বিলৰ পিছৰ চিন্তা-(জিতেন বেজবৰুৱা)

অৱশেষত নাগৰিকত্ব সংশোধনী বিলখন পাছ হ’ল (লোকসভাত)। অসমৰ দল-সংগঠন তথা ৰাইজৰ সৰ্বাত্মক প্ৰতিবাদেও এইক্ষেত্ৰত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। এই প্ৰতিবাদে, আনকি দিল্লীত কৰা জংগী নগ্ন প্ৰতিবাদেও সৰ্বভাৰতীয় সংবাদ মাধ্যমতো কোনো হুলস্থূলৰ সৃষ্টি নকৰিলে। ভাৰত ৰাষ্ট্ৰৰ ভিতৰত অসমৰ দূৰণিবটীয়া ভূ-ৰাজনৈতিক অৱস্থান আৰু মূলসুঁতিৰ ভাৰতীয় সমাজখনৰ অৱজ্ঞাসূচক মনোভাবে অসমক এনেকৈয়ে বিচ্ছিন্ন আৰু নিঃসংগ কৰি এৰি দিছে – এতিয়া অসমবাসীয়ে নিজৰ বাবে নিজেই অকলে সংগ্ৰাম কৰিব লাগিব। এই ঐতিহাসিক বাধ্যবাধকতাই অসমক চিৰকাল জাতীয়তাবাদী ৰাজনীতিৰ চাকনৈয়াত ঘূৰাই-পকাই ৰাখিছে – কিছুদিন ৰাষ্ট্ৰীয়তাবাদৰ কোলাত মূৰ গুঁজি থাকি পুনৰ জঁপিয়াই উঠি আহিছে অসমীয়া জাতীয়তাবাদ, পূৰ্বতকৈ অধিক জংগী ৰূপত। বিজেপি তথা সংঘ পৰিয়ালৰ ৰাজনীতিটো হ’ল হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ এক সৰ্বাত্মক ৰূপান্তৰকামী ৰাজনীতি – যাৰ প্ৰতিটো কাম, প্ৰতিটো চিন্তাৰ আঁৰত লুকাই থাকে সেই লক্ষ্য পূৰণৰ জঘন্য আঁচনি। এই ৰাজনীতিৰ সম্পূৰ্ণ আৰু ঐতিহাসিক উত্তৰ হ’লহেঁতেন এক প্ৰগতিশীল সৰ্বাত্মক ৰূপান্তৰকামী ৰাজনীতি। এইটো হ’ল ঐতিহাসিক প্ৰয়োজনীয়তা, যাৰ বিষয়ে আমি বহুবাৰ লিখি আহিছো। কিন্তু ঐতিহাসিক সম্ভাৱনাৰ ৰূপত সি আমাৰ সন্মুখত কেতিয়াও ধৰা দিয়াহি নাই – আমাৰ সন্মুখত তেনে কোনো ৰাজনৈতিক শক্তি নাই যাৰ আলমত কোনো সামাজিক ৰূপান্তৰৰ ৰাজনীতিৰ কল্পনা কৰিব পৰা যায়। সেই ৰাজনীতিয়েহে আমাক ঐতিহাসিকভাৱে এঢাপ আগুৱাই নিব পাৰিলেহেঁতেন। কিন্তু অসমৰ সাম্প্ৰতিক ৰাজনৈতিক-সামাজিক পৰিস্থিতিয়ে কয় যে সৰ্বাত্মক সামাজিক ৰূপান্তৰৰ ধাৰণাটো হয়তো এক ঐতিহাসিক আক্ষেপৰ ৰূপতেই থাকি যাব। বাস্তৱতঃ, ঐতিহাসিকভাৱে আমি এঢাপ পিছুৱাই গ’লো – কাৰণ আমি পুনৰ নব্বৈৰ দশকলৈ উভতি গ’লো। ক’বলৈ গ’লে, বিজেপিৰ আগৰ অসমীয়া জাতীয়তাবাদ আৰু বিজেপিৰ পিছৰ অসমীয়া জাতীয়তাবাদ – এই দুটাৰ মাজত যথেষ্ট তফাৎ আছে। পিছৰটো হয়তো অধিক পৰিপক্ব; অসমীয়া জাতীয়তাবাদীয়ে সমজুৱাভাৱে পূৰ্বতে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে এনে পোনপটীয়া যুঁজত কেতিয়াও অৱতীৰ্ণ হোৱা নাছিল। কিন্তু সাৰবত্তাৰ দিশৰপৰা এতিয়াৰ অসমীয়া জাতীয়তাবাদটো নব্বৈৰ দশকৰ সৈতে একে – পুনৰ্বাৰ আমি জংগী ৰূপত ৰাষ্ট্ৰীয়তাবাদৰ বিপৰীতে থিয় দিছো, ভাৰত-ৰাষ্ট্ৰৰ সৈতে সমুখ সমৰত লিপ্ত হৈছো। একমাত্ৰ ইয়াকেইতো আমি কৰিব পাৰো – একমাত্ৰ এই অস্ত্ৰপাটেইতো আমাৰ আছে। প্ৰশ্ন হয়, আৰু কিমান দিন আমি এনেকৈ নিজৰ বক্তব্য শুনাবৰ বাবে চেষ্টা কৰি থাকিব লাগিব? আৰু কিমান দিনলৈ আমি একেকেইটা প্ৰশ্নৰ পকনীয়াত পাকঘূৰণি খাই থাকিব লাগিব? এই ঐতিহাসিক বাধ্যবাধকতাৰ কেতিয়া আৰু কেনেকৈ ওৰ পৰিব? বৰ্তমান জংগীপনাৰ সময়ছোৱাত আমি এই প্ৰশ্নবিলাকৰো উত্তৰ বিচাৰিব লাগিব। কিয়নো আমি নব্বৈৰ দশকৰ মাজতে সোমাই থাকিব বিচৰা নাই, ঐতিহাসিকভাৱে আগুৱাই যাব বিচাৰিছো। আনহাতে, বিলখন পাছ কৰাৰ পিছত কেনেধৰণৰ ঘটনা ঘটিব পাৰে আৰু সিবোৰক কেনেকৈ মোকাবিলা কৰা যাব, তাৰো চিন্তা কৰা দৰকাৰ।

বিলখনে যাতে অসমত বিজেপিৰ ভেটি উছন কৰিব নোৱাৰে তাৰ বাবে বিজেপিয়ে নানা তৰহৰ কৌশল অৱলম্বন কৰা দেখিবলৈ পোৱা গৈছে। “সাম দাম দণ্ড ভেদ” – ইয়াৰ কোনোটো নীতিয়েই সি বাদ দিয়া নাই। কিন্তু অসমৰ ৰাইজৰ জংগী প্ৰতিবাদে সেই সকলোবোৰ ওফৰাই পেলাইছে। মিথ্যাচাৰী, বিশ্বাসঘাতকৰ ৰূপত এই মুহূৰ্তত বিজেপিৰ যিটো ভাবমূৰ্তি সাধাৰণ ৰাইজৰ মাজত সৃষ্টি হৈছে, তাৰ ভিত্তিত ক’ব পাৰি যে বিজেপিৰ কোনো কথাত ৰাইজ সহজে ভোল নাযায়। ই নিঃসন্দেহে আনন্দৰ বিষয়। কিন্তু সময়ৰ কথা সিমান ডাঠি ক’বও নোৱাৰি। বিজেপি তথা সংঘ পৰিয়াল যেনেকৈ ভাৰতৰ সবাতোকৈ সংগঠিত আৰু শৃংখলাবদ্ধ ৰাজনৈতিক শক্তি, তেনেকৈ ৰণনীতি তথা ৰণকৌশলৰ দিশৰপৰাও ইহঁতক কোনেও চেৰ পেলাব নোৱাৰে। বৰ্তমানৰ প্ৰতিবাদৰ উত্তেজনা শাম কটাৰ পাছত আন পিনৰপৰা যে বিজেপিয়ে প্ৰত্যাক্ৰমণ নকৰিব, তাৰ মানে নাই। মনত ৰখা ভাল যে নাগৰিকত্ব সংশোধনী আইনখন গৃহীত হোৱাৰ লগে লগে হঠাতে একো নঘটে – ছুনামিৰ দৰে বিদেশী আহি অসমৰ সমাজ-অৰ্থনীতি ধ্বংস কৰি নেপেলায়। বাংলাদেশৰ এক কোটি সত্তৰ লাখ হিন্দু বাঙালী দলে-বলে অসমলৈ সোমাই নাহে। যি ঘটিব লাহে-ধীৰে ঘটিব, লগতে আইনী-প্ৰতীকী স্তৰত ঘটিব। মুঠতে আইনখন গৃহীত হোৱাৰ লগে লগে তেনে কোনো হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ নহয়। এই আপেক্ষিকভাৱে শান্ত পৰিস্থিতিৰ সুবিধা লৈ বিজেপিয়ে প্ৰত্যাক্ৰমণ নকৰিবনে? আৰু নতুন কিছুমান অফাৰ লৈ আহি বিজেপিয়ে দাম্ভিকতাৰে প্ৰশ্ন নকৰিবনে – ক’তা, বিলখনক লৈ ইমান হুলস্থূল কৰি আছিল, এতিয়া একো নহ’ল দেখোন; আমি কোৱা নাছিলো জানো, ইহঁতে ৰাইজক ভুল পথে পৰিচালনা কৰা বুলি?? গতিকে ৰাইজ সতৰ্ক আৰু সচেতন হৈ থকা দৰকাৰ যাতে বৰ্তমানৰ প্ৰতিবাদ শাম কটাৰ পাছত আৰু পৰিস্থিতি সলনি হোৱাৰ পাছত বিজেপিয়ে সুযোগ লৈ পুনৰ ৰাইজৰ আস্থা অৰ্জন কৰিব নোৱাৰে। লগতে আন্দোলনকাৰী নেতৃবৃন্দই আইনখনৰ সূক্ষ্ম ৰাজনীতিটো আৰু লগতে সামগ্ৰিকভাৱে বিজেপিৰ জঘন্য সাম্প্ৰদায়িক ৰাজনীতিৰ স্বৰূপ বহলভাৱে ৰাইজৰ সন্মুখত উন্মোচন কৰা দৰকাৰ। প্ৰতিবাদৰ মাজেৰে অসমৰ ৰাইজে বিজেপিক যি বিদায় জনালে, সেয়াই শেষ বিদায় হ’ব লাগে – পুনৰ্বাৰ উভতি অহাৰ সুযোগ কোনো কাৰণতে দিব নালাগে।

হিন্দু বাঙালীৰ এক অখণ্ড পৰিচিতি নিৰ্মাণ কৰা আৰু নিজকে তাৰ ত্ৰাণকৰ্তাৰূপে উপস্থাপন কৰি ভোট লাভ কৰা – এইধৰণৰ নিৰ্বাচনী অংক নিশ্চয়কৈ আছে নাগৰিকত্ব সংশোধনী বিলৰ আঁৰত। কিন্তু আমাৰ বোধেৰে বিলখনৰ মূল তাৎপৰ্য হ’ল তাৰ প্ৰতীকীবাদ। আচলতে হিন্দু জাতীয়তাবাদ মূলতেই হ’ল এক প্ৰতীকীবাদৰ ৰাজনীতি। ধৰক, তিনি তালাক আইনখন। মুছলিম নাৰীসমাজক পুৰুষতান্ত্ৰিক দমনৰপৰা সুৰক্ষা দিয়াৰ কথা বিজেপিয়ে সপোনতো নাভাবে। কিন্তু সেই আইনখন যে কৰিছে তাৰ কাৰণ হ’ল মুছলিম সমাজ-পৰম্পৰাৰ ওপৰত আক্ৰমণ কৰা আৰু তাক হেয় প্ৰতিপন্ন কৰা। এই আইনখন হ’ল নাৰী সুৰক্ষাৰ প্ৰগতিশীল পোছাকৰ আঁৰত লুকাই থকা এক জঘন্য সাম্প্ৰদায়িক এজেণ্ডা। নাগৰিকত্ব সংশোধনী বিলখনৰ ক্ষেত্ৰতো একেদৰে এক সাম্প্ৰদায়িক ধাণ্ডাবাজিক মানৱীয়তাৰ পোছাক পিন্ধাই দিয়া হৈছে। ইয়াৰ সৈতে ৰাম মন্দিৰৰ প্ৰশ্নটো তুলনা কৰি চাব পাৰি। ৰাম মন্দিৰত পূজা কৰাক লৈ বা সেই বিশেষ জেগাডোখৰক লৈ বিজেপি তথা সংঘ পৰিয়ালৰ কোনো মতলব নাই – কিন্তু ৰাম মন্দিৰ এনে এটা প্ৰতীক যাৰ জৰিয়তে ইছলামক নস্যাৎ কৰি হিন্দুত্বৰ সাংস্কৃতিক একাধিপত্য প্ৰতিষ্ঠা কৰিব পাৰি। কিন্তু হিন্দু জাতীয়তাবাদৰ প্ৰতীকীবাদী ৰাজনীতিত চূড়ান্ত সাফল্যৰ অৰ্থ বহন কৰা ৰাম মন্দিৰ নিৰ্মাণৰ বাবে কোনো আইনী পদক্ষেপ বিজেপিয়ে আজিও কিয় ল’ব পৰা নাই? কাৰণটো হ’ল, ৰাম মন্দিৰত পিন্ধাব পৰাকৈ কোনো প্ৰগতিশীল পোছাক নাই – সি সম্পূৰ্ণ নগ্ন সাম্প্ৰদায়িক ৰাজনীতি। ইয়াৰপৰা বুজিব পাৰি যে নাগৰিকত্ব সংশোধনী বিলখনো হিন্দু জাতীয়তাবাদৰ এপাট প্ৰতীকী অস্ত্ৰ। ইয়াৰ জৰিয়তে ভাৰতীয় সংবিধানৰ ছেকুলাৰ নীতিক কাৰ্যতঃ খাৰিজ কৰি দিব পৰা যাব। ইয়াৰ জৰিয়তে কাৰ্যতঃ ভাৰত এখন হিন্দু ৰাষ্ট্ৰত পৰিণত হ’ব – য’ত হিন্দু কেতিয়াও বিদেশী হ’ব নোৱাৰে; ভাৰতত একমাত্ৰ বিদেশী হ’ব পাৰে মুছলমানসকল। বিলখনত যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰপৰা আহিব পৰা লোকৰ ক্ষেত্ৰত হিন্দু ধৰ্মৰ উপৰি বৌদ্ধ, খ্ৰিষ্টান আদি ধৰ্মৰ উল্লেখ কৰা হৈছে, সেইটো হ’ল এটা ডাঙৰ গাজা – বিলখনত মানৱীয়তাৰ পোছাকটো পিন্ধাবৰ বাবে সেইকেইটা ধৰ্মৰ উল্লেখ কৰা হৈছে। এই বিলখনৰ পৰিণামত অসমৰ সমাজ-ৰাজনীতিত কিধৰণৰ অশুভ পৰিবৰ্তন হ’ব পাৰে সেই লৈ এতিয়া সকলোটি সচেতন। অসম চুক্তিয়ে বিদেশী নিৰ্ধাৰণৰ ক্ষেত্ৰত যিটো ছেকুলাৰ নীতি গ্ৰহণ কৰিছিল তাক ই গোটে-পাতে নস্যাৎ কৰিছে। চলি থকা এন আৰ চিৰ গোটেই প্ৰক্ৰিয়াটোকে ই অৰ্থহীন কৰি পেলাব – কাৰণ ইয়াৰ পাছত কেৱল মুছলিম লোকহে বিদেশী বুলি পৰিগণিত হ’ব পাৰিব। বাংলাদেশৰপৰা হিন্দু লোক নতুনকৈ আহকেই বা নাহকেই, হিন্দু ৰাষ্ট্ৰৰ বিষবাস্পই সমাজখন যে ক্ৰমাৎ অধিক বিষাক্ত কৰি নি থাকিব সেইটো ধুৰুপ। সমাজৰ এই বিষাক্তকৰণ প্ৰতিহত কৰিবলৈ হ’ল মতাদৰ্শগত সংগ্ৰাম কৰিবই লাগিব।

বিজেপিক দল হিচাপে আমি বিদায় দিবলৈ লৈছো, কিন্তু তাক মতাদৰ্শ হিচাপেও উৎখাত কৰিব পাৰিলেহে হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে আমাৰ সংগ্ৰামখন সম্পূৰ্ণ হ’ব। কোনো সৰ্বভাৰতীয় বা আন্তৰ্জাতিক বিপ্লৱৰ প্ৰয়োজনত নহয়, কোনো বিমূৰ্ত নীতিগত কাৰণতো নহয় – হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে মতাদৰ্শগত সংগ্ৰামখন আমাৰ নিজৰ অস্তিত্বৰ বাবেই জৰুৰী; আমি নিজৰ ভাই-ভনী, ওচৰ-চুবুৰীয়াৰ সৈতে মিলিজুলি জীয়াই থাকিবৰ বাবেই জৰুৰী। কেৱল তেনে সংগ্ৰামৰ জৰিয়তেহে আমি কালান্তক ৰোগৰ বীজাণুৰ দৰে ক্ৰমাৎ প্ৰসাৰিত হৈ যোৱা হিন্দু জাতীয়তাবাদৰপৰা সমাজখনক ৰক্ষা কৰিব পাৰিম। তাৰ বাবে আমি হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে অবিৰত প্ৰচাৰ চলাই সমাজত এক সাম্প্ৰদায়িকতা-বিৰোধী পৰিবেশ গঢ়ি তুলিব লাগিব। আনুষ্ঠানিক স্তৰত ছেকুলাৰ নীতি মানি লৈও অসমীয়া জাতীয়তাবাদী শক্তিসমূহে সাম্প্ৰদায়িক আচৰণ কৰি আহিছে। অসম চুক্তিক লৈ শপত লোৱা জাতীয়তাবাদী শক্তিয়েই মুছলমান-বিদ্বেষ প্ৰদৰ্শন কৰা আমি দেখি আহিছো। উজনি অসমত হাজিৰা কাম কৰিবলৈ অহা নামনিৰ দুখীয়া খাটিখোৱা মুছলমান লোকক ধৰি-বান্ধি বাংলাদেশী বুলি হাৰাশাস্তি কৰা শক্তিবিলাকো এতিয়া বিল-বিৰোধী আন্দোলনৰ প্ৰধান অংশীদাৰ। দুখীয়া মুছলমান লোকে য’তে-ত’তে বাংলাদেশী বুলি অপবাদ-লাঞ্ছনা ভোগ কৰি থাকিলেও আমাৰ গাত নালাগে, তেনে লোকক চৰকাৰে অন্যায়ভাৱে উচ্ছেদ কৰিলেও আমি ক্ষুব্ধ নহওঁ। আনকি প্ৰগতিশীল কৃষক সংগঠনেও অসমীয়া মধ্যবিত্তৰ দৃষ্টিত ভাল হৈ থাকিবলৈ এইবোৰত পৰাপক্ষত মূৰ নুসুমুৱায়। তেনেহ’লে নাগৰিকত্ব সংশোধনী আইনৰ পিছত ভৱিষ্যতে বাংলাদেশী বুলি মুছলমান লোকৰ ওপৰত অধিক হাৰাশাস্তি হ’লে আমি আগ বাঢ়ি যামনে? নে এতিয়াৰ দৰেই উদাসীন হৈ থাকিম? যদি আমি মুছলমান লোকসকলক নিজৰ ভাই-ভনী বুলি অন্তৰেৰে আঁকোৱালি ল’ব নোৱাৰো, তেন্তে বিজেপিক মতাদৰ্শগতভাৱে কেতিয়াও পৰাভূত কৰিব নোৱাৰিম – আৰু অসম চুক্তিৰ প্ৰমূল্যও প্ৰকৃতাৰ্থত ৰক্ষা কৰিব নোৱাৰিম। সেইবাবেই প্ৰগতিশীল-গণতান্ত্ৰিক দল-সংগঠন তথা নাগৰিক সমাজ আগ বাঢ়ি আহক, আৰু সমাজত এক সাম্প্ৰদায়িকতা-বিৰোধী পৰিবেশ গঢ়ি তোলাৰ বাবে যত্ন কৰক। তাৰ বাবে কিছু আত্মসমালোচনাও কৰিব লাগিব। নাগৰিকত্ব সংশোধনী বিলখন পাছ হৈ যোৱাৰ পিছত কিছুদিনৰ ভিতৰতে মানুহ অভ্যস্ত হৈ উঠিব, তাৰ বাদে কোনো উপায়ো নাই। তেনেস্থলত একমাত্ৰ সাম্প্ৰদায়িকতা-বিৰোধী মতাদৰ্শগত সংগ্ৰামেহে সমাজখন ৰক্ষা কৰিব পাৰিব। তাৰ জৰিয়তেহে বিজেপিৰ ভয়ংকৰ সাম্প্ৰদায়িক এজেণ্ডাক মতাদৰ্শগতভাৱে উৎখাত কৰিব পৰা যাব, আৰু অসম চুক্তিৰ ছেকুলাৰ প্ৰমূল্যক সাৰ্থকভাৱে বাস্তৱত ৰূপায়ণ কৰিব পৰা যাব।

(ৰচনাকাল : ০৯-০১-২০১৯)

Share Button
Print Friendly, PDF & Email

No Comments : "বিলৰ পিছৰ চিন্তা-(জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *