জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰনাথ দত্তৰ সৈতে কথোপকথন) - (উৎপল দত্ত)

(লিখকৰ টোকা : এই সাক্ষাৎপ্ৰসংগ এটি পৰীক্ষামূলক প্ৰয়াস। দত্ত ছাৰৰ দুটিমান গীত শুনি লৈ লেখাটি পঢ়িলে বেছি ভাল লাগিব বুলি আমাৰ বিশ্বাস।)

* ছাৰ, আপুনি যেতিয়া সুৰ কৰিবলৈ গীত এটি হাতত তুলি লয়, কথাখিনি পঢ়ে, সুৰটো কেনেকৈ আপোনাৰ মনলৈ আহে, কেনেকৈ ভাবি উলিয়ায় যে এই গানটোৰ সুৰ এনেকুৱা হ’ব?
* বীৰেন্দ্ৰ নাথ দত্ত : প্ৰথম কথা, গানৰ কথা যিখিনি মোৰ হাতত পৰে, অৰ্থাৎ মই যিখিনি নিৰ্বাচন কৰি লওঁ, সেই বিষয়ত মই যথেষ্ট ছিলেক্টিভ ক’ব পাৰি, মই সহজে সন্তুষ্ট নহওঁ আৰু যেতিয়া কথাখিনিয়ে মোৰ ভিতৰত কিবা এটা দোলা দিলে, তেতিয়া সুৰ দিয়াৰ কথাটো উঠে। সেই সুৰ বহুত সময়ত কথাই - ৰচনাৰ ভিতৰত যিখিন বক্তব্য আছে, সেইখিনিয়ে নিৰ্ধাৰণ কৰে। এটা হ’ল সেইধৰণে। চিন্তা কৰি থাকোঁ কি সুৰ ইয়াত হ’ব পাৰে, গুণগুণাই থাকোঁ - না, এইটো হোৱা নাই। এটা সময়ত হয়তো হৈছে, এইটো হ’ব পাৰে। আৰু কেতিয়াবা খুব সোনকালেই ওলাই যায় গোটেইখিনি। কেতিয়াবা হয়তো একেবাৰে চূড়ান্ত ৰূপটো পাবলৈ কেইবামাহৰো দৰকাৰ হয়। সেইটো এক। দ্বিতীয়তে, কেতিয়াবা কিবা এটা সুৰ শুনাৰ পাছত মোৰ মাজত খেলা কৰি থাকে। সেই সুৰটোৱে বিচাৰি আছে। আৰু যেতিয়া পাই যাওঁ, সেইটো তাতে সোমাই যায়, খাপ খাই যায়।
* এটা সৰু উদাহৰণ?
* বীৰেন্দ্ৰনাথ দত্ত : উদাহৰণটো, এটা সেইটো, বহুত ঠাইত মই বহুবাৰ কৈছোঁ - গোৱালপাৰা-কামৰূপৰ সীমাত, গাঁও এখন, এবিধ ‘ভাৰীগান’ বুলি লোকনাট্য আছে আৰু এই বিষয় লৈ আগতেও কিছু কাম কৰিছোঁ, কিন্তু সম্পূৰ্ণ সেই স্বাভাৱিক পৰিৱেশত ভাৰীগান তেনেকৈ প্ৰত্যক্ষ কৰাৰ মোৰ সুযোগ আগতে হোৱা নাছিল। টুকুৰা-টুকুৰিকৈ দেখিছিলোঁ। মই তেতিয়া গোৱালপাৰাৰ কলেজৰ অধ্যক্ষ। কলেজৰ এজন কৰ্মচাৰী সেই গাঁৱৰ। মই তেওঁক সুধিলোঁ - মোক লৈ যাব পাৰিবা নেকি? ভাৰীগান যেতিয়া হয়, আগতে খবৰ দিবা, মই যাম, গোটেই ৰাতি মই ভাৰীগান চাম। যিমান দেৰিলৈকে হয়। তেওঁ বোলে, ছাৰ, ভাৰীগান হ’ব, কিন্তু আমাৰ গাঁৱৰ ৰাইজে বিচাৰিছে, ছাৰ যদি আহেই, অকল ভাৰীগান কিয়, আমাৰ যি আছে সকলো শুনাম। এইবুলি মোক ৰাতিপুৱাতে লৈ গ’ল। আৰু যি আছে, দেখুৱাই আছে, শুনাই আছে। আইসকলে কিছুমান নাম-ধৰ্মৰ বস্তু গালে। তাৰে এটা আছিলে ‘মকুৱা ফুলৰে দনা কাষৰিতে ৰ’ল, একেপেটি তুলেসী দি গহাঁইৰ পূজা হ’ল।’ মকুৱা ফুল, আমাৰ এইফালে ভেঁটফুলক মকুৱা ফুল বোলে। আৰু একোটা একোটা বৰ ডাঙৰ ডাঙৰ। আৰু দোনা মানে কলপটুৱাত থৈ দিছে বহুত। অৰ্থাৎ উপাচাৰ প্ৰচুৰ আৰু দেখনিয়াৰ। কিন্তু সেইটোৰো প্ৰয়োজন নাই। ভক্তিৰে, নিষ্ঠাৰে এপাত তুলসী দিলেই গোসাঁই সন্তুষ্ট হয়। কথাকেইটাই আৰু লগতে সুৰটোৱে মোক এনেকৈ মুগ্ধ কৰিলে যে মই তাৰ পাছৰপৰা সেই কথাখিনি, সেই সুৰখিনি মোৰ মূৰত ঘূৰি আছে ঘূৰি আছে।
তাৰ পাছত মই এটা সময়ত, তেতিয়া মই পাণ্ডু কলেজৰ অধ্যক্ষ হৈ আহিছোঁ। সেই সময়ত নৱকান্ত বৰুৱাই দুটামান গীত লিখি পঠিয়াই দিছে মোৰ তালৈ। এটা আছিল ‘জিলিৰ মাতে’। আৰু এটা আছিলে ‘তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে’, তুমি আছা ফুলৰে সাজত’। মই দেখিলোঁ, সেই কথাকেইটো কোৱা হৈছে ইয়াতে। গতিকে, সুৰটোকে মই যেতিয়া ইয়াত দিবলৈ লৈ দেখিলোঁ যে একেবাৰে মিলি গ’ল। তাৰ পাছৰ অংশ অৱশ্যে মই নিজাকৈ, যিটোক ক’ব পাৰি, ক্ৰিয়েটিভ - তেনে কিছু বস্তু পাছলৈ আহি গৈছে। কিন্তু (গাই শুনায়) ‘মকুৱা ফুলৰে দনা কাষৰিতে ৰ’ল, একেপেটি তুলেসী দি গহাঁইৰ পূজা হ’ল’ : ‘তোমাৰ কাৰণে যাওঁ ফুল তুলিবলে’, তুমি আছা ফুলৰে সাজত’। তাৰ পাছত বেলেগ আহি গ’ল। (গায়) ‘তোমাৰ কাৰণে যাওঁ গান গাবলে’, তুমি আছা গানৰে মাজত’। এইটো মোৰ নিজৰ কথাৰ যেন লাগি গ’ল যে হয়, যিখিনি কৰিছোঁ, যেন নিবেদিত, এই অৰ্থত। সেইটো মই কৈছোঁ যে সুৰে কাম কৰি আছিল, কথা পাই পেলাই ওলাই আহিল।
কিন্তু ইটো আক’ হয়তো আপোনা-আপুনি ওলাই আহিছে, মই নিজে ক’ব নোৱাৰোঁ। ‘জিলিৰ মাতে’। সেইদিনা গানটো ওলাই অহাৰ যিটো আনন্দ, মোৰ নিজৰে যেন আৱিষ্কাৰৰ আনন্দ এটা। আপোনা-আপুনি ওলাই আহিছিল। সেই কথাটোকে মই কৈছোঁ যে ইয়াৰ কোনো নিৰ্দিষ্ট নিয়ম নাই যে মই এনেকৈহে সুৰ দিওঁ, তেনেকৈহে সুৰ দিওঁ। আৰু কেতিয়াও আগতে ধৰি নলওঁ যে এইটো ইয়াত সুৰ হ’ব। আৰু কথাই নিৰ্দিষ্ট কৰাৰ ভিতৰত আৰু এটাৰ কথা মই ক’ব পাৰোঁ। এটা হ’ল ‘পালোঁ নে নেপালোঁ নুসুধিবা মোক, বিচাৰি ফুৰিছোঁ সেয়ে বহুত মোৰ’। এইটোত যেন পিছৰফালে ‘তুমি’ বুলি আছে। তোমাৰ প্ৰতি উৎসৰ্গিত। নৱকান্ত বৰুৱাই কেতিয়াও ‘ভগৱান’ শব্দটো ইয়াত ব্যৱহাৰ কৰা নাই, কিন্তু বুজা যায় যে এটা এনেকুৱা, যাক ক’ব পাৰি বিধান, যাৰ ওচৰত আমাৰ সকলো আমি উৎসৰ্গা কৰিব পাৰোঁ। তেতিয়া মই দেখিলোঁ যে বৰগীতৰ কথাওতো সেইটোৱেই। সুৰে কাম কৰিব। তেতিয়া তাত মই ইচ্ছা কৰি এই বৰগীতৰ সুৰ দিছিলোঁ, ‘ধনশ্ৰী’ ৰাগৰ। আৰু খোলৰ ব্যৱস্থা আছিল যাতে অনুষংগটো আহি যায়। আৰু সেইকাৰণে মই আৰম্ভণিতে অলপ গাই দিছিলোঁ। ‘মেৰি পামৰু মন’ - মই বুজাইছোঁ যে মই ইয়াৰপৰাই আনিছোঁ, এইধৰণে কিছুমান কথা যথেষ্ট চিন্তা কৰি তেনেকৈ, আৰু ক’লো কিছুমান আপোনা-আপুনিয়ে আহিছে। ইত্যাদি।
* বৰগীতৰ সুৰৰ আধাৰত কৰা সেইটো চাগে প্ৰথম আধুনিক গান?
* বীৰেন্দ্ৰনাথ দত্ত : ঠিক নহয়। মোৰ অন্যান্য গানত বৰগীতৰ কিবাকিবি সোমাই গৈছে। অন্যান্য গানতো। এইটো কিন্তু সম্পূৰ্ণৰূপে বৰগীতৰ ওপৰত নিৰ্ভৰ কৰা সুৰ। মোৰ অন্যান্য গানত বৰগীতৰপৰা অংশৰ, সুৰৰ অংশ আহি গৈছে।
* আপুনি সুৰ কৰা আৰু এটি গীত আছে ‘ৰহিমলা ওৰণিৰ ফাঁকেৰে’, সেইটোত একধৰণৰ কাহিনী এটা কোৱা হয়, আৰু এটা গান আছে ‘ব’হাগৰ দুপৰীয়া’, সেইটো বিমূৰ্তধৰণৰ গীত।
* বীৰেন্দ্ৰনাথ দত্ত : অ, ৰহিমলাৰ কথাটো ঠিক বিমূৰ্ত নহয়।
* ‘ব’হাগৰ দুপৰীয়া’টো?
* বীৰেন্দ্ৰনাথ দত্ত : ‘ব’হাগৰ দুপৰীয়া’টো অলপমান হয়। সেইখন এখন ছবি। এতিয়া ৰহিমলাৰ কথাটো হৈছে, তাত সুৰৰ যথেষ্ট, যাক সম্পৰীক্ষা বুলি কয় - কৰা হৈছে, দুইধৰণে কৰা হৈছে। এটা হ’ল, লোকগীতৰ সুৰ তাত ব্যৱহাৰ কৰা হৈছে, পূৰাকে। এফালে বিয়ানাম, এফালে বিহুনাম। এক। দ্বিতীয়টো হৈছে, কৰ্ডৰ পৰিৱৰ্তন। যিটোক আক’ ‘সাংগীতিক সম্পৰীক্ষা’ বুলি ক’ব পাৰি। মাইন’ৰ কৰ্ড-মেজৰ কৰ্ড-মাইনৰ কৰ্ড অল্টাৰনেটিভলি এনেকে গৈ আছে। সেইকাৰণে প্ৰথমে যেতিয়া সেইটো ৰেডিঅ’ত গাবলৈ যাওঁ, মোক যিসকলে বজায়, সংগীত শিল্পীসকলে মোক কৈছে, আপুনি কোন স্কেলত গাব লৈছে? এবাৰ দেখোন এইটোত, এবাৰ দেখোন সেইটোত। কিন্তু যেতিয়া কখাখিনি বুজি উঠিলে, তেখেতসকলেও খুব উৎসাহ পালে আৰু তেনেকে সহযোগ কৰিলে। আৰু সেইটো মোৰ নিজৰ ফালৰপৰা, সেইটো মোৰ প্ৰিয় বুলি কব পাৰোঁ। গানটো ডেকা এজনে গাইছে। এগৰাকী গাভৰুৰ লগত তেওঁৰ হৃদয় বিনিময় ঘটিছিল আৰু বিহুত একেলগে নাচিছিল ইত্যাদি। সেই গাভৰুৰে বিয়া। আৰু তেওঁ যেন কৈ গৈছে দূৰৰপৰা। এতিয়া তুমি ওৰণিৰ মাজেৰে নাচাবা। অৰ্থাৎ বি এ গুড ৱাইফ, বি এ গুড ডটাৰ-ইন-ল এণ্ড ফৰগেট এবাউট মি। সেইকাৰণে ‘মোৰ পথৰুৱা পেঁপা বাজি জিনি যক দ পথাৰৰে পৰা’। আৰু এইটো হয়, ‘জীয়ৰী কালৰে উজুটিতে ছিগা নখ বিহু ঘূৰি গ’লে গজে, বোৱাৰী মনতে যদি ঘুণে ধৰে গোটেই জনমটোলৈ ৰজে’। সেই কথাটো তেওঁক কৈছে ইয়াত। আৰু গীতটোৰ আটাইতকৈ বক্তব্যঘন লাইন, - ‘সেন্দুৰকণ লওঁতে যদি হাতে কঁপে ইহাতে খামুচি ধৰা’। মূলতঃ সেই ছিটুৱেশ্যন দুটা মনত ৰাখি গীতটোত সুৰ কৰা হৈছিল।
* এই গীতটো আপুনি কেনেকৈ পাইছিল?
* বীৰেন্দ্ৰনাথ দত্ত : তেখেতে লিখি পঠিয়াই দিছিলে। দুই ৰকমে হয়, লিখি কেতিয়াবা পঠাই দিয়ে আৰু কেতিয়াবা কওঁ, গান দিয়কচোন। এয়া আৰু। কিন্তু কেতিয়াও বহি লৈ - এইটো গান এইটো সুৰ এনেকৈ কৰা নাই, কিন্তু সুৰটো শুনাইছোঁ। তেখেতে কেতিয়াবা এ প্ৰভু কৰিছে, ৰ’বা এইখিনি আৰু বেলেগ কিবা হ’ব পাৰে নেকি ভাবিছে সেইমতে। কেতিয়াবা যেতিয়া মই বুজাই দিছোঁ, কনভিণ্সড হৈছে। আৰু কেতিয়াবা তেখেতেই লিখি দিয়াৰ ভিতৰত মই কৈছোঁ, এইটো এনেকে দিব পাৰি নেকি? দিয়াচোন, গাই চোৱা, অ হৈছে, হ’ব। এইধৰণে হৈছে, কিন্তু কেতিয়াও আমি ইজনে সিজনৰ, যাক ক’ব পাৰি ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত হস্তক্ষেপ কৰা নাই। কিন্তু দুইজনৰ মাজত এনেকুৱাধৰণৰ এটা, কি বুলি ক’ব পাৰি, কেমেষ্ট্ৰি - নোকোৱাকৈয়ে যেন দুয়োৰে মাজত এটা আণ্ডাৰষ্টেণ্ডিং - এইটোৱেই কথা আৰু।
* আৰু ‘ব’হাগৰ দুপৰীয়া’ গীতটি?
* বীৰেন্দ্ৰনাথ দত্ত : ‘ব’হাগৰ দুপৰীয়া’ বহুত দিন আগৰে। সেইটো মোৰ বিয়াৰো আগৰ। তাৰ মানে ছিক্সটি, ফিফ্টি নাইন-ছিক্সটি এনেকুৱাৰ হ’ব। ‘ব’হাগৰ দুপৰীয়া’টো যেতিয়া হাতত পৰিল, তেতিয়া দেখিলোঁ যে এইটো অসাধাৰণ চিত্ৰ এটা। ব’হাগৰ দুপৰীয়া, ইফালে, চাৰিওফালে নিমাত। আৰু যেন পাৰ চৰাইৰো আমনি লাগে, আৰু আটাইতকৈ ডাঙৰ কোনটো জানা - ‘হালধীয়া পখিলাটি থৰ হৈ বহি ৰ’ল কৰবীৰ শুকান ডালত’, এই যে চিত্ৰখন, যে মই সুৰটোত তাকেই দিবলৈ চেষ্টা কৰিছোঁ। আৰু নিৰ্জনতাৰ কথাটো। শেষৰ ফালে নিৰ্জনতাই মোৰ ওপৰত কি এফেক্ট কৰিছে, মানে কবিৰ ওপৰত বা সেই সময়ত গায়কৰ ওপৰত কি এফেক্ট কৰিছে, শেষৰ ফালে সেই কথাটো আছে। ‘নিৰ্জনতাই মোৰ মুখৰ মৰম যেন মূক বেদনাৰে থ’লে ঢাকি’ ইত্যাদি। আৰু সেই অকলশৰীয়া সেই নিৰ্জনতাৰ কথাটোকে ৰিপিট কৰা হৈছে।
আৰু আনটো গানত ছ’চিয়েল ছিগনিফিকেণ্সৰ কথাটো বেলেগ ধৰণে আহিছে। ‘জিলিৰ মাতে’ গানটোত। সেইটোতো দুপৰীয়াৰ প্ৰসংগ আছে। ‘কোলাহলৰ চহৰখনত জিলি আহি, দুপৰীয়া বজাই গ’লে নিজান বাঁহী’। কোলাহলৰ চহৰ। সেই জাষ্ট্ নৈসৰ্গ চিত্ৰ এটা নহয়, এইটো আহিছে ছ’চিয়েল ছিগনিফিকেণ্স। তাৰ পাছত শেষৰখিনি সুৰ দিওঁতে মই বহুত চিন্তা কৰিবলগীয়া হৈছিল আৰু যেতিয়া নৱকান্ত বৰুৱাই মোক সুধিলে যে তুমি এই সুৰটো কিয় দিলা? মই ক’লো - আমিতো কোলাহলত থাকোঁ, অৰণ্যৰ লগত সম্পৰ্ক নোহোৱা হৈ গৈছে। কিন্তু কেতিয়াবা সেই জিলিৰ মাতটোৱে যেন মনত পেলাই দিয়ে। এখন অৰণ্য আছে ক’ৰবাত। আৰু সেইটোৱেই বোধহয় আমি চহৰত থকাবিলাকৰ চেতনা এটা জগাই ৰাখে। শেষৰখিনিত আছে, ‘অৰণ্যৰ এটি কোণত আমাৰ পঁজা, পানীপোতাত দুলি আছে পখীৰ সজা’। তেতিয়া দেখিলোঁ যে এইটো হ’ব আমাৰেই কোনোবা জনজাতীয় গোষ্ঠী। তেওঁলোকৰ এতিয়াও অৰণ্যৰ লগত সম্পৰ্কটো বিচ্ছিন্ন হোৱা নাই। ‘অৰণ্যৰে এটি কোণত আমাৰ পঁজা, পানীপোতাত দুলি আছে পখীৰ সঁজা’, সেই পখী মুক্ত বিহংগ নহয়। সমাজৰ ভিতৰৰ বস্তু। কিন্তু তেওঁলোকৰ সেইটো বিচ্ছিন্ন হোৱা নাই। মই সুৰটো আনিলোঁ বড়ো সুৰ, বড়ো সুৰ আনিছোঁ আৰু সেইটো চিফুঙৰ নিচিনাকে বজাই পৰিৱেশটো সৃষ্টি কৰা হৈছে। এইধৰণেই চিন্তাবিলাক আহিলে কামত লগাবৰ চেষ্টা কৰা হয়। কেতিয়াবা নিজে সন্তুষ্ট হওঁ, কেতিয়াবা নহওঁ।
* আপুনি সুৰ কৰা প্ৰথমটো গান কি আছিল?
* বীৰেন্দ্ৰনাথ দত্ত : সেইটো ক’ব লাগিলেতো একেবাৰে সৰু কাললৈ যাব লগিব। আচল কথা, মই মনত পৰাৰপৰাই বুলি ক’ব পাৰা - এই ইস্কুলৰ লাচিত দিৱসত গান গাব লাগিব, কিবা এটা লিখিব লাগিব, তাতে সুৰ দিছোঁ। এনেকুৱা ধৰণে। কিন্তু আচলতে যদি তুমি মোক সোধা মই বেছি সুৰ দিছোঁ প্ৰথম ফালে স্কুলত থাকোঁতে, - হিন্দী গানৰ।
* গানবিলাক কোনে লিখা?
* বীৰেন্দ্ৰনাথ দত্ত : মই। মই হিন্দী শিকিছিলোঁ। হিন্দী শিকি এটা সময়ত হিন্দী গান লিখোঁ আৰু সেই গানবোৰৰ সুৰ কৰোঁ, কিছু দূৰ সেই সময়ৰ চিনেমাৰ কায়দাত। আৰু এটা গান মই লিখি সুৰ কৰিছিলোঁ, মোৰো ভাল লাগিছিল। তাৰ পাছত যেতিয়া কটন কলেজত পঢ়িবলৈ আহিলোঁ, হোষ্টেলত, সেই গানটো মোৰপৰা এজনে শিকি ল’লে। আৰু তেওঁ কোনোবা অনুষ্ঠানত গাই দিলে। ব্ৰজেন বৰুৱা আছিল বোধহয় সেই অনুষ্ঠানত। সুধিলে, এইটো হিন্দী গান, ক’ৰপৰা পালা, কি কথা? তেওঁ ক’লে, অমুকে লিখা, অমুকে সুৰ দিয়া। ব্ৰজেন বৰুৱা আছিল দাদাৰ লগৰ। তেতিয়া তেখেতসকল ‘স্মৃতিৰ পৰশ’ নামৰ ছবিখনৰ কামত ব্যস্ত। মোক মাতি লৈ গ’ল, শুনা বীৰেন, আমাৰ ‘স্মৃতিৰ পৰশ’ নাটকখন, আমি এইখন চিনেমা কৰিম। তাতে এটা হিন্দী গান লাগিব। আৰু সেই হিন্দী গানটো বিশেষধৰণৰ, মানে সাংঘাতিক ৰোমান্টিক হ’ব লাগিব। জোনাক-তোনাক, ফুলৰ সুৰভি, হেন-তেন - এইবিলাক হ’ব থাকিব লাগিব আৰু। আৰু গানটো হিৰ’ই গাব। তেওঁ বোধহয় জেনেৰেল ছেক্ৰেটাৰি অৰ ছামথিং। আৰু সেই গানটোৱে হিৰ’ইনৰ মন মুহি পেলাব। গতিকে তুমি তেনেকুৱাই লিখিব লাগিব। বোলো, মই ক’ত পাৰিম? তুমি লিখিছিলা নহয়। সেই তেতিয়া মই সুৰত কথা বহুৱাব লগা হৈছিলে।

(ক্ৰমশঃ)

Share Button
Print Friendly, PDF & Email

No Comments : "জিলিৰ মাতটোৱে মনত পেলাই দিয়ে, এখন অৰণ্য আছে (বীৰেন্দ্ৰনাথ দত্তৰ সৈতে কথোপকথন) - (উৎপল দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *