জৈৱতথ্যবিদ্যা – নৱ প্ৰজন্মৰ অন্বেষণ

"জৈৱতথ্যবিদ্যা" (Bioinformatics) – শব্দটি বহুতৰে চিনাকি হ’লেও কিছুসংখ্যকৰ বাবে হয়তো অচিন। জৈৱতথ্যবিদ্যা হৈছে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ এটা অন্যতম নৱ সংযোজন। ইয়াৰ জৰিয়তে জীৱন সম্বন্ধীয় সকলো তথ্যৰ ব্যৱস্থাপনা সম্পৰ্কত অধ্যয়ন কৰা হয়। জীৱিত পদাৰ্থ আৰু জীৱিত পদাৰ্থৰ জিনীয় তথ্য সংগ্ৰহ, সংৰক্ষণ, পৰীক্ষণ আৰু ফলাফল উলিওৱাত কম্পিউটাৰ ব্যৱহাৰ হয়। সেইবোৰ তথ্য আকৌ জিন সম্বন্ধীয় ঔষধৰ আৱিষ্কাৰ আৰু উন্নয়নত ব্যৱহাৰ কৰা হয়।

হিউমেন জিন’ম প্ৰজেক্ট হৈছে জৈৱতথ্যবিদ্যাৰ এক পুথিভঁ‌ৰালস্বৰূপ, যাৰ সহায়ত জিনীয় তথ্যৰ সম্ভেদ পোৱা গৈছে। জিন'ম হৈছে কোনো প্ৰজাতিৰ জিন সমাবেশৰ নক্সা। এই প্ৰকল্পৰ লক্ষ্য হৈছে - সমস্ত মানৱ জিন'মৰ (প্ৰায় তিনি বিলিয়ন বেছ পেয়াৰছ) অনুক্ৰমৰ চিনাক্তকৰণ যিটো প্ৰক্ৰিয়া ২০০২ চনত সমাপ্ত কৰা হৈছে।

জৈৱতথ্যবিদ্যাৰ বিজ্ঞান য'ত আণৱিক জীৱবিজ্ঞানৰ সৈতে কম্পিউটাৰ বিজ্ঞান জড়িত হৈ আছে, আৰু ই জিনীয় তথ্যৰ ব্যৱহাৰৰ বাবে অপৰিহাৰ্য। এই বৈজ্ঞানিক তথ্যসমূহ মানৱ শৰীৰৰ ৰোগসমূহ আৰু ঔষধ আৱিষ্কাৰৰ নতুন আণৱিক লক্ষ্যৰ চিনাক্তকৰণত ব্যৱহাৰ কৰা হয়।

জৈৱতথ্যবিদ্যা হৈছে এনে এক ক্ষেত্ৰ যি কেৱল এটা শিক্ষাগত বিষয়তে সীমাবদ্ধ হৈ থকা নাই, বিভিন্ন শিক্ষা বিষয়ত ইয়াৰ বহুল প্ৰভাৱ দেখা পোৱা গৈছে। ইয়াৰ জৰিয়তে বিভিন্ন পদ্ধতি তথা ছফটৱেৰ (Software)ৰ উৎপত্তি হয় যাৰ জৰিয়তে জৈৱিক তথ্যসমূহ সহজে বুজিব পৰা গৈছে। যিহেতু ইয়াৰ বিষয়সমূহৰ সীমাবদ্ধতা নাই, সেইকাৰণেই ই জড়িত হৈ আছে কম্পিউটাৰ বিজ্ঞান, গণিত, পৰিসংখ্যাবিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ লগত যাৰ জৰিয়তে জৈৱিক তথ্যসমূহৰ সহজভাৱে বিশ্লেষণ কৰা হয়। জৈৱতথ্যবিদ্যা বৰ্তমান সময়ত জীৱবিজ্ঞানৰ বিভিন্ন ক্ষেত্ৰত এক অপৰিহাৰ্য অংশ হিচাপে বিবেচিত হৈ পৰিছে। পৰিক্ষণীয় আণৱিক জৈৱবিজ্ঞানৰ ক্ষেত্ৰত জৈৱতথ্যবিদ্যাৰ পদ্ধতিসমূহ হৈছে প্ৰাকৃতিক তথ্যৰপৰা চিত্র আৰু সাংকেতিক প্ৰক্ৰিয়াৰে প্ৰয়োজনীয় সমিধান প্ৰাপ্ত কৰা। জিন সম্বন্ধীয় ক্ষেত্ৰখনত ইয়াৰ সহায়ত ক্ষুদ্ৰৰপৰা ক্ষুদ্ৰতম তথ্যলৈকে আহৰণ কৰাৰ সুবিধা হৈছে। সেইদৰেই আকাৰ সম্বন্ধীয় বৈজ্ঞানিক ক্ষেত্ৰত ইয়াৰ সহায়ত DNA, RNA আৰু প্ৰ’টিনসমূহৰ আকাৰ-আকৃতিৰ এক অকল্পনীয় সীমা চুব পৰা গৈছে। আজিৰ জৈৱবিজ্ঞানৰ বাবে ই এনে এক বিষয় যাৰ সহায়ত বৈজ্ঞানিকসকল অত্যন্ত লাভৱান হৈছে আৰু ন-ন আৱিষ্কাৰৰ বাবে দ্ৰুতগতিত আগ বাঢ়ি গৈছে।

জৈৱতথ্যবিদ্যাৰ ইতিহাস : বতৰ্মান সময়ত ই যি অৰ্থ বহন কৰিছে আচলতে ইয়াৰ অৰ্থ তেনে নাছিল। ১৯৭০ চনত Paulien Hogeweg আৰু Ben Hesperএ বায়ৱীয় প্ৰক্ৰিয়াত তথ্যৰ সংমিশ্ৰণেৰে ইয়াৰ নামকৰণ কৰিছিল। ১৯৫০ চনত Frederick Sangerএ ইনছুলিন নামৰ প্ৰ’টিনত অণুক্ৰম (সাংগাঠনিক একক) আৱিষ্কাৰ কৰাৰপৰাই আণৱিক জৈৱবিজ্ঞানৰ ক্ষেত্ৰত কম্পিউটাৰ এক এৰাব নোৱৰা অংগ হৈ পৰিল। ইয়াৰ পিছৰপৰাই এইবোৰ সহজলভ্য হৈ পৰিল, ফলত জৈৱতথ্যবিদ্যা ইয়াৰ মূলসুঁতিৰূপে পৰিগণিত হ’ল। গতিকে শুনিবলৈ নতুন যেন লাগিলেও ই নতুন নাম নহয়, ইয়াৰ ব্যৱহাৰ বহু আগৰপৰাই চলি আহিছে। কিন্তু বৃহৎ পৰিসৰ সামৰি ল’লেও ই সকলোৰে বাবে সহজলভ্য বিষয় নহয়।

ইয়াৰ লক্ষ্য : ইয়াৰ সহায়ত বিভিন্নধৰণৰ ৰোগসমূহৰ প্ৰতিটো ক্ষুদ্ৰৰপৰা ক্ষুদ্ৰতম প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰিব পৰা গৈছে। জৈৱদেহৰ প্ৰতিটো সামান্যৰপৰা সামান্যতম অংশ ইয়াৰ সহায়ত বিশ্লেষণ কৰিব পৰা হৈছে। ইয়াৰ প্ৰাথমিক লক্ষ্যই হৈছে জৈৱবিজ্ঞানৰ ৰহস্যময় ক্ষেত্ৰখনক অতি সহজভাৱে আৰু সূক্ষ্মভাৱে বিশ্লেষণ কৰি সাধাৰণ মানুহৰ বাবে বুজিব পৰা কৰি তোলাটো। ইয়াৰ লক্ষ্য মাৰাত্মক ৰোগসমূহ সম্পূৰ্ণকৈ নিৰ্মূল কৰি তুলিব পৰাকৈ কিছুমান সহজলভ্য কিন্তু শক্তিশালী ঔষধৰ আৱিষ্কাৰ কৰা। জৈৱদেহৰ প্ৰাথমিক এককসমূহৰ সম্পূর্ণ গাঁথনিক চিত্র বিশ্লেষণেৰে বংশানুক্ৰমিক ৰোগসমূহক নিৰ্মূল কৰা। ২০০০ চনৰপৰা এই পৰম্পৰা ৰক্ষা কৰি আৰু ভৱিষ্যত অগ্ৰগতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰত্যেক বছৰে Bioinformatics Open Source Conference (BOSC) অনুষ্ঠান ৰখা হয়।

জৈৱতথ্যবিদ্যাই স্বীকৃতি পোৱাৰ লগে লগে বহুতো বিশ্ববিদ্যালয়, চৰকাৰী প্ৰতিষ্ঠান আৰু ঔষধ প্ৰস্তুতকৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান আদিসমূহে জৈৱতথ্যবিদ্যাৰ দল কিছুমান গঠন কৰে, যি গাণনিক জীৱবিজ্ঞানী আৰু জৈৱতথ্যবিদ্যা পৰিকলন বিজ্ঞানীৰে সংগঠিত হয়। এই দলসমূহ বিশ্বৰ বিভিন্ন পৰীক্ষাগাৰসমূহত সৃষ্টি হোৱা বৃহৎ মাপদণ্ডৰ অণুক্ৰম প্ৰয়াস (Large Scale Sequencing Efforts)ৰ সমস্যা সমাধান কৰাৰ মাপকাঠীৰূপে পৰিগণিত হৈ পৰিছে ।

(ড০ কৌশিক দাস ছাৰৰদ্বাৰা অনুপ্ৰাণিত হৈ)

স্মিতা হাজৰিকা

Share Button
Print Friendly, PDF & Email

No Comments : "জৈৱতথ্যবিদ্যা – নৱ প্ৰজন্মৰ অন্বেষণ"

Leave a Comment

Your email address will not be published. Required fields are marked *