বিন্দুতেই মোৰ স্থিতি-(অনিতা গগৈ)

(১)
বিন্দু হোৱা হ'লে
কেন্দ্রত স্থিতি লৈ
আঁকিলোঁহেতেন এটা বৃত্ত
পৃথিৱীৰ দৰে
.
সেই হুমুনিয়াহবোৰৰ বাবে
যিবোৰ পানীমেটেকাৰ দৰে ভাঁহে
খহি পৰা সপোনৰ সলিল সমাধিত
.
নতুবা...
এডাল সৰলৰেখা
যি বতাহৰ দৰেই অনাদি অনন্ত
অসীমৰ সীমা ভেদি তাৰেই বান্ধিলোঁহেতেন
কক্ষচ্যুত তৰাবোৰৰ বাবে
প্রত্যয়ৰ প্রাচীৰ প্রচণ্ড
.
নাজানোঁ...
পৃথিৱীৰ খিৰিকীখন
খোল খাই যোৱাৰ আগেয়ে
কি সপোনে চহাইছিল
আইৰ জৰায়ুৰ পলসুৱা তলি
অথবা কি খোৱাৰ হাবিয়াসত
তেওঁৰ ভাত-ঘূমটিৰ কোৱাৰিয়েদি
বৈ আহিছিল লালটি
.
(২ )
তথাপি
এনে লাগে যেন
কলিজাৰ চেঁচুকত তেওঁ
একুৰা তুঁহজুই জ্বলাই ৰাখিছিল
অহৰহ
.
উমি উমি তাতে তেওঁ গণিছিল
উৰি যোৱা ফিৰিঙতিবোৰ !
.
আন্ধাৰ হোৱাৰ আগেয়ে..
ঘাটত বান্ধিছিল নাও
আৰু
দৰিয়লিৰ দাঁহেচীয়া ৰ'দ খুচৰি
কচুপাতত বান্ধিছিল
এমুঠি হেঙুলীয়া বালি
.
এটি দুটি অলেখ বালি
চালি চালি তেওঁ হয়তো
আবতৰীয়া বৰষুণ এজাকৰ দৰে
ধৰিছিল চালি
.
ৰূপান্তৰৰ মন্ত্রেৰে
মেঘৰ এটি টুকুৰা বজ্র হোৱাৰ
ৰূপকথা আওৰাই
তেওঁৰ দুচকুত চমকিছিল বিজুলী
.
হয়তো সেই সময়তে
বিপাকত ভোটা হোৱা
বিধাতাৰ কলমৰ এটা খোঁচ
ৰৈ গৈছিল
আইৰ হেপাহৰ সীৰলুত
.
এটা সুগভীৰ ক্ষত
সুপ্ত জ্বালামুখীৰ দৰে
পোহৰৰ বঞ্চনাৰে মুমূৰ্ষু আন্ধাৰৰ
হিমাৰ্ত অগ্নিকনা
কিন্তু প্রত্যাহ্বানৰ প্রহাৰেৰে
ক্ষণিকতে হ'ব পাৰে জাগ্রত
.
সেই তাড়নাৰ তন্ময়তাৰে
বহ্নিমান তৰংগ মই
ফুঁৱাই আছোঁ আমঠুৰ আগলি
বিন্দু হোৱাৰ উদ্দাম বাসনাৰে
অবিৰত অবাৰিত
.
ছাইবোৰ আঁতৰাই চাকি চোৱা বুকু
যন্ত্রনাৰ গলনেৰে কিমান উতপ্ত ...

Share Button
Print Friendly, PDF & Email

No Comments : "বিন্দুতেই মোৰ স্থিতি-(অনিতা গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *