বিষ্ণু ৰাভাৰ ৰাজনৈতিক দৰ্শন - ( টুনুজ্যোতি গগৈ)

বিষ্ণু ৰাভাই সৌ তাহানিতে ‘ভাঙ্ ভাঙ্ লোহাৰ শিকলি ভাঙ্, ছিঙ্ ছিঙ্ দাসৰ বান্ধোন ছিঙ্’ বুলি যি আহ্বান জনাইছিল, সেই আহ্বান আজিও প্ৰাসংগিক হৈ আছে৷ কাৰণ, সৰ্বসাধাৰণক আজিও এপিনে সাম্ৰাজ্যবাদ আৰু ধনতান্ত্ৰিকতাৰ লোহাৰ শিকলিয়ে বান্ধি ৰাখিছে, আনপিনে সেই সৰ্বসাধাৰণক ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে যুগে যুগে বিপথে পৰিচালিত কৰি অহা সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীটোক বৌদ্ধিক দাসত্বৰ শিকলিয়ে নিকপকপীয়াকৈ বান্ধি ৰাখিছে৷ এখন শোষণ-দুৰ্নীতিমুক্ত সাম্যৰ সমাজ গঢ়িবৰ বাবে দুয়োবিধ শিকলিয়েই আমি ছিঙিব লাগিব; কিন্তু প্ৰথমবিধ শিকলি ছিঙিবলৈ যোৱাৰ পূৰ্বে দ্বিতীয়বিধ শিকলি ছিঙি লোৱাটো অতি জৰুৰী হৈ পৰিছে৷ প্ৰখ্যাত সমাজবিজ্ঞানী ৰাহুল সাংকৃত্যায়নে কৈছিল যে গৰিষ্ঠসংখ্যক ভাৰতবাসীয়ে যুগ যুগ ধৰি মন-মগজুত পোষণ কৰি অহা প্ৰগতিবিৰোধী, পশ্চাদগামী, অযৌক্তিক আৰু অবৈজ্ঞানিক ধ্যান-ধাৰণাই হ'ল বৌদ্ধিক দাসত্ব, যি দাসত্বৰ শিকলি ছিঙিবলৈ হ'লে ভাৰতবাসীক বহিৰ্জগতৰ বিপ্লৱতকৈ অন্তৰ্জগতৰ বিপ্লৱ অধিক প্ৰয়োজন হৈ পৰিছে৷

বিষ্ণু ৰাভা বা ৰাহুল সাংকৃত্যায়নৰ দৰে বহু সংগ্ৰামীয়ে এখন সাম্যবাদী সমাজ গঢ়াৰ স্বাৰ্থত সাম্ৰাজ্যবাদৰ গতি ৰোধ কৰিবলৈ আজীৱন সংগ্ৰাম চলাই আহিলেও সেই গতি ৰোধ হোৱা নাই, বৰং সাম্ৰাজ্যবাদৰ ৰথ পূৰ্ণ গতিত চলিয়েই আছে৷ সাম্ৰাজ্যবাদৰ ৰথ চলাই নিয়াৰ স্বাৰ্থতে ৰাষ্ট্ৰযন্ত্ৰই ৰূপান্তৰকামী সমাজবিজ্ঞানী বা বিপ্লৱীসকলৰ বস্তুনিষ্ঠ মতবাদ আৰু জীৱন দৰ্শনৰ প্ৰচাৰ-প্ৰসাৰত বিভিন্ন কৌশলেৰে হেঙাৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াভাৱে ক্ষমতাসীন ৰাষ্ট্ৰযন্ত্ৰই ভাৰতবাসীক আৰ্থিক, সামাজিক, শৈক্ষিক আৰু ৰাজনৈতিকভাৱে বৌদ্ধিক দাসত্বৰ শিকলিৰে নিকপকপীয়াকৈ বান্ধি পেলোৱাৰ সকলো ষড়যন্ত্ৰই সম্পূৰ্ণ কৰি তুলিছে৷ ইয়াৰ ফলত গৰিষ্ঠসংখ্যক অসম বা ভাৰতবাসীৰ মনোজগতত বিশেষ গতিশীল আৰু ৰূপান্তৰকামী চিন্তা-চেতনা সৃষ্টি হোৱাৰ সম্ভাৱনাও হ্ৰাস পাই আহিছে৷ এনে পৰিস্থিতিত বিষ্ণু ৰাভাৰ প্ৰকৃত সংগ্ৰামী সত্তা আৰু ৰাজনৈতিক দৰ্শন সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰাটো ৰূপান্তৰকামীসকলৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানৰূপে দেখা দিছে৷

সেই প্ৰত্যাহ্বানবোৰৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে বিষ্ণু ৰাভাৰ সংগ্ৰামী সত্তা আৰু ৰাজনৈতিক দৰ্শন কেনে আছিল, সেই বিষয়ে আলোচনাৰ প্ৰয়োজনীয়তা আছে৷ কোনো ব্যক্তিৰ জীৱনৰ সমগ্ৰ কৰ্মৰাজি ফঁহিয়াই চোৱাৰ পাছতহে তেওঁৰ সংগ্ৰামী সত্তা বা ৰাজনৈতিক দৰ্শনৰ সম্পৰ্কত এক সিদ্ধান্ত দিব পাৰি৷ এই আপাহতে ৰাভাৰ সমগ্ৰ জীৱনৰ কৰ্মৰাজি ফঁহিয়াই চাই ক'ব পাৰি যে তেওঁ আজন্ম সংগ্ৰামী আছিল৷ ছাত্ৰ অৱস্থাতে সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শোষণ প্ৰত্যক্ষ কৰি ৰাভাৰ মন বিদ্ৰোহী হৈ উঠিছিল৷ তেওঁ ভিক্টোৰিয়া কলেজত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই কংগ্ৰেছৰ পতাকা উত্তোলন কৰাই নহয়, দেৱালত সেই শ্ল'গান লিখিছিল – ‘রাজ্যে আছে দুইটি পাঠা, একটি কালো একটি সাদা, রাজ্যের যদি মংগল চাও, দুইটি পাঠা বলি দাও৷' ৰাভাই সেই বয়সতে, কংগ্ৰেছী আদৰ্শৰে অনুপ্ৰাণিত হৈয়ো, যৰ্থাৰ্থভাৱেই উপলব্ধি কৰিছিল যে সাম্ৰাজ্যবাদী বৃটিছৰ দৰেই দেশীয় জমিদাৰ, মহাজন আদিও হালোৱা-হজুৱাসকলৰ শত্ৰু৷ ‘বগা-ক'লা' দুয়োবিধ শোষক শ্ৰেণীৰ শাসন-শোষণৰপৰা মুক্ত হ'লেহে সৰ্বসাধাৰণৰ প্ৰকৃত মংগল হ'ব৷ কিন্তু, কংগ্ৰেছ দলৰ ভিতৰচ'ৰাত তেনে দেশীয় শত্ৰুৱেই গিজগিজাই আছিল বাবে তেওঁ মাৰ্ক্সীয় আদৰ্শইহে সৰ্বসাধাৰণক মুক্তিৰ প্ৰকৃত পথৰ সন্ধান দিব বুলি উপলব্ধি কৰিছিল৷ ৰাভাই ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টি (আৰ চি পি আই)ৰ নীতি-আদৰ্শৰ সৈতে একাত্মতা অনুভৱ কৰিয়েই সেই দলত যোগদান কৰিছিল৷ ১৯৪৫ চনত আৰ চি পি আইত যোগদানৰ পাছৰপৰাই ৰাভাৰ ৰাজনৈতিক চিন্তা-চেতনাৰ পূৰ্ণ উত্তৰণ ঘটিছিল৷

প্ৰসংগক্ৰমে উল্লেখ্য যে ১৯৩৯ চনৰপৰা ১৯৪৫ চনলৈকে চলা দ্বিতীয় বিশ্বযুদ্ধৰ মাজতে যুদ্ধবিধ্বস্ত দেশবোৰৰ মানৱতাবাদী প্ৰগতিশীল চিন্তানায়কসকলে বিশ্বশান্তিৰ বাবে যুদ্ধ-বিৰোধী জনমত গঢ়ি তুলিছিল৷ বিশ্বশান্তি আন্দোলনৰ মূল ধ্বনি আছিল – বিশ্বত সাম্ৰাজ্যবাদ থকালৈকে যুদ্ধ থাকিব, যুদ্ধ থকালৈকে বিশ্বশান্তি বিঘ্নিত হ'ব৷ গতিকে বিশ্বশান্তি আৰু সমগ্ৰ মানৱ জাতিৰ নিৰাপত্তাৰ স্বাৰ্থত বিশ্বৰ ঔপনিৱেশিক দেশবোৰৰপৰা সাম্ৰাজ্যবাদী শাসন ওফৰাই পঠিয়াব লাগিব৷ এই শাসন ওফৰাবলৈ হ'লে জাতীয় মুক্তি তথা স্বাধীনতাৰ আন্দোলনবোৰ জোৰদাৰ কৰি তুলিব লাগিব৷ জাতীয় মুক্তি আন্দোলনৰ জৰিয়তে সাম্ৰাজ্যবাদী শাসন-শোষণ ধ্বংস কৰি ৰাজনৈতিক আৰু অৰ্থনৈতিক স্বাধীনতা অৰ্জন কৰিব লাগিব৷ এই ঐতিহাসিক কৰ্তব্য সম্পাদন কৰিবলৈ যাওঁতে স্বতন্ত্ৰ অস্তিত্ব বাহাল ৰাখি প্ৰয়োজনবশতঃ জাতীয় বুৰ্জোৱা শ্ৰেণীৰ লগতো হাত মিলাই স্বাধীনতা আন্দোলন কৰিব লাগিব৷ বিষ্ণু ৰাভাই এই ৰাজনৈতিক দৃষ্টিভংগীয়েই পোষণ কৰিছিল৷ ৰাভাই বুজিছিল যে ভাৰতবৰ্ষৰ স্বাধীনতাৰ আন্দোলনক জাতীয় কংগ্ৰেছে নেতৃত্ব দিলেও কংগ্ৰেছে ব্ৰিটিছ সাম্ৰাজ্যবাদৰ লগত যিকোনো পৰিস্থিতিতে আপোচ কৰি সংগ্ৰামী জনসাধাৰণক বিশ্বাসঘাতকতা কৰিব পাৰে৷

বিষ্ণু ৰাভা সমন্বিতে আৰ চি পি আইৰ নেতা-কৰ্মীসকলে অনুধাৱন কৰিছিল যে সাম্ৰাজ্যবাদী ব্ৰিটিছ চৰকাৰে কংগ্ৰেছ আৰু মুছলিম লিগৰ নেতৃবৰ্গৰ সৈতে কৰা আলোচনাৰ অন্তত ১৯৪৭ চনৰ আগষ্ট মাহত ভাৰত আৰু পাকিস্তানক দ্বিখণ্ডিত কৰি প্ৰদান কৰা স্বাধীনতাই দুয়োখন দেশৰ বুৰ্জোৱা শক্তিৰ মাজত ক্ষমতাৰ হস্তান্তৰহে কৰিলে, পৰাধীন জনতাৰ শোষণ মুক্তিৰ পথ নিশ্চিত নকৰিলে৷ আৰ চি পি আয়ে ভাৰতে লাভ কৰা স্বাধীনতাক ভুৱা স্বাধীনতা বুলি মুকলিভাৱেই ঘোষণা কৰিছিল৷ ভাৰতে তথাকথিত স্বাধীনতা লাভ কৰাৰ দুদিনৰ পাছতে অৰ্থাৎ ১৯৪৭ চনৰ ১৭ আগষ্টত আৰ চি পি আইৰ সক্ৰিয় কৰ্মী নগাঁৱৰ দুৰ্লভানন্দ ৰাজখোৱাৰ ঘৰত এখন গোপন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতে দলৰ নেতা-কৰ্মীসকলে সৰ্বসাধাৰণৰ প্ৰকৃত স্বাধীনতা ফিৰাই আনিবলৈ সশস্ত্ৰ সংগ্ৰামৰ পোষকতা কৰিছিল৷ সেই বৈঠকৰ পাছতে আৰ চি পি আইৰ গণ সংগঠন ‘গণ বাহিনী'ত বাছি বাছি সদস্য ভৰ্তি কৰাই, তেওঁলোকক গেৰিলা যুদ্ধৰ প্ৰশিক্ষণ দিয়া হৈছিল আৰু প্ৰশিক্ষণৰ সমান্তৰালভাৱে ৰাজনৈতিক দৰ্শনৰ অধ্যয়ন তথা কাৰ্যকাৰিতাৰ অনুশীলন চলিছিল৷ উল্লেখ্য যে ১৯৪৮ চনৰ ফেব্ৰুৱাৰি মাহত পশ্চিমবংগৰ বীৰভূম জিলাৰ কোপাই গাঁৱত অনুষ্ঠিত আৰ চি পি আইৰ সৰ্বভাৰতীয় সন্মিলনতো সশস্ত্ৰ সংগ্ৰামৰ জৰিয়তে ‘আঞ্চলিক ক্ষমতা দখল'ৰ প্ৰস্তাৱ লোৱা হৈছিল৷ সশস্ত্ৰ সংগ্ৰামেৰে ধনিক শ্ৰেণীৰ শাসন-শোষণৰ অন্ত পেলাই কৃষক-বনুৱাৰ চৰকাৰ গঠন কৰি দেশত সমাজতান্ত্ৰিক অৰ্থনীতি প্ৰৱৰ্তন কৰাটোৱেই দলৰ চূড়ান্ত লক্ষ্য আছিল৷ অৱশ্যে, পৰৱৰ্তী সময়ত দলৰ সেই সিদ্ধান্ত ভুল আছিল বুলি নেতা-কৰ্মীসকলে উপলব্ধি কৰিছিল৷

লক্ষণীয় যে যুগ যুগ ধৰি শোষিত-বঞ্চিত হৈ অহা অসমৰ কৃষকসকলৰ মুক্তিৰ ক্ষেত্ৰত বিষ্ণু ৰাভা, গোবিন্দ কলিতা, বলোৰাম বসুমতাৰী আদি আৰ চি পি আইৰ নেতাসকলেই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল৷ ১৯৪৫ চনৰ নৱেম্বৰ মাহত ভাঙুৰীপাৰ গাঁৱত নিখিল অসম কৃষক পঞ্চায়তৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল৷ প্ৰায় অৰ্ধলক্ষ কৃষকৰ সমাৱেশ ঘটা সেই অধিৱেশনত সভাপতিত্ব কৰিছিল বিখ্যাত বিপ্লৱী নেতা চৌকত ওচমানিয়ে৷ ইয়াৰ কিছুদিনৰ পাছতে বঙৰাগাঁৱত ভাৰতৰ বিখ্যাত কৃষক নেতা শিৱনলাল ছাক্সেনাৰ সভাপতিত্বত কামৰূপ জিলা কৃষক পঞ্চায়তৰ অধিৱেশন অনুষ্ঠিত হৈছিল৷ এই দুয়োখন অধিৱেশনে অসমৰ কৃষক আন্দোলনক এক নতুন গতি দিয়ে আৰু সমগ্ৰ ৰাজ্যতে কৃষক আন্দোলনে প্ৰসাৰতা লাভ কৰে৷ কৃষক পঞ্চায়তে কামৰূপৰ ৰাণী, ছয়গাঁও, বেলতলা আদি অঞ্চলতো আধি-চুকানী বন্দোৱস্তিত মহাজনৰ মাটিত খেতি কৰা কৃষকসকলক লৈ আন্দোলন আৰম্ভ কৰিছিল৷ মাটিৰ মালিকসকলে নিজৰ স্বাৰ্থত ‘পট্টাদাৰ সংঘ' গঠন কৰি পুলিচ আৰু প্ৰশাসনৰ সহযোগত আন্দোলনকাৰীৰ ওপৰত অকথ্য অত্যাচাৰ চলালেও আন্দোলনক মষিমূৰ কৰিব পৰা নাছিল৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ আগে-পিছে চলা এই কৃষক আন্দোলনৰ ওচৰত মাটিৰ মালিক আৰু চৰকাৰ হাৰ মানিবলৈ বাধ্য হৈছিল৷ এই আন্দোলনৰ প্ৰভাৱতে ১৯৪৮ চনত আধিয়াৰৰ স্বাৰ্থ সংৰক্ষণ আইন আৰু ১৯৫৬ত মাটিৰ চিলিং আইন প্ৰণয়ন হয়৷ বিভিন্ন সুৰুঙা থকাৰ পাছতো এই দুয়োখন আইনে অসমৰ দুখীয়া কৃষকক দখলী মাটিৰ স্বত্ব প্ৰদান কৰিছিল, যিটো আৰ চি পি আইৰ পক্ষে ডাঙৰ জয়লাভ আছিল৷

সি যি নহওক, এখন শ্ৰেণীহীন সমাজ গঢ়িবৰ বাবে সংগ্ৰাম চলাই যোৱা আৰ চি পি আইৰ কাম-কাজত স্বাধীন ভাৰত চৰকাৰ আতংকিত হোৱাটোৱেই স্বাভাৱিক আছিল৷ সেয়ে ভাৰত চৰকাৰে দলটোক নিষিদ্ধ সংগঠন বুলি ঘোষণা কৰি বিষ্ণু ৰাভা সমন্বিতে অন্যান্য নেতা-কৰ্মীসকলৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিলে৷ ভাৰত চৰকাৰে অসমক অশান্ত অঞ্চল ঘোষণা কৰি সামৰিক অভিযান চলোৱাত ৰাভাই সতীৰ্থসকলৰ সৈতে আত্মগোপন কৰি গণ সংগঠন আৰু সশস্ত্ৰ সংগ্ৰাম দুয়োটা কামতে মনোনিৱেশ কৰিছিল৷ ৰাভাৰ সতীৰ্থসকলে পৰৱৰ্তী কালত একমুখে স্বীকাৰ কৰিছিল যে ব্ৰিটিছৰাজ আৰু ভূ-স্বামীৰ সামন্তীয় শোষণৰ বিৰুদ্ধে আৰ চি পি আয়ে সমান্তৰালভাৱে চলাই থকা সংগ্ৰামখনলৈ কৃষক-বনুৱাসকলক আকৰ্ষিত কৰাৰ অন্যতম শক্তি আছিল ৰাভা৷ তেওঁৰ গীত, কবিতা আৰু বক্তৃতাই জনজাতীয়-অজনজাতীয় সকলোকে মুগ্ধ কৰিছিল৷ শ্ৰেণীসংগ্ৰামত অংশগ্ৰহণ কৰাৰ পূৰ্বে নিজে শ্ৰেণীচ্যুত হোৱাৰ বিৰল আদৰ্শ তেৱেঁই দেখুৱাই থৈ গৈছে৷ উত্তৰাধিকাৰী সূত্ৰে পোৱা দুহাজাৰ বিঘা মাটি তেওঁ প্ৰকৃত কৃষকসকলৰ মাজত ভগাই দি নিজে সৰ্বহাৰাৰৰ শাৰীত অৱতীৰ্ণ হৈছিল৷ তেওঁ ১৯৪৮ৰপৰা ১৯৫২ চনলৈ বিভিন্ন ছদ্মবেশত আত্মগোপন কৰি ৰাজ্যৰ গাঁও-ভূঁই, পাহাৰ-ভৈয়াম, নদী-বিল একাকাৰ কৰি অনাই-বনাই ঘূৰি ফুৰিছিল৷ এনেদৰে ঘূৰি ফুৰোতেই ১৯৫২ চনত গোৱালপাৰাত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল৷ লক্ষণীয় যে হাতত অস্ত্ৰ তুলি ল'লেও ৰাভাই জনগণৰ জনগণৰ সন্মিলিত শক্তিৰ ওপৰতহে অধিক আস্থা পোষণ কৰিছিল৷ তেওঁ কৈছিল – ‘শোষণকাৰীক শেষ কৰিবই লাগিব, কিন্তু অস্ত্ৰৰ সহায়েৰে নহয়, জনগণক জগাই তুলি মহাবিপ্লৱৰ সৃষ্টি কৰিহে৷ তাকে কৰিবলৈ বৰ্তমান মই কলম লৈছো৷' ৰাভা জনগণৰ বুকুৰ এফাল হ'বলৈ সক্ষম হৈছিল বাবেই চৰকাৰে তেওঁৰ মূৰৰ বিনিময়ত ১০ হেজাৰ টকা পুৰস্কাৰ ঘোষণা কৰাৰ পাছতো তেওঁক কোনেও ধৰাই দিয়া নাছিল, বৰং তেওঁৰ সুৰক্ষাৰ বাবে সকলো পৰিস্থিতিতে সহায়-সহযোগহে কৰিছিল৷

১৯৫৩ চনত পৰিৱৰ্তিত পৰিস্থিতিত আৰ চি পি আইৰ ওপৰত থকা নিষেধাজ্ঞা নাকচ কৰা হয় আৰু অলেখ ঘাত-প্ৰতিঘাত তথা¸ ৰাজনৈতিক পৰিক্ৰমাৰ অন্তত ১৯৫৫ চনত নগাঁৱৰ কলিয়াবৰত অনুষ্ঠিত দলৰ সপ্তম সন্মিলনত দলে সশস্ত্ৰ সংগ্ৰামৰ পথ ত্যাগ কৰি গণতান্ত্ৰিক সংসদীয় সংগ্ৰামৰ পথ গ্ৰহণৰ সিদ্ধান্ত লয়৷ উল্লেখ্য যে ১৯৫৫ চনত দলৰ একাংশ নেতাই চি পি আই দলত যোগদান কৰাৰ পাছৰপৰাই দলটো ক্ৰমান্বয়ে দুৰ্বল হৈ আহে৷ ৰাভায়ো চি পি আইৰ প্ৰাৰ্থী হিচাপে কোকৰাঝাৰৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হৈছিল৷ অৱশ্যে, ৰাভাই ১৯৬৭ চনত তেজপুৰ সমষ্টিৰপৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে এবাৰ বিধানসভালৈ নিৰ্বাচিত হৈ সংসদীয় ৰাজনীতিত জড়িত হৈছিল৷

দেখি-শুনি বা ভাবি আচৰিত লাগে – যি চৰকাৰী শাসনযন্ত্ৰই ১৯৬২ চনৰ চীনা-ভাৰত যুদ্ধৰ সময়ত চীনৰ সৈতে যোগাযোগ ৰখা বুলি অভিযোগ তুলি ৰাভাক কঁকালত পঘাৰে বান্ধি ৰাজপথেৰে চোঁচৰাই নিছিল, সেই শাসনযন্ত্ৰয়েই পৰৱৰ্তী কালত ৰাভাৰ মৃত্যুৰ দিনা অৰ্থাৎ ২০ জুনত চৰকাৰী বন্ধ ঘোষণাৰে ৰাভা দিৱসৰ আয়োজন কৰি অহাই নহয়, ৰাভাৰ নামত বঁটা-বাহনৰ ব্যৱস্থা কৰিছে, প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছে৷ একালত ৰাভাক ‘দেশদ্ৰোহী', ‘ডকাইতৰ চৰ্দাৰ', ‘ভ্ৰষ্ট চৰিত্ৰৰ অঘৰী' বুলি নিন্দা কৰা স্থিতাৱস্থাৰ সমৰ্থকসকলেও গীত-নৃত্যৰ প্ৰতিযোগিতা, বাৰে ৰহণীয়া সাংস্কৃতিক সন্ধিয়া আদি আয়োজনেৰে ৰাভাক স্মৰণ কৰি আহিছে৷ আচলতে জনস্বাৰ্থবিৰোধী শাসক-শোষক পক্ষ আৰু সুবিধাবাদী মধ্যশ্ৰেণীয়ে ৰাভাৰ সূৰ্যসম প্ৰখৰ ব্যক্তিত্ব আৰু বিশাল প্ৰতিভাক ঢাকি ৰখাটো সম্ভৱপৰ নহয় বুলি উপলব্ধি কৰিয়েই ৰাভা সোঁৱৰণী দিৱস পাতিবলৈ একপ্ৰকাৰে বাধ্য হৈছে৷ কিন্তু, তেওঁলোকে কেৱল ‘বিলতে হালিছে ধুনীয়া পদুমী', ‘পৰজনমৰ শুভ লগনত যদিহে হয় দেখা' আদি প্ৰেমৰ গীত-কবিতা লিখা বা নাটক-চলচ্চিত্ৰত অভিনয় কৰা ‘কলাগুৰু' ৰাভাকহে স্মৰণ কৰে, ‘ব'ল ব'ল ব'ল কৃষক শক্তি দল', ‘তেজৰ বোলেৰে লিখি যাম ইতিহাস' জাতীয় বিপ্লৱী গীত লিখা, খাটিখোৱা কৃষক-শ্ৰমিকৰ কথা কোৱা, তেওঁলোকৰ মুক্তিৰ স্বাৰ্থত হাতত অস্ত্ৰ তুলি লোৱা ‘সৈনিক শিল্পী' ৰাভাক ভুলতো স্মৰণ কৰিব নিবিচাৰে৷ অথচ, জীৱনৰ নিতান্তই আৱেগিক মুহূৰ্তত দুটিমান প্ৰেমৰ কবিতা লিখিলেও ৰাভাই কলাৰ বাবে কলা সাধনা কৰা নাছিল, তেওঁ জীৱনৰ বাবেহে কলা সাধনা কৰিছিল৷

বিষ্ণু ৰাভাক অনিচ্ছা সত্ত্বেও স্মৰণ কৰিবলৈ বাধ্য হোৱা ৰজাঘৰীয়া চক্ৰটোৱেই ৰাভাৰ কিমানগৰাকী নাৰীৰ সৈতে মধুৰ সম্পৰ্ক আছিল, ৰাভাই কিমান কলহ মদ খাব পাৰিছিল জাতীয় আলোচনাৰে ৰাভাৰ জীৱনাদৰ্শ বিকৃতকৰণৰ অপচেষ্টা চলাই আহিছে৷ সেই চক্ৰটোৰ উদ্যোগতে ৰাভাৰ মৃত্যু পাছৰপৰাই তেওঁৰ বিষয়ে অনেক অৰ্ধসত্য আৰু অসত্য অভিমত সম্বলিত অলেখ লেখা অসমৰ সৰ্বসাধাৰণৰ মাজত প্ৰচাৰিত হৈ আহিছে৷ শাসক-শোষক পক্ষ আৰু সুবিধাবাদী মধ্যশ্ৰেণীৰ এনে পৰিকল্পিত হেজাৰ ষড়যন্ত্ৰ ওফৰাই ৰাভাৰ সংগ্ৰামী সত্তা আৰু ৰাজনৈতিক দৰ্শন সৰ্বসাধাৰণৰ মাজত প্ৰচাৰ-প্ৰসাৰ কৰাটোৱেই প্ৰকৃত ৰূপান্তৰকামীসকলৰ সন্মুখত এক বৃহৎ প্ৰত্যাহ্বানৰূপে দেখা দিছে৷ এই প্ৰত্যাহ্বান গ্ৰহণ কৰিয়েই আমি স্থানান্তৰত উল্লেখ কৰি অহা বৌদ্ধিক দাসত্বৰ শিকলি ছিঙিব লাগিব৷

বৰ্তমানৰ অসম ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আদি সকলো দিশতে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ পৰিছে৷ ইয়াৰ ভিতৰত দুটা সামাজিক সমস্যাই বিশেষভাৱে গা কৰি উঠিছে – ধৰ্মীয় বিদ্বেষৰ বিষবাস্প আৰু নৃগোষ্ঠীগত সংঘাত৷ এনে সমস্যাবোৰৰ সমাধানৰ পথ ৰাভাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ মাজতে লুকাই আছে৷ ৰাভাই ফণী শৰ্মাৰ সৈতে লগ হৈ নিৰ্মাণ কৰা ‘চিৰাজ' চলচ্চিত্ৰ আৰু বিভিন্ন প্ৰবন্ধত সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্জ্বল দৃষ্টান্ত দেখুৱাই থৈ গৈছে৷ সেইদৰে, নৃগোষ্ঠীগত সংঘাতৰ সন্দৰ্ভত তেওঁ উচ্চবৰ্ণৰ সমাজপতি আৰু শাসকশ্ৰেণীক সৌ তাহানিতেই সকীয়াই দিছিল – ‘অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগতে এক আসনত ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিজ্ঞ আৰু সমাজনেতাসকলে এতিয়াৰপৰা চেষ্টা কৰা উচিত৷ তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগনি জ্বলাই অসমত এটা গৃহ কন্দলৰ বাহ সাজি দিয়া হ'ব৷ ঐক্যৰ অবিহনে সৌন্দৰ্যৰ বিকাশ আৰু প্ৰগতি অসম্ভৱ৷' ৰাভাই আৰু কৈছিল – ‘বৰ্তমান সাম্ৰাজ্যবাদৰ যি ধুমুহা বলিছে, ধনতান্ত্ৰিকতাৰ যি বিজয় বৈজয়ন্তী ধ্বজা উৰিছে সেই ধনতান্ত্ৰিকতা আৰু সাম্ৰাজ্যবাদৰ হেচাঁত অসমীয়া গাঁৱলীয়া, দুখীয়া, হজুৱা, হালোৱা, বনুৱা বাচি থাকিবনে? যদি অসমীয়াৰ এই দুখীয়া শ্ৰেণী মৰে, তেন্তে অসমীয়া জাতিও মৰিব, লগে লগে লয় পাব অসমীয়া কৃষ্টি, অসমীয়া সংস্কৃতি আৰু অসমীয়া সভ্যতা৷' ৰাভাৰ সেই আশংকা বা বক্তব্যৰ যুক্তিযুক্ততা বৰ্তমান অধিক প্ৰাসংগিক হৈ পৰিছে৷ কাৰণ, বহুজাতিক পুঁজিপতি গোষ্ঠীবোৰৰ মুনাফাৰ স্বাৰ্থত পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমান বিজেপি চৰকাৰে আৰ্থিক উদাৰীকৰণ নীতিৰ পৃষ্ঠপোষকতা কৰাৰ ফলত সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে দেশৰ লগতে ৰাজ্যৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল৷ ৰাভাৰ সেই যুগোপযোগী সকীয়নি বা শিকনি আখৰে আখৰে মানি বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিলেহে অসমৰ নৃগোষ্ঠীগত সংঘাত দূৰ হ'ব আৰু অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত হ'ব৷ ৰাভাই অসমৰ পৰিৱৰ্তনকামী জনগণক এই মূল্যৱান শিকনিও দি গৈছে যে মাৰ্ক্সীয় দৰ্শন বা বাঁওপন্থা অবিহনে সৰ্বসাধাৰণৰ অৰ্থনৈতিক-ৰাজনৈতিক সমস্যাবোৰৰ সমাধান অসম্ভৱ আৰু অসমৰ দৰে কৃষিপ্ৰধান ৰাজ্য এখনত কৃষকে শ্ৰমৰ প্ৰকৃত মূল্য পাবলৈ হ'লে বাঁও-গণতান্ত্ৰিক আদৰ্শভিত্তিক পঞ্চায়তৰাজ প্ৰতিষ্ঠা হ'ব লাগিব৷

বহুতেই কৈছে আৰু কৈ থাকিব যে আজিৰ তাৰিখত ৰাভাই গ্ৰহণ কৰা ৰাজনৈতিক দৰ্শন অৰ্থাৎ মাৰ্ক্সবাদৰ কোনো ব্যৱহাৰিক প্ৰাসংগিকতা নাই৷ কথা হ'ল, মাৰ্ক্সীয় দৰ্শনৰ যদি কোনো প্ৰাসংগিকতাই নাই, বামপন্থীসকল যদি ৰোমান্টিক বাস্তৱবাদীয়েই হয় : তেন্তে শাসকপক্ষ বামপন্থীৰ কাম-কাজক লৈ ইমান শংকিত কিয়? এই সময়ছোৱাত শাসকপক্ষ আৰু সোঁপন্থীসকলে বামপন্থীসকলক ধাৰাবাহিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে কিয়? এই প্ৰশ্নৰ সহজ উত্তৰ এয়াই যে মাৰ্ক্সবাদে পুঁজিবাদৰ সকলো অভিসন্ধি আৰু শোষণ পদ্ধতি বিজ্ঞানসন্মতভাৱে বিশ্লেষণ কৰি সমাজক পুঁজিবাদৰপৰা সমাজতন্ত্ৰলৈ ৰূপান্তৰৰ প্ৰামাণ্য তত্ত্বৰ যোগান ধৰে৷ সেয়ে পুঁজিবাদী শাসক-শোষক শ্ৰেণীটোৱে মাৰ্ক্সবাদক খণ্ডন কৰিবলৈ বিভিন্ন কূটকৌশল ৰচনা কৰি অহাৰ লগতে প্ৰতিবিপ্লৱী শক্তি গঢ়ি তুলিছে৷ কেভেনাকৰপৰা থিয়েৰ্ছলৈ, বিছমাৰ্কৰপৰা কোলচাকলৈ আৰু হিটলাৰপৰা ডালেচলৈ প্ৰতিবিপ্লৱীসকলে বাৰম্বাৰ মাৰ্ক্সবাদৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছে৷ পেৰি কমিউনৰ ব্যৰ্থতাৰ পাছত, অৰ্থনৈতিক উদাৰীকৰণৰ পাছত, ইউৰোপীয় সমাজবাদী দেশবোৰৰ ভাঙোনৰ পাছত অথবা চীনৰ সাম্যবাদী আন্দোলনৰ স্থবিৰতাৰ পাছত মাৰ্ক্সবাদৰ মৃত্যু হোৱা বুলি প্ৰতিবিপ্লৱী শক্তিয়ে বাৰে বাৰে উপলুঙা কৰিছে৷ কিন্তু এই উপলুঙা-আক্ৰমণক নেওচি প্ৰতিটো বিপৰ্যয়ৰ মাজৰপৰা মাৰ্ক্সবাদে নিত্য নতুন জ্ঞান আৰু শক্তি আহৰণেৰে নিজকে সমৃদ্ধিশালী কৰাই নহয়, প্ৰায়োগিক ক্ষেত্ৰতো নতুন সিদ্ধান্তৰ সূচনা কৰি আগুৱাই গৈছে৷

Share Button
Print Friendly, PDF & Email

1 Comment : "বিষ্ণু ৰাভাৰ ৰাজনৈতিক দৰ্শন - ( টুনুজ্যোতি গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *