বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা - (ননি)

 

[আহে সভাসদ : দেখহ শুনহ 'বকুল' সংবাদ]

কাৰোবাৰপৰা শুনিছিলোঁ, ভবেন্দ্ৰনাথ শইকীয়াদেৱে তেওঁ চলচ্চিত্ৰ এখন নিৰ্মাণ কৰাৰ পিছত, তেওঁৰ চলচ্চিত্ৰত যি যি লোকে বিত্তীয়ভাৱে সহায়-সহযোগ কৰিছিল, তেওঁলোকক মাতি আনি সকলো হিচাপ-পত্ৰ দাখিল কৰে। তেওঁলোকে কয় – "এহ্ হ'ব দিয়কচোন, এইবোৰ নো কিয়? আমি সহায় কৰি ভালেই পাইছোঁ দিয়কচোন"। ভবেন্দ্ৰনাথ শইকীয়াদেৱে কয় -" মোৰো কৰ্তব্যবোধ এটা আছে দিয়কচোন, নীতিগত প্ৰশ্ন"।

হয়, এয়া হ'ল কৰ্তব্যবোধ।

কিছুদিন আগতে দেৱব্ৰত দাসদেৱে এটি লেখা লিখিছিল, য'ত মৃণাল কলিতাদেৱৰ পৰীক্ষাস্থলীত হোৱা অভাবনীয় ঘটনা এটাই কেনেকৈ বিচিত্ৰ/বিধ্বস্ত সময়ৰ পৰিচয় দিয়ে তাক আঙুলিয়াই দিছিল; আৰু মৃণাল কলিতাই তেওঁৰ শিক্ষকতাৰ সততাৰে সেই অন্যায়ৰ বিৰুদ্ধে কেনেকৈ থিয় দিছিল তাৰ বিষয়ে উনুকিয়াই দিছিল।

হয়, এয়া হ'ল নীতিগত আৰু সততাৰ প্ৰশ্ন।
নিশ্চয় কোনো ব্যক্তিবিশেষৰ বাবে সমাজৰ এনে হৈছে বুলি ভবাতকৈ আমি চাব লাগিব সামাজিক-অৰ্থনৈতিক, সাংস্কৃতিক আৰু ঐতিহাসিক পৰিস্থিতি আৰু ইয়াৰ প্ৰভাৱ-প্ৰতিফলনৰ কথাবোৰ। এনে সামাজিক ব্যৱস্থাসমূহে কেনেকৈ পৰিয়াল সমাজ, নীতি, মৰম-ভালপোৱা, সংস্কৃতি আদিলৈ সংকট নমাই আনিছে, কিন্তু লগে লগে মানুহে ইয়াৰ প্ৰতিকাৰসমূহৰ কথাও উদ্ভাসিত কৰিছে। আৰু এই সংকট সমাজ-জীৱনৰ গল্পকাৰ, কবি, চলচ্চিত্ৰকাৰ, শিল্পী আদিয়ে মানুহৰ মনলৈ কঢ়িয়াই লৈ আনে তেওঁলোকৰ সৃষ্টিৰ মাজেৰে আমাৰ বাবে এক প্ৰাপ্তি হিচাপে।

এনে এক পৰিস্থিতিত 'বকুল' এক অন্য অনুভৱ। ৰীমা বৰাৰদ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত এক সামগ্ৰিক "community" প্ৰচেষ্টাৰ অনুভৱ কৰা যায়। মই শেষৰ ফালৰপৰাই কৈছোঁ - যেতিয়া দেখিলোঁ চলচ্চিত্ৰখনৰ শেষত যেতিয়া চলচ্চিত্ৰখনৰ লগত জড়িত ইমানবোৰ মানুহৰ নাম, তেওঁলোকৰ অৱদান দেখিলোঁ। এখন অতি কম বাজেটৰ চলচ্চিত্ৰ, নিজৰ গাঁঠিৰ ধন ভাঙি আৰু ৰাইজৰপৰা এটকা-দুটকা খুজি কষ্ট-মষ্টৰে নিৰ্মাণ হোৱা এখন চলচ্চিত্ৰ। এই চলচ্চিত্ৰ পৰিকল্পনা, পৰিচালনাৰে মুখ্য সেনাপতি ৰীমা বৰাৰ কৰ্তব্যবোধ, যে তেওঁ বিচাৰিছে এই চলচ্চিত্ৰখন সকলোৰে। তেওঁ নিৰ্মাণ কৰিলে আৰু দাখিলো কৰিলে অৱশেষত। তেতিয়া সেই প্ৰাপ্তি আপোনাৰো আৰু মোৰো দৰ্শক হিচাপে। এটা বিশাল "Team work"অক পৰিচালিকাই সামগ্ৰিকভাৱে সকলোকে নিজৰ লগত একেলগে কঢ়িয়াই লৈ গৈছে। আৰু দেখা গৈছে ফলাফল অতুলনীয়।

গাঁথনি :

আমি সকলোৱে বিশিষ্ট গল্পকাৰে দেৱব্ৰত দাসদেৱৰ গল্পৰ সৈতে পৰিচিত। গতিকে দেৱব্ৰত দাসদেৱৰ গল্পত যি গাঁথনি দেখোঁ, বহুকেইটাত বিভিন্ন ঘটনাক উপস্থাপন কৰি সংঘাতৰ মাজেৰে সংযোগ স্থাপন কৰা এটা বিন্দুত, অবৰ্ণনধৰ্মী আৰু "OPEN ENDED" উপস্থাপন। প্ৰায়োগিকভাৱে কেতিয়াবা আমাৰ সত্তাক চাবুক মৰাৰ দৰে, অন্যথা খুব মৰমী অনুভৱেৰে হৃদয় ব্যাপ্ত কৰি দিয়াৰ দৰে।

'বকুল' তেনে এক গাঁথনিতে নিৰ্মাণ হৈছে। অ-বৰ্ণনধৰ্মী আৰু বহু বিবিধাভুক্ত ঘটনাৰ সংযোজন। এটা যেন বিশাল আকাৰৰ "মন্টাজ"; বহু বিবিধাভুক্ত কিন্তু তৰপীয়া নহয়। গতিকে আমাৰ যি ভাৰতীয় মনন, সেই লোকগাঁথা, ভাওনা আদিৰ "এখন দেশ, এজন ৰজা আছিল"-জাতীয় সেই মননৰ সৈতে ইয়াত একাকাৰ কৰিব নোৱাৰি। 'বকুলে' এক দৃষ্টিভংগী গ্ৰহণ কৰিছে যি সেই আধুনিক মননৰ সৈতে সংযোগ কৰিছে যাক আমি সৌৰভ চলিহা, দেৱব্ৰত দাস আদিৰ গল্পৰ গাঁথনিৰ সৈতে তুলনা কৰিব পাৰোঁ। চলচ্চিত্ৰৰ ক্ষেত্ৰতো কোৱান্টিন ট্যাৰান্টিনোৰ 'Pulp Fiction' আদিৰ গাঁথনিৰ কথা দৰ্শকে মনলৈ আনিব পাৰে। পৰিচালিকাৰ ব্যক্তিগত জীৱন-দৰ্শন তথা দৃষ্টভংগীৰ অৱলোকন ঘটা এই চলচ্চিত্ৰখনৰ কিন্তু নৈৰ্ব্যক্তিক ৰূপান্তৰ হৈছে, আৰু ই এক ডাঙৰ সফলতা। কাৰণ এনে এক ফলাফল খুব সহজ নহয় যিকোনো চলচ্চিত্ৰকাৰৰ বাবে। চলচ্চিত্ৰ নিৰ্মাণৰ বহুবোৰ কাৰক থাকে, বা আজিকালিৰ যি চলচ্চিত্ৰ নিৰ্মাণৰ শৈলী, সেই ৰূপবোৰ জনপ্ৰিয় কাৰকক একমুখে নাকচ কৰা ইমান সহজ নহয়। বিশেষকৈ চলচ্চিত্ৰৰ বাজেট সম্বন্ধীয় কথা যি চলচ্চিত্ৰখনৰ স্বাধীনতাকো হস্তক্ষেপ কৰে। আনকি হলিউডতো এই সম্পৰ্কে অভিযোগ শুনা যায়। সেই পৰিস্থিতিত সৃষ্টি কেতিয়াবা শিল্প হৈ নাথাকে, ই এক 'commodity' হৈ পৰে। 'বকুল'ত সেই স্বাধীনতা অটুট আছে। আৰু সেয়ে ই সেই সহজাত কাৰকসমূহ নোহোৱা এক সৃষ্টি। গতিকে দৰ্শকেও নিষ্ঠাৰে সৈতে গ্ৰহণ কৰিব পাৰে। ইয়াৰ উপৰিও 'বকুল' বহু পৰিমাণে ৰাজনৈতিক। চলচ্চিত্ৰখনৰ মাজে মাজে সেই ৰাজনৈতিক বক্তব্যসমূহৰ উপস্থাপন ঘটোৱা হৈছে।

মাছমৰীয়াজন আৰু শাক-পাচলি বিকা মানুহজনৰ মাজৰ কথা-বতৰাত ধৰা পৰিছে কেনেকৈ তেওঁলোকে বাংলাদেশী অনুপ্ৰৱেশৰ সমস্যাটোক নিৰূপণ কৰিছে। তেওঁলোকৰ শ্ৰেণী চৰিত্ৰৰপৰা তেওঁলোকে নিৰ্ধাৰণ কৰিছে ইয়াৰ আঁৰত কোন।

কেইজনমান বয়সিয়াল মানুহ আৰু মাছমৰীয়াজনে কমিউনিষ্ট প্ৰফেছৰ এজনৰ ভণ্ডামিৰ উদঘাটন কৰিছে। যি হয়তো ভণ্ড কিছু কমিউনিষ্ট সম্বন্ধে এটা সহজাত ধাৰণাৰ প্ৰতিফলন। আৰু পৰিচালিকাৰ চাবুকডাল সমাজৰ এই নৈতিক পতনসমূহৰ ওপৰত পৰিছে। কৰ্তব্যবোধ আৰু নীতিৰ প্ৰশ্ন আহিছে আৰু সাধাৰণ মানুহে এইসমূহ কেনেদৰে গ্ৰহণ কৰিছে আমি অৱলোকন কৰোঁ।

এনে বহুতো ৰাজনৈতিক মন্তব্যৰে, সমালোচনামূলক/আত্মসমালোচনামূলক মন্তব্যৰে 'বকুল' ভৰি আছে। কিন্তু চলচ্চিত্ৰখনে কোনো প্ৰশ্ন তোলা নাই। ই এক অৱলোকন। এটা ডেকা ল'ৰাই পাঁচ বছৰৰ মূৰত নিজৰ শৈশৱকালীন ঠাইডোখৰলৈ আহি প্ৰত্যক্ষ কৰা ঘটনালানিৰ সামূহিক প্ৰতিষ্ঠাপন 'বকুল'।

বকুল :

বকুল এজোপা সকলোৰে পৰিচিত গছ। যাক আমি পদূলিমুখত, কোনো চাৰিআলি, তিনিআলি, কেঁকুৰি আদিত দেখোঁ। ফুলিলে আমোলমোলোৱা এই গছজোপা অসমৰ সংস্কৃতি, জাতীয় পৰিচয়ৰ সৈতে অতিকৈ কপকপীয়াকৈ অটুট বন্ধনৰদ্বাৰা নিমজ্জিত। এই গছজোপা অসমীয়া জাতীয় জীৱনৰ বহুবোৰ কাৰকৰ সৈতে অভিযোজিত।

‘বকুল’ চলচ্চিত্ৰখনত এই নামটোৰে তিনিটা চৰিত্ৰৰ উপস্থাপন কৰা হৈছে। আৰু এই নামটো লিংগভিত্তিক নহয়।

১) এটা 'বকুল' চৰিত্ৰ হ'ল জয় আলিৰ পুত্ৰ ৰিক্সাচালক ডেকা ল'ৰাটো।

২) দ্বিতীয়টো চৰিত্ৰ হ'ল বকুল নামৰ সেই সৰু দোকান দি জীৱন চলোৱা সমাজৰদ্বাৰা লাঞ্ছিতা গাভৰুগৰাকী; যি এজনী ছোৱালীৰ মাক।

৩) তৃতীয়টো চৰিত্ৰ হ'ল 'বকুল' নামৰ মাছমৰীয়াজন। যাৰ পুত্ৰ ইতিমধ্যে নিৰুদ্দেশ হৈছে অথবা এটা উগ্ৰপন্থী দলত যোগদান কৰিছে।

এই তিনিজন 'বকুল'ৰ মাজেদিয়ে চলচিত্ৰখন উদ্ভাসিত হৈছে। তেওঁলোকৰ মাজেৰে আজিৰ অসমৰ এটা বাস্তৱিক উপস্থাপন আমি দেখা পাওঁ। এই তিনিজন বকুলক যোগ কৰিছে ৰক্তিম নামৰ চৰিত্ৰ এটাই, যি মুম্বাইত থাকে, আজিকালি অসমৰ যুৱক-যুৱতীৰ বাবে যি কৰ্মসংস্থাপনৰ বাবে অসমৰ বাহিৰলৈ ওলাই আহিছে।

সেই ৰক্তিম যেতিয়া অসমলৈ ঘূৰি আহে নিজৰ ঠাইখিনিলৈ, তেওঁ পৰ্যবেক্ষণ কৰে সমাজখন সময়ৰ তুলাচনীত। এজন নিষ্ক্ৰিয় পৰ্যবেক্ষক, কিন্তু সকলো ঘটনা অভিঘাতৰ দৰে নাহে, বহুবোৰ ঘটনাত চকিত হোৱাৰ দৰে গ্ৰহণ কৰিব লগা হয়। আৰু বহু মাত্ৰাত সমাজৰ বহু দিশ লাহে লাহে উন্মোচিত হয়। এনে এক কাঠামো নিয়ন্ত্ৰণত ৰাখি, এনে স্বকীয় চাপ ৰাখি দৰ্শকক অ-বৰ্ণনধৰ্মী ঘটনাৱলীৰ প্ৰতি আকৰ্ষিত কৰি ৰাখিব পৰাটো পৰিচালিকা ৰীমা বৰাৰ নিষ্ঠা তথা এই চিনেমাৰ ক্ৰাফটটোৰ সম্পৰ্কে যথেষ্ট বিষয়গত তথা/ভাষা প্ৰায়োগিক জ্ঞানৰ পৰিচায়ক। পৰিচালিকা সফল তেওঁৰ অভীষ্ট সিদ্ধিত উপনীত হোৱাত।

ৰক্তিমে প্ৰথম জোকাৰণিটো খায় প্ৰথম দৃশ্যটোত। যেতিয়া তেওঁ বাছৰপৰা নামি শীতকালৰ কোনো এটা কুঁৱলীৰে ঢকা ৰাতিপুৱাত বকুলৰ ৰিক্সাত উঠি ঘৰলৈ যায়। সচৰাচৰ অসমীয়া মননেৰে ৰক্তিমে বাংলাদেশী সম্পৰ্কে অভিযোগ কৰে যে, "মিঞা আহি মাটিবোৰ দখল কৰিছে।"

বকুলে এটা অতি তাৎপৰ্যপূৰ্ণ উত্তৰ দিয়ে যে, "পথাৰবোৰ সেই আগৰ দৰেই সেইজীয়া।"
কথোপকথনত গম পোৱা যায়, বকুলে উচ্চতৰ মাধ্যমিকলৈকে পঢ়িছে আৰু জীৱিকাৰ তাড়নাত ৰিক্সা চলাব লগা হৈছে।

ৰক্তিমৰ "চাকৰি কিয় কৰা নাই'' সেই প্ৰশ্নত বকুলে কয় - ৰক্তিম নিজেই দেখোন মুম্বাইত কৰ্মৰত। ইয়াৰে অসমত যে কৰ্মসংস্থানৰ সেই সুযোগ নাই - উচ্চশিক্ষিত হ'লেও, সেই কথাটো উন্মোচিত হয়।

ঘৰত পোৱাৰ পিছত বকুলে কয় – "ৰক্তিম দা, আপুনি মোক চিনি পোৱা নাই নেকি? মই বকুল - জয়দাৰ ল'ৰা।"

আৰু ৰক্তিমৰ বাবে এয়া অলপ শ্বক লগা কথাৰ দৰে। ইয়াতেই প্ৰতিষ্ঠাপিত হয় এজন বকুলৰ কথা আৰু ৰক্তিমৰ সৈতে তেওঁৰ সংযোগ। পিছলৈ আমি গম পাওঁ ৰক্তিমে জয় আলিৰ ওচৰত গান শিকিছিল আৰু নগৰীয়া মানুহে জয় আলিক "ভূপেন হাজৰিকা" বুলি অভিহিত কৰিছিল। আৰু এটা দৃশ্যত দেখো, ৰক্তিমে নিজৰ মাকৰ সৈতে ভাত খোৱাৰ সময়ত কথা পাতিছে। আলিক যে "বাংলাদেশী" সজাই হত্যা কৰা হৈছে মাকক সেই বিষয়ে অৱগত কৰিছে, ৰক্তিমৰ মাকো দুঃখিত হৈছে, আৰু মাকে ৰক্তিমক কৈছে যে ৰক্তিমহঁতৰ ঘৰখনৰ লগত ৰক্তিমৰ ককাদেউতাকৰ সময়ৰপৰাই সম্পৰ্ক আছে। আৰু দৰ্শক হিচাপে আমাৰ চকুত ই এটা কৰুণ আৰু নিষ্ঠুৰ ঘটনা হিচাপে ধৰা পৰিছে। আমি দেখোঁ, পৰিচালিকাৰ "Detail" - যে ৰক্তিমৰ হাত ভাতৰ মুঠিত ৰৈ গৈছে। আগ বঢ়া নাই মুখলৈ। বিভিন্ন কথা-বতৰাৰপৰা আৰু দৃশ্যাংশৰপৰা জানিব পাৰি যে আলি নিষ্ঠাৱান শিল্পীপ্ৰাণ মানুহ আছিল। অসমৰ মাটি-পানীৰ লগত আৱেগিক, জাতীয়ভাৱে জড়িত এজন সংগীত সাধক তথা সংগীতৰ নিষ্ঠাৱান শিক্ষক আছিল। আটাইতকৈ তাৎপৰ্যপূৰ্ণ কথা, জয় আলিয়ে নিজ পুত্ৰ আৰু কন্যাৰ নাম ৰাখিছিল বকুল আৰু বৰ্ণালী। যি তথাকথিত আৰবীয় নাম নহয়। সেই জয় আলিয়ে বকুলক শিকাইছিল নিষ্ঠা-সততাৰ কথা। এজন ছাত্ৰ হিচাপে ৰক্তিমৰ মনত জয় আলিৰ কৰুণ হত্যাই অনুৰণন তোলাটো স্বাভাৱিক। আৰু ৰক্তিমক জয় আলিৰ ঘৰ বিচাৰি যোৱা দেখো, জয় আলিৰ পৰিয়ালত খবৰ ল’বলৈ। কিন্তু সেই স্থানীয় পৰিৱেশত এইটো স্থাপিত হয় যে জয় আলি বহুতৰ বাবে এটা স্মৃতিহে মাথোঁ। নৰুল নামৰ স্থানীয় বেপাৰী এজনৰপৰা জয় আলিৰ ঘৰৰ কথা জানিব পৰা যায়। নৰুলৰপৰাও বকুলৰ জীৱনৰ সম্পৰ্কে গম পোৱা যায়। ৰক্তিম গৈ অৱশেষত জয় আলিৰ ঘৰত উপস্থিত হয়। আৰু আলিৰ পত্নী তথা বকুলৰ মাকৰ প্ৰশ্নৰ সন্মুখীন হয় - "বকুল বাচিবনে?" বকুলৰ মাকৰ সেই ভৰসা হেৰাই গইছে, প্ৰশ্ন তুলিবলে বাধ্য হৈছে। অসমৰ সামাজিক অৱস্থাৰ এটা প্ৰতিফলন ঘটিছে। বকুলক অৱশেষত হত্যা কৰা হৈছে। বকুল সততাৰে থিয় হৈছে, প্ৰতিবাদ কৰিছে, কিন্তু ৰক্তিমৰ সন্মুখতে বকুলক অন্যায়কৈ প্ৰহাৰ কৰা হৈছে। কিন্তু পৰিচালিকাই 'বকুল'ক এটা শক্তিশালী চৰিত্ৰ হিচাপে থিয় কৰাইছে চলচ্চিত্ৰখনত। বোধহয় সৌৰভ কুমাৰ চলিহাৰ সেই 'খৰাং' গল্পটোৰ দৰে আজিৰ এটা ক্ষয়ংকৰ সময়ত নীতিনিষ্ঠ সৎ চৰিত্ৰ এটা অৱলোকন কৰে। শেষত বকুলৰ শাক-পাচলি বেচি থকা অৱস্থাত দেখা যায় আৰু বকুলে দৰ্শকৰ ফালে চাই থাকোতে 'ফ্ৰিজ' কৰি দিয়া হয়। আলফ্ৰেড হিছকক-ক প্ৰথমবাৰ ফ্ৰিজ শ্বট ব্যবহাৰ কৰাৰ কৃতিত্ব দিয়া হয় যদিও ফ্ৰান্সৰ ফ্ৰাঁচোৱা ট্ৰুফুক চলচ্চিত্ৰামোদীসকলে প্ৰথমবাৰলৈ ফ্ৰিজ শ্বটৰ সফল, স্মৰণীয় ব্যৱহাৰ কৰা বুলি ক'ব খোজে। তেওঁৰ '400 Blows' চলচ্চিত্ৰখনিত দেখা যায়, কিশোৰজনে সাগৰৰ পাৰে পাৰে দৌৰি গৈ শেষত পুনৰ চহৰৰ পিনে ঘূৰি আহে আৰু কিশোৰজনক ফ্ৰিজ কৰি দিয়া হয়। এয়া প্ৰথমবাৰৰ বাবে চিনেমেটিকেলি লোৱা ট্ৰিটমেন্ট বা শ্বট। দৰ্শকে বুজি পাব পাৰে যে কিশোৰজনৰ সাগৰক অতিক্ৰম কৰি পলোৱাৰ ৰাস্তা নাই - সেয়ে তেঁও ঘূৰি আহিছে। আৰু যেতিয়া চহৰৰ পিনে ঘূৰি আহোঁতে ফ্ৰিজ কৰি দিয়া হয় দৰ্শক ভাবিবলে বাধ্য হয় যে এই কিশোৰটোৰ ভৱিষ্যৎ কি হ'ব। বোধহয় চিনেমাৰ শৈক্ষিক অৰ্হতা থকা বাবেই আমি ৰীমা বৰাৰপৰা এনে চিনেমেটিক ট্ৰিটমেন্ট পাইছো।
চলচ্চিত্ৰখনিত দ্বিতীয়টো শক্তিশালী 'বকুল' চৰিত্ৰ সেই সমাজৰপৰা এঘৰীয়া হোৱা, এটি ছোৱালী সন্তানৰ মাতৃ হোৱা, এখন চাহ-তামোলৰ দোকানৰ জৰিয়তে জীৱন যাপন কৰা 'বকুল' নামৰ যুৱতীগৰাকী। ৰক্তিমৰ লগত বকুলক চিনাকি কৰাই দিয়া হয় এখনি ফুলাম গামোচাৰ যোগেদি। এইটো এটা অতি শক্তিশালী শ্বট। আমি দেখোঁ ৰক্তিম ৰাতিপুৱা শুই উঠিছে আৰু মাকে ৰক্তিমক এখন ফুলাম গামোচা দেখুৱাই কৈছে, “চা চোন এয়া বকুলে বৈছে” - এয়া হ'ল বকুলৰ প্ৰথম পৰিচয়। এগৰাকী ধুনীয়া ফুল বাছিব পৰা সুন্দৰ ৰুচিবোধসম্পন্ন শৈল্পিক মনৰ যুৱতী।
যাৰ জীৱনলৈ অহা অৰ্বাচীন ঘটনাৰ বাবে বকুল নিঠৰুৱা হ'ব লগাত পৰে। স্কুলীয়া সময়তে বকুলৰ মাতৃত্ব লাভ হয় কোনো যুৱকৰ স’তে সান্নিধ্যত। সেই বিষয়ে আমি সঠিককৈ গম নাপাওঁ, পৰিচালিকাইও ইয়াক উন্মোচিত কৰা নাই আৰু প্ৰয়োজনো অনুভৱ কৰা নাই। কিন্তু এটা শ্বটত ইয়াক বিশেষভাৱে সৃষ্টি কৰিছে এইটো দিশ। আমি দেখো - বকুলে কেৰাহীত জুহালত মাংস বনাইছে। মাংসখিনিৰ ক্ল'জ শ্বট। তাৰ পিছত লং শ্বটত দেখো বকুলৰ ছোৱালীজনীয়ে পঢ়ি আছে। একেটা ফ্ৰেমত দুয়োকে আবদ্ধ কৰিছে। এটি পৰিয়াল, কিন্তু অসম্পূৰ্ণ - কিবা এটা যেন নাই। তাৰ পিছত আমি দেখো বকুলৰ মিড ক্ল'জ শ্বট - বকুলে কিবা চিন্তা কৰিছে। শেষত বকুলৰ মুখৰ ক্ল'জ শ্বট। বকুলৰ গালেদি নিঃশব্দে দুধাৰি চকুপানী বৈ আহিছে। বকুলৰ কিবা মনত পৰি চকুপানী ওলাই আহিছে। আমি ঘৰত মাংস অকণ বনালে খুউব আগ্ৰহত এক সামগ্ৰিক সুখবোধত বনাওঁ - কিবাকিবি ঘৰুৱা অশান্তিত মাংস আদি নাখাওঁ। গতিকে সেই মাংসকণ বনোৱা, এবিধ আগ্ৰহৰ ব্যঞ্জন উপভোগ কৰা মুহূৰ্তত বকুলৰ অকলশৰীয়া লাগিছে। হয়তো তেওঁৰ কোনো আদৰৰ মুহূৰ্তলৈ মনত পৰিছে। আৰু পৰিয়ালটো অসম্পূৰ্ণ হৈছে মাংসখিনি মিলিজুলি খাবলৈ। সেই অসম্পূৰ্ণতাৰ আবেশ বকুলৰ ছোৱালীজনীৰ ওপৰতো পৰিছে। আমি দেখো, বকুলৰ ছোৱালীজনীয়ে এটা বটলত এখন চিঠি লিখি নৈত উটুৱাই দিছে। হয়তো তাইৰ দেউতাকলৈ এখন চিঠি। বিশেষকৈ তাইৰ নিজৰ বাবে নহয়, তাই আচলতে মাকৰ দুখত দুখী। বকুল আৰু বকুলৰ ছোৱালীজনীৰ বহুকেইটা আন্তৰিক ব্যক্তিগত মুহূৰ্তৰ দৃশ্য আছে। এটাত বকুলে সাধু কয় নিজৰ ছোৱালীজনীক আৰু কৈ কৈ ভাগৰত টোপনি যায়। আন এটিত নিচুকনি গীত শুনায়। এনে দৃশ্যই বকুলৰ ব্যক্তিত্বত অন্য এটা মাত্ৰা যোগ দিয়ে। হয়তো সেই সাৰ্বজনীন মাতৃ সত্তাটো আৰু নিচুকনি গীতৰ সমন্বয়। ক্ৰমান্বয়ে যি এটা অপূৰ্ব মানৱিক ৰূপ ইতিমধ্যে আমাৰ সমাজ জীৱনৰপৰা আঁতৰি গৈছে। কিন্তু আমি যদি চাওঁ, পশ্চিমীয়া সমাজত, ইউৰোপ আদিত ইয়াক এতিয়াও গুৰুত্ব দিয়া হয়। বিছনাত দেউতাক বা মাকে নিজৰ ল'ৰা-ছোৱালীক সাধু, নিচুকনি গীত গোৱাটো এতিয়াও অটুট আছে। ইও এক জাতীয় পৰিচয়ৰ প্ৰধান কাৰক।
আন এটা দৃশ্যত দেখো, বকুল ছোৱালীজনীয়ে প্ৰশ্ন কৰিছে, 'বকুল'ৰ বাবে ভগৱান নাই নেকি? বকুলে আইতাকৰ ফটো এখনলৈ আঙুলিয়াই কৈছে, তেৱেঁই তাইৰ ভগৱান। আমি ফ্লেছবেক-লৈ ঘূৰি গৈ দেখোঁ - বকুলৰ ককায়েকে বকুলৰ গৰ্ভৱতী অৱস্থাটো লৈ আতিশয্য কৰিছে আৰু সমাজৰপৰা আহিছে বকুলক গৰ্ভপাত নকৰালে সমাজৰপৰা এঘৰীয়া কৰাৰ ভাবুকি। এনে সময়তে বকুলৰ আইতাক বকুলৰ কাষত সেই চিৰন্তন নাৰী সহমৰ্মিতাৰে থিয় হৈছে। বকুলৰ চৰিত্ৰটো প্ৰস্তুত কৰোতে সেই সহমৰ্মিতা পৰিচালিকাৰ নিজৰ কিছু নাৰীবাদী ধাৰাৰ প্ৰভাৱ থকাটো নুই কৰিব নোৱাৰি। পৰিচালিকাই বকুলক এটা অতি শক্তিশালী, যুঁজাৰু চৰিত্ৰ হিচাপে প্ৰতিষ্ঠাপিত কৰিছে। আৰু বোধহয় বকুলক বহুবোৰ অন্য মাত্ৰাত ধৰি ৰাখিছে। আমি দেখো, বকুল বিউটি পাৰ্লাৰলৈ গৈছে আৰু সহজাত ৰূপচৰ্চাৰ আগ্ৰহেৰে 'থ্ৰেডিং' কৰিব বিচাৰিছে। নিজৰ ঘৰখনত ককায়েকে কৰা অশান্তিত বকুলে মাত মাতিব লগা হৈছে। সেই সময়ত মাকৰ মুখৰপৰা ভাহি আহিছে সেই পুৰুষতান্ত্ৰিক সমাজৰ নিপীড়িত, নিৰ্যাতিতৰ ভাষ্য - ''ককায়েৰৰ গাত হাত তুলিব নাপায়।"
শেষত এই বকুলেই ৰিক্সাচালক বকুলৰ হত্যাৰ সাক্ষী দিবলৈ আগ বাঢ়িছে, যেতিয়া আন সকলোৱে এই সম্পৰ্কত পিছ হুঁহকি আহিছে। অতি তাৎপৰ্যপূৰ্ণ যে বকুলক যিখন সমাজে লাঞ্ছিতা কৰিছিল সেই সমাজখনৰে অন্যায়ৰ বিৰুদ্ধে বকুলে থিয় দিছে এটি বিবেকৱান চৰিত্ৰ হিচাপে। আৰু ই চলচ্চিত্ৰখনত বকুলৰ চৰিত্ৰত অন্য এক মাত্ৰাৰ সংযোজন ঘটাইছে।
তৃতীয়জন বকুল হ'ল এজন আদহীয়া মাছমৰীয়া। যি অকলে মাছ-পুঠি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰে। যাৰ পুত্ৰ সন্ধানহীন। কিন্তু পিছত তেওঁৰ ঘৰলৈ এজন উগ্ৰপন্থী সদস্যৰ আগমনৰ জৰিয়তে সেই কথা জানিব পৰা যায় যে মাছমৰীয়া বকুলৰ পুত্ৰই উগ্ৰপন্থীৰ দলত যোগদান কৰিছিল অন্য এক সমাজ প্ৰতিষ্ঠাৰ বাবে। বকুলৰ মনত সংশয়; তেওঁ প্ৰায়ে ক'ৰবাত পৰিত্যক্ত মৰাশৰ সন্ধান পালে চিনাক্তকৰণৰ বাবে দৌৰি যায়। বিচাৰি যায় - সেই পৰিত্যক্ত মৰাশ কিজানি তেঁওৰ ল'ৰা সোণমণিৰ!
এই বকুলো এটা অতি শক্তিশালী চৰিত্ৰ। এই বকুলক প্ৰথমবাৰৰ বাবে দেখা পাওঁ ৰক্তিমৰ ঘৰৰ সমুখেৰে মাছ বেচিবলৈ যাওঁতে। এইটো এটা খুউব সাধাৰণ, স্বাভাৱিক বা সচৰাচৰ দেখা পোৱা অসমৰ সমাজজীৱনৰ দৃশ্য। ৰক্তিম, ৰক্তিমৰ মাক আৰু বকুলক এক আশ্চৰ্যজনক স্বাভাৱিক- সৰল পৰিবেশত দেখা পাওঁ আৰু দৰ্শকেও বাহুল্য নথকা এই দৃশ্যটোত একাত্ম হ'ব পাৰিব। মাছমৰীয়া বকুল হ'ল সেই এটা অনল মানৱিক সত্তাৰ প্ৰতিভূ যাৰ চলচ্চিত্ৰখনিত উন্মোচিত ৰূপটোৱে আমাক প্ৰভাৱিত কৰে অতি যোগাত্মকভাৱে। আমাৰ আত্মাক চুই যায় সেই সৰলতা, সেই প্ৰজ্ঞা, সেই জীৱনবোধ তথা প্ৰাচীন মানৱীয় শুভ ভাবনাই যি মাছমৰীয়া বকুলৰ যোগেদি প্ৰৱাহিত হৈছে। গতিকে বকুলক যেতিয়া আমি পৰ্দাত দেখো সেই বকুলে এটা সদ্ভাৱ, এটা শুভ চিন্তা, এটা অভিভাৱকৰ দৰে অনুষংগ আমাৰ মনলৈ কঢ়িয়াই আনে। তেওঁৰ কথা-বতৰাই দৰ্শকৰ মাজত সিঁচৰতি কৰি দিয়ে সেই চিৰন্তন আত্মশুদ্ধি। আমাৰ নিজস্ব অহংকাৰ, আমাৰ বৰ্তমান সমাজে দিয়া মনোভংগী, সেই বেচা-কিনা মূল্যবোধক নতুনকৈ বিচাৰ কৰিবলৈ বাধ্য কৰে। মাছমৰীয়া বকুল প্ৰতীকী এক অৰ্থত সমাজৰ বিবেক। প্ৰতীকীভাৱে বকুল সেই মানৱ সত্তাটোৰ প্ৰতিনিধি যি মানৱীয় প্ৰমূল্য বিনয়ৰ সৈতে উপস্থাপিত কৰে। বকুলৰ জৰিয়তে সেইসকল সাধাৰণ মানুহৰ প্ৰজ্ঞা প্ৰকাশ পায়।

অভিনয় :

অভিনয় ‘বকুল’ চলচ্চিত্ৰখনিত এক মূল সম্পদ। বকুলত দুইধৰণৰ অভিনয়ৰ সংমিশ্ৰণ ঘটোৱা হৈছে। ACTOR আৰু NON-ACTOR। আৰু চলচ্চিত্ৰখনত এই প্ৰয়োগ সফল হৈছে। আমি অভিনয়ৰ অসাধাৰণ উপস্থাপন দেখো সৰু-বৰ সকলো চৰিত্ৰৰপৰা। বৃত্তিগত অভিনেতা হিচাপে উৰ্মিলা মহন্ত আৰু উদয়ন দুৱৰা সফল, কিন্তু NON-ACTORঅৰ ব্যৱহাৰৰ বাবে উৰ্মিলা মহন্তৰ অভিনয়ত এক প্ৰচেষ্টা দেখা পাওঁ। কিন্তু আচৰিতভাৱে সেই প্ৰচেষ্টা NON-ACTORসকলৰ ক্ষেত্ৰত অনুপস্থিত, তেওঁলোক আশ্চৰ্যজনকভাৱে সাৱলীল আৰু অতি স্বাভাৱিক উপস্থাপন তেওঁলোকৰ চৰিত্ৰসমূহৰ।
NON-ACTOR ব্যৱহাৰৰ ক্ষেত্ৰত আটাইতকৈ বিখ্যাত পৰিচালকজন আছিল ৰবাৰ্ট ব্ৰেছ। ব্ৰেছে চিনেমাত NON-ACTORঅৰ বহুল ব্যৱহাৰ কৰিছিল আৰু কেতিয়াও অভিনয় কৰিবলৈ দিয়া নাছিল, তেওঁৰ চলচ্চিত্ৰৰ চৰিত্ৰসমূহে কেতিয়াও নাকান্দিছিল, নাহাঁহিছিল; একো আৱেগ প্ৰয়োগ নকৰিছিল। তথাপি তেওঁৰ চলচ্চিত্ৰই সেই কোনেও চুব নোৱৰা এক অনল পৱিত্ৰতা চুব পাৰিছিল আৰু দৰ্শকক বাধ্য কৰিছিল চৰিত্ৰসমূহে নেদেখুওৱা আৱেগ নিজৰ মাজত উন্মোচন কৰিবলৈ আৰু সফল হৈছিল।
'বকুল'ত অভিনেতাসকলৰ Effortless অভিনয়, বিশেষকৈ NON-ACTORসকলৰ অতি দীপ্ত আৰু তেওঁলোকৰ সংলাপ প্ৰক্ষেপো অতি বাস্তৱিক।
বিশেষকৈ নাম ল'ব পাৰি বকুল মাছমৰীয়াজনৰ অভিনয় কৰা নীৰৱ দাস। তেওঁৰ অভিনয়ত মাছমৰীয়া বকুলজনৰ চৰিত্ৰটো প্ৰাণ পাই উঠিছে। এনে স্বাভাৱিক অভিনয় অসমীয়া চলচ্চিত্ৰত একেবাৰে বিৰল। দৰ্শকে তেওঁ যে অভিনয় কৰিছে সেইটো অনুভৱ কৰিব নোৱাৰিব।
ৰিক্সাচালক বকুলৰ মাকৰ চৰিত্ৰত অভিনয় কৰা মাতু হাজৰিকাৰ অভিনয়ো উল্লেখযোগ্য। তেওঁৰ মুখভংগীয়ে চৰিত্ৰটোক যিদৰে মাত্ৰা দিছে, অতি কম সময়ত সেই মনৰ ভিতৰৰ দ্বন্দ্ব, ভয় দৰ্শকৰ মাজলৈ বিয়পি পৰে।
চলচ্চিত্ৰ ব্যাকৰণত থকা "টাইপেজ" চৰিত্ৰৰ যি ব্যৱহাৰ, 'বকুল' চলচ্চিত্ৰত ইয়াক পূৰাদমে প্ৰয়োগ কৰা হৈছে। সেইবাবে চলচ্চিত্ৰখনিত উপস্থাপিত চৰিত্ৰসমূহে সাইলাখ সেই বাস্তৱিক চৰিত্ৰসমূহকেই প্ৰতিনিধিত্ব কৰে। এয়া ৰীমা বৰাৰো এক সফলতা।

কলাকুশলী, নান্দনিকতা :

অতি কম বাজেটৰ, যি ক্ষেত্ৰত আমি আশা কৰিব নোৱাৰোঁ পূৰ্ণ পৰ্যায়ৰ কলা-কৌশলগত, অত্যাধুনিক চলচ্চিত্ৰৰ কাৰিকৰী প্ৰয়োগ। তথাপিও "বকুল"ৰ চিনেমেটিক CRAFT উচ্চ পৰ্যায়ৰ। ইয়াক বহু কষ্টৰদ্বাৰা আয়ত্ত কৰা হৈছে। আৰু সেই কাৰিকৰী কুশলীসকল শিক্ষাগত তথা অভিজ্ঞতাৰদ্বাৰা পুষ্ট। অৰ্থাৎ 'বকুল'ত চিনেমেটিক ক্ৰাফ্ট অটুত আছে। অভিনয়ৰ দৰে কাৰিকৰী কুশলীসকলেও এক গোট হিচাপে 'বকুল'ৰ সেই পৰিপূৰ্ণতা প্ৰদান কৰিছে যাক আমি কেঁচা কাম বুলি ক'ব নোৱাৰোঁ। বিশেষকৈ ক'ব লাগিব সন্দীপ পাটিলৰ কেমেৰাৰ কথা। বিবেক বসুমতাৰীৰ শব্দ গ্ৰহণ। ইয়াৰ উপৰিও নিমজ সম্পাদনা। সন্দীপ পাটিলৰ চিনেমেট'গ্ৰাফিয়ে 'বকুল'ক অন্য মাত্ৰা দিছে। পোহৰৰ মাত্ৰা নিখুঁত ৰাখিছে। ৰাতিৰ শ্বটসমূহত পোহৰৰ প্ৰক্ষেপণ অন্য ধৰণৰ আৰু 'GRAIN'বিহীন। শ্বট ডিভিজন যি লাইটৰ মাপৰ পাৰ্থক্যৰ বাবে সম্পূৰ্ণ এখন চলচ্চিত্ৰ নষ্ট হৈ যায়, সেয়া 'বকুল'ত অনুপস্থিত। আৰু সন্দীপ পাটিলৰ কেমেৰাত ধৰা পৰিছে অসমৰ উত্তৰ পাৰৰ সৌন্দৰ্য, সমাজজীৱন। বহল লেণ্ডস্কেপত পেইন্টিঙৰ দৰে নদী, ঘৰ-দুৱাৰ, ৰাস্তা-পদূলি, ৰাতিপুৱা, আবেলি, দিন - এই সময়সমূহ দৃশ্যৰ সৈতে তেওঁ কেমেৰাত আবদ্ধ কৰিছে। সন্দীপ পাটিলৰ চিনেমেট'গ্ৰাফিয়ে 'বকুল'ক এক অন্য মাত্ৰা প্ৰদান কৰিছে, তেওঁৰ ফ্ৰেমিংসমূহ আটিল আৰু অলাগতিয়াল কম্পনবিহীন।
শব্দৰ ক্ষেত্ৰত এইটো উল্লেখ কৰিবই লাগিব যে চৰিত্ৰসমূহৰ স্বাভাৱিক অভিনয় চিনেমাত প্ৰতিফলিত হ'বৰ বাবে 'SYNC SOUND'অৰ ভূমিকা প্ৰধান আৰু ‘বকুল’ৰ বাবে ই অতি প্ৰয়োজনীয় আছিল। বিবেক বসুমতাৰীয়ে অতি নিষ্ঠাৰে চৰিত্ৰসমূহৰ সংলাপ বা পাৰিৱেশিক শব্দসমূহ নিটোলভাৱে বাণীবদ্ধ কৰিছে। ই এক উল্লেখযোগ্য সফলতা।
মই আগতেই উল্লেখ কৰা 'বকুল' বহু লোকৰ প্ৰচেষ্টাত সফল সম্পূৰ্ণ হৈছে সকলো ক্ষেত্ৰত। গতিকে সকলোৰে নাম হয়তো ল'ব পৰা নাই, কিন্তু নিঃসন্দেহে জড়িত সকলোৰে ভূমিকা প্ৰশংসাৰ যোগ্য। 'বকুল' চলচ্চিত্ৰখনিত বহু নান্দনিক দৃশ্য সন্নিৱিষ্ট হৈ আছে। পৰিচালিকাৰ মেটাফ'ৰৰ প্ৰয়োগ ঠায়ে ঠায়ে উল্লেখযোগ্য আৰু চিনেমেটিকেলি প্ৰভাৱিত কৰিব পৰা সেই শ্বটসমূহে এগৰাকী চিনেমাৰ প্ৰকৃত চলচ্চিত্ৰৰ শিক্ষাৰ্থী তথা কৰ্মীৰ আভাস দিয়ে পৰিচালিকাৰ সম্পৰ্কত।
নান্দনিক দৃশ্যৰ ক্ষেত্ৰত আমি দেখোঁ, অসমীয়া নাৰীৰ তাঁতশালৰ যোগেদি বোৱা বিভিন্ন জ্যামিতীয় design থকা তথা ফুলবছা মেখেলা-চাদৰ আদিৰ বহু Close Shot। আমি বিয়া এখনত পানী তুলিবলৈ যাওঁতে মহিলাসকলৰ মেখেলাৰ পোনপটীয়া FOCUS দেখোঁ। বকুলে নদীত কাপোৰ ধুই থাকোঁতেও আটাইকেইগৰাকী মহিলাৰ সুন্দৰ জ্যামিতীয় নান্দনিকতাবোধ থকা মেখেলা-চাদৰৰ উপস্থাপন লক্ষ্য কৰিব পাৰোঁ।
মেটাফ'ৰৰ ক্ষেত্ৰত আমি লক্ষ্য কৰোঁ, বকুল চাইকেল মাৰি আহি থাকোঁতে বিয়া নাম গাই মহিলাখিনি পাৰ হৈ যায়। ই বকুলৰ মনতো ক্ৰিয়া কৰে, মহিলা হিচাপে তাইৰ সহজাত বিয়াৰ প্ৰতি আশাৰ কথা। আমি দেখোঁ ৰাস্তাৰ দাঁতিত পেলনীয়া দেৱী মূৰ্তি এটা। পিছত আমি দেখো, নদীখনৰ ওচৰত বহু দেৱী মূৰ্তি চৰত পৰি থকা। এনে শ্বটৰ ব্যবহাৰে চলচ্চিত্ৰখনিক নতুন মাত্ৰা প্ৰদান কৰে। ইয়াৰ উপৰিও ৰেডিও'ত উগ্ৰপন্থীসকলৰ বাতৰি কৈ থাকোঁতে আমি দেখোঁ, বকুলে ধৰি অনা মাছ কিছুমান পানীৰ পাত্ৰত বাকী দিছে। সচৰাচৰ নদীত স্বাধীনভাৱে মাছসমূহৰ এক অৱৰুদ্ধ অৱস্থা। এটা অনবদ্য শ্বট। উল্লেখযোগ্য, চাহ জনগোষ্ঠীৰ লোকসকলৰ ঝুমুৰ নৃত্য। বকুলৰ সৈতে তেওঁৰ আদহীয়া বন্ধুকেইজনে সেই নৃত্য অনুষ্ঠানত ভাগ লয়। আমি দেখো, কোনো বাগড়ম্বৰ নথকা অতি স্বাভাৱিক চাহ জনগোষ্ঠীৰ লোকসকলক। নাৰীসকলৰ সাধাৰণ পোছাক, ভৰিত ধূলি-বালি, মানুহখিনিৰ কষ্ট কৰি খোৱা অভিজ্ঞতাৰে নিৰ্মিত মুখ। এনে বাস্তৱযোগ্য উপস্থাপন অতি মানৱীয় আৰু সেই মহান চলচ্চিত্ৰকাৰসকলৰ শিক্ষাৰ আভাস দিয়ে যি চলচ্চিত্ৰক ইতিমধ্যে অন্য মাত্ৰাত প্ৰতিষ্ঠা কৰি থৈ গৈছে, ইয়াক এটা ভাষা দি গৈছে।

সম্পৰ্কৰ সংকট :

'বকুল'ত এটা গুৰুত্বপূৰ্ণ সংকটে দেখা দিছে। সেয়া হ'ল সম্পৰ্কৰ সংকট। সম্পৰ্কসমূহৰ আকুলতা। প্ৰথমেই আহো ৰক্তিমৰ সম্পৰ্কসমূহলৈ। আত্মমুখী চৰিত্ৰৰ ৰক্তিমৰ কৈশোৰকালীন ভালপোৱাও ইয়াত উন্মোচিত হৈছে। তাৰ এটা নিজস্ব মাদকতাপূৰ্ণ ৰূপ ধৰা পৰিছে। ৰক্তিমৰ ৰিক্সাচলক বকুলৰ সৈতে সম্পৰ্ক। এই সম্পৰ্কৰ আঁৰৰ ঘটনালানিয়ে ৰক্তিমক আহত কৰিছে। বকুলক মাৰ-পিট কৰা সময়তো ৰক্তিম নিষ্ক্ৰিয় হৈ থাকিব লগা হৈছে। বকুলৰ হত্যাৰ পাছতো ৰক্তিম মাথোঁ এজন মৌন দৰ্শক। ৰক্তিমৰ মাছমৰীয়া বকুলৰ সৈতে সম্পৰ্ক; এয়া দুটা প্ৰজন্মৰ মাজৰ এটা সম্পৰ্ক - খুবেই উমাল। ৰক্তিমৰ বকুল-নাৰীগৰাকীৰ সৈতে সম্পৰ্ক; ইয়াত বকুল ধৰা পৰিছে - শিল্পী হৈছে। কিন্তু বকুলৰ আঁৰৰ কাহিনী ৰক্তিমৰ অগোচৰ। মাথোঁ দৰ্শক হিচাপে আমি সেইখিনি জানিব পাৰোঁ।
চলচ্চিত্ৰখনিত দুটা সপোনৰ দৃশ্য আছে। এটা মাছমৰীয়া বকুলে দেখে, আনটো ৰিক্সাৱালা বকুলৰ মাতৃয়ে দেখে। বাস্তৱ জীৱনত সহজ আৰু স্বাভাৱিক দুয়ো সপোনত অস্বাভাৱিকভাৱে চিঞৰি উঠে পুত্ৰক বিচাৰি। ইয়াত তেওঁলোকৰ অন্তৰ্জগতৰ কথা আমি জানিব পাৰোঁ। সেই ভয় - সেই আৰ্তি সন্তানৰ বাবে। বোধহয় সেই দৃশ্য দুটা বৰ্তমান সময়ৰ এক বৃহৎ মেটাফৰ। সমাজৰ যি অসহজ, নিষ্ঠুৰ পৰিস্থিতি - সকলো পিতৃ-মাতৃৰ হয়তো সেই একে আৰ্তি, আকুলতা, ভয় সন্তানক লৈ বিৰাজমান। ইয়াৰ উপৰিও বহুবোৰ সম্পৰ্কৰ উন্মোচন ঘটিছে চলচ্চিত্ৰখনিত। ই বিভিন্ন মাত্ৰাত ধৰা পৰিছে। সকলো সম্পৰ্ক ইটোৰ লগত সিটো সংযুক্ত। ই এক বিশাল মকৰাজাললৈ ৰূপান্তৰ ঘটিছে। দৰ্শক হিচাপে আমি কেৱল এক timelineঅত ঘটনাসমূহ পৰিদৰ্শন নকৰোঁ; বৰং ই বিভিন্ন দিশত, sub level আৰু subtextঅতো পৰিস্ফুট হয়। নতুন নতুন দিশ উন্মোচন কৰে। চলচ্চিত্ৰখনে এক মুকলি প্ৰশ্ন লৈ শেষ হয়।

দুৰ্বলতা :

চলচ্চিত্ৰখনিত কিছু দুৰ্বলতা ধৰা পৰিছে। পৰিচালিকা ৰীমা বৰাৰ দুখন চুটি চলচ্চিত্ৰ চোৱাৰ সৌভাগ্য হৈছে। এখন হ'ল 'নিশব্দৰ প্ৰতিধ্বনি' আৰু আনখন তেওঁৰ ডিপ্লমা ফিল্ম 'চটক'। দুয়োখনতে দুটা ভিন্ন নিৰ্মাণশৈলী দৃষ্টিগোচৰ হয়। 'নিশব্দৰ প্ৰতিধ্বনি' আছিল এক দৃশ্যগত অনুভৱ, চিনেমেটিক অভিজ্ঞতা। কিন্তু 'চটক' বহু পৰিমাণে বিষয়বস্তুনিৰ্ভৰ। ইয়াত যেন দৃশ্যগত ট্ৰিটমেন্টক নাকচ কৰা হৈছে আৰু সেই বিষয়ত অকণো চিন্তা কৰা হোৱা নাই। খুবেই সংলাপধৰ্মী আৰু বিষয়বস্তুৰে ঢাকি ধৰাত আমি বেলেগধৰণেৰে চলচ্চিত্ৰখন অৱলোকন কৰোঁ - যি তেঁওৰ 'নিশব্দৰ প্ৰতিধ্বনি'ৰ ট্ৰিটমেন্টৰপৰা বহু পৃথক।
'বকুল'ত এই দুইধৰ্মী ট্ৰিটমেন্টৰ প্ৰভাৱ পৰিছে। দুটামান দৃশ্য উল্লেখ কৰিব বিচাৰিছোঁ।

আমি দেখোঁ - ৰাতি বকুলৰ মাক গৈ বকুলৰ ঘৰত হাজিৰ হৈছেগৈ। বকুলে বুজি পাইছে যে তাইৰ ককায়েকে মাক-দেউতাকৰ ওপৰত অত্যাচাৰ কৰিছে। ইয়াৰ পিছৰ শ্বটত যেতিয়া বকুল আৰু ককায়েকৰ সংলাপ নিক্ষেপ হয়, আমি দেখোঁ কেমেৰা কেৱল বকুলৰ মুখৰ ওপৰত নিবদ্ধ। দৰ্শকে যেতিয়া ককায়েকক চাব বিচাৰে কেমেৰা সেইফালে যোৱা নাই। ই একধৰণে চিনেমাৰ ব্যাকৰণক ভংগ কৰে। বোধহয় বকুলৰ যোগেদি যি ক্ষোভ, খং প্ৰকাশ হয় সেই সময়ত বিষয়গত (subjective আৰু কিছু নাৰীবাদি) হেঁচাৰ বাবে পৰিচালিকাই কেমেৰাক বকুলৰ মুখৰপৰা আঁতৰিবলৈ নিদিলে।
সপোনৰ দৃশ্য দুটাৰ বাবে বহু অধিবাস্তৱবাদী (Surreal) উপস্থাপনৰ সম্ভাৱনা আছিল যদিও ই বিফল হ'ল। ইয়াক আৰু অধিক প্ৰভাৱিত কৰিব পৰা গ'লহেঁতেন। বকুলৰ মাকে ৰাতিপুৱা লেম্প এটা লোৱাটোও অলপ দৃষ্টিকটু হোৱা যেন বোধ হয়।

আটাইতকৈ ডাঙৰ দুৰ্বলতা মোৰ দৃষ্টিত শেষৰ বকুলৰ নৈৰ পাৰত মৃতদেহ উদ্ধাৰ হোৱা দৃশ্যটো। ই চলচ্চিত্ৰখনি সকলো পৃথক ঘটনাৰ সংযোগ বিন্দু আছিল। বোধহয় সেই একে বিষয়বস্তুৰ বাবেই ইয়াক ৰূপায়ণ কলাত প্ৰভাৱশালী, বাস্তৱবাদী ৰূপত বিফল হ'ল। কিন্তু ই এক গোটেই চলচ্চিত্ৰখনিৰ শেষ বিন্দুত এটা প্ৰভাৱশালী "MISE-EN-SCENE" হিচাপে উপস্থাপন কৰিব পৰা গ'লহেঁতেন। "MISE-EN-SCENE" [মি জঁ চেন] হ'ল চলচ্চিত্ৰ এখনত কোনো এটা দৃশ্যত, অভিনয়, চৰিত্ৰসমূহ, স্থান, দৃশ্যসজ্জা, পোহৰ, কেমেৰাৰ অৱস্থান, দৃশ্যটোত লগা PROPSসমূহ আদি সকলোবোৰৰ এক আশ্চৰ্যজনক 'ARRANGEMENT', যাৰ প্ৰভাৱ দৰ্শকৰ ওপৰত বাৰুকৈয়ে পৰে একেলগে একে সময়তে। ই কেৱল এক চলচ্চিত্ৰীয় ভাষা যি আন কোনো মাধ্যমত দেখা পোৱা নাযায়। বিপদজনকভাৱে ই নাটকীয় ট্ৰিটমেণ্টলৈ গুচি যাব পাৰে। 'মি জঁ চেন' কোনো পৰিচালকে কৰোঁ বুলি কৰিব নোৱাৰে। ই শ্বট লোৱাৰ পিছত সম্পাদনাৰ পিছত উদ্ভাসিত হয়।

‘বকুল’ৰ শেষ দৃশ্যটোত বহু বিষয়বস্তুৰ ভৰ আছিল। যেনে, মৃত্যু উদ্ধাৰ, হত্যাকাৰী, ফ্লেছবেক, মানুহখিনি, নৈৰ পাৰ, চৰিত্ৰসমূহ, বকুলৰ মাক, আৱেগ, দোষীকেইজন লুকাই পৰা, কেমেৰাৰ অৱস্থান, পোহৰ আদি বহুতো বিষয়। স্বাভাৱিকতে ইয়াক সফল প্ৰায়োগিক ৰূপায়ণ আৰু IMPACTFUL কৰাটো পৰিচালিকাৰ এটি CHALLENGE। দৃশ্যটো কৰুণ আৰু এক দৃষ্টিৰে প্ৰভাৱশালী হয়। কিন্তু চিনেমেটিকেলি ই সেই চলচ্চিত্ৰীয় দৃশ্যগত সামগ্ৰিক এক অনুভৱ তথা বাংময় ৰূপ পোৱাত বিফল যেন বোধ হয়। অতি দৃষ্টিকটু যেন লাগে যেতিয়া বকুলৰ মাক আহি বকুলৰ প্লাষ্টিকৰ ভিতৰত সোমোৱাই থোৱা মৃতদেহটোৰ ওচৰত মূৰ্ছা যায়। কিন্তু বোধহয় বকুলৰ মাকে তেওঁৰ পুত্ৰৰ মৃতদেহটো খুলি চালেহেঁতেন, তেওঁৰ ওচৰলৈ আৰু কোনো মহিলা তেওঁক ধৰিবলৈ আহিলেহেঁতেন। ইপিনে সাক্ষীসকলৰ লুকাই পৰা চিনটো আছিল, 'বকুল' নাৰীগৰাকীয়ে সাক্ষী দিম বুলি কোৱা শ্বট আছে, সাংবাদিক এজনৰ শ্বট আছে। কেমেৰাটো আমি কেৱল নাটকীয় ৰূপত কেৱল দৰ্শকৰ অৱস্থানত দেখোঁ। ইয়াৰ আৰু ভিন্ন সফল প্ৰয়োগ নেদেখোঁ। গতিকে সামগ্ৰিকভাৱে শ্বটসমূহ CUT BY CUT হ'ল। ই এটা সামগ্ৰিকতালৈ গৈ একেলগে IMPACT কৰিব পৰা নহ'ল, তেনে অনুভৱ দৰ্শক হিচাপে হ'ল। এইখিনি সময়ত কেমেৰামেনজনক অতি সৃষ্টিশীল EFFECTIVE ৰূপত ব্যৱহাৰ কৰা যায়। কিন্তু এই দৃশ্যত তেওঁক HELPLESS হিচাপে পাওঁ।

'বকুল' শেষ হৈছে এজন বকুলৰ মৃত্যুত, এগৰাকী বকুলৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিয়া আৰু আনজন বকুল সময় বালিত খোজ থৈ দৰ্শকলৈ পিঠি দি সমুখলৈ গৈ থকা অৱস্থাত। এই বকুলৰ ভৱিষ্যত কি? 'বকুল' আচলতে ট্ৰিলজিৰ প্ৰথম খণ্ড। গতিকে মাছমৰীয়া বকুলজনৰো এটা ভৱিষ্যত আছে। যেতিয়া আমি দেখিম এই বকুলে এটি পানীত উটি অহা মৰাশ লৈ অসমৰ মাজেৰে মৰাশটো পৰিয়ালক গতাই দিবলৈ যাত্ৰা কৰিলে। এই যাত্ৰাটোত অসমৰ আন বহুবোৰ কথা উন্মোচিত হ'ব। লগত থাকিব সন্দীপ পাটিলৰ পেইন্টিংধৰ্মী চিনেমেটোগ্ৰাফি। এই বিষয়টোৱেই এক বহল পৰিসৰৰ সমাজ-অস্ত্ৰোপচাৰমূলক চিনেমাৰ সংকেট দিয়ে।

ৰীমা বৰা, ৰীমা দাস, ববিতা বৰুৱা, সূৰয দুৱৰা, দীপ চৌধুৰী, খঞ্জন কিশোৰ নাথ, জইচেং জয় দহোতীয়া, মঞ্জুল বৰুৱা, ধ্ৰুৱ বৰদলৈ, ৰতনশীল শৰ্মা, ভাস্কৰ হাজৰিকা, নৱ কুমাৰ নাথ আদি সকলো মিলি অসমত অসমীয়া 'আত্মানুসন্ধানৰ ন ধাৰা' (new wave) এটাৰ সম্ভাৱনীয়তা আৰম্ভ হৈছে বুলি আশা কৰিব পাৰোঁনে, যি নতুন চিনেমাৰ ঢৌ এটা লৈ আহিছে?

পিন্ধি ল’লোঁ মায়াৰ মণি, বিজুলীৰে হাঁহি, মৰমী
(এহি মতে ননিৰ প্ৰস্থান)।

(লেখক এগৰাকী বিশিষ্ট চলচ্চিত্ৰ সমালোচক।)

Share Button
Print Friendly, PDF & Email

No Comments : "বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী : বকুল কথা - (ননি)"

Leave a Comment

Your email address will not be published. Required fields are marked *