ঞান আৰু বৈজ্ঞানিক চিন্তাৰ এক নির্ণায়ক ভূমিকা। সাহিত্য, দর্শন, ইতিহাস-চৰ্চা ইত্যাদিৰ কথা বাদেই; জ্যোতিষৰ দৰে চূড়ান্ত অবৈজ্ঞানিক চিন্তায়ো আজি মুখ মেলি অপেক্ষা কৰে বিজ্ঞানৰ অনুমোদনৰ বাবে। অবৈজ্ঞানিক চিন্তাক গ্রহণযোগ্য কৰিবলৈ তাত বিজ্ঞানৰ প্রলেপ দিয়াৰ অপচেষ্টা কৰা হয়। এইসমূহৰপৰাহ মানুহৰ সামগ্রিক চিন্তা-জগতৰ ওপৰত বিজ্ঞানৰ ক্রমবর্ধমান প্রভাৱৰ বিষয়ে অনুমান কৰিব পাৰি। কিন্তু ভালদৰে লক্ষ্য কৰিলে বুজিব পাৰি, মানুহৰ বিজ্ঞান-চেতনাও মানৱ-চিন্তাৰ সামগ্রিক অবয়ৱটোৰ বৰ্হিভূত কোনো চৰম স্বকীয় বিষয় নহয়। এইটো দিশৰ পৰা, আমাৰ আলোচনাৰ প্ৰসংগত, আমি সাধাৰণভাৱে ক’ব পাৰোঁ যে বিজ্ঞানে মানৱীয় মূল্যবোধৰ ওপৰত প্ৰভাৱ পেলায়, আৰু নিজেও মানৱীয় মূল্যবোধৰদ্বাৰা প্রভাৱিত হয়। অর্থাৎ, সিহঁতৰ মাজৰ সম্পর্কটো, সাধাৰণভাৱে, দ্বিমুখী। কিন্তু সেই সম্পৰ্কৰ ওপৰত মানৱ-চিন্তাৰ অন্যান্য মনোগত দিশ কিম্বা সমাজ-বাস্তৱৰ বিভিন্ন বস্তুগত কাৰকো সক্ৰিয় হৈ থাকে। গতিকে, বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ আন্তঃসম্পর্ক হ’ল বহুকেইটা মুখ্য-গৌণ কাৰকৰ পৰস্পৰ আন্তঃক্ৰিয়াৰ এক জটিল সমাহাৰ।

কিন্তু এই আন্তঃসম্পৰ্কৰ বিষয়ে আলচ কৰোঁতে কিছুমান সমস্যাৰ সন্মুখীন হ’ব লাগে। বিজ্ঞানৰ অন্যতম মুখ্য চৰিত্ৰ হৈছে বস্তুনিষ্ঠতা। বস্তুনিষ্ঠ চৰিত্ৰটোৰ বাবে বিজ্ঞানৰ আপেক্ষিকভাৱে এক স্বকীয় স্বৰূপ বিদ্যমান। বিজ্ঞানৰ এই আভ্যন্তৰীণ স্বৰূপৰ ক্ষেত্ৰত উচিত-অনুচিত আদি প্রমূল্যভিত্তিক ধাৰণা বিবেচনা কৰাৰ কোনো উপায় নাই। পৃথিৱীয়ে সূর্যক প্রদক্ষিণ কৰাটো উচিত নে অনুচিত, ত্ৰিভুজৰ তিনিওটা কোণৰ সমষ্টি দুই সমকোণ হোৱাটো ভাল নে বেয়া, প্রমূল্যকেন্দ্রী দৃষ্টিকোণৰ পৰা উত্থাপিত তেনে প্রশ্ন বিজ্ঞানৰ আভ্যন্তৰীণ বস্তুনিষ্ঠ স্বৰূপৰ সন্মুখত তেনেই অবান্তৰ। প্রকৃততে, বিজ্ঞানৰ আভ্যন্তৰীণ অংগনত তেনে উচিত-অনুচিত-ভাল-বেয়া আদি প্রমূল্যকেন্দ্রী প্রশ্নৰ কোনো স্থানেই নাই। অন্য কথাত, বিজ্ঞানৰ বস্তুনিষ্ঠ স্বৰূপৰ প্ৰসংগত বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মাজত সুস্পষ্ট আৰু প্রত্যক্ষ সমন্ধ স্থাপন কৰিব পৰা নেযায়।

এইখিনিতেই সংগত কাৰণতেই প্রশ্ন এটা উঠিব। বস্তুনিষ্ঠ স্বৰূপৰ ক্ষেত্রত বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মাজত যদি কোনো সম্পর্ক স্থাপন কৰিবই পৰা নাযায়, তেনেহলে আমি আগতে উনুকিয়াই অহা মানৱ-চিন্তাৰ বিভিন্ন মাৰ্গৰ আন্তঃসম্পৰ্কৰ কথাটো দেখোন ভুল বুলিহে পৰিগণিত হ’ব। কথাটো তেনে নহয়। বিজ্ঞান তাৰ আভ্যন্তৰীণ স্বৰূপটোৰ মাজতেই নিশ্চল হৈ নেথাকে। এই সংকীর্ণ অথচ বৈচিত্ৰ্যপূর্ণ গণ্ডীৰ বাহিৰতো বিজ্ঞানৰ এক বহির্মুখী, সমাজকেন্দ্ৰিক ৰূপ আছে। তেনে ৰূপটো আকৌ মানৱ-সমাজৰ শুভাশুভৰ সৈতে অতি প্রত্যক্ষভাৱে জড়িত। এই স্বৰূপৰ ক্ষেত্ৰত, বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মাজত সমন্ধ স্থাপন কৰিব পৰা যায়।

দুটামান উদাহৰণ দিলে কথাটো সম্ভৱ অধিক স্পষ্ট হ’ব। বিজ্ঞানৰ বস্তুনিষ্ঠ স্বৰূপৰ প্ৰসংগত, পৰমাণুৰ বিভংগন ঘটা প্রক্রিয়াটোক প্রমূল্যগত দৃষ্টিকোণেৰে উচিত-অনুচিত, ভাল-বেয়া, শুভ-অশুভ— একো ক’ব নোৱাৰি; ইয়াত ঔচিত্যবোধৰ প্ৰশ্নটো নুঠেই। এই কথাটো অলপ আগতেই উল্লেখ কৰিছিলোঁ। কিন্তু বিজ্ঞানৰ বহির্মুখী, সমাজকেন্দ্ৰিক চৰিত্ৰৰ ক্ষেত্ৰত, পৰমাণুৰ বিভংগন ঘটাই পৰমাণু বোমা এটাৰ জন্ম দিয়াটো, জনাকীর্ণ কোনো নগৰ-মহানগৰত তাৰ বিস্ফোৰণ ঘটোৱাটো ভাল নে বেয়া, সেই কথাটোৰ প্ৰমূল্যভিত্তিক বিচাৰ-বিশ্লেষণ এটা কৰাটো সম্ভৱ।

কেতিয়াবা বস্তুনিষ্ঠ বৈজ্ঞানিক তত্ত্বৰ বহির্মুখী পার্শ্ব-পৰিণতিয়ে কেনে কদৰ্য ৰূপ ধাৰণ কৰে, সেইটো এই দ্বিতীয় উদাহৰণটোৱে দেখুৱাব। ১৮৫৯ চনত প্রকাশ পোৱা The Origin of Species গ্ৰন্থত ডাৰউইনে দেখুৱাইছিল যে জীৱন-সংগ্ৰামত জয়ী হোৱা প্রাণীসমূহহে কালস্রোতত বর্তি থাকে। পাছত, ১৮৭১ চনত, ডাৰউইনেই The Descent of Man গ্রন্থত ফঁহিয়াই দেখৱাইছিল যে জীৱসমূহৰ মাজত সহযোগিতাৰো এটা নিয়ম আছে, আৰু বিৱৰ্তনৰ বাবে সহযোগিতাৰ অতীৱ প্রয়োজন; জীৱন-সংগ্ৰামৰ লগে লগে সহযোগিতাও হ’ল অত্যাৱশ্যকীয়। কিন্তু এচাম ৰাজনীতিবিদ, উদ্যোগপতি আদিয়ে ডাৰউইনৰ তত্ত্বক ‘সামাজিক ডাৰউইনবাদ'-লৈ অধঃপতিত কৰাৰ চেষ্টাত লাগিল। জীৱন-সংগ্ৰামৰ নীতিৰ বিষয়ে অবিৰত প্ৰচাৰ চলোৱা হ’ল, সহযোগিতাৰ নীতি ক’ৰবাত পৰি থাকিল। শ্বেতচৰ্মৰ উদ্যোগপতিৰ উদ্যোগত বনুৱা হিচাপে কাম কৰিবলৈ ধৰি অনা হ’ল হেজাৰ হেজাৰ কৃষ্ণাংগক। এনে বনুৱাসকলক শ্বেতাংগ নিষ্পেষণকাৰীসকলে মানুহ বুলি গণ্য কৰা নাছিল। অথচ তেনে কার্যৰ বাবে দোহাই দিয়া হৈছিল মানৱতাবাদৰ। কোৱা হৈছিল, কৃষ্ণাংগসকল যিহেতু জীৱন-সংগ্ৰামত তিষ্ঠি থাকিব নোৱাৰিবই, সেইবাবে পশুৰ দৰে হ’লেও, সিহঁতক জীয়াই ৰখাটো হ’ল মানৱীয় স্নেহৰ নমুনা (দ্রষ্টব্যঃ ভুবন মোহন দাস, বিজ্ঞান আৰু মানৱতাবাদ, 'বিজ্ঞান আৰু মানৱতাবাদ গ্ৰন্থত, সম্পাদনাঃ কুলেন্দু পাঠক, অসম বিজ্ঞান সমিতি, ১৯৮৬, পৃ:৩১)। উক্ত অমানৱীয় কৰ্মৰ বাবে ডাৰউইন বা তেখেতৰ আৱিষ্কাৰক যে কোনোপধ্যেই জগৰীয়া কৰিব নোৱাৰি, সেইটো নক’লেও হ’ব। কিন্তু লগতে আমি এইটো কথালৈও লক্ষ্য ৰাখিব লাগিব যে উক্ত অপকৰ্মত যথেচ্ছভাবে ব্যৱহাৰ কৰা হৈছিল এটা বৈজ্ঞানিক তত্ত্বৰ। গতিকে আমি নিশ্চয় ক’ব পাৰোঁ, বিজ্ঞানৰ বহির্মুখী, সমাজকেন্দ্রিক স্বৰূপৰ সৈতে মানৱীয় মূল্যবোধৰ সম্পৰ্কৰ বিষয়ে আলোচনা কৰাটো সম্ভৱ।

বিজ্ঞানৰ দৰে মানৱীয় মূল্যবোধসমূহৰ এটা স্বকীয় আধাৰ আছে নে নাই, তাৰ উত্তৰ সহজে দিয়াটো সম্ভৱ নহয়। কাৰণ আমি দেখিবলৈ পাওঁ, মানৱীয় মূল্যবোধসমূহ শতধাবিভক্ত, ক্ষেত্রবিশেষে আকৌ পৰস্পৰবিৰোধী। সেইবাবেই প্রশ্ন কৰিব পাৰিঃ মানৱীয় মূল্যবোধসমূহ যদি বহুধাবিভক্ত আৰু কেতিয়াবা পৰস্পৰবিৰোধী, তেন্তে কেনেকুৱাবিধৰ মূল্যবোধ কিহৰ বাবে সর্বোত্তম? অন্যবোৰেই বা কিয় তাৰ তুলনাত নিম্নস্তৰৰ? এই বিচাৰৰ মাপকাঠিয়েই বা কি হ’ব? ইয়াতকৈয়ো গুৰুতৰ, গভীৰ আৰু মৌলিক প্রশ্ন উত্থাপন কৰা যায়ঃ মানৱীয় মূল্যবোধসমূহ সঁচাই বস্তুগতভাৱে তাৎপর্যপূর্ণ, নে সেইসমূহ মানুহৰ মনোগত বিভ্রান্তি? মৰুভূমিৰ মাজত তৃষ্ণাতুৰৰ সৰোবৰ, নে বিভ্রান্তিকৰ মৰীচিকা?

সাধাৰণতে বিজ্ঞানৰ ক্ৰমবিকাশৰ ক্ষেত্ৰত এনে বিতর্ক উত্থাপিত নহয়। বিতর্কাতীতভাৱে ধৰি লোৱা হয় যে মানৱ-সভ্যতাৰ বিকাশৰ লগে লগে বিজ্ঞানৰো অবিৰাম বিকাশ ঘটিছে। অর্থাৎ বর্তমানে আমি বাস কৰি আছোঁ আমাৰ পূৰ্বৱতী সমাজ এখনতকৈ উন্নত সভ্যতাৰ পর্যায়ত, আৰু এই পর্যায়ৰ বিজ্ঞান, আমাৰ পূর্বপুৰুষসকলৰ বিজ্ঞানতকৈ আগবঢ়া। কিন্তু মানৱীয় মূল্যবোধৰ বেলিকা? আমি পাছত দেখুৱালৈ চেষ্টা কৰিম যে মানৱীয় মূল্যবোধসমূহৰ স্বৰূপ আৰু তাৎপর্য ঐতিহাসিকভাৱে পৰিৱর্তনশীল। সিহঁত যুগ-প্রবাহৰ সৈতে সংগতি ৰাখি পৰিৱৰ্ধিতও হয়। এই কথাটো হৃদয়ংগম কৰাৰ পাছতো সমস্যাৰ কিন্তু সমাধান নহয়, বৰঞ্চ নতুন নতুন প্রশ্নৰ অংকুৰোদ্গম ঘটে। আমাক আহুকালত পেলাব পাৰে এইটো প্রশ্নইঃ অর্বাচীন যুগৰ এই উন্নত সভ্যতাৰ, যি সভ্যতাৰ বিজ্ঞান তর্কাতীতভাৱে উচ্চস্তৰৰ— তাৰ মানৱীয় মূল্যবোধসমূহক আমি কিহৰ সাহসত বাৰু প্রাচীন পূর্বপুৰুষসকলৰ প্ৰমূল্যবোধতকৈ অধিক উন্নত বুলি কম? উন্নত বিজ্ঞানৰ কাষত অৱনত মূল্যবোধক প্রত্যক্ষ কৰিয়েই সম্ভৱতঃ তীক্ষ্মধী দার্শনিক-বিজ্ঞানী বাৰ্ট্ৰাণ্ড ৰাছেলৰ কাপেৰে নিৰ্গত হৈছিল প্রচণ্ড ব্যংগমিশ্রিত এই মর্মভেদী বিশ্লেষণৰঃ ‘Cotton goods after the industry became scientific, could find a market in India and Africa: this was a stimulus to British Imperialism. Africans had to be taught that nudity is wicked, this was done very cheaply be missionaries. In addition to cotton goods we exported tuberculosis and syphilis, but for them there was no charge. (দ্র: B. Russell, Russell's Best, Routledge, London-New York, 1992, P.132)। সেইবাবেই সমস্যা হয়, বিজ্ঞানৰ অগ্রগতিৰ সৈতে মানৱীয় মূল্যবোধৰ উৎকৰ্ষৰ সমন্ধটো সমানুপাতিক, নে তাৰ ঠিক বিপৰীত, ইয়াৰ উত্তৰ আমি কিহৰ ভিত্তিত প্রদান কৰিম?

এই সমস্যাৰ মূল কাৰণ মানৱীয় মূল্যবোধৰ নিজস্ব স্বৰূপৰ মাজতেই নিহিত হৈ আছে। বিজ্ঞানৰ অধ্যয়ন-ক্ষেত্ৰৰ কেন্দ্ৰবিন্দু হ’ল চৌকাষৰ বস্তুজগৎ। মনোজগতৰ বিভিন্ন প্রপঞ্চও বিজ্ঞানৰ অধ্যয়ন-ক্ষেত্ৰৰ অন্তর্গত হ’লেও তেনে অধ্যয়নৰ স্বৰূপ বস্তুনিষ্ঠ। বিজ্ঞানৰ বস্তুনিষ্ঠতাৰ কাষত বিজ্ঞানৰ নিজৰ পূর্বধাৰণা মূল্যহীন। কাৰ্ল ছেগানৰ ভাষাত, "..... the success of science, both its intellectual excitement and its practical application, depends upon the self-correcting character of science...... The character or beliefs of the scientists are irrelevant. (C. Sagan, Science, Non-Science and Paranoimal, Ed. by H. Narasimhaiah, Bangolore, 1987, P.36)। কিন্তু বিপৰীতপক্ষে মানৱীয় মূল্যবোধসমূহ বিভিন্ন স্বার্থ-প্রণোদিত বিভিন্ন শ্রেণীৰ বৈচিত্র্যময় কার্যকলাপৰ সৈতে সম্পৃক্ত। সেইবাবেই মানবীয় মূল্যবোধৰ অধ্যয়নৰ বিষয়টোৱে বিজ্ঞানৰ নিচিনাকৈ এক স্বকীয়, আপেক্ষিকভাৱে স্বাধীন চৰিত্র অর্জন কৰিবলৈ সমর্থ হোৱা নাই। এই ক্ষেত্ৰত 'চূড়ান্ত নিৰপেক্ষ’-ৰ ধাৰণাটো অর্থহীন। সভ্যতাৰ বিকাশৰ লগে লগে মানৱীয় মূল্যবোধৰ উৎকর্ষ নে অপকর্ষ ঘটিছে, এই প্রশ্নৰ উত্তৰ সেয়েহে আলোচকভেদে বেলেগ বেলেগ হয়।

উক্ত কথাটো আৰু অধিক স্পষ্টকৈ এইদৰে ক’ব পাৰোঁ— মানৱীয় মূল্যবোধৰ কথা কওঁতে—, এই প্রবন্ধটো ৰচনা কৰোঁতে, কিম্বা পাঠ কৰোঁতে,— আমি কোনেও নিজৰ শ্রেণী-দৃষ্টিভংগীৰ উৰ্দ্ধত অৱস্থান লৈ, চৰম-নিৰপেক্ষ বিচাৰ কৰিম বুলি দাবী কৰিব নোৱাৰোঁ। মানৱীয় মূল্যবোধৰ বিশ্লেষণৰ আলোচনাত সাধাৰণতেই প্রভাৱ পেলায় আলোচকৰ নিজৰ মূল্যবোধে, আলোচকৰ নিজস্ব শ্রেণীগত অৱস্থানে। এই কথাটো স্পষ্টকৈ বুজিবলৈ বা বুজাবলৈ মানৱীয় মূল্যবোধৰ ঐতিহাসিক উৎসৰ বিষয়ে যৎকিঞ্চিৎ আলোচনা কৰা যুগুত হ’ব।

খ) মূল্যবোধৰ ঐতিহাসিক উৎস : আংশিক আলোকপাত

মানৱীয় মূল্যবোধৰ উদ্ভৱৰ প্ৰশ্নটোত বৌদ্ধিকমহল বিভিন্ন মত আৰু মতবিৰোধেৰে বিভক্ত। কেতিয়াবা কোৱা হয়, পশু-পক্ষীসমূহৰ যি স্বাভাৱিক প্রবৃত্তি, তাৰেই বিকশিত আৰু সংস্কৃত ৰূপ হৈছে বর্তমানৰ মানৱীয় মূল্যবোধসমূহ। পশু-পক্ষীয়ে স্বতস্ফূর্তভাৱে নিজৰ পোৱালিৰ প্রতি স্নেহ প্রদর্শন কৰে, শত্ৰুৰ প্রতি দেখুৱায় ক্ৰোধ বা আতংক। এইসমূহেই উন্নত, মার্জিত, পৰিৱর্তিত আৰু পৰিৱৰ্ধিত ৰূপত প্রস্ফুটিত হয় মানুহৰ মূল্যবোধত। আপাতদৃষ্টিত ‘অমানৱীয়’ প্রবৃত্তিৰ পৰা মানৱীয় মূল্যবোধলৈ উত্তৰণৰ এই তত্ত্ব যথেষ্ট যুক্তিভিত্তিক যেন লাগিলেও, ইয়াৰ এটা গুৰুতৰ ভ্ৰান্তি বিদ্যমান। মানুহ আৰু পশু-পক্ষীৰ মাজৰ এটা প্রধান পার্থক্য হ’ল, মানুহ সমাজবদ্ধ প্রাণী; পশু-পক্ষীয়ে সমাজ গঠন নকৰে। মাথোন এইটোৱেই নহয়, মানৱ-জাতিয়ে অকল সমাজ গঠনেই নকৰে, উৎপাদন ব্যৱস্থাৰ পৰিৱৰ্তনৰ ফলত সেই সমাজখন অবিৰতভাৱে আগবাঢ়ি যায়, আৰু অগ্ৰগতিৰ তেনে সর্পিল, বন্ধুৰ পথত মানুহৰ মাজৰ আন্তঃসম্পর্কসমূহৰ পৰিৱৰ্তন ঘটে। এই কাৰণটোৰ বাবেই যুথবদ্ধ পশু-পক্ষী আৰু সমাজবদ্ধ মানুহৰ মাজত এটা মৌলিক আৰু গুণগত পার্থক্য বিদ্যমান। স্পষ্টতঃ, মৌ-মাখি আৰু পৰুৱাই দলগতভাৱে খাদ্য সঞ্চয় কৰিব পাৰে ঠিকেই, কিন্তু সঞ্চিত খাদ্য-দ্ৰব্যক মূলধন হিচাপে বিনিয়োগ কৰিবলৈ সিহঁত অক্ষম। তদুপৰি, একমাত্র মানুহৰ বাহিৰে পৃথিৱীৰ কোনো প্রাণীয়েই সহজতম কোনো শ্রম-সঁজুলি নির্মাণ কৰিব নোৱাৰে (দ্রঃ ফিওদৰ কৰোভাকিন, প্রাচীন জগতৰ ইতিহাস, প্রগতি প্রকাশন, মস্কো, 1989, পৃ.16)। এগৰাকী কৃতবিদ্য পণ্ডিতে এই কথাটো সুন্দৰভাৱে দেখুৱাইছে এইভাবে, ‘Lower animals also use a stone now and then to break a shell, or employ a stick as an aid in carrying out some of their feeding or breeding habits. But none of these animals, not even primates, use tools in the sense that man does that is, as the usual way of coping with unusual situations...’ (R. J. Forbes, The Conquest of Nature : Technology and its Consequences, Penguin Books, London, 1971, P.20)। প্রসংগত এই কথাটোৰ পৰা আমি এটা গুৰুত্বপূর্ণ দিশলৈ লক্ষ্য কৰিব পাৰোঁ যে পশু-পক্ষীৰ শ্ৰম-সঁজুলি নির্মাণৰ ক্ষমতা নাই, সিহঁতৰ বিজ্ঞানো নাই, সভ্যতা বুলিও একো নাই। আকৌ, সিহঁতৰ ন্যূনতম সামাজিক বিকাশ ঘটা নাই বাবে সিহঁতৰ কোনো মূল্যবোধো নাই। এই পর্যৱেক্ষণটোৱে কিন্তু বিজ্ঞান, সামাজিক অগ্রগতি আৰু মানৱীয় মূল্যবোধৰ সম্পৰ্কৰ সন্দৰ্ভত এক তাৎপর্যপূর্ণ ইংগিত বহন কৰে। তদুপৰি, এইখিনিতেই আৰু এটা গুৰুতৰ প্রশ্ন উত্থাপিত হ’ব পাৰে। সভ্যতাৰ অগ্ৰগতিৰ ফলত আমাৰ মূল্যবোধসমূহ, পশু-পক্ষীৰ স্বাভাৱিক প্রবৃত্তিৰ ভাল দিশবোৰৰ তুলনাত অধিক উত্তম হৈ পৰিছে নেকি? নে, কথাটো তাৰ বিপৰীতহে? এই সংক্রান্তত বাৰ্ট্ৰাণ্ড ৰাছেলে তেওঁৰ স্বভাৱসিদ্ধ ঋজু ৰচনাশৈলীৰে প্রকাশ কৰিছে এই সুগভীৰ বিশ্লেষণ, ‘Has civilisation taught us to be more friendly towards one another?... Within the herd we are more friendly to each other than many species of animals, but in our attitude towards those outside the herd, in spite of all that has been done by moralists and religious teachers, our emotions are as ferocious as those of animals, and our intelligence enables us to give them a scope which is denied to even the most savage beast.'[B. Russell, পূৰ্বোক্ত গ্রন্থ P.P.130-131] ।

যি কি নহওক, পশু-পক্ষীৰ স্বাভাৱিক প্রবৃত্তিয়ে মানৱীয় মূল্যবোধৰ উদ্ভৱৰ সময়ত এটা ভূমিকা গ্রহণ কৰাৰ কথা স্বীকাৰ কৰি ল’লেও, আমি মানুহ আৰু পশু-পক্ষীৰ মাজৰ উপৰিউক্ত মৌলিক পার্থক্যটো পাহৰি গ’লে আহুকালত পৰিব লাগিব। কাৰণ, পশু-পক্ষীসমূহ হ’ল সামাজিক চেতনাৰহিত, কিন্তু বিপৰীতপক্ষে, মানৱীয় মূল্যবোধসমূহ হ’ল মানুহৰ এক প্রকাৰৰ সামাজিক চেতনাৰেই অভিব্যক্তি।

কেতিয়াবা আকৌ মানৱীয় মূল্যবোধসমূহক অনড় আৰু শাশ্বত বুলি গণ্য কৰা হয়। এই মতৰ প্রবক্তাসকলৰ চকুৰ আগত সদায়েই এক আদর্শ মূল্যবোধৰ অলীক ছায়াবাজী সক্রিয় হৈ থাকে। সদায় নহ’লেও, প্রায়েই এইজাতীয় মাৰ্গ ধর্মশ্রয়ী। কেতিয়াবা কোৱা হয়, মানৱীয় মূল্যবোধসমূহ ঐশ্বৰিক-উৎসম্ভূত। তেনে চিৰায়ত, অবিনশ্বৰ প্ৰমূল্যসমূহেই হ’ল প্রকৃত মানৱীয় মূল্যবোধ, আৰু তাৰ পৰা বিচ্যুত হোৱাৰ প্ৰৱণতাই হ’ল পাপৰ পংকিল পথ। এই মতৰ লগৰীয়া হিচাপে উদ্ভৱ হোৱা অন্য এটা চিন্তাধাৰাই কেতিয়াবা বিজ্ঞানকেই জগৰীয়া কৰে মানুহক সেই ‘পাপৰ বাট’-লৈ হাতবাউল দি মতাৰ বাবে। গান্ধীৰ বিজ্ঞান-চিন্তাৰ কথা এই প্রসংগত উল্লেখযোগ্য ; সমাজত ‘অধৰ্ম’-ৰ পয়োভৰৰ বাবে গান্ধীয়ে জগৰীয়া কৰিছিল বিজ্ঞান-প্রযুক্তিৰ এটা অৱদান ৰেলগাড়ীক। বিজ্ঞান তথা প্রযুক্তিভিত্তিক সভ্যতাৰ বর্তমানৰ নানান সংকটে এই ধাৰণাটোক জনপ্রিয় কৰি তুলিছে। আমি পাছলৈ দেখুৱাবলৈ যত্ন কৰিম, এই মতটো, অর্থাৎ বিজ্ঞানক দোষীৰ কাঠগড়ালৈ টানি অনা কাৰবাৰটো তেনেই অবৈজ্ঞানিক। লক্ষণীয়, বিজ্ঞানক এইদৰে দোষী সাব্যস্ত কৰা দলটোত এচাম নিৰীশ্বৰবাদীও চামিল হৈছে, যিসকলে মানৱীয় মূল্যবোধসমূহক স্বৰ্গীয় কিম্বা ঐশ্বৰিক-উৎসসম্ভূত বুলি গণ্য নকৰে। যি কি নহওক, বর্তমানৰ এই আলোচনাত মানৱীয় মূল্যবোধৰ ঐশ্বৰিক উৎস সংক্রান্তীয় উক্ত মত, কিম্বা মূল্যবোধসমূহক অনড় বুলি কৰা ধাৰণাক আমি অবৈজ্ঞানিক আৰু অনৈতিহাসিক বুলি অগ্রাহ্য কৰিব পাৰোঁ।

উক্ত ধাৰণাটোৰ ঠিক বিপৰীত দৃষ্টিকোণেৰে কেতিয়াবা মানৱীয় মূল্যবোধৰ ঐতিহাসিক তাৎপর্য বর্ণনা কৰা দেখা যায়। কোৱা হয় যে মানুহৰ যিকোনো প্রমূল্যভিত্তিক ধাৰণাই সাময়িক আৰু দেশ-কালভেদে অৱশ্যম্ভাৱীভাৱে পৃথক। এই মাৰ্গৰ চিন্তাই মানৱীয় মূল্যবোধসমূহক অনিবাৰ্যৰূপে আপেক্ষিক আৰু কালস্রোতত অশাশ্বত বুলি গণ্য কৰে। কোনো এক যুগৰ তৎকালীন অৱস্থাই সেই যুগৰ মানুহৰ মনত যুগোপযোগী মূল্যবোধৰ জন্ম দিয়ে। সমাজ-বাস্তৱৰ পৰিৱর্তন হোৱাৰ লগে লগেই তেনে প্রমূল্যসমূহৰ মৃত্যু ঘটে আৰু পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে নতুন মূল্যবোধৰ জন্ম হয়।

আপাতদৃষ্টিত এই মত যথেষ্ট চমকপ্রদ আৰু কিছু বিপ্লৱী। গুৰুবাদী আৰু ধৰ্মশ্রয়ী মতৰ বাবেও ই এক প্রত্যাহ্বানস্বৰূপ। তদুপৰি, মূল্যবোধৰ ওপৰত সমাজবাস্তৱৰ প্রতিফলন সন্দর্ভতো এই মতে কিছু তাৎপর্যপূর্ণ চিন্তা-চৰ্চাৰ জন্ম দিছে। তথাপি, মানৱীয় মূল্যবোধৰ ঐতিহাসিক বিকাশৰ গুৰুত্ব সমন্ধে এই মত একেবাৰেই নীৰৱ।

কিন্তু অলপ গমি চালেই দেখা যায়, মানৱীয় মূল্যবোধসমূহ কালস্রোতত মাথোন পৰিৱর্তিতই নহয়, সিহঁতৰ পৰিবর্ধনো ঘটে। সমাজৰ পৰিৱৰ্তনৰ ফলত উদ্ভৱ হোৱা নতুনতৰ প্ৰমূল্যসমূহৰ শিপাই প্রাচীনতৰ মূল্যবোধসমূহৰ পৰা সাৰ-পানী সংগ্রহ কৰে, কিন্তু নিজে লালিত হয় ভিন্নতৰ সমাজবাস্তৱৰ আৱহমণ্ডলত। সেইবাবেই মানৱীয় প্রমূল্যসমূহৰ পৰিৱর্তন আৰু পৰিৱৰ্ধনৰ এটা সাধাৰণ ক্রম বা প্রৱাহ বিদ্যমান। এই ক্রম বা প্রৱাহক মানৱ-সমাজৰ বিকাশৰ সামগ্রিক ধাৰাটোৰপৰা পৃথক কৰিব নোৱাৰি। গতিকে, মূল্যবোধসমূহক অনিবাৰ্যভাৱে আপেক্ষিক বুলি কোৱাটো ভুল।

মানৱ-জাতিৰ জন্মলগ্নত মানৱীয় মূল্যবোধ বুলি কোনো সুকীয়া ধাৰণা নাছিল। সেইটো আছিল সংগ্ৰহ-বৃত্তি আৰু চিকাৰৰ যুগ। মানুহৰ জীৱন আৰু জীৱিকা আছিল সমর্থক। চিকাৰ বা সংগ্ৰহ-কাৰ্যত মানুহ সফল হোৱাটোক বা কোনো অত্যাৱশ্যকীয় সামগ্ৰীক ‘ভাল’ বুলি ভবা হৈছিল, আৰু দুর্ভিক্ষ, মৃত্যু, অনাহাৰ আদিক ভবা হৈছিল ‘বেয়া’ বুলি। এই ‘ভাল’ আৰু ‘বেয়া'-ই আছিল সম্ভৱতঃ পৰৱৰ্তীকালৰ ‘শুভ-অশুভ’ বা ‘উচিত-অনুচিত'-ৰ সুপ্ত ভ্ৰূণ। আমি আজি জানোঁ যে ধর্ম, দর্শন, বিজ্ঞান, মানৱীয় মূল্যবোধ, শিল্প-কলা— এই সকলো মানুহৰ সামাজিক চেতনাৰেই বিভিন্ন প্রকাৰৰ অভিব্যক্তি। এনে সামাজিক চেতনাসমূহ কিন্তু আধাৰহীনভাৱে, নিৰালম্বহৈ মানৱসমাজত উদিত হোৱা নাছিল। মানুহৰ সমাজ-চেতনাৰ জন্ম হৈছিল কেতিয়া? স্বাভাবিকতেই মানুহে যেতিয়া সমাজ গঠন কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়াই জন্ম হৈছিল মানুহৰ সামাজিক চেতনাৰ। কিন্তু মানৱ-সমাজখন যেতিয়া একেবাৰেই প্ৰাৰম্ভিক স্তৰত আছিল, তেতিয়া মানুহৰ সমাজ-চেতনাও আছিল নিচেই অপ্রতুল। সেই অৱস্থাত বিজ্ঞান, ধর্ম, মানৱীয় মূল্যবোধ বুলি পৃথক পৃথক, সুস্পষ্ট ধাৰণাৰ বিকাশ আছিল অসম্ভৱ। সেইসমূহৰ ভ্ৰূণ আচ্ছাদিত হৈ আছিল এক অবিভক্ত আৰু অপৈণত সামাজিক চেতনাৰ গৰ্ভত। এই ভ্ৰূণসমূহ লালিত হৈছিল সমাজৰ পৰৱৰ্তী বিকাশৰ ছত্ৰছায়াত আৰু তাৰ ফলত অংকুৰিত হৈছিল নির্দিষ্ট আৰু পৃথক সামাজিক চেতনাসমূহৰ।

মানুহে সমাজ গঠন কৰিবলৈ লোৱাৰ পৰাই বস্তুগত পৰিৱৰ্তনৰ সৈতে সংগতি ৰাখি মানুহৰ মনোগত পৰিৱর্তনো হ’বলৈ ধৰিলে। পৰিৱর্তিত হ’বলৈ ধৰিলে মানুহৰ মাজৰ আন্তঃসম্পর্ক। সমাজৰ বাস্তৱ প্রয়োজনৰ প্ৰতি লক্ষ্য ৰাখি সেই সম্পর্কসমূহ কেনে হ’ব সেইটো স্থিৰ কৰা হ’ল। নিয়ন্ত্রিত হ’ল যৌন-জীৱন। মানুহৰ মাজৰ আন্তঃসম্পৰ্কসমূহৰ স্বৰূপ মূর্ত হৈছিল সামাজিক ৰীতি-নীতিৰ মাজত আৰু পৰৱৰ্তীকালত স্থান পাইছিল মানৱীয় মূল্যবোধ বুলি বহল ধাৰণা এটাৰ বিমূর্ত গৰ্ভত। এইসমূহৰেই নানান পৰিৱৰ্তিত আৰু পৰিৱৰ্ধিত ৰূপ আমি আজিও প্রত্যক্ষ কৰিছোঁ। গতিকে দেখা যায়, মানৱীয় মূল্যবোধসমূহৰ উদ্ভৱ আৰু বিকাশৰ সৈতে সমাজৰ অগ্ৰগতিৰ সমন্ধ আছে। তদুপৰি, আমাৰ এই আলোচনাৰ প্ৰসংগত গুৰুত্বপূর্ণ কথাটো হ’ল, সমাজৰ অগ্ৰগতিৰ সৈতে বিজ্ঞানৰ বিকাশে অতি ওতপ্রোতভাৱে জড়িত, আৰু এই কথাটোৰপৰা আমি বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ মাজৰ সম্পৰ্কৰ বিষয়ে বহুখিনি অনুমান কৰিব পাৰোঁ।

উপৰিউক্ত আলোচনাৰ পৰা মানৱীয় মূল্যবোধৰ আদি-উৎসৰ সংক্রান্তত আমাৰ দৃষ্টিভংগী অলপ হ’লেও নিশ্চয় প্রকাশ হৈছে। কিন্তু তথাপিও সেই প্রশ্নটো— , আমি পূর্বে উনুকিয়াই অহা সমস্যাটো— থাকি যায়ঃ আজিৰ আমাৰ মূল্যবোধ, প্রাগৈতিহাসিক মানুহৰ মূল্যবোধতকৈ উত্তমনে? এই প্রশ্নটো অতি জটিল। আদিম মানুহৰ ‘মূল্যবোধ’ (যদিও সেই সময়ত কোনেও মূল্যবোধ বুলি নকৈছিল) আছিল স্ববিৰোধৰহিত, উদাৰ, সহজ-সৰল, সর্বোপৰি সামাজিক সাম্যৰ ওপৰত প্রতিষ্ঠিত। কোনো ব্যক্তি বা সংকীর্ণ শ্রেণীস্বার্থই ‘মূল্যবোধ’-ক নিয়ন্ত্ৰণ কৰা নাছিল। শ্রেণী-সমাজৰ বিকাশৰ লগে-লগে সেই ট্রাইবেল ‘মূল্যবোধ’-ৰ যুগ শেষ হ’ল। পৰৱৰ্তী পর্যায়ক কিন্তু মাত্র শ্রেণী-স্বাৰ্থৰ মূল্যবোধৰ যুগ বুলি মূল্যায়ন কৰিলে একদেশদর্শিতাৰ কবলত পৰিব লাগিব। সমাজৰ বস্তুগত বিকাশৰ ফলতেই ব্যক্তিসত্তাৰ বিকাশৰ বাট মুকলি হ’ল। পূর্বৱতী কালত তেনে বিকাশৰ অন্তৰায় হৈ পৰিছিল ট্রাইবেল সমাজৰ গোড়া মতান্ধতা, অলংঘনীয় নীতি-নিয়ম, অবৈজ্ঞানিক পূর্বধাৰণা আদি। উন্নত সমাজব্যৱস্থাত মূল্যবোধসমূহো জটিল হৈ পৰিল। এটা ট্রাইবৰ নিজৰ ‘মূল্যবোধ’ সেই ট্রাইবৰ বাবে নিশ্চয় উদাৰ আছিল, কিন্তু সামগ্রিকভাৱে, অন্য ট্রাইবৰ কথা বিবেচনা কৰিলে, সেইসমূহ আছিল অতি সংকীর্ণ। সেইবাবেই, সমাজৰ বস্তুগত প্রগতিয়ে মূল্যবোধৰ যি ৰূপান্তৰ ঘটালে, সি সামগ্রিকভাৱে প্রগতিশীলেই আছিল। লগে লগে কিন্তু আমি মনত ৰাখিব লাগিব, তাৰ ফলত ট্রাইবেল সমাজৰ—যদিও সংকীর্ণ পৰিসৰৰ আছিল-- সহজ-সৰল ‘মূল্যবোধ’ লুপ্ত হ’ল। এইটোৰ বাবে কিন্তু বিজ্ঞানবিৰোধী এচাম পশ্চাৎমুখীলোকৰ দৰে হুমুনিয়াহ কাঢ়ি লাভ নাই। এটা অবোধ শিশুৰ নিষ্কলংক মনটো, ৰূঢ় বাস্তৱৰ কঠিন ঘাত-প্রতিঘাতেৰে জৰ্জৰিত এজন প্রাপ্তবয়স্ক ব্যক্তিৰ মাজত দেখা পাওঁ জানো? অপৰিণত সামাজিক আন্তঃসম্পৰ্কৰ সেই আদিম সমাজখনৰ ‘মূল্যবোধ’ আজিৰ এই জটিল যুগত নোপোৱাটোৱেই স্বাভাৱিক।

মানৱীয় মূল্যবোধৰ আদি-উৎস সমন্ধীয় এইখিনি কথা আমাৰ আলোচনাত অপ্রাসংগিক যেন লাগিব পাৰে। কিন্তু আমি গুৰুত্বসহকাৰে ক’ব খোজোঁ, এই উৎস সমন্ধীয় বিষয়টো অতি তাৎপর্যপূর্ণ আৰু একান্ত প্রয়োজনীয়। কাৰণ, আমি যদি ধৰি লওঁ—মানৱীয় মূল্যবোধসমূহ ঐশ্বৰিক উৎসসম্ভূত, তেন্তে আমাৰ আলোচনাৰ সমগ্র স্বৰূপটোৱেই সলনি হৈ যাব। তেনেদৰে, মূল্যবোধসমূহক চূড়ান্তভাৱে আপেক্ষিক বুলি ধৰি ল’লেও আলোচনাৰ স্বৰূপ হ’ব বেলেগ। আলোচনা এটাত কোনটো দৃষ্টিভংগী প্রতিফলিত হ’ব, সেইটো বহুলাংশে নির্ণয় কৰে আলোচকৰ শ্রেণীগত দৃষ্টিভংগীয়ে। শ্রেণীবিভক্ত সমাজত আলোচকভেদে দৃষ্টিকোণ পৃথক হোৱাটোৱেই স্বাভাৱিক। গতিকে এতিয়া নিশ্চয় স্পষ্ট হ’ল, কিয় আমি এনে আলোচনাৰ ক্ষেত্ৰত পৰম নিৰপেক্ষ হ’ব নোৱাৰোঁ বুলি উল্লেখ কৰিছিলোঁ। ধাৰণা হয় যে বহুদূৰ ভৱিষ্যতত, শ্রেণী আৰু শ্রেণীস্বাৰ্থ বিলুপ্ত হোৱাৰ পাছত, মানৱীয় মূল্যবোধৰ নিচিনা বিষয়সমূহৰ অধ্যয়নেও এটা স্বকীয় স্বৰূপ—বিজ্ঞানৰ দৰে—লাভ কৰিব। কিন্তু সেইটো বহুদূৰ ভৱিষ্যতৰ কথা।

গ) ঐতিহ্যৰ পৃথক স্বৰূপৰ সন্দৰ্ভত

আমি দেখিলোঁ যে মানৱীয় মূল্যবোধসমূহ ঐতিহাসিকভাৱে পৰিৱৰ্তনশীল। সিহঁতৰ এক সুপ্রাচীন ঐতিহ্যও বিদ্যমান। এই প্ৰসংগতেই কিন্তু বিজ্ঞানৰ সৈতে মানৱীয় মূল্যবোধৰ এটা মৌলিক পার্থক্য চকুত পৰে। ‘আজিৰ বিজ্ঞান’-ৰ অৰ্থ হ’ল আজিলৈকে বিজ্ঞানৰ অংগনত যিসমূহ ক্রিয়াকাণ্ড সম্পাদন কৰা হৈছে তাৰ যোগফল। স্পষ্টতঃ এই যোগফল কোনোদিনেই এটা নিশ্চল ধ্ৰুৱক নহয়, ‘কাইলৈৰ বিজ্ঞান’-ৰ বাবে তাত নতুন নতুন অৱদানৰ সমাহাৰ ঘটিব। এইটো প্রক্রিয়াত, নিঃসন্দেহে নতুন নতুন ধাৰণা কিম্বা তত্ত্ব গঢ়লৈ উঠে, কিন্তু লগে লগে বিচূর্ণ কৰা হয় পুৰণি, অপ্রয়োজনীয় আৰু ভ্রান্ত ধ্যান-ধাৰণাক। এই ভাঙোন বিজ্ঞানৰ বিকাশৰ বাবেই এটা এৰাব নোৱৰা অত্যাৱশ্যকীয় প্রক্রিয়া। গ্রহণ-বৰ্জনৰ এই অন্তহীন ঘূৰ্ণাৱৰ্ত বিজ্ঞানৰ পৰিৱৰ্তনীয় আৰু বিকাশমান চৰিত্ৰৰ সৈতে অংগাংগীভাৱে জড়িত।

উক্ত চৰিত্ৰই বিজ্ঞানক প্রদান কৰিছে এটা বিশিষ্ট স্বতন্ত্র স্বৰূপ। এই চৰিত্ৰ মানৱীয় মূল্যবোধৰ নাই। মানৱীয় মূল্যবোধৰ ঐতিহ্যৰ স্বৰূপ, বিজ্ঞানৰ ঐতিহ্যৰ স্বৰূপতকৈ বেলেগ। বিজ্ঞানৰ বেলিকা ঐতিহ্যৰ ভ্ৰান্ত ধাৰণাসমূহ কালস্রোতত বিলীন হৈ যায়, কিন্তু উত্তম অংশবোৰ সঞ্চিত হৈ থাকে ভৱিষ্যতৰ বিজ্ঞানৰ বাবে। বিজ্ঞানত চিৰায়ত বিশ্বাসৰ কোনো স্থান নাই। কিন্তু, বিপৰীতপক্ষে মানৱীয় মূল্যবোধসমূহক, যদিও সিহঁত বিকশিত আৰু পৰিৱৰ্ধিত হয়—কেতিয়াবা সেইবোৰক চিৰন্তন আৰু শাশ্বত বুলি বিশ্বাস কৰা হয়। পৰিলক্ষিত হয়, কোনো এটা বিশেষ যুগৰ মূল্যবোধ, সেইসময়ৰ বৈজ্ঞানিক ধ্যান-ধাৰণাতকৈ বহু বেছিদিনলৈ বর্তি থাকে। বিজ্ঞানৰ দৰে মূল্যবোধসমূহৰ ‘ভ্ৰান্ত’ অংশবোৰ কালস্রোতত সহজে বিলীন নহয়, সিহঁতৰ প্রচ্ছন্ন উপস্থিতিৰ উমান পোৱা যায় মানুহৰ সামাজিক ৰীতি-নীতিৰ মাজত। মানৱীয় মূল্যবোধৰ এই স্বৰূপটো সামাজিকভাৱে অতি তাৎপর্যপূর্ণ। কিয়নো, কোনো এটা যুগৰ মূল্যবোধক ‘আদর্শ মূল্যবোধ’ বুলি কৰা ধাৰণাই পৰৱৰ্তীকালৰ ‘উন্নত’ মূল্যবোধৰ বিকাশত বাধা দিয়ে। সেইবাবেই এই কথাটো সাঁথৰ যেন লাগিলেও গুৰুত্বপূর্ণঃ মানৱীয় মূল্যবোধৰ চিৰায়ত, গভীৰতম আৰু সুস্থ স্বৰূপটোক হৃদয়ংগম কৰিবলৈ আমি সিহঁতৰ পৰিৱর্তনীয় চৰিত্ৰৰ কথা মনত ৰাখিবই লাগিব। বিজ্ঞানৰ ক্ষেত্ৰত এনে সমস্যা কেতিয়াবাহে (যেনে, এৰিষ্টটোলৰ পৰৱৰ্তীযুগত) দেখা যায়। বিজ্ঞানৰ বেলিকা কথাটোক সাঁথৰ যেনো নেলাগে, কাৰণ পৰিৱৰ্তনৰ প্রক্রিয়াটো স্বতঃস্ফুর্তভাৱে বিজ্ঞানৰ আভ্যন্তৰীণ ক্ষেত্ৰত সদায়েই প্রৱহমান।

ঘ) বিজ্ঞানৰ অগ্রগতি আৰু মানৱীয় মূল্যবোধ

বিজ্ঞানৰ অগ্ৰগতিৰ বিষয়টো মানৱীয় মূল্যবোধৰ পৰিৱৰ্ধনৰ দৰে আহুকলীয়া নহয়। বিজ্ঞান যদিও এটা বিমূর্ত ধাৰণা, তথাপি ইয়াৰ অগ্রগতি আমাৰ পাৰিপার্শ্বিক জগতখনৰ সুস্পষ্ট পৰিৱৰ্তনৰপৰা অনুভৱ কৰিব পাৰোঁ। কথাটো বুজিবলৈ এটা উদাহৰণ লোৱা যাওক। ওঠৰ শতিকাৰ পূর্বে মানুহে মাত্র ১৮-বিধ মৌলৰ (element) ব্যৱহাৰ জানিছিল। এই সংখ্যা ক্ৰমাৎ বদ্ধি হৈছিল এনেদৰেঃ ওঠৰ শতিকাত ২৮-বিধ আৰু উনৈশ শতিকাত ৫০ বিধ। কুৰি শতিকাৰ প্ৰাৰম্ভত এই সংখ্যা ৬০-তকৈও বেছি। তেনেদৰে কুৰি শতিকাৰ আৰম্ভণিতে উদ্যোগত ব্যৱহৃত হৈছিল মাত্র ১৭-বিধ ধাতু; বর্তমানে এই সংখ্যা প্রায় তাৰ তিনিগুণৰ অধিক [দ্রঃ G.

Marinko, What is the Scientific and Technological Revolution, Progress Publishers, Moscow, 1989, p. 68] লক্ষনীয় কথা, অতীতত মাত্র এটা ধাতুৰ (বা মৌলৰ) নামেৰেই নামকৰণ কৰা হৈছিল একো-একোটা সুদীর্ঘ যুগৰ (যেনে, ব্ৰঞ্জ যুগ, লৌহ যুগ আদি)। এনে পৰিৱর্তনসমূহ লক্ষ্য কৰি আমি ক’ব পাৰোঁ—বিজ্ঞানৰ অন্যতম মুখ্য চৰিত্ৰ নিহিত হৈ আছে তাৰ নিৰন্তৰ অগ্ৰগতিৰ মাজত। এই অগ্রগতি ক্ৰমাৎ দ্রুততৰ হৈ আহিছে। এইটো এটা সর্বজনগ্রাহ্য সত্য।

এই সর্বজনগ্রাহ্য কথাটোৱে কিন্তু বর্তমানে কিছুমান গভীৰ প্ৰশ্নৰ জন্ম দিছে। এটা সময়ত—আধুনিক বিজ্ঞানৰ বিকাশৰ পূর্বে, সভ্যতাৰ অগ্রগতিত বিজ্ঞানে যে এটা গুৰুত্বপূর্ণ ভূমিকা ল’ব পাৰিব—সেইটো কৰোৰেই চিন্তাত অহা নাছিল। কিন্তু মধ্যযুগৰ স্থবিৰতা শেষ হোৱাৰ পাছত, নতুন চিন্তা-তৰংগৰে স্পন্দিত ইউৰোপৰ বৌদ্ধিকমহলৰ এটা অংশই নিঃসংশয়ে ঘোষণা কৰিলে—বিজ্ঞানৰ অগ্রগতিয়েই হ’ল সভ্যতাৰ বিকাশৰ মূল চালিকা শক্তি। বিজ্ঞান অবিহনে সভ্যতাৰ ৰথ অচল। শিল্প-বিপ্লৱত বিজ্ঞান আৰু প্রযুক্তিৰ শক্তিশালী ভূমিকাই উক্ত মত যেন ষোল অনাই সমর্থন কৰিলে। বিজ্ঞান আৰু সভ্যতা, দুয়োটাক গণ্য কৰা হ’ল পৰিপূৰক হিচাপে, একোটা মুদ্ৰাৰ দুটা পৃষ্ঠ হিচাপে, কেতিয়াবা আনকি দুয়োটাৰে মাজত যে কিবা পার্থক্য থাকিব পাৰে—, তাকো পাহৰি যাবৰ চেষ্টা কৰা হ’ল। একাংশ আত্মপৰিতৃপ্ত মানুহে ভাবিবলৈ ধৰিলে, বিজ্ঞানৰ অগ্রগতি যিহেতু অপ্রতিৰোধ্য, সেইবাবেই মানৱ-সভ্যতাৰ প্ৰগতি অনন্ত সম্ভাৱনাময়।

এই একবিংশ শতিকাত কথাটো ইমান নিঃসন্দেহে, ইমান দৃপ্ত কণ্ঠে কোৱা নাযায়। পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰৰ সংহাৰক মাৰণাস্ত্ৰ উৎপাদন কৰাৰ আগ্ৰহ আজি সীমাহীন; কিন্তু পৃথিৱীৰ গাঁৱে গাঁৱে পঢ়াশালি, গ্রামাঞ্চলে গ্রামাঞ্চলে চিকিৎসালয় স্থাপন কৰাৰ সিমান সদিচ্ছা নাই। বজাৰত এতিয়া ভেজাল খাদ্যবস্তু, বিষাক্ত আৰু অদৰকাৰী ঔষধ, ৰাসায়নিক কীটনাশকৰ অৱশিষ্টৰে পৰিপূৰ্ণ শাক-পাচলি ইত্যাদিৰ পূৰ্ণ-পয়োভৰ, যিসমূহ জনস্বাস্থ্যৰ বাবে এক ভয়াবহ ভাবুকি। মনকৰিবলগীয়া কথা, এই জনস্বাস্থ্যবিৰোধী ক্রিয়া-কাণ্ডত, মানৱীয় মূল্যবোধৰ প্ৰসংগটোক ভৰিৰে মোহাৰি, প্রভূতভাৱে সহায় লোৱা হৈছে আধুনিক বিজ্ঞান আৰু প্রযুক্তিৰ। এইসমূহ বিজ্ঞানৰ অপব্যৱহাৰৰ অজস্র উদাহৰণৰ মাজৰ কেইটামান উল্লেখহে। এনে অৱস্থাত, বিজ্ঞানৰ জয়যাত্ৰা কথাই বহুতৰ মনলৈ কঢ়িয়াই আনে মানৱ-সভ্যতাৰ, মানৱীয় মূল্যবাধৰ শ্মশান যাত্ৰাৰ এক সংশয়াচ্ছন্ন প্রতিচ্ছবি।

একমাত্র বিজ্ঞানৰ প্রগতিয়েই যে সমাজৰ সর্বাংগীণ উন্নতি নহয়, সেই কথাটো বিশিষ্ট পণ্ডিত কৌশাম্বীয়ে চিত্তাকর্ষকভাৱে প্ৰকাশ কৰিছে এইদৰে, ‘In the U.S.A. no one can deny the powerful development of science, with an even more powerful development of the police force.” [D.D. Kosambi, Science, Society and Peace, Peoples’ Publishing House, New Delhi, 1994, P.50)। সুস্থ মানৱীয় মূল্যবোধ বিবর্জিত কংক্রিটময় পৃথিৱী বৈষয়িক উন্নতিৰ পৰিচায়ক হ’লেও সি সভ্যতাৰ সঁচা গৌৰৱ নহয়। তদুপৰি বিজ্ঞানৰ দুৰন্ত অগ্রগতিয়েই যে মানুহৰ মননগত সকলো দিশৰ সৰ্বাংগীণ উন্নতি, সেইটোও নহয়। ১৯৮৮ চনৰ এটা সমীক্ষাৰপৰা দেখা যায় যে মার্কিন যুক্তৰাষ্ট্ৰত সাবালক জনসমষ্টিৰ তিনি-চতুর্থাংশৰ ধাৰণা যে এন্টিবায়টিকেৰে ভাইৰাছ মাৰিব পাৰি, শতকৰা ৪৩-জনে অস্বীকাৰ কৰে যে মানুহ অন্য প্রজাতিৰপৰা উদ্ভূত হৈছিল, শতকৰা ২১-জনৰ বিশ্বাস—সূৰ্য্যই পৃথিৱীক প্রদক্ষিণ কৰে, শতকৰা ৬-জনে জ্যোতিষশাস্ত্ৰ অনুসৰি কৰ্মত অগ্ৰসৰ হয়। অথচ, ১৯৬০ চনৰপৰা ১৯৮৯ জনৰ মাজত সেইখন দেশতেই বিজ্ঞানৰ গৱেষণা আৰু উন্নয়নৰ শিতানত ব্যয় ১৩.৫০ বিলিয়ন ডলাৰৰপৰা বৃদ্ধি হৈ হৈছিলগৈ। ১৩২.৪০ বিলিয়ন ডলাৰ (দ্রঃ আশীষ লাহিড়ী, সংস্কৃতিৰ দ্বিখণ্ডনঃ বিজ্ঞান বনাম হিউম্যানিটিজ, বিজ্ঞান চেতনা, কলকাতা, ১৯৯৬, পৃ. ৯)। কিন্তু মার্কিন যুক্তৰাষ্ট্ৰত হোৱা বিজ্ঞানৰ অগ্ৰগতিৰ কথাটো বিতর্কাতীত। ইয়াৰপৰা এটা কথা পৰিস্কাৰ হয় যে বিজ্ঞানৰ উন্নতিৰ বস্তুগত সুফলৰ কথা বাদেই, মানুহৰ সাংস্কৃতিক চেতনা আৰু মানসিক উৎকৰ্ষৰ ক্ষেত্ৰতো, সমাজৰ সৰ্বস্তৰৰ মানুহৰ মাজত বিজ্ঞান সমভাৱে সক্রিয় নহয়। অন্যান্য সহস্ৰ অসাম্যৰ লগতে এই যে বিজ্ঞানৰ সুফলৰ অসম বিতৰণ, ই আধুনিক সভ্যতাৰ বাবে এক নির্মম অথচ বাস্তৱ পৰিহাস। এই পটভূমিত, মানুহৰ সামগ্রিক সত্তাই যত আক্ৰান্ত, তাত জানো এক সুস্থ মানৱীয় মূল্যবোধৰ বিকাশ হোৱাটো সম্ভৱ?

এনে এক অৱস্থাত বিজ্ঞানকেই হাজিৰ কৰোৱা হয় আদালতৰ কাঠগড়াত আচামী হিচাপে। বিচাৰকৰ ৰায়ত কোৱা হয়, মানৱ-সভ্যতাৰ এনে বিশৃংখলতাৰ বাবে, সুস্থ মানৱীয় প্রমূল্যসমূহক কক্ষচ্যুৎ কৰাৰ বাবে, এই প্রচণ্ড উদ্বেগমিশ্রিত বাতাৱৰণৰ বাবে বিজ্ঞানেই দায়ী। কিন্তু কৌতুকপূৰ্ণভাৱে, বিচাৰকে বিজ্ঞানক ফাঁচিৰ ৰায় শুনাবলৈ অক্ষম। বিজ্ঞান যে সভ্যতাৰ বাবে, এতিয়াও, নিশ্বাস-প্রশ্বাস!

এই দোদুল্যমান পৰিস্থিতিত অনুভূত হয়, বিজ্ঞানৰ সৈতে মানৱীয় মূল্যবোধৰ সম্পর্ক স্থাপন কৰাটো কিমান গুৰুত্বপূর্ণ। এই দিশটোৰ কথা সম্প্রতি সঘনাই আলোচিত হ’লেও, তেনে আলোচনাসমূহে এটা পৰিপূৰ্ণ ৰূপ লাভ কৰা নাই। প্রসংগত উল্লেখযোগ্য প্রখ্যাত ঐতিহাসিক আৰ্নল্ড টয়নবিৰ ছয় শতাধিক পৃষ্ঠা ব্যাপি A Study of History-ৰ সুবিস্তৃত নাম-নির্ঘণ্ট (সংক্ষিপ্ত সংস্কৰণৰ) তন্ন তন্নকৈ চালেও, ক’তো পোৱা নাযাব কোপার্নিকাছ, গেলিলিও অথবা নিউটনৰ নাম। ইয়েই দেখুৱাই দিয়ে, বিজ্ঞানৰ সৈতে মানৱ-মনীষাৰ অন্যান্য ক্ষেত্ৰবোৰৰ মাজত কিমান দুস্তৰ ব্যৱধান এটা বিৰাজমান (দ্রঃ আশীষ লাহিড়ী, পূর্বোক্ত গ্রন্থ, পৃ. ১)।

বর্তমানৰ প্রাযুক্তিক প্রগতিৰ ধ্বংসাত্মক দিশটোৰ বাবে বিজ্ঞানক দায়ী কৰাৰ এটা ঐতিহাসিক কাৰণ আছে। অলপ গমি চালেই দেখা যায় যে আধুনিক বিজ্ঞানৰ যিটো আধাৰ, সেইটো তর্কাতীতভাবে ইউৰোপীয় সাঁচৰ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন সময়ৰ— গ্ৰীচ, মধ্যপ্রাচ্য, ভাৰতবৰ্ষ, চীনদেশ আদিৰ— বিজ্ঞান-চৰ্চাৰ কথা মনত ৰাখিও, সেইসমূহৰ সুগভীৰ অৱদানৰ কথা স্বীকাৰ কৰিও ক’ব লাগিব, বর্তমানৰ যি বিশ্বব্যাপী বিজ্ঞান-চৰ্চাৰ ধাৰা, সেইটো ইউৰোপীয়। এই ইউৰোপীয় ঠাঁচৰ অবিহনে বর্তমান বিজ্ঞান-চৰ্চাৰ কথা ভাবিবই নোৱাৰি। এইটো ঠাঁচৰ বিজ্ঞান-চৰ্চাই পোনপ্রথমে প্রায়োগিক দিশত এটা প্রচণ্ড গতি লাভ কৰিছিল শিল্প-বিপ্লৱৰ সময়ত। কিন্তু শিল্প-বিপ্লৱৰ ফল কি হ’ল? বিজ্ঞানৰ নানা তৰহৰ বস্তুগত অৱদানে একাংশ মানুহক পৰিতৃপ্ত কৰিলে ঠিকেই, কিন্তু ক্ৰমাৎ তীব্ৰ হৈ অহা শোষণ, মুনাফাসর্বস্ব সংকীর্ণ চিন্তাধাৰাই অন্য এচাম মানুহক আতংকিত কৰি তুলিলে। তৎকালীন মূল্যবোধৰ কথা বাদেই, মানৱীয় মূল্যবোধৰ সুগভীৰ, সুস্থ, ঐতিহ্যমণ্ডিত চিৰায়ত ভেটিটোৰ ওপৰতে শিল্প-বিপ্লৱৰ অশুভ ছাঁ পৰিল। এই শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ বাবে স্বাভাৱিকতেই দায়ী কৰা হ’ল শিল্প-বিপ্লৱক। যিহেতু শিল্প-বিপ্লৱত বিজ্ঞানৰ এটা নির্ণায়ক ভূমিকা আছিল, এই ভূমিকাটো সহজে দৃষ্টিগোচৰ হৈছিল, সেইবাবেই সমগ্র অশুভ ফলাফলৰ বাবে দায়ী কৰা হ’ল বিজ্ঞানকে। সমাজ-ব্যৱস্থাৰ প্ৰশ্নটোক এৰাই যোৱা হ’ল।

বর্তমানৰ সভ্যতাৰ সংকট আৰু মানৱীয়-মূল্যবোধৰ অৱক্ষয়ৰ প্ৰসংগত উক্ত মতটোৱে— বিজ্ঞানক দায়ী কৰাৰ প্ৰৱণতাটোৱে— এচাম বিদ্বৎ লোকৰ মাজত পুনৰ সমাদৰ লাভ কৰা দেখা গৈছে।

ঙ) সমাজ-ব্যৱস্থাৰ প্ৰসংগত

সমাজ-ব্যৱস্থাৰ প্ৰসংগটোক অপ্রাসংগিক কৰি থৈ বিজ্ঞানৰ ভূমিকাৰ বিষয়ে পূৰ্ণাংগ আলোচনা কৰিব নোৱাৰি। প্রাচীন যুগত বিজ্ঞান-চৰ্চা কেন্দ্রীভূত হৈছিল হাতত ধন-সম্পদ আৰু প্ৰচুৰ সময় থকা এচাম মানুহৰ মাজত। শ্রমজীবী মানুহ বা কায়িক শ্ৰমৰ সৈতে তেওঁলোকৰ সম্পর্ক আছিল ক্ষীণ। ফলত বৌদ্ধিকভাৱে ‘উন্নত’ বহুতো সূক্ষ্মতত্ত্বৰ জন্ম হৈছিল সঁচা, কিন্তু তাৰ লগতেই উদ্ভৱ হৈছিল কেতবোৰ উদ্ভট, বাস্তৱৰ সৈতে সম্পর্কৰহিত অলেখ ভ্রান্ত ধাৰণাৰ— যিসমূহৰ কোনো বাস্তৱ উপযোগিতাই নাছিল। ড° হীৰেন গোহাঁইদেৱে অতি প্রাঞ্জল ভাষাত উক্ত কথাটো এইদৰে প্ৰকাশ কৰিছে, যিসময়ত জ্ঞান-বিজ্ঞান উৎপাদন পদ্ধতিৰপৰা সম্পূর্ণ বিচ্ছিন্ন জ্ঞান তপস্বীৰ সৃষ্টি আছিল, সেই সময়ত স্বাভাৱিকতে প্রয়োগৰ পৰা নিলগত কার্যকৰিতাৰ পৰা বিচ্ছিন্নকৈ জ্ঞানৰ ধাৰণা কৰা হৈছিল। এৰিষ্টটোলৰ ভাষাত কিছুমান বিদ্যা আছিল “banusic'--শ্ৰমৰ ধূলি-মলিৰে মলিয়ন। বিশুদ্ধ ধ্যান বা মনন আছিল জ্ঞানৰ সাধনাৰ পথ” (ড° হীৰেন গোহাঁই, কালস্রোত আৰু কাণ্ডাৰী, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী, ১৯৯৫, পৃঃ ২৫-২৬)। এইটো প্রক্রিয়াৰ পৰা উদ্ভূত তত্ত্বসমূহে সাধাৰণ মানুহৰ মনত সংশয়ৰ জন্ম দিছিল, আৰু ফলস্বৰূপে সমগ্র বিজ্ঞান বোলা প্রপঞ্চটোৱেই সৰ্বসাধাৰণৰপৰা বিচ্ছিন্ন হৈ পৰিছিল। এই কথাটোৰ এটা তাৎপর্যপূর্ণ নেতিবাচক পৰিণতি দেখা গৈছিল তত্ত্ব আৰু প্রয়োগৰ মাজৰ দুস্তৰ ব্যৱধানত। অৱশ্যে উক্ত কাৰণটোৰ বাবে বিজ্ঞান আৰু সমাজৰ বিকাশ স্থায়ীভাৱে বন্ধ হৈ যোৱা নাছিল। অতীতৰ একো একোটা সময়ত বিজ্ঞানৰ অগ্রগতি মন্থৰ হৈ পৰিছিল। সঁচা, কিন্তু অলপ গমি চালেই দেখা যায় সমাজত যেতিয়াই স্থিতাৱস্থাই দেখা দিছিল, যেতিয়াই সামাজিক অগ্রগতি ব্যাহত হৈছিল, তেতিয়াহে বিজ্ঞানৰ বাবে দেখা দিছিল একোটা অন্ধকাৰ যুগে। সামন্তপ্ৰথাৰ নিস্তৰংগ পৰিৱেশত মধ্যযুগৰ ইউৰোপৰ পয়ালগা বিজ্ঞান ইয়াৰ এটা চমৎকাৰ উদাহৰণ। অন্যহাতেদি, সমাজ-ব্যৱস্থাটো যেতিয়াই অর্থনৈতিক-ৰাজনৈতিক ক্রিয়া-কল্যাপেৰে তৰংগিত হৈছে, তেতিয়াই বিজ্ঞানে লাভ কৰিছে তাৰ নৱ-যৌৱন। বিশ্ববিশ্রুত পণ্ডিত বাৰ্ণলে তেওঁৰ অতুলনীয় গ্রন্থ Science in History-ত মৰ্মভেদী বিশ্লেষণেৰে দেখুৱাইছে, ‘It's (বিজ্ঞানৰ) flourishing periods are found to coincide with economic activity and technical advance. The track science has followed...... is the same as that of commerce and industry’ (J.D. Bernal, Science in History Vol I), The M.I.T. Press, Cambridge-Massachusette, 1986, P.47)।

সেইবাবেই বিজ্ঞানৰ ভূমিকাৰ প্ৰসংগত সমাজ-ব্যৱস্থাৰ প্রশ্নটোক আমি কেতিয়াও আওকাণ কৰি থ’ব নোৱাৰোঁ। কিন্তু সমাজ-ব্যৱস্থাৰ পৰিৱর্তনেই উজ্জীৱিত বিজ্ঞানৰ উদগীতা—এই কথাটো আমি মাত্র লক্ষ্য কৰিলেই নহ'ব। সমাজ-ব্যৱস্থাৰ পৰিৱৰ্তনৰ সময়ত বিজ্ঞানৰ বিকাশ কিয় দ্রুততৰ হয়—এই প্রশ্নটোৰ উত্তৰৰ সন্ধানেহে আমাৰ দৃষ্টি অধিক স্বচ্ছ কৰি তুলিব। এই স্বচ্ছতা মানৱীয় মূল্যবোধ আৰু বিজ্ঞানৰ মাজত সেতুবন্ধনৰ বাবেই প্রয়োজন।

সমাজৰ ওপৰত বিজ্ঞান আৰু প্রযুক্তিৰ প্ৰভাৱ কেনেদৰে পৰে? এই প্রশ্নটোৰ উত্তৰ আপেক্ষিকভাৱে সহজ। এনে প্রভাৱ আমাৰ চৌকাষে ঘটি থকা পৰিৱর্তনসমূহৰ মাজতেই আমি প্রত্যক্ষ কৰিব পাৰোঁ। এই প্ৰসংগত ধাতু আৰু মৌলৰ উদাহৰণ এটা আগতেই উল্লেখ কৰিছোঁ। কিন্তু সমাজৰ ওপৰত বিজ্ঞানৰ আৰু এটা অতি গুৰুত্বপূর্ণ অথচ প্ৰয়েই উপেক্ষিত প্ৰভাৱ আছে। কোনো এটা যুগৰ বিজ্ঞান আৰু প্রযুক্তিয়ে, সেই বিশেষ যুগৰ সমাজ-সংগঠনৰ বিকাশৰ বাবে এটা সুনির্দিষ্ট পৰিসীমা প্রদান কৰে। এনে পৰিসীমাৰ বাহিৰত সমাজ-সংগঠনৰ অন্য কোনো ৰূপ, সেই বিশেষ সময় পর্বত, অসম্ভৱ। কথাটো জটিল, সহজকৈ প্রকাশ কৰিবলৈ দুটামান উদাহৰণে আমাক সহায় কৰিব। আদিম যুগত—একেবাৰেই অনুন্নত বিজ্ঞান আৰু প্রযুক্তিৰ যুগত—খাদ্য-সংগ্ৰহ আৰু চিকাৰ-কার্যই আছিল মানুহৰ জীৱনধাৰণৰ উপায়। সেই সময়ত বৃহৎ জনগোষ্ঠীসম্পন্ন সমাজ গঠন কৰা সম্ভৱ নাছিল। তেনে অৱস্থাত কোনোবাই জানো বৃহৎ জাতিৰাষ্ট্র বা মহাসাম্রাজ্যৰ কথা চিন্তা কৰিব পাৰে? তেনেদৰেই, অনুন্নত কৃষিপদ্ধতিৰ সময়ত নগৰায়ন সম্ভৱ নাছিল, কাৰণ মানুহে কৃষিভূমিৰ পৰা আঁতৰত সৰহ সময় কটাব নোৱাৰিছিল। আজি আমি কল্পনা কৰিব পাৰোঁ এখন আন্তঃসৌৰজাগতিক মহাসভ্যতাৰ কথা। কিন্তু আমাৰ এনে পাখি লগা উদ্দাম কল্পনাৰ ওপৰত, এই আজিৰ বিজ্ঞান আৰু প্রযুক্তিয়ে বাধা আৰোপ কৰিব।

আমি পূর্বে মানৱীয় মূল্যবোধৰ পৰিৱর্তনীয় স্বৰূপৰ কথা আলচ কৰিছিলোঁ। আমি ক’বলৈ চেষ্টা কৰিছিলোঁ যে মানৱীয় মূল্যবোধৰ কিছুমান দিশ নির্ধাৰণ কৰি দিয়ে তৎকালীন সমাজ-ব্যৱস্থাই। এতিয়া আমি আকৌ দেখিলোঁ, সমাজ-ব্যৱস্থা এটাৰ সমাজ-সংগঠনৰ সৰ্বোচ্চ ৰূপটো নির্ধাৰণ কৰি দিয়ে বিজ্ঞান আৰু প্রযুক্তিয়ে। যাযাবৰ আদিম মানুহৰ মূল্যবোধ, সভ্যতাৰ উষাকালৰ নগৰবাসী মানুহৰ মূল্যবোধ, পুঁজিবাদী সমাজৰ সামগ্রিক মূল্যবোধ (ভৱিষ্যতৰ আন্তঃসৌৰজাগতিক মানুহৰ মূল্যবোধ?)—এইকেইটাৰ মাজত পার্থক্য আছে। ইয়েই ইংগিত দিয়ে, বিজ্ঞান আৰু মানৱীয় মূল্যবোধৰ সম্পর্কটো কিমান ওতপ্রোত অথচ কিমান প্রচ্ছন্ন।

কিন্তু বিজ্ঞানৰ ওপৰত সমাজ-ব্যৱস্থাৰ প্ৰভাৱ কেনেদৰে পৰে—এই প্রশ্নটো আপেক্ষিকভাৱে যথেষ্ট কঠিন। সংক্ষেপে ক’বলৈ গ’লে, কোনো এক সময়ৰ সমাজব্যৱস্থাৰ স্বৰূপ কেনেকুৱা হ’ব, সেইটো নির্ণয় কৰে তৎকালীন উৎপাদন আৰু বিতৰণ ব্যৱস্থাই, আৰু সেই ব্যৱস্থাত অংশ গ্রহণ কৰা মানুহৰ মাজৰ আন্তঃসম্পর্কই। কোনো এটা যুগৰ উৎপাদন-সম্পৰ্কৰ অন্যতম আধাৰ হ’ল তৎকালীন সময়ৰ উৎপাদন-কৌশল আৰু তাৰ আনুষংগিক উপকৰণসমূহ। সেইবাবেই খাদ্য-সংগ্ৰহ আৰু চিকাৰৰ যুগত দাস-মালিক আন্তঃসম্পর্ক কিম্বা ভূ-সম্পত্তিকেন্দ্রিক অর্থনীতিৰ সময়ত শ্রমিক-পুঁজিপতি আন্তঃসম্পৰ্কৰ অস্তিত্ব নাছিল। দেখা যায়, কোনো এটা নতুন শ্রেণীৰ অভ্যুদয়ৰ সময়ত বর্তি থকা উৎপাদন-সম্পৰ্কৰ পৰিৱর্তন ঘটে। পৰিৱৰ্তনৰ প্রয়োজনৰ বাবেই উদীয়মান শ্রেণীটোৱে উৎপাদন-ব্যৱস্থাৰ প্ৰভূত উন্নতি কিম্বা আমূল পৰিৱৰ্তনৰ বাবে তীব্র হেঁচা প্রয়োগ কৰে। ইয়াৰ বাবেই সমাজ-পৰিৱৰ্তনৰ সময়ত বিজ্ঞানৰ প্ৰগতি দ্রুততৰ হয়। কৌশাম্বীয়ে সুন্দৰভাৱে দেখুৱাইছে, ‘What most of us not realize is that science is also a social development, that the scientific method is not eternal and that science came into being only when the new class structure of society made it necessary’ (D.D. Kosambi, পূর্বোক্ত গ্রন্থ, পৃ. 17) ।

মধ্যযুগৰ অন্ধকাৰৰ শেষত সামাজিক কর্মকাণ্ডৰ ফলস্বৰূপে ইউৰোপত যি জাগৰণ হৈছিল, তাৰ মাজতেই জীপ লৈ উঠিছিল আধুনিক বিজ্ঞানৰ কঠিয়াতলীয়ে। আমাৰ বোধেৰে, এই আধুনিক বিজ্ঞানেই মানৱীয় মূল্যবোধৰ অৱয়বত এটা চিৰস্থায়ী, শুভংকৰ আৰু ক্ৰমবিকাশমান সংযোজন কৰি থৈ গ’ল। সেইটো হ’ল, পূর্বে মানুহৰ চিন্তাৰ কেন্দ্ৰত শিলৰ দৰে গোট মাৰি অনড় হৈ আছিল ভগৱান তথা আধিভৌতিক, অলৌকিক ধাৰণা কিছুমান। ঈশ্বৰৰ সৈতে মানুহৰ সম্পর্কই মূলতঃ প্রমূল্যবোধত এক নির্ণায়ক ভূমিকা লৈছিল। কিন্তু নৱজাগৰণৰ পাছত,—  বিশ্বব্ৰহ্মাণ্ডৰ কেন্দ্ৰৰপৰা পৃথিৱীক আঁতৰ কৰাৰ পাছত, মানুহৰ চিন্তাৰ কেন্দ্রভূমি—ঈশ্বৰ নহয়— হৈ পৰিল মানুহ। পূৰ্বৰ ধৰ্মশ্রয়ী মূল্যবোধৰ দৃষ্টি প্রধানত: সীমাবদ্ধ আছিল পৰকাল সম্পৰ্কীয় চিন্তা-চৰ্চাত, বিজ্ঞানৰদ্বাৰা প্রভাবিত নতুন মূল্যবোধে গুৰুত্ব দিলে ইহকালৰ পাৰ্থিৱ ৰংগমঞ্চত। পুঁজিবাদী দর্শনৰ যুক্তিবাদ, আৰু ব্যক্তি-স্বতন্ত্রতাৰ এক প্রভাৱ থাকিলেও, ইয়াত বিজ্ঞানৰ এক সুগভীৰ আৰু মচিব নোৱৰা অৱদান আছিল। এই অৱদানটোক, মানৱীয় মূল্যবোধৰ ক্ষেত্ৰত, বিজ্ঞানৰ এক মহৎ অৱদান বুলি আমি গণ্য কৰিব পাৰোঁ।

আমি উল্লেখ কৰিছিলোঁ, বিজ্ঞানৰ লক্ষ্য নির্ধাৰণ কৰি দিয়ে বর্তি থকা সমাজব্যৱস্থাই। কোনো বিজ্ঞানীয়ে যদি তৎকালীন সমাজৰ চাহিদা পূৰণ বা সৃষ্টিত অসমর্থ কোনো মৌলিক আৱিষ্কাৰো কৰে, তেন্তে তেওঁ সমাজৰপৰা পুৰস্কাৰৰ সলনি পায় নির্লিপ্ততা বা তিৰস্কাৰ। তৎকালীন সমাজে প্রক্ষেপ কৰা চাহিদা পূৰণ কৰা আৱিষ্কাৰহে সদায় অভিনন্দিত হয়। কোশাম্বীয়ে লিয়োনার্ড ডা ভিঞ্চিৰ এটা চমৎকাৰ উদাহৰণ দি লিখিছে, ‘A discovery that has been assimilated is reduced to the level of useful technique. A discovery made before it is socially necessary gains no weight and social necessity is often dependent for its recognition upon the class in power. He (ডা ভিঞ্চি) still served feudal masters, who were not interested, for example, in the manufacture of pins, and who use his mechanical talents for stage effects. A hundred years later, his fame as an artist would have been for less than an inventor'D.D., Kosambi, পূর্বোক্ত গ্রন্থ, পৃ. 21]। এনেবোৰ কথাৰ পৰা ডাঠি ক’ব পাৰি, সমাজ-ব্যৱস্থাৰ হেঁচাৰ বাবেই বিজ্ঞানৰ বিকাশ তৰান্বিত হয়।

মধ্যযুগৰ অন্তত ইউৰোপত হোৱা বাণিজ্যৰ বিকাশে হেঁচা দিছিল নৌ-বিজ্ঞানৰ উন্নতিৰ বাবে (দ্রঃ J. R. Hale, Renaissance Europe, 1480-1520, Fontana/Collins, London, 1976, pp. 47-48)। নৌ-অভিযানৰ বাবে আকৌ প্রয়োজন হৈছিল দ্রাঘিমাংশ আৰু অক্ষাংশৰ সঠিক হিচাপৰ। ফলস্বৰূপে বিজ্ঞানৰ এনে দিশৰ প্ৰভূত উন্নতি ঘটিছিল। অতি স্পষ্টভাৱে বিজ্ঞানৰ এই দিশ নির্ধাৰণ কৰি দিছিল সমাজৰ বাস্তৱ প্রয়োজনে, বর্তি থকা সমাজ-ব্যৱস্থাই। এই সন্দৰ্ভত এগৰাকী পণ্ডিতে লিখিছে, ‘The new markets came first, and the inventions followed, for unconsciously the successful inventors worked within the limits laid down for them by the changing needs of society.’ (R. J. Forbes, পূর্বোক্ত গ্রন্থ, পৃ. 44]। সমাজৰ তেনে হেঁচাৰ বাবেই বিজ্ঞানৰ অন্য দিশো-যেনে, জ্যোতিৰ্বিদ্যাৰ, উন্নতি হৈছিল।

সামৰণি

সমাজৰ হেঁচাৰ ফলত হোৱা বিজ্ঞানৰ বিকাশে সমাজৰ শুভ-বিকাশত অৰিহণা আগবঢ়াই আহিছে, সঁচা কথা। কিন্তু আমি পাহৰি গ’লে নহ’ব, সমাজ-ব্যৱস্থাৰ এনে হেঁচাৰ বাবেই নিভৃত গৱেষণা সম্পাদন কৰা হৈছিল মানহাট্টান প্রজেক্টত—য’ৰপৰা অৱশেষত নিৰ্গত হৈছিল নাগাচাকি-হিৰোচিমাৰ হিয়া-ভঙা ক্ৰন্দনৰ। সমাজব্যৱস্থাৰ তেনে হেঁচাৰ বাবেই অৰণ্য ধ্বংস কৰি উদ্যোগ গঢ়ি তোলা হয়, প্ৰদূষিত কৰা হয় সমগ্ৰ পৰিৱেশক।

আমাৰ কাষতে থকা এটা উদাহৰণলৈ লক্ষ্য কৰোঁ আহক। অসমৰ চাহবাগিচাসমূহত প্ৰচুৰ পৰিমাণে ব্যৱহাৰ কৰা হয় কীটনাশক দ্রব্যৰ। এইটো কথা আজি পৰীক্ষিত সত্য যে কীটনাশকৰ অৱশিষ্টসমূহ জনস্বাস্থ্য আৰু পৰিৱেশৰ বাবে অতি ভয়াবহ। কিন্তু এই জলজল-পটপট সত্যটোৰ প্ৰতি সৰহভাগ বাগিচাৰ কর্তৃপক্ষই কিবা গুৰুত্ব প্রদান কৰিছে জানো? বর্তমান সময়ত বিভিন্ন মহলত কীট-পতংগৰ জৈৱিক-নিয়ন্ত্ৰণৰ (Bio-control) কথা অতি উচ্চস্বৰে আলোচিত হ’বলৈ ধৰিছে। কিন্তু এতিয়াও অসমত জৈৱিক নিয়ন্ত্ৰণৰ জৰিয়তে ততালিকে ফল লাভ কৰাটো সম্ভৱ হৈ উঠা নাই। এইটো ক্ষেত্ৰত অতি বহল পৰিসৰৰ, গভীৰ অধ্যয়ন আৰু গৱেষণাৰ অৱকাশ আছে। স্পষ্টতঃ, মুনাফা অৰ্জনৰ গতি বাগিচাৰ কর্তৃপক্ষই বিলম্বিত হোৱাটো নিবিচাৰে। এনে এক পৰিস্থিতিত আমি প্রত্যক্ষ কৰিছোঁ, চাহ-বাগিচাৰ উৎপাদন কিম্বা আয় বঢ়োৱাৰ প্রচেষ্টা পূৰ্ণোদ্যমে চলি আছে, কিন্তু চৌ-কাষৰ শ্ৰমিকৰ স্বাস্থ্যৰ প্ৰতি চকু দিয়াৰ মূল্যবোধে তেনেকৈ গুৰুত্ব লাভ নাই। চিকিৎসালয় স্থাপন কৰাৰ দৰে দুই-এটা উদাহৰণ দি এই মূল কথাটো অগ্রাহ্য কৰা নেযাব।

স্বাভাৱিকতেই প্রশ্ন উঠে, এনে নেতিবাচক আৰু অশুভ হেঁচা বিজ্ঞানৰ ওপৰত ক্ৰমাৎ তীব্রতৰ হৈ আহিছে কিয়? ইয়াৰ মুখ্য কাৰণ হ’ল, আধুনিক বিজ্ঞানৰ বিকাশ যিটো কাৰণৰ বাবে সম্ভৱ হৈছিল, সেই কাৰণটোৱেই আজি অধঃপতিত। পুঁজিবাদী সমাজ-ব্যৱস্থাত বিজ্ঞান হ’ল মুনাফা অর্জনৰ এটা যন্ত্র। সমাজত বিজ্ঞানী এজনৰ যিমানেই উপৰুৱা সন্মান নেথাকক, প্রকৃততে তেওঁ হ’ল পুঁজিপতি শ্রেণীৰ এজন কর্মচাৰী। বাৰ্ণালে লিখিছিল, ‘The conditions of early civilization led to a division of classes which put the scientists among the clerks on the side of the rulers. That division has persisted to this day.’ [J. D. Bernal, পূ ৰ্বোক্ত(Vol4), pp. 1220-1221]। আমাৰ দেশখন কৃষিপ্রধান বাবে কৃষি-বিজ্ঞানৰ উদাহৰণ এটিলৈ লক্ষ্য কৰোঁ। কৃষি-বিজ্ঞানৰ প্ৰসংগ উত্থাপন কৰি কোনোবাই এইদৰে ক’ব পাৰেঃ ‘অমুক’ কৃষিপদ্ধতি আৱিষ্কৃত হ’লে সমগ্ৰ দেশৰ খাদ্য-সমস্যা দূৰ হ’ব, কৃষকৰ ভগা-পজা অট্টালিকালৈ ৰূপান্তৰিত হ’ব। কিন্তু সেই ‘অমুক' আৱিষ্কাৰৰ ফলত কৃষকৰ অৱস্থাৰ উন্নতি হ’ব, নে মহাজনৰ গাদীখন আৰু বেছি নৰম হ'ব— সেইটো এজন কৃষি-বিজ্ঞানীৰ কোনো বৈজ্ঞানিক কৰ্মই স্থিৰ কৰিব নোৱাৰে। সেইটো নির্ধাৰণ কৰি দিব বর্তি থকা সমাজ-ব্যৱস্থাই। এই কথাটো মাথোন কৃষিৰ ক্ষেত্ৰতেই নহয়, বিজ্ঞানৰ সকলো দিশতেই, সর্বজনীনভাৱে প্রযোজ্য। সেইবাবেই আমি ক’ব পাৰোঁ, ধনতান্ত্রিক সমাজত, সাধাৰণভাবে, বিজ্ঞানী হ’ল পুঁজিপতি শ্রেণীৰ মেধাসম্পন্ন এজন লগুৱা। মালিকে যি মতে ফৰমাইছ দিয়ে, লগুৱাই সেইমতে কার্য সম্পাদন কৰে। লগুৱাজনৰ নিজস্ব, প্রতিবাদী দর্শনক বিপজ্জনক আৰু অপ্রয়োজনীয় বুলি গণ্য কৰা হয়।

আমি উনুকিয়াই আহিছিলো, ইতিহাসৰ চৌহদত যেতিয়া পুঁজিপতি শ্রেণীটোৱে এটা উদীয়মান শক্তি হিচাপে আত্মপ্রকাশ কৰিছিল, তেতিয়া বিজ্ঞান আৰু প্রযুক্তিৰ অগ্রগতি আছিল চমকপ্রদ। বিজ্ঞানীসকলক বিভূষিত কৰা হৈছিল প্রায় ৰূপকথাৰ নায়ক স্বৰূপে। কল্প-বিজ্ঞানৰ নানান কাহিনীত কথাটো সুন্দৰভাৱে প্রতিফলিত হৈছিল। জুল ভাৰ্ণেৰ কেপ্টেন নিমোঁ, আর্থাৰ কনান ডয়লৰ প্ৰফেচাৰ চেলেঞ্জাৰ ইত্যাদি ইয়াৰ নিদর্শন। কিন্তু আজি আমি দেখিছোঁ, প্রকৃততে বিজ্ঞানী এগৰাকীৰ সামাজিক অৱস্থান একেবাৰেই অৱনমিত। ইয়াৰ কাৰণ কি বাৰু?

প্রথম অৱস্থাত উদীয়মান বুজোৱা শ্রেণীটোৱে সমাজলৈ কঢ়িয়াই আনিছিল সাম্য-মৈত্রী-স্বাধীনতাৰ তেজস্বী আৰু প্রতিবাদী পতাকা। বিজ্ঞানৰ লগে লগে উজ্জীৱিত হৈছিল নতুন মূল্যবোধৰ প্ৰগতিশীল চিন্তা-তৰংগ। কিন্তু কালক্ৰমত এই বুৰ্জোৱা শ্রেণীটো হৈ পৰিল স্থিতাৱস্থাৰ সমর্থক। সাম্য-মৈত্রী-স্বাধীনতাৰ বাণীসমূহ সম্পূৰ্ণৰূপে পৰিৱর্তিত আৰু বিকৃত হৈ পৰিল। সাম্য আৰু মৈত্রীৰ ধাৰণা সুন্দৰ বাণী হৈয়েই থাকিল, স্বাধীনতাৰ অর্থ হ’লগৈ অবাধ শোষণৰ স্বাধীনতা, মুনাফা অৰ্জনৰ নগ্ন স্বতন্ত্রতা। বর্তমানেও যিহেতু এই শ্রেণীটোৱেই সমাজৰ উৰ্ধ্বতন শ্রেণী, সেইবাবেই উক্ত শ্রেণীটোৰ ভাবাদর্শকেই শ্রেণীনির্বিশেষৰ মূল্যবোধ বুলি প্ৰচাৰ চলোৱা হয়। এনে মূল্যবোধৰ বাবেই বিজ্ঞান আজি কক্ষচ্যুৎ, বিজ্ঞানীৰ অৱস্থা অৱনমিত।

সেইবাবেই আমি উল্লেখ কৰিছিলোঁ, মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটিছে বলি, বিজ্ঞানক এক পৰম স্বকীয় শক্তি বুলি ধৰি লৈ, তাক জগৰীয়া কৰাটো যুক্তিযুক্ত কথা নহয়। আমি দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ, পুঁজিতান্ত্রিক সমাজৰ অভ্যুদয়ৰ সময়ত কিদৰে বৈজ্ঞানিক চিন্তা আৰু মানৱতাবাদী ধ্যান-ধাৰণাৰ বিকাশ ঘটিছিল। কিন্তু পুঁজিবাদৰ এই পচনশীল অৱস্থাত আন্তঃমানৱিক সম্পর্কই কিমান কদৰ্য ৰূপ ধাৰণ কৰিছে, সেইটো লক্ষ্য কৰিবলগীয়া। বিজ্ঞানৰ প্ৰচণ্ড বিকাশ ঘটাই, কিম্বা বিজ্ঞানক বিদায়-সম্ভাষণ দি এই সমস্যাৰপৰা ৰক্ষা পোৱা নাযাব। উদাৰ মানৱতাবাদী উদাত্ত আহ্বানো এই ক্ষেত্ৰত হ’ল এটা দুর্বল ঔষধ। যিটো কাৰণৰ বাবে বিজ্ঞান আজি কক্ষচ্যুৎ, ঠিক সেইটো কাৰণৰ বাবেই মানৱীয় মূল্যবোধো আজি অধঃপতিত। গতিকে উক্ত কাৰণটোক নির্মূল কৰাৰ ওপৰতেই নিৰ্ভৰ কৰিছে ভৱিষ্যতৰ বিজ্ঞান, ভৱিষ্যতৰ মূল্যবোধ আৰু সর্বোপৰি ভৱিষ্যতৰ মানৱ-সভ্যতাৰ অনাগত ৰূপৰেখা। অৱশ্যে, ব্যৱস্থাটোৰ মাজত থাকি কৰা সংস্কাৰৰ সীমাবদ্ধতা, দুর্বলতা আৰু অসম্পূর্ণতা থাকিলেও, তাৰ গুৰুত্ব আমি একেবাৰেই অগ্রাহ্য কৰাটো মংগলজনক নহ’ব।

(পূৰ্বে প্রকাশিত এটি প্রবন্ধৰ সংশোধিত ৰূপ)

Share Button
Print Friendly, PDF & Email

No Comments : "বিজ্ঞান আৰু মানৱীয় মূল্যবোধ (কৌশিক দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *