বিজ্ঞান-প্ৰযুক্তি

বিকল্প শক্তিৰ উৎসৰূপে শ্বেল অইল আৰু গেছ-(ভাৰ্গৱ বৰঠাকুৰ)

জনবিস্ফোৰণৰ অনিয়ন্ত্ৰিত চাপে মানৱ জীৱনৰ সকলো দিশতে প্ৰভাৱ পেলাইছে ৷ ঠিক সেইদৰে প্ৰাকৃতিক সম্পদসমূহৰ ওপৰতো প্ৰভাৱ পৰিছে ৷ পৃথিৱীত প্ৰকৃতিক শক্তিৰ উৎস সীমিত ৷ কিন্তু আমি যিধৰণে ইয়াৰ ব্যৱহাৰ কৰি আছোঁ, বিজ্ঞানীসকলৰ মতে আগন্তুক ত্ৰিছ, চল্লিছ বছৰৰ পাছত সেই শক্তিৰ ভাণ্ডাৰো শেষ হ’বগৈ ৷ সত্তৰ দশকত খাৰুৱা তেলৰ উৎপাদনত যি ক্ৰান্তিকাৰী সফলতা আহিছিল, আৰবকে ধৰি খনিজ তেলত চহকী প্ৰায়বোৰ দেশৰে চিনাকী এই খাৰুৱা তেলৰদ্বাৰাই হৈছিল ৷ বিগত ছটা দশক ধৰি ইয়াৰ প্ৰভাৱ কমা নাছিল ৷ কিন্তু খাৰুৱা তেলৰ সীমিত ভাণ্ডাৰে সকলোকে চিন্তিত কৰিছে যাৰ বাবে  আমেৰিকা, ভাৰতকে ধৰি বিশ্বৰ বহু দেশে শ্বেল অইলৰ উৎপাদনৰ দিশে আগ বাঢ়িছে ৷ বিগত কেইবছৰত আমেৰিকাৰ ‘শ্বেল অইল’ (Shale oil) আৰু শ্বেল গেছ (Shale gas)-ৰ উৎপাদনে  আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰলিয়াম উদ্যোগৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে  ৷ যাৰ ফলত বিশ্বৰ ভূ-ৰাজনীতিৰ ৰেহৰূপো সলনি হোৱা দেখা গৈছে৷ ভৱিষ্যত দিনত বিকল্প শক্তিৰূপে শ্বেল অইল আৰু শ্বেল গেছৰ বজাৰখন যে আৰু অধিক আগ বাঢ়িব সেয়া নিশ্চিত৷

‘শ্বেল অইল আৰু গেছ’ এবিধ অপৰম্পৰাগত (Unconventional)  প্ৰাকৃতিক উপাদান৷ শ্বেল অইলৰ আৱিষ্কাৰ নতুন নহয় ৷ কিন্তু শ্বেল অইলৰ উৎপাদন প্ৰক্ৰিয়াটো  বহু পৰিমাণে জটিল আৰু ব্যয়বহুল হোৱাৰ বাবেই প্ৰথম অৱস্হাত  কোনো প্ৰতিষ্ঠানে আগভাগ লোৱা নাছিল ৷ পৰম্পৰাগত খাৰুৱা তেল সাধাৰণতে ভূ-পৃষ্ঠৰপৰা প্ৰায় ১.৫ কিলোমিটাৰ তলতে পোৱা যায়, কিন্তু শ্বেল অইলৰ বাবে  প্ৰয়োজন ২.৫ ৰপৰা ৫ কিলোমিটাৰ পৰ্যন্ত খনন  ৷ তেনেস্হলত স্বাভাৱিকতেই ভূ-গৰ্ভৰপৰা শ্বেল অইল আহৰণ কৰাটো অত্যন্ত জটিল প্ৰক্ৰিয়া ৷ নব্বৈৰ দশকৰ শেষৰ ফালে  আমেৰিকান অভিযন্তা তথা ব্যৱসায়ী George P. Mitchellয়ে প্ৰযুক্তিগত সীমাবদ্ধকতাকো নেওচি, Hydraulic fracking (প্ৰাকৃতিক গেছ আৰু তেল আহৰণৰ বাবে উচ্চ চাপযুক্ত তৰলৰ দ্বাৰা  শিলাখণ্ডক বিখণ্ডন কৰা বিশেষ ধৰণৰ প্ৰযুক্তি)ৰ দ্বাৰা  প্ৰথমবাৰৰ বাবে শ্বেল গেছ ( Shale gas)-ৰ বাণিজ্যিক উৎপাদনত সফল  হৈছিল  ৷ Mitchellৰ এই যুগান্তকাৰী সফলতাই   আমেৰিকা চৰকাৰকো পাছৰ সময়ছোৱাত উন্নত প্ৰযুক্তিৰে শ্বেল গেছ আৰু অইল উৎপাদনত অনুপ্ৰেৰণা যোগাইছিল ৷ বৰ্তমান অত্যাধুনিক প্ৰযুক্তিৰে আমেৰিকাৰ দৰে দেশে শ্বেল অইল উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা দেখা গৈছে ৷

শ্বেল এক  বিশেষ প্ৰকাৰৰ গেদীয় শিল (Sedimentary rock) য’ত  গোটা বিটুইমিনাছ পদাৰ্থ থাকে ৷ যাক কেৰ’জিন (কেৰ’জিন জৈৱ যৌগৰ গোটা সংমিশ্ৰণ) বোলা হয় ৷ এই শিলাখণ্ডবোৰত যেতিয়া Pyrolysis  (অক্সিজেনৰ অনুপস্হিতিত কৰা দহন) কৰা হয়,  তেতিয়া কেৰ’জিন পেট্ৰলিয়ামৰ দৰে তৰল হাইড্ৰ’কাৰ্বনৰ ৰূপত বাহিৰ হয় যাক শ্বেল অইল বুলি কোৱা হয় ৷ পাইৰ’লাইছিছৰ বাহিৰেও Hydrogenation (শ্বেল শিলক হাইড্ৰজেনৰ সংস্পৰ্ষলৈ অনা), thermal dissolutionৰ দৰে বিশেষ কিছুমান প্ৰক্ৰিয়াৰ দ্বাৰাও শ্বেল অইল আহৰণ কৰা হয় ৷ আনহাতে, শ্বেল গেছ শিলাময় সংৰচনাত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক গেছ ৷ যিবোৰ আন প্ৰাকৃতিক গেছতকৈ পৃথক ৷  শ্বেল শিলাখণ্ডত তাপ আৰু চাপৰ প্ৰভাৱে এই গেছৰ সৃষ্টি কৰে,  যিবোৰ এল পি জি (LPG)তকৈও বহুগুণে পৰিষ্কাৰ ৷  ভূ-গৰ্ভৰ তলত নিযুত নিযুত বছৰ ধৰি জমা হোৱা গেদীয় শিলাস্তৰৰ মাজত আবদ্ধ হৈ থাকে এই শ্বেল গেছ । গৱেষকসকলৰ মতে বিশ্বৰ প্ৰায় ৩৫ % শিলাখণ্ডতে এই শ্বেল গেছ উপলব্ধ । এই শ্বেল অইল আৰু শ্বেল গেছ উপলব্ধ গেদীয় শিলাখণ্ডৰ গঠন হয় বোকা, বিভিন্ন জৈৱিক পদাৰ্থ তথা বিভিন্ন খনিজ পদাৰ্থ আদিৰ সংমিশ্ৰণৰ ফলত ৷ বহু লাখ বছৰীয়া তাপ আৰু চাপৰ প্ৰভাৱে এই জৈৱিক পদাৰ্থসমূহক শ্বেল অইললৈ ৰূপান্তৰিত কৰে ৷ আৰু এনেধৰণৰ শিলাখণ্ডৰ মাজতে শ্বেল গেছৰ বিন্যাস গঠন হয় ৷   এই শ্বেল গেছ খনন কাৰ্যত এক বিশেষ কাৰিকৰী পদ্ধতি প্ৰয়োগ কৰা হয় যাৰ ফলত যথেষ্ট পৰিমাণৰ শ্বেল গেছ একেলগে গেছ খাদলৈ উলিয়াই আনিব পৰা হয় । এই বিশেষ পদ্ধতিটোক হাইড্ৰলিক ফ্ৰেকিং (Hydraulic fracking)  বুলি জনা  যায় ৷ অভিযন্তা George P. Mitchell এই হাড্ৰলিক ফ্ৰেকিংৰ জন্মদাতা। এই পদ্ধতিৰে যথেষ্ট পৰিমাণৰ পানী,বালি আৰু বিভিন্ন ৰাসায়নিক দ্ৰব্য শিলাখণ্ডৰ ভিতৰত প্ৰচণ্ড চাপত সুমুৱাই দিয়া হয় আৰু তাৰ ফলত শিলাখণ্ডৰ চৌপাশৰ লগতে সংলগ্ন শিলাখণ্ডত ব্যাপক কৃত্ৰিম ফাট মেলে ।যাৰ ফলত এই ফাটবোৰৰপৰা নিৰ্গত হোৱা  শ্বেল গেছক ওপৰৰ খাদত  বিশেষ পদ্ধতিৰে সংগ্ৰহ কৰা হয়  । এই পদ্ধতিত প্ৰয়োগ কৰা হাড্ৰলিক ফ্ৰেকিঙত প্ৰায় ৯৫ % পানী , প্ৰায় ৫ % বালি আৰু সামান্য পৰিমাণৰ বিশেষ ৰাসায়নিক দ্ৰব্য থাকে ৷

শ্বেল অইল আহৰণ কৰিবলৈ সাধাৰণতে বিশেষ কিছুমান কাৰিকৰী পদ্ধতি প্ৰয়োগ কৰা হয় ৷ শ্বেল অইল উলিয়াবলৈ প্ৰথমতে কেৰ’জিনৰ দৰে  কাৰ্বনযুক্ত পদাৰ্থক ভাঙি গলাবলৈ অত্যধিক উষ্ণতাত গৰম কৰা হয় ৷ এই তৰল পদাৰ্থসমূহ আমাৰ পেট্ৰলিয়ামত পোৱা তৰল আৰু গেছীয় হাইড্ৰকাৰ্বনৰ সমানেই হয় ৷  শ্বেল শিলৰপৰা সাধাৰণতে দুটা ধৰণে তেল পোৱা হয় ৷ প্ৰথমতে শ্বেল শিলক অত্যাধুনিক প্ৰযুক্তিৰে খনন কৰি বাহিৰ উলিয়াই সৰু সৰু টুকুৰাত ভাঙি প্ৰায় ৫০০°C  ত গৰম কৰা হয় ৷ য’ৰপৰা ভাপৰ দৰে তেলৰ নিৰ্গমন হয় ৷ শ্বেল অইল আহৰণৰ আন এটা পদ্ধতি হ’ল ছি-তু৷ য’ত বিস্ফোৰণৰদ্বাৰা শ্বেল শিলক ভঙা হয় ৷  যাৰ ফলত বতাহ আৰু গেছ শিলবোৰত সহজে  সোমাব পাৰে ৷ ইয়াৰ পাছত শিলবোৰক বৈদুতিক (Electrical heating)  প্ৰকাৰে গৰম কৰা হয় ৷ গৰম হোৱাৰ পাছত ইয়াৰপৰা কেৰ’জিন কেঁচা তেলৰ দৰে বাহিৰ হয় ৷ যিবোৰ বিশেষ কাৰিকৰী পদ্ধতিৰে সংগ্ৰহ কৰা হয় ৷

একৈশ শতিকাত শ্বেল অইল উৎপাদন প্ৰযুক্তিত বহুখিনি নতুনত্ব আহিল ৷ যাৰ বাবে বহু দেশে শ্বেল অইল উৎপাদনৰ বাবে চেষ্টা চলাইছে ৷ বৰ্তমান প্ৰযুক্তিত আমেৰিকাৰ বেছিভাগ অংশতে এক বেৰেল শ্বেল অইলৰ উৎপাদন প্ৰায় চল্লিছ ডলাৰ পৰ্যন্ত ৷ আমেৰিকাৰ মতে  ২০৩৫ চনলৈ দেশখনৰ ৪৪%  শক্তিৰ অভাৱ শ্বেল অইল আৰু শ্বেল গেছেই পূৰণ কৰিব পাৰিব ৷ বিশ্বৰ আটাইতকৈ বেছি শ্বেল অইল উৎপানৰ ক্ষেত্ৰত আমেৰিকা আগ বাঢ়ি আছে যদিও শ্বেল গেছ সংৰক্ষিত ভাণ্ডাৰৰ ক্ষেত্ৰত চীন  সকলোতকৈ ওপৰত ৷ US energy information administration ( EIA) ৰ মতে বৰ্তমান বিশ্বত প্ৰায় ২৫০০০ টি চি এফ ( ট্ৰিলিয়ন কিউবিক ফুট) প্ৰমাণিত গেছ ভাণ্ডাৰ আছে আৰু  ইয়াৰে প্ৰায় ৩০ % শতাংশই এই শ্বেল গেছ । গতিকে ভৱিষ্যতৰ শক্তিখণ্ডত এই শ্বেল গেছৰ ভূমিকা যে অনন্য হ’ব সেয়া খাটাং।    EIA ৰ ২০১৩-২০১৫ ৰ সমীক্ষা মতে বিশ্বৰ ১১খন শীৰ্ষ দেশৰ শ্বেল ভাণ্ডাৰ এনেধৰণৰ-

  • চীন – ১১১৫ ট্ৰিলিয়ন ঘনফিট
  • আৰ্জেনটিনা – ৮০২ ট্ৰিলিয়ন ঘনফিট
  • আলজেৰিয়া – ৭০৭ ট্ৰিলিয়ন ঘনফিট
  • কানাডা – ৫৭৩ ট্ৰিলিয়ন ঘনফিট
  • মেক্সিক’ – ৫৪৫ ট্ৰিলিয়ন ঘনফিট
  • ভাৰত – ৯৬ ট্ৰিলিয়ন ঘনফিট
  • ৰুছ – ২৪৫ ট্ৰিলিয়ন ঘনফিট
  • দক্ষিণ আফ্ৰিকা – ৩৯০ট্ৰিলিয়ন ঘনফিট
  • ব্ৰাজিল – ২৪৫ট্ৰিলিয়ন ঘনফিট
  • অষ্ট্ৰেলিয়া – ৪৩০ ট্ৰিলিয়ন ঘনফিট
  • ফ্ৰান্স – ১৩৭ ট্ৰিলিয়ন ঘনফিট

ভাৰতবৰ্ষ ঘৰুৱা শক্তি উৎপাদনৰ ক্ষেত্ৰত আজিও বহু পিছপৰা৷ বিশাল জনবসতিপূৰ্ণ ভাৰতত জনসাধাৰণক সুলভ মূল্যত শক্তিৰ যোগান ধৰাটো চৰকাৰ এক বৃহৎ প্ৰত্যহ্বান ৷    ভাৰত চৰকাৰেও শ্বেল অইলক লৈ নতুন চৰকাৰী নীতিৰ ব্যৱস্হা কৰিছে ,যদিও  ভাৰতৰ ভৌগোলিক পৰিস্হিগত সমস্যাৰ লগতে প্ৰযুক্তিগত সীমাবদ্ধতায়ো দেশখনত বাণিজ্যিকভাৱে শ্বেল অইল আৰু গেছ উৎপাদনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছে ৷আনহাতে, শ্বেল অইল উৎপাদনৰ ক্ষেত্ৰত পৰিবেশ প্ৰদূষণ সম্পৰ্কীয় বহু কথাও আহি পৰে ৷ শ্বেল অইলৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এতিয়া কেৱল উৎসৰ চিনাক্তকৰণ ,অনুসন্ধানমূলক খনন আৰু  উৎসৰ পৰিমাণ গণনা কৰা (Estimation) আদি পৰ্যায়তে আছে ৷ বাণিজিকভাৱে শ্বেল অইল উৎপাদনৰ বাবে হয়তো আৰু অধিক সময়ৰ প্ৰয়োজন ৷ বৰ্তমান ভাৰতে প্ৰায় ৭০% শক্তিৰ উৎস আমদানি কৰে, কিন্তু এই শ্বেল অইল আৰু গেছ, উৎপাদনৰ লগে লগে হয়তো ভাৰতে শক্তিৰ উৎস আমদানি কমোৱাৰ লগতে হয়তো স্বাৱলম্বীও হ’ব পাৰিব  ৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *