পৰিবেশ-প্ৰকৃতি

‘সজাত বাস কৰিবলৈ কোনো চৰাই জন্ম হোৱা নাই’ – ( ইন্দিৰা গোস্বামী)

আমাৰ মাজত থকা ভুল ধাৰণা কিছুমান – চৰাইবোৰ বন্যপ্ৰাণী নহয়৷ চৰাই বা আন জীৱক বন্দী কৰি ৰাখি আদৰ-যত্ন কৰাটো ভাল কথা৷ জংঘলত অনাহাৰে মৰাতকৈ এনেকৈ ৰখাটো বেছি ভাল৷ চিৰিয়াখানাত ৰখা জীৱবোৰ বন্দী নহয় নেকি?

মূলতঃ খাদ্যৰ বাবে বৃহৎ পৰিসৰত পালন আৰু উৎপাদন কৰা হাঁহ, কুকুৰা আদি যদিও চৰাই ইয়াক খোৱা বা পোহাটো অপৰাধ নহয়৷ লগতে মালিগাঁৱকে আদি কৰি বিভিন্ন ঠাইত বিক্ৰী হৈ থকা ৰং-বিৰঙী সৰু চৰাইবোৰৰ উৎপাদন ব্যৱসায়িক ভিত্তিত কৰা হয়৷ সেয়েহে ইয়াক আইনে ঢুকি নাপায়৷ তথাপিও Times of Indiaত আহমেদাবাদত ইয়াৰ বিপক্ষে ক’ৰ্টে ৰায় দিয়াৰ এক বাতৰি প্ৰকাশ হৈছিল৷ এই চৰাইবোৰকে ধৰি মইনা, শালিকা, দ’ভ আৰু ভাটৌ বিক্ৰী কৰা বেপাৰী আৰু ক্ৰেতাক সকীয়নি দিয়া হৈছিল৷ চিৰিয়াখানাত, বিশেষকৈ জংঘলত আঘাতপ্ৰাপ্ত জন্তুবোৰক আনি ৰখা হয়৷ ইয়াৰ বাবে তেওঁলোকক অনুজ্ঞাপত্ৰ দিয়া হৈছে৷ তাৰ মাজতে কোনো জীৱৰ মৃত্যু হ’লে তেওঁলোক ইয়াৰ উত্তৰ দিবলৈ বাধ্য৷ ঠিক তেনেদৰে শৈক্ষিক আৰু বিজ্ঞানভিত্তিক অধ্যয়নৰ বাবেও বন্যপ্ৰাণী সংগ্ৰহ কৰিবলগা হ’লে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন হয়৷

এতিয়া আহোঁ চৰাই কথা লৈ৷ পক্ষীকূলো বন্যপ্ৰাণীৰ অন্তৰ্গত৷ সেয়েহে শালিকা, মইনা, ভাটৌ আদি চৰাইবোৰ বন্দী কৰি ৰখাটো আইনমতে দণ্ডনীয়৷ এই অপৰাধৰ বাবে ৭ বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।

পুহিবৰ বাবে আপুনি কিনি অনা চৰাইটোক নানা প্ৰকাৰে জংঘল বা প্ৰকৃতিৰপৰা সংগ্ৰহ কৰি অনা হয়৷ মন কৰিবচোন, আপোনাৰ বাৰীৰ লিচু, কৰদৈ-জাতীয় গছবোৰত ফল খাবলৈ অহা ভাটৌ-জাতীয় চৰাইবোৰৰ সংখ্যা আগতকৈ কিমান কমিছে৷
চৰাই বুলিলে মনলৈ অহা শব্দ দুটা হ’ল “মুক্ত বিহংগ” – মানেটো হৃদয়ংগম কৰি চাওকচোন৷
চৰাইৰ অধিকাৰেই হ’ল মুকলি আকাশত উৰি ফুৰাৰ৷ প্ৰায়বোৰ প্ৰজাতিৰ চৰাই যোৰ পাতি থাকে৷ একেলগে উৰে, খাদ্য সংগ্ৰহ কৰে, খেলে, বংশবৃদ্ধি প্ৰক্ৰিয়াটোত কণীৰপৰা পোৱালি জগোৱা কাৰ্যৰ দায়িত্বও লগে-ভাগে কৰে৷ যোৰৰপৰা এটি যদি নাইকিয়া হয় আনটোৱে জীৱনকালত আন সংগী আৰু নিবিচাৰে৷ গছ-গছনিৰ বংশবৃদ্ধিতো চৰাইৰ প্ৰভাৱ আছে৷ তেনেস্থলত এবাৰ ভাবি চাওকচোন, বংশবৃদ্ধি আৰু জৈৱিক তন্ত্ৰত ইয়াৰপৰা কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিছে আৰু পৰিব৷ তাৰোপৰি বন্দী অৱস্থাত ৰখা চৰাইৰ স্বভাৱ আৰু খাদ্যাভ্যাসৰ সলনি হয়৷ ই চৰাইটোৰ বাবে ক্ষতিকাৰক৷

আমাৰ ইয়াত বিশেষকৈ মইনা আৰু ভাটৌক সজাত ৰখাৰ চখ এটা মানুহৰ মাজত আছে৷ এই কামটো কৰি যদি আপুনি নিজকে চৰাই ভাল পোৱা ব্যক্তি বুলি প্ৰতিপন্ন কৰিব খুজিছে; অনুগ্ৰহ কৰি সেইটো বন্ধ কৰক৷ আৰু সঁচাকৈয়ে যদি চৰাই ভাল পায় তেনেহ’লে আপোনাৰ কাষে-পাঁজৰে থকা চৰাইবোৰক পৰ্যবেক্ষণ কৰক৷ পানী এবাটি ৰাখক, চাউল দুটামান ছটিয়াই থওক, আঘাতপ্ৰাপ্ত চৰাইৰ যত্ন লওক৷ সুস্থ হৈ উঠাৰ পাছত এৰি দিয়ক৷ আপুনি নিজে নোৱাৰিলে স্থানীয় Bird rescue groupঅক যোগাযোগ কৰক৷ ইয়াৰ লগতে আপোনাৰ ওচৰে-পাঁজৰে যদি কোনো লোকে চৰাই বন্দী কৰি ৰাখিছে তেওঁকো বুজাওক৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *